Join Assam Study Centre Channel

AHSEC H.S 2nd YEAR SOLUTION-SOCIOLOGY- STRUCTURE OF INDIAN SOCIETY

 ভাতীয় সমাজৰ গাথঁনি 
 
-উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ-
 

-সমাধান-




 


বস্তুনিষ্ঠ প্রশ্নোত্তৰ – ১ নম্বৰ বাবে 
 
 
 
 
১) পৃথিৱীত প্রথম পিয়লৰ প্রচলন ক’ত আৰু কেতিয়া হৈছিল ?
উঃ আমেৰিকাত, ১৭৯০ চনত।
 
২) ভাৰতত প্রথম পিয়লৰ কাম কেতিয়া আৰম্ভ হয় ?
উঃ ১৮৬৭-৭২ চনৰ মাজভাগৰ পৰা ।
 
৩) কিমান চনত ভাৰতত জনসাংখ্যিক নীতি আৰম্ভ হয় ?
উঃ ১৯৫২ চনত ।
 
৪) কিমান চনত ভাৰতে “ৰাষ্ট্রীয় পৰিয়াল পৰিকল্পনা আচঁনি” চৰকাৰীভাবে গ্রহণ কৰে ?
উঃ১৯৭৫ চনৰ পৰা ।
 
৫) ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান ?
উঃ প্রায় ১০৩ কোটি ।
 
৬) ভাৰতৰ সর্বনিম্ন লিংগ অনুপাত থকা ৰাজ্যখনৰ নাম লিখা ।
উঃ পাঞ্জাৱ ।
 
৭) “Essay on Population” নামৰ গ্রন্থখনৰ লিখক কোন ?
উঃ থমাছ ৰবার্ট মালথাচ ।
 
৮ ) ভাৰতত জাতীয়তাবাদৰ সুচনা কেতিয়া হৈছিল ?
উঃ ঊনবিংশ শতিকাৰ দ্বিতীয়ার্দ্ধৰ পৰা ।
 
৯) সামাজিক শ্রেণীয়ে কি বুজায় ?
উঃ সামাজিক শ্রেণীয়ে সামাজিক অসমতাক বুজায় ।
 
১০) ভাৰতত লোকপিয়ল কিমান বছৰৰ মূৰত কৰা হয় ?
উঃ প্রতি ১০ বছৰৰ মূৰত ।
 
১১) কিমান চনৰ পৰা নিয়মীয়াকৈ দশকীয় ভিত্তিক ভাৰতীয় লোকপিয়ল কৰা হৈছিল ?
উঃ ১৮৮১ চনৰ পৰা ।
 
১২) গ্রাম্য অর্থনীতিৰ মুল ভিত্তি কি ?
উঃ কৃষি ।
 
১৩) জন্ম -মৃত্যুৰ তথ্য জনোৱা কর্তৃপক্ষবোৰ কি কি ?
উঃ স্থানীয় আৰক্ষী বিভাগ, প্রাথমিক স্বাস্থ্য কেন্দ্র সমুহ ।
 
১৪) পৰিয়াল পৰিকল্পনা মানে কি?
উঃ পৰিয়াল পৰিকল্পনা হ’ল শিশুৰ জন্মৰ হাৰ হ্রাস-বৃদ্ধি নিয়ন্ত্রণ কৰাৰ এক ব্যবস্থা, যত পৰিয়ালৰ আকাৰ সৰু-ডাঙৰ কৰা ব্যবস্থা নিজৰ নিয়ন্ত্রাণাধীন ।
 
১৫) সামাজিক শ্রেণী এটা কিহৰ ভিত্তিক নির্বাচন কৰা হয় ?
উঃ ব্যক্তিৰ সামাজিক প্রস্থিতিৰ ওপৰত ভিত্তি কৰি ।
 
১৬) অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উঃ প্রতি বর্গ কিলোমিটাৰত ৩৪০ জন ।
 
