Political Science Notes

১ নম্বৰৰ বাবে  

Political Science Notes

১৯৫২-১৯৬৭ চনৰ সময়ছোৱাত এক অর্থত কেন্দ্র আৰু ৰাজ্য উভয়তে কংগ্রেছ দলৰ প্রভূত্ব দেখা গৈছিল। অন্যান্য দল যেনে সমাজবাদী দল, ভাৰতীয় সাম্যবাদী দল, ভাৰতীয় জনসংঘ আদিয়ে সেই সময়ছোৱাত বিশেষ প্রভাৱশালী ভূমিকা গ্রহণ কৰিব পৰা নাছিল। ১৮৮৫ চনত এক প্রভাৱ গোষ্ঠী হিচাপে জন্মলাভ কৰা কংগ্রেছে পিছলৈ নিজকে গণ ৰাজনৈতিক দললৈ ৰূপান্তৰিত কৰাৰ সুবাদতে ভাৰতীয় ৰাজনীতিত প্রথম দুটা দশকত আধিপত্যতা চলোৱাৰ সুবিধা পাইছিল। Political Science Notes

১) শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

(ক) ১৯৫২ চনৰ প্রথম সাধাৰণ নিৰ্বাচনৰ সমান্তৰালভাৱে ভাৰতৰ ৰাষ্ট্রপতি নির্বাচন/ৰাজ্যিক বিধানসভা/ৰাজ্যসভা/প্রধানমন্ত্রী নির্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰ : ৰাজ্যিক বিধানসভা।  

(খ) প্রথম সাধাৰণ নিৰ্বাচনত লোকসভাত দ্বিতীয় সর্বাধিক আসন লাভ কৰিছিল- ভাৰতীয় সাম্যবাদী দলে/ভাৰতীয় জনতা দলে/ভাৰতীয় জন সংঘই। 

উত্তৰ: ভাৰতীয় সাম্যবাদী দলে।  

(গ) শ্রমিক শ্ৰেণীৰ স্বার্থ দেশীয় ৰাজ্যৰ নিৰাপত্তা/ৰাষ্ট্ৰীয় নিয়ন্ত্রণমুক্ত অর্থনীতি, স্বতন্ত্র দলৰ এটা আদর্শগত  নীতি আছিল।

উত্তৰ: ৰাষ্ট্ৰীয় নিয়ন্ত্রণমুক্ত অর্থনীতি।  

২)  একদলীয় আধিপত্য সম্পর্কত তলৰ কোনটো উক্তি শুদ্ধ / অশুদ্ধ বিচাৰ কৰা।

ক) শক্তিশালী বিকল্প দলৰ অনুপস্থিতিৰ একদলীয় আধিপত্যত উৎপত্তিৰ এটা কাৰণ আছিল। 

উত্তৰ : শুদ্ধ। 

খ) দুর্বল জনমত একদলীয় আধিপত্যৰ বাবে দায়ী আছিল। 

উত্তৰ: শুদ্ধ।   

(গ) একদলীয় আধিপত্য ভাৰতৰ উপনিৱেশিক বুৰঞ্জীৰ লগত সম্পর্কীত আছিল। Political Science Notes

উত্তৰ: অশুদ্ধ।

(ঘ) একদলীয় আধিপত্যই এখন দেশত গণতান্ত্রিক প্ৰমূল্যৰ অনুপস্থিতিক সূচায়।

উত্তৰ: শুদ্ধ।  

৩) ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা  

৪)  আন বহুতো দেশৰ নেতাই ভাৰতত কিয় গণতন্ত্র প্রতিষ্ঠা সম্ভৱ নহয় বুলি কৈছিল? 

উত্তৰঃ কাৰণ ভাৰত এখন বৈচিত্র্যতা আৰু বৈসাদৃশ্যতাৰে পূৰ্ণ দেশ আৰু ইয়াত বহুতো অশিক্ষিত আৰু দৰিদ্র লোক আছিল। ইয়াৰ উপৰি ই এখন বিশাল জনবহুল দেশ আৰু ইয়াত অনৈক্যৰ ভাৱ দেখা  গৈছিল। Political Science Notes  

৫) ভাৰতত নির্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ : ১৯৫০ চনত।   

৬)  ভাৰতৰ প্ৰথমজন মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল? 

উত্তৰ : সুকুমাৰ সেন।   

৭) নির্বাচন আয়োগে কি কাৰণে প্ৰথমখন ভোটাৰ তালিকা নাকচ কৰিছিল ?

উত্তৰঃ কাৰণ প্ৰথমখন ভোটাৰ তালিকাৰ পৰা প্রায় ৪০ লাখ মহিলাৰ নাম বাদ পৰিছিল।  

৮) EVM-ৰ সম্পূর্ণ নামটো লিখা।

উত্তৰঃ Electronic Voting Machine (ইলেক্ট্রনিক ভোটিং মেচিন)।  

৯) কোন চনত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হৈছিল ?

উত্তৰঃ ১৯৫২ চনত।

১০) চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে কিমানবাৰ সংখ্যাগৰিষ্ঠতা আসন লাভ কৰিছিল?

উত্তৰঃ তিনিবাৰ।

১১) ১৯৫২ চনৰ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভোট লাভ কৰিছিল ?

উত্তৰঃ ৪৫ শতাংশ।  

১২) কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৩৪ চনত।  

১৩) PRI-ৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ পি ই কেলছ।  

১৪) দুখন দেশৰ নাম লিখা যত সংবিধানে কেৱল একদলীয় ব্যৱস্থাহে প্ৰৱৰ্তন কৰিছে?  

উত্তৰ : চীন প্রজাতন্ত্র আৰু কিউবা।  

১৫) সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?

উত্তৰঃ ভীমৰাও আম্বেদকাৰ।  

১৬) বলছেভিক বিপ্লৱ কোন দেশত সংঘটিত হৈছিল ?

উত্তৰ : ছোভিয়েট ৰাছিয়া।  

১৭) ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ : ১৯৫১ চনত।

১৮) ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ শ্যাম্যা প্রসাদ মুখার্জী।  

১৯) স্বতন্ত্র দল কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৫৯ চনত।  

২০) স্বতন্ত্র দলে চৰকাৰৰ পৰা কি বিচাৰিছিল?

উত্তৰ : ব্যক্তিগত স্বতন্ত্রতা আৰু বেচৰকাৰী খণ্ডৰ প্রতিষ্ঠানসমূহৰ স্বতন্ত্র বিকাশৰ লগতে অর্থনৈতিক  ক্ষেত্ৰত ৰাষ্ট্রৰ হস্তক্ষেপ কম হোৱাটো বিচাৰিছিল।  

২১) দুটা ম’হৰ মাজত যুদ্ধ হলে ঘাহঁৰ (বিৰিণাৰ) কি দশা হয়?

