Join Assam Study Centre Channel

One liner Current Affairs in Assamese language | Assam Study Centre

One liner Current Affairs in Assamese language | Assam Study Centre.

১) ৱাশ্বিংটন ডি চিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ দিয়ে।      

২) ভাৰতীয় মানদণ্ড ব্যুৰোৱে – কৃষি উপজাত সামগ্ৰীৰ পৰা তৈয়াৰী খাদ্য পৰিবেশন কৰা বাচনৰ  নিৰ্দিষ্ট তালিকা প্ৰকাশ কৰিছে, যাৰ লক্ষ্য হৈছে প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰা আৰু বহনক্ষমতাক প্ৰসাৰ কৰা।      

৩) কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে মুখ প্ৰমাণীকৰণ বৈশিষ্ট্যৰে পি এম কিষাণ মোবাইল এপ মুকলি কৰে। এই App ৰ জৰিয়তে দূৰৱৰ্তী কৃষকে OTP বা ফিংগাৰপ্ৰিণ্ট নোহোৱাকৈ মুখ স্কেন কৰি e-KYC কৰিব পাৰিব।      

৪) আমেৰিকাৰ এৰোস্পেচ মেজৰ জি ই এৰ’স্পেছে ভাৰতীয় এৰোস্পেচ কোম্পানী হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ সৈতে ভাৰতীয় বায়ুসেনাৰ বাবে যুঁজাৰু বিমানৰ ইঞ্জিন উৎপাদনৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে ।    

৫) ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নাৰ্চিং পেছাদাৰী সকলক ২০২২ আৰু ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে ।      

৬) চণ্ডীগড়-লেহ বিমানখনৰ ককপিটত এজন অকৰ্তৃত্বশীল ব্যক্তিক সোমাবলৈ দিয়াৰ বাবে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়, ডি জি চি এয়ে এয়াৰ ইণ্ডিয়াৰ পাইলটৰ অনুজ্ঞাপত্ৰ এবছৰৰ বাবে নিলম্বন কৰিছে ।      

৭) ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগে থাইলেণ্ডক অত্যাধুনিক ক্ষমতা প্ৰদৰ্শন কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিৰক্ষা উৎপাদন বিভাগে নতুন দিল্লীত থাইলেণ্ডৰ প্ৰতিনিধি দলৰ সৈতে এক ব্রিফিং আৰু ইন্টাৰেকচন বৈঠকৰ আয়োজন কৰে।      

৮) নতুন দিল্লীৰ পৰা ভিলাই ষ্টীল প্লাণ্টৰ ডাল্লী খনিত চিলিকা হ্ৰাস প্লাণ্ট ভাৰ্চুৱেলি উদ্বোধন কৰিব তীখা মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।      

৯) ভাৰতত থলুৱাভাৱে আৱিষ্কাৰ আৰু নিৰ্মিত বিশ্বৰ প্ৰথমটো নেনো ইউৰিয়া ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডে আমেৰিকালৈ ৰপ্তানি আৰম্ভ কৰিছে।      

১০) নেচনেল কেডেট কৰ্পছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল গুৰবীৰপাল সিঙে নতুন দিল্লীত মালদ্বীপৰ সমকক্ষ ব্ৰিগ জেনেৰেল ৱাইছ ৱাহিদৰ সৈতে বৈঠকত মিলিত হয়।      

১১) আমেৰিকাৰ গ্ল’বেল লিডাৰ এপ্ৰুভেল ট্ৰেকাৰ মৰ্নিং কনছাল্টৰ দ্বাৰা ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। সমীক্ষাটোত দেখা গৈছে যে ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭৫ শতাংশৰ ওপৰত পি এম মোদীৰ অনুমোদন ৰেটিং।    

১২) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডীয়ে ভাৰ্জিনিয়াৰ আলেকজেণ্ড্ৰিয়াত থকা নেচনেল ছায়েন্স ফাউণ্ডেশ্যন পৰিদৰ্শন কৰে।      

১৩) লাডাখত ডায়েটৰ দ্বাৰা আয়োজিত কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ বিজ্ঞান, গণিত আৰু পৰিৱেশ প্ৰদৰ্শনী-২০২৩ কাৰ্গিলত শিখৰত অনুষ্ঠিত হয়।      

১৪) উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিশ্বৰ সৰ্বাধিক দ্ৰুততম মটৰবাইক দৌৰ ‘ম’ট’ জিপি’ ২০২৩ৰ প্ৰথমখন দৌৰৰ প্ৰথমখন টিকট উন্মোচন কৰে।    

১৫) তেলেংগানাত হায়দৰাবাদৰ সমীপৰ ৰঙাৰেড্ডী জিলাৰ কণ্ডাকাল গাঁৱত দেশৰ সৰ্ববৃহৎ ব্যক্তিগত ৰেল ডবা কাৰখানা উদ্বোধন কৰা হৈছে।      

১৬) আমেৰিকাৰ চিপ নিৰ্মাতা কোম্পানী মাইক্ৰনে গুজৰাটত চিপ এছেম্বলি আৰু টেষ্টিং ফেচিলিটি নিৰ্মাণৰ বাবে ৮২৫ মিলিয়ন ডলাৰ বিনিয়োগ কৰিব। মেক্ৰন আৰু কেন্দ্ৰ আৰু গুজৰাট চৰকাৰৰ মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ২.৭৫ বিলিয়ন ডলাৰ।    

১৭) ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি কানপুৰে ক্লাউড ছিডিঙৰ বাবে পৰীক্ষামূলক বিমান সফলতাৰে চলাইছে।      

১৮) লাডাখত ভাৰতীয় নৌসেনাৰ সজাগতা বৃদ্ধিৰ বাবে ভাৰতীয় নৌসেনাৰ “জুলি লাডাখ” (হেল্ল’ লাডাখ), অভিযানৰ অংশ হিচাপে মটৰ চাইকেল অভিযান দলটোৱে কাৰ্গিল জিলাৰ বিশ্বৰ দ্বিতীয় আটাইতকৈ ঠাণ্ডা বসতিস্থল দ্ৰাছত উপস্থিত হয়।      

১৯) মধ্য প্ৰদেশত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বালাঘাটৰ পৰা গৌৰৱ যাত্ৰা উদ্বোধন কৰি গণ্ড ৰাজ্যৰ ৰাণী দুৰ্গাৱতীৰ বলিদানৰ কাহিনী প্ৰচাৰ কৰে।      

২০) ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই (ট্ৰাই) “ডিজিটেল যোগাযোগ খণ্ডত নিয়ন্ত্ৰণমূলক ছেণ্ডবক্সৰ জৰিয়তে উদ্ভাৱনীমূলক প্ৰযুক্তি, সেৱা, ব্যৱহাৰৰ ক্ষেত্ৰ, আৰু ব্যৱসায়িক আৰ্হিক উৎসাহিত কৰা” শীৰ্ষক এখন পৰামৰ্শ পত্ৰ প্ৰকাশ কৰিছে।

Get other Current Affairs: Click Here

error: Warning, you aare not allowed to copy this element