Join Assam Study Centre Channel

The Areas of Social Change | NCERT Sociology Class 12 Solutions

পাঠটোৰ মূল আলোচনা

The Areas of Social Change. বর্তমান সময়ত সামাজিক পৰিৱৰ্তনৰ মূল হৈছে তথ্য প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু বিশ্ব গোলকীকৰণ। বর্তমান বিশ্ব এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে। বিশ্ব গোলকীকৰণ সামাজিক পৰিৱৰ্তনৰ অন্যতম নতুন ক্ষেত্র। ঘাইকৈ অর্থনৈতিক আৰু ৰাজনৈতিক দিশত গোলকীকৰণ পৰিলক্ষিত হৈছে। বিশ্ব বাণিজ্য, আন্তর্জাতিক বিনিয়োগ, প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, ঐক্য আৰু সমতা ৰক্ষা আদি বিশ্বায়নৰ ফলত সম্ভৱ হৈছে।

জনসংযোগ মাধ্যম বৰ্তমান সময়ত ব্যক্তিৰ মাজত সংযোগ স্থাপনৰ এক উল্লেখযোগ্য অৱদান। জনসংযোগ মাধ্যম বুলিলে সাধাৰণতে বাতৰি কাকত, ৰেডিঅ’, দূৰদৰ্শন, চিনেমা বা কথাছবি ডাক-তাঁৰ ব্যৱস্থা, কম্পেক্ট ডিচ, টেলিফোন, ইণ্টাৰনেট আদিৰ কথাই বুজা যায়। জনসংযোগ মাধ্যম মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি।

ক) পঢ়িব পৰা, যেনে— বাতৰি কাগজ, আলোচনী, কিতাপ আদি,

খ) শুনিব পৰা, যেনে— ৰেডিঅ’, টেলিফোন, অডিঅ’ কেছেট আদি,

গ) দেখিব পৰা, যেনে— দূৰদৰ্শন, চিনেমা, ভিজুৱেল ডিচ্ আদি।

জনসংযোগ মাধ্যম হিচাপে ৰেডিঅ’ আৱিষ্কাৰ কৰিছিল ইটালীৰ মাৰ্কনি চাহাবে। দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল ইংলেণ্ডৰ জন বেয়ার্ড নামৰ এজন ব্যক্তিয়ে ১৯২৫ খ্ৰীষ্টাব্দত। ভাৰতত দূৰদৰ্শন প্রচলন হৈছিল ১৯৮২ চনৰ পৰাহে। মুদ্রিত মাধ্যম হৈছে জনসংযোগ ব্যৱস্থাৰ অন্যতম মাধ্যম। বাতৰিকাকত, কিতাপ আৰু আলোচনী, প্ৰচাৰ-পত্ৰ আদি মুদ্রিত মাধ্যমৰ অন্তৰ্গত। ১৪৫০ খ্রীষ্টাব্দত গুটেনবার্গে জার্মানীত মুদ্রণযন্ত্র আৱিষ্কাৰ কৰাৰ লগে লগে পৃথিৱীত জনসংযোগৰ যুগ আৰম্ভ হয়। গুটেনবার্গে জার্মানীত ১৪৫৬ খ্ৰীষ্টাব্দত প্ৰথম মুদ্রিত বাইবেল প্ৰকাশ কৰে। জনসংযোগৰ মাধ্যম হিচাপে চলচ্চিত্র বা কথাছবিৰ জন্ম হয় ১৮৭৭ খ্ৰীষ্টাব্দত। জনসংযোগৰ আধুনিকতম, চমকপ্ৰদ আৰু বিশিষ্ট মাধ্যম হ’ল ইণ্টাৰনেট। ইণ্টাৰনেটে গোলকীয় বিশ্বৰ সমান্তৰালকৈ আৰু এখন ‘চাইবাৰ ৱৰ্ল্ড’ নামৰ নতুন বিশ্বৰ সৃষ্টি কৰিছে। চাইবাৰ ৱৰ্ল্ডে সমগ্ৰ পৃথিৱীক এক গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰিছে। ইণ্টাৰনেটে সমগ্ৰ বিশ্বৰ তথ্য ভাণ্ডাৰক একত্ৰিত কৰি তথ্য বা জ্ঞানৰ মহাবিস্ফোৰণ ঘটাইছে। সাধাৰণভাৱে ক’বলৈ হ’লে ইণ্টাৰনেট হৈছে বিশ্বৰ বিভিন্ন স্থানত অৱস্থিত অসংখ্য কম্পিউটাৰৰ সংযোগ স্থাপন কৰা এটা ব্যৱস্থা, যিটোৱে সংযোজিত কম্পিউটাৰসমূহৰ

মাজত দৃশ্য, শ্রাব্য, লিখিত আদি বিভিন্ন ধৰণৰ সংযোগ পাব পাৰে। ষাঠিৰ দশকত আমেৰিকাত এই ধাৰণাটো কাৰ্যকৰী কৰা হয়।

গোলকীকৰণ বা বিশ্বায়ন আধুনিক বিশ্বত বহুল ব্যৱহৃত এটি অৱধাৰণা। গোলকীকৰণ শব্দটোৰ অৰ্থ হ’ল সমগ্ৰ বিশ্বকে এটা গোলকৰ দৰে এক বুলি ভবা। বৰ্তমান সময়ত গোলকীকৰণ প্ৰক্ৰিয়াই অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশত বিশেষ স্থান দখল কৰিছে। সমাজতত্ত্ববিদ S. K. Mispa, VK. Puri মতে, এখন দেশৰ অর্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত লগলগাই দিয়াই হৈছে বিশ্ব গোলকীৰকণ”। আন্তর্জাতিক বাণিজ্য, আন্তর্জাতিক বিনিয়োগ, প্ৰযুক্তিবিদ্যা আৰু সেৱাৰ ক্ষেত্ৰত ভাৰতীয় অর্থনীতিক বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্ৰৰ অৰ্থনীতিৰ সৈতে জড়িত কৰাৰ প্ৰচেষ্টাই হ’ল অৰ্থনৈতিক বিশ্বায়নৰ মূল উদ্দেশ্য। গোলকীকৰণ এটা সম্পূর্ণ নতুন ধাৰণা নহয়, গোলকীকৰণে উৎপাদনৰ গোলকীকৰণকো বুজায়, ৰপ্তানিৰ ওপৰত গুৰুত্ব প্ৰদান, দেশীয় অর্থনীতিয়ে গোলকীয় অ‍র্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে, গোলকীকৰণৰ কিছুমান সীমাবদ্ধতা আছে। বর্তমান সময়ত সামাজিক পৰিৱৰ্তনৰ দিশত গোলকীকৰণে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সেয়ে গোলকীকৰণ এক স্বায়ী ধাৰাবাহিক বিশ্বজনীন প্রক্রিয়া হিচাপে অভিহিত কৰিব পাৰি।

