Join Assam Study Centre Channel

AHSEC- H.S 2ND YEAR -POLITICAL SCIENCE SOLUTION – CONTEMPORARY SOUTH ASIA


CONTEMPORARY SOUTH ASIA-
–সাম্প্রতিক দক্ষিণ এছিয়া–



দক্ষিণ এছিয়া শব্দটোৰ দ্বাৰা ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, শ্রী লংকা, ভুটান আৰু মালদ্বীপ এই সাতখন দেশক বুজোৱা হয় । উত্তৰে হিমালয় পর্বত, দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পুবে বংগোপসাগৰৰ দ্বাৰা এই অঞ্চলটোৰ প্রাকৃতিক সীমা নির্ধাৰণ কৰা হৈছে । ভাষিক, সামাজিক, সাংস্কৃতিক ভিন্নতা এই অঞ্চলটোৰ প্রধান বৈশিষ্ট । দক্ষিণ এছিয়াৰ অন্তঃগত আটাইকেইখন দেশত একেধৰণৰ ৰাজনৈতিক ব্যবস্থা নাই । ভাৰত আৰু শ্রী লংকাই স্বাধীনতাৰ পাছৰ পৰাই গণতান্ত্রিক  ব্যবস্থা অনুসৰণ কৰি আহিছে। বাংলাদেশ আৰু পাকিস্তানত সামৰিক আৰু অসামৰিক দুইটা ব্যবস্থা চলি আছিল যদিও শীতল যুদ্ধৰ পাছত বাংলাদেশত গণতন্ত্র প্রতিষ্ঠা কৰা হৈছে । ২০০৬ চনলৈকে নেপালত সাংবিধানিক ৰাজতন্ত্রৰ প্রচলন আছিল যদিও তাৰ পাছৰ পৰা নেপালত গণতন্ত্র প্রতিষ্ঠা কৰা হৈছে । ভুটানত এতিয়াও ৰাজতন্ত্র আছে যদিও ৰজাই ইয়াক বহুদলীয় গণতন্ত্রলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰি আছে । মালদ্বীপত ১৯৬৮ চনত প্রজাতন্ত্র প্রতিষ্ঠা কৰা হৈছিল । এইদৰে দেখা যায় যে দক্ষিণ এছিয়াৰ দেশকেইখনত বেলেগ বেলেগ ৰাজনৈতিক ব্যবস্থা আছে । কিন্তু প্রত্যেকৰে মাজত গণতন্ত্র প্রতিষ্ঠাৰ বাবে আকাংক্ষা থকা দেখিবলৈ পোৱা যায়।


বস্তুনিষ্ঠ প্রশ্নোত্তৰ – ১ নম্বৰ বাবে

১) চীন দক্ষিণ এছিয়াৰ সদস্য হয়নে ?
উঃ নহয় ।

২) দক্ষিণ এছিয়া মণ্ডলত প্রথম কোনে নিজৰ অর্থনীতিৰ উদাৰীকৰণ কৰিছিল ?
উঃ শ্রী লংকাই ।

৩) SAARC ৰ সম্পুর্ণ নাম লিখা ।
উঃ South East Asian Association for Regional Co-operation ।

৪) কোনখন সন্মিলনত SAFTA ক স্বাক্ষৰ কৰা হৈছিল ?
উঃ পাকিস্থানৰ ইছলামাবাদত অনুষ্ঠিত ১২ তম্‌ SAARC ৰ শীর্ষ সন্মিলনত ।

৫) ভাৰতে শ্রী লংকালৈ শান্তিৰক্ষী বাহিনী কিয় প্রেৰণ কৰিছিল ?
উঃ ভাৰত-শ্রীলংকাৰ মাজত থকা এক চুক্তিৰ বাবে শ্রী লংকা চৰকাৰ আৰু তামিলৰ মাজৰ সম্পর্কক স্থায়িত্ব তথা সুস্থিৰ কৰিবৰ বাবে ভাৰতে শান্তি ৰক্ষী বাহিনী প্রেৰণ কৰিছিল ।

৬) শ্রীলংকাৰ ৰাজনীতি কোনটো সংখ্যাগুৰু সম্প্রদায়ৰ দ্বাৰা অবদমিত ?
উঃ সিংহলী ।

৭) ভাৰতৰ ‘পুবলৈ চোৱা নীতি’ৰ এটা অংশ কোনখন দেশ ?
উঃ বাংলাদেশ ।

৮) ১৯৯৮ চনত ভাৰতে ক’ত পাৰমাণবিক বোমাৰ পৰীক্ষা কৰিছিল ?
উঃ ৰাজস্থানৰ পোখৰাণত ।

৯) ছার্কৰ মুখ্য উদেশ্য কি?
উঃ দক্ষিণ এছিয়া দেশ সমুহৰ মাজত সহযোগ স্থাপন তথা ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিজ্ঞান বিষয়ত সহযোগিতা আগবঢ়োৱা ।

