Join Assam Study Centre Channel

AHSEC H.S. 2ND YEAR POLITICAL SCIENCE SOLUTION- US HEGEMONY IN WORLD POLITICS

AHSEC H.S. 2ND YEAR POLITICAL SCIENCE SOLUTION- US HEGEMONY IN WORLD POLITICS

আন্তঃৰাষ্ট্রীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য




শীতল যুদ্ধৰ অৱসানৰ লগে লগে দ্বি-কেন্দ্রীক ব্যৱস্থাৰো অৱসান ঘটিছিল । ছোভিয়েত ইউনিয়নৰ পতনৰ লগে লগে সমগ্র বিশ্বত আমেৰিকাক একমাত্র বৃহৎ শক্তিত পৰিণত কৰিলে । ইয়াৰ ফলতেই একমেৰু ৰাষ্ট্র ব্যৱস্থাৰ উদ্ভৱ হ’ল য’ত আমেৰিকাৰ আধিপত্য সর্বত্র বিদ্যমান হৈছিল। ১৯৯১ চনৰ পাছতে আমেৰিকাই বিশ্ব ৰাজনীতিত প্রভুত্ব চলোৱাৰ সুবিধা পাইছিল যদিও কেইটামান বিশেষ আন্তঃৰাষ্ট্রীয় পৰিস্থিতিথে ইয়াৰ বহিঃপ্রকাশ ঘটিছিল । তাৰ ভিতৰত ১৯৯১ চনৰ উপ-সাগৰীয় যুদ্ধ, ৯/১১ ঘটনা, ইৰাক আক্রমণ আদি উল্লেখযোগ্য ।
    
       বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্রভুত্ব তিনিটা দিশত প্রতিফলিত হৈছিল- সামৰিক, অর্থনৈতিক আৰু সাংস্কৃতিক । অৱশ্যে বিশ্ব ৰাজনীতিত আমেৰিকাই আধিপত্য বিস্তাৰৰ বাবে চলোৱা প্রচেষ্টা বাধাহীন আছিল বুলি ক’ব নোৱাৰি । ভাৰতৰ সৈতে আমেৰিকাৰ সেই সময়ৰ সম্পর্ক কেনেকুৱা আছিল সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে ।

চমু উত্তৰৰ প্রশ্ন -১ নম্বৰৰ বাবে
১)এক মেৰু ব্যবস্থা বুলিলে কি বুজা ?
উঃ পৃথিৱীৰ প্রায়বোৰ ক্ষমতা আৰু প্রতিপত্তি যেতিয়া এটা কেন্দ্র বা এখন দেশত কেন্দ্রীভুত হৈ পৰে ইয়াকে এক মেৰু ব্যবস্থা বুলি কোৱা হয় ।
২) আধিপত্য শব্দটো উৎপত্তিৰ উৎস ৰোমান সাহিত্যৰ বুলি কোৱা হয়- শুদ্ধ / অশুদ্ধ
উঃ অশুদ্ধ
৩) নমনীয় শক্তি কি?
উঃ আমেৰিকাই নিজৰ আদর্শ তথা চিন্তাধাৰাৰ প্রভাবৰ দ্বাৰা আন ৰাষত্রৰ ওপৰত নৰমভাবে প্রভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাকে নমনীয় শক্তি বুলি কোৱা হয় ।
৪) প্রথম উপ-সাগৰীয় যুদ্ধ কেতিয়া হৈছিল?
উঃ- ১৯৯১ চনত ।
৫) কঠিন শক্তি কি?
উঃ অস্ত্র-শস্ত্রৰে সু-সজ্জিত তথা সুসংগঠিত সামৰিক বাহিনীক কঠিন শক্তি বুলি কোৱা হয় ।
৬) Operation Desert Storm বুলিলে কি বুজা ?
উঃ আমেৰিকাই নেতৃত্ব বহন কৰি ৩৪ খন ৰাষ্ট্রৰ সন্মিলিত গোট এটাই ইৰাকৰ বিৰুদ্ধে চলোৱা সন্মিলিত যুদ্ধখনকে মৰুভূমিৰ অভিযান বুলি কোৱা হয় ।
৭) গঠন্মুলক শক্তিৰ পৰিচায়ক হিচাপে আধিপত্যৰ অন্যতম এটা উদাহৰণ দিয়া ।
উঃ গঠন্মুলক শক্তিৰ পৰিচায়ক হিচাপে আধিপত্যৰ অন্যতম এটা উদাহৰণ   হ’ল বিশ্বব্যাপী সংযোগ ।

