Join Assam Study Centre Channel

Regional Aspiration Political Science Notes in Assamese

Regional Aspiration Political Science Notes in Assamese

৩/৪/৫ নম্বৰৰ প্রশ্নোত্তৰ

১) Punjab Accord কি আছিল? ইয়াৰ মূল বিধানসমূহ আলোচনা কৰা। 

উত্তৰঃ  ১৯৬৬ চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হ’ল যদিও আকালি দলৰ বহুতো নেতা ইয়াৰ দ্বাৰা সন্তুষ্ট নহ’ল। তেওঁলোকৰ বহুতেই ৰাজনৈতিক স্বতন্ত্রতা বিচাৰি ১৯৭০ চনৰ সময়ত দাবী উত্থাপন কৰিবলৈ ধৰিলে। জগজিৎ সিঙৰ নেতৃত্বত কিছুমানে আকৌ পঞ্জাৱৰ কাৰণে এখন স্বাধীন ৰাষ্ট্র গঠনৰ দাবীও উত্থাপন কৰিলে। অৱশ্যে ১৯৭৭ চনলৈকে এই দাবী সিমান বেছি শক্তিশালী ৰূপত প্রকাশিত হোৱা নাছিল। কিন্তু ১৯৮০ চনৰ পৰা পঞ্জাবৰ পৃথক খালিস্থান (Khalistan) গঠনৰ দাবীয়ে ৰাজ্যখনৰ গুৰুতৰ আইন-শৃংখলাৰ পৰিস্থিতি সৃষ্টি কৰিছিল বিশেষকৈ আনন্দপুৰ আৰ্হি প্রস্তাব ভিত্তিত আকালি দলৰ কিছুমান নেতাই সন্ত্রাসমূলক কার্যত লিপ্ত হৈছিল। সন্ত্রাসবাদীসকলে অমৃতসত থকা শিখসকলৰ সচিত্র স্বর্ণমন্দিৰত কার্যালয় তথা সামৰিক ঘাটি স্থাপন কৰিছিল। প্রত্যুত্তৰত ভাৰত চৰকাৰে ১৯৮৪ চনৰ জুন মাহত (Operation Blue Star) আৰম্ভ কৰে। চৰকাৰৰ এই অভিযানত বহুতো সন্ত্রাসবাদী আটক হোৱাৰ লগতে ইতিহাস প্রসিদ্ধ মন্দিৰটো ধ্বংস হৈছিল যিটোৱে পঞ্জাৱত ব্যাপক প্রতিহিংসাৰ সৃষ্টি কৰিছিল।  অমৃতসৰৰ স্বর্ণমন্দিৰ ধ্বংসৰ পিছত ১৯৮৪ চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীয়ে দুজন শিখ দেহৰক্ষীৰ হাতত প্রাণ হেৰুৱালে। এই ঘটনাই পৰিস্থিতি অধিক বেয়াৰ ফলে ঢাল খুৱালে। সমগ্ৰ উত্তৰ ভাৰতত শিখবিৰোধী সংঘর্ষ আৰম্ভ হয় আৰু কেৱল ৰাজধানী চহৰ দিল্লীতে হাজাৰৰো অধিক শিখ সম্প্রদায়ৰ লোকে প্রাণ হেৰুৱাবলগীয়া হৈছিল। পৰিস্থিতিৰ ভয়াৱহত উপলব্ধি কৰি সেই সময় প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে আকালি দলৰ নৰমপন্থী (Moderate) নেতাসকলৰ লগত এক আলোচনাত মিলিত হৈছিল। আলোচনাৰ ফলশ্রতিতেই ৰাজীৱ গান্ধী আৰু আকালি দলৰ সভাপতি Harchand Sing Longwal ৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়, যাক Rajib Gandhi Longwal Accord বা Punjab Accord নামেৰে জনা যায়। ১৯৮৫ চনৰ জুলাই মাহত স্বাক্ষৰিত এই চুক্তিৰ মূল বিধানসমূহ আছিল এনেধৰণৰ-

ক) চণ্ডীগড় পঞ্জাবলৈ হস্তান্তৰ কৰা হ’ব।

খ) হাৰিয়ানা আৰু পঞ্জাৱৰ মাজত থকা সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে এক পৃথক আয়োগ নিয়োগ কৰা। 

গ) পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত Rabi-beas নদীৰ পানী বিতৰণক লৈ থকা সংঘাত মীমাংসাৰ বাবে এখন আদালত স্থাপন কৰা হ’ব। 

ঘ) পঞ্জাৱত সংঘটিত হিংসাত্মক কার্যকলাপৰ সময়ত ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা ।

ঙ) পঞ্জাৱৰ পৰা Armed Forces Special Powers Acৰ প্রয়োগ উঠাই লোৱা।

২) আনন্দপুৰ চাহিৰ প্ৰস্তাৱ (Anandpur Sahih Resolution) কিয় বিতর্কৰ আৱৰ্তত সোমাই পৰিছিল ?

 

উত্তৰ : ১৯৬৬ চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হ’ল যদিও সেইটোৱে আকালি দলৰ নেতাসকলক সন্তুষ্ট কৰিব নোৱাৰিলে । সেয়ে ১৯৭০ চনত আকালি দলৰ কিছু সংখ্যক নেতাই তেওঁলোকৰ অঞ্চলৰ বাবে ৰাজনৈতিক স্বতন্ত্রতাৰ দাবী উত্থাপন কৰিলে। তেওঁলোকৰ এই দাবী ১৯৭৩ চনত গৃহীত আনন্দপুৰ চাহিব প্রস্তাৱত প্রতিফলিত হৈছিল। এই প্রস্তাৱত  স্বতন্ত্রতা আৰু কেন্দ্ৰ ৰাজ্যৰ সম্পর্ক পুনঃনির্ধাৰণৰ ওপৰত জোৰ দিয়া হৈছিল। প্রস্তাৱটোৱে শিখসকলৰ আশা-আকাংক্ষাক প্রতিনিধিত্ব কৰিছিল আৰু শিখসকলৰ আধিপত্য স্থাপনক অন্যতম লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। প্রস্তাৱটোত যুক্তৰাষ্ট্ৰক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদিও পৃথক শিখ ৰাজ্যৰ দাবীটোও প্রতিভাত হৈছিল। যি কি নহওক এই প্রস্তাৱৰ ভিত্তিতেই আকালি দলৰ কিছুসংখ্যক নেতাই সদাসবাদী কার্যকলাপত লিপ্ত হৈছিল। পৃথক খালিস্তান গঠনৰ দাবীত সৃষ্টি হোৱা এই সন্ত্রাসবাদী কার্যকলাপে পিছলৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। এইদৰে আনন্দপুৰ চাহিব প্রস্তাৱ বির্তকিত হৈ পৰা দেখা গৈছিল।

