Join Assam Study Centre Channel

Indian Polity and Constitution of India – Questions 121- 150

১২১) সংবিধানৰ কোনটো অনুচ্ছেদে ভাৰতৰ বাবে এজন ৰাষ্ট্রপতি থাকিব বুলি উল্লেখ কৰিছে ?

ক) ৩ নং অনুচ্ছেদ

খ) ৫ নং অনুচ্ছেদ

গ) ৩৪ নং অনুচ্ছেদ

ঘ) ৫২ নং অনুচ্ছেদ

= ৫২ নং অনুচ্ছেদ

 

১২২) সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ বাবে এজন উপ-ৰাষ্ট্রপতি থাকিব বুলি উল্লেখ কৰিছে ?

ক) ৮ নং অনুচ্ছেদ

খ) ৩৯ নং অনুচ্ছেদ

গ) ৫৪ নং অনুচ্ছেদ

ঘ) ৬৩ নং অনুচ্ছেদ

= ৬৩ নং অনুচ্ছেদ

 

১২৩) বর্তমান সম্পত্তিৰ অধিকাৰ এক-

ক) মৌলিক অধিকাৰ

খ) নির্দেশাত্মক নীতি

গ) আইনগত অধিকাৰ

ঘ) সামাজিক অধিকাৰ

= আইনগত অধিকাৰ

 

১২৪) পঞ্চবার্ষিক পৰিকল্পনা সমুহক শেষ অনুমোদন কোনে জনাইছিল ?

ক) ৰাষ্ট্রপতিয়ে

খ) সংসদে

গ) বিত্ত সচিবে

ঘ) ৰাষ্ট্রীয় উন্নয়ণ পৰিষদে

= ৰাষ্ট্রীয় উন্নয়ণ পৰিষদে

 

১২৫) মৌলিক কর্তব্য সমুহ ভাৰতীয় সংবিধানত কিমান চনত অন্তভূক্ত কৰা হৈছিল ?

ক) ১৯৫৬

খ) ১৯৭৬

গ) ১৯৮০

ঘ) ১৯৮৭

= ১৯৭৬

 

১২৬) সংসদৰ “শুন্য কাল” মানে কি ?

ক) যেতিয়া বিৰোধীৰ প্রস্তাব আলোচনা কৰা হয়

খ) যেতিয়া অত্যন্ত গুৰুত্বপূর্ণ বিষয়সমুহ আলোচনা কৰা হয়

গ) পুৱা আৰু আবেলিৰ চেছনৰ মাজৰ সময়

ঘ) যেতিয়া অর্থ বিল উত্থাপন কৰা হয়

= যেতিয়া অত্যন্ত গুৰুত্বপূর্ণ বিষয় সমুহ আলোচনা কৰা হয়

 

১২৭) কোনটো অনুচ্ছেদে প্রধানমন্ত্রীক কেন্দ্রীয় কেবিনেটৰ মুৰব্বী হিচাপে ঘোষণা কৰিছে ?

ক) ৫৫

খ) ৭৪

গ) ৭৯

ঘ) ৮৩

=  ৭৪

 

১২৮) বিদেশী ৰাষ্ট্রলৈ কুটনীতিবিদ সকলক কোনে নিযুক্তি দিয়ে ?

ক) প্রধানমন্ত্রীয়ে

খ) বৈদেশিক মন্ত্রীয়ে

গ) ৰাষ্ট্রপতিয়ে

ঘ) প্রতিৰক্ষা মন্ত্রীয়ে

= প্রধানমন্ত্রীয়ে

 

১২৯) নির্বাচন অনুষ্ঠিত হোৱাৰ কিমান সময়ৰ পুর্বে নির্বাচনী প্রচাৰ বন্ধ হয় ?

ক)  ১২ ঘণ্টা

খ) ৪০ ঘণ্টা

গ) ৪৮ ঘণ্টা

ঘ) ৬০ ঘণ্টা

= ৪৮ ঘণ্টা

 

১৩০) উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা কিমান ?