উত্তৰ : ঘাহঁৰ (বিৰিণাৰ) মৰণ হয়।   

২২) খালী ঠাই পূৰ কৰা।   

ক) ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত একেলগে লোকসভা আৰু ভাৰতৰ ৰাষ্ট্রপতি/ৰাজ্যিক  বিধান সভা/ৰাজ্যসভা/প্রধানমন্ত্রী)ৰ নির্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰ : ৰাজ্যিক বিধান সভাৰ।   

খ)  (১৯৮৫/১৯৯০/১৯৯৫/২০০৪) চনৰ শেষৰফালে নির্বাচন আয়োগে ইলেক্ট্রনিক ভোটিং মেচিন ব্যৱহাৰ কৰিছিল।

উত্তৰ : ২০০৪   

(গ) (১৯৩৪/১৯৪৮/১৯৫২) চনত কংগ্ৰেছ দলৰ মাজৰে এচাম যুৱ নেতাই কংগ্ৰেছক অধিক মৌলিক আৰু গতিশীল কংগ্ৰেছ সমাজবাদী দল হিচাপে গঠন কৰিব কৰিছিল ? 

উত্তৰঃ ১৯৩৪ চনত।  

২৩) ভাৰতবৰ্ষত কোন চনত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৫২ চনত।  

২৪) নির্বাচনৰ কোনছোৱা সময়ক কংগ্ৰেছ ব্যৱস্থাৰ যুগ বুলি কোৱা হৈছিল ?

উত্তৰঃ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে।  

২৫) কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা হৈছিল ?

উত্তৰ : ১৯৮৫ চনত।  

২৬) কংগ্ৰেছ দলৰ প্রতিষ্ঠাত তলৰ কোনজন ব্যক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল?

(ক) মহাত্মা গান্ধী

(খ) জৱাহৰলাল নেহৰু

(গ) গোপাল কৃষ্ণ গোখলে

(ঘ) এলেন অক্টোভিয়ান হিউম।

উত্তৰঃ এলেন অক্টোভিয়াম হিউম।  

২৭) লোকসভাৰ প্রথম নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ : ১৯৫২ চনত।  

২৮) একদলীয় আধিপত্যৰ যুগটো কোনটো দলৰ লগত সম্পর্কীত আছিল ?  

উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ।   

২৯) একদলীয় আধিপত্যৰ যুগটো কেতিয়া আৰম্ভ হৈছিল ?   

উত্তৰ : ১৯৫২ চনত।   

৩০) ১৯৫২ চনত অনুষ্ঠিত প্রথম লোকসভা নির্বাচনত মুঠ ৪৮৯ আসনৰ ভিতৰত কংগ্ৰেছ দলে কিমান আসন লাভ কৰিছিল?  

উত্তৰ : ৩৬৪ খন আসন।  

৩১) কাক ভাৰতৰ প্রথম মুখ্য নির্বাচনী আয়ুক্ত হিচাপে নিয়োগ কৰা হৈছিল ?

উত্তৰঃ সুকুমাৰ সেনক।  

৩২) প্রথম সাধাৰণ নিৰ্বাচনৰ সময়ত লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান আছিল ?

উত্তৰঃ ৪৮৯ খন।  

৩৩) স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন আছিল ?

উত্তৰঃ জৱাহৰলাল নেহেৰু।  

৩৪) শ্যামাপ্রসাদ মুখার্জী কোনটো দলৰ প্ৰতিষ্ঠাপক আছিল ?  

উত্তৰ : ভাৰতীয় জন সংঘ।  

৩৫) কিমান চনত নির্বাচন আয়োগ প্রতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰী মাহত।  

৩৬) প্রথম সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতত কিমান যোগ্য ভোটাৰ আছিল?  

উত্তৰ : প্রায় ১৭ কোটি।  

৩৭) মুঠ যোগ্য ভোটাৰৰ কিমান শতাংশ নিৰক্ষৰ আছিল?

উত্তৰঃ প্রায় ৭৫% ।  

৩৮) কিমান চনত সমগ্ৰ দেশতে ইলেকট্রনিক ভোটিং মেচিন ব্যৱহাৰৰ ব্যৱস্থা কৰা হয়?

উত্তৰ : ২০০৪ চনত।  

৩৯) EVM-ৰ সম্পূৰ্ণ ৰূপ কি?  

উত্তৰঃ Electronic Voting Machine.  

৪০) প্রথম লোকসভা নির্বাচনত কোনটো দল দ্বিতীয় সর্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল?

উত্তৰ : ভাৰতীয় সাম্যবাদী দল। (CPI)  

৪১) প্রথম সাধাৰণ নিৰ্বাচনত সাম্যবাদী দলে লাভ কৰা আসনৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ১৬ খন।  

৪২) কোনখন ৰাজ্যত পোনপ্রথমে অকংগ্ৰেছী চৰকাৰ প্রতিষ্ঠা হৈছিল ?

উত্তৰঃ কেৰেলা।  

৪৩) কেৰেলাত কিমান চনত পোনপ্রথমে সাম্যবাদী দলৰ নেতৃত্বত এক সংযুক্ত চৰকাৰ প্রতিষ্ঠা হৈছিল?

উত্তৰঃ ১৯৫৭ চনত।   

৪৪) লোকসভাত প্রথম বিৰোধী দলৰ দলপতিৰ আসন কোনে অলংকৃত কৰিছিল ?   

উত্তৰঃ এ. কে. গোপালন।  

৪৫) কিমান চনত স্বতন্ত্র দল প্রতিষ্ঠা কৰা হৈছিল ?  

উত্তৰ : ১৯৫৯ চনত।   

৪৬) ভাৰতত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব কাক প্ৰদান কৰা হৈছে?  

উত্তৰ : নির্বাচনী আয়োগক।  

৪৭) চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী কোনটো দলৰ লগত জড়িত আছিল ?

উত্তৰঃ স্বতন্ত্র দল।  

৪৮) প্রথম সাধাৰণ নিৰ্বাচনত মহিলাসকলক অংশগ্ৰহণৰ সুবিধা দিয়া নগৈছিল। শুদ্ধ নে অশুদ্ধ ?  

উত্তৰ : অশুদ্ধ।  

৪৯) শিৰোমণি আকালি দল কেতিয়া গঠন হৈছিল ?

উত্তৰঃ ১৯২১ চনত।  

৫০) তৃতীয় লোক সভা নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ : ১৯৬২ চনত। 

২ নম্বৰৰ বাবে

৫১) ১৯৫২-১৯৬৭ চনৰ সময়ছোৱাত কংগ্ৰেছৰ দলে কিছু সময়ৰ বাবে হলেও ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ কেৰেলা আৰু জম্মু আৰু কাশ্মীৰ।  

৫২) ১৯৫৫-১৯৬৭ চনৰ  সময়ছোৱাত সম্পূৰ্ণৰূপে কংগ্ৰেছৰ দখলত থকা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্র।   

৫৩) একদলীয় আধিপত্য প্রচলনৰ অভিজ্ঞতা থকা দুখন দেশৰ নাম লিখা?

উত্তৰ : চীন আৰু কিউবা।  

৫৪) কোন চন আৰু তাৰিখে ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰিত হৈছিল আৰু ই কেতিয়াৰ পৰা  কার্যকৰী হৈছিল ?