১৭) ভাৰতৰ বর্তমানৰ সাক্ষৰতাৰ হাৰ কিমান ?
উঃ ৬৫.৩০ শতাংশ ।
 
১৮) ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি ?
উঃ পশ্চিমবঙ্গগত ।
 
১৯) গ্রাম্য সমাজত কোনবিধ পৰিয়ালৰ প্রাধান্যতা বেছি ?
উঃ যুটীয়া পৰিয়ালৰ।
 
২০)শ্রেণী ব্যবস্থাৰ এটা উদাহৰণ দিয়া ।
উঃ মুক্ত স্তৰীকৰণ ব্যবস্থা ।
 
২১) শিশুৰ লিঙ্গ অনুপাত বুলিলে কিমান বয়সৰ শিশুসকলক বুজা যায় ?
উঃ ০-৬ বছৰৰ শিশুসকল ।
 
২২)ভাৰতত কিমান চনত ঔপনিবেশিক যুগৰ আৰম্ভ হয় ?

উঃ ১৫০২ চনৰ পৰা ।

 

২ নম্বৰৰ প্রশ্নোত্তৰ

২৩) ঔপনিবেশিকতাবাদ মানে কি বুজা ?
 
উঃ কোনো শক্তিশালী দেশ বা ৰাষ্ট্রই আন কোনো দেশক নিজৰ নিয়ন্ত্রনত ৰখাকে ঔপনিবেশিকতাবাদ বোলে ।অর্থাৎ এখন দেশৰ ওপৰত আন এখন দেশৰ শাসন, শাসিত দেশখনৰ সম্পদ শাসকীয় দেশখনৰ কল্যাণ বা স্বার্থৰ বাবে ব্যৱহাৰ কৰা আদিয়েই ঔপনিবেশিকতাবাদ ।
 
২৪) জনসংখ্যা গাঠঁনি কি ?
উঃ জনসংখ্যা গাথঁনি বুলি কলে আমি বুজিম যে দেশখনৰ বিভিন্ন অংশত বিভাজিত মুঠ জনসংখ্যাক, জনসংখ্যাৰ ঘনত্বক, জন্ম-মৃত্যুৰ হাৰক, আন দেশৰ পৰা অহা প্রবজনকাৰী, শিক্ষা, লিঙ্গ হাৰ আদিক । জনসংখ্যা গাঠঁনিত বিভিন্ন দিশ আৰু বৈশিষ্টক অধ্যয়ন কৰা হয় ।
 
 
২৫) সামাজিক মানচিত্র মানে কি বুজা ?
 
উঃ সামাজিক মানচিত্র মানে আমি বুজিম এনে এক স্থান য’ত সমাজৰ প্রত্যেক ব্যক্তিয়ে নিজৰ অৱস্থান ধাৰণ কৰিব পাৰে । ব্যক্তিয়ে নিজৰ সম্পর্কিত ব্যক্তিসকলৰ মাজত নিজৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰে । ইয়াৰ সহায়ত ব্যক্তিয়ে নিজৰ সম্প্রদায়, অর্থনৈতিক শ্রেণী, ধর্ম, জাতি আদি বিভিন্ন স্থান সম্পর্কে জানিব পাৰে ।
 
২৬) প্রজন্ম ব্যবধানে কি বুজায় ?
 
উঃ প্রজন্ম ব্যবধানে সমাজত পুৰণি প্রজন্মৰ লগত নতুন প্রজন্মৰ মতবিৰোধ আৰু ভাবাদর্শৰ অমিল হোৱাটোক বুজায় । প্রজন্ম ব্যবধান প্রত্যেক সমাজতে যুগ-যুগান্তৰ পৰা চলি অহা এক সামাজিক ঘটনা ।
 
 
২৭) প্রতিফলন মানে কি ?
 
উঃ প্রতিফলন শব্দই বুজায় যে ব্যক্তিয়ে নিজৰ নিজৰ মানৱ সমাজখনক কেনেদৰে চাইছে । সেইদৰে প্রতিফলিত সমাজতত্বই সমাজতত্বক এটা ঘটনা হিচাপে চোৱাৰ চেষ্টা কৰে, যিদৰে সমাজৰ আন আন পৰিঘটনাবোৰকো অধ্যয়ন কৰে ।
 
 
২৮)  সামাজিক সংৰচনা মানে কি ?
 
