Join Assam Study Centre Channel

Daily Current Affairs Assam 03-06-2020

০৩-০৬-২০২০ : আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত আমি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ নির্বাচন, জি ৭ সন্মিলন, ৰাষ্ট্রীয় খেল বঁটা আদি বিষয়ক সামৰি লৈছো। দৈনিক এই বিষয়সমুহ ভালদৰে অধ্যয়ন কৰি গ’লে যিকোনো ধৰণৰ প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হৈ উর্ত্তীর্ণ হ’ব পৰা যাব।

 

সম্ভাব্য বস্তুনিষ্ঠ প্রশ্নোত্তৰঃ

 

১) প্রাক্তন বৈদেশিক মন্ত্রণালয়ৰ মুখপত্র ৰবীশ কুমাৰক নিম্নলিখিত কোনখন ৰাষ্ট্রৰ পৰৱর্তী ৰাষ্ট্রদুত হিচাপে নিযুক্তি দিয়া হৈছে ?

ক) ফিনলেণ্ড

খ) পোলেণ্ড

গ) বেলজিয়াম

ঘ) চুইডেন

২) ৰাষ্ট্রীয় ক্রীড়া প্রাধিকৰণে কিমান তাৰিখলৈকে ৰাষ্ট্রীয় ক্রীড়া বঁটাৰ বাবে আবেদন পত্র দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে ?

ক) ১ আগষ্ট

খ) ২২ জুন

গ) ৩ জুলাই

ঘ) ৩০ জুন

৩) এছিয়া-পেছিফিক শিতানত তলৰ কোনখন ৰাষ্ট্রক ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে বিনাপ্রতিদ্বন্দিতাৰে নির্বাচিত হৈছে?

ক) চীন

খ) ভাৰত

গ) বাংলাদেশ

ঘ) শ্রী লংকা

৪) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা কিমান ?

ক) ১৫

খ) ৭

গ) ৫

ঘ) ১০

৫)তলৰ কোনখন ৰাষ্ট্র নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ তালিকাত থকা আটাইতকৈ সৰু ৰাষ্ট্র ?

ক) চেইণ্ট ভিনচেণ্ট আৰু গ্রেনাদাইনচ

খ) ইষ্টনিয়া

গ) টুনিছিয়া

ঘ) নাইগাৰ

৬) তলত উল্লেখ কৰা কোনখন ৰাষ্ট্র জি-৭ ৰ সদস্য নহয় ?

ক) জার্মানী

খ) ৰাছিয়া

গ) কানাডা

ঘ) ইটালী

৭) কিমান চনত জি-৮ পুনৰ জি-৭ লৈ পৰিৱর্তন হৈছিল ?

ক) ২০১১

খ) ২০১৩

গ) ২০১৪

ঘ) ২০১৫

৮) তলৰ কোনখন দেশৰ প্রধানমন্ত্রীৰ লগত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে এক উচ্চ পর্যায়ৰ শীর্ষ সন্মিলনত মিলিত হ’ব ?

ক) জাপান

খ) নিউজিলেণ্ড

গ) দক্ষিণ আফ্রিকা

ঘ) অষ্ট্রেলিয়া

 

উত্তৰসমূহ

 

১) ফিনলেণ্ড

প্রাক্তন বৈদেশিক মন্ত্রণালয়ৰ মুখপত্র ৰবীশ কুমাৰক ফিনলেণ্ডৰ পৰৱর্তী ৰাষ্ট্রদুত হিচাপে নিযুক্তি দিয়া হৈছে। ৰবীশ কুমাৰ ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৯৫ বর্ষৰ কেডাৰ আছিল। ২০১৭ চনৰ জুলাইৰ পৰা ২০২০ বর্ষৰ এপ্রিললৈকে তেওঁ বৈদেশিক মন্ত্রণালয়ৰ মুখপত্র হিচাপে কাম কৰিছিল।

২) জুন ৩০

ৰাষ্ট্রীয় ক্রীড়া প্রাধিকৰনে ৰাষ্ট্রীয় খেল বঁটাৰ বাবে আবেদনৰ শেষ তাৰিখ ২২ জুনলৈকে বৃদ্ধি কৰিছে। কৰণাভাইৰাচৰ প্রতি লক্ষ ৰাখি ভাৰতীয় এথলীট সকলক নিজস্বভাবে আবেদনপত্র দাখিলৰ সুবিধা প্রদান কৰিছে।

