Join Assam Study Centre Channel

সামাজিক পৰিৱর্তন আৰু শাসন প্রণালী

Class 12 Sociology Solutions Assamese. Get the complete questions and answers of Class 12 Sociology in Assamese language for the lesson Social Change and the Polity. Class 12 Sociology Solutions Assamese

সামাজিক পৰিৱর্তন আৰু শাসন প্রণালী

Class 12 Sociology Solutions Assamese

১) ৰাজনৈতিক দল বুলিলে কি বুজা? 

উত্তৰ : যেতিয়া কোনো এক ব্যক্তিৰ সমূহে সমূহীয়া ৰাজনৈতিক সামাজিক আৰু একে চিন্তা প্রণালীৰে সাংগঠিনকভাৱে মিলিত হয় আৰু একে আদৰ্শৰে অনুপ্রাণিত হোৱা, শাসন ক্ষমতা হস্তগত কৰিব বিচৰা ব্যক্তিৰ সমষ্টিকে ৰাজনৈতিক দল বোলে।   

২) পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য কি?   

উত্তৰঃ পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হৈছে দেশৰ সর্বতোপ্ৰকাৰৰ উন্নতি সাধন কৰা আৰু কামৰ বাবে ৰাজ্যবোৰক ধনৰাশিৰ যোগান ধৰা । ই দেশখনৰ সামাজিক আৰু অর্থনৈতিক উন্নতিৰ বিভিন্ন পৰিকল্পনা কৰে।     

৩) প্রত্যক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্রৰ দুটা পার্থক্য লিখা।

উত্তৰঃ প্রত্যক্ষ আৰু পৰোক্ষ গণতন্ত্রৰ পাৰ্থক্য দুটা হল— 

ক) প্রত্যক্ষ গণতন্ত্রত নাগৰিকে নিজে শাসনকার্যত অংশ লয়, আনহাতে পৰোক্ষ গণতন্ত্র প্রতিনিধিৰ যোগেদি শাসন কার্য চলায়, নিজে অংশ নলয়। 

খ) অতি কম জনসংখ্যাৰ ৰাষ্ট্ৰতহে প্রত্যক্ষ গণতন্ত্র প্রচলন সম্ভৱ হয়। আনহাতে আধুনিক যুগত বেছি জনসংখ্যা থকা ৰাষ্ট্ৰতহে পৰোক্ষ গণতন্ত্র প্রচলন হয়।   

৪) তিনিটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা ।

উত্তৰঃ তিনিটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম হ’ল—

ক) কংগ্রেছ (আই)

খ) ভাৰতীয় জনতা পার্টি

গ) চি. পি. আই (এম)  

৫) দুটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ দুটা আঞ্চলিক দলৰ নাম হ’ল—

ক) এ. জি. পি. (অসম)

খ) ডি. এম. কে. (তামিলনাড়ু)  

৬) ৰাজনৈতিক দলৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ  ৰাজনৈতিক দলৰ বৈশিষ্ট্যবোৰ হ’ল—

ক) ৰাজনৈতিক দলৰ সদস্যসকলৰ আদৰ্শ আৰু নীতি একে

খ) সাংবিধানিক ব্যৱস্থাৰ নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠন কৰাৰ চেষ্টা কৰে

গ) দলীয় সদস্যসকলৰ এটা সংগঠন থাকে

ঘ) ৰাজনৈতিক দলৰ এক দীর্ঘম্যাদী আঁচনি থাকে   Class 12 Sociology Solutions Assamese

৭) ৰাজনৈতিক দলৰ চাৰিটা কার্য লিখা।

উত্তৰঃ ৰাজনৈতিক দলৰ চাৰিটা কার্য হ’ল—

ক) নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা

খ) ৰাজনৈতিক চেতনা জাগ্রত কৰা  

গ) জনমত গঠন কৰা

ঘ) চৰকাৰ গঠনত সহায় কৰা ।  

৮) অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ এখন চৰকাৰে গোটেই দেশখনৰ আর্থিক উন্নয়নৰ বাবে এটা লক্ষ্যত নির্দিষ্ট সময়ৰ ভিতৰতে উপনীত হ’বলৈ গ্রহণ কৰা নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ সামগ্রিক আঁচনিকে আর্থিক পৰিকল্পনা বা অর্থনৈতিক পৰিকল্পনা বোলে।   

৯) স্বার্থান্বেষী গোট বুলিলে কি বুজা? 

উত্তৰঃ নিজৰ নিজৰ ন্যস্ত স্বার্থ পূৰণৰ বাবে সংগঠিত হোৱা আৰু চৰকাৰৰ আইন প্রণয়ন আৰু কার্যাৱলীকৰণত প্রভাৱ পেলোৱা  প্ৰভাৱগোষ্ঠীতকৈ সৰু সংগঠিত গোষ্ঠীবোৰকে স্বার্থান্বেষী গোট বুলি কোৱা হয়।    

১০) অতীতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ কি সমস্যা আছিল ?

উত্তৰঃ অতীতত পঞ্চায়তীৰাজ ব্যবস্থাত থকা তিনিটা সমস্যা হ’ল—

ক) অতীতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ নির্বাচন সময়মতে হোৱা নাছিল।

খ) পঞ্চায়ত ব্যৱস্থাৰ প্রতি মানুহৰ আগ্রহ নাছিল।

গ) দেশৰ পঞ্চায়তীৰাজ ব্যৱস্থা আর্থিকভাৱে টনকীয়াল নাছিল।  

Class 12 Sociology Solutions Assamese

১১) ভাৰতৰ অর্থনৈতিক পৰিকল্পনাৰ যিকোনো চাৰিটা লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ অর্থনৈতিক পৰিকল্পনাৰ চাৰিটা লক্ষ্য হল –

ক) আর্থিক উন্নয়নৰ বিভিন্ন বাধাসমূহ আঁতৰ কৰা ।

খ) দ্রুত মূলধন গঠন আৰু ঔদ্যোগীকৰণ।

গ) কৃষিখণ্ডৰ উন্নয়নৰ বাবে বৈজ্ঞানিক ব্যৱস্থাৰ উৎপাদন বৃদ্ধি কৰা ।

ঘ) ভাৰতত নিম্নহাৰৰ প্রকৃতি জনমুৰি আয় আৰু অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা।  

১২) ভাৰতবৰ্ষৰ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা উদ্দেশ্য হ’ল—

ক) অর্থনৈতিক উন্নয়নৰ হাৰ বছৰি ৮-১০ শতাংশলৈ বৃদ্ধি কৰা।

খ) কৃষিখণ্ডৰ উন্নয়ন বছৰি ৪ শতাংশৰ হাৰত বৃদ্ধি কৰা।

গ) ৭ কোটি অতিৰিক্ত নিৱনুৱা লোকৰ বাবে কর্ম সংস্থানৰ ব্যৱস্থা কৰা।  

১৩) ভাৰতবৰ্ষৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।

উত্তৰ: ভাৰতৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ চাৰিটা উদ্দেশ্যে হ’ল—