উঃ সামাজিক সংৰচনা মানে কোনো এখন সমাজৰ সামগ্রিকভাবে বিভিন্ন অংশৰ আন্তঃসম্বন্ধৰ স্বৰূপ । যিদৰে এটা মানব দেহ গঠন হবলৈ বিভিন্ন অংগ-প্রত্যংগ সন্মিলিত হোৱা প্রয়োজনীয়, একেদৰে বিভিন্ন অংশ বা সমুহ লগলাগি সমাজ গঠন হয় । সমাজৰ এই সাংগঠনিক গঠন পদ্ধতিটোক সামাজিক সংৰচনা বুলি কোৱা হয় ।
 
 
২৯) জন্মহাৰ আৰু মৃত্যুৰ হাৰ মাজত পার্থক্য কি?
 
উঃ জন্মহাৰ আৰু মৃত্যুহাৰে জনসংখ্যাৰ হ্রাস-বৃদ্ধি কৰিব পাৰে । যাৰ পৰিণামত সমগ্র দেশৰ অর্থনীতিত এক পৰিৱর্তনে দেখা দি নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে । এইবোৰ কাৰণতে ই তাৎপর্যপূর্ণ ।
 
 
৩০) নগৰ অঞ্চলত কিমান প্রকাৰ শ্রেণী থাকে ?
 
উঃ সাধাৰণতে নগৰ অঞ্চলত তিনি প্রকাৰ শ্রেণী থাকে । সেইকেইটা হৈছে- উচ্চশ্রেণী, মধ্যশ্রেণী আৰু নিম্ন শ্রেণী ।
 
 
৩১) ভাৰতত জাতীয়তাবাদৰ উৎপত্তি কিদৰে হয় ?
 
উঃ বৃটিছসকলে ভাৰতত অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু প্রশাসনিক ঐক্য গঢ়ি পাশ্চাত্যৰ শিক্ষা-দীক্ষাৰ প্রচলন কৰিছিল । ইয়াৰ ফলত ভাৰতবাসীয়ে জ্ঞান-বিজ্ঞানৰ জড়িয়তে নিজকে এক সচেতন জাতি হিচাপে গঢ়ি তুলিবলৈ সুবিধা পায় আৰু এই ঔপনিবেশিক শাসনৰ ফলত ভাৰতত জাতীয়তাবাদী চিন্তাধাৰাৰ উৎপত্তি হয় ।
 
 
৩২) গ্রাম্য সমাজ কেই প্রকাৰ আৰু কি কি ?
 
উঃ গ্রাম্য সমাজ তিনি প্রকাৰৰ ।
 ক্রমে- জমিদাৰী গাওঁ, ৰায়তোৱাৰী গাওঁ আৰু সমবায়ভিত্তিক গাওঁ ।
 
৩৩) লিংগ অনুপাত মানে কি?
উঃ লিংগ অনুপাত হৈছে কোনো নিদিষ্ট এলেকাত নির্ধাৰিত সময়ৰ ভিতৰত প্রত্যেক ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা নির্ধাৰণ কৰা প্রক্রিয়া ।
 
 
৩৪) জনসংখ্যাৰ ঘনত্ব মানে কি ?
 
উঃ জনসংখ্যাৰ ঘনত্বই কোনো এখন দেশ বা এটা নিদিষ্ট এলেকাত বসবাস কৰা লোকৰ সংখ্যাক বুজায় ।এই সংখ্যাৰ পৰা জানিব পাৰি দেশখনত বা নিদিষ্ট এলেকাত প্রতি বর্গকিলোমিটাৰত গড় হিচাপে কিমান লোক বাস কৰে ।
 
 
৩৫) নৃ-গোষ্ঠী মানে কি বুজা ?
 
উঃ নৃ-গোষ্ঠীসমুহ হৈছে এক গোট, যি গোটৰ সদস্যসকলে একে সাংস্কৃতিক পৰিচয়ৰে নিজ গোটৰ প্রতি সচেতনতা ৰক্ষা কৰাৰ উপৰিও চাৰিওকাষে থকা আন আন গোটৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰখাৰ প্রয়াস কৰে।
 
 
৩৬) সাম্প্রদায়িকতাবাদ মানে কি ?
 