৩) অসম আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰঃ ১৯৭৯ চনত বিদেশী অনুপ্রৱেশক মূল ইচ্ছ্যু হিচাপে লৈ অসমত আৰম্ভ হোৱা আন্দোলনটোক ‘অসম আন্দোলন বুলি কোৱা হয়। সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনৰ মূল বিষয় বিদেশী বহিঃস্কৰণ আছিল যদিও ইয়াৰ লগত সাংস্কৃতিক আৰু অর্থনৈতিক দিশবোৰৰ জড়িত আছিল। অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী লোকসকলক বহিষ্কাৰৰ দাবীত সূচনা হোৱা এই আন্দোলনৰ সময়ত ভালেমান হিংসাত্মক ঘটনা সংঘটিত হৈছিল। বহু মানুহৰ জীৱন আৰু সম্পত্তি ধ্বংস হৈছিল। প্রশাসন আন্দোলনকাৰীৰ ওপৰত গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাই ৰাজ্যখনত অশান্তিৰ সৃষ্টি কৰিছিল আন্দোলনত বহুতো শ্বহীদ হৈছিল। অৱশেষত সেই সময়ৰ প্ৰধানমন্ত্রী ৰাজীৱ গান্ধীয়ে আছুৰ নেতৃবৃন্দৰ লগত আলোচনা কৰি ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ কৰে। অসম চুক্তিৰ পিছত আন্দোলনটোৰ আনুষ্ঠানিক সামৰণি পৰিছিল যদিও বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো সমস্যা হৈয়ে থাকি গ’ল।

৪) সকলো আঞ্চলিকতাবাদী আন্দোলনক (Regional Monents) বিচ্ছিন্নতাবাদী (Separatist) আন্দোলন বুলি কব পাৰিনে? উদাহৰণসহ বুজাই লিখা।

উত্তৰ: সকলো আঞ্চলিকতাবাদী আন্দোলনক বিচ্ছিন্নতাবাদী আন্দোলন বুলি ক’ব নোৱাৰি। অসমত বাস  কৰা থলুৱা মানুহৰ স্বার্থক ৰক্ষণাবেক্ষণ দিবৰ উদ্দেশে গঢ় লৈ উঠা অসম আন্দোলনে বিদেশীৰ বহিষ্কাৰহে দাবী কৰিছিল। ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ দাবী উত্থাপন কৰা নাছিল । এইটো ঠিক যে কোনো এক অঞ্চলৰ স্বাৰ্থক সর্বতোপ্ৰকাৰৰ ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্য গঢ়ি উঠা, কিছুমান আঞ্চলিকতাবাদী আন্দোলনে পিছলৈ বিচ্ছিন্নতাবাদী আন্দোলনৰো ৰূপ লয়। এনে উদাহৰণ নথকা নহয়। অৱশ্যে এনেধৰণৰ আন্দোলনক মষিমূৰ কৰিবৰ বাবে চৰকাৰেও যত্নৰ ক্ৰটী নকৰে। ফলত আঞ্চলিকতাবাদী আন্দোলনে বিচ্ছিন্নতাবাদী হোৱাৰ সুযোগ নাপায়। মুঠৰ ওপৰত সকলো আঞ্চলিকতাবাদা আন্দোলনক বিচ্ছিন্নতাবাদী আন্দোলন বুলি ক’ব নোৱাৰি। 

৫) সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপর্য বিষয়ে লিখা।

উত্তৰঃ ব্রিটিছ চৰকাৰে জম্মু কাশ্মীৰক এখন স্বতন্ত্রীয় ৰাজ্য হিচাপে স্বীকৃতি দিছিল। ভাৰত বা পাকিস্তান কোনোখন দেশতে ইয়াক অন্তর্ভুক্ত নকৰি এখন স্বাধীন ৰাজ্য হিচাপে স্বীকৃতি দিছিল। সেই সময়ৰ জম্মু কাশ্মীৰৰ মহাৰাজ হৰি সিঙে ভাৰত চৰকাৰৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰি ভাৰতৰ লগত চামিল হয়। সেয়ে ভাৰতে সংবিধানৰ ৩৭০নং অনুচ্ছেদ অনুসৰি জম্মু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰি স্বতন্ত্রীয় ৰাজ্যৰ স্বীকৃতি প্রদান কৰিছিল। 

৬) জম্মু কাশ্মীৰৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ ব্রিটিছ চৰকাৰে জম্মু কাশ্মীৰক ভাৰত অথবা পাকিস্তান কোনোখন দেশতে অন্তর্ভুক্ত নকৰি 

স্বনিৰ্বাচনৰ সুবিধা প্রদান কৰে। ফলত জম্মু কাশ্মীৰ এখন স্বতন্ত্রীয় ৰাজ্য হিচাপে থকাৰ সময়তে পাকিস্তানে সুবিধা বুজি আক্রমণ কৰিবলৈ উদ্যত হয়। কিন্তু ৰজা হৰি সিঙে এই পাকিস্তানী আক্রমণৰ পৰা ৰক্ষা পাবলৈ ভাৰতৰ সৈতে চামিলকৰণ চুক্তি স্বাক্ষৰ কৰে।  এই চুক্তি অনুসৰি ভাৰতে জম্মু-কাশ্মীৰক ৩৭০ নং অনুচ্ছেদ অনুসৰি বিশেষ স্বতন্ত্রীয় মর্যাদা প্রদান কৰে।

৭) অনৈক্যৰ মাজত ঐক্য সৃষ্টিত আঞ্চলিকতাবাদে কিদৰে বাধা প্রদান কৰে?

উত্তৰঃ আঞ্চলিকতাবাদ ধাৰণাটোৱে এখন দেশৰ জাতীয় সংহতি আৰু ঐক্যত বিভিন্ন ধৰণে বাধা প্রদান কৰে। এই ক্ষেত্ৰত আঞ্চলিক বৈষম্যই দেশখনত একতাৰ পৰিৱর্তে বিচ্ছিন্নতাবাদী মনোভাৱ গঢ়ি তোলে। দেশৰ বিভিন্ন ভাষা, জাতি, ধর্ম, বর্ণ, সম্প্রদায়, সংস্কৃতি আদিৰ ওপৰত ভিত্তি কৰি 

আঞ্চলিকতাবাদী ভাবধাৰাই জনগণৰ মাজত ক্ষোভ আৰু অৱহেলিত মনোভাৱৰ জন্ম দিয়ে।

৮) দ্রাবিড়ীয় আন্দোলনৰ প্ৰকৃতিৰ বিষয়ে লিখা।

উত্তৰঃ ডি এম কে আৰু এ আই ডি এম কে দুই ৰাজনৈতিক দল তামিলনাডুত শক্তিশালী হৈ উঠিছিল। 

এই দুই ৰাজনৈতিক দলৰ নেতৃত্ব প্রদান কৰিছিল এম কৰুণানিধি আৰু জয়াললিতাই। আঞ্চলিক দলৰ ৰাজনৈতিক আধিপত্যই ভাৰতৰ ৰাজনীতিত প্রতিপত্তিশীল শাসনৰ বিৰুদ্ধে এই দুই দলে গা কৰি উঠিছিল। এই প্রতিৰোধ ভাৱ গঢ়ি উঠাৰ মূলতে আছিল শক্তিশালী আঞ্চলিকতাবাদী দ্রাবিড়ীয় আন্দোলন। এই আন্দোলন মূলতঃ ধর্মবিৰোধী, জাতি বিৰোধী আৰু আত্মসন্মানৰ আন্দোলন হিচাপে গঢ়ি উঠিছিল। এই আন্দোলনৰ পৃথকতাবাদী প্রৱণতাও আছিল অতি দৃঢ়।

