Join Assam Study Centre Channel

সামাজিক পৰিবৰ্তন আৰু অর্থনীতি

সামাজিক পৰিবৰ্তন আৰু অর্থনীতি পাঠৰ মূল সাৰাংশ

পৰিৱর্তনশীলতা মানৱ সমাজৰ অন্যতম বৈশিষ্ট্য। পৃথিৱীৰ কোনো সমাজেই স্থবিৰ নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগেই সকলো সমাজতে পৰিৱৰ্তন সূচনা হয়। ভাৰতীয় অর্থনীতি বুলিলে কৃষিভিত্তিক গ্রাম্য অর্থনীতিৰ কথাই বুজা যায়।   সামাজিক পৰিৱৰ্তনৰ লগে লগেই গ্রাম্য ব্যৱস্থা কৃষি পদ্ধতিত আমূল পৰিৱর্তনে দেখা দিছে। কৃষিত প্রযুক্তিবিদ্যাৰ প্রয়োগ, উন্নত বীজ-সাৰ আৰু জলসিঞ্চন পদ্ধতি প্রয়োগে অর্থনীতিত পৰিবৰ্তন আনিছে। গ্রাম্য অর্থনীতিৰ মূল ভেঁটি হ’ল কৃষি। গ্রাম্য অর্থনীতিৰ পৰিবৰ্তনৰ অন্যতম কাৰণ হ’ল ভূমি সংস্কাৰ। ভূমিনীতি বা ৰাজহ নীতিৰ ওপৰত গ্রাম্য সমাজৰ বিকাশ বহু পৰিমাণে নিৰ্ভৰশীল। ভাৰতত বিভিন্ন সময়ত ভূমি ৰাজহ সম্পর্কীয় বিভিন্ন আইন বা ৰীতিৰ প্ৰচলন হৈছে যদিও ঔপনিৱেশিক ভাৰতৰ ভূমি নীতিয়ে পৰিৱৰ্তনৰ সূচনা কৰিলে। ব্রিটিছ ভূমি নীতিয়ে জমিদাৰ শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষা কৰিছিল আৰু সাধাৰণ জনসাধাৰণে অধিক ৰাজহ আদায় দিব লাগিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত পুনৰ ভূমি সংস্কাৰৰ বিভিন্ন আঁচনি ৰূপায়িত হয়। এনেধৰণৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ফলত ভূমি-সংস্কাৰ আৰু কৃষিৰ উন্নতিয়ে ভাৰতীয় সমাজক গতিশীলতা প্রদান কৰে। স্বাধীন ভাৰতৰ ভূমি সংস্কাৰ আইনৰ ভিতৰত জমিদাৰী প্ৰথাৰ বিলুপ্তি, চিলিং আইনৰ জৰিয়তে ভূমি অধিগ্রহণ, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে ভূমি আবেষ্টনী গঢ়ি তোলা, উন্নত বীজ আৰু সাৰৰ ব্যৱস্থা কৰা, জলসিঞ্চন আৰু ভূমি সংৰক্ষণৰ ব্যৱস্থা আদি অন্যতম।    ভাৰতবৰ্ষত সেউজ বিপ্লৱ আৰম্ভ হৈছিল ১৯৬০ খ্রীষ্টাব্দৰ পৰা ১৯৭০ খ্রীষ্টাব্দৰ মাজৰছোৱাত। এই সময়ছোৱাতেই কৃষি পদ্ধতিৰ ক্ষীপ্র উন্নতি হয়। মাটিৰ সর্বোচ্চ সীমা নির্ধাৰণ, জমিদাৰী ব্যৱস্থাৰ অৱসান, কৃষকৰ নামত ভূমিৰ আৱণ্টন, খেতি যাৰ ভূমি তাৰ নীতিৰ প্রয়োগ, সামূহিক খেতি বা ফাৰ্মৰ ব্যৱস্থা আদিয়ে সেউজ বিপ্লৱত অৰিহণা যোগায়। সেউজ বিপ্লৱৰ ফলত শ্ৰমিকৰ মজুৰি বৃদ্ধি শীতল ভঁৰাল স্থাপন আদিয়ে সমাজলৈ পৰিবৰ্তন আনিছে। এনেদৰে ভাৰতবৰ্ষৰ সকলো অঞ্চললৈ সেউজ বিপ্লৱ পূর্ণগতিত সম্প্রসাৰিত হ’লে ভাৰতীয় অর্থনীতিৰ আৰু উত্তৰণ ঘটিব। Class12 Sociology NCERT Assamese

সহজ অর্থত উৎপাদন কার্যত মানৱীয় শক্তিৰ পৰিৱর্তে যান্ত্রিক শক্তি ব্যৱহাৰ কৰাকেই উদ্যোগীকৰণ বুলিব পাৰি। উদ্যোগীকৰণ প্ৰক্ৰিয়াত উৎপাদনৰ ক্ষেত্ৰত ব্যক্তিয়ে কেৱল যন্ত্রৰ ওপৰতে নিৰ্ভৰ কৰে। উদ্যোগীকৰণৰ মাত্রা বেছি হ’লে অর্থাৎ বেছিকৈ যান্ত্রিক শক্তি প্রয়োগ কৰিলে উৎপাদনো বৃদ্ধি পায়। মূলতঃ উদ্যোগীকৰণে সামাজিক ব্যৱস্থাৰ  আমূল পৰিবর্তন সাধন কৰে। প্ৰব্ৰজন, সামাজিক নিয়ন্ত্রণ দুর্বল, অপৰাধমূলক কার্য, নতুন বৃত্তিৰ সৃষ্টি, মানৱীয়  মূল্যবোধ হ্রাস, স্বার্থপৰতা, নাৰীৰ সামাজিক মর্যাদা উন্নত আদি দিশত উদ্যোগীকৰণৰ প্ৰভাৱ যথেষ্ট। ভাৰতীয় উদ্যোগ নীতিয়ে অর্থনীতিৰ প্রভূত উন্নতি সাধিছে। বিশেষকৈ ১৯৯১ চনৰ New Industrial Policy য়ে ভাৰতবৰ্ষৰ উদ্যোগ ক্ষেত্রলৈ সুদুৰপ্ৰসাৰী পৰিবৰ্তন আনিছে। উদাৰীকৰণ হ’ল চৰকাৰে উদ্যোগ ব্যৱস্থাত গ্ৰহণ কৰা উদাৰী নীতি, ই ভাৰতীয় অর্থনৈতিক ব্যৱস্থাৰ এক উল্লেখনীয় ব্যবস্থা। উদাৰীকৰণৰ অৰ্থ হৈছে দেশৰ আর্থিক ব্যৱস্থা বিভিন্ন চৰকাৰী নিয়ন্ত্ৰণ আৰু বাধা-নিষেধৰ পৰা মুক্তকৰণ। কেইটামান বিশেষ আৰু গুৰুত্বপূৰ্ণ উদ্যোগৰ বাহিৰে অন্য উদ্যোগসমূহ প্রতিষ্ঠাৰ ক্ষেত্ৰত থকা চৰকাৰী ‘লাইচেঞ্চ’ প্রথাৰ বিলুপ্তি সাধন আৰু নতুন উদ্যোগ স্থাপনৰ পথ সুচল কৰাই উদাৰীকৰণৰ মূল লক্ষ্য।    আধুনিক সমাজৰ বৈশিষ্ট্যৰ ভিতৰত শ্রেণী ব্যৱস্থা অন্যতম। সামাজিক শ্রেণী ব্যৱস্থা হৈছে মুক্ত স্তৰীকৰণ ব্যৱস্থাৰ প্রশস্ত উদাহৰণ। অর্থনীতিৰ ভিত্তিত মানুহক উচ্চ নিম্নভাগত বিভক্ত কৰাৰ অন্যতম উদাহৰণ হৈছে শ্রেণী ব্যৱস্থা । কার্লমার্ক্সৰ মতে, “মানৱ জাতিৰ ইতিহাস মানেই শ্রেণী সংগ্ৰামৰ ইতিহাস।” অর্থাৎ শ্রেণী ব্যৱস্থাৰ কথা বাদ দিলে মানৱ জাতিৰ ইতিহাসৰ কোনো অর্থই নাথাকিব। আন্তঃক্রিয়াবাহী, শ্রেণী সচেতনতা, গতিশীলতা, ক্ষণস্থায়ী, উচ্চ-নীচ ভাৱ, জন্মৰ ওপৰত কম গুৰুত্ব, সম্বন্ধৰ সীমাবদ্ধতা, উপসংস্কৃতি আৰু যুক্তিসংগত ভিত্তি আদি বৈশিষ্ট্য শ্রেণী ব্যৱস্থাত পৰিলক্ষিত হয়। শ্রেণী ব্যৱস্থাত কোনো এটা শ্ৰেণীত প্রতিষ্ঠিত হোৱাৰ মূল ভিত্তি হ’ল ব্যক্তিৰ দক্ষতা। সমাজৰ শ্ৰেণী ব্যৱস্থাৰ ফলত সামাজিক সংৰচনা পদ্ধতিৰো পৰিবর্তন হয়। Class12 Sociology NCERT Assamese

