Join Assam Study Centre Channel

শীতল যুদ্ধৰ যুগ – ৰাজনীতি বিজ্ঞান – উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ

পাঠৰ সাৰাংশঃ

অবিশ্বাস, বিদ্বেষ আৰু প্রতিদ্বন্দ্বিতাকে বিশ্ব ৰাজনীতিত শীতল যুদ্ধ নামেৰে নামকৰণ কৰা হয়। শীতল যুদ্ধৰ সময়ত যুদ্ধ অথবা শান্তি কোনোটোৱেই বিৰাজ কৰা নাছিল।দ্বিতীয় মহাসমৰৰ পিছতে সূচনা হোৱা শীতল যুদ্ধই বিভিন্ন সময়ত গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। বিশেষকৈ কিউবাৰ মিচাইল সংকটৰ সময়ত ই অধিক প্রকট হৈ উঠিছিল।

পৃথিৱীৰ বিভিন্ন ঠাইলৈ সম্প্রসাৰিত হোৱা শীতল যুদ্ধৰ সামগ্ৰিক ৰূপ বিভিন্ন ঘটনাই বহন কৰিছিল।

‘সামৰিক জোট বন্ধন’ শীতল যুদ্ধৰ সময়ৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য আছিল।

শীতল যুদ্ধই পৃথিৱীৰ দুই শক্তিগোষ্ঠীৰ মাজত অস্ত্র-শস্ত্ৰৰ এক অঘোষিত প্রতিযোগিতাৰ সূচনা কৰিছিল।

শীতল যুদ্ধৰ ফলত সৃষ্টি হোৱা দ্বিকেন্দ্ৰিক ৰাষ্ট্র ব্যৱস্থা (Bi-polar State System)ৰ প্রতি তৃতীয় বিশ্বৰ দেশসমূহে প্রত্যাহবান ৰূপে থিয় দিছিল। কাৰণ নতুনকৈ স্বাধীনতা লাভ কৰা এই ৰাষ্ট্রসমূহে কোনো এটা শক্তিগোষ্ঠীতে অন্তর্ভুক্ত নহৈ স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ আঁচনি গ্ৰহণ কৰিছিল যাক গোষ্ঠীনিৰপেক্ষতা বুলি কোৱা হৈছিল।

গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্রসমূহে শীতলযুদ্ধৰ ফলত সৃষ্টি হোৱা উত্তেজনা কিছু পৰিমাণে লাঘৱ কৰিছিল। কাৰণ, এই ৰাষ্ট্রসমূহে সামৰিক গোষ্ঠীত নতুন ৰাষ্ট্ৰৰ অন্তর্ভুক্তিৰ প্ৰক্ৰিয়াটোক কিছু পৰিমাণে বাধা দিছিল। তদুপৰি, এই দেশসমূহে তেওঁলোকৰ অর্থনৈতিক বিকাশৰ বাবে বিশ্ব বাণিজ্যক সংশোধন কৰি নতুন অর্থনৈতিক ব্যৱস্থাৰ দাবী উত্থাপন কৰিছিল।

চমু প্রশ্নোত্তৰ

১) শীতল যুদ্ধৰ সময়ত তলৰ ৰাষ্ট্ৰসমূহৰ কোনখন কোনটো গোষ্ঠীত আছিল লিখা।

(ক) পোলেণ্ড

(খ) ফান্স

(গ) জাপান

(ঘ) নাইজেৰিয়া

(ঙ) দক্ষিণ কোৰিয়া

(চ) শ্রীলংকা

উত্তৰঃ

(ক) পোলেণ্ড- ছোভিয়েট নেতৃত্বাধীন শক্তিগোষ্ঠী

(খ) ফান্স- আমেৰিকা নেতৃত্বাধীন শক্তিগোষ্ঠী

(গ) জাপান- আমেৰিকা নেতৃত্বাধীন শক্তিগোষ্ঠী

(ঘ) নাইজেৰিয়া- গোষ্ঠীনিৰপেক্ষ

(ঙ) দক্ষিণ কোৰিয়া- ছোভিয়েট গোষ্ঠী

(চ) শ্রীলংকা- গোষ্ঠীনিৰপেক্ষ।

২) “শীতল যুদ্ধই একে সময়তে অস্ত্র-শস্ত্র প্রতিযোগিতা আৰু অস্ত্র-শস্ত্র নিয়ন্ত্রণ দুয়োটাৰে বিকাশত অৰিহনা যোগাইছিল।” কাৰণসহ ব্যাখ্যা কৰা।

উত্তৰ: শীতল যুদ্ধই অস্ত্র-শস্ত্র প্রতিযোগিতা বৃদ্ধি কৰাৰ অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্রণটো অৰিহনা যোগাইছিল। আমি জানো যে শীতল যুদ্ধৰ সময়ত দুয়োটা শক্তিগোষ্ঠীৰ মাজত পাৰস্পৰিক অবিশ্বাস আৰু সন্দেহ বৃদ্ধি পাইছিল। ফলত দুয়োটা শক্তিগোষ্ঠীয়েই সম্ভাৱ্য যুদ্ধৰ বাবে নিজকে সাজু কৰিবৰ অর্থে অস্ত্রশস্ত্ৰৰে সুসজ্জিত হ’ব বিচাৰিছিল। প্ৰতিটো শক্তিগোষ্ঠীয়েই পাৰমাণৱিক শক্তিৰে নিজকে শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। গতিকে স্বাভাৱিকতেই অস্ত্র-শস্ত্ৰৰ এক অঘোষিত প্রতিযোগিতা আৰম্ভ হৈছিল। কিন্তু লাহে লাহে দুয়োটা শক্তিগোষ্ঠীয়েই উপলব্ধি কৰিলে যে পাৰমাণৱিক যুদ্ধই দুয়োটাৰ কাৰণেহ ভয়াৱহ ধ্বংস মাতি আনিব পাৰে। পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ এনে ভয়াৱহতা উপলব্ধি কৰিয়েই এইবাৰ দুয়োটা শক্তিগোষ্ঠীয়ে অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ সংকল্প লয়। এনে সহযোগিতাৰ ফলতেই Limited Test Ban Treaty আৰু Anti-Ballistic Missile treaty দুয়োপক্ষৰ মাজত স্বাক্ষৰিত হৈছিল।