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰিত হৈছিল হৈছিল আৰু ১৯৫০ চনৰ  ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান বলৱৎ হৈছিল।  

৫৫) সমাজবাদীসকলে কংগ্ৰেছক কিয় সমালোচনা কৰিছিল?

উত্তৰ : কংগ্ৰেছ দলে পুঁজিপতি আৰু জমিদাৰসকলকহে সমর্থন তথা বেছি গুৰুত্ব দিছিল। আনহাতে,  শ্রমিক আৰু কৃষকসকলক অৱহেলাৰ চকুৰে চাইছিল। সেইবাবে সমাজবাদীসকলে কংগ্ৰেছক সমালোচনা  কৰিছিল।  

৫৬) RSS-ৰ সম্পূর্ণ নাম কি? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ নাম লিখা।

উত্তৰঃ RSSৰ সম্পূর্ণ নাম হ’ল ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্রসাদ মুখার্জী।  

৫৭) কেতিয়া ভাৰতীয় সাম্যবাদী দল গঠিত হৈছিল ? এই দলটো গঠন কৰাত নেতৃত্ব দিয়া এজন ব্যক্তিৰ নাম লিখা।

উত্তৰ : ১৯২৪ চনত ভাৰতীয় সাম্যবাদী দলটো গঠিত হৈছিল। Political Science Notes এ কে গোপালন আছিল এই দলটোৰ এজন মুখ্য তথা নেতৃত্ব দিয়া ব্যক্তি।  

৫৮) ভাৰতৰ নির্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্রথম নির্বাচন আয়ুক্ত কোন আছিল ?  

উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰী মাহত ভাৰতৰ নির্বাচন আয়োগ গঠন কৰা হৈছিল। ইয়াৰ প্রথম নির্বাচন  আয়ুক্তজনৰ নাম আছিল সুকুমাৰ সেন।  

৫৯) এখন বেলট কাকতত এজন প্রার্থীৰ বিষয়ে দুটা কথা লিখা থাকে। সেই দুটা কি কি?

উত্তৰ : প্রার্থীজনৰ নাম আৰু প্রতীক।   

৬০) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ আধাৰত আৰু কিমান চনত কেন্দ্রীয় চৰকাৰে কেৱল সাম্যবাদী চৰকাৰখন ভংগ কৰি দিছিল?

উত্তৰ : ১৯৫৯ চনত ভাৰতীয় সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুযায়ী কেন্দ্রীয় চৰকাৰে কেৰালা, সাম্যবাদী চৰকাৰখন ভংগ কৰি দিছিল।  

৬১)  কংগ্ৰেছ দল কেতিয়া আৰু কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰ : ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দল গঠন কৰা হৈছিল। এই দলটোৰ জন্মদাতা আছিল এলান অক্টোভিয়ান হিউম। 

৬২) প্রথম সাধাৰণ নিৰ্বাচনত কিমানটা দলে অংশগ্রহণ কৰিছিল ? তাৰে দুটাৰ নাম লিখা।

উত্তৰ : প্রথম সাধাৰণ নিৰ্বাচনত মুঠ ৫৩ টা দলে অংশগ্রহণ কৰিছিল। তাৰ ভিতৰত ভাৰতীয় জাতীয়  কংগ্ৰেছ, ভাৰতীয় সাম্যবাদী দল উল্লেখযোগ্য আছিল।  

৬৩) সাম্যবাদী দল (CPI) কেতিয়া গঠিত হৈছিল? প্রথম সাধাৰণ নিৰ্বাচনৰ সময়ৰ এই দলৰ দুজন নেতাৰ নাম লিখা।   

উত্তৰঃ ভাৰতীয় সাম্যবাদী দলে ১৯২৪ চনত প্রতিষ্ঠা লাভ কৰিছিল। ইয়াৰ দুজন নেতা আছিল– এ.  কে. গোপালন আৰু এছ. এ. ডানগে।  

৬৪) প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত কৰিবলৈ গৈ নির্বাচনী আয়োগে সন্মুখীন হোৱা দুটা সমস্যা  লিখা। 

উত্তৰ : ক) নির্বাচনী সমষ্টি পুনঃনির্ধাৰণ।

খ) ভোটাৰ তালিকা প্রস্তুত।   

৬৫) সমাজবাদী দলৰ দুজন নেতাৰ নাম লিখা।   

উত্তৰঃ ক) ৰামমনোহৰ লোহিয়া খ) অশোক মেহতা।    Political Science Notes

৬৬) সমাজবাদী দলৰ পৰা উৎপত্তি হোৱা বৰ্তমানৰ কেইটামান প্ৰভাৱশালী ৰাজনৈতিক দলৰ নাম লিখা।  

উত্তৰ : সমাজবাদী পাৰ্টী, ৰাষ্টীয় জনতা দল, জনতা দল (সংযুক্ত)  

৬৭) ভাৰতীয় জন সংঘৰ দুটা আদর্শ উল্লেখ কৰা।

উত্তৰঃ ক) ভাৰতীয় জন সংঘ ‘এক দেশ এক সংস্কৃতি’ আদর্শ বিশ্বাস কৰিছিল।

খ) ই ধর্মীয় আৰু সাংস্কৃতিক সংখ্যালঘুক বিশেষ ৰেহাই দিয়াৰ বিৰোধিতা কৰিছিল।  

৬৮) সমাজবাদী দলৰ দুটা আদর্শ উল্লেখ কৰা।  

উত্তৰ : ক) সমাজবাদী দলে গণতান্ত্রিক সমাজবাদক বিশ্বাস কৰে। 

খ) শ্রমিক আৰু কৃষকৰ স্বাৰ্থক অগ্রাধিকাৰ দিয়ে। 

৩ / ৪ / ৫ / ৬ নম্বৰৰ বাবে

৬৯) ভাৰতীয় জনসংঘ (BJS) আৰু ভাৰতীয় সাম্যবাদী দলৰ (CPI)ৰ মাজত থকা আদৰ্শ আৰু নীতিগত পার্থক্যবোৰ বিচাৰ কৰা।

উত্তৰঃ ১৯৫১ চনত Dr. Shyama Prasad Mukherjee ৰ নেতৃত্বত গঠিত হোৱা BJS দলটোৰ CPI ৰ লগত তলত দিয়া দিশকেইটাত পার্থক্য থকা দেখা যায়।  

ক) ইংৰাজীৰ পৰিৱর্তে হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া।

খ) ধর্মীয় আৰু সাংস্কৃতিক দিশত সংখ্যালঘুক বিশেষ ৰেহাই দিয়াৰ ক্ষেত্ৰত।

গ) আণৱিক অস্ত্র-শস্ত্র নির্মাণৰ ক্ষেত্ৰত।

ঘ) জমিদাৰী ব্যৱস্থাৰ উচ্ছেদ আৰু শ্ৰমিকক প্রাপ্য মজুৰি প্ৰদানৰ ক্ষেত্ৰত।

ঙ) কৰ্মৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত।

চ) ৰাজ্যসমূহক অধিক ক্ষমতা প্রদানৰ ক্ষেত্ৰত। উপৰোক্ত বিষয়কেইটাত CPI-য়ে ইতিবাচক দৃষ্টিভংগী লোৱাৰ বিপৰীতে BJS-য়ে নেতিবাচক দৃষ্টিভংগী  গ্রহণ কৰিছিল।  

