Join Assam Study Centre Channel

Assamese Current Affairs | Daily G.K.

Assamese Current Affairs | Daily G.K. Latest Assamese Current Affairs. আজিৰ কাৰেণ্ট এফেয়ার্চ প্ৰশ্নোত্তৰত আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশন, এদিনীয়া ক্ৰিকেট, পি এম কিষাণ মোবাইল এপ আদি বিষয়সমূহ সামৰি লোৱা হৈছে।  

১) আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত দুবাৰকৈ ভাষণ দিয়া প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী কোন?  

ক) নৰেন্দ্ৰ মোডী  

খ) এইচ ডি দেৱে গৌড়া  

গ) মনমোহন সিং  

ঘ) ক আৰু খ দুয়োটা  

২) এদিনীয়া ক্ৰিকেটত ১৫ শতক সম্পূৰ্ণ কৰা তৃতীয় দ্ৰুততম ক্ৰিকেটাৰ কোন?  

ক) হেৰী ব্ৰুক  

খ) গ্লেন মেক্সৱেল  

গ) বিৰাট কোহলী  

ঘ) শই হোপ  

৩) ২০২৩ চনৰ হকী ইণ্ডিয়া জুনিয়ৰ পুৰুষৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত কোনখন ৰাজ্যৰ হকী দলে জয়লাভ কৰে?  

ক) উত্তৰ প্ৰদেশ  

খ) মধ্যপ্ৰদেশ  

গ) হাৰিয়ানা  

ঘ) পঞ্জাৱ  

৪) ফেচ অথেণ্টিকেচন বৈশিষ্ট থকা পি এম কিষাণ মোবাইল এপ কোনে লঞ্চ কৰিছে?  

ক) পীয়ুষ গোৱাল  

খ) নৰেন্দ্ৰ সিং টোমৰ  

গ) অনুৰাগ ঠাকুৰ  

ঘ) স্মৃতি ইৰাণী  

৫) প্রতি বছৰে কেতিয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয়?  

ক) ২১ জুন  

খ) ২২ জুন  

গ) ২৩ জুন  

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

ঘ) ২৪ জুন  

৬) ইফ্ফকোৱে শেহতীয়াকৈ কোনখন দেশৰ সৈতে নেনো লিকুইড ইউৰিয়া ৰপ্তানিৰ বাবে চুক্তিবদ্ধ হৈছে?  

ক) ফ্ৰান্স  

খ) জাৰ্মানী  

গ) অষ্ট্ৰেলিয়া  

ঘ) আমেৰিকা  

৭) ইকনমিষ্ট ইনটেলিজেন্স ইউনিটৰ মতে বিশ্বৰ শ্ৰেষ্ঠ বসবাসযোগ্য চহৰ কোনখন?  

ক) নিউয়ৰ্ক  

খ) ভিয়েনা  

গ) বাৰ্ন  

ঘ) টকিঅ’  

উত্তৰসমূহঃ  

১) নৰেন্দ্ৰ মোডী  

আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত দুবাৰকৈ ভাষণ দিয়া প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী মোডী। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পিছত তেওঁ এই কাম কৰা দ্বিতীয়জন আন্তঃৰাষ্ট্ৰীয় নেতা। ইয়াৰ পূৰ্বে ২০১৬ চনত আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।  

২)  শই হোপ  

ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শই হোপে এদিনীয়া ক্ৰিকেটত ১৫ শতক সম্পূৰ্ণ কৰা তৃতীয় দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত তেওঁ ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিছে। বিশ্বকাপ কোৱালিফায়াৰ-২০২৩ৰ খেলখনত নেপালৰ বিৰুদ্ধে ১৫ তম্‌ শতক সম্পূৰ্ণ কৰিছিল। হোপে ১০৫ টা ইনিংছত ১৫টা শতক সম্পূৰ্ণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ১০৬ টা ইনিংছত ১৫টা এদিনীয়া শতক সম্পূৰ্ণ কৰে।  