৩) বৃহৎ শক্তিসমূহে (Superpowers) কিয় সৰু ৰাষ্ট্ৰবোৰৰ লগত সামৰিক মিত্ৰতা কৰিছিল ? তিনিটা কাৰণ লিখা।

উত্তৰঃ বৃহৎ শক্তিসমূহে সৰু ৰাষ্ট্ৰবোৰৰ লগত সামৰিক মিত্ৰতা কৰাৰ মূল কাৰণ আছিল –

১। সৰু ৰাষ্ট্ৰবোৰে বৃহৎ শক্তিসমূহক খনিজাত আৰু তৈলজাত সম্পদসমূহ আহৰণত সহায় কৰিছিল।

২। বৃহৎ ৰাষ্ট্ৰবোৰক সামৰিক ঘাটি স্থাপনৰ বাবে নিজ অঞ্চলত সুবিধা দিছিল।

৩। সৰু ৰাষ্ট্ৰবোৰে নিজ ভূ-খণ্ডত থাকি বৃহৎ শক্তিক চোৰাংচোৱাগিৰি কৰাৰ সুবিধা দিছিল।

৪) ‘শীতল যুদ্ধ ক্ষমতাৰ বাবে লগা এক সংগ্রামহে আছিল, ই কোনো আদর্শগত সংঘাত নাছিল।” তুমি কথাষাৰ সমর্থন কৰানে ? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ এই উক্তিৰ লগত আমি একমত হ’ব নোৱাৰো। শীতল যুদ্ধ কেৱল ক্ষমতাৰ বাবে লগা এক সংগ্রামেই নাছিল। ই দুটা বিপৰীতধর্মী আদৰ্শৰ মাজত হোৱা এক সংঘাত আছিল। আমেৰিকাৰ নেতৃত্বাধীন ৰাষ্ট্রগোষ্ঠীয়ে পুঁজিবাদী আদর্শ গ্রহণ কৰাৰ বিপৰীতে ছোভিয়েট নেতৃত্বাধীন ৰাষ্ট্রগোষ্ঠীয় সাম্যবাদী আদৰ্শৰ প্রতি সমর্থন জনাইছিল।

৫) তৃতীয় বিকল্প (Third Option) হিচাপে গ্রহণ কৰা গোষ্ঠীনিৰপেক্ষতাই কিদৰে তৃতীয় বিশ্ব দেশবোৰৰ বিকাশত সহায় কৰিছিল?

উত্তৰঃ শীতল যুদ্ধই সমগ্র বিশ্বখনকে দুটা পৰস্পৰ-বিৰোধী গোষ্ঠীত ভাগ  কৰিছিল। এটাৰ নেতৃত্ব দিছিল আমেৰিকাই আৰু আনটোৰ নেতৃত্ব দিছিল ছোভিয়েট ৰাছিয়াই। এনে এক পৰিৱেশত গোষ্ঠীনিৰপেক্ষ আন্দোলনে নতুনকে স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশবোৰক কোনো এটা সামৰিক গোষ্ঠীত অন্তর্ভুক্ত নহৈ তৃতীয় পথৰ পৰিচয় দিছিল। প্রথম অৱস্থাত মুঠ ২৫ খন ৰাষ্ট্ৰ লৈ আৰম্ভ হোৱা এই  আন্দোলনে মূলতঃ উন্নয়নশীল ৰাষ্ট্ৰাবোৰকেই সামৰি লৈছিল। উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ মূল লক্ষ্য আছিল অর্থনৈতিক বিকাশ আৰু দৰিদ্রতা দূৰীকৰণ। যদিও এই ৰাষ্ট্ৰবোৰ বিদেশীৰ শাসনৰ পৰা মুক্ত হৈছিল কিন্তু প্রগতিৰ অবিহনে এনে স্বাধীনতা অর্থহীন। যদি এই ৰাষ্ট্ৰবোৰে কোনো এটা নির্দিষ্ট গোষ্ঠীত যোগদান কৰিলেহেঁতেন তেন্তে দ্বিতীয়টো গোষ্ঠীৰ পৰা কোনোধৰণৰ সাহায্য নাপালেহেঁতেন। তাৰ পৰিবৰ্তে গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰাৰ ফলত দুয়োটা গোষ্ঠীৰ পৰাই বিত্তীয় আৰু অন্যান্য সাহায্য আদায় কৰিব পাৰিছিল। এইদৰে গোষ্ঠীনিৰপেক্ষতাই তৃতীয় বিশ্বৰ দেশবোৰক তেওঁলোকৰ অর্থনৈতিক বিকাশত সহায় কৰিছিল।

৬) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছেনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ শীতল যুদ্ধৰ অৱসানৰ লগে লগে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা সম্পর্কত প্রশ্ন উত্থাপন হ’বলৈ ধৰিলে। কাৰণ, শীতল যুদ্ধ প্রতিক্রিয়াস্বৰূপেই এই আন্দোলনৰ জন্ম হৈছিল। এইটো ঠিক যে গোষ্ঠীনিৰপেক্ষ আন্দোলন শীতল যুদ্ধৰ এক ফলশ্রুতি আছিল আৰু ই বিশ্বখনক দুটা সামৰিক  গোষ্ঠীত বিভক্ত হোৱাত কিছু পৰিমাণ বাধা দিছিল। কিন্তু এইটোৱেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মূল আৰু একমাত্র লক্ষ্য নাছিল। প্রকৃততে গোষ্ঠীনিৰপেক্ষতাই স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ এক নীতিকহে বুজায়। গতিকে এই আন্দোলনৰ শীতল যুদ্ধৰ সময়তো প্রাসংগিকতা আছিল আৰু বর্তমান সময়তো ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। সাম্প্রতিক কালত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্রাসংগিকতা তলত দিয়া দিশকেইটাৰ যোগেদি অনুধাৱন কৰিব পাৰি।

ক) বর্তমান বিশ্বত আমেৰিকাই একমাত্র বৃহৎ (Superpower) শক্তি। আমেৰিকাৰ একচেতিয়া তথা মইমতীয়া কার্যকলাপ সর্বত্র বিদ্যমান। এনে পৰিস্থিতিত গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্রসমূহে ঐক্যৱদ্ধ আৰু সংগঠিত হৈ আমেৰিকাৰ একাধিপত্যক প্রতিহত কৰিব পাৰিব।