৭০) একদলীয় আধিপত্যই ভাৰতীয় ৰাজনীতিৰ গণতান্ত্রিক প্ৰকৃতিত আঘাত হানিছে নেকি?  যুক্তিযুক্ত ব্যাখ্যা কৰা। 

উত্তৰ: ভাৰতীয় ৰাজনীতিত ১৯৬৭ চনলৈকে চলা একদলীয় আধিপত্যই নিশ্চয়কৈ ভাৰতীয় গণতন্ত্রত Political Science Notes  আঘাত হানিছে। প্রথম সাধাৰণ নিৰ্বাচনৰ পৰা ১৯৬৭ চনলৈকে কংগ্ৰেছৰ বাহিৰে বাকীদলসমূহে সামান্য প্রতিনিধিত্বৰহে সুবিধা পাইছিল। এইটো ঠিক যে CPI, BJS, PSP, SP আদি দলসমূহে কংগ্ৰেছৰ নীতি আৰু আঁচনিক যথাসময়ত সমালোচনা কৰিছিল। কিন্তু সকলোতে কংগ্ৰেছৰ বৃহৎ সংখ্যাগৰিষ্ঠতা থকা বাবে এনে সমালোচনাৰ বিশেষ প্রভাৱ পৰা নাছিল। তদুপৰি জৱাহৰলাল নেহেৰুৰ আকর্ষণীয় ব্যক্তিত্বই কংগ্ৰেছ দলৰ বিৰুদ্ধে উত্থাপিত সমালোচনাক ঢাকি ৰাখিছিল। গতিকে এনে|  পৰিস্থিতিত ভাৰতীয় ৰাজনীতিৰ গণতান্ত্রিক প্ৰকৃতিৰ নেতিবাচক প্রভাৱ পৰিছিল বুলি ক’ব পাৰি।   Read Political Science Notes for Higher Secondary

৭১) সাম্যবাদী দল (CPI) আৰু সমাজবাদী দলৰ (SP) মাজত থকা পার্থক্যবোৰ উল্লেখ কৰা।

উত্তৰঃ সাম্যবাদী দল আৰু সমাজবাদী দলৰ মাজত তলত দিয়া ধৰণে পার্থক্য নির্ণয় কৰিব পাৰি ।

ক) সমাজবাদী দলে গণতান্ত্রিক সমাজবাদত বিশ্বাস কৰাৰ বিপৰীতে সাম্যবাদী দলে বৈপ্লৱিক সমাজ ওপৰত বিশ্বাস কৰিছিল।

খ) সমাজবাদী দলে পুঁজিপতি আৰু ভূ-স্বামীক অধিক গুৰুত্ব দি শ্রমিক আৰু কৃষকক অভাৱ অভিযোগ আনি কংগ্ৰেছ দলৰ সমালোচনা কৰিছিল। আনহাতে, সাম্যবাদী দলে ইয়াৰ বৈপ্লৱিক চৰিত্র পৰিহাৰ কৰি প্রথম সাধাৰণ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। 

গ) সমাজবাদী দল কেইবাবাৰে বিভাজিত হৈ একাধিক সমাজবাদী দলৰ জন্ম হৈছিল। আনহাতে, CPI (M) আৰু CPI (ML) নামৰ নতুন দলৰ জন্ম হৈছিল।  

৭২)  ভাৰতীয় জন সংঘ (BJS) আৰু স্বতন্ত্র দলৰ মাজত থকা পার্থক্যসমূহ বিচাৰ কৰা।

উত্তৰঃ ক) BJS ৰ জন্ম স্বতন্ত্র দলতকৈ পূর্বে হৈছিল। BJS ৰ ১৯৫১ চনত জন্ম হোৱাৰ বিপৰীতে স্বতন্ত্র  দলৰ জন্ম ১৯৫৯ চনত হৈছিল।

খ) BJS দলে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ ভিত্তিত আধুনিক প্রগতিশীল আৰু শক্তিশালী ভাৰত নিৰ্মাণৰ কথা ভাবিছিল। কিন্তু স্বতন্ত্র দলে অর্থনৈতিক দিশত ৰাষ্ট্র নিয়ন্ত্রণ হ্রাস কৰাৰ ওপৰতহে বেছি গুৰুত্ব দিছিল।

গ) BJS য়ে আণৱিক অস্ত্র-শস্ত্র নির্মাণৰ যোগেদি ভাৰতক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছিল।  আনহাতে, স্বতন্ত্র দলে ৰজা আৰু ভূ-স্বামীসকলৰ স্বার্থক যিকোনো প্রকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ ওপৰতহে গুৰুত্ব দিছিল।  

৭৩) ভাৰতৰ নির্বাচন আয়োগে নির্বাচন অনুষ্ঠিত কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল?  

উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰীত ভাৰতৰ নির্বাচন আয়োগ গঠন কৰা হৈছিল। ভাৰতবৰ্ষত প্ৰথমটো সাধাৰণ  নির্বাচন অনুষ্ঠিত কৰাটো নির্বাচন আয়োগৰ বাবে আছিল এক প্রত্যাহ্বানস্বৰূপ। এই ক্ষেত্ৰত নির্বাচন আয়োগে ল’বলগীয়া কিছুমান গুৰুত্বপূর্ণ দায়িত্ব আছিল। তাৰ ভিতৰত ভোটাৰ তালিকা প্রস্তুত কৰা, নির্বাচনৰ পদ্ধতি আৰু কৌশল প্রস্তুত কৰা, মনোনয়ন পত্র দাখিল কৰা, পৰীক্ষা কৰা আৰু প্রত্যাহাৰ কৰাৰ দিন ধার্য কৰা, ভোটদানৰ দিন ধার্য কৰা আৰু ভোটদান পৰিচালনা কৰা, নির্বাচন পৰিচালনাৰ বাবে প্রয়োজন হোৱা বিষয়াসকলক নিযুক্তি দিয়া আৰু প্রশিক্ষণ দিয়া, ৰাজনৈতিক দলসমূহক প্রতীক প্রদান কৰা, প্রচাৰ অভিযানৰ ওপৰত দৃষ্টি ৰখা আৰু নির্বাচনী বিধি উলংঘা সম্পর্ককীয় বিবাদ নিষ্পত্তি কৰা আৰু ভোট গণনা কৰা আৰু ফলাফল ঘোষণাত শান্তিপূর্ণ, মুক্ত আৰু নিকা তথা নিৰপেক্ষভাৱে নির্বাচন অনুষ্ঠিত কৰা আদি বিভিন্ন গুৰুত্বপূর্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল।

৭৪) কোনজন ভাৰতীয় বাতৰি কাকতৰ সম্পাদকে ভাৰতৰ নির্বাচন ব্যৱস্থাক ইতিহাসৰ আটাইতকৈ ডাঙৰ জুৱা খেল বুলি অভিহিত কৰিছিল ?  