Audio File- Introduction

প্রশ্নোত্তৰ

১) গঞা ৰাইজৰ মূল জীৱিকা কি?  

উত্তৰঃ  গঞা ৰাইজৰ মূল জীৱিকা হ’ল কৃষি।  

২) পাম খেতি উৎপাদন বৃদ্ধিৰ বাবে কিহৰ প্রয়োজন?

উত্তৰঃ পাম খেতি উৎপাদন বৃদ্ধিৰ বাবে ভূমি-সংস্কাৰ, নতুন প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ, উন্নত বীজ আদিৰ প্রয়োজন।  

৩) সেউজ বিপ্লৱ কি? 

উত্তৰঃ কৃষি ক্ষেত্ৰত উন্নত বীজ-প্রযুক্তিবিদ্যাৰ, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি অত্যাধিক উৎপাদনৰ ক্ষেত্ৰত সামগ্রিকভাৱে যি বিপ্লৱৰ সূচনা কৰে, তাকে সেউজ বিপ্লৱ বুলি জনা যায়।   

৪) অর্থনৈতিক উন্নয়ন কি? 

উত্তৰঃ সামগ্ৰিকভাৱে সমাজৰ ব্যক্তিসকলৰ যেতিয়া জীৱন ধাৰণৰ মান, সকলো উপায় উন্নত হয় আৰু উচ্চ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলো পর্যাপ্ত হোৱা অৱস্থাটোকে অর্থনৈতিক উন্নয়ন বোলে।   

৫) ভূমি-সংস্কাৰ সাধনৰ দুটা কাৰণ লিখা।

উত্তৰঃ ভূমি-সংস্কাৰ সাধনৰ দুটা কাৰণ হ’ল—

ক) কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি কৰা

খ) কৃষকক শোষণ কৰা নীতি বন্ধ কৰাৰ বাবে মধ্যভূমি শ্রেণীটোৰ অৱসান ঘটোৱাব পাৰে  

৬) ভাৰতত জমীদাৰী প্ৰথা কেতিয়া বিলোপ কৰা হয়?

উত্তৰঃ ১৯৫৫ চনত ভাৰতত জমিদাৰী প্রথা বিলোপ হৈছিল।   

৬) স্বাধীনতাৰ পিছত আৰম্ভ কৰা ভূমি সংস্কাৰৰ বাবে আইনত থকা যিকোনো দুটা নীতি উল্লেখ কৰা।

উত্তৰঃ স্বাধীনতাৰ পিছত আৰম্ভ কৰা ভূমি সংস্কাৰৰ বাবে আইনত থকা দুটা নীতি তলত উল্লেখ কৰা হ’ল

ক) জমিদাৰী প্ৰথাৰ বিলুপ্তি

খ) চিলিং আইনৰ জৰিয়তে ভূমি অধিগ্রহণ।  

৭) চুক্তিবদ্ধ কৃষিকর্ম কি? 

উত্তৰঃ প্রাক-স্বাধীন কালত ব্ৰিটিছসকলে জমিদাৰ বা ভূ-পতিসকলক নির্দিষ্ট সময়ৰ বাবে কৃষিকার্য কৰিবৰ বাবে যি বন্দবস্তি বা চুক্তিবদ্ধ হয়, তাকে চুক্তিবদ্ধ কৃষিকর্ম বোলে।   

৮) বহিঃউৎসৰ সেৱা মানে কি?

উত্তৰ : বহিঃউৎসৰ সেৱা মানে কোনো কাম নিজৰ কোম্পানীত নকৰি কম খৰছত বাহিৰত সৰু কোম্পানীৰ দ্বাৰা কৰিবলৈ দি উৎপাদন বৃদ্ধি কৰা পদ্ধতিকে বহিঃউৎসৰ সেৱা বুলি কোৱা হয়।   

৯) শ্রমিক সংঘ কি ? 

উত্তৰ: শ্ৰমিকসকলৰ নিজৰ স্বাৰ্থৰ সুৰক্ষার্থে শ্ৰমিকসকলৰ দ্বাৰা যি সংগঠন সংগঠিত হয়, তাকে শ্রমিক সংঘ বোলে।   

১০) বন্ধা শ্রমিক বুলিলে কি বুজা?

উত্তৰঃ ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত বহু নিম্ন শ্ৰেণীৰ ভূমিহীন লোকসকলে তেওঁলোকৰ অভাৱৰ কাৰণে অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সহায়ৰ বাবে মাটিৰ মালিক শ্ৰেণীৰ ওপৰত সম্পূর্ণ নির্ভৰশীল আছিল। তেনে জাতিৰ লোকসকলে বংশানুক্রমিকভাৱে মাটিৰ মালিকৰ ঘৰত বছৰ বছৰ ধৰি কাম কৰিছিল। ইয়াকে বন্ধা শ্রমিক বুলি কোৱা হয়।  

১১) তলাবন্ধ আৰু ধর্মঘটৰ মাজৰ পার্থক্য লিখা।

উত্তৰ: তলাবন্ধ কাৰ্যসূচীত পৰিচালকসকলে কর্মস্থানৰ গেট বন্ধ কৰি কৰ্মচাৰীসকলক বাধা প্রদান কৰে। আনহাতে ধর্মঘটত কৰ্মচাৰীসকল কর্মস্থলীলৈ নাযায়।    Class12 Sociology NCERT Assamese

১২) ক্ষুদ্র উদ্যোগ বুলিলে কি বুজা? 

উত্তৰ: ক্ষুদ্র উদ্যোগ হ’ল গ্রাম্য সমাজৰ আর্থিক উন্নয়নৰ এক আহিলা স্বৰূপ। গ্রাম্য সমাজৰ লোকসকলে নিজা উৎপাদিত সামগ্ৰীৰ দ্বাৰা অত্যাধিক উৎপাদনৰ লক্ষ্য আগত ৰাখি নিজাববীয়াকৈ যি উদ্যোগ স্থাপন কৰে, তেনে উদ্যোগকে ক্ষুদ্র উদ্যোগ বোলে। বর্তমান সময়ত গ্রাম্য সমাজৰ ক্ষুদ্র উদ্যোগবোৰৰ পতন ঘটিব।   

১৩) উৎপাদনৰ আহিলা তিনিবিধৰ নাম লিখা ।

উত্তৰ: উৎপাদনৰ আহিলা তিনিবিধৰ নাম হ’ল– মাটি, মূলধন আৰু শ্রম।  

১৪) উদাৰীকৰণ নীতি ভাৰতত কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ  ১৯৮০ চনৰ পৰা উদাৰীকৰণ নীতি ভাৰতত আৰম্ভ হয়।  

১৫) সেউজ বিপ্লৱৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ পৰিকল্পনা আৰু প্রযুক্তিবিদ্যা সেউজ বিপ্লৱৰ মূল বৈশিষ্ট্য।  

১৬) ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ বাটকটীয়া কোন আছিল?