খ) উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰবোৰৰ অর্থনৈতিক আৰু অন্যান্য দিশৰ বিকাশৰ বাবে সেইবোৰ দেশৰ মাজত সহযোগিতাৰ প্রয়োজন। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে সহযোগিতাৰ সৃষ্টিৰ এক মঞ্চ হিচাপে কাম কৰিব পাৰে।

গ) বর্তমান বিশ্বত দেখা পোৱা বিভিন্ন গোলকীয় সমস্যা যেনে— সন্ত্রাসবাদ, মানৱ অধিকাৰ উলংঘন, পৰিৱেশ প্ৰদূষণ, জন বিস্ফোৰণ ইত্যাদি সমস্যাসমূহ এখন দেশে অকলে সমাধান কৰিব নোৱাৰে। তাৰ বাবে গোলকীয় প্রচেষ্টাৰ (global effort) দৰকাৰ। এই ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সহায় কৰিব পাৰে।

ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্রাসংগিকতা আছে।

৭) শীতল যুদ্ধ বুলিলে কি বুজা?

উত্তৰঃ কোনো ধৰণৰ অস্ত্র প্রয়োগ নকৰাকৈ, যেতিয়া বিভিন্ন শক্তিগোষ্ঠীৰ মাজত অর্থনৈতিক, সামৰিক বা কূটনৈতিক সহায় তথা সামৰিক হস্তক্ষেপ বা চুক্তি সম্পাদন আদিৰ দ্বাৰা মতভেদৰ সৃষ্টি হয়, সেই অৱস্থাকে শীতল যুদ্ধ বুলি কোৱা হয়। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধ চলিছিল।

৮) বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্ৰবোৰক কিয় সৰু মিত্র ৰাষ্ট্ৰসমূহৰ প্রয়োজন হৈছিল ?

উত্তৰ: বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্ৰবোৰক সৰু মিত্র ৰাষ্ট্ৰসমূহৰ প্রয়োজন হোৱাৰ অন্যতম মূল কাৰণ হ’ল –

(ক) সৰু মিত্র ৰাষ্ট্ৰসমূহৰ পৰা বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্রসমূহে নিজৰ অস্ত্ৰ আৰু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰে।

(খ) খাৰুৱা তেল আৰু খনিজ সম্পদত চহকী সৰু ৰাষ্ট্রবোৰে এই সম্পদবোৰেৰে বৃহৎ ৰাষ্ট্ৰক সহায় কৰিব পাৰে।

৯) পাশ্চাত্য জোট (Western alliance) আৰু প্রাচ্য জোঁট মানে কি বুজা?

উত্তৰ: পাশ্চাত্য ইউৰোপৰ সকলো ৰাষ্ট্ৰই আমেৰিকাৰ জোটত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া জোঁট আৰু প্রাচ্য ইউৰোপৰ ৰাষ্ট্রসমূহক প্রাচ্য জোঁট ৰাষ্ট্র বোলে।

১০) দুই বৃহৎ শক্তিগগাষ্ঠীয়ে অস্ত্র নিয়ন্ত্ৰণৰ হকে স্বাক্ষৰ কৰা দুখন চুক্তিৰ বিষয়ে লিখা।

উত্তৰঃ

(ক) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি অথবা সীমিতভাৱে আণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited Test Ban Treaty)। এই চুক্তিখন ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভ আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ বুশ্ব (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল।

(খ) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি অথবা আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰোধকাৰী চুক্তি (Nuclear Non-Proliferation Treaty)। এই চুক্তিখন ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি বৰিছ ইয়েল্টছিন আৰু আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ বুশ্ব (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল।

১১) প্রথম গোষ্ঠী নিৰপেক্ষ সম্মিলন ক‘ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ প্রথম গোষ্ঠী নিৰপেক্ষ সন্মিলন বেলগ্রেডত ১৯৬১ চনৰ ১ ৰ পৰা ৬ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল।

১২) ‘শীতল যুদ্ধ শীতল’ হৈ থাকিল আৰু ই ‘গৰম’ যুদ্ধলৈ কিয় পৰিৱৰ্তিত নহ’ল?

উত্তৰঃ শীতল যুদ্ধই কোনো ধৰণৰ প্ৰকৃত যুদ্ধৰ অৱস্থিতি বা পৰিস্থিতিক নুবুজায় অথবা ই যুদ্ধ বা শান্তি দুয়োটা কোনোটো ধাৰণাকো নুবুজায়। এনে ধাৰণাই এনে কিছুমান পৰিস্থিতি আৰু পৰিৱেশৰ সৃষ্টি কৰে যত প্রকৃত যুদ্ধৰ সৃষ্টি নহ’লেও ই যুদ্ধৰ বাবে যাৱতীয় সকলো প্রস্তুতি তৈয়াৰ কৰি সজাগ হৈ থাকে। পৰস্পৰবিৰোধী দুই মহাশক্তিগোষ্ঠী দেশ আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত আছিল অবিশ্বাস আৰু প্রতিদ্বন্দ্বিতাৰ মনোভাৱ। তেওঁলোকে যুদ্ধৰ দ্বাৰা মুখামুখি সংঘর্ষ লিপ্ত হ’ব বিচৰা নাছিল। কিয়নো দুয়োখন দেশেই আণবিক শক্তিৰ ক্ষেত্ৰত সমান শক্তিশালী হোৱাৰ উপৰি এনে যুদ্ধৰ ফলত দুয়োখন দেশৰে যথেষ্ট পৰিমাণে ক্ষতি হোৱাৰ সম্ভাৱনাই আছিল অধিক। সেয়ে তেওঁলোকে এই সশস্ত্র সংঘষৰ আশ্রয় নলৈ ‘শীতল’ হিচাপেই থাকিল আৰু ই কোনোদিনে ‘গৰমলৈ পৰিৱর্তিত নহ’ল।

১৩) দুই বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠিত হোৱা মিত্র ব্যৱস্থাই সমগ্র বিশ্বখনকে দুটা গোষ্ঠীত বিভক্ত কৰিছিল? এই ক্ষেত্ৰত যুক্তি দাঙি ধৰা।