The Areas of Social Change ১ নম্বৰৰ প্রশ্নোত্তৰ

) ভাৰতত কেতিয়া প্রথম দূৰদৰ্শন আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫৯ চনত আকাশবাণী ভৱনত

) ভাৰতত কেতিয়া প্ৰথমে ৰঙীণ দূৰদৰ্শন প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ ১৯৮২ চনত

) ইলেক্ট্রনিক অর্থনীতিয়ে কি বুজায় ?

উত্তৰঃ অর্থনৈতিক গোলকীকৰণ প্ৰক্ৰিয়াক আৰু এখোজ আগবঢ়াই নিয়াৰ প্ৰধান কাৰণ হৈছে ইলেক্ট্রনিক অর্থনীতি। বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ কর্মকর্তাসকল বা বিনিয়োগকাৰীসকলে ক্ষন্তেকতে বিশ্বৰ বিভিন্ন প্রান্তৰ ব্যক্তিসকলৰ লগত যোগাযোগ স্থাপন কৰি নিজৰ উদ্যোগিক ক্ষেত্রৰ বিকাশৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰিব পাৰে আধুনিক প্রযুক্তিবিদ্যাৰ সহায়ত। এনে ব্যৱস্থাক ইলেক্ট্রনিক অর্থনীতি বুলি কোৱা হয়।

) স্থানীয় সংস্কৃতি কি?

উত্তৰঃ  স্থানীয় সংস্কৃতিয়ে কোনো এক নিৰ্ধাৰিত সীমাৰ ভিতৰত থকা সংস্কৃতিক বুজায়।

) বিশ্বায়নে প্ৰধানকৈ কিহৰ ওপৰত প্ৰভাৱ পেলাইছিল?

উত্তৰঃ সংযোগ মাধ্যমৰ ওপৰত।

) বিশ্ব বাণিজ্য সংস্থা কি?

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থা এটা আন্তৰাষ্ট্ৰীয় সংস্থা, যিটো ১৯৫৫ চনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ দ্বাৰা স্থাপন কৰা হৈছিল। এই সংস্থাই বিভিন্ন নিয়ম নীতি অৱলম্বন কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, সেৱা আদি পৰিচালনা কৰে। ইয়াৰ মুখ্য কাৰ্যালয় ছউইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত।

) গোলকীয় গাঁও বুলিলে কি বুজা?

উত্তৰঃ আন্তর্জাতিক কোম্পানীবোৰে পৃথিৱীৰ সকলো দেশতে কোম্পানী প্ৰতিষ্ঠা কৰি বাণিজ্যিক বিকাশ কৰাৰ লগতে গোলকীকৰণৰ জৰিয়তে পৃথিৱীখনক এখন গাঁৱলৈ পৰিবৰ্তন কৰিছে। এনেদৰে গোটেই বিশ্ব-ব্ৰহ্মাণ্ডৰ লগত সম্পর্ক স্থাপন কৰি পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ পৰিবৰ্তন কৰা ধাৰণাক সমগ্ৰ পৃথিৱীখনক গোলকীয় গাঁও বুলি কোৱা হয়।

) কৰ্প’ৰেট সংস্কৃতি কি?

উত্তৰঃ কৰ্প’ৰেট সংস্কৃতি হ’ল পৰিচালনাতত্ত্বৰ এটা শাখা, যিটোৱে নিজৰ ফার্মৰ সকলো সদস্যকে জড়িত কৰি এটা অদ্বিতীয় সাংগঠনিক সংস্কৃতি সৃষ্টি কৰি উৎপাদন বৃদ্ধি আৰু প্রতিদ্বন্দ্বিতা গঢ়ি তুলিব পাৰে।

) যোগাযোগৰ উপায়সমূহক কিমানটা অংশত ভগাব পাৰি?

উত্তৰ : যোগাযোগৰ উপায়সমূহক তিনিটা অংশত ভগাব পাৰি –

ক) পঢ়িব পৰা বা ছপা মাধ্যম

খ) শুনিব পৰা বা বৈদ্যুতিক গণমাধ্যম

গ) দেখিব পৰা বা দৃশ্য-শ্রাব্য গণমাধ্যম

১০) গণ-মাধ্যম বুলিলে কি বুজা ?

উত্তৰ : গণ-মাধ্যম ইংৰাজী ভাষাৰ Mass Media এই শব্দ দুটাৰ পৰা লোৱা হৈছে। অসমীয়া ভাষাত গণমাধ্যম শব্দটোৰ দ্বাৰা জনসাধাৰণৰ লগত হোৱা যোগাযোগ ব্যৱস্থাক বুজা যায়। গণমাধ্যমৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে।

১২) কেইবিধমান গণমাধ্যমৰ নাম লিখা

উত্তৰ : গণমাধ্যমবোৰ হ’ল— ৰেডিঅ’, দূৰদৰ্শন, আলোচনী, বাতৰি কাকত. টেলিফোন, ম’বাইল ফোন, ইন্‌টাৰনেট, বিজ্ঞাপন, কিতাপ, চিনেমা বা চলচিত্র।

১৩) ছপা মাধ্যমত কি কি অন্তর্ভুক্ত ?