উত্তৰঃ নৰ্মেন ই বৰলাং   

Class12 Sociology NCERT Assamese

১৭) কোনে কেতিয়া ভুদান আন্দোলন আৰম্ভ কৰে? 

উত্তৰঃ বিনোৱা ভাৱেই ১৯৫১ চনত ভূ-দান আন্দোলন আৰম্ভ কৰে।   

১৮) গ্রামাঞ্চলৰ কৃষিৰ আনুষংগিক দুটা বৃত্তিৰ নাম লিখা।

উত্তৰঃ কৃষিৰ আনুষংগিক বৃত্তি দুটা হ’ল

ক) পশুপালন বা হাঁহ কুকুৰা পালন

খ) কুটীৰ শিল্প  

১৯) অর্থনৈতিক উন্নয়নৰ দুটা ফলাফল লিখা ।

উত্তৰ: অর্থনৈতিক উন্নয়নৰ দুটা ফলাফল হল—

ক) জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হয়।

খ) দৰিদ্র সীমাৰেখাৰ তলৰ মানুহৰ সংখ্যা হ্রাস পায়  

২০) সেউজ বিপ্লৱৰ দুটা দোষ উল্লেখ কৰা।

উত্তৰ: সেউজ বিপ্লৱৰ দুটা দোষ হ’ল— 

ক) উন্নত কাৰিকৰী বিজ্ঞানৰ সুবিধাৰবোৰ সাধাৰণ দুখীয়া খেতিয়ক বা কৃষি শ্রমিকে ভোগ কৰিব নোৱাৰে। কাৰণ সেইবোৰত খৰচ কৰাৰ সক্ষমতা নাই।  

খ) সেউজ বিপ্লৱে কৃষকৰ মাজত বিভাজন অনাৰ উপৰি আর্থিক বৈষম্য আনে, কাৰণ ধনী কৃষক ক্রমে ধনী হৈ গৈ থাকে আৰু দুখীয়া কৃষকসকল দুখীয়া হৈ গৈ থাকে।   

২১) সেউজ বিপ্লৱৰ দুটা গুণ বা সুফল লিখা।   

উত্তৰ: সেউজ বিপ্লৱৰ দুটা গুণ বা সুফল হল-  

ক) নতুন প্রযুক্তিবিদ্যাৰে ধনী কৃষকসকলে নিজৰ মাটিত চৰকাৰী সাহাৰ্য্যত নতুন প্রজাতিৰ বীজ, সাৰ ব্যৱহাৰ কৰি অভূতপূর্ব সাফল্য লাভ কৰিব পাৰিছিল। 

খ) জলসিঞ্চন ব্যৱস্থাৰ আৱশ্যক মতে খেতিত পানী দি কৃষি উৎপাদন যথেষ্ট বৃদ্ধি কৰিব পৰা গৈছিল।

২২) কোনটো শব্দৰ পৰা “ৰায়তৱাৰী’ শব্দটো সৃষ্টি হৈছে আৰু ৰায়তৱাৰী ব্যৱস্থা কি?  

উত্তৰঃ ৰায়ত শব্দ তেলেগু ভাষাৰ পৰা আহিছে। তেলেগু ভাষাত ৰায়ত মানে কৃষকক বুজায়। ৰায়ত শব্দৰ পৰা ৰায়তৱাৰী পদ্ধতি সৃষ্টি হৈছে।    ১৮৫৫ খ্রীষ্টাব্দৰ ৰায়তৱাৰী ব্যৱস্থা প্রচলন আছিল। এই ব্যৱস্থা মতে ৰায়তসকলে অর্থাৎ ভূ-খণ্ডৰ জনসাধাৰণ চৰকাৰক ত্রিশ বছৰৰ বাবে নির্ধাৰিত খাজনা বা ভূমি কৰ আদায় দিব লাগিছিল। এই ব্যৱস্থাত চৰকাৰ আৰু ৰাইজৰ প্রত্যক্ষ যোগাযোগ আছিল। উৎপাদকৰ হাততেই ভূমি মালিকীস্বত্ব থাকে আৰু ভূমিৰ খাজনা তেওঁলোকে নিজেই চৰকাৰক দিয়ে। সময়ে সময়ে নির্দিষ্ট খাজনা দি ভূমি ৰক্ষণাবেক্ষণত সচেষ্ট থাকে।   

২৩) ভূমি সংস্কাৰৰ তিনিখন আইনৰ নাম লিখা।  

উত্তৰ: ভূমি সংস্কাৰৰ তিনিখন আইন হ’ল—

ক) জমিদাৰী প্রথা উচ্ছেদ সাধন আইন

খ) ৰায়তীস্বত্ব আইন আৰু বিনিময় আইন

গ) মাটিৰ পৰিমাণৰ উচ্চতম সীমা নির্ধাৰণ আইন  

২৪) জমিদাৰী পদ্ধতি কি? 

উত্তৰ: স্বাধীনতাৰ আগতে ভাৰতৰ কৃষি পদ্ধতিত জমিদাৰী পদ্ধতিৰ প্ৰচলন আছিল। মুঠ কৃষি ভূমিৰ প্রায় চাৰিভাগৰ এক ভাগ মাটি জমিদাৰসকলৰ হাতত আছিল। এই ব্যৱস্থা ইষ্ট-ইণ্ডিয়া-কোম্পানীৰ গৱনৰ লর্ড কর্ণৱালিছে ১৭৭৩ চনত প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থাত জমিদাৰীসকল মাটিৰ মালিক আছিল। কিন্তু তেওঁলোকে মাটি ব্যৱহাৰ নকৰিছিল। তেওঁলোকে খেতিয়কসকলৰ পৰা খেতি কৰিবলৈ দিব পাৰিছিল। তেওঁলোকে খেতিয়কসকলৰ পৰা খেতি কৰাৰ বাবে খাজনা আদায় কৰিছিল। এই খাজনাৰ এটা নির্ধাৰিত পৰিমাণ চৰকাৰক নিয়মীয়াকৈ পৰিশোধ কৰিব লাগিছিল। এনে ধৰেণ কৃষি কৰা পদ্ধতিকে জমিদাৰী পদ্ধতি বোলে। এই ব্যৱস্থা বৰ জনপ্রিয় আছিল। বিশেষকৈ বংগদেশ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, মাদ্রাজ আদি প্ৰদেশত।  

২৫) বিশ্বায়ন বা গোলকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ বিশ্বায়ন বা গোলকীকৰণ এনে এক পদ্ধতি, যাৰ দ্বাৰা এখন দেশৰ অৰ্থনীতিৰ লগত আন এখন দেশৰ অর্থনীতিৰ সংহতি স্থাপন কৰি এখন দেশে আন এখন দেশে আন দেশবোৰৰ লগত অবাধ গতিৰে সামগ্রী, সেৱা, মুলধন আৰু শ্রম বিনিময় কৰা ব্যৱস্থাকে বিশ্বায়ন বা গোলকীকৰণ বুলি কোৱা হয়। The Blackwell Dictionary of Sociology ৰ মতে “গোলকীকৰণ হ’ল এনে এক প্রক্রিয়া যত কোনো এখন সমাজৰ সামাজিক জীৱন ক্রমান্বয়ে বিশ্বৰ ৰাজনৈতিক, বাণিজ্যিক, সাংস্কৃতিক, সাজপাৰ আৰু প্ৰচাৰ মাধ্যমৰ দ্বাৰা প্রভাৱাম্বিত হৈ পৰিছে।”   

২৬) উদাৰীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ উদাৰীকৰণ হ’ল চৰকাৰে উদ্যোগ ব্যৱস্থাত গ্রহণ কৰা উদাৰনীতি। দেশৰ আর্থিক ব্যৱস্থা বিভিন্ন চৰকাৰী নিয়ন্ত্রণ আৰু বাধা-নিষেধৰ পৰা মুক্ত কৰা। উদ্যোগ বা বাণিজ্যিক ব্যৱস্থাত থকা অপ্রয়োজনীয় বাধা নিষেধবোৰ উঠাই  বা উচ্ছেদ কৰা হয়, যাতে দেশৰ অৰ্থনীতিত মুক্ত আৰু বেছি প্রতিদ্বন্দ্বিতা আৰু প্রগতিশীল হ’ব পাৰে তাকেই উদাৰীকৰণ বোলে।  

২৭) গোলকীকৰণৰ দুটা সামাজিক প্রভাৱ লিখা।

উত্তৰ: গোলকীকৰণৰ দুটা সামাজিক প্রভাৱ হ’ল—

ক) পিন্ধন-উৰণ আৰু সাজপাৰৰ ফেশ্বনৰ ওপৰত পৰা প্ৰভাৱ ।

খ) সমাজৰ খাদ্যাভাসৰ পৰিবর্তন।  

Class12 Sociology NCERT Assamese

২৮) ভাৰশূন্য অর্থনীতি মানে কি? 