উত্তৰ: দুই বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠিত মিত্র ব্যৱস্থাই সমগ্র বিশ্বখনকে দুটা গোষ্ঠীত ভাগ কৰিছিল বুলি ক’ব নোৱাৰি। কিন্তু শীতল যুদ্ধ আৰু পৰৱর্তী আঞ্চলিক চুক্তিসমূহৰ ফলত সমগ্র বিশ্বখনক দুই পৰস্পৰবিৰোধী গোটত বিভক্ত কৰিছিল যদিও গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আৰম্ভণিয়ে তৃতীয় বিশ্বৰ ৰাষ্ট্রসমূহক এই আঞ্চলিক চুক্তিসমূহত যোগদান কৰাৰ পৰা বিৰত ৰখাত সুবিধা কৰি দিছিল আৰু এই ক্ষেত্ৰত বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে বিকল্প পথৰ সন্ধান দিছিল।

১৪) সৰু সৰু ৰাষ্ট্রসমূহে কেনেকৈ বৃহৎ শক্তিগগাষ্ঠী ৰাষ্ট্রসমূহক সহায় কৰিছিল?

উত্তৰঃ সৰু সৰু ৰাষ্ট্রসমূহে বৃহৎ শক্তিগগাষ্ঠীৰ ৰাষ্ট্রসমূহক বিভিন্ন প্রকাৰে সহায় আগবঢ়াইছিল –

(ক) সৰু ৰাষ্ট্ৰসমূহত থকা বিভিন্ন প্রাকৃতিক সম্পদ যেনে, খাৰুৱা তেল, খনিজ পদার্থ আদিয়ে বৃহৎ ৰাষ্ট্রসমূহক সহায় কৰিব পাৰে।

(খ) সৰু ৰাষ্ট্ৰসমূহৰ লগত বৃহৎ ৰাষ্ট্রসমূহে বন্ধুত্বৰ সম্পর্ক স্থাপন কৰি তাত সামৰিক ঘাটি স্থাপন কৰি তেওঁলোকৰ অস্ত্র-শস্ত্ৰ আৰু সৈন্য বাহিনীক সঞ্চালনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।

(গ) সৰু ৰাষ্ট্ৰবোৰৰ ওপৰত ভিত্তি কৰি বৃহৎ ৰাষ্ট্রসমূহে পৰস্পৰৰ ওপৰত চোৰাংচোৱাগিৰি তথা গুপ্তচৰ গঠন কৰিব পাৰে।

(ঘ) সৰু ৰাষ্ট্ৰসমূহৰ সন্মিলিত অর্থনৈতিক সমর্থনত বৃহৎ শক্তিবোৰে সামৰিক ব্যয় বৃদ্ধি কৰিব পাৰে।

১৫) শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল উল্লেখ কৰা।

উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূর্জিবি ভূমিকা গ্রহণ কৰে।

(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনে ঔপনিৱেশিকতাবাদ, বর্ণ-বৈষম্য আদিৰ ঘোৰ বিৰোধিতা কৰিছিল। যাৰ ফলত ৰাষ্ট্ৰসমূহৰ স্বাধীনতাৰ পথ প্রশস্ত হৈ পৰিছিল।

(খ) গোষ্ঠীনিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ দৰে সংঘর্ষকো অৱসান ঘটোৱাত অৰিহনা যোগাইছিল।

(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠা আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল।

১৬) আদর্শগত প্রভেদে শীতল যুদ্ধৰ জন্ম দিছিল বুলি তুমি ভাবানে? যদি ভাবা কিয়?

উত্তৰঃ হয়, ভাবো। এই ক্ষেত্ৰত আদর্শগত প্রভেদে শীতল যুদ্ধৰ জন্ম দিছিল বুলি ক’ব পাৰি। কাৰণ পৰস্পৰবিৰোধী আদৰ্শৰ ফলশ্রুতিতে শীতল যুদ্ধৰ জন্ম হৈছিল। বৃহৎ শক্তিগোষ্ঠী ছোভিয়েট ৰাছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্রসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আনহাতে আমেৰিকা আৰু ইয়াৰ অনুগামী ৰাষ্ট্রসমূহে পুঁজিবাদী আদর্শত বিশ্বাস ৰাখিছিল। ইয়াৰ উপৰি সাম্যবাদী আদর্শ বিশ্বাস ৰাখিয়ে ৰাছিয়াত উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল আনহাতে, পুঁজিবাদীৰ ওপৰত বিশ্বাসী আমেৰিকাই এনে নীতিৰ বিৰোধিতা কৰিছিল। ঠিক একেদৰে সাম্যবাদী দেশসমূহৰ ক্ষেত্ৰত শ্রমিক শ্রেণীৰ হাতত ক্ষমতা প্রদান নীতিৰ পোষকতাৰ বিপৰীতে পুঁজিবাদী গোটে এই নীতিক গণতন্ত্ৰৰ বিৰোধী বুলি আখ্যা দিছিল। এতিয়া দেখা গ’ল যে দুই পৰস্পৰবিৰোধী আদর্শগত প্রভেদেই যে শীতল যুদ্ধ সৃষ্টিৰ অন্যতম কাৰণ এই কথা স্পষ্ট হৈ পৰিছে।

