Join Assam Study Centre Channel

Assamese Current Affairs GK

আজিৰ Assamese Current Affairs GK প্ৰশ্নোত্তৰত বিশ্ব প্ৰতিযোগিতামূলক সূচকাংক ২০২২, আইচিচি পুৰুষৰ টি-২০ বেটছমেন ৰেংকিং ২০২২, এছিয়াৰ গ্ল’বেল ষ্টাৰ্ট-আপ ইক’চিষ্টেম প্ৰতিবেদন আৰু ফিফা অনূৰ্ধ্ব-১৭ মহিলা বিশ্বকাপ ২০২২ আদি বিষয়সমূহ সামৰি লোৱা হৈছে।

Assamese Current Affairs GK

১) ২০২২ চনৰ বাৰ্ষিক বিশ্ব প্ৰতিযোগিতামূলক সূচকাংত কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে?

ক) চুইজাৰলেণ্ড

খ) ছুইডেন

গ) ডেনমাৰ্ক

ঘ) ফিনলেণ্ড

২)  ২০২২ চনৰ এছিয়াৰ গ্ল’বেল ষ্টাৰ্ট-আপ ইক’চিষ্টেম ৰিপ’ৰ্টত ভাৰতৰ কোনখন ৰাজ্যই প্রথম স্থান লাভ কৰিছে?

ক) ওড়িশা

খ) ঝাৰখণ্ড

গ) কেৰেলা

ঘ) তামিলনাডু

৩) কোনজন একমাত্র ভাৰতীয় ক্রিকেটাৰে আইচিচি পুৰুষৰ টি-২০ বেটছমেন ৰেংকিং ২০২২ৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে?

ক) ঈশান কিষাণ

খ) ঋষভ পন্ত

গ) শ্ৰেয়াস আয়াৰ

ঘ) ৰোহিত শৰ্মা

৪) ফিফা অনূৰ্ধ্ব ১৭ মহিলা বিশ্বকাপ ২০২২ ফাইনেল খেল কোনখন চহৰত অনুষ্ঠিত হ’ব?

ক) পুনে

খ) বেংগালুৰু

গ) নৱী মুম্বাই

ঘ) নতুন দিল্লী

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৫) ভাৰতৰ কোনজন এদিনীয়া বেটচ্‌মেনে আই চি চি পুৰুষৰ এদিনীয়া বেটছমেন ৰেংকিং ২০২২ত সৰ্বোচ্চ ৰেংকিং লাভ কৰিছে?

ক) ৰোহিত শৰ্মা

খ) বিৰাট কোহলী

গ) ঋষভ পন্ত

ঘ) কে এল ৰাহুল

৬) আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব লগীয়া  T-20 মেটচৰ দুখন খেলত ভাৰতক কোনে নেতৃত্ব দিব?

ক) হাৰ্দিক পাণ্ডিয়া

খ) ৰুতুৰাজ গাইকোৱাড

গ) সঞ্জু চেমচন

ঘ) সূৰ্যকুমাৰ যাদৱ

উত্তৰসমূহ

১)  ডেনমাৰ্ক

২০২২ চনৰ ১৫ জুনত প্ৰকাশ পোৱা বিশ্ব প্ৰতিযোগিতামূলক সূচকাংক ২০২২ত ডেনমার্কে শীৰ্ষ  স্থান লাভ কৰিছে। ৬৩খন দেশৰ তালিকাত ছুইজাৰলেণ্ড শীৰ্ষ স্থানৰ পৰা দ্বিতীয় স্থানলৈ নামি আহিছে। অৰ্থনৈতিক প্ৰদৰ্শন বৃদ্ধি পোৱাৰ বাবে ভাৰতে চলিত বৰ্ষৰ ৰেংকত ৪৩ নম্বৰৰ পৰা ৩৭ নম্বৰলৈ ৬টা স্থান আগুৱাই গৈছে।

২) কেৰেলা

২০২২ চনৰ ১৪ জুনত প্ৰকাশ পোৱা এছিয়াৰ গ্ল’বেল ষ্টাৰ্ট-আপ ইক’চিষ্টেম ৰিপ’ৰ্টত কেৰেলাই প্ৰথম স্থান লাভ কৰিছে। এফ’ৰ্ডেবল টেলেণ্টৰ ক্ষেত্ৰতো কেৰেলা চতুৰ্থ স্থানত আছে। ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ প্ৰতিবেদনে কেৰেলা ষ্টাৰ্ট-আপ মিছনে (KSUM) ষ্টাৰ্ট-আপ পাৱাৰ হাউচ হিচাপে স্থান দিবলৈ গ্ৰহণ কৰা সৃষ্টিশীল পদক্ষেপসমূহক স্বীকৃতি দিয়ে।

৩) ঈশান কিষাণ

আই চি চি পুৰুষৰ টি-২০ আই বেটছমেন ৰেংকিঙ ২০২২ৰ শীর্ষ দহতা স্থানত ভাৰতীয় বেটচ্‌মেন ঈশান কিষাণে ৭ম স্থান দখল কৰিছে৷ ভাৰতীয় বেটছমেন কেএল ৰাহুলে দুটা স্থান হেৰুৱাই ১৪ নম্বৰ স্থান দখল কৰাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰ আৰু ৰোহিত শৰ্মাই এটাকৈ স্থানত নামি আহি কৰি ক্ৰমে ১৬ আৰু ১৭ নম্বৰ ৰেংকত উপনীত হৈছে। বিৰাট কোহলীয়ে বর্তমান ২টা স্থান হেৰুৱাই আইচিচি পুৰুষৰ টি-২০ বেটছমেন ৰেংকিঙত ২১ নম্বৰ স্থানত আছে।

৪) নৱী মুম্বাই

ভাৰতে ওড়িশাৰ ভুৱনেশ্বৰৰ কলিংগা ষ্টেডিয়াম ফিফা অনূৰ্ধ্ব ১৭ মহিলা বিশ্বকাপ ২০২২ৰ সকলো গ্ৰুপ পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিব। আনহাতে ২০২২ চনৰ ৩০ অক্টোবৰত ডি ৱাই পাটিল ষ্টেডিয়ামত ফিফা অনূৰ্ধ্ব ১৭ মহিলা বিশ্বকাপৰ ফাইনেল খেলখন নৱী মুম্বাইয়ে আয়োজন কৰিব ।

৫)  বিৰাট কোহলী

নতুনকৈ প্ৰকাশিত আইচিচি এদিনীয়া খেলুৱৈ ৰেংকিং ২০২২ত পাকিস্তানৰ ইমাম-উল-হকে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰিলে । বৰ্তমান ৮১১ পইণ্টেৰে তৃতীয় স্থানত লাভ কৰিছে বিৰাট কোহলীয়ে, তাৰ পিছতে  ৭৯১ পইণ্টৰি চতুৰ্থ স্থানত  ৰোহিত শৰ্মাই স্থান লাভ কৰিছে।

৬) হাৰ্দিক পাণ্ডিয়া

হার্দিক পাণ্ডিয়াই অহা ২৬ জুনত ডাবলিনত আৰম্ভ হ’বলগীয়া আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন মেচৰ টি-২০ আই শৃংখলাৰ বাবে ভাৰতৰ ১৭ জনীয়া দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন। শেহতীয়াকৈ তেওঁ গুজৰাট টাইটানছক নেতৃত্ব দি আই পি এল ২০২২ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল । এই শৃংখলাৰ বাবে ভুৱনেশ্বৰ কুমাৰক  উপ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element