ক) প্রতি বছৰে ৮ শতাংশ হাৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা। 

খ) লাভজনক আৰু উচ্চমানৰ কর্মসংস্থাপন সৃষ্টি কৰা।

গ) ২০০৯ চনৰ ভিতৰত সকলো ল’ৰা-ছোৱালীৰ বাবে প্রাথমিক শিক্ষাৰ সকলো সুবিধা নিশ্চিত কৰা।  

১৪) গণতন্ত্রত ৰাজনৈতিক দল সমূহৰ তিনিটা গুৰুত্বপূর্ণ ভূমিকা উল্লেখ কৰা।  

উত্তৰঃ  গণতন্ত্ৰত ৰাজনৈতিক দলসমূ|হৰ তিনিটা গুৰুত্বপূর্ণ ভূমিকা হ’ল-  

ক) গণতান্ত্রিক শাসনত শাসক দলৰ চৰকাৰে যাতে স্বেচ্ছাচাৰী শাসন চলাব নোৱাৰে তাৰ বাবে আন বিৰোধী ৰাজনৈতিক দলবোৰে তীক্ষ্ণ নজৰ ৰাখিব লাগে।   

খ) ৰাজনৈতিক দলে দেশৰ জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি ৰাখিব লাগে।

গ) ৰাজনৈতিক দলবোৰে আৱশ্যক মতে জনমত গঢ়ি তুলিবৰ বাবে সজাগ সচেতন হৈ থাকে।   

১৫) গণতন্ত্রক কিয় উৎকৃষ্ট বা উত্তম চৰকাৰ বুলি কোৱা হয়, তাৰ দুটা যুক্তি দিয়া ।

উত্তৰঃ গনতন্ত্রক উৎকৃষ্ট বা উত্তম চৰকাৰ বুলি কোৱাৰ দুটা যুক্তি তলত উল্লেখ কৰা হ’ল— 

ক) গণতান্ত্রিক চৰকাৰত জনসাধাৰণে অংশগ্রহণ কৰিব পাৰে। ই সমতা, স্বাধীনতা আৰু ভাতৃত্বৰ ভাৱৰ ওপৰত প্রতিষ্ঠিত চৰকাৰ।  

খ) গণতান্ত্রিক চৰকাৰ যুক্তিৰ ওপৰত প্রতিষ্ঠিত চৰকাৰ। আলাপ-আলোচনা, সন্মতি আৰু জনমতৰ ওপৰত নিৰ্ভৰ কৰিহে এই চৰকাৰ চলে।    Class 12 Sociology Solutions Assamese

১৬) গণতন্ত্র কতকার্য কৰিবৰ বাবে প্রয়োজনীয় চাৰিটা চর্ত উল্লেখ কৰা।

উত্তৰ: গণতন্ত্র কৃতকার্য কৰাৰ চৰ্ত চাৰিটা হল—

ক) গণতন্ত্রত নাগৰিকসকলৰ ৰাজনৈতিক সচেতনতা থাকিব লাগিব।

খ) গণতান্ত্রিক দেশৰ নাগৰিকসকল শিক্ষিত হ’ব লাগিব।

গ) নাগৰিকসকলে চৰকাৰৰ লগত সহযোগ কৰিব লাগে।

ঘ) সকলো নাগৰিকৰ সহনশীলতা গুণ থাকিব লাগে।    

১৭) অংশগ্রহণমূলক গণতন্ত্র কি? উদাহৰণ দিয়া। 

উত্তৰঃ যি শাসন ব্যৱস্থাত সকলো নাগৰিকে পোন-পটীয়াভাৱে শাসন কার্যত অংশগ্রহণ কৰে আৰু নাগৰিকে আইন প্রণয়ন কৰি দেশৰ শাসন ব্যৱস্থা চলোৱা পদ্ধতিকে অংশগ্রহণমূলক গণতন্ত্র বোলে। যেনে— চুইজাৰলেণ্ডৰ কেইখনমান কেন্টনত এই শাসন ব্যৱস্থা প্রচলিত।     

১৮) প্রভাৱগোষ্ঠীৰ তিনিটা গুণ আৰু তিনিটা দোষ লিখা ।

উত্তৰঃ প্ৰভাৱগোষ্ঠীৰ তিনিটা গুণ হল—

ক) প্ৰভাৱগোষ্ঠীবোৰে চৰকাৰৰ বিধানমণ্ডলক আইন প্রণয়ন কৰাৰ ক্ষেত্ৰত হেঁচা প্রয়োগ কৰাৰ উপৰিও দিহা পৰামর্শ দি সহায় কৰে। 

খ) প্রভাৱগোষ্ঠীবোৰে ৰাজনৈতিক দলবোৰক নানা প্রকাৰে দান বৰঙণি দি শক্তিশালী কৰি গঠন কৰাত সহায় কৰে।

গ) বহুতো ক্ষেত্ৰত প্ৰভাৱগোষ্ঠীবোৰে সমাজত সুস্থ সবল জনমত গঠন কৰি চৰকাৰৰ ওপৰত প্রয়োজনীয় হেঁচা প্রয়োগ কৰি জনমত মতে কাম কৰিবলৈ বাধ্য কৰায়।   

প্রভাৱগোষ্ঠীৰ তিনিটা দোষ হ’ল—

ক) প্ৰভাৱগোষ্ঠীবোৰে সদায় কেৱল মাত্ৰ নিজৰ সদস্যসকলৰ নাইবা শ্ৰেণীটোৰ স্বাৰ্থ পূৰণৰ কথাহে ভাৱে, সাধাৰণ শ্ৰেণীৰ লোকৰ কথা নাভাৱে। 

খ) অনেক ক্ষেত্ৰত প্ৰভাৱগোষ্ঠীবোৰে দুৰ্নীতিৰ আশ্ৰয় লৈ হ’লেও নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰে।

গ) প্রভাৱগোষ্ঠীবোৰ ৰাষ্ট্রীয় স্বার্থ উপেক্ষা কৰি হ’লেও নিজৰ শ্ৰেণীটোৰ স্বার্থ পূৰণ কৰাৰ পৰা বিচলিত নহয়।

Sociology Class 12 Assamese Medium Question Answer

১৯) পঞ্চায়তীৰাজ ব্যৱস্থাৰ কামকাজ সম্পর্কে এটা চমু টোকা লিখা।

উত্তৰ : পঞ্চায়তীৰাজ ব্যৱস্থা সমাজৰ এক শাসন পদ্ধতি, যি পদ্ধতিৰ জৰিয়তে গ্রাম্য সমাজত কিছুমান দায়িত্ব আৰু কর্তব্য পালন কৰে। সেই দায়িত্ব আৰু কৰ্তব্যসমূহ হ’ল—

ক) সুৰক্ষিত সেৱা : সুৰক্ষিত সেৱাৰ জৰিয়তে বিনিময়মূলক আৰু পৰিদৰ্শনমূলক সেৱা উপলব্ধ হয়। যেনে স্বাস্থ্য ৰক্ষা, গৃহ নির্মাণ নিয়ম, খাদ্যত হোৱা ভেজাল নিষেধকৰণ, বিপজ্জনক পৰীক্ষা কৰা  অগ্নিকাণ্ড আৰু অন্যান্য  দুর্ঘটনাসমূহৰ পৰা জনসাধাৰণক নিৰাপত্তা দিয়া ইত্যাদি।   

