Join Assam Study Centre Channel

MCQ on Pedagogy, Questions 91 – 120

৯১) ছাত্র আৰু ছাত্রীৰ উভয়ৰে ব্যৱহাৰ জানিবলৈ তলৰ কোনটো পৰীক্ষা হাতত ল’বা ?

ক) ব্যক্তিত্বৰ পৰীক্ষা

খ) ছৰিঅ’গ্রাম

গ) ৰ’ৰচাচ টেষ্ট

ঘ) এনেকডলাৰ বেকর্ড

= খ

 

৯২)  শিক্ষাৰ ক্ষেত্রত গেছলেটৰ তত্ত্বটো কি ?

ক) যেতিয়া কোনো এজনে অধ্যয়নৰ সম্পূর্ণ সাৰমর্ম বুজি পায় তেতিয়া শিক্ষা সম্পূর্ণ হোৱা বুলি জনা যায়

খ) অন্য এটা বিষয় শিকিবলৈ এটা-বিষয় অধ্যয়ন কৰা

গ) ছাত্র-ছাত্রীৰ শাৰীৰিক উন্নয়নে তেওঁলোকৰ মানসিক সক্ষমতা

ঘ) সকলো বিষয় যেতিয়া পট়ি শেষ হয়, তেতিয়া জ্ঞান সম্পূর্ণ হোৱা বুলি জনা যায়

= গ

 

৯৩) আচৰণবাদী মনোবিজ্ঞানী বুলি কোৱা হয়-

ক) ৱার্থিমাৰ, ৱাটচন

খ) পেভলভ, ৱাটচন

গ) থর্নডাইক, ৱাটচন

ঘ) ক’হলাৰ, কফকা

= খ

 

৯৪) অনুবন্ধনবাদ তত্ত্বৰ মতে স্বাভাবিক প্রতিক্রিয়াৰ সংশোধনেই হ’ল

ক) শিক্ষণ

খ) অভিজ্ঞান

গ) প্রচেষ্টা

ঘ) জ্ঞান

= ক

 

৯৫) অনুবন্ধনবাদৰ মতে স্বাভাবিক উদ্দীপক, কৃত্রিম উদ্দীপকলৈ সলনি কৰা হয়, কিন্তু প্রতিক্রিয়া সকলো সময়তে-

ক) একে থাকে

খ) সলনি হয়

গ) পৰিবর্তনশীল

ঘ) আটাইকেইটা শুদ্ধ

= ক

 

৯৬) আবেগিক অনুবন্ধনৰ জন্মদাতা আছিল-

ক) থর্নডাইক

খ) ৱাটচন

গ) ক’হলাৰ

ঘ) পেভলভ

= খ

 

৯৭) শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ জন্মদাতা আছিল

ক) পেভলভ

খ) থর্নডাইক

গ) ৱাটচন

ঘ) ৱার্থিনাৰ

= খ

 

৯৮) গেষ্টাল্টবাদীসকলে সৃষ্টি কৰা শিক্ষণৰ পদ্ধতিটো হ’ল-

ক) অন্তদর্শন পদ্ধতি

খ) ব্যবহাৰিক পদ্ধতি

গ) অনুকৰণ পদ্ধতি

ঘ) প্রচেষ্টা আৰু ভুল পদ্ধতি

= ক

 

৯৯) অনেক নকল কৰি বা অনুসৰণ কৰি ক্রিয়া আচৰণ শিকা যায়, তাকেই কোৱা হয়-

ক) অনুকৰণ পদ্ধতি

খ) প্রচেষ্টা আৰু ভুল পদ্ধতি

গ) অন্তদর্শন পদ্ধতি

ঘ) এটাও নহয়

= ক

 

১০০) অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি-

ক) তিনিটা ভাগত

খ) চাৰিটা ভাগত

গ) পাঁচটা ভাগত

ঘ) দুটা ভাগত

= ঘ

 

১০১) অনুকৰণ পদ্ধতিৰ প্রকাৰ দুটা হল-

ক) ভাল আৰু বেয়া অনুকৰণ

খ) সজ্ঞান আৰু অজ্ঞান অনুকৰণ

গ) মূর্ত আৰু অমূর্ত অনুকৰণ

ঘ) ধুনীয়া আৰু কুটিল অনুকৰণ 

= খ

 

১০২) শিক্ষাই এজন ছাত্রৰ কোনটো ক্ষেত্রৰ বিকাশত সহায় কৰে?