ক) মুখ্য ন্যায়াধীশক লৈ ১৫ জন

খ) মুখ্য ন্যায়াধীশক লৈ ২০ জন

গ) মুখ্য ন্যায়াধীশক লৈ ৩০ জন

ঘ) মুখ্য ন্যায়াধীশক লৈ ৩৫ জন

= মুখ্য ন্যায়াধীশক লৈ ৩০ জন

 

১৩১) ভাৰতৰ সংবিধানৰ অভিভাবক কোন ?

ক) ৰাষ্ট্রপতি

খ) প্রধানমন্ত্রী

গ) লোকসভাৰ সচিবালয়

ঘ) উচ্চতম  ন্যায়ালয়

=  উচ্চতম ন্যায়ালয়

 

১৩২) খচৰা সমিতিত সংবিধানত প্রস্তাবনাৰ অন্তভূক্তিৰ বাবে কোনে প্রস্তাব দিছিল ?

ক) নেহেৰু

খ) মহাত্মা গান্ধী

গ) বি আৰ আম্বেদকাৰ

ঘ) বি এন ৰাও

= নেহেৰু

 

১৩৩) সংবিধানৰ ১৪ নং অনুচ্ছেদে কি অধিকাৰ ভাৰতীয় নাগৰিকক দিছে?

ক) শিক্ষাৰ অধিকাৰ

খ) সম্পত্তিৰ অধিকাৰ

গ) বাক্‌স্বাধীনতা আৰু মত প্রকাশৰ অধিকাৰ

ঘ) আইনৰ চকুত সমানৰ অধিকাৰ

=  আইনৰ চকুত সমানৰ অধিকাৰ

 

১৩৪) কোন অনুচ্ছেদ মতে লোকসভাৰ অধ্যক্ষই নির্ণেয়ক ভোট (Casting Vote) প্রদান কৰিব পাৰে ?

 

ক) ৯৯ নং অনুচ্ছেদ

খ) ১০০ নং অনুচ্ছেদ

গ) ১০১ নং অনুচ্ছেদ

ঘ) ১০২ নং অনুচ্ছেদ

=  ১০০ নং অনুচ্ছেদ

 

১৩৫) লোক সভা আৰু ৰাজ্য সভাৰ যুটীয়া অধিবেশন কোন অনুচ্ছেদ মতে অনুষ্ঠিত হয় ?

ক) ১০২ নং

খ) ১০৫ নং

গ) ১০৮ নং

ঘ) ১৫২ নং

=  ১০৮ নং

 

১৩৬) ভোটদানৰ অধিকাৰ এক-

ক) মৌলিক অধিকাৰ

খ) সাংবিধানিক অধিকাৰ

গ) আইঙ্গত অধিকাৰ

ঘ) প্রাকৃতিক অধিকাৰ

= সাংবিধানিক অধিকাৰ

 

১৩৭) ভাৰতৰ সংসদ গঠন হৈছে-

ক) লোক সভাক লৈ

খ) ৰাজ্য সভাক লৈ

গ) লোক সভা আৰু ৰাজ্য সভাক লৈ

ঘ) লোক সভা, ৰাজ্য সভা আৰু ৰাষ্ট্রপতিক লৈ

= লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্রপতিক লৈ

 

১৩৮) সংবিধান অনুসৰি প্রধানমন্ত্রী হৈছে-

ক) কেন্দ্রীয় মন্ত্রীসভাৰ মুৰব্বী

খ) কেন্দ্রীয় মন্ত্রীপৰিষদৰ মুৰব্বী

গ) কেন্দ্রীয় চৰকাৰৰ মুৰব্বী

ঘ) কেন্দ্রীয় প্রশাসনৰ মুৰব্বী

=  কেন্দ্রীয় মন্ত্রীপৰিষদৰ মুৰব্বী

 

১৩৯) অধ্যাদেশ জাৰি কৰাটো ৰাষ্ট্রপতিৰ এক-

ক) কার্য

খ) অধিকাৰ

গ) ক্ষমতা

ঘ) নির্দেশনা

= ক্ষমতা

 

১৪০) ভাৰতীয় সংবিধান গ্রহণ কৰিছিল-

ক) সাংবিধানিক পৰিষদে

খ) খচৰা সমিতিয়ে

গ) জনসাধাৰণে

ঘ) ভাৰত চৰকাৰে

=  সাংবিধানিক পৰিষদে

 