উত্তৰঃ  বর্তমান ভাৰশূন্য হ’ল এনে এক সামগ্ৰীৰ ওপৰত প্রতিষ্ঠিত যি কেৱল খা-খবৰৰ ওপৰত ভিত্তি কৰি যেনে— কম্পিউটাৰ, চফটৱেৰ, মাধ্যম আৰু আপ্যায়ন সামগ্রী, ফেচবুক আৰু ইণ্টাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হৈ চলে। এনে অর্থনীতিকে ভাৰশূন্য অর্থনীতি বা জ্ঞান অর্থনীতি বোলে।   

২৯) ভাৰতীয় গ্রাম্য সমাজ কেইপ্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ ভাৰতীয় গ্রাম্য সমাজ তিনিপ্ৰকাৰৰ

ক) জমিদাৰী গাঁও

খ) ৰায়তোৱাৰী গাঁও।

গ) সমবায়ভিত্তিক গাঁও  

৩০) ভূমি বিষয়ক সংৰচনা কি? 

উত্তৰ : ভূমি বিষয়ক সংৰচনা শব্দটো মাটিৰ মালিকসকলৰ সংৰচনাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মাটিৰ । এই শ্রেণীৰ সংগঠনটোকে ভূমি বিষয়ক সংৰচনা বুলি জনা যায়।     

৩১) উদাৰীকৰণৰ প্ৰধান নীতিবোৰ কি কি?

উত্তৰঃ উদাৰীকৰণৰ প্রধান নীতিবোৰ হ’ল—

ক) ১৯৫৬ চনৰ উদ্যোগিক নীতিয়ে উদ্যোগৰ সামগ্ৰিক ৰাষ্ট্ৰীয়কৰণৰ নীতি প্রত্যাহাৰ কৰে।

খ) ১৯৭৭ চনত ক্ষুদ্র উদ্যোগ স্থাপন আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়ে।

গ) ১৯৮০ চনৰ উদ্যোগ নীতিয়ে আঞ্চলিক বৈষম্য দূৰ কৰি নিয়োগৰ অধিক সা-সুবিধা প্রদান কৰে।

ঘ) ১৯৮৫ চনৰ উদ্যোগ নীতিয়ে আমদানি শিথিল কৰণ, Fera ৰ একচেতিয়া ব্যৱসায়, Nrtp ৰ প্রয়োজনীয় সংশোধন আদি গ্রহণ। 

ঙ) ১৯৯০ চনৰ নতুন উদ্যোগ নীতিয়ে উন্নত ৭৫ কোটি টকালৈ স্থিৰ মূলধনত বিনিয়োগ কৰা নতুন উদ্যোগৰ ক্ষেত্ৰত Licence বা অনুজ্ঞাপত্ৰৰ প্রয়োজনীয়তা বুলি দিয়া হয়।   

৩২)স্বাধীনতাৰ পাছত ভাৰতত কি কি ভূমি সংস্কাৰ কৰা হৈছে লিখা।

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীনতাৰ পিছৰ ভূমি-সংস্কাৰবোৰ হ’ল—

ক) লর্ড কর্ণৱালিছে প্ৰৱৰ্তন কৰা জমিদাৰী প্ৰথা ১৯৫৫ চনত ভাৰত চৰকাৰে উচ্ছেদ কৰিছিল।

খ) ভাৰত চৰকাৰে ব্যক্তিৰ অসীম পৰিমাণৰ মাটিৰ মালিকীস্বত্বৰ উচ্চতম সীমা ১৯৭৩ চনত বান্ধি দিয়ে।

গ) ব্যক্তিৰ ভূমিৰ মালিকীস্বত্ব থকা মাটিৰ পৰিমাণ একত্ৰীকৰণ কৰা হৈছে।

ঘ) স্বাধীনতাৰ পাছত ৰায়ত প্রথাৰ সংস্কাৰ সাধন কৰা হৈছে।

ঙ) মাটিৰ পৰিমাণ নতুন নথিপত্ৰ কৰা হৈছে আৰু সমবায় পদ্ধতি কৃষি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে।  

৩৩) বিশ্বায়ন বা গোলকীকৰণৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বিশ্বায়ন বা গোলকীকৰণৰ চাৰিটা বৈশিষ্ট্য হৈছে—

ক) গোলকীয়কৰণ  এটা সম্পূর্ণ নতুন ধাৰণা নহয়

খ) বিশ্বায়ন বা গোলকীকৰণে উৎপাদনৰ গোলকীকৰণকো বুজায়।

গ) ৰপ্তানিৰ ওপৰত গুৰুত্ব প্রদান।

খ) দেশীয় অর্থনীতিয়ে গোলকীয় অর্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে ।

ঙ) কিছুমান সীমাবদ্ধতাৰ মাজতহে গোলকীকৰণ হয়।    

৩৪) জমিদাৰী প্ৰথাৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ জমিদাৰী প্ৰথাৰ বৈশিষ্ট্য চাৰিটা হল—

ক) জমিদাৰী প্ৰথা মতে, জমিদাৰসকল মাটিৰ মালিক আছিল।

খ) জমিদাৰসকলে উপান্ত কৃষক বা ভূমিহীন কৃষকক খেতি কৰিবলৈ মাটি দিছিল

গ) ভূমিহীন কৃষকসকলে মাটিত খেতি কৰাৰ বাবদ কৰ দিব লাগিছিল।

ঘ) জমিদাৰসকলে কৃষিভূমি ব্যৱহাৰৰ বাবে কৰ দিব লাগিছিল।  

Class12 Sociology NCERT Assamese

৩৫) সেউজ বিপ্লৱৰ ধনী কৃষকসকলে কেনেকৈ বেছি সুবিধা লাভ কৰিছিল?

