শীতল যুদ্ধৰ যুগ
২১) শীতল যুদ্ধ সম্পৰ্কত তলৰ কোনটো উক্তি শুদ্ধ নহয় ?
(ক) ই আমেৰিকা আৰু ছােভিয়েট ইউনিয়ন আৰু সিহঁতৰ মিত্ৰগোষ্ঠীৰ মাজত চলা এক প্রকাৰৰ প্রতিযোগিতা আছিল।
(খ) ই দুই শক্তিগোষ্ঠীৰ মাজৰ এক আদর্শগত সংঘাত।
(গ) ই অস্ত্র-শস্ত্ৰৰ এক প্রতিযোগিতাৰ সূচনা কৰিছিল।
(ঘ) আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন প্রত্যক্ষ সংগ্ৰামত লিপ্ত হৈছিল।
উত্তৰ : (ঘ)
২২) তলৰ কোনটো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ লক্ষ্য নহয় ?
(ক) নতুনকৈ স্বাধীনতা লাভকৰা দেশবোৰক স্বাধীন বৈদেশিক নীতি ৰচনাৰ সুবিধা দিয়া।
(খ) কোনো সামৰিক গোষ্ঠীত যোগদান নকৰা।
(গ) আন্তঃৰাষ্ট্ৰীয় বিষয়ত নিৰপেক্ষতা অৱলম্বন কৰা।
(ঘ) গোলকীয় অর্থনৈতিক অসমতা দূৰ কৰা।
উত্তৰ : (গ)
২৩) শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৪৫ চনৰ পাছত অথাৎ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ সময়ছোৱাতে শীতল যুদ্ধৰ আৰম্ভণি হৈছিল।
২৪) NATO-ৰ সম্পূর্ণ নামটো কি?
উত্তৰ: North Atlantic Treaty Organisation (NATO) অর্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন।
২৫) Warsaw চুক্তি মানে কি?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পোলেণ্ড, পুব-জার্মানী, হাংগেৰী আৰু চেকশ্লোভাকিয়াকে ধৰি ৮ খন ৰাষ্ট্র লগ হৈ NATO-ক প্রত্যাহ্বান জনাবলৈ যি সামৰিক চুক্তি সম্পাদন কৰা হয় সেয়ে হ’ল Warsaw চুক্তি।
২৬) Warsaw চুক্তিৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: Warsaw চুক্তিৰ মুখ্য উদ্দেশ্য আছিল NATO শক্তিক প্রতিৰোধ কৰা।
২৭) বাক্যটো শুদ্ধকৈ লিখা ।
‘আমেৰিকাই সমাজবাদী আদর্শ অনুকৰণ কৰিছিল’
উত্তৰঃ আমেৰিকা যুক্তিৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শক অনুসৰণ কৰিছিল।
২৮) খালী স্থান পূৰ কৰা ।
(ক) দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে ______যুদ্ধৰ আৰম্ভ হয়।
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে শীতল যুদ্ধৰ আৰম্ভ হয়।
২৯) শীতল যুদ্ধৰ সময়ছোৱা নিৰ্ধাৰণ কৰা।
উত্তৰঃ ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ।
৩০) হয় বা নহয় লিখা ।
“শীতল যুদ্ধ আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত আৰু সিহঁতৰ লগত জড়িত ৰাষ্ট্ৰৰবাৰৰ মাজত হোৱা এক প্রতিদ্বন্দ্বিতা’।
উত্তৰঃ হয়।
৩১) দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তিগোষ্ঠী আৰু কেন্দ্রীয় শক্তি (axis power)ক কোনে প্রতিনিধত্ব কৰিছিল ?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্রান্স আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তিগোষ্ঠী। আনহাতে, জার্মানী, ইটালী আৰু জাপান আছিল কেন্দ্রীয় শক্তি।
৩২) দ্বিতীয় বিশ্বযুদ্ধৰ কেনেকৈ অৱসান ঘটিছিল?
উত্তৰঃ ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমা আৰু নাগাচাকি নামৰ দুখন ঠাইত পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ পাছতে জাপানে আত্মসমর্পন কৰিবলৈ বাধ্য হয়। তাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে।
৩৩) দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উত্থান হোৱা দুই মহাশক্তি কি আছিল?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উত্থান হোৱা দুই মহাশক্তি হ’ল পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্র ছোভিয়েট ৰাছিয়া।
৩৪) দ্বিতীয় মহাযুদ্ধৰ সময়ত কোন দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰা হৈছিল?