উত্তৰ : বাতৰি কাকত, কিতাপ আলোচনী, বিজ্ঞাপন আদি ছপা মাধ্যমৰ অন্তৰ্ভুক্ত।

১৩) গুৰুত্বপূৰ্ণ ইলেক্ট্রনিক মাধ্যমসমূহ কি কি ?

উত্তৰ : ইণ্টাৰনেট, টেলিফোন, ৰেডিঅ’, দূৰদৰ্শন, চিনেমা বা চলচিত্র, কেমেৰা, ফোন আদি।

১৪) ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকতৰ নাম লিখা

উত্তৰ : বেংগল গেজেট (১৮৩৫)।

১৫) UNI মানে কি?

উত্তৰ : UNI মানে হ’ল United News Agency, ১৯৬১ চনত এই এজেন্সিটো স্থাপিত হৈছিল।

১৬) কিমান চনত ক’ত FAX ৰ জন্ম হৈছিল?

উত্তৰ : ১৯৬০ চনত ইংলেণ্ডত FAX ৰ জন্ম হৈছিল।

১৭) গোলকীকৰণৰ দুটা সামাজিক প্রভাৱ লিখা

উত্তৰ : গোলকীকৰণৰ দুটা সামাজিক প্ৰভাৱ হ’ল—

ক) পিন্ধন উৰণ আৰু সাজপাৰৰ ফেশ্বনৰ ওপৰত পৰা প্ৰভাৱ

খ) মানুহৰ খাদ্যাভাসৰ পৰিবৰ্তন

১৮) গোলকীকৰণে অনা দুটা সুবিধা লিখা

উত্তৰ : গোলকীকৰণে অনা দুটা সুবিধা হ’ল—

ক) পৃথিৱীৰ আকাৰ সৰু হৈছে

খ) বিশ্বৰ সম্পত্তি বৃদ্ধি হৈছে

১৯) গণমাধ্যমৰ মূল কাৰ্যটো কি?

উত্তৰ : গণমাধ্যমৰ মূল কাৰ্যটো – খবৰ সম্প্ৰচাৰ কৰা আৰু যোগাযোগ স্থাপন কৰা।

২০) ভাৰতত প্ৰকাশিত হৈ থকা চাৰিখন প্ৰধান বাতৰি কাকতৰ নাম লিখা

উত্তৰ : ক) হিন্দী ভাষাৰ বাতৰি কাকত- হিন্দুস্তান

আপুনি যদি আমাৰ Important Assamese Current Affairs পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

খ) The Tribune

গ) The Times of India

ঘ) দৈনিক ভাস্কৰ

২১) শক্তিশালী গণমাধ্যম দুটাৰ নাম লিখা

উত্তৰ : দুটা শক্তিশালী গণমাধ্যম হ’ল ৰেডিঅ’ আৰু দূৰদৰ্শন।

২২) দুটা বৈদেশিক চেনেলৰ নাম লিখা

উত্তৰ : M. TV আৰু Star T. V.

২৩) কোনে কেতিয়া ছপাশাল আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ১৪৫০ খ্রীষ্টাব্দত গুটেনবার্গে প্রথম ছপাশাল আবিষ্কাৰ কৰিছিল।

২৪) কিমান চনত এছিয়ান গেমছ আৰম্ভ হৈছিল?

উত্তৰ : ১৯৮২ চনত

২৫) The Times of India কাকতখন কিমান চনত ক’ৰ পৰা প্ৰকাশ হৈছিল?

উত্তৰ : ১৮৬১ চনত বোম্বেৰ পৰা

২৬) কিমান খৃষ্টাব্দত চলচিত্ৰৰ জন্ম হৈছিল?

উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত

২৭) ভাৰতত কেতিয়া দূৰদৰ্শন ব্যৱস্থাৰ আৰম্ভ হয়?

উত্তৰ : ১৯৮০ চনৰ পৰা

২৮) দূৰদৰ্শন কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ইংলেণ্ডৰ জন বেয়ার্ড নামৰ এজন ব্যক্তিয়ে ১৯২৫ খ্রীষ্টাব্দত দূৰদৰ্শন আবিষ্কাৰ কৰে।

২৯) বিশ্বায়নে প্রধানকৈ কিহৰ ওপৰত প্ৰভাৱ পেলাইছিল?

উত্তৰঃ বিশ্বায়নে প্ৰধানকৈ জনসংযোগৰ ওপৰত প্ৰভাৱ পেলাইছিল।

৩০) ইণ্টাৰনেট কি?

উত্তৰ: জনসংযোগৰ আধুনিকতম, চমকপ্ৰদ আৰু বিশিষ্ট মাধ্যম হ’ল ইণ্টাৰনেট। ইণ্টাৰনেটে গোলকীয় বিশ্বৰ সমান্তৰালকৈ আৰু এখন ‘চাইবাৰ ৱৰ্ল্ড’ নামৰ নতুন বিশ্বৰ সৃষ্টি কৰিছে। চাইবাৰ বৰ্ল্ডে সমগ্র পৃথিবীক এক গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰিছে। সাধাৰণভাৱে ক’বলৈ হ’লে ইণ্টাৰনেট হৈছে বিশ্বৰ বিভিন্ন স্থানত অৱস্থিত অসংখ্য কম্পিউটাৰৰ সংযোগ স্থাপন কৰা এটা ব্যৱস্থা, যিটোৱে সংযোজিত কম্পিউটাৰসমূহৰ মাজত দৃশ্য, শ্রাব্য, লিখিত আদি বিভিন্ন ধৰণৰ সংযোগ পাব পাৰে।

৩১) বোম্বে সমাচাৰ কিমান চনত প্ৰকাশ হৈছিল?

উত্তৰ : ১৮২২ চনত

৩২) কোন দুটা কাৰণত ভাৰত চৰকাৰে নতুন অর্থনৈতিক নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছিল?