উত্তৰ: সেউজ বিপ্লৱ সূচনা হোৱা অঞ্চলবোৰত প্ৰধানকৈ মধ্যম আৰু বৃহৎ উৎপাদনৰকাৰী কৃষকসকলে সেউজ বিপ্লৱত অংশ গ্রহণ কৰি নতুন প্রযুক্তিবিদ্যা আৰু বৈজ্ঞানিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰি বিশেষভাৱে সফলতা লাভ কৰে। মুঠতে চৰকাৰৰ সকলো সা-সুবিধা লৈ নিজৰ মাটি, মূলধন, নতুন প্রযুক্তিবিদ্যা, নতুন প্রজাতিৰ বীজ আৰু আধুনিক সাৰ ব্যৱহাৰ কৰি শোচনীয় হৈ পৰিছিল। সমাজত ধনীসকল ক্রমে ধনী হৈ গৈছিল আৰু দুখীয়াসকল দুখীয়া হৈ গৈছিল। ধনীসকলে নিজৰ মূলধন আৰু ক্ষমতাৰ বলত বিভিন্ন সুবিধা গ্রহণ কৰিছিল।     

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৩৬) ভাৰতৰ স্বাধীনতাৰ প্ৰথম বছৰবোৰত উদ্যোগিকৰণৰ অৱস্থা ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতৰ আধুনিক উদ্যোগ আছিল কপাহ। মৰাপাট, কয়লাখনি আৰু  ৰেলগাড়ী উদ্যোগ। সেই সময়ত প্ৰতিৰক্ষা, পৰিবহণ, যোগাযোগ, বিদ্যুৎশক্তি, খনিজ সম্পদ ব্যক্তিগত খণ্ডৰ আছিল। স্বাধীনতাৰ পাছতে মিশ্রিত অর্থনীতিৰ উদ্যোগ ব্যক্তিগত খণ্ডত ৰখা হৈছিল। সেই সময়ত চৰকাৰে উদ্যোগ প্রতিষ্ঠাৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছিল। তেনে উদ্যোগবোৰ ভাৰতৰ সকলো ঠাইতে বিয়পি পৰিছিল। স্বাধীনতাৰ পূর্বে উদ্যোগবোৰ সাধাৰণতে আগশাৰীৰ নগৰবোৰতহে প্রতিষ্ঠা কৰিছিল। যেনে— মাদ্ৰাছ, মুম্বাই, কলিকতা আদি। অৱশ্যে পাছত বৰদা, বাংগালোৰ, পুনে, ফৰিদাবাদ, ৰাজকোট আদিতো প্রতিষ্ঠা হৈছে। পাছত চৰকাৰে ক্ষুদ্র উদ্যোগৰ ক্ষেত্ৰতো কিছু উদ্যোগ লৈছিল আৰু উৎসাহ উদ্দীপনা যোগাইছিল। এই ক্ষেত্ৰত বনজ সামগ্রী, ষ্টেচনাৰী সামগ্রী, গ্লাছ। আদি উৎপাদন কৰিছিল। অৱশ্যে ১৯৯১ চনৰ পৰা ২৪ শতাংশ কর্মশক্তি বৃহৎ উদ্যোগত আৰু ৭২ শতাংশ ক্ষুদ্র উদ্যোগত খটুৱা হৈছিল। এনে ধৰণেই পর্যায়ক্রমে ভাৰতত স্বাধীনতাৰ পাছত উদ্যোগীকৰণৰ ক্ৰমবিকাশ হৈছিল।   

৩৭) গোলকীকৰণ আৰু উদাৰীকৰণৰ ফলত ভাৰতীয় উদ্যোগসমূহলৈ অহা পৰিবৰ্তনবোৰ কি কি?

উত্তৰঃ গোলকীকৰণ আৰু উদাৰীকৰণৰ ফলত ভাৰতীয় উদ্যোগসমূহলৈ অহা পৰিবর্তনবোৰ হ’ল– 

ক) ভাৰত চৰকাৰে ১৯৮০ চনৰ পৰা উদাৰীকৰণ নীতি গ্রহণ কৰে। সেই কাৰণে ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰ আৰু বিদেশী অনুষ্ঠানবোৰক চৰকাৰৰ কাৰণে বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছিল আৰু গোলকীকৰণৰ ফলত উদ্যোদসমূহলৈ যথেষ্ট পৰিবৰ্তন আহিল।  Class12 Sociology NCERT Assamese

খ) গোলকীকৰণ আৰু উদাৰীকৰণৰ কাৰণেই বহুতো ভাৰতীয় কোম্পানী বহুজাতিক কোম্পানীলৈ পৰিবর্তন হৈছিল।

গ) চৰকাৰে অধিবিনিয়োগ পদ্ধতিৰে চৰকাৰী খণ্ডৰ বহুতো বিত্ত অংশ বিক্রি কৰাৰ চেষ্টা কৰাৰ ভয়ত এনে নাৰ বিৰোধীতা কৰে। প্রথম পাঁচ বছৰত মডান ফুড কোম্পানীয়ে ৬০ শতাংশ চাকৰি ব্যক্তিগতকৰণ কৰিছিল। এনে পৰিবর্তন গোলকীকৰণৰে প্ৰভাৱ।

গ) বিশ্বজোৰা উদাৰীকৰণ পদ্ধতিৰে বহুতো কোম্পানীয়ে ক্রমে স্থায়ী চাকৰিয়ালক বাধ্যতামূলক অৱসৰ দি, বহিঃউৎসৰ পৰা সেৱা কিনাৰ ব্যৱস্থা কৰে। ইয়াৰ ফলতে ডাঙৰ কোম্পানীবোৰত চাকৰিৰ নিৰাপত্তা কমিবলৈ ধৰে আৰু তাৰ ফলত উদ্যোগসমূহত পৰিবর্তন হোৱা দেখা গৈছে।   

৩৮) খনি শ্ৰমিকসকলে সন্মুখীন হোৱা বিপদ আৰু বিপদশংকাবোৰ কি কি? 

উত্তৰঃ ভাৰতবৰ্ষৰ মাটিৰ তলৰ বিভিন্ন খনিজ সম্পদৰ উদ্ঘাটনৰ বাবে চৰকাৰে কাম-কাজ নিয়ন্ত্ৰণৰ বহুতো আইন প্রণয়ন কৰিছে যদিও কয়লাখনিত কাম কৰা প্রায় ৬ লাখ শ্রমিকে বৰ বিপদশংকুল অৱস্থাত বহু ঘণ্টা ধৰি মাটিৰ তলত কাম কৰিব লাগে। খনিৰ কামক বিপদজনক কাম হিচাপে গণ্য কৰা হয়। খনি কাম কৰি থাকোতে যিকোনো বিপদৰে সম্ভাৱনা অধিক। খনিত কৰ্মৰত অৱস্থাত ভূমিস্খলন হৈ বহু শ্রমিক আৱদ্ধ হোৱা বা মৃত্যু হোৱা ঘটনাও সংঘটিত হয়। কেতিয়াবা আকৌ খনিত নির্গত হয় বিষাক্ত গেছ বা পানী। খনিৰ ভিতৰত কৃত্রিম পোহৰৰ ব্যৱস্থা কৰে যদিও কেতিয়াবা হোৱা বিদ্যুৎ সৰবৰাহৰ বিজুতি বা পোহৰৰ অভাৱতো শ্ৰমিকসকল বিপদত পৰিব পাৰে। বিশুদ্ধ বতাহৰ অভাৱতে খনিৰ কৰ্মীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। মুঠতে খনিত শ্ৰমিকসকলে বহু বিপদশংকুল অৱস্থাত কাম কৰিব লাগে।   

৩৯) শ্ৰমিকৰ ওপৰত উদ্যোগীকৰণৰ নেতিবাচক প্রভাৱ কি? 

উত্তৰঃ  উদ্যোগীক সমাজবোৰত সাধাৰণতে নেতিবাচক প্রভাৱ পৰাটো স্বাভাৱিক আছিল। বৃটিছ শাসন কালৰে পৰা উদ্যোগসমূহৰ শ্ৰমিকসকলক শোষণ কৰা হৈছিল। কম মজুৰীত হাড় ভগা শ্রম দান কৰিব লগা হৈছিল। ঠিকাদাৰসকলেহে শ্রমিকক কামত খটুৱাইছিল। শ্ৰমিকসকল কোনো অঞ্চল বা ৰাজ্যৰ পৰা কোনো বিশেষ সম্প্রদায়ৰ পৰাহে আহিছিল। বর্তমান পৰিচালনা ব্যৱস্থা নাইবা ইউনিয়ন আদিয়েহে তেওঁলোকৰ নিজৰ দল বা সম্প্রদায়ৰ একক নিযুক্ত কৰে। উদ্যোগসমূহৰ শ্ৰমিকসকলক ঠিকাদাৰসকলে কোনো ৰাজ্যৰ কোনো অঞ্চলত গাঁৱত গৈ কামৰ খবৰ দি কাম বিচৰাসকলক ঠিকাদাৰসকলে ধন ঋণ হিচাপে আগতীয়াকৈ পৰিবহনৰ বাবে অগ্রীম দিব লাগে। এই ঋণ শেষ নোহোৱালৈকে চুক্তি হিচাপে কাম কৰিব লাগে। অর্থাৎ বন্ধা খাটিব লাগে। ইয়াৰ জৰিয়তে শ্ৰমিকসকলক শোষণ কৰাৰ বাবে শ্ৰমিকসকলৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে।  

৪০) ক্ষুদ্র উদ্যোগক চৰকাৰে কিদৰে উৎসাহিত কৰিছে? 