খ) সামূহিক সেৱাঃ পঞ্চায়তৰ সামূহিক সেৱাৰ বিষয় সমূহ অন্তৰ্গত হৈছে ৰাস্তা-ঘাটৰ তত্ত্বাৱধান, স্বাস্থ্য নর্দমাৰ উপযুক্ত ব্যৱস্থা গ্রহণ, পোহৰৰ ব্যৱস্থা কৰা, ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা কৰা, চিকিৎসা সাহার্যৰ সুবিধা দিয়া, আঞ্চলিক শান্তি সম্প্রীতি অটুত ৰখা আদি।

গ) সমাজ সেৱা: পঞ্চায়তৰ সমাজসেৱাৰ আঁচনিৰ অন্তৰ্গত বিষয়সমূহ হৈছে জনশিক্ষা আঁচনি গ্রহণ, মাতৃমংগল আৰু শিশু কল্যাণ আঁচনি গ্রহণ, বৃদ্ধ আৰু পিতৃ-মাতৃহীন অনাথসকলৰ তত্ত্বাৱধান আঁচনি, জনগণনা জৰীপ, অৱসৰ বিনোদনৰ আঁচনি গ্রহণ, পুথিভঁৰাল আৰু উদ্যান স্থাপন আদি আঁচনি গ্রহণ আৰু ৰূপায়ণ, কৃষি প্রদর্শনী, শিল্পমেলা আদি স্থাপন কৰা।  

ঘ) ৰাজহুৱা ব্যৱহাৰ্য সেৱাঃ সংৰক্ষিত পানী যোগান আঁচনি কাপোৰ ধোৱা স্থানৰ ব্যৱস্থা কৰা, গা ধোৱা ঘাট,  পৰিবহন ব্যৱস্থা, বিজুলী যোগান, পেলনীয়া বস্তু সংগ্রহ আৰু ব্যৱহাৰ, বজাৰ, ৰাজহুৱা প্রেক্ষাগৃহৰ ব্যৱস্থা আদি এই আঁচনিৰ অন্তর্গত।   তদুপৰি পঞ্চায়তৰ সদস্যসকলৰ বাবে নির্বাচন অনুষ্ঠিতৰ ব্যৱস্থা গ্রহণ, কৰ ধাৰ্যৰ কাৰণে সম্পত্তিৰ লেখ-জোখৰ হিচাপ, পৰিকল্পনা গ্রহণৰ বাবে ৰাজহুৱা সভাৰ সিদ্ধান্ত গ্রহণ আদি পঞ্চায়তৰ অন্যতম দায়িত্ব আৰু কর্তব্য।   Class 12 Sociology Solutions Assamese

 

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

২০) পঞ্চায়তীৰাজ ব্যৱস্থাৰ ক্ষমতাসমূহ লিখা।

উত্তৰ : পঞ্চায়ত ব্যৱস্থাৰ দায়িত্ব, কর্তব্য আৰু কার্যাৱলী থকাৰ দৰেই কিছুমান বিশেষ ক্ষমতাও আছে। সেইবোৰ হ’ল- 

ক) গাঁও পঞ্চায়ত এলেকাৰ পৰা সভাপতি আৰু উপ-সভাপতি নির্বাচন ক্ষমতা গ্রাম্য জনসাধাৰণৰ ওপৰত ন্যস্ত থাকে 

খ) মহিলাৰ আসন, অনুসূচিত জাতি, জনজাতিৰ আসন সংৰক্ষণৰ ব্যৱস্থা গ্রাম্য জনসাধাৰণ ক্ষমতাৰ আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰাম্য জনসাধাৰণৰ ক্ষমতাৰ অন্তর্গত। 

গ) গাঁও পঞ্চায়তৰ নিয়মাৱলী প্রস্তুত আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা অনুমোদন জনোৱাটো গাঁও পঞ্চায়তৰ ক্ষমতাৰ অন্তৰ্গত 

ঘ) পঞ্চায়ত এলেকাত বজাৰ, দলং, মথাউৰি, পানী ওলোৱা বাট আদিত নিয়ন্ত্রণ চলোৱাৰ অধিকাৰ আছে।

ঙ) পঞ্চায়ত এলেকাৰ দোকান, চাইকেল, ঠেলা, ৰিক্সা আদিৰ ওপৰত কৰ সংগ্ৰহ কৰাৰ ক্ষমতা আছে।  

২১)  মানৱ সম্পদ বিকাশত পঞ্চায়তৰ ভূমিকা কি?

উত্তৰ : মানৱ সম্পদ বিকাশত পঞ্চায়তৰ ভূমিকা হ’ল— 

ক) পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোক, বিশেষকৈ মহিলা আৰু বালিকাসকলকে ধৰি দুর্বল শ্ৰেণীৰ লোকসকলে যাতে তেওঁলোকৰ মানৱ সম্পদৰ সম্ভাৱনীয়তা বিকাশ সাধন কৰাৰ বাবে পর্যাপ্ত সুযোগ সুবিধা পায়, তাক নিশ্চিত কৰা উচিত। 

খ) পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে সমাজৰ দুৰ্বল আৰু বিশেষ অনুগ্রহৰ পৰা বঞ্চিত লোকসকলৰ শ্রীবৃদ্ধি আৰু বিকাশৰ বাবে তেওঁলোকক শিক্ষা, প্রশিক্ষণ আৰু বুনিয়াদী স্বাস্থ্য সেৱাৰ দৰে সুযোগ সুবিধাসমূহ প্রদান কৰাৰ জড়িয়তে মানৱ  সম্পদ উন্নয়ন নিশ্চিত কৰা উচিত।

গ) পঞ্চায়তসমূহে সমাজৰ দুর্বল শ্রেণীৰ কাৰণে গ্ৰহণ কৰা বিশেষ উন্নয়নমূলক কার্যসূচীসমূহৰ বিষয়ে তথ্য জৰিয়তে এই দুর্বল শ্রেণীৰ লোকসকলৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক মহৎ ভূমিকা গ্ৰহণ কৰিব পাৰে। 

ঘ) মানৱ সম্পদ উন্নয়ন কার্যসূচীসমূহৰ ফলপ্রসু ৰূপায়ণৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ দ্বাৰা স্বেচ্ছাসেৱী  আৰু স্বাধীন সংস্থাসমূহক উৎসাহিত কৰা উচিত।    বর্তমান পঞ্চায়তসমূহে সংহত শিশু বিকাশ আঁচনি, সংহত গ্রাম্য উন্নয়ন আঁচনি আদি ৰূপায়ণ কৰিছে। তদুপৰি অশিক্ষিত লোকৰ বাবে শিক্ষাৰ আঁচনি, দৰিদ্ৰ লোকৰ বাবে খাদ্যৰ বিনিময়, কর্ম সংস্থান আঁচনি, জৱাহৰ ৰোজগাৰ আঁচনি, ইন্দিৰা আৱাস যোজনা আঁচনি আদি ৰূপায়ণ কৰি আহিছে। বর্তমান পঞ্চায়তীৰাজ ব্যৱস্থাই মানৱ সম্পদ বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু ইয়াৰ জনপ্রিয়তা বৃদ্ধি পাইছে।      Class 12 Sociology Solutions Assamese

