Join Assam Study Centre Channel

Top 5 Current Affairs in Assamese Language

Top 5 Current Affairs in Assamese Language

বেলন ডিঅআৰ বঁটা বিজয়ী

বেলন ডি’অৰ ২০২১ বিজয়ীৰ নাম ২৯ নৱেম্বৰ, ২০২১ তাৰিখে ঘোষণা কৰা হ’ব। কোভীদ-19 মহামাৰীৰ বাবে এবছৰৰ বিৰতিৰ পিছত অনুষ্ঠানটো অনুষ্ঠিত হৈছে। বেলন ডি’অৰ ২০২১ৰ বিজয়ী লিয়োনেল মেছি হ’ব বুলি ভৱিষ্যতবাণী কৰা হৈছে। বেলন ডি’অৰ ফুটবলৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় ব্যক্তিগত বঁটাসমূহৰ ভিতৰত এটা। ইয়াক প্ৰতি বছৰে ফৰাচী বাতৰি আলোচনী ফ্ৰান্স ফুটবলৰ দ্বাৰা প্রদান কৰা হয়।

ভাৰতে আন্তৰ্জাতিক যাতায়তৰ বাবে  নতুন সংশোধিত নিৰ্দেশনা জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে ভাৰতত আন্তৰ্জাতিক যাতায়তৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। এইসমূহ ১ ডিচেম্বৰ, ২০২১-ৰ পৰা কাৰ্যকৰী হ’ব। ভাৰত চৰকাৰে নতুনকৈ দেখা দিয়া  কভিড-১৯ ৰ প্ৰকাৰ ‘অমাইক্ৰন’ৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে জাৰী কৰা নিৰ্দেশনাবোৰৰ ভিতৰত আছে অনলাইন সুবিধা পৰ্টেলত স্ব-ঘোষণা প্ৰপত্ৰ আৰু যোৱা ১৪ দিনৰ ভ্ৰমণৰ বিৱৰণ উল্লেখ। Top 5 Current Affairs in Assamese Language

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

কৃষি আইন বাতিল বিধেয়ক সংসদৰ দুয়োখন সদনতে গৃহীত

সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই লোকসভা আৰু ৰাজ্যসভাত ‘কৃষি আইন বাতিল বিধেয়ক, ২০২১’ গৃহীত হৈছে। নতুন বিধেয়কখনে ২০২০ চনত সংসদৰ দ্বাৰা গৃহীত তিনিটা বিতৰ্কিত কৃষি আইন বাতিল কৰিব। বিৰোধী সদস্যসকলৰ দ্বাৰা হুলস্থূল আৰু শ্ল’গানৰ মাজত এই বিধেয়কখন গৃহীত হৈছিল।

কেৰালাত নোভোভাইৰাছৰ ঘটনা

নোৰোভাইৰাছে কেৰালাত ৫৭ জন লোকক সংক্ৰমিত কৰিছে যাৰ ভিতৰত আছে ছেইণ্ট মেৰী কলেজৰ এটা হোষ্টেলত থকা ৫৪ জন শিক্ষাৰ্থী আৰু তিনিজন শ্ৰমিক। কেৰালাৰ ত্ৰিচুৰত প্ৰথমবাৰৰ বাবে নোৰোভাইৰাছ সংক্ৰমণৰ খবৰ পোৱা গৈছে। স্বাস্থ্য বিষয়াসকলে সংশয় কৰা অনুসৰি  ভাইৰাছটো খাদ্য বা খোৱা পানীৰ জৰিয়তে বিয়পিছে। Top 5 Current Affairs in Assamese Language

ডলাৰ চেশাদ্ৰিৰ ৭৬ বছৰ বয়সত মৃত্যু

তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ত বিশেষ কৰ্তব্যৰত বিষয়া ডলাৰ চেশাদ্ৰীৰ ৭৪ বছৰ বয়সত মৃত্যু হয়। তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। ১৯৭৮ চনত, ডলাৰ চেশাদ্ৰীয়ে তিৰুমালা তিৰুপতি দেৱস্থানমত যোগদান কৰিছিল আৰু ৪ টা দশকৰো অধিক সময় মন্দিৰৰ সংস্থাৰ বাবে সেৱা আগবঢ়াইছিল। ২০০৭ চনত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে অৱসৰৰ পিছতো তেওঁ নিজৰ সেৱা অব্যাহত ৰাখিছিল।

Leave a Comment

error: Warning, you aare not allowed to copy this element