উত্তৰঃ বিভিন্ন সময়ত ক্ষুদ্র উদ্যোগবোৰক চৰকাৰে কম সুতত আৰু সহজে ঋণ পৰিশোধ কৰিব পৰা কাৰে ঋণৰ ব্যৱস্থা কৰিছে, যাতে ক্ষুদ্র উদ্যোগবোৰে সমাজৰ উন্নয়ন সাধন কৰিব পাৰে। ক্ষুদ্র উদ্যোগবোৰত পাদন কৰা সামগ্ৰীসমূহ আৰু সেই উদ্যোগবোৰ কৰ বহির্ভুত অঞ্চলত ৰাখিছিল। এনেধৰণেই চৰকাৰে ক্ষুদ্র উদ্যোগবোৰক কার্যক্ষম কৰি ৰাখিবৰ বাবে উদগনি জনায়। ক্ষুদ্র উদ্যোগসমূহক সৰু সৰু যন্ত্রপাতি কল-কাৰখানাৰ মেচিন আদি  চাবচিদি বা ৰেহাই মূল্যত কিনাৰ বাবে চৰকাৰী সাহাৰ্য্য দিয়াৰ নীতি-নিয়ম আছে। এই উদ্যোগবোৰত উৎপাদিত সামগ্রী বজাৰত বিক্রিৰ বাবে বেচা-কিনা বজাৰৰ সুবিধা কৰি দিয়াৰো ব্যৱস্থা কৰে।     Class12 Sociology NCERT Assamese

৪১) ভোগৰ সংস্কৃতি বুলিলে কি বুজা? 

উত্তৰ: সংস্কৃতি বুলিলে আমি সাধাৰণতে সাজ-পাছোক, গীত-মাত, নৃত্য, ৰীতি-নীতি, খাদ্যাভাস আদিকে বুজায়। যি কি নহওক সংস্কৃতি বুলিলে আমি গোটেই জীৱন-ধাৰণ ব্যৱস্থাকে বুজি পাওঁ। আধুনিক যুগৰ গোলকীকৰণ পদ্ধতিৰ প্ৰচলনত ভোগ সংস্কৃতিয়ে কেনে ভূমিকা পালন কৰিছে তাক নতুনকৈ বিকাশ লাভ কৰা নগৰ-চহৰবোৰত দেখা যায়। ১৯৭০ দশকলৈ নগৰ-চহৰবোৰ বিকাশ ঘটিছিল। বর্তমান এই নগৰ-চহৰত ভোগ সংস্কৃতিয়ে কলা কৃষ্টি, খাদ্যাভাস, ফেশ্বন, সাজপাৰ, গীত-মাত, পর্যটন আদিৰ পয়োভৰ দেখা যায়। গতিকে এনে ধৰণৰ সংস্কৃতিকে ভোগ সংস্কৃতি বুলি ক’ব পাৰি।     

৪২) উদ্যোগীকৰণে ভাৰতীয় সমাজত কেনেধৰণৰ পৰিবৰ্তন আনিছে লিখা। 

উত্তৰ: উদ্যোগীকৰণে ভাৰতীয় সমাজত এক আমূল পৰিবৰ্তন আনিছে, যাৰ ফলত ভাৰতীয় সমাজবোৰ ঔদ্যোগিক সমাজলৈ পৰিবৰ্তন কৰিলে। তলত ভাৰতীয় সমাজৰ পৰিবর্তনবোৰ উল্লেখ কৰা হ’ল—

ক) উদ্যোগীকৰণৰ ফলত ভাৰতৰ বিভিন্ন স্থানত বিভিন্ন উদ্যোগ প্রতিষ্ঠা হ’ল আৰু মানুহৰ শাৰীৰিক শ্রম লাঘৱ হ’ল। যন্ত্রপাতি ব্যৱহাৰৰ ফলত ভাৰতীয় লোকৰ কাৰিকৰী শিক্ষা আৰু জ্ঞান বৃদ্ধি হ’ল। স্বাস্থ্য ৰক্ষাৰ পৰা আৰম্ভ কৰি সকলো দিশতে মানুহে সুবিধা লাভ কৰিবলৈ ধৰিলে। উদ্যোগীকৰণৰ ফলত যাতায়াত আৰু যোগাযোগ, শিক্ষাৰ প্রসাৰ, মুদ্রণ যন্ত্ৰৰ ক্ৰমোন্নতি আদি বিকাশৰ ফলত বিভিন্ন দিশত পৰিবর্তন সাধন হৈছে। 

খ) উদ্যোগীকৰণৰ ফলত ভাৰতীয় সমাজত বহুতো নতুন বৃত্তিৰ সৃষ্টি হৈছে। এই বৃত্তিবোৰে বহুতো ব্যক্তিৰ নিয়োগৰ সুবিধা দিয়াৰ ফলত পৰম্পৰাগত অর্থনৈতিক ব্যৱস্থাৰ পৰিবর্তন ঘটিছে।

গ)উদ্যোগীকৰণে নিযুক্তিৰ ক্ষেত্ৰত পুৰুষে নাৰীক সম-অধিকাৰ দিয়াৰ লগতে নাৰী প্ৰস্থিতিও উন্নত কৰি তুলিছে। 

ঘ) উদ্যোগীকৰণে কৃষিভিত্তিক ভাৰতীয় সমাজৰ কৃষি ব্যৱস্থাৰো পৰিবৰ্তন আনিছে। কৃষিখণ্ডটো বর্তমান যন্ত্রপাতি, আধুনিক সা-সৰঞ্জাম, ৰাসায়নিক সাৰ, উন্নত বীজ, জলসিঞ্চন আদিৰ ব্যৱস্থা কৰি অধিক উৎপাদন কৰিবলৈ  সক্ষম হৈছে। উদ্যোগীকৰণৰ ফলত কেৱল কৃষি-অর্থনীতিৰ ভাৰতীয় সমাজ এক মিশ্র অর্থনীতিৰ সমাজলৈ পৰিবৰ্তিত হৈছে।

ঙ) উদ্যোগীকৰণৰ ফলত ভাৰতীয় সমাজত বহুতো কাৰিকৰী শিক্ষা-প্রতিষ্ঠান, বাণিজ্যিক কেন্দ্র, শিক্ষা প্রতিষ্ঠান, গৱেষণা কেন্দ্র আদি গঢ়ি উঠিছে। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ উন্নতি, শাসন ব্যবস্থা, সামাজিক নিয়ন্ত্রণ আদিও উদ্যোগীকৰণে যথেষ্ট সহায় কৰিছে।    মুঠৰ ওপৰত উদ্যোগীকৰণৰ ফলত ভাৰতীয় সমাজত অসীম পৰিবৰ্তন হৈছে। ইয়াৰ দ্বাৰা ভাৰতীয় সমাজক বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে।   

৪৩) ভাৰতৰ স্বাধীনতাৰ পিছত গ্রাম্য সমাজলৈ অহা পৰিবৰ্তনবোৰ কি কি? চমুকৈ আলোচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত বহুতো গ্রামাঞ্চলত সমন্ধৰ প্ৰকৃতিৰ পৰিবর্তন ঘটিল। বিশেষকৈ সেউজ বিপ্লৱ হোৱা ঠাইবোৰত এই সন্দৰ্ভত পৰিবর্তন দেখা গ’ল, সেইবোৰ হ’ল 