৯) সাংস্কৃতিক ঐতিহ্য আৰু অর্থনৈতিক অনগ্ৰসৰতা অসম আন্দোলনৰ অন্যতম কাৰণ। ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীন ভাৰতত গঢ়ি উঠা গণ আন্দোলনসমূহৰ ভিতৰত অসম আন্দোলন আছিল অন্যতম এক আন্দোলন। এই আন্দোলনৰ গুৰি ধৰোঁতা আছিল ছাত্র সমাজ। এই আন্দোলনত অসমীয়া জনসাধাৰণৰ আঞ্চলিক ৰাজনৈতিক প্রত্যাশা শক্তিশালীভাৱে প্রতিফলিত কৰা হৈছিল। ১৯৫১ চনক ভিত্তি বর্ষ হিচাপে লৈ অসমলৈ প্ৰব্ৰজন হোৱা বিদেশী লোকক চিনাক্তকৰণ আৰু বহিঃস্কৰণৰ দাবীৰ ভিত্তিতে এই আন্দোলনে গা কৰি উঠিছিল। তদুপৰি অসমৰ অৰ্থনীতিৰ ওপৰত বহিৰাগত লোকৰ ক্রমবর্ধিত নিয়ন্ত্রণ আৰু আগ্রাসনৰ বিৰুদ্ধেও মাত মাতিছিল। ১৯৮৫ চনৰ অসম আন্দোলনে অহিংসা আৰু অসাম্প্রদায়িক নীতিক প্রাধান্য দিছিল। মাজে মাজে এই আন্দোলনে সাম্প্রদায়িক সংঘৰ্ষত লিপ্ত হৈছিল। ১৯৮৩ চনত অসম বিধান সভাৰ নির্বাচন অনুষ্ঠিত হৈছিল যদিও এই আন্দোলনক অবৈধ বুলি ঘোষণা কৰি নিৰ্বাচনৰ জৰিয়তে শাসন ক্ষমতালৈ অহা হিতেশ্বৰ শইকীয়াক গণতন্ত্রৰ শত্ৰু বুলি আখ্যা দিছিল। পথ অৱৰোধ, সর্বাত্মক ধর্মঘট, সঘনে আহবান জনোৱা বন্ধ আদিকে ধৰি অসমৰ পৰা বিহাৰৰ শোধনাগাৰলৈ পঠোৱা পাইপ লাইন বন্ধ কৰা আদি বহুতো কাৰ্যসূচীৰে এই আন্দোলনক তীব্রতৰ কৰি তুলিছিল। অসম আন্দোলনক সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদ নামৰ দুই সংগঠনে পৰিচালনা কৰিছিল। ১৯৮৫ চনত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পূর্বেই বিধান সভাৰ নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত আঞ্চলিক দল অসম গণ পৰিষদে চৰকাৰ গঠন কৰে।

১০) স্বাধীনতাৰ পিছতেই ভাৰতবৰ্ষই সম্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে লিখা।

উত্তৰঃ স্বাধীনতাৰ পিছত ভাৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। বিশেষকৈ সার্বভৌম আৰু পৃথক স্বাধীন ৰাষ্ট্ৰৰ দাবী, জম্মু কাশ্মীকে আদি কৰি বিভিন্ন দেশীয় ৰাজ্যবোৰৰ পৃথক ৰাজ্যৰ দাৰীৰে আন্দোলন গঢ়ি তুলিছিল। আভ্যন্তৰীণ শান্তি শৃংখলা ৰক্ষা, সশস্ত্র বিদ্রোহ, সম্পদ নিয়ন্ত্ৰণৰ অধিকাৰীৰ দাবী আদিক লৈ সমস্যাৰ সৃষ্টি হৈছিল।

১১) “আঞ্চলিকতাবাদে বিচ্ছিন্নতাবাদক নুবুজায়” – ব্যাখ্যা কৰা।

উত্তৰ : আঞ্চলিকতাবাদ আৰু বিচ্ছিন্নতাবাদ দুয়োটা ধাৰণা পৃথক ধৰণৰ। আঞ্চলিকতাবাদ ধাৰণাটোৱে সার্বভৌমত্বৰ দাবী নকৰে আৰু ই ভৱিষ্যতে স্বাধীন দেশ এখন গঠনৰ বাবে দাবী নকৰে। ই এখন স্বাধীন দেশৰ আভ্যন্তৰীণ সমস্যাক কেন্দ্ৰ কৰিয়ে বৰ্তি থাকে। এই আঞ্চলিকতাবাদৰ আশা-আকাংক্ষাৰ দাবীবোৰ সংবিধান বহির্ভুত বিষয় নহয়। ই গণতন্ত্রৰ এক বৈধ অংশ। এখন গণতান্ত্রিক দেশত আঞ্চলিকতাবাদ ধাৰণাই বিচ্ছিন্নতাবাদৰ পৰিবৰ্তে এক শক্তিশালী গণতান্ত্রিক দেশৰ আঞ্চলিক সমস্যাৰ সমাধানৰ উদ্দেশ্য আগত ৰাখে।

১২) ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰ : (ক) অসম গণ পৰিষদ, (খ) আকালি দল, (গ) ডি এম কে আৰু (ঘ) তেলেগু দেশম।

১৩) আনন্দপুৰ চাহিৰ প্ৰস্তাৱটো কিয় এটা বিতর্কিত প্রস্তাৱ বুলি কোৱা হৈছিল?

উত্তৰঃ আনন্দপুৰ চাহিব প্রস্তাৱটো এটা বিতর্কিত প্রস্তাৱ আছিল। আঞ্চলিক স্বায়ত্ত শাসন আৰু কেন্দ্র ৰাজ্যৰ সম্পৰ্কৰ পুনৰ বিবেচনাৰ বাবে দাবী জনাই এই প্রস্তাৱ উত্থাপন কৰা হৈছিল। ভাৰতবৰ্ষত এখন প্রকৃত যুক্তৰাষ্ট্র গঠনৰ দাবী কৰিছিল। আনন্দপুৰ চাহিব প্রস্তাৱটোক পঞ্জাৱৰ স্বতন্ত্রতা দাবী তথা পঞ্জাৱৰ সার্বভৌমত্ব প্রদানৰ কৰাৰ এক প্রস্তাৱ বুলি ক’ব পাৰি।

১৪) শিৰোমণি আকালি দলৰ ৰাজনীতি আৰু কাৰ্যসূচী বিষয়ে লিখা।

উত্তৰঃ ১৯২০ চনত গঠিত শিৰোমণি আকালি দলে পঞ্জাৱৰ ৰাজনীতিত আত্মপ্রকাশ কৰিছিল। ১৯৬৭ আৰু ১৯৭৭ চনত এই দলটোৱে ক্ষমতালৈ আহি কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ পুনৰ গঠনৰ দাবী তুলিছিল। স্বায়ত্ত শাসন ব্যৱস্থা প্রচলনৰ পোষকতা কৰিছিল এই নীতিয়ে। এই দলটোৱে কিছুমান কার্যসূচী এনেদৰে গ্ৰহণ কৰিছিল –

