Join Assam Study Centre Channel

AHSEC H.S 2ND YEAR POLITICAL SCIENCE SOLUTION-“CHALLENGES TO AND RESTORATION OF CONGRESS SYSTEM”

কংগ্রেছ ব্যৱস্থাৰ প্রতি প্রত্যাহব্বান আৰু পুনৰ প্রতিষ্ঠা



ভাৰতৰ প্রথম তিনিটা সাধাৰণ নির্বাচনত কংগ্রেছ দলেই এক প্রকাৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল । কিন্তু দেশত ৬০ ৰ দশকত কংগ্রেছৰ এনে আধিপত্যৰ প্রতি প্রত্যাহব্বানৰ সৃষ্টি হৈছিল আৰু এই প্রত্যাহব্বান পুনৰ ২০১৪ চনৰ পৰা বর্তমানলৈকে আমি দেখিবলৈ পাইছো । ৰাজনৈতিক প্রতিযোগিতাৰ তীব্রতা আৰু বিৰোধী দলসমুহ অধিক ঐক্যবদ্ধ হোৱাৰ বাবে কংগ্রেছ দলৰ পক্ষে পূর্বৰ আধিপত্য বজাই ৰখাটো জটিল হৈ পৰিছিল । তদুপৰি দলটোৰ ভিতৰচ’ৰাত সংঘটিত কিছুমান ঘটনাইয়ো কংগ্রছ দলক সংকটত পেলাইছিল । এনে সময়তে ১৯৬৪ চনত নেহেৰুৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰাধিকাৰীক লৈ বহু প্রশ্ন উত্থাপন হৈছিল । এনে সময়তে দৰিদ্রতা, অসমতা, সাম্প্রদায়িক আৰু আঞ্চলিক বিভাজনে দেশক জুৰুলা কৰিছিল  এই বিষয়বিলাকৰ পৰিপ্রেক্ষিতত কংগ্রেছ দলৰ প্রতি ভাবুকি আহিছিল আৰু ক্ষমতাৰ পৰা আতঁৰি যাব লগীয়া হৈছিল ।

চমু উত্তৰ প্রশ্ন- ১ নম্বৰ বাবে

১) চিণ্ডিকেট বুলিলে কি বুজা?
উঃ কংগ্রেছ দলৰ ভিতৰত থকা প্রভাবশালী আৰু ক্ষমতাশালী নেতাসকলৰ সমষ্টিটোক ‘চিণ্ডিকেট’ বুলি জনা গৈছিল ।

২) দল বাগৰা নীতি বুলিলে কি বুজা ?
উঃ এজন নির্বাচিত প্রতিনিধিয়ে যিটো দলৰ পৰা টিকত লৈ নির্বাচনত জয়ী হৈছিল, সেই দল ত্যাগ কৰি অন্য দলত যোগদান কৰাক দল বাগৰা ৰাজনীতি বুলি জনা যায় ।

৩)শ্লোগান মানে কি?
উঃ জনসাধাৰণক আকর্ষিত কৰিবৰ বাবে ব্যৱহাৰ কৰা মনোগ্রাহী খণ্ডবাক্য ।

৪) “জয় জোৱান, জয় কিষাণ”- শ্লোগান কোনে আগবঢ়াইছিল ?
উঃ লাল বাহাদুৰ শাস্ত্রীয়ে ।

