Join Assam Study Centre Channel

Daily Current Affairs Quiz: 05-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

 

আজিৰ Daily Current Affairs Quiz ত  ২০২৭ চনৰ CogX ২০২০,  কোঅপাৰেটিভ ডেভেলপমেণ্ট ফৰাম, “Kill Corona” অভিযান, “নিচা মুক্ত ভাৰত” আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

) ভাৰত চৰকাৰৰ তলৰ কোনটো সন্মানীয় গোলকীয় নেতৃত্ব সন্মিলন CogX ২০২০ত দুটা পুৰস্কাৰ লাভ কৰিছে ?

ক) মাই গভ কৰোণা

খ) ডিজিটেল ভাৰত

গ) ফিট ভাৰত

ঘ) স্বচ্চ ভাৰত মিছন

 

) প্রস্তাৱিত কোঅপাৰেটিভ ডেভেলপমেণ্ট ফৰাম’ ক তলৰ কোণজন প্রাক্তন কেন্দ্রীয় মন্ত্রীয়ে নেতৃত্ব প্রদান কৰিব ?

ক) সুৰেশ প্রভু

খ) গোপীনাথ ৰাও

গ) কালৰাজ মিশ্র

ঘ) মানেকা সঞ্জয় গান্ধী

 

) তলৰ কোনটো সংস্থাই “Global Education Monitoring Report” প্রকাশ কৰিছে ?

ক) ইউনিচেফ

খ) ইউনেস্ক’

গ) আই এম এফ

ঘ) বিশ্ব বেংক

 

) ভাৰতৰ কোনখন ৰাজ্যই “Kill Corona” অভিযান আৰম্ভ কৰিছে ?

ক) বিহাৰ

খ) উত্তৰপ্রদেশ

গ) মধ্য প্রদেশ

ঘ) গুজৰাট

 

)  ভাৰতৰ কোনটো কেন্দ্রীয় বিভাগে “নিচা মুক্ত ভাৰত” নামৰ এক বছেৰেকীয়া পৰিকল্পনা প্রস্তুত কৰিছে ?

ক) মানৱ সম্পদ উন্নয়ন বিভাগ

খ) সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ

গ) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

ঘ) মহিলা আৰু শিশু উন্নয়ন বভাগ

 

) ভাৰতৰ তৈল খণ্ডৰ কোনটো কোম্পানীয়ে “ Battery Swapping Facility Quick Interchange Service (QIS) নামৰ নতুন প্রযুক্তিবিদ্যা আৰম্ভ কৰিছে ?

ক) ইণ্ডিয়ান অইল কর্পৰেচন

খ) শ্রী ভাৰত পেট্রলিয়াম কর্পৰেচন

গ) অ এন জি চি

ঘ) গেইল লিমিটেড

 

) তলৰ কোনটো কোম্পানীয়ে “অনলাইন বিজনেচ গাইড আৰু প্রশিক্ষণ”ৰ কার্যসুচী আৰম্ভ কৰিছে ?

ক) ফ্বেচবুক

খ) এমাজন

গ) টাটা কনচালটেন্সি চার্ভিচ

ঘ) ইনফচিচ

 

)  ভাৰতৰ কোনটো ষ্টক একচেঞ্জ বিশ্বৰ আগশাৰীৰ ১০ টা ষ্টক একচেঞ্জলৈ উনীত হৈছে ?

ক) National Stock Exchange

খ) Calcutta Stock Exchange

গ) Madras Stock Exchange

ঘ) Bombay Stock Exchange

 

উত্তৰসমূহঃ

 

১) মাই গভ কৰোণা

ভাৰত চৰকাৰৰ কৃত্রিম বুদ্ধিমত্তাৰ প্লেটফর্ম “মাই গভ কৰোণা”ই বিশ্ব নেতৃত্ব CogX ২০২০ বর্ষৰ সন্মিলনত সন্মানীয় দুটা পুৰস্কাৰ লাভ কৰিছে ।

 