উত্তৰঃ ভাৰত চৰকাৰে নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰাৰ দুটা কাৰণ হ’ল

ক) ভাৰতত উদ্যোগিক উৎপাদনৰ হাৰ হ্ৰাস হোৱা বাবে

খ) দুর্নীতি, অদক্ষতা, অকার্যকৰী পৰিচালনা বিশেষকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বাবে

৩৩) অসমীয়া সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱ কেনেদৰে পৰিছে এটা উদাহৰণ দিয়া

উত্তৰ: অসমীয়া জাতীয় উৎসৱ বিহুৰ ওপৰত গোলকীকৰণৰ প্ৰভাৱ পৰিছে, যেনে— বিহুগীতত বৰ্তমান ঢোল-পেঁপাৰ লগতে, কেচিউৰ, গীতাৰ আদি বাদ্যযন্ত্ৰ বজায়ো বিহুগীত পৰিৱেশন কৰে।

৩৪) বাণিজ্যিক বিশ্বায়নৰ দ্বাৰা খাদ্যাভাসৰ সংস্কৃতিত কি প্ৰভাৱ পৰিছে, তাৰ এটি উদাহৰণ দিয়া?

উত্তৰ: বাণিজ্যিক বিশ্বায়নৰ দ্বাৰা সংস্কৃতিত (খাদ্যাভাস) যথেষ্ট প্ৰভাৱ পৰিছে। দূৰদৰ্শনৰ বিজ্ঞাপনত ভাৰতত খাদ্যাভাসৰ পৰিবৰ্তন হৈছে। যেনে— পৰম্পৰাগতভাৱে প্ৰচলিত খাদ্যৰ পৰিবৰ্তে বজাৰত Fast Food দোকানতে খাদ্য গ্রহণ কৰে।

৩৫) TNCS অর্থ কি?

উত্তৰ : TNC হ’ল Transnational Corporation of Society.

The Areas of Social Change ২/৩/৪ নম্বৰৰ প্রশ্নোত্তৰ

৩৬) উদাৰীকৰণ বুলিলে কি বুজা?

উত্তৰ : উদাৰীকৰণ হ’ল চৰকাৰে উদ্যোগ ব্যৱস্থাত গ্ৰহণ কৰা উদাৰনীতি। উদাৰীকৰণৰ অৰ্থ হৈছে দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা বিভিন্ন চৰকাৰী নিয়ন্ত্ৰণ আৰু বাধা-নিষেধৰ পৰা মুক্ত কৰা । যেতিয়া বাণিজ্য আৰু ৰাজহুৱা খণ্ডৰ কিছুমান উদ্যোগৰ ওপৰত থকা বাধা নিষেধবোৰ উঠাই দিয়া হয়, তেতিয়া দেশৰ অৰ্থনীতি মুক্ত আৰু প্ৰগিতিশীল হয়। এনে ধৰণেৰে নিয়ন্ত্রিত অর্থনীতি মুক্ত আৰু প্ৰগতিশীল কৰা নীতিগত পদ্ধতিকে উদাৰীকৰণ বোলে। উদাৰীকৰণ এনে এটা পদ্ধতি য’ত বিভিন্ন দেশসমূহক এনেকুৱা কিছুমান সুবিধা দিব খোজা হয়, য’ত মুক্ত অৰ্থনীতিৰ উন্নয়ন গঢ়ি তুলিব পাৰে। ইয়াৰ মূল লক্ষ্য হৈছে— কেইটামান বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগৰ বাহিৰে অন্য উদ্যোগসমূহৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত থকা চৰকাৰী লাইচেঞ্চ প্ৰথাৰ বিলুপ্তি সাধন আৰু নতুন উদ্যোগ স্থাপনৰ পথ সুচল কৰা।

৩৭) নিয়োগৰ সৈতে গোলকীকৰণৰ সম্পৰ্ক কি?

উত্তৰ : নিয়োগৰ সৈতে গোলকীকৰণৰ সম্পৰ্ক আছে, কাৰণ গোলকীকৰণৰ লগত জড়িত আন এটা প্ৰক্ৰিয়া হ’ল নিয়োগ। গোলকীকৰণত যেনেদৰে কিছুমান কু-ফল বা দোষ আছে ঠিক তেনেদৰে কিছুমান সু-ফল বা গুণো আছে। নগৰীয়া মধ্যবিত্ত যুৱক-যুৱতীসকলৰ বাবে গোলকীকৰণ আৰু তথ্য-প্ৰযুক্তিৰ জাগৰণে বিভিন্ন ব্যক্তি বা যুৱক যুৱতীৰ জীৱনলৈ বৃত্তি লাভৰ নতুন পথ মুকলি কৰিছে। গোলকীকৰণৰ বাবেই আজিৰ প্ৰজন্মই তথ্য প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে বিভিন্ন কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ গোলকীকৰণে প্ৰতিষ্ঠা কৰা বিভিন্ন কোম্পানীবোৰত যথেষ্টসংখ্যক ব্যক্তিৰ নিয়োগ ব্যৱস্থাৰ সৃষ্টি হোৱা দেখা গৈছে। সেয়েহে গোলকীকৰণ আৰু নিয়োগ ব্যৱস্থাৰ সম্পৰ্ক যথেষ্ট বেছি।

৩৮) বহুৰাষ্ট্ৰীয় নিগম কি?

উত্তৰঃ বহুৰাষ্ট্ৰীয় নিগম হ’ল ৰাষ্ট্ৰীয় নিগম পৰিচালনা তত্ত্বৰ এটি শাখা. যিয়ে ৰাষ্ট্ৰৰ উৎপাদন আৰু প্ৰতিদ্বন্দ্বিতা বৃদ্ধি কৰিব বিচাৰে আৰু ইয়াৰ দ্বাৰা ৰাষ্ট্ৰবোৰে আন্তর্জাতিক পর্যায়ত সহযোগিতা নিশ্চিত কৰে।

৩৯) দূৰদৰ্শন বা টিভিত কি কি ধৰণৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হয়?