উত্তৰ : ভাৰতৰ প্ৰথমটো নির্বাচনক পৃথিৱীৰ আটাইতকৈ বৃহৎ নির্বাচন বুলি অভিহিত কৰিব পাৰি। এই  নির্বাচনক ইতিহাসৰ বৃহত্তম জুৱা খেল বুলি এজন ভাৰতীয় বাতৰি কাকতৰ সম্পাদকে মন্তব্য আগবঢ়াইছিল। Political Science Notes এখন পিছপৰা দেশ হিচাপে ভাৰতত গণতান্ত্রিক শাসন প্রৱর্তনৰ কৰাৰ বাবে সার্বজনীন প্রাপ্তবয়ষ্ক ভোটৰ নীতি গ্রহণ কৰি নির্বাচন অনুষ্ঠিত কৰাটো আছিল ভাৰতবৰ্ষৰ বাবে এক প্রত্যাহবানস্বৰূপ৷ ভাষা, ধর্ম, সংস্কৃতিৰ ক্ষেত্ৰতো আছিল বৈচিত্র্যতা আৰু বৈসাদৃশ্যৰে পূর্ণ ভাৰতবৰ্ষত আছিল জাতীয় অসমতা আৰু বৈষম্যতা। সেয়ে এনে এখন দেশত গণতান্ত্রিক শাসন ব্যৱস্থা যে কল্পনাতীত  সেই কথা উনুকিয়াবলৈ গৈ বাতৰি কাকতৰ সম্পাদক এজনে ইয়াক ইতিহাসৰ এক বৃহৎ জুৱা খেল বুলি অভিহিত কৰিছিল।   

৭৫) কংগ্রেছ দলে কিয় সংবিধান সংশোধন কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল ?  

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূর্বে কংগ্ৰেছ দলে সমাজবাদী চিন্তাধাৰাৰ লোকসকলৰ দ্বাৰা প্রত্যাহবানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৯৩৪ চনত কংগ্ৰেছক অধিক গতিশীল কৰি তুলিবৰ বাবে কংগ্ৰেছ সমাজবাদী দল গঠন কৰিছিল। ফলত এনে দলীয় বিভাজনক ৰোধ কৰিবলৈ ১৯৪৮ চনত কংগ্ৰেছে সংবিধান সংশোধন কৰিবলগীয়া হৈছিল। এই দুই দলীয় সদস্য পদ লোৱাত বাধা প্রদানৰ উদ্দেশ্যে সংবিধান সংশোধনীৰ প্রয়োজনীয়তা আহি পৰিছিল। ইয়াৰ ফলতে ১৯৪৮ চনত এটা প্রথম  সমাজবাদী দল গঠন কৰিবলৈ বাধ্য হৈছিল।  

৭৬) বি আৰ আম্বেদকাৰ কোন আছিল? তেওঁ কাৰ কাৰণে সংগ্রাম কৰিছিল ?  

উত্তৰ : বি আৰ আম্বেদকাৰ জাতি বিৰোধী আন্দোলনৰ নেতা আছিল। দলিতসকলৰ ন্যায় প্রতিষ্ঠা কৰিবলৈ  আম্বেদকাৰে বহুতো সংগ্রাম কৰিছিল। স্বতন্ত্র শ্রমিক দল প্রতিষ্ঠা কৰিছিল। ইয়াৰ উপৰি তেওঁ সংবিধান খচৰা সমিতিৰ সভাপতি আছিল। নেহৰুৰ প্রথম কেবিনেটৰ মন্ত্রীও আছিল আম্বেদকাৰ। কিন্তু ‘হিন্দু আইন’ বিলৰ ক্ষেত্ৰত হোৱা মতভেদৰ বাবে আম্বেদকাৰে পদত্যাগ কৰিছিল।  

৭৭) ভাৰতৰ স্বাধীনতা সংগ্রামৰ ওপৰত সাম্যবাদীসকলৰ দৃষ্টিভংগী কেনেকুৱা আছিল?

উত্তৰ : সমাজবাদী আদৰ্শক গুৰুত্ব প্রদান কৰাই আছিল সাম্যবাদী দলৰ মুখ্য উদ্দেশ্য। ১৯২৪ চনত ভাৰতৰ সাম্যবাদী দল গঠন হৈছিল। তেওঁলোক ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী ধাৰণাৰ ওপৰত প্রতিষ্ঠিত আছিল। সেয়ে তেওঁলোকে ভাৰতত ৰাছিয়াৰ পদ্ধতিত সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ পক্ষপাতী আছিল। স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ সৈতে মিলি অগ্রণী ভূমিকা গ্রহণ কৰিছিল। কিন্তু কংগ্ৰেছৰ সৈতে হোৱা মতানৈক্যৰ ফলত তেওঁলোকে অকলশৰীয়াকৈ নিজা ভাবধাৰাৰে স্বাধীনতা  সংগ্ৰামৰ কাৰ্যসূচী প্রস্তুত কৰিছিল।  

৭৮) কংগ্ৰেছ দলক কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্রবিন্দু বুলি কোৱা হয়? ব্যাখ্যা কৰা।  

উত্তৰ : কংগ্ৰেছ দলক ভাৰতীয় ৰাজনীতিৰ কেন্দ্রবিন্দু বুলি কোৱা হয়। এই ক্ষেত্ৰত ভাৰতৰ ৰাজনীতিত  কংগ্ৰেছ দলে প্রাধান্য লাভ কৰি আহিছে। প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি আধিপত্য বিস্তাৰ কৰিছিল। এই ক্ষেত্ৰত কংগ্ৰেছ নেতাসকলে স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰি জনসাধাৰণৰ মাজত জনপ্রিয়তা অর্জন কৰাৰ লগতে এক সুদৃঢ় আৰু শক্তিশালী কংগ্ৰেছ দল হিচাপে গঢ়ি তুলিছিল। ফলত ইয়ে ভাৰতীয় ৰাজনীতিত এক কেন্দ্রবিন্দুস্বৰূপে কাম কৰি  আহিছে।   Prepare for Exam with Political Science Notes of Assam Study Centre    

৭৯) ১৯৫২ চনত অনুষ্ঠিত নির্বাচনৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : ১৯৫২ চনত স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল। ভাৰতৰ প্ৰথমটো গণতান্ত্রিক নির্বাচন হিচাপে আয়োগে খুউব গুৰুত্ব সহকাৰে পৰিচালনাৰ দায়িত্ব পালন কৰিব লগা হৈছিল। এই ক্ষেত্ৰত সার্বজনীন প্রাপ্তবয়ষ্ক ভোটাৰ ব্যৱস্থাৰে নির্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল। এই নির্বাচন আয়োগে প্রথমে খচৰা তালিকা প্রস্তুত কৰি প্ৰকাশ কৰিছিল। লোক সভাৰ নিৰ্বাচনৰ বাবে সমগ্ৰ দেশখনকে নির্বাচনী সমষ্টিত ভাগ কৰি নিৰ্ধাৰণ কৰিছিল। বেলট বাকচ প্রস্তুতৰ লগতে ৰাজনৈতিক দলবোৰৰ নিজা প্রতীক চিহ্ন আৰু নির্বাচনী বিষয়া তথা কর্মচাৰী নিয়োগ কৰি প্রশিক্ষণ ব্যৱস্থা কৰা আদি আদি আছিল এই আয়োগৰ সর্বপ্রথম তথা গুৰুত্বপূৰ্ণ কার্য। এই নির্বাচনৰ বাবে আয়োগে ভাৰতৰ সকলো ৰাজ্যৰ মুঠ বিধান সভাৰ আসনৰ সংখ্যা ৩২০০ খন নির্ধাৰিত কৰিছিল। শতকৰা ৫০ জনৰ অধিক ভোটাৰে এই নির্বাচনত ভোটদান কৰিছিল। ফলস্বৰূপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মুঠ ৩৬৪ খন আসন লাভ কৰি জৱাহৰলাল নেহৰুৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।  