উত্তৰ: জাপানৰ হিৰোছিমা আৰু নাগাচাকি নামৰ দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰা হৈছিল।
৩৫) দ্বিতীয় মহাযুদ্ধ সংঘটিত হৈছিল—
(ক) ১৯১৪-১৯
(খ) ১৯২০-১৯২৫
(গ) ১৯৪০-৪২
(ঘ) ১৯৩৯-১৯৪৫
উত্তৰঃ ঘ
৩৬) শীতল যুদ্ধ আছিল—
(ক) ক্ষমতাকেন্দ্রিক এক ঘটনা
(গ) সামৰিক মিত্ৰতা
(খ) আদর্শগত সংঘাত
(ঘ) আটাইকেইটাই।
উত্তৰঃ ঘ
৩৭) শীতল যুদ্ধ সংঘটিত হৈছিল—
(ক) ভাৰত আৰু পাকিস্থানৰ মাজত
(গ) দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত
(খ) ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত
(ঘ) আমেৰিকান গোষ্ঠী আৰু ছোভিয়েট গোষ্ঠীৰ মাজত।
উত্তৰঃ ঘ
৩৮) কিউৰাৰ মিছাইল সংকট সংঘটিত হৈছিল—
(ক) ১৯৫৫
(খ) ১৯৫২
(গ) ১৯৬০
(ঘ) ১৯৭১
উত্তৰঃ ঘ
৩৯) NATO (North Atlantic Treaty Organisation)ৰ আৱিৰ্ভাৱ হৈছিল—
(ক) ১৯৪৯
(খ) ১৯৫৫
(গ) ১৯৫২
(ঘ) ১৯৫০
উত্তৰঃ ক
৪০) জার্মানীক একত্রিত কৰা হৈছিল—
(ক) ১৯৯০
(খ) ১৯৮৮
(গ) ১৯৯১
(ঘ) ১৯৯২
উত্তৰ : ক
৪১) ভাৰতে ছোভিয়েট ৰাছিয়াৰ সৈতে বন্ধুত্বসুলভ চুক্তি স্বাক্ষৰ কৰিছিল—
(ক) ১৯৬৫
(খ) ১৯৭১
(গ) ১৯৭০
(ঘ) ১৯৯১
উত্তৰ : ঘ
৪২) ছোভিয়েট ইউনিয়নৰ পতন (Disintegration) আৰু শীতলযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল—
(ক) ১৯৯০
(খ) ১৯৯১
(গ) ১৯৯২
(ঘ)১৯৮৯
উত্তৰ : ঘ
৪৩) শীতল যুদ্ধ বুলিলে কি বুজা?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৃথিৱীত আবিৰ্ভাৱ হোৱা আমেৰিকা আৰু ছোভিয়েট নেতৃত্বাধীন দুই শক্তিগগাষ্ঠীৰ মাজত চলি থকা পাৰস্পৰিক অবিশ্বাস-বিদ্বেষ আৰু প্রতিদ্বন্দ্বিতাকেই আন্তঃৰাষ্ট্ৰীয়
ৰাজনীতিত শীতল যুদ্ধ নামেৰে নামকৰণ কৰা হয়।
৪৪) আমেৰিকা নেতৃত্বাধীন গোষ্ঠী বা Western Bloc ত অন্তর্ভুক্ত দুখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ বৃটেইন, ফ্রান্স।
৪৫) ছোভিয়েট গোষ্ঠী বা Eastern Bloc ত অন্তর্ভুক্ত দুখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ পোলেণ্ড, পূর্ব জার্মানী।
৪৬) NATO ৰ সদস্য ৰাষ্ট্ৰসমূহৰ নাম লিখা।
উত্তৰঃ NATO মুঠ ১২খন সদস্য ৰাষ্ট্ৰ আছিল। সেইবোৰ হ’ল আমেৰিকা, ব্রিটেইন, ফ্রান্স, কানাডা,
নৰৱে, ডেনমার্ক, বেলজিয়াম, তুকী, গ্ৰী্ আয়াৰলেণ্ড, আইচলেণ্ড আৰু লাক্সেমবার্গ।
৪৭) WARSAW Pact বুলিলে কি বুজা?