২২) ভাৰতীয় সংবিধানত মহিলাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষত প্রায় শতকৰা ৫০ শতাংশ লোক মহিলা।  মহিলাৰ প্ৰস্থিতি প্রাচীনকালৰে পৰা নিম্ন আছিল। আধুনিক যুগত মহিলাৰ প্ৰস্থিতিৰ উন্নতি সাধনৰ বাবে বর্তমান সংবিধানত ব্যৱস্থা ৰখা হৈছে। মহিলাৰ উন্নয়নৰ বাবে সংবিধানত ১৫ নং অনুচ্ছেদ মতে মহিলাক পুৰুষৰ লগত সমান কামৰ বাবে সমান মজুৰি দিয়া হয়। অনুচ্ছেদ ৪১ ৰ মতে মহিলাসকলক প্ৰসৱকালীন সময়ত বিশেষ ছুটীৰ ব্যৱস্থা থাকে। অনুচ্ছেদ ৫১ মতে মহিলাসকলৰ ৰক্ষাৰ বাবে বিশেষ বিশেষ সুবিধা ৰখা হয়। সংবিধানৰ ১৩ নং অনুচ্ছেদ মতে পঞ্চায়ত আৰু পৌৰ নিগমৰ আসনৰ ক্ষেত্ৰত শতকৰা ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত ৰখা হয়।   

২৩) তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰত চৰকাৰৰ ৭৩ নং সংবিধান সংশোধনীৰ মতে ১৯৮৬ চনৰ পঞ্চায়তীৰাজ আইনৰ ঠাইত ১৯৯২ চনত এখন নতুন পঞ্চায়তী আইন গ্রহণ কৰে। ইয়াৰ আগতেও ১৯৫৩ চনত গঠিত সামূহিক উন্নয়ন আৰু জাতীয় সম্প্ৰসাৰণ সেৱা নামৰ সংস্থাই গ্রামাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰিছিল। পৰিকল্পনা আয়োগৰ অধীনত পৰিকল্পনা আঁচনি সম্পর্কীয় সমিতিয়ে বলৱন্ত ৰায় মেহতাক সভাপতি হিচাপে লৈ সামূহিক উন্নয়ন আৰু জাতীয় সম্প্ৰসাৰণ সেৱাৰ বিষয়ে অধ্যয়ন কৰিবলৈ এটা দল নিয়োগ কৰে। এই সমিতিৰ পৰামর্শসমূহ মেহতা কমিটিৰ চুপাৰিশ হিচাপে জনাজাত। সমিতিয়ে তিনিখলপীয়া পঞ্চায়ত পদ্ধতিৰ অনুমোদন জনায়। স্থানীয় স্বায়ত্ব শাসন বিভাগৰ কেন্দ্রীয় পৰিষদৰ ১৯৫৮ চনৰ চতুর্থ সভাই প্রত্যেক ৰাজ্যতে পঞ্চায়ত গঠনৰ মনোনিৱেশ কৰে। বর্তমান ভাৰতৰ সকলোবিলাক ৰাজ্যতে মেহতা কমিটিৰ চুপাৰিশ মতেই তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ প্রৱৰ্তন হৈছে। তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থা এনেধৰণৰ আছিল গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। বর্তমান অসমত ১৯৯২ চনৰ পঞ্চায়তী আইন মতে, গাঁও অঞ্চলৰ স্থানীয় শাসন পৰিচালিত কৰা হয় ।      Class 12 Sociology Solutions Assamese

২৪) প্রভাৱগোষ্ঠী আৰু স্বার্থান্বেষী গোটৰ মাজৰ পার্থক্য লিখা। 

উত্তৰঃ প্রভাৱগোষ্ঠী আৰু স্বার্থান্বেষী গোটৰ মাজৰ পাৰ্থক্যবোৰ হ’ল—

ক) প্রভাৱগোষ্ঠীৰ পৰিসৰ স্বার্থান্বেষী গোটৰ তুলনাত বহল আৰু ব্যাপক। আনহাতে স্বার্থান্বেষী গোটৰ পৰিসৰ ঠেক আৰু ক্ষুদ্র। 

খ) প্রভাৱগোষ্ঠীয়ে সদায়ে নেপথ্যত থাকিহে চৰকাৰৰ কাম-কাজৰ ওপৰত প্ৰভাৱ আৰু হেঁচা প্রয়োগ কৰিব, কিন্তু স্বার্থান্বেষী গোটে প্রকাশ্যে সভা সমিতি পাতি, আন্দোলন, প্রতিবাদ আদি কৰি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি দাবী পূৰণ কৰিবলৈ বিচাৰে।

গ) প্ৰভাৱগোষ্ঠীয়ে কোনো নির্দিষ্ট ৰাজনৈতিক মতাদর্শক সমর্থন নকৰে। কিন্তু আনহাতে স্বার্থান্বেষী গোটবোৰে কোনো বিশেষ ৰাজনৈতিক মতাদর্শক সমর্থন কৰিবও পাৰে।

ঘ) প্রভাৱগোষ্ঠীয়ে নিজৰ সদস্যৰ স্বাৰ্থ পূৰণৰ উপৰিও উমৈহতীয়া কল্যাণমূলক গোটে কেৱল নিজৰ সদস্যৰ স্বার্থ পূৰণৰ বাবেহে চেষ্টা কৰে, সমূহীয়া কল্যাণৰ কথা নাভাৱে।  

২৫) হেঁচনী বা প্ৰভাৱগোষ্ঠী আৰু ৰাজনৈতিক দলৰ মাজৰ পার্থক্য লিখা।  

উত্তৰঃ হেঁচনী বা প্রভাৱগোষ্ঠী আৰু ৰাজনৈতিক দলৰ মাজৰ পার্থক্য হৈছে-

ক) ৰাজনৈতিক দলৰ সংগঠন সমগ্র দেশব্যাপী হয়, ইয়াৰ পৰিসৰ ব্যাপক। ৰাজনৈতিক দলৰ স্বার্থ সমগ্ৰ দেশৰ লগত জড়িত থাকে। আনহাতে প্রভাৱগোষ্ঠীৰ সংগঠন এটা অঞ্চলৰ, এটা শ্রেণী বা গোষ্ঠীৰ সংগঠন। ইয়াৰ স্বার্থ আৰু পৰিসৰ ক্ষুদ্ৰ আৰু সীমিত। 

খ) ৰাজনৈতিক দলৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল ৰাষ্ট্রৰ চৰকাৰৰ ক্ষমতা দখল কৰা, শাসন, ক্ষমতা হস্তগত কৰা, কিন্তু প্ৰভাৱগোষ্ঠীৰ লক্ষ্য হ’ল নিজৰ সম্প্রদায় বা শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰা। 

গ) প্রত্যেক ৰাজনৈতিক দলৰ নির্দিষ্ট নীতি, মতবাদ, কাৰ্যসূচী আদি থাকে। কিন্তু প্ৰভাৱগোষ্ঠীৰ তেনে নীতি, মতবাদ বা কাৰ্যসূচী নাথাকে।