৩)  মধ্যপ্ৰদেশ  

বিৰছা মুণ্ডা হকী ষ্টেডিয়ামত মধ্যপ্ৰদেশে চণ্ডীগড়ক ফাইনেলত পৰাস্ত কৰি ত্ৰয়োদশ হকী ইণ্ডিয়া জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৩ত জয়লাভ কৰে। আনহাতে, প্ৰতিযোগিতাত হাৰিয়ানা দলে তৃতীয় স্থান দখল কৰে। মধ্যপ্ৰদেশৰ হৈ শ্ৰেয়াছ ধুপে (১৭’, ৪৬’), মহম্মদ কনাইন দাদ (২৫’) আৰু আলী আহমেদে (৫২’) গ’ল দিয়ে।  

৪) নৰেন্দ্ৰ সিং টোমৰ  

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে মুখৰ প্ৰমাণীকৰণ বৈশিষ্ট্যৰ সৈতে পিএম কিষাণ মোবাইল এপ মুকলি কৰিছে । এই সুবিধাৰ সহায়ত যিকোনো কৃষকে ঘৰত বহি অ’টিপি বা আঙুলিৰ ছাপ নোহোৱাকৈ মুখখন স্কেন কৰি সহজেই ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰে। পিএম কিষাণ হৈছে বিশ্বৰ অন্যতম বৃহৎ ডিবিটি আঁচনি, যাৰ অধীনত কৃষকে লাভ কৰে ৫০ লাখ টকা। বাৰ্ষিক ধনৰাশি পোনপটীয়াকৈ তিনিটা কিস্তিত হস্তান্তৰ কৰা হয়।  

৫) ২৩ জুন  

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (আই অ’ চি) প্ৰতিষ্ঠা কৰাৰ স্মৃতিত এই দিৱস পালন কৰা হয়। ১৯৪৮ চনৰ পৰা এই দিৱস উদযাপন আৰম্ভ কৰা হয়। ১৮৯৪ চনৰ ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি গঠন কৰা হয়।এই দিনটোত ক্ৰীড়া আৰু অলিম্পিক মূল্যবোধৰ প্ৰচাৰৰ বাবে আই অ’ চিয়ে কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰে।  

৬) আমেৰিকা  

ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ ক’অপাৰেটিভ লিমিটেডে আমেৰিকালৈ নেনো লিকুইড ইউৰিয়া ৰপ্তানিৰ বাবে কেলিফৰ্ণিয়াস্থিত কাপুৰ এণ্টাৰপ্ৰাইজ ইনকৰ্পৰেশ্যনৰ সৈতে চুক্তিবদ্ধ হৈছে। ২০২১ চনৰ জুন মাহত ইফ্ফকোৱে বিশ্বৰ প্ৰথমটো Nano Liquid Urea মুকলি কৰাৰ লগতে চলিত বৰ্ষৰ এপ্ৰিল মাহত Nano DAP মুকলি কৰে। নেনো ইউৰিয়া আৰু নেনো ডি এ পি দুয়োটা কৃষি উদ্যোগৰ পৰিৱৰ্তনশীল উদ্ভাৱন।  

৭)  ভিয়েনা  

শেহতীয়াকৈ ইকনমিষ্ট ইনটেলিজেন্স ইউনিটে বিশ্বৰ শ্ৰেষ্ঠ বসবাসযোগ্য চহৰৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ বসবাসযোগ্য চহৰ। ইয়াৰ পিছত কোপেনহেগেন (ডেনমাৰ্ক), মেলবৰ্ণ (অষ্ট্ৰেলিয়া), ছিডনী (অষ্ট্ৰেলিয়া), ভেংকুৱাৰ (কানাডা) চহৰৰ নাম আহে। একে সময়তে জাপানৰ ওছাকা আৰু নিউজিলেণ্ডৰ অকলেণ্ড দশম স্থানত আছে।

Get other Current Affairs News: Click Here

Join our Telegram Channel: Click Here

Get latest Job News: Click Here

error: Warning, you aare not allowed to copy this element