Join Assam Study Centre Channel

AHSEC- H.S. 2nd YEAR SOLUTION- SOCIOLOGY- SOCIAL INEQUALITY AND EXCLUSION

-সমাজশাস্ত্র-
–সামাজিক অসমতা আৰু বর্জন–
 
 
 
ভাৰতীয় সমাজত দৈনন্দিন জীৱনত ঘটি থকা সামাজিক অসমতা আৰু পৃথকীকৰণ প্রক্রিয়া এৰাবনোৱাৰা ঘটনা । সমাজৰ প্রতিজন লোকেই সামাজিক অসমতা, সামাজিক পৃথকীকৰণ প্রক্রিয়াৰ সৈতে অভ্যস্ত । সামাজিক অসমতা, বর্জন, জাতি, অন্যান্য পিছপৰা শ্রেণী, অস্পৃশ্যতা, অনুসুচীত জাতি, অনুসুচীত জনজাতি আদি ব্যবস্থাই সমাজখনক স্তৰীকৃত কৰিছে । এই পাঠটি এইবিলাক বিষয়ক লৈ জড়িত ।
 
বস্তুনিষ্ঠ প্রশ্নোত্তৰ- ১ নম্বৰ বাবে
 
 
 
 
১) ‘অস্পৃশ্যতা অপৰাধ অধিনিয়ম’ কিমান চনত গৃহীত হৈছিল ?
 
উঃ ১৯৫৫ চনত ।
 
 
২) ‘প্রথম পিছপৰা শ্রেণী আয়োগ’ কাৰ নেতৃত্বত গঠন হৈছিল ?
 
উঃ কাকা কালেলকাৰৰ নেতৃত্বত ।
 
 
৩) পিছপৰা শ্রেণী মানে কি ?
 
উঃ অনুসুচীত জাতি আৰু জনজাতিসকলৰ বাহিৰেও আৰু কিছুমান সম্প্রদায় আছে , যিবোৰ  সম্প্রদায়ে কিছুমান সামাজিক সমস্যাত ভূগি আছে আৰু তেওঁলোক আর্থিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত পিছপৰা তেনে সম্প্রদায়বোৰ ভাৰতীয় সংবিধানে পিছপৰা  শ্রেণী  বুলি  অভিহিত কৰিছে ।
 
 
৪) প্রথম বিশ্বনাৰী সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ?
 
উঃ ১৯৭৫ চনত মেক্সিকোত ।
 
৫) অস্পৃশ্য বুলি কোৱা জাতিসমুহক কি কি নাম দিয়া হৈছিল ?
 
উঃ হৰিজন, দলিত আদি নাম ।
 
৬) বন্ধ স্তৰীকৰণ ব্যবস্থাৰ এটা উদাহৰণ দিয়া ।
 
উঃ জাতি ব্যবস্থা ।
 
৭) মুক্ত স্তৰীকৰণ ব্যবস্থাৰ এটা উদাহৰণ দিয়া ।
 
উঃ শ্রেণী ব্যবস্থা ।
 
৮ ) কিমান চনত ‘ৰাষ্ট্রীয় সংখ্যালঘু আয়োগ অধিনিয়ম’ গঠন কৰা হয় ?
 
উঃ ১৯৯২ চনত ।
 
৯) ‘দলিত’ শব্দটোৰ আক্ষৰিক অর্থ কি?
 
উত্তৰঃ শব্দগত ভাবে দলিত শব্দই নিপীড়িতক বুজায় আৰু বশীভুত মানুহক নির্দেশিত কৰে । সাধাৰণতে অস্পৃশ্য সম্প্রদায়ক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয় ।
 
১০) হৰিজন শব্দটো কোনে ব্যৱহাৰ কৰিছিল? ইয়াৰ অর্থ কি ?
 
উঃ  হৰিজন শব্দ প্রথম মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল । ইয়াৰ অর্থ হৈছে ভগৱা্নৰ মানুহ ।
 
১১) ব্রাহ্ম সমাজ কোনে কেতিয়া প্রতিষ্ঠা কৰিছিল ?
 
উত্তৰঃ ১৮২৮চনত ৰাজা ৰামমোহন ৰায়ে ।
 
১২) ‘আদিবাসী’ শব্দটোৰ অর্থ কি ?
 
উত্তৰঃ আদিবাসী শব্দটোৰ অর্থ হৈছে আদিম বাসিন্দা । ঔপনিবেশিক চৰকাৰ, বহিৰাগতৰ অবাধ প্রবেশৰ        বিৰুদ্ধে চলোৱা সংগ্রামৰ ফলত ১৯৩০ চনত এই শব্দটোৰ সৃষ্টি হৈছিল ।
 
১৩) দলিত শব্দটো প্রথম আম্বেদকাৰে ব্যবহাৰ কৰিছিল- সত্য নে অসত্য ?
 
উত্তৰঃ  অসত্য ।
 
১৪) কোনে প্রথম মুছলমানসকলৰ মাজত সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল ?
 
উত্তৰঃ চাৰ আহমেদ খানে ।
 
১৫) আর্য সমাজৰ প্রতিষ্ঠাতা কোন ?
 
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতী ।
 
১৬) বঞ্চিত গোটবোৰ কি কি ?
 