ঘ) ৰাজনৈতিক দলবোৰৰ সংগঠন তুলনামূলকভাৱে দৃঢ়, সহজে ভাগি নাযায়। কিন্তু প্রভাৱগোষ্ঠীবোৰ দৃঢ় নহয়, ই সহজে ভাগি যায়। 

ঙ) ৰাজনৈতিক দলবোৰে নিজৰ কাৰ্যসূচী বাস্তৱত ৰূপায়িত কৰিবলৈ সন্মুখ সমৰত অৱতীৰ্ণ হয়, আন্দোলন, শোভাযাত্রা, সভা-সমিতি পাতি জনসাধাৰণক আকর্ষিত কৰিব বিচাৰে, কিন্তু প্ৰভাৱগোষ্ঠী সন্মুখ সমৰলৈ নাহি নেপথ্যত থাকিহে কাম কৰে, তেওঁলোকে পৰোক্ষভাৱেহে হেঁচা প্রয়োগ কৰে।  

২৬) আইন আৰু ন্যায়ৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা।

উত্তৰ: আইন আৰু ন্যায়ৰ মাজত সম্পর্ক অতি-নিবিড় আৰু ওতপ্রোত। ন্যায় বা সামাজিক ন্যায়ে জাতি-ধর্ম বর্ণ আদি নির্বিশেষে কোনো প্রকাৰৰ বৈষম্যমূলক ব্যৱস্থা নোহাৱাটোকে বুজায়। সমাজত প্ৰচলিত বৈষম্যমূলক নীতি বা কার্য ন্যায়ৰ পৰিপন্থী। মানৱ সমাজত নানা ধৰণৰ এই বিভিন্ন প্ৰকাৰৰ অসমতা দেখা যায়। ন্যায়ে সমাজৰ এই বিভিন্ন প্রকাৰৰ অসমতা বা অন্যায়  আঁতৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা কথাক বুজায়। ন্যায়ে সকলো ৰক্ষণাবেক্ষণ দিয়াটো বুজায়। এই ন্যায়ক আইনে ৰক্ষণাবেক্ষণ দিয়ে। আইন হ’ল ৰাষ্ট্রৰ কর্তৃত্বশী অংগই সৃষ্টি কৰা এক  ব্যৱস্থা বা নীতি যাৰ দ্বাৰা ন্যায়ক ৰক্ষণাবেক্ষণ দিয়া হয়। আইনৰ অবিহনে সমাজত ন্যায়  ৰক্ষা নপৰিব, গতিকে সামাজিক ন্যায় ৰক্ষাৰ বাবে ই আইন সমাজত অপৰিহার্য।         

২৭) ৰাজনৈতিক দলৰ প্ৰধান উপাদানবোৰ লিখা।

উত্তৰঃ ৰাজনৈতিক দলৰ প্রধান উপাদানবোৰ হ’ল—

ক) ব্যক্তিৰ এটা সমূহে এটা ৰাজনৈতিক দল গঠন কৰিবৰ বাবে ৰাজনৈতিক উদ্দেশ্যত সংগঠিত হ’ব লাগিব।

খ) জনসাধাৰণক একত্রিত কৰিবলৈ সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত মিল থাকিব লাগিব।

গ) ৰাজনৈতিক দলৰ প্রধান উদ্দেশ্য হ’ব লাগিব ৰাজনৈতিক ক্ষমতা লাভ।

ঘ) নিজস্ব দলীয় নীতিসমূহ ৰাইজৰ আগত দাঙি ধৰাৰ উপৰিও তেওঁলোকৰ আঁচনি, কাৰ্যসূচী আৰু কার্যক্রমণিকাসমূহৰ বিষয়েও ভোটাৰক অর্থাৎ জনসাধাৰণক অৱগত কৰাব লাগে। 

ঙ) এখন দেশৰ সীমাৰ ভিতৰত যিবোৰ দল থাকে, সকলোৱে দেশৰ স্বার্থ জনসাধাৰণক অৱগত কৰাব লাগিব।  

২৮) সংবিধানৰ ৭৩ তম্ সাংবিধানিক সংশোধনী মতে পঞ্চায়তীৰাজ ব্যৱস্থা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ  ৭৩ তম্ সাংবিধানিক সংশোধনীৰ পিছত নতুন পঞ্চায়তীৰাজ ব্যৱস্থা ভাৰতত আৰম্ভ কৰা হৈছিল। গোটেই দেশতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰূপ আনিবৰ বাবে সংসদত ৭৩ তম সংশোধনী উপস্থাপন কৰা হৈছিল।  ১৯৯২ চনৰ ১২ ডিচেম্বৰত লোকসভাত অনুমোদন হোৱাৰ পিছত ১৯৯২ চনৰ ২৩ ডিচেম্বৰত ৰাজ্যসভাত অনুমোদন হৈছিল। ১৯৯৩ চনৰ ২০ এপ্রিলত এইখন ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদিত হৈছিল।

এই সংশোধনীৰ মুখ্য বৈশিষ্ট সমূহ তলত দিয়া হল-  

ক) ৭৩ তম্ সংশোধনী মতে তিনিখলপীয়া পঞ্চায়ত গোটেই দেশৰ কাৰণে প্ৰস্তাৱ কৰা হৈছিল।

খ) তিনি তৰপীয়া পঞ্চায়তীৰাজ প্রতিষ্ঠানৰ সদস্য ৰাজ্য বিধান সভাৰ দ্বাৰা নিৰ্ধাৰিত হব। 

গ) গাঁৱৰ সকলো প্রাপ্তবয়স্ক গাঁওসভাৰ সদস্য। সকলোৱে একেলগে গাওঁসভা গঠন কৰে। গাঁওসভা গঠনৰ বাবে জনসংখ্যাৰ আকৃতি ৰাজ্যভেদে ভিন্ন ভিন্ন।   

ঘ) পঞ্চায়তীৰাজ প্রতিষ্ঠানৰ নিৰ্বাচনত প্রতিদ্বন্দিতা কৰাৰ বাবে ২১ বছৰ বয়স জৰুৰী। তদুপৰি বিধানসভাত প্রতিদ্বন্দ্বীতা কৰাৰ যোগ্যতাও প্রার্থীৰ থাকিব লাগিব। 

ঙ) গাঁও পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদৰ সদস্যক নির্বাচকৰ দ্বাৰা প্রত্যক্ষভাৱে নির্বাচন কৰা হ’ব।  ভোট দিয়াৰ বাবে বয়সৰ নিম্নসীমা ১৮ বছৰ।   

চ) গাঁও পঞ্চায়তৰ সভাপতি প্রত্যক্ষ নির্বাচনৰ জৰিয়তে নির্বাচন কৰা হয়। কিন্তু পঞ্চায়ত সমিতি পৰিষদৰ সভাপতি আৰু উপ-সভাপতিক পৰোক্ষভাৱে নির্বাচিত কৰা হয়। 

ছ) প্রতিটো পর্যায়ৰ পঞ্চায়তীৰাজ প্রতিষ্ঠানৰ কাৰ্যকাল ৫ বছৰ। এই কার্যকাল পঞ্চায়তৰ প্ৰথম হৈ লগে আৰম্ভ হয়। 

