Join Assam Study Centre Channel

“মুক্ত আকাশ চুক্তি” কিয় চর্চিত ?

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে “মুক্ত আকাশ চুক্তি”ৰ পৰা আমেৰিকাই ইয়াৰ সমর্থন প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।

মুক্ত আকাশ চুক্তি কিঃ

“মুক্ত আকাশ চুক্তি” হৈছে ২০০২ চনত বিশ্বৰ ৩২ খন দেশৰ মাজত স্বাক্ষৰিত এখন আন্তঃৰাষ্ট্রীয় চুক্তি। এই চুক্তিখনে আকাশীপথত ইয়াত স্বাক্ষৰিত দেশবিলাকৰ আকাশমার্গৰ নিৰাপত্তাৰ দিশ চোৱা-চিতা কৰে। আমেৰিকা আৰু ৰাছিয়া, বিশ্বৰ এই দুই শক্তিশালী ৰাষ্ট্রই এই চুক্তিত অন্যান্য ৰাষ্ট্রৰ লগত স্বাক্ষৰ কৰিছিল।

মুক্ত আকাশ চুক্তিয়ে ইয়াত স্বাক্ষৰিত দেশবিলাকাৰ আকাশমার্গত অস্ত্র-শস্ত্র নোলোৱাকৈ নিৰীক্ষণ কৰে। এই নিৰীক্ষণ স্বাক্ষৰিত দেশবিলাকৰ সকলোতে কৰা হয়। এই কার্যই স্বাক্ষৰিত দেশবিলাকৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাৰ লগতে দেশবিলাকৰ মাজত আত্মবিশ্বাস সৃষ্টিত সহায় কৰে। বিশ্বত নিৰস্ত্রীকৰণ আৰু সামৰিক ক্ষেত্রখনৰ ক্ষেত্রত এই চুক্তিখনক এক উল্লেখযোগ্য চুক্তি বুলি কোৱা হয়।

আমেৰিকাই কিয় সন্মতি প্রত্যাহাৰ কৰিলে ?

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে অভিযোগ কৰিছে যে ৰাছিয়াই মুক্ত আকাশ চুক্তিৰ নিয়মাৱলী মানি চলা নাই। উল্লেখযোগ্য যে ডনাল্ড ট্রাম্প ৰাষ্ট্রপতি হোৱাৰ পাছত এইখন হৈছে তৃতীয়খন আন্তঃৰাষ্ট্রীয় অস্ত্র চুক্তি য’ত আমেৰিকাই নিজৰ সমর্থন প্রত্যাহাৰ কৰিছে। আমেৰিকাৰ মতে ৰাছিয়াই এই চুক্তিৰ আলমত Crimean Peninsula অধিকাৰ কৰিব বিচাৰিছে।

চুক্তিত স্বাক্ষৰিত দেশসমূহঃ

‘মুক্ত আকাশ চুক্তি”ত স্বাক্ষৰিত দেশ সমূহ হৈছে- ইংলণ্ড, কানাডা, ফ্রান্স, জার্মানী, স্পেইন, ইটালী, ফিনলেণ্ড, পর্টুগাল, চুইডেন, তুর্কী, বেলজিয়াম, বেলাৰুচ, ক্রোৱেচিয়া, বুলগেৰিয়া, বচনিয়া, হার্জিগভানিয়া, চেক গণৰাজ্য, ইষ্টনিয়া, ডেনমার্ক, জর্জিয়া,  ৰাছিয়া আইচলেণ্ড, হাংগেৰী, শ্লোভাকিয়া, ইউক্রেইন, শ্লোভেনিয়া আদি।

উল্লেখযোগ্য যে ভাৰতেও ঠিক একেধৰণৰ এক চুক্তি জাপানৰ লগত ২০১৭ চনত স্বাক্ষৰিত কৰিছিল। মুক্ত আকাশৰ লগত জড়িত এই চুক্তি ভাৰতৰ National Civil Aviation Policy, 2016 ৰ লগত জড়িত হৈ আছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element