৮০) ৰাষ্ট্ৰীয় ৰিভলিউচনেৰি দলৰ বিষয়ে আলোচনা কৰা।  

উত্তৰঃ ১৯২৯ চনত ৰাষ্ট্ৰীয় ৰিভলিউচনেৰি দল হিচাপে জন্মগ্রহণ কৰা এই ৰাষ্ট্ৰীয় বিপ্লৱী দলটো হ’ল  এক স্পেনীয় ৰাজনৈতিক দল। ই প্রায় ছয় দশক কাল শাসন কৰিছিল। এই দলটোৱে মেক্সিকোত সফলতাৰে বিপ্লৱক প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। ২০০০ চনলৈকে আদিপত্য বিস্তাৰ কৰা এই দলটোৱে একনায়কত্ববাদ শাসনক সমালোচনা কৰিছিল আৰু ই কৃষক, শ্রমিক আৰু দৰিদ্ৰ জনসাধাৰণৰ স্বার্থক সুৰক্ষিত কৰিবলৈ বৈপ্লৱিক কার্যসূচী পৰিচালনা কৰিছিল।  

৮১) ভাৰতৰ প্রথম তিনিটা নির্বাচনত কংগ্ৰেছ দলৰ আধিপত্যৰ বিষয়ে ব্যাখ্যা কৰা।  

উত্তৰ : প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। স্বাধীন ভাৰতৰ এই নির্বাচনত কংগ্ৰেছ দলে তিনি-চতুর্থাংশ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছ দলে স্বাধীনতা আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা লাভ কৰিছিল। এই দলটোৰ নেতা পণ্ডিত নেহেৰুৱে সকলো ফালৰে পৰা আন্দোলনত আগভাগ লৈছিল। ১৯৫১-৫২ৰ প্ৰথমটো নিৰ্বাচনত মুঠ ৪৮৯খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল ৩৬৪ খন আসন। লোকসভাৰ উপৰি ৰাজ্যবোৰৰ বিধান সভাৰ নির্বাচনতো কংগ্ৰেছে বহুসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছিল। দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰি এক শক্তিশালী গণতান্ত্রিক ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাইছিল। দ্বিতীয়টো নির্বাচন ১৯৫৭ চনত কংগ্ৰেছ দলে তিনি-চতুর্থাংশই আসন লাভ কৰিছিল। এনেদৰে তিনিওটা নির্বাচনত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু জনপ্রিয় তথা ৰাজনৈতিক দল হিচাপে ই গণতান্ত্রিক শাসন ব্যৱস্থা অটুট ৰাখি কার্য ক্ষমতা আগবঢ়াই নিছিল।  

৮২) ভাৰতৰ জনসংঘ কেতিয়া গঠন হৈছিল? ইয়াৰ আদৰ্শৰ বিষয়ে আলোচনা কৰা।  

উত্তৰ : শ্যামা প্রসাদ মুখার্জীক প্ৰতিষ্ঠাপক সভাপতি হিচাপে লৈ ১৯৫১ চনত ভাৰতীয় জনসংঘ দল গঠন কৰা হয়। এই জনসংঘৰ মূল হিচাপে স্বাধীনতাৰ আগৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা। আদর্শ আৰু কাৰ্যসূচীৰ ফালৰ পৰাও জনসংঘই বিভিন্ন দলৰ পৰা পৃথক। জনসংঘৰ মূল আদর্শ হিচাপে এক দেশ, এক সংস্কৃতি আৰু এক জাতিত বিশ্বাস কৰিছিল। ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিক ভেটি কৰি আধুনিক উন্নত আৰু শক্তিশালী দেশ হিচাপে গঢ় দিব পাৰিব। Political Science Notes অখণ্ড ভাৰত গঢ়ি তুলিবৰ বাবে ভাৰত আৰু পাকিস্তান দুয়োখন দেশে একগোট হোৱাটো বিচাৰে। হিন্দীক ভাৰতীয় চৰকাৰী  ভাষা হোৱাটো বিচাৰে। ধর্মীয় আৰু সাংস্কৃতিক সংখ্যালঘিষ্ঠক বিশেষ সুবিধা প্রদান কৰাৰ ক্ষেত্রতো জনসংঘই পক্ষপাতিত্বমুলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।  

৮৩) স্বতন্ত্র দলৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৫৯ চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনৰ সময়ত স্বতন্ত্র দল গঠন কৰা হয়। কংগ্ৰেছ দলৰ সদস্যসকলেই ইয়াৰ প্ৰথম তথা প্ৰাৰম্ভিক সদস্য আছিল। কংগ্ৰেছ দলৰ আদৰ্শ আৰু কৰ্মৰ ওপৰত কোনো ধৰণৰ আস্থা নাৰাখি এই স্বতন্ত্র দলটোৱে চি ৰাজা গোপালাচাৰী, কে এম মুন্সি, এন জি ৰংগ আৰু মিটনা মাচানিৰ নেতৃত্বত এক সুকীয়া দলৰ আদৰ্শ আৰু কৰ্মৰ ভিত্তিত নতুনকৈ দল গঠন কৰিলে। অর্থনৈতিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বতন্ত্র দলটোৱে চৰকাৰৰ হস্তক্ষেপ অতি কম হোৱাটো বিচাৰিছিল। ব্যক্তি স্বাতন্ত্র্যৰ ফলত বিকাশ সম্ভৱ হয়। চৰকাৰী খণ্ডৰ ৰাষ্ট্ৰীয়কৰণ, কেন্দ্রীয় পৰিকল্পনা আদিৰ বিৰোধিতা, কৃষি ভূমিৰ ক্ষেত্ৰত চিলিং ব্যৱস্থা, সমবায় ভিত্তিত খেতি পামৰ বিৰোধিতা কৰে। গোষ্ঠীনিৰপেক্ষ নীতি আৰু ছোভিয়েট ৰাছিয়াৰ লগত থকা সম্পর্ক এই স্বতন্ত্র দলটোৱে সন্দেহৰ চকুৱে চায়। ইফালে আমেৰিকা দৰে দেশৰ লগত ওচৰ সম্বন্ধ কৰাতো ওকালতি কৰে। এই স্বতন্ত্র দলটোৱে আঞ্চলিক দল কিছুমানৰ লগত চামিল শক্তি সঞ্চয় কৰে। জমিদাৰী আৰু ৰাজকুমাৰসকলে এই দলটোক সমর্থন কৰিছিল। কাৰণ এই দলে ভূমি আৰু মর্যাদা হানিকৰ আইনক বাধা প্রদান কৰে। শিল্পপতি আৰু ব্যৱসায়িকসকলেও ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰৰ লাইচেন্স নীতিৰ বিৰোধিতা কৰি স্বতন্ত্র দলক সমর্থন আগবঢ়ায়। কিন্তু বাস্তৱত এই দলটোৱে শক্তিশালী ৰূপত গঢ়ি উঠিব পৰা নাছিল।    