উত্তৰ : দূৰদৰ্শনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী, আঞ্চলিক পৰ্যায়ৰ কাৰ্যসূচী আৰু স্থানীয় পৰ্যায়ৰ কাৰ্যসূচী সম্প্ৰচাৰিত কৰা হয়।

৪০) সাংবাদিকতাৰ ক্ষেত্ৰখনত ইন্টাৰনেটৰ ভূমিকা কি?

উত্তৰ: সাংবাদিকতাৰ ক্ষেত্ৰখনত ইণ্টাৰনেটৰ ভূমিকা যথেষ্ট। সাংবাদিকতাৰ ক্ষেত্ৰখন বর্তমান ইন্টাৰনেটে সৰু বা সংকুচিত কৰি আনিছে। বিশ্বৰ কোনো এটা অঞ্চলৰ বিভিন্ন খা-খবৰ বিশ্বৰ আন যি কোনো এটা অঞ্চললৈ খুব কম সময়ৰ ভিতৰতে প্ৰেৰণ কৰিব পাৰি কেৱল ইণ্টাৰনেটৰ জৰিয়তে। ইয়াৰ দ্বাৰা সাংবাদিকসকলে আৱশ্যকমতে বিশ্বৰ যিকোনো অঞ্চলৰ সাংবাদিকৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে আৰু যিকোনো গুৰুত্বপূর্ণ খবৰ দৃশ্য-শ্ৰাব্য কৰিব পাৰে। সেই কাৰণে ইণ্টাৰনেটৰ লগত সাংবাদিকতাৰ সম্পৰ্ক অতি নিবিড় আৰু ইয়াৰ ওপৰত ইণ্টাৰনেটৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ।

৪১) গণমাধ্যমৰ কাৰ্যবোৰ কি কি?

উত্তৰ: গণমাধ্যমৰ কাৰ্যবোৰ তলত উল্লেখ কৰা হ’ল—

ক) ৰেডিঅঃ ৰেডিঅ’ বা অনাতাঁৰ আধুনিক যুগৰ অন্যতম জনসংযোগ মাধ্যম। ৰেডিঅ’ত প্ৰেৰক যন্ত্ৰ আৰু গ্রাহকযন্ত্র সংযোগ কৰা হয়। যিটো যন্ত্ৰৰ সন্মুখত কথা কোৱা বা শব্দ কৰা হয়, সেইটো প্ৰেৰক যন্ত্ৰ। যিটো যন্ত্ৰৰপৰা শুনা যায়। গ্রাহকযন্ত্রই এইবোৰ প্ৰথমে বিদ্যুত তৰংগলৈ পৰিবৰ্তন কৰে আৰু পিছত শব্দ তৰংগলৈ ৰূপান্তৰিত কৰে।

খ) দূৰদৰ্শনঃ দূৰদৰ্শন বা টিভি অন্যতম জনসংযোগ মাধ্যম। ৰেডিঅ’ৰ দৰেই ইয়াৰ মূলতে হৈছে বিদ্যুৎ আৰু ইথাৰৰ ক্ৰিয়া। টিভি হৈছে এটা গ্ৰাহকযন্ত্ৰ আৰু ষ্টুডিঅ’ৰ পৰা যিবোৰ ছবি পঠোৱা হয়, সেইবোৰকে টিভিত দৃশ্যমান হয়। টিভিয়ে শিক্ষা, কৃষি, শিল্প-সংস্কৃতিৰ মনোৰঞ্জনৰ অনুষ্ঠান, বিধি-বিধান আদিৰ প্ৰতি জনসাধাৰণৰক সজাগ কৰি জনসংযোগ ৰক্ষা কৰে।

গ) মুদ্রিত মাধ্যম : মুদ্রিত মাধ্যম হৈছে জনসংযোগ ব্যৱস্থাৰ অন্যতম মাধ্যম। বাতৰি কাকত, কিতাপ আৰু আলোচনী, প্ৰচাৰ-পত্ৰ আদি মুদ্ৰণ যন্ত্ৰৰ প্ৰভাৱ বহুত। বানান আৰু ভাষাৰ নীতি-নিৰ্ধাৰণ পাঠকৰ লগত লিখকৰ সৈতে যোগাযোগ স্থাপন, শিক্ষাৰ সাৰ্বজনীন বিস্তাৰণ, লেখক-পাঠক প্রকাশক ব্যৱসায়ী আদি শ্ৰেণীৰ সৃষ্টি আদি মুদ্ৰণ যন্ত্ৰৰ আৱিষ্কাৰৰ ফল। ইয়াৰ উপৰি গণমাধ্যমসমূহৰ জৰিয়তে সমাজত ৰাইজৰ কল্যাণৰ বাবে তথ্য যোগান, বিভিন্ন ধৰণৰ অৱসৰ বিনোদন, যুৱ সমাজৰ সামাজিকীকৰণ, বিভিন্ন ধৰণৰ শিক্ষা সম্প্ৰচাৰ, সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰা আদি গুরুত্বপূর্ণ কার্যসমূহ গণমাধ্যমসমূহে সমাপন কৰে।

৪২) শিক্ষাৰ ক্ষেত্ৰত গণমাধ্যমৰ উপায়সমূহৰ বৰঙণি কি?

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত গণমাধ্যমসমূহৰ বৰঙণি উল্লেখনীয়। গণমাধ্যমৰ জৰিয়তে পৃথিৱীৰ সকলো পৰ্যায়ৰ ব্যক্তিয়ে শিক্ষা গ্ৰহণৰ সুবিধা পায়। যাৰ ফলস্বৰূপে শিক্ষা সম্প্ৰসাৰণৰ জৰিয়তে দেশৰ নিৰক্ষৰতাৰ হাৰ কমাই তুলিছে। গণমাধ্যম হিচাপে, ৰেডিঅ’, দূৰদৰ্শন, মুদ্ৰণযন্ত্ৰ, ইণ্টাৰনেট আদিয়ে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। পঢ়িব পৰা গণমাধ্যমৰ জৰিয়তে বানান আৰু ভাষাৰ নীতি-নিৰ্ধাৰণ, পাঠকৰ লগত লিখকৰ যোগাযোগ স্থাপন, শিক্ষাৰ সাৰ্বজনীন বিস্তাৰতা লাভ কৰিছে। শুনিব পৰা জনসংযোগ মাধ্যমৰ জৰিয়তে শিক্ষা-স্বাস্থ্য সম্বন্ধীয় শিক্ষাদান, সংগীত-সাহিত্য আদিৰ প্ৰসাৰতা লাভ কৰিছে।