জ) কিছুসংখ্যক আসন অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষণৰ কৰা হ’ব।  এটা বিশেষ অঞ্চলৰ জনসংখ্যাৰ অনুপাতৰ ওপৰত ভিত্তি কৰি অনুসূচিত জাতি আৰু জনজাতিৰ  আসনৰ সংখ্যা সংৰক্ষিত হয়।  

২৯) আঞ্চলিক বা খণ্ড পঞ্চায়ত কি? ইয়াৰ কার্যাৱলীৰ বিষয়ে আলোচনা কৰা।  

উত্তৰ: আঞ্চলিক বা খণ্ড পঞ্চায়ত হৈছে পঞ্চায়তীৰাজ ব্যৱস্থাৰ দ্বিতীয় স্তৰ বা তৰপ। ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক বিভিন্ন নামেৰে জনা যায়। উদাহৰণস্বৰূপে অন্ধ্রপ্রদেশত মণ্ডল প্রজা পৰিষদ, গুজৰাটত টালুকা পঞ্চায়ত, উত্তৰ প্ৰদেশত ক্ষেত্র সমিতি, অৰুণাচল প্রদেশত অঞ্চল সমিতি, মধ্য প্রদেশত জনসম্পদ, পঞ্চায়ত ইত্যাদি।    খণ্ড বা আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক অঞ্চল বা খণ্ডটোৰ ভিতৰত গাঁও পঞ্চায়তৰ প্ৰধান আৰু সদস্যসকলে নির্বাচিত কৰে। এই নির্বাচিত সদস্যসকলৰ উপৰিও তলত দিয়া সদস্যসকলে অন্তর্ভুক্ত হৈ থাকে। 

ক) সেই খণ্ডটোৰ পৰা নির্বাচিত লোকসভা, ৰাজ্যসভা, বিধানসভা আৰু বিধানপৰিষদৰ সদস্যসকল।

খ) এক তৃতীয়াংশ মহিলা সদস্য আৰু লগতে অনুসূচীত জাতি আৰু জনজাতিৰ প্রতিনিধিসকল।   

খণ্ড পঞ্চায়তৰ সদস্যসকলে খণ্ড প্রমুখ বা আঞ্চলিক খণ্ড সভাপতি নির্বাচিত কৰে। লগতে আঞ্চলিক উপপ্রমুখ বা উপসভাপতিক নির্বাচিত কৰে, আঞ্চলিক সমিতিৰ কার্যকলাপবোৰ চোৱা-চিতা কৰে আৰু চকু ৰাখে। যদি সদস্যসকল তেওঁৰ কার্যত অসন্তুষ্ট হয়, তেন্তে তেওঁক দায়িত্বৰ পৰা অপসাৰিত কৰিবও পাৰে। তেওঁৰ অনুপস্থিতিত আঞ্চলিক উপ-সভাপতিয়ে আঞ্চলিক সমিতিৰ কার্যকলাপসমূহ চোৱা-চিতা কৰে। সভাপতিয়ে আঞ্চলিক সমিতিয়ে প্রস্তুত কৰা সকলোবোৰ উন্নয়ন প্রকল্প কামত খটুৱাব লাগে।

খণ্ড পঞ্চায়ত বা আঞ্চলিক সমিতিৰ কাৰ্যাৱলীসমূহঃ 

আঞ্চলিক সমিতিয়ে গ্রাম্য পঞ্চায়তৰ কার্যক্ষেত্ৰৰ বাহিৰৰ সমস্যা আৰু বিবাদসমূহ হাতত লয়। আঞ্চলিক সমিতিয়ে তলত উল্লেখ কৰা কার্য সমূহ সম্পাদন কৰে-

ক) খণ্ডটোৰ উন্নয়নৰ বাবে এই সমিতিয়ে আঁচনি প্রস্তুত কৰে। এই আঁচনি প্রতিনিধিত্ব কৰিবৰ বাবে গাঁও পঞ্চায়তৰ লগত সহযোগ কৰে। 

খ) এই সমিতিয়ে  তেওঁলোকৰ অধীনৰ সকলোবোৰ পঞ্চায়তৰ কার্যাৱলীসমূহ পৰিদৰ্শন কৰে।

গ) পঞ্চায়তৰ  বাজেটসমূহৰ ওপৰত পৰামর্শ দিয়ে। 

ঘ) এই সমিতিৰ অভিজ্ঞ লোকসকলে বিভিন্ন কামৰ বাবে গাঁওবাসীক পথ প্রদর্শন কৰে। এই অভিজ্ঞ ব্যক্তিসকলৰ গোটত কৃষি বিশেষজ্ঞ, ইঞ্জিনিয়াৰ, শৈক্ষিক বিশেষজ্ঞ আৰু পশু চিকিৎসা আদি অন্তর্ভুক্ত হৈ থাকে। যিসকলে গাঁও উন্নয়নৰ বিভিন্ন কার্যৰ ওপৰত পৰামর্শদান কৰে। 

ঙ) গাঁওবাসীৰ  বাবে বীজ, ৰাসায়নিক সাৰ আৰু কৃষিৰ সা-সঁজুলিৰ যোগান ধৰে।  

৩০) জিলা পৰিষদ বুলিলে কি বুজা? জিলা পৰিষদৰ কার্যাৱলীসমূহ উল্লেখ কৰা।

উত্তৰঃ পঞ্চায়তীৰাজ ব্যৱস্থাৰ তৃতীয় স্তৰটো হৈছে জিলা পৰিষদ। অসমতো ইয়াক জিলা পৰিষদ নামেৰে জনা যায় । জিলা পৰিষদত তলত উল্লেখ কৰা সদস্যসমূহ অন্তর্ভুক্ত হৈ থাকে।

ক) জিলাখনৰ আঞ্চলিক সমিতিৰ সকলোবোৰ সভাপতি। 

খ) জিলাখনক প্রতিনিধিত্ব কৰা সকলোবোৰ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য।

গ) জিলাখনৰ সকলোবোৰ বিধান সভা আৰু বিধান পৰিষদৰ সদস্য।

ঘ) অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্রতিনিধি।

ঙ) মহিলা প্রতিনিধি।

জিলা পৰিষদৰ মূল ব্যক্তি হৈছে এজন কালেক্টৰ বা জিলা মেজিষ্ট্রেট বা উপায়ুক্ত। পঞ্চায়তীৰাজ ব্যৱস্থাৰ একেবাৰে উচ্চতম সংস্থা হৈছে জিলা পৰিষদ, ৰাজ্য চৰকাৰ আৰু গাঁওসমূহৰ মাজত ই যোগসূত্র স্থাপন কৰে। যিদৰে নিজে নিজৰ অঞ্চলটোৰ উন্নয়নৰ বাবে আঞ্চলিক সমিতিসমূহে পঞ্চায়তৰ লগত সহযোগ কৰে, ঠিক তেনেদৰে জিলা পৰিষদে তেওঁলোকৰ কাৰ্যসমূহৰ বাবে আঞ্চলিক সমিতিৰ লগত সহযোগ কৰে।  জিলা পৰিষদৰ কার্যাৱলী: যিহেতু জিলা পৰিষদৰ সীমা অতি ব্যাপক, সেয়েহে ই বৃহৎ পৰিমাণৰ কার্য কৰিব লগা হয়। এই কার্যসমূহ এনেধৰণৰ –