৮৪) ভাৰতত ভোটদানৰ পৰিৱর্তিত পদ্ধতি (Changing Method) সম্পর্কে চমুকৈ লিখা।

উত্তৰ : স্বাধীন ভাৰতত এতিয়ালৈকে ভোটদানৰ তিনিটা পদ্ধতি অৱলম্বন কৰা হৈছে। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত প্রতিজন প্রার্থী নির্বাচনী প্রতীক অংকিত একোটাকৈ বাকচ ভোটকেন্দ্ৰৰ ভিতৰত ৰখা হৈছিল আৰু প্ৰতিজন ভোটাৰে এখনকৈ উকা বেলট পেপাৰ তেওঁৰ পছন্দৰ প্ৰাৰ্থীৰ বাকচত  ভৰাব লাগিছিল। এই পদ্ধতিত প্রায় ২০ লাখমান বাকচ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। যিকি নহওক ১৯৫২ আৰু ১৯৫৭ চনত অনুষ্ঠিত প্রথম আৰু দ্বিতীয় নির্বাচনৰ পিছত এই পদ্ধতি সলনি হৈছিল। নতুন পদ্ধতি অনুসৰি বেলট পেপাৰত সকলো প্রার্থীৰে নাম আৰু প্ৰতীক সন্নিবিষ্ট আছিল আৰু ভোটাৰসকলে পছন্দৰ প্রার্থীৰ প্রতীকত ষ্টাম্প মাৰি প্রার্থী বাছনি কৰিব লাগিছিল। এই পদ্ধতি প্রায় ৪০ বছৰ কাৰ্যকৰী হৈ আছিল। ১৯৯০ চনৰ শেষৰ ফালে নির্বাচন আয়োগে ইলেকট্রনিক ভোটিং মেচিনৰ ব্যৱহাৰ আৰম্ভ কৰে আৰু ২০০৪ চনৰ ভিতৰত সমগ্র দেশক এই নতুন পদ্ধতিৰ দ্বাৰা সামৰি লোৱা হৈছিল।  

৮৫) স্বতন্ত্র দলৰ তিনিটা আদর্শ উল্লেখ কৰা।

উত্তৰ : ১৯৫৯ চনত গঠিত স্বতন্ত্র দলৰ তিনিটা আদর্শ হ’ল—

ক) এই দলে অর্থনৈতিক কার্যকলাপত চৰকাৰৰ নিয়ন্ত্রণ সীমিত হোৱাটো বিচাৰিছিল।

খ) ব্যক্তি স্বাধীনতাৰ যােগেদিহে সমৃদ্ধি সম্ভৱ বুলি এই দলে বিশ্বাস কৰে।

গ) কেন্দ্রীভূত পৰিকল্পনা আৰু ৰাষ্ট্ৰীয়কৰণ আৰু ৰাজহুৱা খণ্ডক এই দলে প্রাধান্য দিয়ে।  

৮৬) ভাৰতত কংগ্ৰেছ দলৰ আধিপত্যৰ প্রকৃতি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ভাৰতৰ প্রথম সাধাৰণ নিৰ্বাচনৰ পৰা ১৯৬৭ চনমানলৈকে কংগ্ৰেছ দলৰেই আধিপত্য প্রতিফলিত হৈছিল। কিন্তু ভাৰতৰ কংগ্ৰেছ দলৰ আধিপত্য আৰু অন্য দেশত দেখা পোৱা একদলীয় আধিপত্যৰ মাজত পার্থক্য আছিল। অন্য দেশ যেনে, চীন, কিউবা, চাইৰিয়া আদি দেশত এক অগণতান্ত্রিক শাসনৰ আমোলত একদলীয় আধিপত্য বিৰাজমান আছিল। আনহাতে, ভাৰতত এক গণতান্ত্রিক পৰিৱেশতেই কংগ্ৰেছ দলে আধিপত্য চলোৱাৰ সুবিধা পাইছিল। ভাৰতত কংগ্ৰেছৰ লগতে আন দল সমূহে মুক্ত আৰু নির্বাচন প্রক্রিয়াত অংশগ্রহণ কৰিছিল। অর্থাৎ বহুদলীয় এক ব্যৱস্থাত কংগ্রেছ দলে আধিপত্য চলোৱাটো ভাৰতীয় ৰাজনীতিৰ এক অনন্য বৈশিষ্ট্য আছিল বুলি ক’ব পাৰি।  

৮৭) ভাৰতীয় সাম্যবাদী দলৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ: ৰুছ বিপ্লৱৰ ভাবধাৰাৰ দ্বাৰা অনুপ্রাণিত ১৯২৪ চনত ভাৰতীয় সাম্যবাদী দল গঠন কৰা হৈছিল। কিন্তু ১৯৩৪ চনত এই দলটোক ব্রিটিছ চৰকাৰে অবৈধ ঘোষণা কৰি ইয়াৰ নেতাসকলক কাৰাগাৰত বন্দী কৰিছিল। দ্বিতীয় মহাযুদ্ধৰ সময়ত এই দলটোৱে জার্মানীৰ নার্জী বাহিনীৰ বিৰুদ্ধে ব্রিটিছে আৰম্ভ কৰা যুদ্ধত সমর্থন জনাইছিল। ১৯৪৩ চনত চি পি আইৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা ব্রিটিছ চৰকাৰে উঠাই লৈছিল। তেতিয়াৰ পৰা ভাৰতীয় সাম্যবাদী দলে স্বাধীনভাৱে নিজৰ সংগঠন আৰু প্ৰচাৰ কার্য চলাই আহিছে। অৱশ্যে ব্রিটিছে প্রদান কৰা ৰাজনৈতিক স্বাধীনতাত দলটো সন্তুষ্ট নাছিল। যি কি নহওক, স্বাধীনতাৰ পিছত দলটোৰ কিছু প্রগতি হৈছে বুলি ক’ব পাৰি। প্রথম সাধাৰণ নিৰ্বাচনত মুঠ ১৬ খন আসনেৰে চি পি আই দলটো দ্বিতীয় বৃহৎ দল ৰূপে পৰিগণিত হৈছিল। সেই সময়ৰ উল্লেখযোগ্য নেতাকেইজন আছিল –এ কে গোপালন, এছ এ ডানগি, পি চি যোশী, এম এছ নামুদ্রিদ। ১৯৫৭ চনত কেৰেলা বিধান সভা নির্বাচনত জয়লাভ কৰি প্ৰথমখন অকংগ্ৰেছী চৰকাৰ প্রতিষ্ঠা কৰিবলৈ দলটো সক্ষম হৈছিল। ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ১৯৬৪ চনত দলটোৰ বিভাজন ঘটি চি পি আই আৰু চি পি আই (এম) নামেৰে দুটা দলৰ সৃষ্টি হয়। কিন্তু ইয়াৰ পিছতো ১৯৬৯ চনত অন্য এটা দলৰ সৃষ্টি হ’ল। সেইটো দল হৈছে চি পি আই (এম এল)। মুঠৰ ওপৰত বর্তমান তিনিটা সাম্যবাদী দলৰ অস্তিত্ব ভাৰতৰ ৰাজনীতিত বিদ্যমান। AHSEC Political Science Notes  