৪৩) গণ সংযোগৰ উপায়সমূহ ব্যাখ্যা কৰা

উত্তৰ : গণ সংযোগৰ উপায়সমূহক তিনিটা ভাগত ভাগ কৰা হৈছে –

ক) মুদ্রিত বা ঘৃণা গণ-মাধ্যম, যেনে- বাতৰি কাকত, কিতাপ, আলোচনী আদি

খ) বৈদ্যুতিক গণমাধ্যম, যেনে— ৰেডিঅ’, ইন্টাৰনেট, ম’বাইল, FAX আদি

গ) দৃশ্য আৰু শ্রব্য গণমাধ্যম, যেনে- দূৰদৰ্শন, চিনেমা বা চলচ্চিত্র। মুদ্রিত বা ছপা গণমাধ্যম হিচাপে বাতৰি কাকত, কিতাপ, আলোচনী, প্ৰচাৰ-পত্ৰ আদি ইয়াৰ অন্তৰ্ভুক্ত। ১৪৫০ খ্রীষ্টাব্দত গুটেনবার্গে জার্মানীত মুদ্ৰন যন্ত্ৰ আৱিষ্কাৰ কৰাৰ লগে লগে পৃথিৱীত জনসংযোগৰ আধুনিকতম চমকপ্ৰদ উত্থান ঘটি সমগ্র পৃথিবীখন এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে। ই সমগ্ৰ বিশ্বৰ তথ্য ভাণ্ডাৰক একত্ৰিত কৰি তথ্য বা জ্ঞানৰ মহাবিস্ফোৰণ ঘটাইছে। যাৰ দ্বাৰা শিক্ষা সম্প্ৰসাৰণৰ এক আহিলা হিচাপে ই পৰিগণিত হৈছে। দৃশ্যশ্রাব্য মাধ্যম হিচাপে দূৰদৰ্শন, চলচিত্র বা চিনেমা আদিয়ে সমাজত এক খলকনিৰ সৃষ্টি কৰিছে। ইংলেণ্ডৰ জন বেয়ার্ড নামৰ এজন ব্যক্তিয়ে ১৯২৫ খ্ৰীষ্টাব্দত টিভি আৱিষ্কাৰ কৰে। ভাৰতত টিভি প্ৰচলন হয় ১৯৮২ চনৰ পৰাহে৷ দূৰদৰ্শনৰ দৰে চিনেমা বা চলচ্চিত্ৰও জনসংযোগৰ অন্যতম মাধ্যম। আধুনিক জনসংযোগ ব্যৱস্থাৰ অন্য এটা ফলপ্রসু মাধ্যম হিচাপে চলচ্চিত্র বা কথাছবিৰ স্থান আছে আৰু ই বিশ্বত প্ৰসাৰতা লাভ কৰিছে।

৪৪) সাধাৰণ ৰাইজৰ ওপৰত গণমাধ্যমৰ কু-প্ৰভাৱবোৰ কি কি?

উত্তৰ : গণমাধ্যমসমূহৰ দ্বাৰা সমাজত যেনেধৰণৰ সুপ্ৰভাৱ আছে, ঠিক সেইদৰে ইয়াৰ কু-প্ৰভাৱো সাধাৰণ ৰাইজৰ ওপৰত নপৰা নহয়। গণমাধ্যম হিচাপে দূৰদৰ্শনৰ বিশিষ্ট স্থান থাকিলেও সময়ৰ অপচয় ঘটোৱা, বিজ্ঞাপনৰ সম্প্ৰচাৰ আদিৰ কু-ফলো আছে। তদুপৰি ৰেডিঅ’, টেলিভিশ্যনৰ পৰা নির্গত হোৱা অতি বেঙুনীয়া ৰশ্মিয়ে বিভিন্ন ছালৰ ৰোগ, ছানিপৰা-ময়োপিয়া আদি চকুৰ ৰোগ, মূৰ্চ্ছা যোৱা বা মূৰ কামোৰণি আদি ৰোগ হ’ব পাৰে। ঠিক সেইদৰে ইণ্টাৰনেটৰ অপপ্রয়োগে বহুতৰ জীৱনলৈ অন্ধকাৰ মাতি আনিছে। মুদ্ৰিত মাধ্যম হিচাপে বাতৰি কাকতেও কেতিয়াবা নেতিবাচক বাতৰি পৰিবেশন কৰাত সমাজত বিৰূপ প্ৰভাৱ পৰে।

৪৫) জ্ঞান অর্থনীতি কি?

উত্তৰ : জ্ঞান অর্থনীতি বা ভাৰশূন্য অর্থনীতি হ’ল এনে এক সামগ্ৰীৰ ওপৰত প্ৰতিস্থিত যি কেৱল বৈদ্যুতিক গণমাধ্যমৰ ওপৰত নিৰ্ভৰশীল হৈ চলে। তেনে অর্থনীতিকে জ্ঞান অর্থনীতি বুলি কোৱা হয়।

৪৬) আমাৰ স্থানীয় সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱবোৰ কি কি?