উত্তৰঃ আমেৰিকাই গঠন কৰা NATO শক্তিক প্রতিহত কৰিবৰ বাবে ১৯৫৫ চনত ছোভিয়েট ইউনিয়নে এক সামৰিক গোষ্ঠীৰ সৃষ্টি কৰিছিল। ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ আছিল— ছোভিয়েট ইউনিয়ন, পোলেণ্ড, পূব জার্মানী, হাংগেৰী, চেকোশ্লাভিয়া ইত্যাদি।
৪৮) CENTO বুলি ক’লে কি বুজা?
উত্তৰঃ CENTO ৰ সম্পূৰ্ণ ৰূপ হৈছে Central Treaty Organisation । ১৯৫৫ চনত আমেৰিকা, পাকিস্থান, ইৰান, ইৰাক আৰু তুর্কীৰ মাজত হোৱা ই এক সামৰিক মিত্ৰতা চুক্তি।
৪৯) SEATO কি?
উত্তৰ : SEATO ৰ সম্পূৰ্ণ ৰূপ হৈছে South East Asia Treaty Organisation। ১৯৫৪ চনত আমেৰিকা, ব্রিটেন, ফ্রান্স, অষ্ট্রেলিয়া, পাকিস্থান, নিউজিলেণ্ড ফিলিপাইনচ আৰু থাইলেণ্ডৰ মাজত সম্পাদিত ই এক সামৰিক মিত্ৰতা চুক্তি।
৫০) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাৰ লগত জড়িত দুজন ব্যক্তিৰ নাম লিখা।
উত্তৰঃ (১) জৱাহৰলাল নেহেৰু (২) ডঃ সুকার্ণো
৫১) দ্বিতীয় মহাযুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰ : আমেৰিকা, ছোভিয়েট ইউনিয়ন, ব্রিটেইন আৰু ফ্রান্স নেতৃত্বাধীন মিত্রশক্তি (Allied Force) আৰু জার্মানী, ইটালী আৰু জাপান, নেতৃত্বাধীন কেন্দ্রীয় শক্তি (Axis Powers) ৰ মাজত দ্বিতীয় মহাযুদ্ধ সংঘটিত হৈছিল।
৫২) শীতল যুদ্ধৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ (১) পাৰস্পৰিক বিদ্বেষ আৰু অবিশ্বাস। (২) আদর্শগত প্রভেদ।
৫৩) গোষ্ঠীনিৰপেক্ষতা বুলিলে কি বুজা?
উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত পৃথিৱীত সৃষ্টি হোৱা দুই শক্তিগোষ্ঠীৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰি স্বাধীন বৈদেশিক নীতি গ্রহণৰ যি সিদ্ধান্ত তৃতীয় বিশ্বৰ দেশসমূহে গ্ৰহণ কৰিছিল তাকে গোষ্ঠীনিৰপেক্ষতা বোলা হয়।
৫৪) শীতল যুদ্ধ বুলি ক‘লে কি বুজা?
উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত পৃথিৱীত আৱিৰ্ভাৱ হোৱা দুই শক্তিগগাষ্ঠীৰ মাজৰ উত্তেজনাপূর্ণ সম্পর্ককে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত শীতল যুদ্ধ নামেৰে জনা যায়।
৫৫) দ্বিতীয় মহাযুদ্ধৰ পিছত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ উদ্ভৱ হোৱা শক্তিশালী ৰাষ্ট্ৰ দুখনৰ নাম লিখা।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্র আৰু ছোভিয়েট ইউনিয়ন।
৫৬) কিউবাৰ সংকট বুলি ক‘লে কি বুজা?
উত্তৰঃ কিউবাত ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপনক লৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত ১৯৬২ চনত সংঘটিত সংঘাতকে কিউবাৰ সংকট (Cuban Crisis) আখ্যা দিয়া হয়।
৫৭) নতুন শীতল যুদ্ধ বুলিলে কি বুজা?
উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত আৰম্ভ হোৱা শীতল যুদ্ধ ১৯৬০-৭০ দশকত কিছু পৰিমাণে প্রশমিত হৈছিল যদিও ১৯৭৯ চনত ছোভিয়েট ইউনিয়নে আফগানিস্থানত কৰা হস্তক্ষেপৰ ফলত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ এই সময়ছোৱাত দুয়ো শক্তিগোষ্ঠীৰ মাজত নতুনকৈ সংঘাত আৰু উত্তেজনাই প্রবলভাৱে গা কৰি উঠে। এই সময়ছোৱাকেই নতুন শীতল যুদ্ধ বুলি কোৱা হয়।