২) সুৰেশ প্রভু

প্রস্তাবিত সমবায় উন্নয়ণ ফৰামক প্রাক্তন কেন্দ্রীয় মন্ত্রী সুৰেশ প্রভুয়ে নেতৃত্ব প্রদান কৰিব। এই ফৰামৰ যোগেদি গ্রাম্য অর্থনীতিক শক্তিশালী কৰাৰ বাবে সমগ্রদেশত সমবায় আন্দোলৰ ব্যবস্থা কৰা হ’ব।

 

৩) ইউনেস্ক’

ৰাষ্ট্রসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্ক’য়ে ইয়াৰ Global Education Monitoring Report প্রকাশ কৰিছে। প্রতিবেদনত প্রকাশ কৰা মতে বিশ্বৰ ৪০ শতাংশ দৰিদ্র দেশে কভিড-১৯ ৰ বাবে শিক্ষার্থীসকলক শৈক্ষিক সমর্থন আগবঢ়াবলৈ সক্ষম হোৱা নাই।

 

৪)  মধ্যপ্রদেশ

কৰণাভাইৰাচৰ সংক্রমণ ৰোধ কৰিবলৈ মধ্যপ্রদেশ চৰকাৰে “Kill Corona” নামৰ এটা অভিযান আৰম্ভ কৰিছে। ১৫ দিনীয়া এই অভিযান্টোৰ যোগেদি ঘৰে ঘৰে চার্ভে আৰু কৰণা টেষ্ট কৰা হ’ব। সর্বমূঠ ২.৫ লাখ টেষ্ট ইয়াৰ যোগেদি কৰা হ’ব আৰু প্রত্যেক দিনা ২০০০০ টা চেম্পল সংগ্রহ কৰা হ’ব।

 

৫) সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে ২০২০-২১ বিত্তীয় বর্ষৰ বাবে “নিচা মুক্ত ভাৰত” নামৰ এক বছেৰেকীয়া পৰিকল্পনা প্রস্তুত কৰিছে। এই পৰিকল্পনা মতে ভাৰতৰ ২৭২ খন জিলাত নিচা আসক্তি কমাবৰ বাবে কাম কৰা হ’ব।

৬) ইণ্ডিয়ান অইল কর্পৰেচন

 ইণ্ডিয়ান অইল কর্পৰেচনে কার্যকৰী সময় বৃদ্ধি কৰিবলৈ Battery Swapping Facility Quick Interchange Service নামৰ এটা নতুন টেকনলজিৰ আৰম্ভ কৰিছে। কেন্দ্রীয় পেট্রলিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে চণ্ডীগড়ত এই টেকনলজিৰ শুভাৰম্ভ কৰে।

 

৭) ফেচবুক

বিশ্বৰ আগশাৰীৰ টেকনলজি তথা সামাজিক মাধ্যম কোম্পানী ফেচবুকে “Boost with Facebook Summer of Support” নামৰ এটা অনলাইন ব্যবসায়ৰ প্রশিক্ষণ কার্যসুচী আৰম্ভ কৰিছে । ৬ সপ্তাহ ধৰি চলিব লগীয়া এই প্রশিক্ষণত যিসকল লোকে অনলাইন ব্যবসায়ত জড়িত হ’ব বিচাৰে যেনে – আধুনিক কাষ্টমাৰ চার্ভিচ, ক্রিয়েটিভ ৰিইনভেনচন, ডিজিটেল প্রচেচিং আদিৰ ওপৰত প্রশিক্ষণ প্রদান কৰা হ’ব।

 

৮) Bombay Stock Exchange

ৱর্ল্ড ফেডাৰেচন অৱ একচেঞ্জে প্রকাশ কৰা তথ্য অনুসৰি ভাৰতৰ বোম্বে ষ্টক একচেঞ্জ মুঠ ১.৭ ট্রিলিয়ন মার্কিন ডলাৰৰ বজাৰ মূলধনৰ সৈতে বিশ্বৰ আগশাৰীৰ ষ্টক একচেঞ্জৰ দশম স্থানলৈ উন্নীত হৈছে।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element