Join Assam Study Centre Channel

AHSEC-H.S.2ND YEAR- POLITICAL SCIENCE SOLUTION- POLITICS OF PLANNED DEVELOPMENT

POLITICS OF PLANNED DEVELOPMENT
–পৰিকল্পিত বিকাশৰ ৰাজনীতি–



স্বাধীনতাৰ পাছত ভাৰতৰ সমুখত আহি পৰা অন্যান্য সমস্যাৰ লগতে গুৰুত্বপুর্ণ এটা সমস্যা আছিল অর্থনৈতিক বিকাশ । উন্নয়নৰ কথা চিন্তা কৰি ভাৰতীয় নেতাসকল দোমোজাত পৰিবলগীয়া হৈছিল । কাৰণ ভাৰতৰ সমুখত উন্নয়ণৰ দুটা পথ খোলা আছিল- পুজিঁবাদী উন্নয়ণৰ আর্হি আৰু সমাজবাদী আর্হি । ভাৰতে এই দুটাৰ এটাকো গ্রহণ নকৰি দুয়োটাৰে এক সংমিশ্রিত ব্যবস্থা গঢ়ি তুলিলে । অৱশ্যে ৰাছিয়াৰ অর্থনৈতিক ধাৰণাটো গ্রহণ কৰি পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ এক হাথিয়াৰ হিচাপে ব্যবহাৰ কৰাৰ সিদ্ধান্ত ললে ।


চমু উত্তৰ প্রশ্ন- ১ নম্বৰ বাবে




১) পৰিকল্পনাৰ ধাৰণাটো ভাৰতে কাৰ পৰা গ্রহণ কৰিছিল ?
উঃ ছোভিয়েট ৰাছিয়াৰ পৰা ।

২) POSCO ৰ সম্পুর্ণ নাম কি ?
উঃ POHANG IRON AND STEEL COMPANY

৩) উন্নয়ণৰ দুটা আর্হি আছিল, এটা সমাজবাদী আর্হি, আনটো কি ?
উঃ পুঁজিবাদী আর্হি ।

৪) পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল ?
উঃ ১৯৫০ চনত।

৫) FYP মানে কি?
উঃ Five Year Plan

৬) প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল ?
উঃ ১৯৫১ চনত ।

৭) প্রথম পঞ্চবার্ষিক পৰিকল্পনাত সন্নিবিষ্ট এটা বৃহৎ প্রকল্পৰ নাম লিখা ।
উঃ ভাক্রানাংগল প্রকল্প ।

৮ ) ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্রতিষ্ঠাপক কোন আছিল ?
উঃ পি. চি. মহলানবীশ ।

৯) খাদ্য সংকটৰ সময়ত ভাৰতে কোনখন দেশৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছিল ?
উঃ আমেৰিকাৰ ওপৰত ।

১০) AMUL ৰ  সম্পুর্ণ নাম লিখা ।
উঃ Anand Milk Union Limited ।

১১) ভাৰতৰ দুগ্ধমানৱ বুলি কাক কোৱা হয় ?
উঃ ভার্গিজ কুৰিয়েনক ।

১২) প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কোনটো খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ?
উঃ কৃষিখণ্ডৰ ওপৰত ।

১৩) পৰিকল্পনা আয়োগৰ অধ্যক্ষ  কোন আছিল ?
উঃ প্রধানমন্ত্রী ।

১৪) বর্তমান পৰিকল্পনা আয়োগৰ স্থানত কি আয়োগ গঠন কৰা হৈছে ?
উঃ নীতি আয়োগ ।

১৫) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত কোনটো খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ?
উঃ গধুৰ উদ্যোগৰ ওপৰত ।

১৬) পঞ্চবার্ষিক পৰিকল্পনা কোনে প্রস্তুত কৰিছিল ?
উঃ পৰিকল্পনা আয়োগে ।

১৭) সেউজ বিপ্লৱ কিহৰ লগত জড়িত আছিল ?
উঃ কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ লগত ।

১৮) পৰিকল্পনা আয়োগক এটা সাংবিধানিক সংস্থা বুলি কব পাৰিনে ?
উঃ নোৱাৰি ।

১৯) প্রথম পঞ্চবার্ষিক পৰিকল্পনা কিমান চনত শেষ হৈছিল ?
উঃ ১৯৫৬ চনত ।

২০) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল ?
উঃ ১৯৫৬ চনত ।

২১) পৃথিৱীৰ কোন দেশত প্রথম পঞ্চবার্ষিক পৰিকল্পনা প্রৱর্তন কৰা হৈছিল ?
উঃ ছোভিয়েট ৰাছিয়াত ।

২২) ভাৰতত কিমানটা পঞ্চবার্ষিক পৰিকল্পনা সম্পুর্ণ কৰা হ’ল?
উঃ ১২ টা ।

২৩) ভাৰতৰ সেউজ বিল্পৱৰ পিতৃ / নায়ক বুলি কাক অভিহিত কৰা হয় ?
উঃ ড নর্মান বৰলাউগক ।

২৪) ভাৰতে পৰিকল্পনা কিয় গ্রহণ কৰিছিল ?
উঃ দেশৰ সামগ্রীক বিকাশ ত্বৰাম্বিত কৰাৰ উদেশ্যে ।

২৫) কেৰালা আর্হি কি আছিল ?
উঃ ভাৰতৰ কেৰাালা চৰকাৰে বিকাশৰ বাবে গ্রহণ কৰা এটা আর্হি হ’ল কেৰালা আর্হি ।ইয়াত ৰাহহুৱা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ।

































Leave a Comment

error: Warning, you aare not allowed to copy this element