Join Assam Study Centre Channel

AHSEC H.S 2ND YEAR POLITICAL SCIENCE SOLUTION- ALTERNATIVE CENTRES OF POWER


AHSEC  H.S 2ND YEAR POLITICAL SCIENCE SOLUTION-
 ALTERNATIVE CENTRES OF POWER
ক্ষমতাৰ বিকল্প কেন্দ্রস্থল সমূহ-


শীতল যুদ্ধৰ অৱসানৰ লগে লগে দ্বি-কেন্দ্রীক ব্যৱস্থাৰ সলনি একমেৰু ৰাষ্ট্র ব্যবস্থাৰ প্রতিষ্ঠা হ’ল । ইয়াত আমেৰিকাই একমাত্র বৃহৎ শক্তিৰূপে পৰিগণিত হ’ল । অর্থাৎ আমেৰিকাৰ প্রভুত্ব, শীতল যুদ্ধোত্তৰ আন্তঃৰাষ্ট্রীয় ৰাজনীতিৰ অন্যতম বৈশিষ্ট । আমেৰিকাই সামৰিক, অর্থনৈতিক, সাংস্কৃতিক আটাইকেইটা দিশতেই প্রভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে । কোনো ৰাষ্ট্র বা ৰাষ্ট্রগোষ্ঠীয়েই আমেৰিকাৰ আধিপত্যতাক প্রত্যাহব্বান জনাব পৰা নাছিল । এনে অবস্থাত ক্ষমতাৰ বিকল্প কেন্দ্রৰ বিষয়ে চিন্তা-চর্চা হ’বলৈ ধৰিলে । এনেধৰণৰ চিন্তা-চর্চাৰ ফলতেই ইউৰোপত ইউৰোপীয় ইউনিয়ন, এছিয়াত আছিয়ান প্রতিষ্ঠা হৈছিল । এই দুটা সংগঠনে একমেৰু বিশ্বক বহুমেৰুলৈ ৰূপান্তৰিত কৰিবলৈ কিছু পৰিমাণে চেষ্টা কৰিছিল । ঠিক একে সময়তে এক অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানেও বিশ্ব ৰাজনীতিত অভূতপুর্ব পৰিৱর্তন আনিছিল । 

চমু উত্তৰৰ প্রশ্ন- ১ নম্বৰৰ বাবে
১) ASEAN WAY মানে কি ?
উঃ ASEAN WAY ৰ সদস্যভুক্ত ৰাষ্ট্রসমুহৰ জীৱিকা নির্বাহৰ প্রণালী বুজাবৰ বাবে ASEAN WAY ব্যবহাৰ কৰা হয় ।
২) তলৰ কোনখন দেশে ‘মুক্ত দুৱাৰ’ নীতি গ্রহণ কৰিছিল ?
     