ক) কৃষিখণ্ডত অধিক পৰিমাণৰ কৃষি শ্রমিকৰ ব্যৱহাৰ কৃষি শস্যৰ অধিক উৎপাদন সম্ভৱ কৰি তুলিলে। 

খ) কৃষিৰ বিভিন্ন দিশত বিশেষকৈ কৃষি শ্রমিকৰ ক্ষেত্ৰত পাৰিশ্রমিক হিচাপে শস্যৰ সলনি নগদ ধন দিয়াৰ ব্যৱস্থা কৰা হ’ল। 

গ) মাটিৰ মালিক আৰু শ্ৰমিকৰ মাজত থকা “পৰম্পৰাগত চুক্তিনামা” বা “বংশানুক্রমিক সম্পর্ক” অর্থাৎ বংশগতভাৱে যিবোৰ শ্রমিক মাটিৰ মালিকসকলৰ ঘৰত শ্ৰম কৰি এটা সম্পর্ক গঢ়ি তুলিছিল, সেই সম্পর্কৰ বহু পৰিমাণে কমি গৈছিল।

ঘ) এক মুক্ত দিন হাজিৰা কৰা শ্ৰেণীৰ সৃষ্টি হৈছিল।  Class12 Sociology NCERT Assamese

ঙ) স্বাধীনতাৰ পাছত গ্রাম্য অঞ্চলত শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি পাইছিল। বহু নিৰক্ষৰ লোক স্বাক্ষৰ হৈছিল। সমাজৰ সকলো লোকেই শিক্ষা গ্রহণৰ সুবিধা পাইছিল। 

চ) শিক্ষাৰ প্ৰসাৰতাই স্বাধীনতাৰ পাছত নাৰী প্ৰস্থিতি উন্নতি হৈছিল।

ছ) স্বাধীনতাৰ পাছত উদ্যোগীকৰণ, নগৰীকৰণ আদিৰ ফলত সামাজিক সংৰচনালৈ পৰিবৰ্তন আহিছিল। স্বাধীনতাৰ পাছত ভাৰতীয় সমাজৰ সকলো দিশতে আমূল পৰিবৰ্তন হৈছিল।  

৪৪) উদ্যোগীকৰণৰ পৰিণতিসমূহ ব্যাখ্যা কৰা। 

বা

সামাজিক জীৱনত উদ্যোগীকৰণৰ প্ৰভাৱ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ  সামাজিক জীৱনত উদ্যোগীকৰণৰ প্ৰভাৱ অপৰিসীম৷ ইয়াৰ ফলত ভাৰতীয় সমাজ জীৱনত এক আমল পৰিবৰ্তন হৈছে। উদ্যোগীকৰণৰ ফলত ভাৰতীয় সমাজত যি পৰিবৰ্তনৰ সূচনা কৰিছিল তাৰ পৰিণতি বা ফলাফলসমূহ তলত দিয়া হ’ল— 

ক) উদ্যোগীকৰণৰ ফলত বহুসংখ্যক বনুৱা বা কর্মী উদ্যোগিক অঞ্চললৈ আহে। ফলত সেই অঞ্চলত নাৰীকৰণ আৰু নগৰবাসীৰ সংখ্যা বৃদ্ধি হয়। 

খ) উদ্যোগীক অঞ্চলটোৰ বর্ধিত জনসংখ্যাৰ বাবে বাসস্থান, পানীযোগান, যাতায়াতৰ উন্নতি, জনস্বাস্থ্য ৰক্ষা আদি দিশত বহুতো সমস্যাৰ সৃষ্টি হয়। এনে সমস্যাৰ বাবে মানুহৰ শাৰীৰিক আৰু মানসিক অবনতি ঘটিব পাৰে।

গ) উদ্যোগীকৰণৰ ফলত সামাজিক নিয়ন্ত্রণ দুর্বল হৈ পৰে। কাৰণ ঔদ্যোগিক অঞ্চললৈ অহা লোকসকল বিভিন্ন অঞ্চলৰ বিভিন্ন ভাষা-ভাষী, বিভিন্ন সংস্কৃতিৰ লোক। বিভিন্ন লোকৰ ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, ভাৱ-ভংগী বেলেগ বেলেগ। গতিকে তেনে সমাজৰ সামাজিক নিয়ন্ত্রণ ৰক্ষা কৰাটো কঠিন হৈ পৰে। 

ঘ) উদ্যোগীকৰণৰ ফলত সমাজত বিভিন্ন ধৰণৰ নতুন নতুন বৃত্তিৰ সৃষ্টি হয় আৰু সমাজত মানুহে নিজা নিজা ৰুচি আৰু অৰ্হতা অনুসৰি আত্ম নিয়োগ কৰাৰ সুবিধা পায়। 

ঙ) উদ্যোগীকৰণে ভাৰতীয় সমাজ ব্যৱস্থাত শ্ৰেণীৰ সৃষ্টি কৰে। উদ্যোগীকৰণে শ্ৰেণী ব্যৱস্থা অধিক জটিল আৰু ব্যাপক কৰি তোলে। 

চ) উদ্যোগীকৰণৰ ফলত বিভিন্ন ধৰণৰ মানুহে একেলগে বাস কৰিব লগা হোৱাত সমাজ বিৰোধী কাম-কাজ বৃদ্ধি পাইছে। ভাৰতীয় সমাজ উদ্যোগিকৰণৰ ফলত সমাজত অপৰাধ, কিশোৰ অপৰাধ, পৰিয়াল বিঘটন, বিবাহ বিচ্ছেদ আদি সামাজিক সমস্যাসমূহ বৃদ্ধি হৈছে।  Class12 Sociology NCERT Assamese

ছ) ঔদ্যোগিক সমাজত মানুহৰ মানৱীয়তা কমি যায়। মালিক আৰু শ্ৰমিকৰ সম্পৰ্ক আৰু সমাজত মানৱীয় মূল্যবোধৰো অৱনতি ঘটে। 

জ) উদ্যোগীকৰণৰ ফলত মানুহ ব্যক্তিকেন্দ্রিক আৰু স্বার্থপৰ হৈ পৰে। উৎপাদন কার্যত জড়িত হৈ যি উপার্জন কৰিব পাৰে, সেই উপার্জনেৰে নিজকে জীয়াই ৰখা, নিজে সুখ-স্বাচ্ছন্দ্য লাভ কৰা আৰু নিজৰ সামাজিক প্রস্থিতি বজাই ৰখাটোৱেই তেওঁলোকৰ জীৱনৰ প্ৰথম আৰু প্রধান কাম বুলি ভাৱে।

ঝ) উদ্যোগীকৰণে নাৰীৰ সামাজিক মর্যাদা উন্নত হোৱাত বৰঙণি যোগায়। ঔদ্যোগিক সমাজত নাৰীয়েই বিভিন্ন বৃত্তিত আত্ম নিয়োগ কৰিব পাৰে। ফলত উদ্যোগীকৰণে ভাৰতীয় সমাজৰ নাৰীৰ সামাজিক প্রস্থিতি উন্নত কৰিলে।   

উদ্যোগীকৰণৰ ফলত ওপৰত উল্লেখ কৰা দিশসমূহৰ বাহিৰেও আৰু  বহুতো আনুষংগিক প্ৰভাৱ সমাজত পৰা পৰিলক্ষিত হয়। উদ্যোগীকৰণৰ ফলাফল কেৱল উদ্যোগিক সমাজতে আৱদ্ধ নাথাকি অন্যান্য সমাজলৈকো বিয়পি পৰে। ইয়াৰ ফলত সমগ্র সমাজ ব্যৱস্থাতেই পৰিবৰ্তনৰ সূচনা হয়।     

৪৫) স্বাধীনতাৰ পাছত ভাৰতৰ কৃষি ব্যৱস্থাত ভূমি সংস্কাৰৰ প্ৰভাৱসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ স্বাধীনতাৰ পাছতহে ভাৰতত প্রকৃত ভূমি সংস্কাৰ আৰম্ভ হয়। প্রথম অৱস্থাত চৰকাৰে ভূমিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত কৃষকসকলক পৰিকল্পনাসমূহত ভূমিৰ অধিকাৰী পদ্ধতি আৰু কৃষকসকলৰ অৱস্থাৰ উন্নতিৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই ব্যৱস্থাসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—   