ক) আঞ্চলিক সমিতিসমূহে দাখিল কৰা প্রতিবেদনৰ ভিত্তিত জিলা পৰিষদে জিলাখনৰ বাবে আঁচনি আৰু কার্যসূচী গ্রহণ কৰে। 

খ) ই সকলোবোৰ গাঁও পঞ্চায়ত আৰু আঞ্চলিক সমিতিৰ ক্রিয়াকলাপ পর্যবেক্ষণ কৰে।

গ) প্রাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহ মেৰামতি কৰে আৰু সেইবোৰ নিয়মিত পৰিদৰ্শন কৰে।

ঘ) হস্পিতাল আৰু প্রাথমিক স্বাস্থ্যকেন্দ্রসমূহ স্থাপন কৰে আৰু এইবোৰৰ ক্ৰিয়াসমূহ পর্যবেক্ষণ কৰে।

ঙ) সমবায় স্থাপন কৰাত সহায় কৰে।

চ) জলসিঞ্চনৰ সুবিধা প্রদানত সহায় কৰে।

ছ) স্থানীয় উদ্যোগ আদিক উৎসাহিত কৰে। 

জ) কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰে।

ঝ) স্বাস্থ্য সম্পর্কীয় সুবিধাসমূহৰ উন্নতিৰ বাবে ই দায়িত্ব লয়।

ঞ) গাঁও পঞ্চায়ত আৰু আঞ্চলিক সমিতিৰ ক্ৰিয়াৰ ক্ষেত্ৰত ই চৰকাৰক পৰামর্শ প্রদান কৰে।

ট) গাঁও উন্নয়নৰ বাবে ই পঞ্চবার্ষিক পৰিকল্পনা আৰু অন্যান্য আঁচনিসমূহ কাৰ্যকৰী কৰে।  

৩১) প্রভাৱগোষ্ঠীৰ কার্যাৱলী আলোচনা কৰা।

উত্তৰ : প্রভাৱগোষ্ঠীৰ কার্যাৱলীসমূহ হল— 

ক) সদস্যৰ স্বাৰ্থ ৰক্ষা কৰা: প্রভাৱগোষ্ঠীৰ প্ৰথম আৰু প্ৰধান কাম হ’ল নিজৰ সংগঠনৰ হকে গোষ্ঠীয়ে সততে চৰকাৰৰ নীতি আৰু আঁচনিবোৰৰ খা-খবৰ ৰাখি থাকে। 

খ) যোগাযোগ ৰক্ষা কৰাঃ প্রভাৱগোষ্ঠীৰ আন এটা প্রধান কাম হ’ল চৰকাৰৰ নীতি নির্ধাৰণ বিভাগৰ কর্মচাৰীৰ লগত সততে যোগাযোগ কৰি থকা, তেওঁলোকৰ স্বাৰ্থৰ লগত জড়িত থকা কাম কাজ, খা-খবৰৰ বাবে চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ লগত যোগাযোগ ৰক্ষা কৰি থাকে। 

গ) ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰক্ষাঃ প্রভাৱগোষ্ঠীবোৰে শাসক দলৰ উপৰিও বিৰোধী দলকে সম্পর্ক ৰক্ষা কৰি চলে। জনমত গঠনৰ ক্ষেত্ৰত ই ৰাজনৈতিক দলৰ লগ-লাগি কাম কৰে। 

ঘ) নির্বাচনী কার্যঃ প্রভাৱগোষ্ঠীবোৰে নিজৰ স্বাৰ্থপূৰণৰ উদ্যোগত সহায় কৰিব পৰা প্ৰাথীৰ বাবে নির্বাচনী প্রচাৰ অভিযানত সক্রিয়ভাৱে অংশগ্রহণ কৰে আৰু বিৰোধী প্রাথীৰ বিৰুদ্ধে কাম কৰে। 

ঙ) প্ৰচাৰ কার্য: প্রভাৱগোষ্ঠীবোৰে জনমত গঠনৰ বাবে বিভিন্ন গণমাধ্যমৰ জৰিয়তে প্রচাৰ কাৰ্য চলোৱা কামত অংশগ্রহণ কৰে। নিজৰ স্বাৰ্থ বিঘ্নিত হোৱা চৰকাৰী নীতিৰ বিৰুদ্ধে নানা জনখবৰ সৃষ্টি কৰিও জনসাধাৰণৰ মত বিস্তৃতভাৱে প্ৰচাৰ কার্য চলায়।   

চ) ৰাজনৈতিক দলীয় কার্য: প্রভাৱগোষ্ঠীবোৰৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই যদিও ৰাজনৈতিক দলৰ কিছুমান কার্য বা দেখা যায়। ৰাজনৈতিক দলৰ হৈ কাম কৰি সেই দলবোৰৰ জৰিয়তে নিজৰ স্বাৰ্থ পূৰণৰ প্ৰচেষ্টা কৰে।   

ছ) ৰাজনৈতিক সচেতনতা সৃষ্টি কার্যঃ প্ৰভাৱগোষ্ঠীবোৰ কোনো ক্ষেত্ৰত ৰাজনৈতিক পৰিৱেশ এটাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে আন্দোলন, বিক্ষোভ, ধর্মঘট আদিৰ নিচিনা কামতো সহযোগ কৰে। 

জ) ৰাইজৰ লগত সম্পর্ক ৰক্ষাঃ  প্রভাৱগোষ্ঠীবোৰে স্থানীয় ৰাইজৰ লগত সম্পর্ক ৰখাৰ বাবে বহু সময়ত ৰাজহুৱা কাম কাজতো সহযোগ কৰে। ৰাইজৰ স্বাৰ্থজড়িত বিভিন্ন কামতো এই গোষ্ঠীবোৰে বিভিন্ন প্রকাৰে অৰিহণা যোগায়।   

৩২) পঞ্চায়তীৰাজ আৰু গ্ৰাম্য সামাজিক ৰূপান্তৰণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ পঞ্চায়তীৰাজ ব্যৱস্থাৰ কাৰ্যকৰী হোৱাৰ পৰা ভাৰতবৰ্ষত এক ৰাজনৈতিক জাগৰণৰ সৃষ্টি হয়। জনসাধাৰণৰ আৰু চৰকাৰৰ মাজত ব্যৱধান কমি আহিল। পঞ্চায়তসমূহৰ হাতত লোৱা কল্যাণমূলক কার্যসমূহ গ্রাম্য লোকসকলৰ সমস্যাসমূহৰ সমাধান কৰিবৰ বাবে চৰকাৰে হেঁচা প্রয়োগ কৰে। কিন্তু পঞ্চায়তীৰাজে গ্রাম্য সমাজৰ পৰিৱৰ্তন কৰাৰ বাবে লোৱা পদক্ষেপসমূহত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। যিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ উদ্দেশ্যসমূহ সফল কৰাত বাধাৰ সৃষ্টি কৰিছে।   

৩৩) কি ধৰণেৰে প্রভাৱগোষ্ঠী গোট আৰু আন্দোলন সমূহে ৰাজনীতিৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে?  