১৭) কিউবান মিছাইল সংকটৰ ওপৰত এটি টোকা লিখা। ইয়াৰ গুৰুত্ব কি আলোচনা কৰা।

উত্তৰ : ১৯৬১ চনত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত কিউবাক লৈ এক উদ্বিগ্নতাৰ সৃষ্টি হৈছিল। সামব্যাদী ৰাষ্ট্ৰ ৰাছিয়াই আশংকা কৰা মতে মিত্রৰাষ্ট্র কিউবাক আমেৰিকাই যিকোনো মুহূর্ততে আক্রমণ কৰি ৰাষ্ট্ৰখনৰ ৰাষ্ট্রপতি ফিডেল কাস্ট্রোক অপসাৰণ কৰি কিউবাক দখল কৰি ল’ব পাৰে। ফলত কিউবাক ৰক্ষা কৰিবৰ বাবেই ৰাছিয়াই কিউবালৈ মিছাইল তথা আণৱিক ক্ষেপণাস্ত্র প্রেৰণ কৰি তাত ঘাটি স্থাপন কৰিছিল। এই ক্ষেত্ৰত আমেৰিকাই আপত্তি জনোৱাৰ উপৰিও কিউবা অভিমুখী ছোভিয়েট ৰাছিয়াৰ যিকোনো জাহাজক আক্রমণ কৰিবলৈ সামৰিক বাহিনীক নির্দেশ দিছিল। যাৰ ফলত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা দুয়ো ৰাষ্ট্রৰ মাজত যুদ্ধৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। এনে পৰিস্থিতিত সৃষ্টি হোৱা দুয়োখন ৰাষ্ট্রৰ দ্বন্দ্বক কিউবাৰ মিছাইল সংকট বুলি জনা যায়। যাৰ ফলত সমগ্র বিশ্বই পাৰমাণৱিক যুদ্ধৰ আশংকাত শংকিত হৈ পৰিছিল। শেষত ছোভিয়েট ৰাছিয়াই কিউবা এৰি দিয়াতহে এই সম্ভাৱনাময় যুদ্ধৰ পৰা কথমপি ৰক্ষা পৰে।

১৮) গোষ্ঠীনিৰপেক্ষ নীতিক নিষ্ক্রিয়তা বা নিৰপেক্ষ বুলি ভাবানে? যুক্তি দিয়া।

উত্তৰঃ গোষ্ঠীনিৰপেক্ষ নীতিয়ে স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আৰু শান্তিপূর্ণভাৱে সহাৱস্থান কৰা অৱস্থাকে সূচায়। ই আন্তর্জাতিক সম্পর্ক আৰু দুটা বিপৰীত বৃহৎ শক্তিগোষ্ঠীৰ গোটৰ লগত সমানে গুৰুত্ব বজাই ৰাখে। এই গোষ্ঠীনিৰপেক্ষ নীতি শান্তি আৰু যুদ্ধ তথা দুয়োটা পৰিস্থিত সমাধান সূত্রত সহমত। শীতল যুদ্ধৰ সময়ছোৱাত এই নিৰপেক্ষ নীতিয়ে স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতিৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। ই কোনোদিনে বিশ্ব ৰাজনীতিৰ পৰা সম্পূর্ণ আঁতৰি অকলশৰীয়া তথা নিৰপেক্ষ নীতি অবলম্বন কৰাক নুবুজায়। ইয়াৰ মূল উদ্দেশ্যই হ’ল সক্রিয় আৰু সংগঠনমূলক নীতি গ্রহণ কৰি শান্তিপূর্ণভারে কোনো জটিল পৰিস্থিতিক নিয়ন্ত্রণলৈ অনা।

১৯) শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল? আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ কালছোৱাত অন্য এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতবৰ্ষই পৰস্পৰবিৰোধী দুটা শক্তি গোটৰ পৰা যিমানদূৰ পাৰি আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল। সকললা আন্তর্জাতিক সমস্যাৰ শান্তিপূর্ণ সমাধানৰ ওপৰত জোৰ দিছিল। এই ক্ষেত্ৰত ভাৰতবৰ্ষই যিকোনো সামৰিক চুক্তিত যোগদান কৰাৰ সম্ভাৱনাৰ পৰা বিৰত ৰাখিছিল। ভাৰতবৰ্ষই যুদ্ধ সংঘটিত নহ’বৰ বাবে দুয়োটা শক্তিগোষ্ঠীৰ মাজৰ বৈষম্য দূৰ কৰিবলৈ চেষ্টা কৰিছিল। এনেদৰে ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পোষকতা কৰি আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ লগত নিজৰ সকলো শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল আৰু আন্দোলনৰ নেতা হিচাপে আন্তর্জাতিক ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

২০) শীতল যুদ্ধৰ অৱসানৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনে নিজৰ প্ৰাসংগিকতা হেৰুৱাইছে বুলি কব পাৰিনে? যুক্তি দর্শোৱা।

উত্তৰঃ শীতল যুদ্ধৰ অৱসানৰ লগে লগে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা সম্পর্কত প্রশ্ন উত্থাপন হ’বলৈ ধৰিলে। কাৰণ, শীতল যুদ্ধৰ প্রতিক্রিয়াস্বৰূপেই এই আন্দোলনৰ জন্ম হৈছিল। এইটো ঠিক যে গোষ্ঠীনিৰপেক্ষ আন্দোলন শীতল যুদ্ধৰ এক ফলশ্রুতি আছিল আৰু ই বিশ্বখনক দুটা সামৰিক গোষ্ঠীত বিভক্ত হোৱাত কিছু পৰিমাণ বাধা দিছিল। কিন্তু এইটোৱেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মূল আৰু একমাত্র লক্ষ্য আছিল। প্ৰকৃততে গোষ্ঠীনিৰপেক্ষতাই স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ এক নীতিকহে বুজায়। গতিকে এই আন্দোলনৰ শীতল যুদ্ধৰ সময়তো প্রাসংগিকতা আছিল আৰু বর্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। সাম্প্রতিক কালত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্রাসংগিকতা তলত দিয়া দিশকেইটাৰ যোগেদি অনুধাৱন কৰিব পাৰি।

১। বর্তমান বিশ্বত আমেৰিকাই একমাত্র বৃহৎ (Superpower) শক্তি। আমেৰিকাৰ একচেতিয়া তথা মইমতীয়া কার্যকলাপ সর্বত্র বিদ্যমান। এনে পৰিস্থিতিত গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্রসমূহে ঐক্যৱদ্ধ আৰু সংগঠিত হৈ আমেৰিকাৰ একাধিপত্যক প্রতিহত কৰিব পাৰিব।

২। উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰবোৰৰ অর্থনৈতিক আৰু অন্যান্য দিশৰ বিকাশৰ বাবে সেইবোৰ দেশৰ মাজত সহযোগিতাৰ প্রয়োজন। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে সহযোগিতাৰ সৃষ্টিৰ এক মঞ্চ হিচাপে কাম কৰিব পাৰে।

৩। বর্তমান বিশ্বত দেখা পোৱা বিভিন্ন গোলকীয় সমস্যা যেনে- সন্ত্রাসবাদ, মানৱ অধিকাৰ উলংঘন, পৰিৱেশ প্ৰদূষণ, জনবিস্ফোৰণ ইত্যাদি সমস্যাসমূহ এখন দেশে অকলে সমাধান কৰিব নোৱাৰে। তাৰ বাবে গোলকীয় প্রচেষ্টাৰ (global effort) দৰকাৰ। এই ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সহায় কৰিব পাৰে।

ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্রাসংগিকতা আছে।

২১)  ধৰি লোৱা হওক যে শীতল যুদ্ধ সংঘটিত হোৱা নাই আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত কেইবাটাও প্রধান শক্তিৰ সৃষ্টি হৈছিল। তেনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিলেহেতেন? তিনিটা দিশ বা তিনিটা অঞ্চলক আঙুলিয়াই দি পার্থক্য কল্পনা কৰা।

উত্তৰঃ এইটো সর্বজনবিদিত যে, শীতল যুদ্ধ বা পৃথিৱীত সৃষ্টি হোৱা দুই মহাশক্তিৰ মাজত আৰম্ভ হোৱা প্রতিদ্বন্দ্বিতাই ভাৰতৰ বৈদেশিক নীতিত প্ৰভাৱ বিস্তাৰ কৰিছিল। যদি শীতল যুদ্ধ সংঘটিত নহ’লহেতেন এই দুই মহাশক্তিৰ উপৰিও অন্য ভালেমান প্রধান শক্তিৰ সৃষ্টি হ’লহেতেন, ফলত ভাৰতৰ বেদেশিক নীতিলৈ স্বাভাৱিকতে পৰিবৰ্তন আহিলহেতেন। তেনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত পৰা প্ৰভাৱ এনেধৰণৰ হ’লহেতেন-

ক) আন আন দেশৰ লগত সম্পর্ক : অন্য ৰাষ্ট্রৰ লগত সম্পর্ক গঢ়াৰ ক্ষেত্ৰত শীতল যুদ্ধৰ সময়ত যিধৰণৰ নীতি গ্রহণ কৰা হৈছিল তালৈ পৰিবৰ্তন আহিলহেতেন।

খ) কাশ্মীৰ সমস্যাঃ শীতল যুদ্ধৰ সময়ত কাশ্মীৰৰ সমস্যাটো অধিক জটিল হোৱা দেখা গৈছিল। আমেৰিকাৰ সমর্থনপুষ্ট পাকিস্তানে ভাৰতৰ লগত এই বিষয়ত সংঘাতত লিপ্তও হৈছিল। যদি শীতল যুদ্ধ নাথাকিলহেতেন তেন্তে কাশ্মীৰ সমস্যাটোৱে ইমান জটিল ৰূপ ধাৰণ নকৰিলহেতেন।

গ) গোষ্ঠী নিৰপেক্ষ নীতিঃ গোষ্ঠীনিৰপেক্ষতা শীতল যুদ্ধৰ এক পৰিণতি আছিল। শীতল যুদ্ধই পৃথিৱীৰ ৰাষ্ট্ৰসমূহক দুটা পৰস্পৰ বিৰোধী শিৱিৰত ভাগ কৰাৰ যি প্রক্রিয়া আৰম্ভ কৰিছিল, তাক বাধা দিয়াৰ উদ্দেশ্যে ভাৰতৰ লগত নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশকেইখন লগ হৈ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ জন্ম দিছিল। গতিকে শীতল যুদ্ধ নথকাহেতেন গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ সম্ভাৱনা একেবাৰে নিঃশেষ হ’লহেতেন।

২২) শীতল যুদ্ধৰ তিনিটা ভিত্তি উল্লেখ কৰা।

উত্তৰ : শীতল যুদ্ধ কেইটামান ধাৰণা বা ভিত্তিৰ ওপৰত প্রতিষ্ঠিত আছিল। তেনে তিনিটা ভিত্তি হল-

(১) পশ্চিমীয়া দেশসমূহে ধাৰণা কৰিছিল যে ৰাছিয়াৰ শক্তি বৃদ্ধিয়ে বিশ্বশান্তি প্রতিষ্ঠাত বাধাৰ সৃষ্টি কৰিব। সেয়ে সেই দেশববাৰে অত্যাধুনিক অস্ত্রশস্ত্ৰৰে নিজকে শক্তিশালী কৰিব বিচাৰিছিল। আনহাতে, ৰাছিয়াইয়ো পশ্চিমীয়া দেশববাৰে শক্তি বৃদ্ধিৰ চুক্তিৰ আঁচনি গ্ৰহণ কৰা দেখি নিজ দেশৰ সামৰিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছিল।

(২) দুয়োটা গোষ্ঠীয়ে বিশ্বাস কৰিছিল যে আদৰ্শৰ মিল থকা দেশৰ লগত সহযোগিতা কৰিহে ভৱিষ্যত নিৰাপত্তাৰ বিষয়ত নিশ্চিত হ’ব পাৰি।

(৩) পশ্চিমীয়া দেশববাৰে নিজকে স্বাধীনতাৰ পৃষ্ঠপোষক আৰু সাম্যবাদী দেশবোৰৰ স্বেচ্ছাচাৰী শাসনৰ পৃষ্ঠপোষক হিচাপে বিবেচনা কৰিছিল।

২৩) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উৎপত্তিৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উৎপত্তিত অৰিহনা যোগোৱা তিনিটা উপাদান হ’ল—

ক) এছিয়া আৰু আফ্রিকাৰ অর্থনৈতিক অৱস্থাঃ

নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া আৰু আফ্রিকাৰ দেশবোৰ অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিল। গতিকে তেওঁলোকৰ অর্থনৈতিক উন্নয়নৰ বাবে প্রয়োজন হোৱা বৈদেশিক সাহায্য লাভৰ আশাত দুয়োটা শক্তিগগাষ্ঠীৰ লগত সদ্ভাৱ বজাই ৰখাৰ নীতি গ্রহণ কৰিছিল।

খ) জাতীয়তাবাদঃ

দ্বিতীয় মহাযুদ্ধৰ পিছত স্বাধীনতা লাভ কৰা দেশবোৰৰ মাজত প্রবল জাতীয় চেতনা গঢ়ি উঠিছিল। সেই দেশবোৰ যাতে পুনৰ বিদেশী শাসনৰ তললৈ যাব নালাগে সেই উদ্দেশ্যে কোনো শক্তিগগাষ্ঠীৰ লগত সংযুক্ত নোহোৱাকৈ নিজাকৈ বৈদেশিক নীতি ৰচনা কৰাৰ ব্যৱস্থা গ্রহণ কৰাৰ ফলতেই গোষ্ঠীনিৰপেক্ষতাৰ জন্ম হৈছিল।