ক) আনুভূতিক বুদ্ধিমত্তা

খ) সামাজিক বুদ্ধিমত্তা

গ) জীবিকা সম্পর্কীয় দক্ষতা

ঘ) ওপৰৰ আটাইকেইটা শুদ্ধ

= ঘ

 

১০৩) অভ্যাস বুলি কলে কি বুজা যায়?

ক) ই এটা স্বয়ংচালিত প্রক্রিয়া

খ) কোনো কামৰ পুনবাবৃত্তি কৰা

গ) ওপৰৰ দুয়োটা

ঘ) এটাও নহয়

=গ

 

১০৪) দেশত পূর্ণ স্বাক্ষৰতা এতিয়াও সম্ভব হৈ নুঠাৰ কাৰণ হ’ল-

ক) পুঁজিৰ নাটনি

খ) পুঁজিৰ ব্যবহাৰৰ অসমর্থতা

গ) প্রয়োজনীয় শিক্ষা সামগ্রীৰ অভাব

ঘ) ইয়াক কার্যকৰী কৰিবলৈ সদিচ্চাৰ অভাব

= ঘ

 

১০৫) শিক্ষাদানত দৃশ্য-শ্রাব্য সঁজুলিৰ প্রয়োজনীয়তা হৈছে-

ক) ছাত্রই আমোদ লাভৰ যোগেদি শিকিব পাৰে

খ) শিকিবলগীয়া কথাখিনিৰ সান্নিধ্যত আনিব পাৰি

গ) দুর্বল শ্রৱণেন্দ্রিয়ৰ ছাত্রই শিকাত সুবিধা হয়

ঘ) ছাত্রৰ মাজত উচ্ছৃংখলতা ৰোধ কৰিব পাৰি

= খ

 

১০৬) তুমি শ্রেণীকোঠাত আহি দেখিলাহি যে নিদিষ্ট পিৰিয়ডত ছাত্র-ছাত্রীসকলে অধ্যয়ন কৰাৰ প্রতি আগ্রহ দেখুওৱা নাই। তুমি কি কৰিবা ?

ক)ছাত্র-ছাত্রীৰ শিক্ষা লাভৰ সময়ক মূল্য দি তোমাৰ পৰিকল্পনা মতে পঢ়ুৱাই যাবা

খ) ছাত্র-ছাত্রীসকলক মনোযোগ দিবলৈ আহব্বান জনাবা

গ) ছাত্র-ছাত্রীৰ কর্তব্য সম্বন্ধে সোঁৱৰাই দিবা

ঘ) ছাত্র-ছাত্রীসকলৰ সৈতে সহযোগ কৰিবা আৰু লাহে লাহে তেওঁলোকৰ মনোযোগ আকর্ষণ কৰিবা

= ঘ

 

১০৭) আগ্রহৰ ইংৰাজী প্রতিশব্দ ‘Interest’ ৰ উৎপত্তি হৈছিল

ক) লেটিন ভাষাৰ পৰা

খ) গ্রীক ভাষাৰ পৰা

গ) ইটালী ভাষাৰ পৰা

ঘ) ইংৰাজী ভাষাৰ পৰা

= ক

 

১০৮) “কোনো বস্তু বা কথাত আমাৰ মনোযোগ ওপজা মানেই হৈছে আগ্রহ”- মতবাদটো আগবঢ়াইছিল-

ক) ক্রো আৰু ক্রো

খ) মেকডুগাল

গ) ড্রেভাৰ

ঘ) ৰুছো

= ঘ

 

১০৯) আগ্রহ হৈছে মনোযোগৰ সুপ্ত অবস্থা আৰু মনোযোগ আগ্রহৰ সক্রিয় অবস্থা”- উক্তিটো আছিল

ক) মেকডুগালৰ

খ) ড্রেভাৰৰ

গ) ক্রো আৰু ক্রো

ঘ) ষ্ট্রেঙৰ

= ক

 

১১০) ব্যক্তিৰ আগ্রহ হল

ক) ক্ষণস্থায়ী

খ) দীর্ঘস্থায়ী

গ) ক, খ দুয়োটাই

ঘ) এটাও নহয়

= গ

 

১১১) এজন শিক্ষকে ছাত্রৰ উত্তৰবহী মূল্যায়ন কৰোতে তেওঁৰ পাৰদর্শিতা প্রদর্শন কৰিব-

ক) কর্তব্যৰ প্রতি নিষ্ঠা দেখুৱাই

খ)) উত্তৰ বহীত মতামত ব্যক্ত কৰি

গ) ছাত্রৰ প্রতি নিৰপেক্ষতা দেখুৱাই

ঘ) এটাও নহয়

= গ

 

১১২) তলৰ কোনটো অধিক গুৰুত্বপূর্ণ ?