১৪১) ধর্মীয় ভিত্তিত বৈষম্যতা নিষিদ্ধ কৰা হৈছে-

ক) ১৩ নং অনুচ্ছেদে

খ) ১৪ নং অনুচ্ছেদে

গ) ১৫ নং অনুচ্ছেদে

ঘ) ১৬ নং অনুচ্ছেদে

= ১৫ নং অনুচ্ছেদে

 

১৪২) কাক ভাৰতৰ ৰেডিকেল হিউমেনিষ্ট বুলি কোৱা হয় ?

ক) আম্বেদকাৰ

খ) অৰবিন্দ ঘোষ

গ) এম এন ৰয়

ঘ) সাভৰকাৰ

= এম এন ৰয়

 

১৪৩)  ভাৰতৰ সংবিধানৰ প্রস্তাবনাটো সংশোধন কৰা হৈছিল-

ক) ৩৬ নং সংশোধনীত

খ) ৪২ নং সংশোধনীত

গ) ৪৫ নং সংশোধনীত

ঘ) ৪৮ নং সংশোধনীত

=  ৪২ নং সংশোধনীত

 

১৪৪) সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাতিল কৰা হৈছিল-

ক) ৪৪ নং সংশোধনী মতে

খ) ৪৫ নং সংশোধনী মতে

গ) ৪৭ নং সংশোধনী মতে

ঘ) ৫২ নং সংশোধনী মতে

=  ৪৪ নং সংশোধনী মতে

 

১৪৫) ভাৰতৰ ৰাষ্ট্রপতি আৰু উপৰাষ্ট্রপতিৰ নির্বাচনৰ বিবাদ কোনে মীমাংসা কৰে ?

ক) নির্বাচনী আয়োগে

খ) সংসদে

গ) উচ্চতম ন্যায়ালয়ে

ঘ) ৰাজ্য সভাই

= উচ্চতম ন্যায়ালয়ে

 

১৪৬) ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অনুচুচীত জাতি / জনজাতি শিক্ষার্থীৰ বাবে আসন সংৰক্ষণৰ ব্যবস্থা কোনটো সংশোধনীয়ে কৰিছে ?

ক) ৯২ নং

খ) ৯৩ নং

গ) ৯৪ নং

ঘ) ৯৫ নং

=  ৯৩ নং

 

১৪৭) তলৰ কোনটো ৰাজ্যিক তালিকাৰ অন্তঃভূক্ত বিষয় নহয় ?

ক) পুলিচ

খ) আইন শৃংখলা

গ) জেল

ঘ) পাচপর্ট

=  পাচপর্ট

 

১৪৮) কেন্দ্র-ৰাজ্যৰ মাজৰ ক্ষমতা বিভাজন কৰা তিনিখন তালিকা, কেন্দ্রীয় তালিকা, ৰাজ্যিক তালিকা আৰু সমবর্তী সুচীৰ বিষয়ে কোনটো অনুসুচীত উল্লেখ কৰা হৈছে ?

ক) পঞ্চম

খ) ষষ্ঠ

গ) সপ্তম

ঘ) অষ্টম

= সপ্তম

 

১৪৯) কোনটো অনুচ্ছেদে ৰাষ্ট্রপতিক এংলো ইণ্ডিয়ান সম্প্রদায়ৰ পৰা লোক সভালৈ সদস্য মনোনীত কৰাৰ ক্ষমতা প্রদান কৰিছে ?

ক) ৭৯

খ) ১১২

গ) ৩৩১

ঘ) ৪০২

=  ৩৩১ নং অনুচ্ছেদে

 

১৫০) এটা ৰাজনৈতিক দলক ৰাষ্ট্রীয় ৰাজনৈতিক দল হিচাপে ঘোষণা কৰিবৰ বাবে কিমানখন ৰাজ্যত দলটোৰ অবস্থিতি থাকিব লাগিব ?

ক) ৪ খন

খ) ৬ খন

গ) ৯ খন

ঘ) ১২ খন

= ৪ খন

Leave a Comment

error: Warning, you aare not allowed to copy this element