ক) চণ্ডীগড়ক যুক্তৰাষ্ট্ৰীয় প্রসাশনৰ অধীনত পঞ্জাৱলৈ হস্তান্তৰিত কৰা।

খ) পাঞ্জাৱী ভাষা প্রচলন আৰু তেওঁলোকে কাম কৰা অঞ্চলসমূহ পঞ্জাৱক অর্পণ কৰা।

গ) পঞ্জাৱৰ দুর্বল শ্ৰেণীৰ লোকসকলৰ অধিকাৰ সুৰক্ষা প্রদান কৰা আৰু ভূমি সংস্কৰণৰ লগতে উদ্যোগীকৰণ ব্যৱস্থা কৰা।

 

ঘ) পাঞ্জাৱী লোকক সুৰক্ষা প্রদান কৰা।

১৫) অসম চুক্তিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৭৯ চনত উত্তৰ-পূব ভাৰতত স্থানীয় সম্প্রদায় আৰু অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ মূল লক্ষ্য আছিল বাংলাদেশৰ পৰা অহা বঙালী মুছলমানসকলক অসমৰ পৰা বহিষ্কাৰ কৰা। কাৰণ অবৈধভাৱে প্ৰব্ৰজন হোৱা এই বাংলাদেশীৰ বাবে অসমীয়া সংখ্যালঘুত পৰিণত হোৱাৰ শংকাতে সমগ্ৰ অসমতে অসম আন্দোলন গঢ়ি তুলিছিল। ১৯৫১ চনৰ পিছত অহা বিদেশীসকলক দেশৰ পৰাই বহিষ্কাৰ কৰা দাবী জনাই গঢ়ি তোলা আন্দোলনে অসমৰ বিভিন্ন ঠাইত বহুতো হিংসাত্মক কার্যও সংঘটিত কৰিছিল। ১৯৮৫ চনৰ ১৫ আগষ্টত ৰাজীৱ গান্ধী চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগত অসম চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি ১৯৭১ চনৰ ১৫ মার্চৰ পিছত অসমলৈ অবৈধভাৱে অনুপ্রৱেশ ঘটা বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰাৰ আচনি চুক্তিবদ্ধ কৰে। অসম চুক্তিয়ে অসম আন্দোলনৰ ভূমিকাক গুৰুত্ব প্রদান কৰিছিল আৰু ৰাজনীতিত পৰিবর্তন সাধন কৰিছিল যদিও ই কার্যক্ষেত্ৰত সিমান সফল হ’ব পৰা নাছিল। কাৰণ অনুপ্রৱেশ সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰে এতিয়াও কোনো ধৰণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা নাই।

১৬) ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ প্রয়োজন আছেনে? যুক্তি দিয়া।

উত্তৰঃ ভৌগোলিক দৃষ্টিকোণৰ ফালৰ পৰা চালে ভাৰত এখন বিশাল বৈচিত্র্যপূর্ণ দেশ। এই বিশাল 

দেশখনত বিভিন্ন আঞ্চলিক দলৰ প্ৰয়োজন নাই বুলি ক’ব নোৱাৰি। ভাষা, জাতি, ধর্ম, সম্প্রদায় আদিৰ ভিত্তিত ভাৰতবৰ্ষত ভিন্নতা দেখা যায়। সেয়ে এনে ভিন্নতাক বজাই ৰাখিবলৈ আঞ্চলিক ৰাজনৈতিক দলসমূহে গুৰুত্ব প্রদান কৰিছিল। কাৰণ বিভিন্ন দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমা বিশাল হোৱা হেতুকে বিভিন্ন ৰাজ্যসমূহত দেখা দিয়া আঞ্চলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উত্থাপন হৈ অহা দাবীসমূহ পূৰণত এই আঞ্চলিক দলসমূহে সহায় কৰে। ইয়াৰ উপৰিও কেন্দ্রীয় চৰকাৰে দেশৰ সকলো অঞ্চলকে একে সময়তে সমান সুযোগ-সুবিধা প্রদান কৰিবলৈ সমর্থন নাছিল। ফলত বিভিন্ন ৰাজ্যসমূহত দেখা দিয়া সমস্যাসমূহে চৰকাৰৰ প্রতি বিৰোধ মনোভাৱ গঢ়ি তুলিছিল। এনে কাৰণতে আঞ্চলিক ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দাবী-সমস্যাসমূহ কেন্দ্রীয় চৰকাৰৰ ওচৰত উত্থাপন কৰি সেইসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰাত অৰিহনা যোগাইছিল। এনেদৰে দেখা যায় যে বিভিন্ন আঞ্চলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰা আঞ্চলিকতাবাদৰ প্রয়োজনীয়তা খুবেই প্রয়োজন আছে।

১৭) ডি এম কে ৰাজনৈতিক দলৰ নীতি আৰু কাৰ্যসূচীসমূহ উল্লেখ কৰা।

উত্তৰ : ডি এম কে ৰাজনৈতিক দলৰ কাৰ্যসূচীসমূহ হ’ল –

ক) দালমীয়াপুৰম নাম আঁতৰাই পুৰণি নাম কাল্লাকুৰী ৰেল ষ্টেচন হিচাপে নামকৰণ কৰা।

খ) স্কুলীয়া পাঠ্যক্রমত তামিল সাংস্কৃতিক ইতিহাসক বিশেষ গুৰুত্ব প্রদান কৰা।

গ) ভাৰতবৰ্ষৰ চৰকাৰী ভাষা হিন্দীৰ বিৰোধিতা কৰিছিল।

১৮) উত্তৰ-পূব অঞ্চলত সুকীয়া ৰাজ্য দাবী কৰা সম্প্রদায়বোৰৰ নাম উল্লেখ কৰা।

উত্তৰ : উত্তৰ-পূব ভাৰতৰ বিভিন্ন সম্প্রদায়ৰ লোকসকলে পৃথক ৰাজ্য দাবীৰে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা বিভিন্ন সংগ্ৰামত নামি পৰিছিল। ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, অৰুণাচল প্রদেশ, নগালেণ্ড আদিসমূহক উত্তৰ পূবৰ একো একোখন সুকীয়া ৰাজ্য প্ৰদান কৰাৰ পিছতো অসমৰ বিভিন্ন বড়ো, কোঁচ ৰাজবংশী, কাবি, নাগা, খাচী, গাৰো, মিচিং, মিছিমি, দফলা ইত্যাদি সকলো লোকেই সুকীয়া দাবী উত্থাপন কৰি আহিছে।

১৭)তেলেগু দেশম দলৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে লিখা।

উত্তৰঃ এন টি ৰামাৰাওৰ নেতৃত্বত ১৯৮২ চনত তেলেগু দেশম দল গঠন হৈছিল। এই দলৰ নীতি আৰু কাৰ্যসূচীসমূহ হ’ল ।

ক) কেন্দ্ৰৰ সৈতে ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে পুনৰ বিবেচনা কৰা।

খ) দল ত্যাগৰ ৰাজনীতিৰ অৱসান ঘটোৱা।

গ) নির্বাচনত ধন আৰু বাহুবলৰ প্ৰভাৱ কম কৰা।

ঘ) প্রচাৰ মাধ্যমক স্বতন্ত্র অধিকাৰ দিয়া।

১৮) জাতীয় মহাসভাৰ আদৰ্শ আৰু নির্বাচনী সফলতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : জম্মু আৰু কাশ্মীৰৰ সমস্যা নেশ্যনেল কনফাৰেন্স তথা জাতীয় মহাসভাই এক গুৰুত্বপূর্ণ 

ভূমিকা পালন কৰিছিল। এই দলটোৱে জম্মু কাশ্মীৰক স্বায়ত্ত শাসন প্রদান কৰা, গণতন্ত্র ব্যৱস্থা প্রচলন কৰা, ধর্মনিৰপেক্ষতা নীতি আদর্শ অৱলম্বনেৰে দেশৰ সকলো কার্য সম্পাদন কৰা আদিত গুৰুত্ব প্রদান কৰিছিল। মহাৰাজ হৰি সিঙে নেশ্যনেল কনফাৰেন্সৰ নেতা শেখ আব্দুলাৰ হাতত সম্পূর্ণ শাসনভাৰ অৰ্পন কৰিছিল। জম্মু কাশ্মীৰত ১৯৫৩ পৰা ১৯৭৪ চনলৈ কংগ্ৰেছ চৰকাৰৰ আধিপত্য দেখা গৈছিল। কিন্তু ১৯৮২ চনত শেখ আব্দুলাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্র ফাৰুক আব্দুলাই শাসনভাৰ গ্ৰহণ কৰে। Regional Aspiration Political Science Notes in Assamese

১৯) পঞ্জাৱ চুক্তিৰ প্ৰধান দিশসমূহ আলোচনা কৰা।

উত্তৰ : ৰাজীৱ গান্ধী আৰু আকালি দলৰ সভাপতি হৰছাক সিং লংগোৱালৰ মাজত ১৯৮৫ চনৰ ২৪ জুলাইত যিখন চুক্তি স্বাক্ষৰিত সেই চুক্তিখনকে পঞ্জাৱ চুক্তি বুলি কোৱা হয়। এই চুক্তিত কিছুমান প্রধান বিষয় অন্তর্ভুক্ত কৰা হৈছে। সেই সমূহ হ’ল –

ক) পঞ্জাৱলৈ সাধাৰণ পৰিস্থিতি পুনৰাই অনা।

খ) চণ্ডীগড়ক পঞ্জাবলৈ হস্তান্তৰিত কৰা।

গ) পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ সীমা বিবাদক লৈ সৃষ্টি হোৱা সংঘাতৰ নিষ্পত্তিৰ বাবে আয়োগ গঠন 

ঘ) ৰবি-বিয়াছ নদীৰ পানীৰ ভাগবতোৱাৰ বাবে এখন ট্রিবিউনেল গঠন কৰা। 

ঘ) পঞ্জাৱৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা।

ঙ) সন্ত্রাসবাদীয়ে ক্ষতিগ্রস্ত কৰা লোকৰ বাবে উন্নত সুবিধা প্রদান কৰা। এই চুক্তিৰ দ্বাৰা পঞ্জাৱত শান্তি নামি আহিছিল যদিও চুবুৰীয়া ৰাজ্যবোৰৰ মাজত এতিয়া মতানৈক্যই বিৰাজ কৰি আছে।  Regional Aspiration Political Science Notes in Assamese

২০) জম্মু আৰু কাশ্মীৰৰ ৰাজনীতিত কংগ্ৰেছৰ ভূমিকা বিষয়ে আলোচনা কৰা।

উত্তৰঃ কংগ্ৰেছ চৰকাৰে জন্ম কাশ্মীৰত আৰম্ভণিৰে পৰা এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা ভাৰতে জম্মু-কাশ্মীৰক নিজৰ আভ্যন্তরীণ অংগ কৰি ল’বলৈ চেষ্টা কৰিছিল। বিভিন্ন সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু কাশীৰক কেন্দ্ৰ কৰিয়ে বাৰ যুদ্ধ সংঘটিত হৈ আহিছে। ভাৰত বিভাজনৰ সময়ত মছলীম লীগে জম্মু-কাশীৰক স্বাধীনতা প্রদানক সমর্থন কৰাৰ বিপৰীতে কংগেছে ভাৰতৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিছিল। স্বৰাজোত্তৰ যুগত কংগ্ৰেছ চৰকাৰে জম্মু কাশ্মীৰত আভ্যন্তৰীণ শান্তি শৃংখলা বজাই ৰাখিবলৈ সাম্প্রদায়িক সন্ত্রাসবাদাৰ কার্যকলাপ ৰোধ কৰাৰ বাবে কংগ্ৰেছে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। একেদৰে ইন্দিৰা গান্ধী কংগ্ৰেছৰ মুৰব্বী হৈ থকাৰ সময়তো জম্মু কাশ্মীৰত বহুবাৰ চৰকাৰ গঠন আৰু ভংগ কৰিছিল।

২১) ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত কোনজন প্রধানমন্ত্রীয়ে শিখসকলৰ ওপৰত ঘটোৱা হিংসাত্মক কার্যৰ  বাবে দুখ প্ৰকাশ কৰিছিল?

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

উত্তৰঃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ২০০৫ চনত প্রধানমন্ত্রী মনমোহন সিঙে শিখসকলৰ ওপৰত সংঘটিত  নির্যাতনৰ বাবে দুখ প্রকাশ কৰিছিল।

২২) ভাৰতৰ বিচ্ছিন্নতাবাদক ইন্ধন যোগোৱা উপাদানবোৰ উল্লেখ কৰা।

উত্তৰঃ বিভিন্ন সময়ত ভাৰতৰ ৰাজনীতিত দেখা দিয়া বিচ্ছিন্নতাবাদে গা কৰি উঠিছিল। এই ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ অৱহেলিত আৰু দমননীতিৰ বাবে বিচ্ছিন্নতাবাদ সৃষ্টি হয়। ইয়াৰ উপৰি আঞ্চলিক সমস্যা, বিভিন্ন গুৰুত্বপূর্ণ অর্থনৈতিক দিশ তথা সামাজিক আৰু ৰাজনৈতিক দিশসমূহৰ মাজত দেখা দিয়া ভাৰসাম্যহীনতাৰ বাবেই ভাৰতৰ ৰাজনীতিত বিচ্ছিন্নতাবাদ সৃষ্টি হৈছিল। নিবনুৱা সমস্যা, সন্ত্রাসবাদ আৰু মৌলবাদী গোটবোৰে সৃষ্টি কৰা আদি সমস্যাই ভাৰতৰ বিচ্ছিন্নতাবাদ সৃষ্টিত অৰিহনা যোগাইছিল। Regional Aspiration Political Science Notes in Assamese

২৩) ভাৰতত আঞ্চলিকতাবাদ সমস্যা সমাধানৰ ক্ষেত্ৰত তোমাৰ পৰামৰ্শ আগবঢ়োৱা।

উত্তৰ : আঞ্চলিকতাবাদ সমস্যাটো সমাধানৰ বাবে অর্থনৈতিক পৰিকল্পনাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰিব লাগে। আঞ্চলিক আশা-আকাংক্ষাৰ ওপৰত বিশেষ দূৰদৰ্শিতামূলক নীতি অনুসৰণ কৰি অর্থনৈতিক অনগ্ৰসৰতাৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগে, যাতে আঞ্চলিক দিশসমূহত সম্পূর্ণ গুৰুত্ব প্রদান কৰিব পাৰে সীমান্তবর্তী অঞ্চলসমূহক অৱহেলা আৰু দমননীতি ভাব দূৰ কৰি তেনে অঞ্চলসমূহক দেশৰ অন্য অঞ্চলসমূহৰ দৰে গুৰুত্ব প্রদান কৰাত আগভাগ লোৱা। এই ক্ষেত্ৰত এখন গণতান্ত্রিক দেশ হিচাপে শিক্ষা বিষয়টোত বেছি গুৰুত্ব প্রদান কৰিব লাগে। যাতে আঞ্চলিক ৰাজনীতিত জনগণৰ সকলো আশা-আকাংক্ষা পূৰণ কৰিব পাৰে। ঠিক একেদৰে’কেন্দ্রীকৰণৰ প্ৰৱণতা আঁতৰি বিকেন্দ্রীভূত নীতিৰ দ্বাৰা আঞ্চলিক সমস্যাসমূহৰ সম উন্নয়নৰ ওপৰত গুৰুত্ব প্রদান কৰাত আগভাগ ল’ব লাগে। সকলো আঞ্চলিক দলৰ মাজত, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পুজিৰ সমবিভাজন হ’ব লাগে হিংসাত্মক কার্যকলাপ আঁতৰ কৰিবৰ বাবে প্রয়োজনীয় নীতি-কৌশলৰ দ্বাৰা আঞ্চলিক ৰাজনৈতিক দলসমূহক বিশেষ গুৰুত্ব প্রদান কৰা উচিত। এনে ধৰণৰ আশা-আকাংক্ষাক পূৰণ কৰিবৰ বাবে গণতান্ত্রিকভাৱে মীমাংসা কৰিব লাগে। তেতিয়াহে আঞ্চলিকতাবাদ সমস্যাসমূহ আঁতৰ কৰাটো  সম্ভৱ হ’ব। Regional Aspiration Political Science Notes in Assamese

২৪) ১৯৮০ ৰ দশকত পঞ্জাৱ আৰু অসমৰ মাজত দেখা দিয়া সংকটৰ সাদৃশ্যতা আৰু বৈসাদৃশীতাৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৮০ চনত পঞ্জাৱ আৰু অসমত বৃহৎ আন্দোলনে গা কৰি উঠিছিল । দুয়োখন ৰাজ্যতে এই আন্দোলনৰ মল ভেটি আছিল আঞ্চলিকতাবাদ । বিভিন্ন আঞ্চলিকতাবাদ ধাৰণাই দুয়োখন ৰাজ্যতে বিশেষ গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। অঞ্চল দুটাৰ স্বকীয় অক্তিত্ব আৰু বিভিন্ন অধিকাৰসমূহ সাব্যস্ত কৰা আৰু ৰাজনৈতিক দিশসমূহত ভাৰতে দুয়োখন ৰাজ্যত অবহেলিত আৰু দমননীতি অৱলম্বন কৰাৰ ফলতে আঞ্চলিকতাবাদ আন্দোলন গা কৰি উঠিছিল।

Regional Aspiration Political Science Notes in Assamese

২৫) গোৱাৰ স্বাধীনতা (Liberation of Goa) সম্পৰ্কত এটি চমু টোকা লিখা।

উত্তৰ : ১৬শতিকাৰ পৰা গোৱা ঔপনিৱেশিক শাসনৰ অধীনত আছিল। ঔপনিৱেশিক শাসনৰ সময়ত পতুগীজ শাসনকর্তাসকলে গোৱাৰ জনসাধাৰণৰ অবর্ণনীয় অত্যাচাৰ কৰিছিল। জনসাধাৰণ নাগৰিক অধিকাৰৰ পৰা বঞ্চিত হৈছিল। বলপূর্বকভাৱে এটা ধৰ্মৰ মানুহক অন্য এটা ধৰ্মত দীক্ষিত কৰা হৈছিল। ব্রিটিছৰ পৰা স্বাধীনতা লাভ কৰা পিছত ভাৰত চৰকাৰে পতুগীজসকলক গোৱাৰ মুক্তি সম্পর্কত পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। আনহাতে, মহাৰাষ্ট্ৰৰ কিছু সত্যাগ্রহীয়ে গোৱাৰ স্বাধীনতা বিচাৰি আন্দোলননা আৰম্ভ কৰিছিল। অৱশেষত ১৯৬১ চনত ভাৰত চৰকাৰে গোৱাক পর্তুগীজ শাসনৰ পৰা মুক্ত কৰিবৰ বাবে সৈন্য বাহিনী পঠিয়ায়। দুদিনৰ পিছতে গোৱা দমন আৰু ডিউক মুক্ত কৰি কেন্দ্রীয় শাসিত প্রদেশ হিচাপে ঘোষণা কৰা হ’ল। কিন্তু ১৯৮৭ চনত গোৱাক ভাৰতৰ এখন ৰাজ্য হিচাপেহে স্বীকৃতি দিয়া হয়।

২৬) ভাৰতৰ লগত চিকিমৰ চামিলকৰণ সম্পৰ্কত এটি চমু টোকা লিখা।

উত্তৰঃ স্বাধীনতাৰ সময়ত চিকিম সম্পূর্ণৰূপে ভাৰতৰ অংশ নাছিল। ইয়াক স্বাধীন ৰাষ্ট্রৰ মর্যাদাও দিব পৰা নগৈছিল। ই ভাৰতৰ এক অধীনস্থ ৰাজ্য আছিল। চিকিমৰ প্ৰতিৰক্ষা আৰু বৈদেশিক সংক্রান্তীয় বিষয়বোৰ ভাৰতে নিয়ন্ত্রণ কৰিছিল। আনহাতে, চিকিমৰ আভ্যন্তৰীণ প্রশাসন ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল। চিকিমৰ সৰ্বাধিক সংখ্যক লোক নেপালী আছিল। তেওঁলোকে চিকিমৰ গণতন্ত্র প্রতিষ্ঠা হোৱাতো বিচাৰিছিল আৰু এইদৰে ভাৰতক সমর্থন কৰিছিল। ১৯৭৪ চনত চিকিমৰ বিধানসভাৰ প্রথমটো গণনির্বাচন অনুষ্ঠিত হৈছিল। নির্বাচনত ভাৰতৰ লগত চামিলকৰণত বিশ্বাসী চিকিম কংগ্ৰেছ বিজয়ী হৈছিল। নৱগঠিত চিকিম বিধান সভাই প্রথম অৱস্থাত চিকিমৰ বাবে Associate State মর্যাদা বিচাৰিছিল যদিও ১৯৭৫ চনত ভাৰতৰ লগত সম্পূৰ্ণৰূপে চামিল হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্রস্তাৱক জনসাধাৰণে গণ অভিমতৰ দ্বাৰা সমর্থন কৰিছিল। অৱশেষত চিকিম বিধান সভাৰ এই প্রস্তাৱ ভাৰতীয় সংসদে গ্রহণ কৰে আৰু চিকিম ভাৰতৰ দ্বিবিংশতম (২২) ৰাজ্যত পৰিণত হয়। Regional Aspiration Political Science Notes in Assamese

২৭) স্বাধীনতাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ পুনৰসংগঠন (Reorganisation) সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ১৯৪৭ চনৰ পিছৰ পৰা উত্তৰ-পূর্বাঞ্চললৈ বহুটো পৰিৱৰ্তন আহিছে। ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ৰ খাচী পাহাৰ পূৰ্বতে দেশীয় ৰজাৰ অধীনত আছিল যদিও স্বাধীনতাৰ পিছত ভাৰতৰ লগত চামিল কৰা হ’ল। সমগ্র উত্তৰ-পূর্বাঞ্চলক নতুনকৈ গঠন কৰা হ’ল। ১৯৬০ চনত নাগালেণ্ড, ১৯৭২ চনত মেঘালয়, মণিপুৰ আৰু ত্রিপুৰা, ১৯৮৬ চনত অৰুণাচল প্রদেশ আৰু মিজোৰামক পৃথক ৰাজ্যৰ মর্যাদা দিয়া হয়।

উত্তৰ পূর্বাঞ্চলে চীন, ম্যানমাৰ আৰু বাংলাদেশৰ সীমা স্পষ্ট কৰি থকাৰ বাবেও ইয়াৰ ৰাজনীতিৰ ক্রমাৎ জটিল হৈ পৰিছে। আন্তঃৰাষ্ট্রীয় সীমা আৰু দেশৰ অঞ্চলৰ সৈতে অঞ্চলটোৰ দুর্বল যোগাযোগ ব্যৱস্থাই অঞ্চলটোৰ ৰাজনৈতিক অৱস্থা জটিল কৰি তুলিছে। বর্তমান অঞ্চলটোত বিচ্ছিন্নতাবাদী, স্বতন্ত্রতাবাদী আৰু প্রব্রজন বিৰোধী আন্দোলনৰ পয়োভৰ দেখা গৈছে। Regional Aspiration Political Science Notes in Assamese

২৮) অসম গণ পৰিষদৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰঃ অসম গণ পৰিষদক অসমৰ প্রধান আঞ্চলিক ৰাজনৈতিক দল হিচাপে অভিহিত কৰা হয়। অসম  আন্দোলনৰ গর্ভত এই দলটোৰ জন্ম হৈছিল বুলি কোৱা হয়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ আছুৰ নেতৃত্বত পৰিচালিত বিদেশী বহিস্কাৰ আন্দোলনৰ সমাপ্তি হৈছিল ১৯৮৫ চনৰ অসম চুক্তিৰ যোগেদি। অসম চুক্তি স্বাক্ষৰৰ পিছতে ১৯৮৫ চনৰ অক্টোবৰ মাহত এই নেতাসকলে অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিয়ে। থলুৱা লোকৰ স্বার্থ ৰক্ষা আৰু অসমৰ সর্বাংগীণ উন্নয়ণৰ প্রতিশ্রুতি দিয়া দলটোক অসমৰ জনসাধাৰণে ১৯৮৫ চনৰ বিধানসভাৰ নির্বাচনত বিপুল ভোটত জয়যুক্ত কৰিলে। নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা এই দলটোৱে চৰকাৰ গঠন কৰে। কিন্তু প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক দিয়া প্রতিশ্রুতি ৰক্ষা কৰিব নোৱাৰিলে। ফলত ১৯৯১ চনৰ নির্বাচনত দলটোৰ পৰাজয় হ’ল। ১৯৯৫ চনৰ নির্বাচনত অসমৰ জনসাধাৰণে পুনৰবাৰ দলটোক চৰকাৰ গঠনৰ সুবিধা দিছিল যদিও দলটোৱে পুনৰ জনসাধাৰণৰ আশা-আকাংক্ষা পুৰণ কৰি নোৱাৰিলে। ফলত ২০০১ চনৰ নির্বাচনত অসম গণ পৰিষদে চৰকাৰ গঠনৰ পৰা বঞ্চিত হ’ল। এই নির্বাচনত দলটোৱে ২৪ খন আসন লাভ কৰিবলৈ সক্ষম হ’ল। ২০০৯ চনৰ পঞ্চদশ লোকসভা নির্বাচনত দলটোৱে ভাৰতীয় জনতা দলৰ সৈতে প্রাক-নির্বাচনী মিত্রতা কৰি মাত্র ১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১১ চনৰ বিধানসভাৰ নির্বাচনত পুনৰ দলটো শোচনীয় ভাৱে পৰাজয় হ’ল। ২০১৬ চনত আকৌ ভাৰতীয় জনতা দলৰ সৈতে বিধানসভা নির্বাচনত প্রাক-নির্বাচনী মিত্রতাৰে ১৪ খন আসন লাভ কৰে আৰু ভাৰতীয় জনতা দলৰ সৈতে মিত্রজোঁট চৰকাৰ গঠন কৰে। পুনৰ ২০২১ চনৰ বিধানসভা নির্বাচনত দলটোৱে ২৯ খন আসনত প্রতিদ্বন্দিতা কৰি ৯ খন আসন লাভ কৰে।

Regional Aspiration Political Science Notes in Assamese

২৯) ভাৰতবর্ষত আঞ্চলিকতাবাদৰ প্রকৃতি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ভাৰতবর্ষত আঞ্চলিকতাবাদে বিভিন্ন ৰূপ লোৱা দেখা যায়। এই সমূহ হৈছে-

ক) বিচ্ছিন্নতাবাদী আন্দোলন অর্থাৎ ভাৰতৰ পৰা আঁতৰি গৈ বেলেগ ৰাষ্ট্র গঠনৰ দাবীত কৰা আন্দোলন।

খ) পৃথক ৰাজ্যৰ দাবী অর্থাৎ ভাষা আৰু সংস্কৃতিৰ ভিত্তিত বহু ৰাজ্যই পৃথক ৰাজ্যৰ দাবী তুলি আহিছে।

গ) পূর্ণাংগ ৰাজ্যৰ দাবী অর্থাৎ যিবিলাক ৰাজ্যই প্রথম অৱস্থাত কেন্দ্রীয়শাসিত ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল সেইবিলাক ৰাজ্যক জনসাধাৰণে তেওঁলোকৰ ৰাজ্যখনক পূর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়াৰ দাবী তুলি আহিছে।

ঘ) পানীৰ বিতৰণ আৰু ৰাজ্যৰে সীমা সম্পর্কে আন্তঃৰাজ্যিক বিবাদ।

৩০) ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ বিকাশৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত আঞ্চলিকতাবাদ বিকাশৰ বহুতো কাৰণ আছে আৰু সেই কাৰণবিলাক তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি –

ক) আঞ্চলিক ভাষাঃ স্বাধীনতাৰ পিছৰে পৰা ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ দাবী উত্থাপিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য পুনৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত এই সমস্যাৰ সমাধান কৰিছিল যদিও বিভিন্ন অঞ্চলৰ লোকক ৰাজ্যৰ পুনৰ গঠনে সন্তুষ্ট কৰিব পৰা নাছিল । এতিয়াও ভাৰতৰ বিভিন্ন ঠাইত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ দাবীত আন্দোলন অব্যাহত আছে। গতিকে আঞ্চলিক ভাষায়ো আঞ্চলিকতাবাদৰ বিকাশত ইন্ধন যোগাইছে।

খ) কেন্দ্রীয় চৰকাৰৰ আওকণীয়া মনোভাৱঃ কোনো অঞ্চলৰ সামগ্রিক উন্নয়নৰ কাৰণে কেন্দ্রীয় 

চৰকাৰৰ আওকণীয়া মনোভাবেও আঞ্চলিকতাবাদৰ বিকাশত ইন্ধন যোগাইছে।

গ) স্বায়ত্ততা দাবী : বহুতো ৰাজাই স্বায়ত্ততা দাবী কৰাৰ ফলতো আঞ্চলিকতাবাদৰ বিকাশ হৈছে। কাশ্মীৰ, অসম আৰু দক্ষিণৰ ৰাজ্য কেইখনে অধিক স্বায়ত্ততা দাবী কৰাৰ ফলতো আঞ্চলিকতাবাদৰ বিকাশ হৈছে।

 

) ক্ষমতা বিভাজনৰ ত্রুটীপূর্ণ নীতিঃ ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ ত্রুটিপূর্ণ নীতিয়েও বিভিন্ন অঞ্চলৰ মানুহৰ মাজত আঞ্চলিক চেতনা জাগ্রত কৰাত সহায় কৰিছে।

ঙ) অর্থনৈতিক অসমতাঃ ভাৰতৰ বিভিন্ন অঞ্চলৰ অর্থনৈতিক অবস্থা একে নহয়। কিছুমান অঞ্চল অধিক উন্নত আৰু কিছুমান অতি পিছপৰা। এনে পিছপৰা অঞ্চলসমূহে তেওঁলোকৰ অনগ্ৰসৰতাৰ কাৰণে কেন্দ্রীয় চৰকাৰকে জগৰীয়া ভাবি আঞ্চলিকতাবাদ উন্নয়নৰ হাথিয়াৰ হিচাবে গ্রহণ কৰিছে।

চ) অর্থনৈতিক শোষণঃ কেন্দ্রীয় চৰকাৰৰ শোষণকাৰী মনোভাৱেও আঞ্চলিকতাবাদৰ বিকাশত ইন্ধন যোগাইছে। উত্তৰ পূৰ্বাঞ্চল প্রাকৃতিক সম্পদৰে ভৰপূৰ যদিও এই অঞ্চলটো দেশৰ অঞ্চলতকৈ পিছপৰা। গতিকে, এই অঞ্চলৰ জনসাধাৰণে নিজকে কেন্দ্রীয় চৰকাৰৰ দ্বাৰা শোষিত বুলি অনুভৱ কৰি আঞ্চলিকতাবাদ শক্তিশালী কৰি তুলিছে।

৩১) ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ পাঁচটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলৰ পয়োভৰ ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য। ভাৰতৰ প্ৰতিখন  ৰাজ্যতে আঞ্চলিক ৰাজনৈতিক দলৰ অস্তিত্ব বিদ্যমান। অৱশ্যে এই আঞ্চলিক দলবোৰৰ উৎপত্তিৰ আঁৰত বহুতো কাৰণ, আছে। তেনে পাঁচটা কাৰণ হ’ল—

ক) কেন্দ্রীয় চৰকাৰৰ বৈষম্যমূলক নীতিঃ কেন্দ্রীয় চৰকাৰে দেশৰ সকলো অঞ্চলকে সমানে গুৰুত্ব নিদিয়াৰ ফলত কিছুমান অঞ্চলত আঞ্চলিক কার্যক ৰক্ষণাবেক্ষণ দিবৰ বাবে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে।

খ) আঞ্চলিক বৈষম্যঃ স্বাধীনতাৰ পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ উন্নয়নৰ সমান হোৱা নাই কিছুমান ৰাজ্যৰ অধিক উন্নতি হৈছে আৰু কিছুমান পিছপৰি আছে। ফলত নিজ অঞ্চলৰ অর্থনৈতিক উন্নয়নৰ কথা চিন্তা কৰি বহুতো ৰাজাত আঞ্চলিক দলৰ জন্ম হৈছে।

গ) ৰাজনৈতিক সচেতনতাঃ বিভিন্ন ধর্ম, ভাষা, সংস্কৃতিপূর্ণ ভাৰতত বিভিন্ন জাতি, উপজাতিবিলাক ৰাজনৈতিকভাবে সচেতন হোৱাৰ ফলতো আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে। 

ঘ) ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ দুর্বলতাঃ ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলবিলাকে  সুসংগঠিত হয়। এই দলবিলাক সাংগঠনিক দিশ দুর্বল হোৱাৰ কাৰণে ৰাজ্য বিলাকত নিজৰ প্ৰভাৱ অটুট ৰাখিব নোৱাৰাৰ কাৰণে আঞ্চলিক দলে মূৰ দাঙি উঠিছে।

চ) নেতাভিত্তিক ৰাজনীতি : ভাৰতত নেতা ভিত্তিত ৰাজনীতিয়েও নতুন আঞ্চলিক দলৰ উৎপত্তিত অৰিহনা যোগাইছে।

৩২) ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা।

উত্তৰ : আঞ্চলিক দলৰ অস্তিত্ব ভাৰতীয় দলীয় অৱস্থাৰ এটা বিশেষ বৈশিষ্ট্য। আঞ্চলিক দলবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতে কিছুমান ৰাজনৈতিক দল আছে যিবিলাকৰ সৰ্বভাৰতীয় দৃষ্টিভংগী থকা সত্ত্বেও সর্বভাৰতীয় সংগঠন আৰু গোটেই দেশত জনসমর্থন নথকাৰ বাবে সেইবিলাকক আঞ্চলিক দল হিচাপে গণ্য কৰা হয়। যেনে ফৰৱার্ড ব্লক, বিপ্লৱ, সমাজতান্ত্রিক দল, আদি এনেধৰণৰ আঞ্চলিক দল। দ্বিতীয়তে কিছুমান দল আছে যিবিলাক আঞ্চলিক দল হিচাপেই প্রতিষ্ঠিত আৰু আঞ্চলিক স্বার্থ আৰু সমস্যা, আঞ্চলিক ভাষা, আঞ্চলিক গোষ্ঠীৰ ধর্ম ইত্যাদিক লৈ সক্রিয়। যেনে কেৰেলাত কেৰেলা কংগ্ৰেছ, তামিলনাডুৰ ডি এম কে আৰু এ আই ডি এম কে, উত্তৰ প্ৰদেশত সমাজবাদী দল  আৰু বহুজন সমাজবাদী দল, জম্মু আৰু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স, পঞ্জাৱত আকালি দল, মিজোৰামত মিজু নেশ্যনেল ফ্রন্ট, অসমত অসম গণ পৰিষদ, বিহাৰত ৰাষ্ট্ৰীয় জনতা দল, মেঘালয়ত পার্বত্য সেনা সন্মিলন।। এই আঞ্চলিক দলবিলাকে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। স্থানীয় সমস্যাৰ লগত জড়িত এই দলবিলাকে আঞ্চলিকতাবাদক শক্তিশালী কৰাত ইন্ধন যোগাইছে। 

Leave a Comment

error: Warning, you aare not allowed to copy this element