গ) উপনিৱেশ বিৰোধী নীতিঃ

উপনিৱেশবাদৰ তিক্ততা উপলব্ধি কৰি তৃতীয় বিশ্বৰ দেশবোৰে উপনিৱেশিক দেশবোৰৰ পৰা আঁতৰত থকা নীতি গ্রহণ কৰিছিল। কোনো শক্তি গোষ্ঠীৰ লগত জড়িত নাথাকি স্বাধীনভাৱে বৈদেশিক নীতি গ্রহণ কৰিলেহে সেইটো সম্ভৱ হ’ব পাৰে। সেয়ে কোনো শক্তিগগাষ্ঠীৰ লগত সামৰিক মিত্ৰতা কৰাৰ নীতি পৰিহাৰ কৰাৰ ফলতেই গোষ্ঠীনিৰপেক্ষতাৰ জন্ম হৈছিল।

২৪) নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ চাৰিটা লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ উন্নয়নশীল দেশসমূহৰ প্ৰবল দাবীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হােৱা নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ চাৰিটা লক্ষ্য হল-

ক) ধনী-দুখীয়া সকলো দেশৰ মাজত বিশ্ব অর্থনৈতিক সম্পদৰ উচিত আৰু ন্যায়সংগত বিতৰণৰ জৰিয়তে ধনী-দুখীয়াৰ মাজত ব্যৱধান হ্রাস কৰা।

খ) অর্থনৈতিক নিৰাপত্তাহীনতাত ভোগা লোকসকলৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা।

গ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বাণিজ্যৰ সংস্কাৰৰ লগতে আন্তঃৰাষ্টীয় মুদ্ৰাৰ সংস্কাৰ সাধন কৰা।

ঘ) উন্নয়নশীল দেশসমহৰ অর্থনৈতিক উন্নয়নৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় প্রযুক্তিবিদ্যাৰ হস্তান্তৰৰ নীতিত গুৰুত্ব দিয়া।

২৫) গোষ্ঠীনিৰপেক্ষতাৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ গোষ্ঠীনিৰপেক্ষতাৰ চাৰিটা বৈশিষ্ট্য হল—

ক) সামৰিক আৰু নিৰাপত্তাজনিত মিত্ৰতা চুক্তিৰ বিৰোধিতাঃ

গোষ্ঠীনিৰপেক্ষ দেশসমূহে বৃহৎ শক্তিৰ লগত সকলো ধৰণৰ সামৰিক, ৰাজনৈতিক, মিত্ৰতা চুক্তিৰ আঁতৰত থকাৰ সপক্ষে যুক্তি আগবঢ়াইছিল।

খ) স্বাধীন বৈদেশিক নীতিঃ

গোষ্ঠী নিৰপেক্ষ দেশসমূহ কাৰো দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ সিদ্ধান্ত লৈছিল।

গ) ঔপনিৱেশিকতাবাদৰ বিৰোধিতাঃ

গোষ্ঠীনিৰপেক্ষতাই ঔপনিৱেশিকতাবাদৰ বিৰোধিতা কৰাৰ লগতে এছিয়া আৰু আফ্রিকাৰ দেশসমূহক উপনিৱেশিক শাসনৰ পৰা মুক্ত কৰিব বিচাৰে।

ঘ) আন্তঃৰাষ্ট্ৰীয় বিৰোধৰ শান্তিপূর্ণ সমাধানঃ

সামৰিক দৃষ্টিভংগী পৰিহাৰ কৰি গোষ্ঠীনিৰপেক্ষ দেশসমূহে আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ শান্তিপূর্ণ সমাধান বিচাৰে।

২৬) নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ লক্ষ্য সাধনৰ চাৰিটা উপায় লিখা।

উত্তৰঃ নতুন আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ লক্ষ্যসমূহ পূৰণৰ বাবে কেইটামান উপায় (Means) অৱলম্বন কৰিব বিচৰা হৈছিল। সেইবোৰৰ ভিতৰত তলত উল্লেখিত চাৰিটা অন্যতম আছিল।

ক) বৈদেশিক বাণিজ্যঃ আমদানি-ৰপ্তানিৰ যোগেদি উন্নয়নশীল ৰাষ্ট্ৰসমূহক বৈদেশিক বাণিজ্যত জড়িত কৰি সেইবোৰ দেশৰ অর্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব বিচৰা হৈছিল।

খ) উদ্যোগীকৰণঃ অনুন্নত দেশসমূহত ঔদ্যোগিকীকৰণ এক অনুকূল পৰিৱেশ সৃষ্টি কৰি সেইবোৰ দেশত অর্থনৈতিক বিকাশ সাধনৰ কথা ভবা হৈছিল।

গ) অর্থনৈতিক সাহায্যঃ উন্নয়নৰ কাৰণে প্রয়োজনীয় সাহায্য অনুন্নত দেশবোৰলৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছিল যাতে সেইবোৰ দেশ প্রগতিৰ পথত আগবাঢ়ি যাব পাৰে।

ঘ) আঞ্চলিক সহযোগিতাঃ নতুন অর্থনৈতিক নীতিৰ লক্ষ্য সাধনৰ অন্য এটা উপায় আছিল বিভিন্ন অঞ্চলৰ দেশসমূহৰ মাজত আঞ্চলিক সহযোগিতা।

২৭) শীতল যুদ্ধৰ পাঁচটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্বত দই মহাশক্তিৰ মাজত আৰম্ভ হোৱা শীতল যুদ্ধৰ বহুতো কাৰণ আছিল । তাৰে কেইটামান কাৰণ আলোচনা কৰা হ’ল।

ক) দ্বিপক্ষীয় ৰাজনীতিঃ দ্বিতীয় মহাসমৰৰ পিছত পৃথিৱীত দুটা বৃহৎ শক্তিৰ আৱিৰ্ভাৱ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন। যদিও এই দুই শক্তিয়ে দ্বিতীয় মহাসমৰত একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিল, যুদ্ধৰ পিছত এই দেশ দুখনৰ মাজত তীব্র মতভেদ সৃষ্টি হৈছিল। যাৰ ফল শীতল যুদ্ধৰ আৰম্ভ হোৱা বুলি ক’ব পাৰি।