উত্তৰঃ আমাৰ স্থানীয় সংস্কৃতিত বৰ্তমান গোলকীকৰণৰ প্ৰভাৱ উল্লেখনীয়। যুগ যুগ ধৰি ভাৰতবৰ্ষই সাংস্কৃতিক প্রভাৱৰ প্ৰতি এক মুক্ত দৃষ্টিভঙ্গী কঢ়িয়াই লৈ আহিছে। সেই কাৰণে ভাৰতীয় সংস্কৃতি আজি সমৃদ্ধিশালী হৈ উঠিব পাৰিছে। সমৃদ্ধিশালী সংস্কৃতি হিচাপে ভাৰতবৰ্ষৰ এটি সুকীয়া পৰিচয় আছে। গোলকীকৰণে কেৱল বিশ্বৰ অৰ্থনীতিৰ ওপৰতে প্ৰভাৱ পেলোৱাই নহয় সংস্কৃতিৰ দিশটো প্ৰভাৱ পেলাইছে। বৰ্তমান আমাৰ স্থানীয় সংস্কৃতিৰ লগত স্থানীয় সংস্কৃতিৰ মিলন ঘটিছে। ৰাজনীতি, অর্থনীতি, ফেশ্বন, বিভিন্ন ৰীতি-নীতি, সাজপাৰ, গীত-মাত, ভাষা, দৈহিক ভংগীৰ কাৰণে সমগ্ৰ বিশ্বখনক এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে আমাৰ স্থানীয় সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱ পৰা দেখা গৈছে।

৪৭) আমাৰ সমাজত টেলিভিছনৰ কু-প্ৰভাৱবোৰ কি কি?

উত্তৰ : জনসংযোগৰ মাধ্যম হিচাপেৰ টিভিৰ বিশিষ্ট স্থান থাকিলেও সময়ৰ অপচয় ঘটোৱা, বিজ্ঞাপনৰ সম্প্ৰচাৰ আৰু দূৰদৰ্শনৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মিয়ে বিভিন্ন ছালৰ ৰোগ, ছানিপৰা ময়োপিয়া আদি চকুৰ ৰোগৰ সৃষ্টি কৰিব পৰা আদি কুফলসমূহে সমাজত বিৰূপ প্ৰভাৱ পেলাইছে।

৪৮) গোলকীকৰণ কি?

উত্তৰ : গোলকীকৰণ এনে এক পদ্ধতি, যত এখন দেশৰ অৰ্থনীতি আন এখন দেশৰ অৰ্থনীতিৰ লগত সংলগ্ন হয়। অর্থাৎ বিভিন্ন দেশবোৰৰ মাজত আত্মঃনিৰ্ভৰশীলতা আৰু আন্তঃক্ৰিয়া স্থাপনৰ যোগেদি বিশ্বৰ অৰ্থনীতিৰ মাজত সংহতি স্থাপন কৰা। The Blackwell Dictionary of Sociology ৰ মতে, “গোলকীকৰণ এনে এক প্রক্রিয়া, যত কোনো এখন সমাজৰ সামাজিক জীবন ক্ৰমান্বয়ে বিশ্বৰ ৰাজনৈতিক, বাণিজ্যিক, সাংস্কৃতিক, সাজপাৰ আৰু জনসংযোগ মাধ্যমৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিছে।” সাম্প্ৰতিক আধুনিক যুগত গোলকীকৰণে অর্থনীতি, শিক্ষা, প্রযুক্তি, সামাজিক, সাংস্কৃতিক আদি জীৱনৰ সকলো ক্ষেত্ৰকেই সামৰি আছে।

৪৯) গোলকীকৰণৰ মূল বৈশিষ্ট্যবোৰ কি ?

উত্তৰ: গোলকীকৰণৰ মূল বৈশিষ্ট্যবোৰ হ’ল –

ক) গোলকীকৰণ এটা সম্পূর্ণ নতুন ধাৰণা নহয়

খ) গোলকীকৰণে উৎপাদনৰ গোলকীকৰণকো বুজায়

গ) ৰপ্তানিৰ ওপৰত গুৰুত্ব প্রদান

ঘ) দেশীয় অর্থনীতিয়ে গোলকীয় অর্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে

ঙ) গোলকীকৰণৰ কিছুমান সীমাবদ্ধতা আছে

৫০) গোলকীয় অর্থনীতিৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰ : গোলকীয় অৰ্থনীতিৰ বৈশিষ্ট্যবোৰ হ’ল–

ক) গোলকীকৰণে সামাজিক আৰু অৰ্থনৈতিক সম্পৰ্কক একে লেঠাৰিয়ে গোটেই পৃথিৱীত জড়িত কৰি ৰাখে

খ) অবিচ্ছিন্ন এই পদ্ধতিক কিছুমান অর্থনীতিয়ে ঠেলি দিয়ে

গ) অর্থনৈতিক শক্তি গোলকীকৰণৰ এক অবিচ্ছেদ্য অংগ

ঘ) গোলকীকৰণৰ আন্তৰাষ্ট্ৰীয় মুদ্ৰাৰ সংস্থাবোৰৰ যথেষ্ট বৰঙণি আছে

৫১) গোলকীকৰণে ভাৰতীয় সমাজত পেলোৱা প্ৰভাৱসমূহ কি কি?

উত্তৰ: ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশত গোলকীকৰণে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ ফলস্বৰূপে আমাৰ সমাজত বহুতো উল্লেখযোগ্য পৰিবৰ্তন সাধন হৈছে। সেইসমূহ হ’ল—

ক) তথ্য প্ৰযুক্তিৰ বিকাশ: গোলকীকৰণে তথ্য আৰু প্ৰযুক্তিৰ দিশত ভাৰতত উল্লেখযোগ্য পৰিবৰ্তন সাধন কৰিছে। ইণ্টাৰনেটৰ দৰে জনসংযোগৰ মাধ্যমৰ সুবিধাই ভাৰতবৰ্ষৰ লোকসকলক বিভিন্ন দেশৰ জ্ঞান আহৰণ কৰাৰ লগতে বহুতো সুবিধা প্রদান কৰিছে। প্ৰযুক্তিৰ বিকাশ তথা গণমাধ্যম হিচাপে ম’বাইল ফোনৰ ব্যৱহাৰে অন্যান্য দেশৰ লগত যোগাযোগৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে।

খ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিকাশ : গোলকীকৰণৰ জৰিয়তে চৰকাৰে উদাৰৰনীতি গ্ৰহণ কৰি বিভিন্ন শুল্কৰ ওপৰত থকা অপ্রয়োজনীয় অৱৰোধসমূহ আঁতৰ হোৱাৰ লগে লগে দেশবোৰৰ মাজত বাণিজ্যিক বিকাশ হ’বলৈ ধৰিলে। যেনে— GATT, WTO আদিয়ে গোলকীয় বাণিজ্যক আৰু সহজ কৰি তুলিলে।