৩) ভাৰত

২০২১-২২ বর্ষৰ বাবে ভাৰতক এছিয়া পেচিফিক শিতানত ৰাষ্ট্রসংঘৰ অস্থায়ী সদস্যৰ বাবে বিনাপ্রতিদ্বন্দিতাৰে পুনৰবাৰ নির্বাচিত কৰা হৈছে। ৫৫ খন দেশৰ মাজৰ পৰা ভাৰতক নির্বাচিত কৰা হয়। এই নির্বাচনত ভাৰতক পাকিস্থান আৰু চীনেও সমর্থন কৰিছিল।

৪) ১০

ৰাষ্ট্রসংঘৰ স্থায়ী সদস্য হিচাপে মুঠ ৫ খন ৰাষ্ট্র আছে। ক্রমে- আমেৰিকা, ৰাছিয়া, চীন, ইংলণ্ড আৰু ফ্রান্স। এইকেইখন ৰাষ্ট্রৰ ভেটো ক্ষমতা আছে। সেইদৰে অস্থায়ী সদস্য হিচাপে মুঠ ১০ খন ৰাষ্ট্র আছে। অস্থায়ী সদস্য সকলক ২ বছৰীয়া কার্যকালৰ বাবে নির্বাচিত কৰা হয়।

৫) চেইণ্ট ভিনচেণ্ট আৰূ গ্রেনাদাইনচ

প্রথম পর্যায়ত ভিয়েটনাম, নাইগাৰ, ইষ্টনিয়া, টুনিছিয়া, চেইণ্ট ভিনচেণ্ট আৰু গ্রেনাদাইনচক ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে (২ বছৰীয়া কার্যকাল) নির্বাচিত কৰা হয়। এইবিলাকৰ ভিতৰত চেইণ্ট ভিনচেণ্ট আৰু গ্রেনাদাইনচ হৈছে নিৰাপত্তা পৰিষদৰ সদস্যপদ লাভ কৰা আটাইতকৈ সৰু ৰাষ্ট্র।

৬) ৰাছিয়া

জি ৭ হৈছে বিশ্বৰ আগশাৰী অর্থনীতিৰ ৰাষ্ট্রবি্লাকৰ এটা গোট। ইয়াৰ সদস্য হৈছে আমেৰিকা, ইংলণ্ড, ফ্রান্স, জার্মানী, জাপান, কানাডা আৰু ইটালী। ৰাছিয়া ইয়াৰ সদস্য নহয়।

৭) ২০১৪

জি ৭ ১৯৯৮ চনলৈকে জি ৮ হিচাপে জনাজাত আছিল। তেতিয়া ৰাছিয়াও ইয়াৰ সদস্য আছিল। কিন্তু ২০১৪ চনত ৰাছিয়াই পুব ইউক্রেইনলৈ সৈন্যবাহিনী পঠিয়াই ক্রমিয় অধিকাৰ কৰে। এই কার্যক তেতিয়াৰ জি ৮ গোটে সমালোচনা কৰিছিল আৰু ৰাছিয়াক জি ৮ গোটৰ পৰা বহিস্কাৰ কৰিছিল। ফলত জি ৮ পুনৰ জি ৭ লৈ ৰূপান্তৰিত হয়।

৮) অষ্ট্রেলিয়া

প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে অষ্ট্রেলিয়ান প্রধানমন্ত্রী স্কট মৰিছনৰ লগত  ৪ জুন ২০২০ত  এক “ভার্চুৱেল বৈঠক”ত মিলিত হ’ব। এই বছৰত অষ্ট্রেলিয়ান প্রধানমন্ত্রীগৰাকী ভাৰত ভ্রমণলৈ অহাৰ কথা আছিল। কিন্তু পৰিৱর্তিত পৰিস্থিতিৰ বাবে এই বৈঠক ভার্চুৱেল কৰাৰ সিদ্ধান্ত লোৱা হয়।

Leave a Comment

error: Warning, you aare not allowed to copy this element