উঃ যিকোনো সম্প্রদায়ে নিজক ভালপোৱা আৰু সম্প্রদায় বিকাশৰ বাবে চেষ্টা কৰাই হৈছে সাম্প্রদায়িকতাবাদ । অর্থাৎ একোটা সম্প্রদায়ে সর্বভাৰতীয় চিন্তাধাৰাৰ পৰা পৃথক হৈ আহি নিজা সম্প্রদায়ৰ আত্মপৰিচয় আৰু আত্মবিকাশৰ বাবে জগাই তোলা প্রচেষ্টাই হৈছে সাম্প্রদায়িকতাবাদ ।
 
 
৩৭) সম্প্রদায় মানে কি?
 
উঃ এক নিদিষ্ট ভৌগোলিক অৱস্থানত উমৈহতীয়া স্বার্থৰে বাস কৰা ‘আমি ভাৱ সম্পন্ন’ জনসমুহ,যাৰ আর্থিক অৱস্থা পৰস্পৰ নির্ভশীল আৰু স্বায়ত্বশাসিত লোকৰ সমষ্টিয়েই হৈছে সম্প্রদায় ।
 
 
৩৮) শ্রেণীৰ সংজ্ঞা দিয়া ।
 
উঃ সমাজতত্ববিদ ডব্লিউ এল বার্ণাৰ মতে ” সমাজৰ কিছুমান ব্যক্তি বা ব্যক্তিৰ সমষ্টিক আন লোকসকলে মুল্যাংকন কৰি বিশেষ স্থানত বা প্রস্থিতিত অধিষ্ঠিত কৰাই হৈছে শ্রেণী ব্যবস্থা” ।
 
 
৩৯) ভাৰতীয় জাতীয় সংহতিৰ অন্তৰায় সমুহ কি কি?
 
উঃ ভাৰতীয় জাতীয় সংহতিৰ প্রধান অন্তৰায় সমুহ হৈছে – আঞ্চলিকতাবাদ, ভাষাবাদ, সাম্প্রদায়িকতাবাদ, পৃথক ৰাজ্যৰ দাবী ইত্যাদি ।
 
 
৪০) সাম্প্রদায়িক অস্তিত্ব কিদৰে গঠিত হয় ?
 
উঃ পৰিয়াল, স্বজনীয় সমুহ, জাতি সচেতনতা, নৃগোষ্ঠীয় ভাষা, ধর্ম ইত্যাদিৰ দ্বাৰা সাম্প্রদায়িক অস্তিত্ব গঠন হয় ।
 
 
৪১) জনসংখ্যা বৃদ্ধিৰ দুটা কাৰণ লিখা ।
 
উঃ ক) মৃত্যুৰ হাৰ তুলনাত জন্মৰ হাৰ বৃদ্ধি
      খ)  বিদেশী প্রবজন ।
 
 
৪২) গাঁৱলীয়া মানুহ নগৰমুখী হোৱাৰ দুটা কাৰণ উল্লেখ কৰা ।

উঃ   ক) কামৰ সুবিধা
         খ) উন্নত যাতায়ত-যোগাযোগ ব্যবস্থা ।


৪৩)জনসংখ্যা বিস্ফোৰণে কি বুজায় ?

উঃ যেতিয়া কোনো এখন দেশৰ জনসংখ্যা অত্যাধিকভাবে বৃদ্ধি পায় তাক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয় । যেতিয়া জনসংখ্যা এনে এক পৰিমাণলৈ বৃদ্ধি পায় যে ই ধ্বংসাত্মক ৰূপ লয় আৰু নানা সংকটে দেখা দিয়ে ।


৪৪) পৰনির্ভৰশীল অনুপাত মানে কি?

উঃ মুঠ জনসংখ্যাৰ যিসকল লোকে আনৰ ওপৰত নির্ভৰ কৰিবলগা হয়, তাক প্রকাশ কৰিবলগা ব্যবস্থাটোৱেই হৈছে পৰনির্ভৰশীল ব্যবস্থা ।


৪৫) শিশুৰ জন্মৰ হাৰ বুলিলে কি বুজা ?