১০) ভাৰত আৰু পাকিস্থান কেতিয়া একোখন স্বাধীন ৰাষ্ট্র হৈছিল ?
উঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু ১৯৪৭ চনৰ ১৪ আগষ্টত পাকিস্তানে স্বাধীন ৰাষ্ট্র হিচাপে স্বীকৃতি লাভ কৰিছিল ।

১১) কোন ঠাইত চতুর্দশ SAARC সন্মিলন অনুষ্ঠিত হৈছিল ?
উঃ ২০০৭ চনত নতুন দিল্লীত চতুর্দশ ছার্ক সন্মিলন অনুষ্ঠিত হৈছিল ।

১২) শ্রী লংকা কিমান চনত স্বাধীন হৈছিল?
উঃ ১৯৪৮ চনত শ্রী লংকাই স্বাধীনতা লাভ কৰিছিল  ।

১৩) প্রথম ছার্ক সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ?
উঃ ১৯৪৮ চনত ঢাকাত ।

১৪) ছার্ক কিমান চনত গঠন হৈছিল ?
উঃ ১৯৮৫ চনত ।

১৫) কিমান চনত মালদ্বীপত বহুদলীয় ব্যবস্থা প্রৱর্তন হৈছিল ?
উঃ ২০০৫ চনত।

১৬) কোন ঠাইত পঞ্চদশ ছার্ক সন্মিলন অনুষ্ঠিত হৈছিল ?
উঃ ২০০৮ চনত কলম্বোত ।

১৭) কোনগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লহোৰলৈ বাছ যাত্রা কৰিছিল ?
উঃ অটল বিহাৰী বাজপেয়ীয়ে ।

১৮) বাংলাদেশৰ জন্ম কেতিয়া হৈছিল ?
উঃ  ১৯৭১ চনত ।

১৯) দক্ষিণ এছিয়াৰ কোনখন ৰাষ্ট্রক হিন্দু ৰাষ্ট্র বুলি কোৱা হয় ?
উঃ নেপালক ।

২০) কোনখন নদীৰ পানী ভাগ-বটোৱাৰ বাবে ভাৰত আৰু বাংলাদেশে ১৯৯৬ চনত ফাৰাক্কা চুক্তি স্বাক্ষৰিত কৰিছিল ?
উঃ গগা নদী

২১) ভাৰতে কিমান চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰিছিল ?
উঃ ১৯৯১ চনত ।

২২) ভাৰত আৰু পাকিস্তানৰ মাজত কার্গিল যুদ্ধ কিমান চনত হৈছিল ?
উঃ ১৯৯৯ চনত ।

২৩) ভাৰত আৰু পাকিস্তানৰ মাজত তাচখণ্ড চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উঃ ১৯৬৬ চনত ।

২৪) দক্ষিণ এছিয়াৰ কোনখন দেশে পোনপ্রথমে উদাৰ অর্থনীতি গ্রহণ কৰিছিল ?
উঃ শ্রী লংকা ।

২৫) ভাৰত আৰু পাকিস্তানৰ মাজত আগ্রা সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল ?
উঃ ২০০১ চনত ।

২৬) ছার্কৰ বর্তমান সদস্য সংখ্যা কিমান ?
উ” ৮ খন ।

২৭) ছার্কত নতুনকৈ অন্তঃভূক্ত হোৱা ৰাষ্ট্রখনৰ নাম কি ?
উঃ আফগানিস্তান ।

২৮) LTTE ৰ সম্পুর্ণ নাম কি ?
উঃ Liberation Tigers of Tamil Eelam ।

২৯) SAFTA ৰ সম্পুর্ণ নাম কি?
উঃ South Asian Free Trade Agreement ।

৩০) দক্ষিণ এছিয়াৰ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্রৰ নাম লিখা ।
উঃ ভাৰত ।

৩১) শ্রীলংকাৰ পুৰণি নাম কি?
উঃ সিংহল ।

৩২) ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া Indus Water Treaty  স্বাক্ষৰিত হৈছিল ?
উঃ ১৯৬০ চনত ।

৩৩) ছার্কৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?
উঃ নেপালৰ ৰাজধানী কাঠমাণ্ডত ।

৩৪) শ্বখ মুজিবুৰ ৰহমান কোন আছিল ?
উঃ বাংলাদেশৰ স্বাধীনতা সংগ্রামৰ মুখ্য নেতা আছিল ।

৩৫) ISI ৰ সম্পুর্ণ নাম কি ?
উঃ Inter Service Intelligence 

Leave a Comment

error: Warning, you aare not allowed to copy this element