উত্তৰঃ অনুসুচীত জাতি, অনুসুচিত জনজাতি, অন্যান্য পিছপৰা শ্রেণী ।
 
১৭) টোটেম কি ?
 
উত্তৰঃ জনজাতীয় সমাজত গছ-লতা, শিল বা জীৱ জন্তু আদি ভৌতিক বস্তুৰ ওপৰত বিশ্বাস ৰাখি  সেই ৰহস্যময় শক্তিক পুজা কৰাক টোটেমবাদ বোলে ।
 
১৮) কিহৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ জাতি নির্ণয় হয় ?
 
উত্তৰঃ জন্মৰ ওপৰত ভিত্তি কৰি ।
 
১৯) ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?
 
উত্তৰঃ ড বি. আৰ. আম্বেদকাৰ ।
 
২০) ভাৰতত হোৱা দুটা জাতিভিত্তিক আন্দোলনৰ নাম লিখা ।
 
উত্তৰঃ অসমৰ ভাষা আন্দোলন আৰু পাঞ্জাবীসকলৰ খালীস্তানৰ আন্দোলন ।
 
২১) ভাৰতত হোৱা এটা পাৰিপাশ্বিক আন্দোলনৰ নাম লিখা ।
 
উত্তৰঃ চিপকো আন্দোলন ।
 
২২) জনসংখ্যা বৃদ্ধিৰ দুটা কুফল উল্লেখ কৰা ।
 
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ দুটা কুফল হৈছে –
      ক) মূল্ধন সঞ্চয় নহয় ।
      খ) জীৱন ধাৰণৰ মানদণ্ড অৱনমিত ।
 
২৩) সামাজিক প্রতিবন্ধী বুলিলে কি বুজা ?
 
উত্তৰঃ সমাজত উচ্চ জাতি বা নিম্ন জাতিৰ মাজত বহুতো বাধ-নিষেধ থকা দেখা যায় । সামাজিক আন্তঃক্রিয়াৰ মাজত এই বাধাবোৰ বাবে নিম্নজাতৰ লোকে বহুতো কামকাজত পিছপৰি থাকে। যেনে- নিম্ন জাতিৰ মানুহে ধর্মপুথি পঢ়িব নোৱাৰে, উচ্চ জাতিৰ লগত মিলা মিছা কৰাত বাধা আদি । এইবিলাকক সামাজিক প্রতিবন্ধী বুলি কোৱা হয় ।
 
২৪) সমাজত পিছপৰা শ্রেণি কিহৰ ওপৰত ভিত্তি কৰি নির্ধাৰণ কৰা হয় ?
 
উত্তৰঃ অর্থনৈতিক দিশৰ ওপৰত ভিত্তি কৰি ।
 
২৫) মহিলাৰ বিৰুদ্ধে সংঘটিত কেইটামান অপৰাধ উল্লেখ কৰা ।
 
উত্তৰঃ যৌতুক প্রথা, বাল্য বিবাহ, সতীদাহ প্রথা, বিধবা বিবাহ নিষিদ্ধ, পর্দা প্রথা  আদি ।
 
২৬) সংস্কাৰ আন্দোলন মানে কি বুজা ?
 
উত্তৰঃ সমাজৰ পৰা কু-সংস্কাৰ, কু-প্রথা, অন্ধবিশ্বাস আতঁৰাই নিম্নশ্রেণী, নিম্নজাতিৰ মানুহৰ উন্নতি সাধন কৰিবলৈ সমাজৰ নাৰী জাতিক শিক্ষা-দীক্ষা আৰু দমন নীতিৰ পৰা মুক্ত কৰিবলৈ সমাজত যিসমুহ আন্দোলন হয় সেইবিলাকক সংস্কাৰ আন্দোলন বুলি কোৱা হয় ।
 
২৭) অনিতা ঘাই কোন ?
 
উত্তৰঃ অনিতা ঘাই হৈছে শাৰিৰীকভাবে অক্ষম লোকসকলৰ সামাজিক স্থানৰ বাবে মাত মাতি অহা এগৰাকী সমাজ সংস্কাৰক ।
 
২৮) কু-সংস্কাৰ কি ?
 
উত্তৰঃ সমাজৰ কিছুমান শ্রেণীৰ লোকে অন্য কিছুমান শ্রেণীৰ লোকৰ ওপৰত পূর্বতে ভাবি লৈ কৰা কিছুমান ধাৰণা, যি ধাৰণাই সমাজৰ বিভিন্ন সময়ত যোগাত্মক বা ঋণাত্মক দুয়োধৰণেৰে প্রভাব পেলায় । কোনো প্রমাণ নোপোৱাকৈ বা এটা বিষয়ক ভালকৈ নজনাকৈয়ে সেই বিষয়টোৰ ওপৰত আগেয়ে কোনো মতত উপনীত হোৱা ধাৰণা ।
 
২৯) অস্পৃশ্যতা মানি কি ?
 
উত্তৰঃ অস্পৃশ্যতা মানে হৈছে পবিত্রতা আৰু অপবিত্রতাৰ ওপৰত গঢ়ি উঠা ভাৰতীয় সমাজৰ এক সামাজিক নিয়ম প্রণালী । ইয়াৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সমাজৰ কিছুমান জাতিক নিম্ন স্থানত, কিছুমানক উচ্চ স্থানত ৰখা হৈছে ।
 

Leave a Comment

error: Warning, you aare not allowed to copy this element