ক) শিক্ষকে ব্লেকবোর্ডৰ উচিত ব্যবহাৰ কৰিব লাগে

খ) শিক্ষকে ছাত্রক নিস্তব্ধতা বজাই ৰাখিবলে কব লাগে

গ) শিক্ষকে যিমান পাৰে সিমান সহজভাবে পাঠ্যক্রম ব্যাখ্যা কৰিব লাগে

ঘ) শিক্ষকে স্পষ্ট আৰু ডাঙৰকৈ বক্তৃতা দিব লাগে

= গ

 

১১৩)  বিকাশ আৰু উন্নয়ন কোনটো কাৰকৰ ওপৰত নির্ভৰশীল?

ক) বংশগতিৰ ওপৰত

খ) পৰিবেশৰ ওপৰত

গ) ব্যক্তিৰ ওপৰত

ঘ) ওপৰৰ সকলো

= ঘ

 

১১৪)  শাৰীৰিক উন্নয়ন মানে কি?

ক) স্বাস্থ্যবান হোৱা

খ) শৰীৰ চর্চা কৰা

গ) আন্তৰিক আৰু বাহ্যিক উন্নয়ন

ঘ) ৰোগ নোহোৱা

= গ

 

১১৫) ব্যক্তিত্ব মানে কি বুজা?

ক) ব্যক্তিৰ ব্যবহাৰ

খ) ব্যক্তিৰ সামাজিক উন্নয়ন

গ) সেই বস্তুবোৰ যিবোৰ ব্যক্তিৰ নিজৰ

ঘ) ব্যক্তিয়ে কোৱা কথা

= গ

 

১১৬) এগৰাকী মাতৃৰ নিজৰ সন্তানৰ প্রতি থকা আগ্রহক কোৱা হয়-

ক) আর্জিত আগ্রহ

খ) অস্থায়ী আগ্রহ

গ) সুপ্ত বা প্রকৃত আগ্রহ

ঘ) স্থায়ী আগ্রহ

= গ

 

১১৭) এজন গায়কৰ সংগীতৰ প্রতি থকা আগ্রহক ক’ব পাৰি

ক) প্রকৃত আগ্রহ

খ) আহৰিত আগ্রহ

গ) স্থায়ী আগ্রহ

ঘ) অস্থায়ী আগ্রহ

= গ

 

১১৮) শিক্ষণ আৰু প্রশিক্ষণৰ যোগেদি আয়ত্ত কৰা আগ্রহক কোৱা হয়

ক) প্রকৃত আগ্রহ

খ) স্থায়ী আগ্রহ

গ) অস্থায়ী আগ্রহ

ঘ) আর্জিত আগ্রহ

= ঘ

 

১১৯) ছাত্র-ছাত্রীৰ সক্ষমতা শিক্ষকে কিদৰে জুখিব ?

ক) ছাত্র-ছাত্রীৰ পৰীক্ষা লৈ

খ) ছাত্র-ছাত্রীক কথা সুধি

গ) ছাত্র-ছাত্রীৰ বিভিন্ন কামৰ তথ্য বিশ্লেষণ কৰি

ঘ) ছাত্র-ছাত্রীৰ পিতৃ-মাতৃক সুধি

= গ

 

১২০) ছাত্র-ছাত্রীক প্রকৃত উপযুক্ত জ্ঞান কিদৰে দিব?

ক) পাঠটো মনত ৰখাই

খ) পাঠটোৰ বিশ্লেষণ কৰি

গ) ছাত্র-ছাত্রীক নিজে অধ্যয়ন কৰাই

ঘ) মনোগ্রাহী উপায়েৰে শিকাই

= ঘ

Leave a Comment

error: Warning, you aare not allowed to copy this element