৮ ) সমসাময়িক বিশ্ব ৰাজনীতিত সংঘটিত হোৱা ৯ / ১১ ই কোনটো ঘটনাক বুজায় ?
উঃ ২০০১ চনৰ ১১ চেপ্তেম্বৰত আৰৱৰ বিভিন্ন দেশৰ পৰা অহা ১৯ জন অপৰণকাৰীয়ে চাৰিখন বিমান অপহৰণ কৰি আমেৰিকাৰ নিউয়র্ক চহৰৰ কেইটামান অতি গুৰুত্বপুর্ণ কেন্দ্রত আত্মঘাতী আক্রমণ চলোৱা ঘটনাক ৯ / ১১ ক বুজায় ।

৯) কোন বছৰত ইৰাকে কুৱেইট আক্রমণ কৰিছিল ?
উঃ ১৯৯১ চনত ।

১০) আমেৰিকান ক্ষমতাৰ এটা বাধ্যবাধকতা উল্লেখ কৰা ।
উঃ যুক্তৰাষ্ট্রীয় গাঠঁনি ।

১১) মার্কিন আধিপত্যৰ কেতিয়া আৰম্ভণি হৈছিল ?
উঃ ১৯৯১ চনত ছোভিয়েত ইউনিয়নৰ পতনৰ পাছৰ পৰা ।

১২) কিমান চনত মার্কিন সামৰিক গৱেষণা প্রকল্প আৰম্ভ হৈছিল ?
উঃ ১৯৫০ চনত ।

১৩) গোলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া ।
উঃ ইণ্টাৰনেট ।

১৪) গোলকীয় গাওঁ কি?
উঃ গোলকীয় গাওঁ হ’ল বর্তমান সমগ্র বিশ্বখন তথ্য-প্রযুক্তি আৰু সংযোগ ব্যৱস্থাৰ অভুতপূর্ব বিকাশৰ ফলত সংকুচিত হৈ পৰা বিশ্ব ।

১৫) “প্রথম উপ-সাগৰীয় যুদ্ধ’ৰ সময়ত মার্কিন ৰাষ্ট্রপতি কোন আছিল ?
উঃ জর্জ ডব্লিউ বুশ্ব ।

১৬) মার্কিন যুক্তৰাষ্ট্রৰ বাহিৰত প্রথম এম.বি.এ. পাঠ্যক্রম কেতিয়া আৰম্ভ হৈছিল ?
উঃ ১৯৫০ চনত ।

১৭) ৯ / ১১  আক্রমণত কিমান লোক নিহত হৈছিল ?
উঃ প্রায় তিনি হাজাৰ লোক ।

১৮) ১৮৮১ চনত মার্কিন যুক্তৰাষ্ট্রত প্রতিষ্ঠা কৰা প্রথমখন বাণিজ্যিক স্কু্লৰ নাম লিখা ।
উঃ হার্টন স্কুল ।

১৯) আমেৰিকাৰ প্রতিৰক্ষা বিভাগৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?
উঃ ভার্জিনিয়াত ।

২০) শীতল যুদ্ধ কিমান দিন চলিছিল ?
উঃ ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ ।

২১) আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্রত হোৱা আক্রমণৰ লগত কোন জড়িত আছিল বুলি ভবা হয় ?
উঃ আল-কাইদা আৰু ওচামা বিন লাডেন ।

২২) আমেৰিকাই কাৰ বিৰুদ্ধে Operation Enduring Freedom আৰম্ভ কৰিছিল ?
উঃ ৯ / ১১ ৰ আক্রমণৰ লগত জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে ।

২৩) ছোভিয়েত ইউনিয়নে কেতিয়া আফগানিস্থানৰ পৰা সৈন্য-বাহিনী আতঁৰাি নিছিল ?
উঃ ১৯৮৯ চনত ।

২৪) শীতল যুদ্ধৰ অৱসানৰ পাছত কেনেকুৱা বিশ্ব মানুহে প্রত্যক্ষ কৰিছিল ?
উঃ একমেৰু বিশ্ব ।

২৫) ২০০৩ চনত আমেৰিকাই ইৰাক আক্রমণ কৰা ঘটনাটোক কি বুলি জনা যায় ?
উঃ অপাৰেশ্বন ইৰাকী ফ্রীডম ।

২৬) WMD ৰ সম্পুর্ণ নাম কি ?
উঃ Weapons of Mass Destruction ।

২৭)  আমেৰিকাৰ ইৰাক আক্রমণৰ সময়ত ইৰাকৰ ৰাষ্ট্রপতি কোন আছিল ?
উঃ ছাদ্দাম হুছেইন ।

Leave a Comment

error: Warning, you aare not allowed to copy this element