খ) পাৰম্পৰিক সন্দেহ আৰু অবিশ্বাসঃ ৰাছিয়া আৰু আমেৰিকাৰ মাজত পাৰস্পৰিক সন্দেহ আৰু অবিশ্বাসৰ ভাবেও শীতল যুদ্ধৰ উৎপত্তিৰ কাৰণ হিচাপে দেখা দিছিল।

গ) আদর্শগত পার্থক্য: আমেৰিকা আৰু ৰাছিয়াৰ মাজত আদর্শগত পার্থক্য আছিল। আমেৰিকাই পুঁজিবাদী আদর্শ গ্রহণ কৰাৰ বিপৰীতে ৰাছিয়া সাম্যবাদী আদৰ্শৰ প্রতি অনুৰক্ত আছিল। গতিকে এনে আদর্শগত পার্থক্যইয়ো শীতল যুদ্ধৰ সৃষ্টিত অৰিহনা যোগাইছিল।

ঘ) পূৱ ইউৰোপত কমিউনিষ্ট আদর্শ সম্প্ৰসাৰণঃ পূৱ ইউৰোপৰ কিছুমান দেশলৈ কমিউনিষ্ট আদর্শ সম্প্রসাৰিত হোৱা ঘটনাত আমেৰিকা উত্তেজিত তথা শংকিত হৈ সাম্যবাদৰ সম্প্ৰসাৰণক বাধা দিয়াৰ প্রচেষ্টা হাতত লৈছিল। আমেৰিকাৰ এনে কাৰ্যই ৰাছিয়াৰ লগত সংঘাত বৃদ্ধিত উদ্‌গনি যোগাইছিল।

ঙ) এটম বোমাৰ গোপনীয়তা: এটম বোমা সম্পৰ্কত আমেৰিকাই গ্রহণ কৰা গোপনীয়তায়ো শীতল যুদ্ধৰ সৃষ্টিত অৰিহনা যোগাইছিল। দ্বিতীয় মহাসমৰত ৰাছিয়া আৰু আমেৰিকাই একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও জাপানত এটম বোমা পেলোৱাৰ কথাটো আমেৰিকাই ৰাছিয়াৰ পৰা গোপনে ৰাখিছিল। ইয়াৰ ফলত আমেৰিকাৰ প্ৰতি ৰাছিয়াৰ সন্দেহ বাঢ়ি গৈছিল আৰু ৰাছিয়ায়ো সতর্কতা অৱলম্বন কৰিব লগা হৈছিল।

২৮) শীতল যুদ্ধৰ প্ৰভাৱ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি সূচনা হোৱা শীতল যুদ্ধ সুদূৰপ্ৰসাৰী আছিল। ইয়াৰ প্রভাৱ তলত দিয়া দিশকেইটাৰ যোগেদি অনুধাৱন কৰিব পাৰি—

ক) শীতল যুদ্ধৰ ফলতেই NATO, SEATO, WARSAW PACT আদিৰ নিচিনা সামৰিক চুক্তি স্বাক্ষৰিত হৈছিল।

খ) শীতল যুদ্ধৰ ফলতেই দুয়োটা শক্তিগোষ্ঠীৰ মাজত অস্ত্র-শস্ত্র প্রতিযোগিতা বৃদ্ধি পাইছিল।

গ) আদর্শবাদীসকলে কল্পনা কৰা বিশ্বৰাষ্ট্রৰ ধাৰণাটো শীতল যুদ্ধই অকার্যকৰী কৰি তুলিছিল।

ঘ) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ জন্ম শীতল যুদ্ধৰ এক প্ৰভাৱ আছিল বুলি ক’ব পাৰি।

ঙ) অর্থনৈতিক উন্নয়নতো শীতল যুদ্ধই নেতিবাচক প্রভাৱ পেলোৱা দেখা গৈছিল।

২৯) শীতল যুদ্ধৰ অৱনতি (Decline) ৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত সূচনা হোৱা শীতল যুদ্ধই বিভিন্ন সময়ত গুৰুতৰ ৰূপ ধাৰণ কৰিছিল যদিও পিছলৈ ই শাম কটা পৰিলক্ষিত হয়। ইয়াৰ মূল কাৰণসমূহ আছিল–

ক) দুয়োটা শক্তিগোষ্ঠীয়েই ক্রমান্বয়ে বৈদেশিক নীতি গ্রহণৰ ক্ষেত্ৰত নমনীয় স্থিতি গ্রহণৰ শীতল যুদ্ধৰ অৱসান ঘটিছিল।

খ) আণৱিক অস্ত্র-শস্ত্ৰৰ ভয়াৱহতা সম্পর্কে দুয়োটা শক্তি গোষ্ঠীয়েই উপলব্ধি কৰিবলৈ ধৰাৰ ফলতো শীতল যুদ্ধৰ অৱনতি ঘটিছিল।

গ) কমিউনিষ্ট সেশসমূহৰ মাজত সৃষ্টি হোৱা মতভেদেও শীতল যুদ্ধৰ অৱসানত অৰিহনা যোগাইছিল।

ঘ) দুয়োটা শক্তিগোষ্ঠীৰ মাজত সৃষ্টি হোৱা বুজাবুজিয়েও শীতল যুদ্ধৰ প্ৰভাৱ নাইকিয়া কৰাত বৰঙনি যোগাইছিল।

ঙ) শীতল যুদ্ধৰ প্ৰভাৱ নাইকিয়া কৰাত বিশ্ব জনমতৰ ভূমিকাও কম নহয়। বিশ্ব জনমতৰ হেঁচাতেই দুয়োখন দেশেই নিৰস্ত্রীকৰণৰ ওপৰত গুৰুত্ব দিব লগা হৈছিল।

এইদৰে বিভিন্ন কাৰণত ক্রমান্বয়ে শীতল যুদ্ধৰ অৱনতি ঘটিবলৈ ধৰিলে। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন খণ্ড-বিখণ্ড হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা শীতল যুদ্ধ একেবাৰে নিঃশেষ হৈ গৈছিল।

Leave a Comment

error: Warning, you aare not allowed to copy this element