উঃ কোনো এক নিদিষ্ট ভৌগোলিক এলেকাত, এটা নিদিষ্ট সময়ৰ ভিতৰত কিমানসংখ্যক লোকৰ জন্ম হৈছে তাকে বুজায় । প্রতি ১০০০ জন ব্যক্তিৰ মাজত এটা নিদিষ্ট সময়ৰ ভিতৰত কিমান শিশুৰ জন্ম হৈছে সেয়াই হৈছে শিশুৰ জন্মৰ হাৰ ।


৪৬)Demography শব্দটোৰ অর্থ লিখা ।

উঃ Demography বা জনগাথঁনি হৈছে জনসংখ্যাৰ বিষয়ে কৰা এক প্রণালীবদ্ধ অধ্যয়ন । গ্রীক শব্দ Demos অর্থাৎ মানুহ আৰু Graph অর্থাৎ বর্ণনা কৰা- এই শব্দ দুটাৰ সমন্বয়ত সৃষ্টি হৈছে ।মানুহ আৰু জনসংখ্যাক বিভিন্ন ধৰণেৰে বর্ণনা কৰাৰ কৌশলেই হৈছে জনগাথঁনি তত্ব ।


৪৭)জনসংখ্যাতত্ব কেইপ্রকাৰ, কি কি?

উঃ জনসংখ্যাতত্ব দুই প্রকাৰ । আনুষ্ঠানিক গাঠঁনি আৰু সামাজিক গাথঁনি ।


৪৮) শিশু লিংগ অনুপাত হ্রাসৰ বাবে জগৰীয়া যিকোনো দুটা কাৰক উল্লেখ কৰা ।

উঃ ক) পুৰুষপ্রধান ভাৰতীয় সমাজত পুৰুষসকলে মহিলাসকলতকৈ উচ্চ স্থান পায় বুলি ভাৰতীয় সমাজত এক ধাৰণা আছে যাৰ বাবে ল’ৰা সন্তানৰ প্রতি মানুহৰ আকাংক্ষা বেছি ।

       খ)  ভাৰতীয় গ্রাম্য সমাজত এতিয়াও সম্পত্তিৰ অধিকাৰ ক্ষেত্রত পুৰুষক বেছি প্রধান্য দিয়াৰ বাবে উত্তৰাধিকাৰী সুত্রে পুৰুষ সন্তান গাম্র্যবাসীয়ে কামনা কৰে ।


৪৯) প্রতিস্থাপন স্তৰ মানে কি বুজা ?

উঃ যেতিয়া জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ মাজৰ ব্যবধান শুন্য হয় বা অতি সামান্য হয় তেতিয়া আমি জনসংখ্যা সুস্থিৰ বুলি কওঁ । এই অৱস্থাটোক প্রতিস্থাপন স্তৰ বুলি কোৱা হয় ।


৫০) জনসংখ্যা গাথঁনিৰ কেইটামান সুচকৰ নাম লিখা ।

উঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ, প্রাকৃতিক বৃদ্ধি, জননশক্তিৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, মাতৃৰ মৃত্যুৰ হাৰ, পুৰুষ-মহিলাৰ অনুপাত, বয়সৰ গাথঁনি, স্বাক্ষৰতাৰ হাৰ, পৰনির্ভৰশীলতাৰ অনুপাত ।


৫১) জীৱনৰ আয়ুস মানে কি?

উঃ এটা নিদিষ্ট ভৌগোলিক অঞ্চলত একোজন মানুহ গড়ে কিমান বছৰ জীয়াই থাকে তাক প্রকাশ কৰাই হৈছে গড় আয়ুস ।


৫২) বর্দ্ধিত জনসংখ্যাৰ অসুবিধাবোৰ কি কি?

উঃ নিবনুৱা সমস্যাৰ সৃষ্টি, সামাজিক সমস্যা, ৰাজনৈতিক দিশত প্রভাব, বৃত্তি অৱলম্বনত অসুবিধা, দৰিদ্রতা, নিম্নমানৰ জীৱন পদ্ধতি  আদি ।


৫৩) মালথাচে আগবঢ়োৱা জনসংখ্যা নিয়ন্ত্রনৰ দুটা উপায় লিখা ।

উঃ ক)জন্ম নিয়ন্ত্রন

      খ) চৰকাৰী ব্যবস্থা ।


Leave a Comment

error: Warning, you aare not allowed to copy this element