Join Assam Study Centre Channel

Daily Current Affairs Quiz: 3rd July 2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  ২০২০ চনৰ National Statistics Day, বৈদেশিক মুদ্রাৰ বিনিময় ভাণ্ডাৰ, কভিড-১৯ৰ ভেকচিন, “বলৰাম” যোজনা আদি বিষয় সামৰি লোৱা হৈছে।

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

) বৈদেশিক মুদ্রাৰ বিনিময় ভাণ্ডাৰৰ ক্ষেত্রত বিশ্বত বর্তমান ভাৰতৰ স্থান কিমান ?

ক) দশম

খ) নৱ্ম

গ) ষষ্ঠ

ঘ) পঞ্চম

 

) আই চি এম আৰে ভাৰতত থলুৱাভাবে প্রস্তুত কৰা কভিড-১৯ৰ ভেকচিন কেতিয়ালৈ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ কথা ভাবিছে ?

ক) ১৫ আগষ্ট

খ) ২০ চেপ্তেম্বৰ

গ) ২ অক্টোবৰ

ঘ) ৩১ জুলাই

 

) কোনখন ৰাজ্যৰ বিধানমণ্ডলৰ বর্ষাকালীন অধিবেশন এদিনলৈ হ্রাস কৰা হৈছে ?

ক) দিল্লী

খ) উত্তৰপ্রদেশ

গ) গোৱা

ঘ) কেৰেলা

 

) শেহতীয়া প্রতিৰক্ষা চুক্তি অনুসৰি ভাৰতে তলৰ কোনখন দেশৰ পৰা ২১ খন মিগ-২৯ যুঁজাৰু জেট বিমান ক্রয় কৰাৰ পৰিকল্পনা কৰিছে ?

ক) ফ্রান্স

খ) জার্মানী

গ) আমেৰিকা

ঘ) ৰাছিয়া

 

)  ভাৰতৰ কোনখন ৰাজ্যই ৭ লাখ ভূমিহীন খেতিয়কৰ বাবে “বলৰাম” যোজনা আৰম্ভ কৰিছে ?

ক) ঝাৰখণ্ড

খ) উড়িষ্যা

গ) চট্টিশগড়

ঘ) মধ্যপ্রদেশ

 

) নির্বাচনী প্রচাৰত নিজৰ ফটো ব্যবহাৰ নকৰিবলৈ তলৰ কোনখন দেশৰ ৰাষ্ট্রপতিয়ে আদেশ জাৰি কৰিছে ?

ক) ভাৰত

খ) শ্রী লংকা

গ) মালদ্বীপ

ঘ) আমেৰিকা

 

) ৰিলায়েঞ্চ জিঅ’ৰ কিমান শতাংশ ইকুইটি ইণ্টেল কেপিটেলে ক্রয় কৰিছে ?

ক) ০.৩৯ %

খ) ০.৮৯ %

গ) ১.০২ %

ঘ) ২.৩৫ %

 

)   National Statistics Day 2020 ৰ শ্লোগান কি আছিল ?

ক) Statistics is life

খ) Indian Statistics

গ) Honouring  P C Mahalanobis

ঘ) Sustainable Development Goals 3 and 5

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

উত্তৰসমূহঃ

১) পঞ্চম

ভাৰতৰ বৈদেশিক বিনিময় মুদ্রাৰ ভঁড়াল বর্তমান সময়ত ৫০০ বিলিয়ন মার্কিন ডলাৰ হৈ আছে। এই পৰিমাণৰ সৈতে আজিৰ তাৰিখত ভাৰত বিশ্বৰ ভিতৰতে পঞ্চম স্থানত আছে।

 

২) ১৫ আগষ্ট

আই চি এম আৰে ১৫ আগষ্টৰ ভিতৰত ভাৰতত থলুৱাভাবে নির্মিত কভিড-১৯ৰ ভেকচিন জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। আই চি এম আৰে ভাৰত বায়টেক ইণ্টাৰনেচনেল লিমিটেডৰ লগত যুটীয়াভাবে কভাক্সিন নামৰ ভেকচিন প্রস্তুত কৰি আছে।

 

৩)  গোৱা

কৰণা ভাইৰাচৰ পৰিপ্রেক্ষিতত গোৱাৰ চৰকাৰে ইয়াৰ বর্ষাকালীন বিধানসভাৰ অধিবেশন ২ সপ্তাহৰ পৰা ১ দিনলৈ হ্রাস কৰিছে।

 

৪) ৰাছিয়া

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রণালয়ে ৩৩ খন যুঁজাৰু বিমান, মিচাইল আৰু ৩৮৯০০ কোটি টকাৰ অন্যান্য যুদ্ধৰ সামগ্রী ৰাছিয়াৰ পৰা ক্রয় কৰাৰ সিদ্ধান্ত লৈছে। ২ জুলাই তাৰিখে এই সিদ্ধান্তত অনুমতি প্রদান কৰা হয়।

৫) উড়িষ্যা

উড়িষ্যাৰ চৰকাৰে ৰাজ্যখনৰ ভূমিহীন খেতিয়কৰ বাবে “বলৰাম” নামৰ এখন আচঁনিৰ শুভাৰম্ভ কৰিছে। মুঠ ১০৪০ কোটি টকাৰ এই আঁচনিৰ যোগেদি ভূমিহীন খেতিয়কক কৃষি ঋণ প্রদান কৰা হ’ব।

 

৬) শ্রীলংকা

শ্রীলংকাৰ ৰাষ্ট্রপতি গোতবায়া ৰাজাপক্সাই আহিবলগীয়া সংসদীয় নির্বাচনত প্রার্থীসকলে তেওঁৰ ফটো ব্যবহাৰ কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা প্রদান কৰিছে। উল্লেখযোগ্য যে শ্রীলংকাৰ সংসদীয় নির্বাচন ৫ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছে।

 

৭) ০.৩৯ %

ৰিলায়েঞ্চ ইণ্ড্রাষ্টিজে লিমিটেডে ঘোষণা কৰিছে যে বিশ্বৰ আগশাৰীৰ টেকনলজী কোম্পানী ইনটেলে ১৮৯৪ কোটি টকা জিঅ’ প্লেটফর্মত বিনিয়োগ কৰিছে। ইয়াৰ ফলত ইনটেকে জিঅ’ ৰ ০.৩৯ শতাংশ ইকুইটি ষ্টেক ক্রয় কৰিবলৈ সক্ষম হ’ল।

 

৮) Sustainable Development Goals 3 and 5

প্রত্যেক বছৰে ২৯ জুন তাৰিখটো ৰাষ্ট্রীয় পৰিসংখ্যা দিৱস হিচাপে উদ্‌যাপন কৰা হয়। এইবছৰ কৰণাৰ বাবে এই দিৱস ভার্চুৱেল কনফাৰেন্সিংৰ যোগেদি অনুষ্ঠিত কৰা হয়। এইবছৰৰ এই দিৱসৰ শ্লোগান আছিল “Sustainable Development Goals 3 and 5। লক্ষ্য ৩ হৈছে সুস্বাস্থ্য জীৱন-ধাৰন নিশ্চিত কৰা আৰু সকলো বয়সৰ লোকৰ কল্যাণ কৰা। লক্ষ্য ৫ হৈছে লিংগ সমতা স্থাপন আৰু মহিলাৰ সৱলীকৰণ।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element