৫) “গৰীবী হটাও” শ্লোগান কোনে আগবঢ়াইছিল ?
উঃ ইন্দিৰা গান্ধীয়ে ।

৬) ভাৰতত কোনটো দশকক ভয়ানক দশক বুলি কোৱা হয় ?
উঃ ১৯৬০ ৰ দশকক ।

৭) লাল বাহাদুৰ শাস্ত্রী কোনখন ৰাজ্যৰ আছিল?
উঃ উত্তৰ প্রদেশৰ ।

৮ ) ভাৰতৰ প্রধানমন্ত্রী হিচাপে লা্লবাহাদুৰ শাস্ত্রীৰ উত্তৰাধিকাৰী কোন আছিল ?
উঃ ইন্দিৰা গান্ধী ।
৯) ভাৰতৰ ৰাজনৈতিক  আৰু নির্বাচনী ইতিহাসত কনটো বর্ষক যুগান্তকাৰী বর্ষ বুলি অভিহিত কৰা হয় ?
১০) ১৯৬৭ চনক ।
১০) DMK ৰ সম্পুর্ণ নাম লিখা ।
উঃ Dravida Munnetra Kazhagam ।
১১) ভাৰতত কেতিয়াৰ পৰা মর্চা চৰকাৰ আৰম্ভ হৈছিল ?
উঃ ১৯৬৭ চনৰ পৰা ।
১২) কোনটো অঞ্চলৰ বি্ধায়কৰ লগত ‘আয়া ৰাম, গয়া ৰাম’ ব্যাক্যাংশ জড়িত ?
উঃ হাৰিয়ানা ।
১৩) চতুর্থ সাধাৰণ নির্বাচন কেতিয়া হৈছিল ?
উঃ ১৯৬৭ চনত ।
১৪) ১৯৬৭ চনৰ লোকসভা নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছে কিমানখন আসন লাভ কৰিছিল ?
উঃ ২৮৩ খন ।
১৫) SVD ৰ সম্পুর্ণ নাম লিখা ।
উঃ Sanyukt Vidhayak Dal ।
১৬) পণ্ডিত জৱাহৰলাল নেহেৰুৰ কেতিয়া মৃত্যু হৈছিল ?
উঃ ১৯৬৪ চনৰ ২৭ মে’ত।
১৭) কংগ্রেছৰ চিণ্ডিকেটৰাজক কোনে নেতৃত্ব দিছিল?
উঃ কে. কামৰাজে ।
১৮)ডি. এম.কে ভাৰতৰ উত্তৰ প্রদেশ / তামিলনাডু / মধ্যপ্রদেশৰ অন্তঃভূক্ত আছিল ।
উঃ তামিলনাডুৰ ।
১৯) লালবাহাদুৰ শাস্ত্রী ভাৰতৰ প্রথম / দ্বিতীয় / তৃতীয় প্রধানমন্ত্রী আছিল ।
উঃ দ্বিতীয় ।
২০) “ইন্দিৰা হটাও” শ্লোগান কোনে আগবঢ়াইছিল ?
উঃ ১৯৭১ চনত কংগ্রেছৰ সভাপতি এছ নিজামিংগাপ্পাই বৃহৎ মিত্রজোটঁৰ হৈ ‘ইন্দিৰা হটাও’ শ্লোগান আগবঢ়াইছিল ।
২১) নেহেৰুৰ মৃত্যুৰ পাছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল?
উঃ লাল বাহাদুৰ শাস্ত্রী ।
২২) লালবাহাদুৰ শাস্ত্রী কিমান চনৰ পৰা কিমান চনলৈকে প্রধানমন্ত্রী হৈছিল?
উঃ ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈকে।
২৩) ভাৰতৰ চতুর্থ সাধাৰণ নির্বাচন কেতিয়া হৈছিল ?
উঃ ১৯৬৭ চনত ।
২৪) কংগ্রেছ দলৰ বিভাজন কেতিয়া হৈছিল?
উঃ ১৯৬৯ চনত ।
২৫) ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল?
উঃ ১৯৮৪ চনৰ ৩১ অক্টোবৰত ।
২৬) কোনটো দলে ‘গৰীবী হটাও’ শ্লোগান দিছিল ?
উঃ কংগ্রেছ (আৰ) ।
২৭) তাচখন্ড চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ?
উঃ ১৯৬৬ চনত ।
২৮) ভাৰতৰ পঞ্চম সাধাৰণ নির্বাচন কিমান চনত অনুষ্ঠিত হৈছিল ?
উঃ ১৯৭১ চনত ।
২৯) ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল ?
উঃ ৰাজীৱ গান্ধী ।
৩০) ১৯৬৯ চনৰ সাধাৰ নির্বাচনত কোনে জয়লাভ কৰিছিল ?
উঃ ভি.ভি. গিৰিয়ে ।
৩১) ভাৰতৰ প্রথম মহিলা প্রধান্মন্ত্রী কোন আছিল ?
উঃ ইন্দিৰা গান্ধী ।
৩২) ভাৰতৰ দ্বিতীয় গৰাকী প্রধানমন্ত্রী কোন আছিল ?
উঃ লাল বাহাদুৰ শাস্ত্রী ।
৩৩) কিমান চনত ভাৰতত দলত্যাগ বিৰোধী আইন প্রণয়ন কৰা হৈছিল ?
উঃ ১৯৮৫ চনত ।
৩৪) সংবিধানৰ কিমানতম্‌ সংশোধনীৰ যোগেদি দলত্যাগ বিৰোধী আইন প্রণয়ন কৰা হৈছিল ?
উঃ ৫২ তম্‌ সংশোধনী ।
৩৫)’আয়া ৰাম, গয়া ৰাম’ ব্যাক্যাংশৰ যোগেদি কিহক বুজোৱা হয় ?
উঃ দল বাগৰা ৰাজনীতিক ।
৩৬) কংগ্রেছ ছচিয়েলিষ্ট দলৰ প্রতিষ্ঠাপক কোন আছিল ?
উঃ আচার্য নৰেন্দ্র দেব ।
৩৭) ১৯৭০ চনত ইন্দিৰা গান্ধীৰ চৰকাৰলৈ জনপ্রিয়তা আনি দিয়াৰ এটা কাৰণ উল্লেখ কৰা ।
উঃ বাংলাদেশৰ যুদ্ধত তেওঁ গ্রহণ কৰা বলিষ্ঠ ভূমিকা ।
৩৮) ১৯৬৭ চনত কোনটো দল লোকসভাৰ মুখ্য বিৰোধী দল আছিল ?
উঃ স্বতন্ত্র দল ।
৩৯) ২০১৪ চনত কোনটো দল ক্ষমতালৈ আহিছিল ?
উঃ ভাৰতীয় জনতা দল ।







Leave a Comment

error: Warning, you aare not allowed to copy this element