৮৮) ভাৰতীয় জনসংঘৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ: ১৯৫১ চনত ভাৰতীয় জন সংঘ গঠিত হৈছিল। শ্যামাপ্রসাদ মুখার্জী এই দলটোৰ প্ৰতিষ্ঠাপক  সভাপতি আছিল। স্বাধীনতাৰ পূর্বে গঠিত আৰ এছ এছ (ৰাষ্ট্ৰীয় সমাজসেৱক সংঘ) আৰু হিন্দু মহাসভাৰ পৰা এই দলটোৰ উৎপত্তি হৈছিল বুলি কোৱা হয়। ভাৰতীয় জন সংঘ ইয়াৰ আদৰ্শ আৰু আঁচনিৰ ফালৰ পৰা অন্য দলতকৈ পৃথক। Political Science Notes ই এক দেশ এক সংস্কৃতিৰ ধাৰণাত গুৰুত্ব দিছিল। দলটোৱে বিশ্বাস কৰিছিল যে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ ভিত্তিত দেশখন আধুনিক আৰু প্রগতিশীল হোৱাটো সম্ভৱ হ’ব। ভাৰত আৰু পাকিস্থানক পুনৰ একত্রিত কৰি অখণ্ড ভাৰতৰ সপক্ষে দলটোৱে যুক্তি আগবঢ়াইছিল। ইংৰাজীৰ পৰিৱৰ্তে হিন্দীক চৰকাৰী ভাষা হিচাপে প্রতিষ্ঠা কৰিবলৈ চলা আন্দোলনৰ ই অংশীদাৰ আছিল। সাংস্কৃতিক আৰু ধর্মীয় সংখ্যালঘুক বিশেষ ৰেহাই দিয়াৰ দলটোৱে বিৰোধিতা কৰিছিল। আনকি অস্ত্র-শস্ত্ৰৰে ভাৰতক শক্তিশালী কৰাৰ সপক্ষেও দলটোৱে মাত মাতিছিল। ১৯৫২ আৰু ১৯৫৭ চনৰ লোকসভা নির্বাচনত দলটোৱে যথাক্রমে ৩ আৰু ৪ খন আসন লাভ কৰিবলৈ  সক্ষম হৈছিল। সেই সময়ত দলটোৱে উত্তৰ প্রদেশ, দিল্লী, মধ্য প্রদেশ আৰু ৰাজস্থানৰ নগৰ অঞ্চলত বাস কৰা হিন্দী ভাষী লোকসকলৰ পৰা সমর্থন লাভ কৰিছিল। শ্যামাপ্রসাদ মুখার্জী, দীনদয়াল উপাধ্যায়, বনৰাজ সেধক সেই সময়ৰ প্ৰভাৱশালী নেতা আছিল। বর্তমানৰ প্ৰভাৱশালী দল ভাৰতীয় জনতা দলৰ (বি জে পি) উৎপত্তি ভাৰতীয় জনসংঘৰ পৰাই হৈছে বুলি কোৱা হয়।   

৮৯) ১৯৬৭ চনলৈকে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলে আধিপত্য চলােৱাৰ কাৰণসমূহ ব্যাখা  কৰা।

উত্তৰঃ ১৯৫২ চনত অনুষ্ঠিত প্রথম সাধাৰণ নিৰ্বাচনৰ পৰা ১৯৬৭ চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে, কংগ্রেছ দলেই প্রভুত্ব বিস্তাৰৰ সুবিধা পাইছিল। ইয়াৰ অন্তৰালত থকা কাৰণসমূহ হ’ল

ক) স্বাধীনতা আন্দোলনত গ্ৰহণ কৰা ভূমিকাঃ ব্রিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ কৰা ভূমিকাৰ বাবে ভাৰতীয় জনসাধাৰণ সদায়েই জাতীয় কংগ্রেছৰ প্রতি শ্রদ্ধাশীল আছিল। কংগ্ৰেছৰ নেতৃত্বত পৰিচালিত হোৱা জনসাধাৰণে স্বাধীনতাৰ পিছতো কংগ্রেছৰ নেতৃত্ব মানি ল’বলৈ সাজু আছিল। তদুপৰি, স্বাধীনতা আন্দোলনৰ বৰণ্য নেতাসকলে যেতিয়া নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলে তেতিয়া জনসাধাৰণে তেওঁলােকক বিনাদ্বিধাই ভোট দি জয়যুক্ত কৰিলে।  

খ) কংগ্ৰেছৰ সাংগঠনিক ভেটি : স্বাধীনতাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছ এক গণ ৰাজনৈতিক দললৈ (Mess Political Party) পৰিৱৰ্তিত হৈছিল। সৰ্বভাৰতীয় পর্যায়ৰ পৰা তৃণমূল পর্যায়লৈ দলটোৰ সংগঠন তথা জনসমর্থন সম্প্রসাৰিত হৈছিল। এনে অৱস্থাত ভাৰতীয় ৰাজনীতিত দলটোৱে আধিপত্য  চলোৱাৰ সম্পূর্ণ সুযোগ পাইছিল।  

গ) শক্তিশালী বিৰোধী দলৰ অভাৱঃ স্বাধীনতাৰ পিছত প্রথমে তিনিটা সাধাৰণ নিৰ্বাচনত কোনো এটা  দলেই শক্তিশালী বিৰােধী দল হিচাপে আত্মপ্রকাশ কৰিব নোৱাৰাৰ বাবেহে কংগ্ৰেছে আধিপত্য  চলোৱাৰ সুযোগ পাইছিল।  

ঘ) ক্ষমতা আৰু সম্পদ আহৰণঃ ক্ষমতালৈ অহাৰ পিছতে কংগ্ৰেছ দলে অধিকতম অধিক সম্পদ আৰু পদবী দখল কৰি সেইবোৰ দলটোৰ সদস্যসকলৰ মাজত বিতৰণ কৰিছিল। Political Science Notes এনে কাৰ্যই দলটোক  শক্তিশালী কৰাত আৰু আধিপত্য বিস্তাৰ কৰাত সহায় কৰিছিল। ওপৰোক্ত কাৰকসমূহে কংগ্ৰেছক ভাৰতীয় ৰাজনীতিত আধিপত্য চলোৱাৰ সুবিধা প্রদান কৰিছিল। অৱশ্যে এনে আধিপত্য ১৯৬৭ চনৰ পিছত কমিবলৈ ধৰা পৰিলক্ষিত হৈছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *