Join Assam Study Centre Channel

Class 12 Political science Notes in Assamese- Regional Aspiration

Class 12 Political science Notes – Chapter 17 । বিভিন্ন ধর্ম, ভাষা গোষ্ঠী আৰু সংস্কৃতিৰ সমন্বয়ত গঢ় লৈ উঠা, ভাৰত এখন বিশাল দেশ। বিচিত্রতা ইয়াৰ এটা প্রধান বৈশিষ্ট্য। বিভিন্ন অঞ্চলত বাস কৰা ইয়াৰ জনসাধাৰণে বেলেগ বেলেগ ভাষা, ধর্ম, আৰু সংস্কৃতি গ্রহণ আৰু পোষণ কৰি আহিছে।

Class 12 Political science Notes in Assamese- Regional Aspiration – পাঠৰ মূল সাৰাংশ

Class 12 Political science Notes – Chapter 17 । বিভিন্ন ধর্ম, ভাষা গোষ্ঠী আৰু সংস্কৃতিৰ সমন্বয়ত গঢ় লৈ উঠা, ভাৰত এখন বিশাল দেশ। বিচিত্রতা ইয়াৰ এটা প্রধান বৈশিষ্ট্য। বিভিন্ন অঞ্চলত বাস কৰা ইয়াৰ জনসাধাৰণে বেলেগ বেলেগ ভাষা, ধর্ম, আৰু সংস্কৃতি গ্রহণ আৰু পোষণ কৰি আহিছে। ইয়াৰ কিছুমান অঞ্চল অধিক উন্নত। কিছুমান পিছপৰা আৰু কিছুমান অনুন্নত অৱস্থাত আছে। ফলত বিভিন্ন অঞ্চলৰ মানুহৰ মাজত পাৰস্পৰিক ঈর্ষা আৰু প্রতিদ্বন্দ্বিতাৰ ভাব উদয় হৈছে। সেয়েহে, দেশৰ বিভিন্ন অঞ্চলত সময়ে সময়ে সাম্প্রদায়িক সংঘর্ষ, জাতিগত আৰুৰ ভাষাগত সংঘর্ষ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যিটোৱে বহুসংখ্যক মানুহৰ জীৱন আৰু সম্প্রতি ধ্বংস কৰিছে। এই সমস্যাবোৰে  সদায় ভাৰতীয় জাতীয় সংহতি ৰক্ষাত বাধা জনাই আহিছে।

ভাৰতত গণতান্ত্রিক ব্যৱস্থাৰ বিস্তাৰৰ লগে লগে বিভিন্ন অঞ্চলত বাস কৰা মানুহখিনিয়ে তেওঁলোকৰ আশা -আকাংক্ষা চৰকাৰৰ ওচৰত দাঙি ধৰাৰ সুবিধা পাইছে। অৱশ্যে কেতিয়াবা তেওঁলোকৰ দাবী পূৰণৰ বাবে দীঘলীয়া সশস্ত্র সংগ্রামৰো আশ্রয় লোৱা দেখা গৈছে। এইদৰে বিভিন্ন অঞ্চলৰ জনসাধাৰণে নিজৰ স্বকীয়তা বজাই ৰাখি অঞ্চলটোৰ সৰ্বাংগীন বিকাশৰ বাবে একত্রিত হোৱাকে আঞ্চলিকতাবাদ বুলি ক’ব পাৰি।

ভাৰতীয় সংহতিৰ প্ৰতি ভাবুকিস্বৰূপ এনে আঞ্চলিকতাবাদী মনোভাৱৰ আবিৰ্ভাৱ হৈছিল ১৯৮০ চনত কংগ্ৰেছ দলে পুনৰ ক্ষমতা দখল কৰি এক সুস্থিৰ ৰাজনৈতিক ব্যৱস্থা প্রতিষ্ঠাৰ পিছৰে পৰা। এই দশকত দেশত বহুতো অঞ্চলত তেনে আঞ্চলিকতাবাদী আন্দোলন আৰম্ভ হোৱা পৰিলক্ষিত হৈছিল। তাৰ ভিতৰত পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, মিজোৰাম, নাগালেণ্ড, অসম উল্লেখযোগ্য।

১ নম্বৰৰ বাবে

১) ভাৰত আৰু পাকিস্তানৰ মাজত থকা সম্পর্ক প্রধান বিষয়টো উল্লেখ কৰা।

উত্তৰ : জম্মু কাশ্মীৰ সমস্যা।

২) হৰি সিং কোন আছিল?

উত্তৰঃ জম্মু আৰু কাশ্মীৰ ৰজা আছিল।

৩) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বায়ত্ত শাসন প্রদান কৰিছিল ?

উত্তৰ : ৩৭০ নং অনুচ্ছেদে।

৪) তাৰা সিং কোন আছিল ?

উত্তৰঃ তাৰা সিং শিখ ধর্মীয় আৰু ৰাজনৈতিক নেতা আছিল।

৫) কোন চনত পঞ্জাৱত আকালি দল গঠন হৈছিল ?

উত্তৰঃ ১৯২০ চনত।

৬) MNF-ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ Mizo Nationalist Front. 

৭) লালদেংগা কোন আছিল?

উত্তৰঃ লালদেংগা মিজো জাতীয় মৰ্চাৰ জন্মদাতা আছিল।

৮) অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ : ১৯৭৯ চনত।

৯) অগপ কোনখন ৰাজ্যৰ আছিল?

উত্তৰ: অসম

১০)  কোন চনত গোৱা ভাৰতীয় সংঘৰ এখন ৰাজ্য হয়? 

উত্তৰ : ১৯৮৭ চনত।

১১) প্রধানমন্ত্রী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল?

উত্তৰঃ ১৯৮৪ চনত।

১২) নগা জাতীয় পৰিষদৰ নেতা কোন আছিল ?

উত্তৰঃ এ জেদ ফিজো।

১৩) আনন্দপুৰ চাহিব প্রস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰ : ১৯৭৩ চনত।

১৪) ভাৰত চৰকাৰে কেতিয়া অপাৰেশ্যন ব্লু ষ্টাৰ চলাইছিল ?

উত্তৰঃ ১৯৮৪ চনত।

১৫) চিকিমত প্রথম বিধান সভা নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯৭৪ চনত।

১৬) MGPৰ সম্পূর্ণ নাম লিখা।

উত্তৰঃ Maharastrabadi Gomntok Party.

১৭) ভাৰতৰ সৈতে চিকিম কেতিয়া চামিল হৈছিল?

উত্তৰ : ১৯৭৫ চনত।

১৮) AASU ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ All AssamStudents Union.

১৯) শুদ্ধ নে অশুদ্ধ লিখা।

ক) ১৯৭৪ চনৰ আগতে জম্মু কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল।

উত্তৰ : শুদ্ধ।

খ) দ্রাবিড়ীয় আন্দোলন ভাৰতীয় ৰাজনীতিৰ আঞ্চলিক আন্দোলনবোৰৰ ভিতৰত অন্যতম আছিল?

উত্তৰ : শুদ্ধ।

গ) অধিক সংখ্যক কাশ্মিৰী জনসাধাৰণে জনসাধাৰণে ৩৭০ নং অনুচ্ছেদৰ অধীনত প্ৰদান কৰা 

স্বায়ত্ত শাসনৰ যথেষ্ট বুলি বিশ্বাস কৰে।

উত্তৰ : অশুদ্ধ।

ঘ) ১৯৮৪ চনত ভাৰত চৰকাৰে অপাৰেশ্যন ব্লু ষ্টাৰ অভিযান চলাইছিল। 

উত্তৰঃ শুদ্ধ

ঙ) ১৯৬৬ চনত এম এন এফে স্বাধীনতাৰ বাবে সশস্ত্র আন্দোলন আৰম্ভ কৰিছিল।

উত্তৰ : শুদ্ধ।

চ) নেশ্যনেল কনফাৰেন্সৰ মহম্মদ আলি আব্দুলাই জনপ্রিয় আন্দোলন গঢ়ি তুলিছিল।

উত্তৰ : অশুদ্ধ।

ছ) ১৯৬২ চনত নাগালেণ্ড ৰাজ্যখন গঠন কৰা হৈছিল।

উত্তৰঃ অশুদ্ধ।

জ) তেলেগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল এন টি ৰাম ৰাও।

উত্তৰ : শুদ্ধ।

ঝ) পঞ্জাৱ পুর্নগঠনৰ পিছত ১৯৭৮ চনত আকালি দল ক্ষমতালৈ আহিছিল।

উত্তৰ : অশুদ্ধ।

ঞ) ১৯৮৬ চনৰ ডিচেম্বৰ মাহত অসম বিধান সভাৰ নির্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰ : অশুদ্ধ। 

২০) পঞ্জাৱী চুবা (Punjab Suba) গঠনৰ দাবীত কেতিয়া আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰঃ  ১৯৬০ চনত।

২১) আকালি দল কেতিয়া গঠিত হৈছিল ?

উত্তৰ : ১৯২০ চনত।

২২) Punjab Accord কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰ : ১৯৮৫ চনত।

২৩) অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৭৯ চনত।

২৪) AASU ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ All Assam Students’ Union.

২৫)National Conference কেতিয়া গঠিত হয়?

উত্তৰ: ১৯৩১ চনত।

২৬) National Conference কোনখন ৰাজ্যৰ এটা প্রভাবশালী আঞ্চলিক ৰাজনৈতিক দল?

উত্তৰ: জম্মু কাশ্মীৰ

২৭) ১৯৬১ চনৰ আগলৈকে গোৱা কাৰ অধীনত আছিল ?

উত্তৰঃ পতুগীজ সকলৰ।

২৮) ‘অসম চুক্তি’ কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰ : ১৯৮৫ চনৰ আগষ্ট মাহত

২৯) কিমান চনত নাগালেণ্ডে পৃথক ৰাজ্যৰ মর্যাদা লাভ কৰিছিল ?

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

উত্তৰ : ১৯৬২ চনত। 

৩০) আঞ্চলিকতাবাদৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাষিক জাতীয়তাবাদ।

৩১) লালডেংগা (Laldenga) কোন আছিল?

উত্তৰঃ মিজো নেশ্যনেল ফ্রন্ট (MNT) নেতা আছিল।

৩২) মণিপুৰক কেতিয়া পৃথক ৰাজ্যৰ মর্যাদা দিয়া হৈছিল ?

উত্তৰঃ ১৯৭২ চনত।

৩৩) কিমান চনত মিজোৰামক পৃথক ৰাজ্যৰ মর্যাদা দিয়া হৈছিল?

উত্তৰঃ ১৯৮৭ চনত।

৩৪) কিমান চনত পঞ্জাব আৰু হাৰিয়ানাক পৃথক ৰাজ্য হিচাপে সৃষ্টি কৰা হৈছিল?

উত্তৰঃ ১৯৬৬ চনত।

৩৫) ভাৰত-পাকিস্থান সংঘাতৰ মূল কাৰণটো কি ?

উত্তৰঃ কাশ্মীৰ সমস্যা।

৩৬) ভাৰত স্বাধীন হোৱাৰ সময়ত পাকিস্থানৰ শাসনকর্তা কোন আছিল?

উত্তৰঃ হৰি সিং।

৩৭) শেখ আব্দুলা কোন আছিল?

উত্তৰঃ শেখ আব্দুলা নেশ্যনেল কনফাৰেন্সৰ নেতা আছিল।

৩৮) DMKৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Dravida Munnetra Kazhagam.

৩৯) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মর্যাদা প্রদান কৰিছিল? 

উত্তৰঃ ৩৭০ নং অনুচ্ছেদত।

৪০) ভাৰতত বর্তমান কিমানখন ৰাজ্য আছে?

উত্তৰঃ ২৮ খন।

৪১) কিমান চনত সংবিধানৰ পৰা অনুচ্ছেদ ৩৭০ উঠাই দিয়া হয়?

উত্তৰঃ ২০১৯ চনৰ ৫ আগষ্টত

৪২) ভাৰতৰ বর্তমান কেন্দ্রীয় শাসিত প্ৰদেশৰ সংখ্যা কিমান?

উত্তৰ : ৮ খন।

৪৩) অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি?

উত্তৰঃ অসম গণ পৰিষদ।

৪৪) অসম গণ পৰিষদ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

৪৫) তেলেগু দেশম কোনখন ৰাজ্যৰ এটা প্রভাবশালী আঞ্চলিক ৰাজনৈতিক দল?

উত্তৰঃ অন্ধ্রপ্রদেশ। 

(ল) ভাৰত চৰকাৰে অপাৰেশ্যন ব্লু ষ্টাৰ কেতিয়া আৰম্ভ কৰিছিল ?

উত্তৰ : ১৯৮৪ চনত। 

২ নম্বৰৰ প্রশ্নোত্তৰ

৪৬) ১৯৭২ চনত কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক পূর্ণাংগ ৰাজ্যৰ মর্যাদা প্রদান কৰা হৈছিল?

উত্তৰঃ অৰুণাচল আৰু মণিপুৰ।

৪৭) ছিকিম ভাৰতৰ লগত কেতিয়া অন্তর্ভুক্ত হৈছিল?

উত্তৰঃ ১৮৭৫ চনত। Class 12 Political science Notes – Chapter 17

৪৮) আঞ্চলিকতাবাদ বুলিলে কি বুজা?

উত্তৰ: দেশ এখনৰ কোনো এটা অঞ্চলৰ আঞ্চলিক সমস্যাৰ ওপৰত ভিত্তি কৰি জনগণৰ মাজত যি আদর্শ গঢ় লৈ উঠে তাকে আঞ্চলিকতাবাদ বুলি কোৱা হয়।

৪৯) ভাৰতীয় ৰাজনীতিত আঞ্চলিকতাবাদে কেনেদৰে প্ৰভাৱ পেলায়? 

উত্তৰ: আঞ্চলিকতাবাদে ভাৰতীয় ৰাজনীতিত ৰাজ্যসমূহৰ অঞ্চলবোৰৰ ওপৰত গুৰুত্ব প্রদান কৰে। বিভিন্ন ভাষা-ভাষী, সম্প্রদায়, ধর্ম, সংস্কৃতি, জাতি, উপজাতি আদিৰে ভাৰতবর্ষ এখন বৃহৎ ৰাষ্ট্র। ভৌগোলিক চাৰিসীমা আৰু অর্থনৈতিকভাৱে বিচিত্ৰতাৰে পূৰ্ণ ভাৰতত আঞ্চলিকতাবাদে শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে। আঞ্চলিক দল জন্ম দি ৰাজ্যৰ বিভিন্ন অঞ্চলত দলবোৰে ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে।

৫০) আঞ্চলিক দল সৃষ্টিৰ দুটা কাৰণ লিখা।

উত্তৰঃ (ক) কেন্দ্রীয় চৰকাৰৰ অৱহেলা আৰু

(খ) আঞ্চলিক অসমতা।

৫১) লাল দেংগাৰ বিষয়ে লিখা।

উত্তৰঃ মিজোৰামৰ এজন বিদ্রোহী নেতা হিচাপে লাল দেংগা ‘নেশ্যনেল ফ্রণ্টৰ প্ৰতিষ্ঠাপক আছিল আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ত্র বিদ্রোহ ঘোষণা কৰিছিল। এইদৰে তেওঁ মিজোৰামৰ স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল। Class 12 Political science Notes – Chapter 17

৫২) MNF বুলিলে কি বুজা?

উত্তৰঃ MNF ৰ সম্পূর্ণ নাম হ’ল Mizo National Front। ই মিজোৰামৰ স্বাধীনতাৰ বাবে সশস্ত্র সংগ্রাম চলোৱা এটা বিদ্রোহী সংগঠন। 

৫৩) জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা দুটা ব্যৱস্থাৰ নাম লিখা। Class 12 Political science Notes – Chapter 17

উত্তৰ : (ক) পৃথক সংবিধান আৰু

(খ) অধিক স্বায়ত্ত শাসন প্রদান।

৫৪) ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপর্য কি আছিল উল্লেখ কৰা।

উত্তৰ : সংবিধানৰ ৩৭০ নং অনুচ্ছেদ অনুসৰি জম্মু কাশ্মীৰক অধিক স্বায়ত্ব শাসন প্রদানৰ ব্যৱস্থা কৰা হৈছিল।

৫৫) কাশ্মীৰ বিষয়টোৰ মূল বৈশিষ্ট্য কি?

উত্তৰ : ব্রিটিছ শাসনৰ পৰা জম্মু কাশ্মীৰক ভাৰত বা পাকিস্তান কোনো এখন দেশতে অন্তর্ভুক্ত নকৰি স্বনিৰ্বাচনৰ সুবিধা দিছিল। কিন্তু পাকিস্তানী জনজাতীয় সৈন্যৰ আক্ৰমণত ৰজা হৰি সিঙে জম্মু কাশ্মীৰক ভাৰতৰ সৈতে চামিলকৰণৰ চুক্তিত চহী কৰি পাকিস্তানীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল। ইয়াৰ পিছত পাকিস্তানে কাশ্মীৰক ভাৰতৰ অংগ নহয় বুলি দাবী কৰে। এয়ে লৈ সময়ে সময়ে যুদ্ধ হৈ থাকে।

৫৬) বৈচিত্র্যতাৰ প্ৰতি ভাৰতীয় দৃষ্টিভংগীৰ মৌলিক নীতিটো উল্লেখ কৰা।

উত্তৰ : বৈচিত্র্যতাৰ প্ৰতি ভাৰতে সহনশীল দৃষ্টিভংগী গ্ৰহণ কৰিছে। ইয়াত আঞ্চলিক স্বকীয়তা বজাই ৰখাত সহায়ক হয়। ভাৰতীয় সংবিধানে বৈচিত্র্যৰ মাজত ঐক্য নীতি মানি চলি ভাষা, সম্প্রদায়, ধর্ম, সংস্কৃতি আদিৰ বিভিন্নতাক স্বীকৃতি দিছে।।

৫৭) আঞ্চলিক আন্দোলনবোৰত কোনবোৰ বিষয় জড়িত হৈ আছে?

উত্তৰ : বিভিন্ন ভাষা, সংস্কৃতি, জাতি, অর্থনৈতিক অনগ্ৰসৰতা আদিৰ ভিত্তিত বহুতো স্থানীয় বিষয়ক লৈ ভাৰতত আঞ্চলিক আন্দোলনে গা কৰি উঠিছিল।

৫৮)সাত-ভনী মানে কি বুজা?

উত্তৰঃ উত্তৰ পূর্বাঞ্চলত অৱস্থিত অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্রদেশক একেলগে সাত ভনী বুলি কোৱা হয়।

৫৯) ১৯৬৯ চনত গোৱাত কিয় মতামত ভোট গ্রহণ অনুষ্ঠিত হৈছিল?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে ১৯৬৭ চনত গোৱাৰ ভৱিষ্যত অস্তিত্বৰ বাবে মহাৰাষ্ট্ৰৰ সৈতে চামিলকৰণ কৰিব নে পৃথক ৰাজ্য হিচাপে থাকিব সেই লৈ জনগণৰ মতামত গ্রহণৰ বাবে গণভোট ব্যবস্থা গ্রহণ কৰিছিল। Class 12 Political science Notes – Chapter 17

৬০) আঞ্চলিকতাবাদৰ বিকাশত অৰিহনা যোগোৱা দুটা উপাদান লিখা।

উত্তৰ : আঞ্চলিকতাবাদৰ বিকাশত অৰিহনা যোগোৱা দুটা উপাদান হ’ল-

ক) অর্থনৈতিক অসমতা

খ) আঞ্চলিক ৰাজনৈতিক দলৰ বিকাশ।

৬১) দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ ক) অসম গণ পৰিষদ।

খ) তেলেগু দেশম

৬২) অপাৰেশ্যন ব্লু ষ্টাৰ’ কি আছিল?

উত্তৰঃ পৃথক শিখ ৰাজ্য  খালিস্থান সৃষ্টিৰ দাবীত আকালি দলৰ কিছুসংখ্যক নেতাই আৰম্ভ কৰা সন্ত্রাসবাদী আন্দোলনৰ বিৰুদ্ধে ভাৰত চৰকাৰে ১৯৮৪ জুন মাহত চলোৱা সামৰিক অভিযানকে ‘অপাৰেশ্যন ব্লু ষ্টাৰ’ বুলি কোৱা হয়। সন্ত্রাসবাদী কলে অমৃতচৰত থকা  স্বর্ণ মন্দিৰত তেওঁলোকৰ কার্যালয় তথা সার্মৰিক ঘাটি স্থাপন কৰিছিল। অপাৰেশ্যন ব্লু ষ্টাৰৰ সময়ত এই মন্দিৰটো ধ্বংস  হোৱাৰ লগতে বহুতো নেতাক আটক কৰা হৈছিল।

৬৩) আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ দুটা কাৰণ লিখা।

উত্তৰ : আঞ্চৰ্লিক ৰাজনৈতিক দলৰ উৎপত্তিৰ দুটা কাৰণ হ’ল

ক) সর্বভাৰতীয়  ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি।

খ) আঞ্চলিক বৈষম্য।

৬৪) অসম চুক্তি কেতিয়া আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৮৫ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰ আৰু আছু (AASU) ৰ নেতৃবৃন্দৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল।  

৬৫) অসম আন্দোলনৰ দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ অসম আন্দোলন আৰম্ভ হোৱাৰ দুটা কাৰণ হ’ল—

ক) বিদেশী প্রব্রজন।

খ) থলুৱা মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি।

৬৬) তামিলনাডুৰ প্রধান আঞ্চলিক ৰাজনৈতিক দল দুটাৰ নাম লিখা।

উত্তৰঃ ক) DMK 

খ) AIDMK

৬৭) আঞ্চলিকতাবাদ কাক বোলা হয়?

উত্তৰঃ কোনো এক অঞ্চলৰ জনসাধাৰণে ৰাষ্ট্ৰীয় স্বার্থৰ তুলনাত নিজ অঞ্চলৰ স্বার্থক অধিক গুৰুত্ব দিয়াৰ ফলত গঢ়ি উঠা সংকীর্ণ আঞ্চলিকতাবাদী মনোভাৱকে আঞ্চলিকতাবাদ বুলি কোৱা হয়। আঞ্চলিকতাবাদ জাতীয় সংহতিৰ এক প্রধান অন্তৰায় বুলিও কোৱা হয়।

৬৮) আঞ্চলিকতাবাদৰ দুটা ৰূপ উল্লেখ কৰা।

উত্তৰ : আঞ্চলিকতাবাদ বিভিন্ন ৰূপত (Forms) প্রকাশিত হ’ব পাৰে। তেনে দুটা ৰূপ হল—

ক) বিচ্ছিন্নতাবাদী আন্দোলন

খ) পৃথক ৰাজ্যৰ দাবী। 

Leave a Comment

error: Warning, you aare not allowed to copy this element