Join Assam Study Centre Channel

২০২২ চনৰ মহিলাৰ এছিয়ান কাপ ফুটবল প্রতিযোগিতা ক’ত অনুষ্ঠিত হ’ব?

৫ জুন, ২০২০ তাৰিখে এছিয়ান ফুটবল ফেডাৰেচনে ঘোষণা কৰে যে ২০২২ চনত মহিলাৰ এছিয়ান কাপ ফুটবল প্রতিযোগিতা ভাৰতত অনুষ্ঠিত হ’ব। ১৯৭৯ চনৰ পাছত প্রথমবাৰৰ বাবে ভাৰতত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব।

 

মূল বিষয়ঃ

এছিয়ান ফুটবল ফেডাৰেচনে এই খেল অনুষ্ঠিত কৰাৰ অধিকাৰ আনুষ্ঠানিকভাবে ভাৰতৰ হাতত অর্পন কৰে। ২০২২ চনত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব আৰু প্রায় ১২ টা দলে ইয়াত অংশগ্রহণ কৰিব।

ভাৰতীয় মহিলা ফুটবল দলটোৱে আজিলৈকে দুবাৰ ৰাণার্চ আপৰ সন্মান লাভ কৰিছে (১৯৮০ আৰু ১৯৮৩ চনত)। তদুপৰি ১৯৮১ চনত মহিলা ফুটবল দলটোৱে ব্রঞ্জ পদক লাভ কৰিছিল।

 

এছিয়ান ফুটবল ফেডাৰেচনঃ

৬ খন মহাদেশীয় ফুটবল ফেডাৰেচনৰ ভিতৰত এছিয়ান ফুটবল ফেডাৰেচন হৈছে এক গুৰুত্বপূর্ণ সংস্থা। মুঠ ৪৭ দেশ এছিয়ান ফুটবল ফেডাৰেচনৰ সদস্য। ১৯৫৪ চনত এই সংস্থা গঠিত হৈছিল। ইয়াৰ মুখ্য কার্যালয় মালয়েছিয়াৰ কুৱালালামপুৰত অৱস্থিত।

 

সর্বভাৰতীয় ভাৰতীয় ফুটবল ফেডাৰেচনঃ

সর্বভাৰতীয় ফুটবল ফেডাৰেচন ১৯২৩ চনত গঠিত হৈছিল। ভাৰতীয় ফুটবল ফেডাৰেচন এছিয়ান ফুটবল ফেডাৰেচনৰ অন্যতম প্রতিষ্ঠাতা। সর্বভাৰতীয় ফুটবল ফেডাৰেচনে বিভিন্ন ধৰণৰ ফুটবল প্রতিযোগিতা যেনে আই-লীগ, ইণ্ডিয়ান চুপাৰ লীগ, চুপাৰ কাপ অনুষ্ঠিত কৰি আহিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element