     ক) চীন               
     খ)  ইউৰোপিয়ান ইউনিয়ন
     গ)  জাপান
     ঘ)  আমেৰিকা
উঃ জাপান
৩) মার্শ্বাল পৰিকল্পনা কি?
উঃ ১৯৪৮ চনত আমেৰিকা যুক্তৰাষ্ট্রই ইউৰোপীয় অর্থনীতি পুনৰ উত্থানৰ বাবে প্রচুৰ বিত্তীয় সাহার্য আগবঢ়োৱাৰ বাবে যি পৰিকল্পনা হাতত লৈছিল তাক মার্শ্বাল পৰিকল্পনা বুলি জনা যায় ।
৪) ইউৰোপীয় ইউনিয়নৰ উমৈহতীয়া মুদ্রাৰ নাম কি ?
উঃ ইউৰো ।
৫) ASEAN ৰ  সম্পুর্ণ নাম লিখা ।
উঃ ASSOCIATION OF SOUTH EAST ASIAN NATIONS
৬) বেংকক ঘোষণাপত্র কি ?
উঃ ১৯৬৭ চনত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, চিংগাপুৰ আৰু থাইলেণ্ডে স্বাক্ষৰ কৰা এক ঘোষণাপত্র ।
৭) কোন চনত ARF প্রতিষ্ঠা হৈছিল ?
উঃ ১৯৯৪ চনত ।
৮ ) ভাৰত এছিয়ানৰ সদস্য হয়নে ?
উঃ নহয় ।
৯) চীনৰ সাম্যবাদী বিপ্লৱ কাৰ নেতৃত্বত হৈছিল ?
উঃ মাও চে টুংৰ নেতৃত্বত ।
১০) মুক্ত দুৱাৰ নীতি মানে কি?
উঃ ১৯৭৮ চনত চীন দেশত ঘোষণা কৰা মুক্ত দুৱাৰ নীতি অনুসৰি বিদেশৰ পৰা অনা মুলধন আৰু প্রযুক্তিবিদ্যা বিনিয়োগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা ।
১১) ইউৰোপিয়ান ইউনিয়ন কেতিয়া প্রতিষ্ঠা হৈছিল?
উঃ ১৯৯২ চনত ।
১২) কিমান চনত ইউৰোপীয়ান ইউনিয়নৰ অর্থনৈতিক সম্প্রদায় প্রতিষ্ঠা হৈছিল ?
উঃ ১৯৫৭ চনত ।
১৩) কিমান চনত আছিয়ান প্রতিষ্ঠা হৈছিল ?
উঃ ১৯৬৭ চনত ।
১৪) কিমান চনত চীনে ভাৰত আক্রমণ কৰিছিল ?
উঃ ১৯৬২ চনত ।
১৫) Organisation for European Economic Cooperation কেতিয়া গঠন হৈছিল?
উঃ ১৯৪৮ চনত ।
১৬) চীন কিমান চনত বিশ্ব স্বাস্থ্য সংস্থাত অন্তভূক্ত হৈছিল ?
উঃ ২০০১ চনত ।
১৭) কিমান চনত চীনত কৃষিক ব্যক্তিগতকৰণ কৰা হৈছিল ?
উঃ ১৯৮২ চনত ।
১৮) ASEAN ৰ এখন প্রতিষ্ঠাপক সদস্যৰ নাম লিখা ।
উঃ ফিলিপাইনছ
১৯) এছিয়ানৰ সচিবালয় ক’ইয় অৱস্থিত ?
উঃ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাত ।
২০) থাইলেণ্ডৰ ৰাজধানীৰ নাম কি?
উঃ বেংকক ।
২১) SEZ ৰ সম্পুর্ণ নাম লিখা ।
উঃ Special Economic Zone
২২) কোনখন ঘোষণাপত্রৰ যোগেদি ইউৰোপীয়ান ইউনিয়ন গঠন হৈছিল ?
উঃ ১৯৬৭ চনৰ বেংকক ঘোষণাপত্রৰ যোগেদি ।
২৩) বর্তমান ইউৰোপীয়ান ইউনিয়নৰ সদস্য সংখ্যা কিমান ?
উঃ ২৭ খন ।
২৪) মেকমোহন লাইনে কোন দুখন ৰাষ্ট্রক পৃথক কৰিছে ?
উঃ ভাৰত আৰু চীনক ।
২৫) চাৰি আধুনিকীকৰণ বুলিলে কি বুজা ?
উঃ চাৰিটা আধুনিকীকৰণ মানে আধুনিকীকৰণৰ চাৰিটা ক্ষেত্রক বুজোৱা হয় । যেনে কৃষি, উদ্যোগ, ৰাষ্ট্রীয় প্রতিৰক্ষা, বিজ্ঞান-প্রযুক্তিবিদ্যা ।
২৬) কোন বছৰত ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল ?
উঃ ১৯৮৮ চনত ।
২৭) কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল ?
উঃ ১৯৯৩ চনত ।
২৮) মিষ্টিখট্‌ৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উঃ ১৯৯২ চনত ।
২৯) চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা বাক্য লিখা ।
উঃ সংখ্যাধিক্য জনসংখ্যাৰ হাৰ চীনৰ নিবনুৱা সমস্যাৰ অন্যতম কাৰণ ।
৩০) ১৯৫০ চনত তিব্বতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতাজন কোন আছিল ?
উঃ দালাই লামা ।
৩১) ১৯৭২ চনত চীনে কোনখন প্রধান ৰাষ্ট্রৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল ?
উঃ আমেৰিকাৰ সৈতে ।

Leave a Comment

error: Warning, you aare not allowed to copy this element