ক) জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধনঃ দেশত আৰু বিভিন্ন ৰাজ্যত নিজস্ব জনপ্রিয় চৰকাৰ গঠন হোৱাৰ লগে লগে জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধন কৰা হয়। ভাৰতবৰ্ষৰ কোটি কোটি কৃষকসকলে জমিদাৰী প্রথা বিলুপ্তি সাধন হোৱাত চৰকাৰৰ লগত প্রত্যক্ষ যোগাযোগ কৰিব পৰা হ’ল আৰু কৃষকসকলে অর্থনৈতিকভাৱে যথেষ্ট সকাহ পালে। বর্তমান কৃষকসকলে নির্ধাৰিত পৰিমাণৰ ৰাজহ পৰিশোধ কৰি মাটিৰ গৰাকী হৈ পৰে। 

খ) ভূমি ৰাজহ আৰু কৃষকসকলৰ ভূমিধাৰী অধিকাৰৰ ক্ষেত্ৰত পৰিবর্তনঃ জমিদাৰী পদ্ধতি বিলপ্ত হোৱাৰ লগে লগে কৃষকসকলে ভূমি ৰাজহ যথেষ্ট হ্ৰাস কৰি দিয়া হয় আৰু মাটিৰ মালিকীস্বত্ব কৃষকসকলে লাভ কৰিলে। ভূমি অধিকাৰ হৈছে ভূমি মালিকীস্বত্ব। এই অধিকাৰৰ ফলস্বৰূপে কৃষকসকলে মাটি বিক্রি কৰা ব্যৱস্থা দিয়া আৰু নিজৰ মাটিখিনিৰ উন্নতিৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।   

গ) মাটিৰ উচ্চতা পৰিমাণ নির্ণয়ঃ জমিদাৰী ব্যৱস্থা বন্ধ কৰি দিয়াৰ পিছত কৃষি ভূমিৰ ওপৰত চিলিং আৰোপ কৰা হয়। এই ব্যৱস্থা মতে, এজন ব্যক্তিয়ে এক নির্দিষ্ট পৰিমাণৰ মাটিৰহে গৰাকী হ’ব পাৰিব। ইয়াৰ ফলস্বৰূপে যিসকল  কৃষকৰ মাটি সম্পত্তি নাছিল তেওঁলোকেও মাটি লাভ কৰিলে। ইয়ে তেওঁলোকৰ আর্থিক অৱস্থাৰ উন্নতি আৰু কষি উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে।   

ঘ)মাটিৰ একত্ৰীকৰণঃ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কৃষকসকলৰ মাটিসমূহ অ’ত-ত’ত সিঁচৰিত হৈ থকাৰ পৰিবর্তে একে ঠাইতে লগ লগাই দিয়া হয়। বর্তমান কৃষকসকলে কৃষি কৰিবৰ বাবে তেওঁলােকৰ খেতিৰ মাটি বর্তমান একেটা অঞ্চলতে কেন্দ্রীভূত হৈ আছে। ই তেওঁলোকৰ অর্থনৈতিক অৱস্থাৰো উন্নতি সাধন কৰিলে।  

ঙ)ভূমিহীনসকলৰ ভূমি প্রদানঃ পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ আৰম্ভণিৰে পৰা ভূমিহীন কৃষকসকলক ভূমি যোগান ধৰিবৰ বাবে সকলো প্রচেষ্টা কৰা হৈছিল। চিলিং ব্যৱস্থাৰ প্রৱর্তনৰ লগে লগে মাটিৰ অতিৰিক্ত অংশ এই ভূমিহীন লোকসকলক প্রদান কৰা হ’ল।  Class12 Sociology NCERT Assamese

চ) সমবায়মূলক কৃষিঃ চৰকাৰৰ বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনা আৰু অন্যান্য কার্যসূচীসমূহেও কৃষিৰ উন্নতিৰ হকে সমবায়মূলক কৃষি অন্তর্গত কৰা হয়। ইয়াৰ বাবে বহুতো সমবায় স্থাপন কৰি দিয়া হ’ল আৰু লগতে কিছুমান আঁচনিও আৰম্ভ কৰা হ’ল। ইয়াৰ ফলত কৃষিভূমিত যন্ত্রৰ ব্যৱহাৰ হ’বলৈ ধৰিলে আৰু কৃষকসকলে উন্নত মানৰ উৎপাদন পাবলৈ সক্ষম হ’ল। 

ছ) ভূদান আন্দোলন আৰু অতিৰিক্ত ভূমি বিতৰণঃ ১৯৫১ চনত মহাত্মা গান্ধীৰ এজন শিষ্য বিনোৱা ভাৱেই ভূ-দান আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ উদ্দেশ্য আছিল অতিৰিক্ত মাটিসমূহ মানুহৰ পৰা দান হিচাপে ভূমিহীন লোকসকলৰ মাজত বিতৰণ কৰা । এনে ভূমিৰ বিতৰণ ব্যৱস্থাই ভূমি সংস্কাৰক এক গতি প্রদান কৰিলে।  

৪৭) ভাৰতীয় সমাজত অর্থনৈতিক পৰিবৰ্তনে কেনেদৰে শ্ৰেণী সংৰচনাত পৰিবৰ্তন আনিছে চমুকৈ লিখা। 

উত্তৰঃ ভাৰতীয় অর্থনীতি আছিল কৃষিভিত্তিক বা কৃষিকেন্দ্রিক। কৃষিকেন্দ্রিক সমাজত শ্রেণী ব্যৱস্থা অতি সৰল আছিল। এই সমাজত ভূমিপতি, ৰায়ত আৰু কৃষিভিত্তিক শ্রমিক আদি শ্রেণী আছিল। কিন্তু সেই সময়ত জাতি আৰু শ্রেণী ব্যৱস্থাৰ মাজত বিশেষ কোনো প্রভেদ নাছিল। ডাঙৰ ডাঙৰ জমিদাৰ বা ভূমিপতিসকল আছিল প্রায়েই উচ্চ জাতৰ লোক আৰু কৃষি শ্রমিক যিসকলে জমিদাৰসকলৰ ভূমিত শ্রমিক হিচাপে কাম কৰে, সেইসকল আছিল নিম্ন জাতৰ লোক। কিন্তু লাহে লাহে ভাৰতবৰ্ষৰ অর্থনীতিয়ে কৃষি অর্থনীতিৰ পৰা উদ্যোগিক অর্থনীতিলৈ গতি কৰিলে। উদ্যোগীকৰণৰ লগে লগে সমাজত বিভিন্ন নতুন নতুন শ্ৰেণীৰ সৃষ্টি হ’ল। এই নতুন শ্রেণীসমূহ হ’ল—   

ক) পুঁজিপতি, বাণিজ্যিক, বিত্তীয় আৰু উদ্যোগপতিসকল।

খ) উদ্যোগ, পৰিবহণ, খনি আদিত কাম কৰা শ্ৰমিকসকল।

গ) পুজিবাদী অর্থনীতিৰ লগত সাঙুৰ খাই থকা সৰু সৰু ব্যৱসায়ীসকল। 

ঘ) চাকৰিজীৱি শ্রেণী যেনে— উকীল, ডাক্তৰ, অধ্যাপক, সমাজসেৱী, মেনেজাৰ, কেৰাণী, বুদ্ধিজীৱী আৰু শিক্ষিত মধ্যম শ্রেণী।  

এইদৰেই ভাৰতত অর্থনৈতিক পৰিবৰ্তনৰ লগে লগে ভাৰতীয় সমাজৰ শ্ৰেণী সংৰচনাত পৰিবৰ্তন হ’বলৈ ধৰিলে। 

Leave a Comment

error: Warning, you aare not allowed to copy this element