উত্তৰঃ ৰাজনৈতিক জীৱনত সমূহে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। মানুহে চৰকাৰক প্রভাৱাম্বিত কৰিবৰ বাবে সামাজিক আন্দোলন, স্বার্থাম্বেষী সমূহ আৰু প্রভাৱগোষ্ঠী প্রস্তুতৰ কৰে। গোষ্ঠীসমূহ, প্রজাতীয় সমূহ, ধর্মীয় আৰু  ভাষিক সংখ্যালঘুসমূহে চৰকাৰী সিদ্ধান্তসমূহক প্রভাৱিত কৰিবৰ বাবে মিলিত হৈ কার্য কৰে।   গতিকে প্রভাৱগোষ্ঠী হৈছে এনে এক স্বার্থাম্বেষী সমূহ যি ইয়াৰ সদস্য সকলৰ স্বার্থ ৰক্ষা আৰু উন্নতিৰ বাবে চেষ্টা কৰে। প্রভাৱগোষ্ঠীৰ নিজস্ব ৰাজনৈতিক বৈশিষ্ট্য আছে, কিন্তু ই এনে কোনো ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ বিচাৰে। প্রভাৱগোষ্ঠী বুলি ক’লে একে অর্থনৈতিক স্বার্থ থকা ব্যক্তিৰ এনে এক সমূহক বুজিব পাৰি যিয়ে চৰকাৰৰ ন্যায়িক  সিদ্ধান্ত সমহ পৰিচালনা কৰিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে ট্রেড ইউনিয়ম, দলি সংঘর্ষ সমিতিসমূহৰ বিশাল সভা, মহিলা সমাজ, সংখ্যালঘুসমূহ ইত্যাদিয়ে প্রভাৱগোষ্ঠীৰ কাম কৰে। প্ৰভাৱগোষ্ঠীসমূহৰ এখন গণতান্ত্রিক ৰাষ্ট্ৰত অতি উল্লেখযোগ্য ভূমিকা পালন কৰে। গণতান্ত্রিক পদ্ধতিত প্ৰভাৱগোষ্ঠীসমূহৰ ভূমিকা নিৰ্বাচনৰ সময়ত বেছি স্পষ্ট হৈ পৰে। নির্বাচনী প্রক্রিয়াৰ বিভিন্ন পর্যায় যেনে—মনোনয়ন পত্ৰ পূৰণ, প্রচাৰ অভিযান, দলসমূহক বিত্তৰ যোগান ধৰা আদি ক্ষেত্রত এই প্ৰভাৱগোষ্ঠীসমূহে সহায় কৰে। তেওঁলোকে নিজৰ নিজৰ পক্ষক জয়ী কৰিবৰ বাবে বহুত হেঁচা প্রয়োগ কৰে।  

৩৪) গণতান্ত্রিক সমাজত স্বার্থান্বেষী গোষ্ঠী আৰু প্ৰভাৱগোষ্ঠীসমূহে সম্পাদন কৰা কাৰ্যবোৰ লিখা। 

উত্তৰঃ প্ৰভাৱগোষ্ঠীসমূহে এখন একনায়কত্ববাদী ৰাষ্ট্ৰতকৈ এখন গণতান্ত্রিক ৰাষ্ট্ৰত অতি উল্লেখযোগ্য ভূমিকা পালন কৰে। গণতান্ত্রিক পদ্ধতিত প্ৰভাৱ গোষ্ঠীসমূহৰ ভূমিকা নির্বাচনৰ সময়ত বেছি স্পষ্ট হৈ পৰে। নির্বাচনী প্রক্রিয়াৰ বিভিন্ন পর্যায় যেনে-মনোনয়ন পত্ৰ পূৰণ, প্রচাৰ অভিযান, দলসমূহক বিত্তৰ যোগান ধৰা আদিৰ ক্ষেত্ৰত এই প্ৰভাৱগোষ্ঠীসমূহে সহায় কৰে। তেওঁলোকৰ নিজৰ পক্ষক জয়ী কৰিবৰ বাবে বহুত হেঁচা প্রয়োগ কৰে।    তদুপৰি প্ৰভাৱগোষ্ঠীসমূহে জনগণৰ দাবীসমূহৰ নীতি নির্ধাৰণকাৰীসকলৰ সন্মুখলৈ লৈ আনে। প্রভাৱগোষ্ঠীসমূহে ৰাজনৈতিক সামাজিকৰণৰ এক গুৰুত্বপূৰ্ণ অভিকৰণ হিচাপে কাম কৰে। জনমত গঠন কৰাৰ ক্ষেত্ৰতো প্রভাবগগাষ্ঠীসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা দেখা যায়। প্রভাৱগোষ্ঠীসমূহে চৰকাৰী নীতি আৰু কাৰ্যৰ সকলো দোষ-গুণ পুংখানুপুংখভাৱে জনগণৰ আগত দাঙি ধৰি সিহঁতৰ স্বাৰ্থৰ সপক্ষে জনমত গঠন কৰাৰ চেষ্টা কৰে।  এনেদৰে গণতান্ত্রিক ব্যৱস্থাগত প্ৰভাৱগোষ্ঠীসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।  

৩৫) ভাৰতীয় গণতন্ত্রৰ বাবে প্ৰেৰণাৰ উৎসসমূহ কি কি? 

উত্তৰঃ ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্রৱৰ্তন আৰু ইয়াৰ ব্যাপক জনপ্রিয়তাই ভাৰতীয় গণতন্ত্রৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাই দেশৰ মহিলাসকলক ৰাজনৈতিক প্রক্রিয়াত অংশগ্ৰহণৰ সুবিধা প্রদান কৰিছে। পঞ্চায়তক সহভাগী  গণতন্ত্র লৈ ৰূপান্তৰ কৰা হৈছে। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন সার্বভৌম সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে আৰু ভাৰতৰ প্ৰত্যেকজন জনতাৰ বাবে স্বাধীনতা, সমতা  আৰু ন্যায়ৰ আশ্বাস দিয়া হৈছে। ই ভাৰতীয় গণতন্ত্রৰ বাবে আন এটা অনুপ্ৰেৰণাৰ উৎস।   

উত্তৰাখণ্ডত গাঁৱৰ মহিলাসকলে বনাঞ্চল ধ্বংস ৰোধ কৰাৰ অর্থে বন পঞ্চায়ত গঠন কৰিছে। বন পঞ্চায়তৰ হেলনীয়া অংশত গছ ৰোপণ কৰিছে। তদুপৰি তেওঁলোকে অবৈধভাৱে যাতে কোনেও গছ-গছনি কাটি ধ্বংস কৰিব নোৱাৰে তাৰ প্রতিও লক্ষ্য ৰাখে। ভাৰতৰ বিভিন্ন প্রান্তত সৃষ্টি হোৱা এনে সামাজিক আন্দোলনবোৰ ভাৰতীয় গণতন্ত্রৰ বাবে অনপ্ৰেৰণাৰ উৎস। 

Leave a Comment

error: Warning, you aare not allowed to copy this element