গ) উৎপাদন বৃদ্ধি : শুল্কৰ ওপৰত থকা অৱৰোধসমূহ আঁতৰ হোৱাৰ লগে লগে বহুজাতিক কোম্পানীবোৰে সমগ্ৰ বিশ্বতে কাৰখানা আদি স্থাপন কৰাত বিভিন্ন ধৰণৰ উৎপাদন বৃদ্ধি পালে। ঘ) নিয়োগৰ সুবিধা : বহুজাতিক কোম্পানীসমূহ স্থাপন হোৱাৰ লগে লগে সেইবোৰত নিয়োগৰ সুবিধা বৃদ্ধি পালে। ফলত দেশত নিবনুৱা সমস্যা হ্রাস পালে।

ঙ) বিদেশী মুদ্ৰাৰ মুক্ত প্ৰচলন : গোলকীকৰণে বিদেশী মুদ্ৰাৰ মুক্ত প্ৰৱাহত অৰিহণা যোগায়, যিয়ে উন্নয়নশীল দেশসমূহৰ অৰ্থনীতি অলপ হ’লেও উন্নত কৰিলে। ইয়ে মূলধন গঠনতো অৰিহণা যোগায়। এইদৰেই গোলকীকৰণে ভাৰতলৈ নতুন প্রযুক্তিবিদ্যা, নতুন উৎপাদন আৰু লগতে নতুন নতুন অর্থনৈতিক সুবিধা আনি দিলে। যিয়ে ভাৰতীয় সমাজৰ সংৰচনাত বহুতো পৰিবৰ্তনৰ সূচনা কৰিলে, ইয়ো গোলকীকৰণৰে প্রভাব।

৫২) গ্ৰামাঞ্চলৰ জনসাধাৰণে জনসংযোগ মাধ্যম হিচাপে ৰেডিঅ’ৰ পৰা কেনেধৰণৰ সুবিধা লাভ কৰিছে?

উত্তৰ : ৰেডিঅ’ এক গুৰুত্বপূৰ্ণ গণমাধ্যম। ট্রেন্সমিটাৰৰ সহায়ত ই এটা নিৰ্ধাৰিত অঞ্চলত খা-খবৰ, গীত-মাত সম্প্ৰচাৰ কৰে। ৰেডিঅ’ৰ কাৰ্যসূচীসমূহ যে কেৱল গ্রাম্য অঞ্চলতে হয় তেনে নহয়। কিন্তু গণ-মাধ্যমৰ এক গুৰুত্বপূর্ণ মাধ্যম হিচাপে গ্ৰামাঞ্চলৰ লোকসকলে ৰেডিঅ’ বেছি ব্যৱহাৰ কৰে। ৰেডিঅ’ৰ কাৰ্যসূচীসমূহ সাধাৰণতে কৃষিৰ আধুনিক পদ্ধতি, বৈজ্ঞানিক সা-সঁজুলিৰ ব্যৱহাৰ, বীজ-সাৰৰ ব্যৱহাৰ, খেতিত বিভিন্ন কীটনাশক ঔষধৰ ব্যৱহাৰ, আন উন্নত দিহা-পৰামৰ্শ নিয়মীয়াকৈ আগবঢ়োৱা হয় কাৰণে গ্রামাঞ্চলৰ লোকসকলৰ বেছি সুবিধা হয়। পশুপালন, মীন পালন, হাঁহ-কুকুৰা পালন, জলসিঞ্চন আৰু আন আনুসংগিক পৰামৰ্শবোৰে গ্ৰামাঞ্চলৰ লোকসকলৰ সামাজিক, আর্থিক উন্নয়নৰ বাবে আগবঢ়োৱা হয়। The Areas of Social Change

৫৩) গোলকীকৰণে সমাজত পেলোৱা সু-প্রভাবসমূহ কি কি?

উত্তৰ : গোলকীকৰণে সমাজত পেলোৱা সু-প্ৰভাৱবোৰ হ’ল—

ক) পৃথিৱীৰ আকাৰ সৰু হৈছে

খ) বিশ্বৰ সম্প্ৰীতি বৃদ্ধি হৈছে

গ) বিশ্ব শান্তি আৰু সহযোগিতাত উদ্‌গনি যোগায়

ঘ) উন্নত প্ৰতিযোগিতাৰ সুবিধা পাইছে

ঙ) অর্থনৈতিক উন্নয়ন হৈছে

৫৪) গোলকীকৰণে আমাৰ সমাজত কেনে ধৰণৰ কু-প্ৰভাৱ পেলাইছে লিখা

উত্তৰ : গোলকীকৰণে আমাৰ সমাজত পেলোৱা কু-প্ৰভাৱসমূহ হৈছে-

ক) গোলকীকৰণে ধনী আৰু দুখীয়া দেশৰ পাৰ্থক্য বৃদ্ধি কৰে। গোলকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ধনী দেশসমূহ বেছি ধনী আৰু দুখীয়া দেশসমূহ বেছি দুখীয়া হৈ গৈছে।

খ) গোলকীকৰণৰ ফলত বহুতো ক্ষুদ্র উদ্যোগ বন্ধ হৈ যাব লগা হয়। বিশ্ব বাণিজ্যত ফেৰ মাৰিব নোৱাৰা উদ্যোগসমূহে তিষ্ঠি থাকিব নোৱাৰে।

গ) গোলকীকৰণৰ ফলত বহু দেশীয় কোম্পানীবিলাকে দৰিদ্ৰ আৰু কৰ্মীক শোষণ কৰে। The Areas of Social Change

ঘ) গোলকীকৰণৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে। বনাঞ্চল, খনি অঞ্চল, প্রাকৃতিক অঞ্চল আদি ধ্বংস কৰি বৃহৎ উদ্যোগ গঢ়ি তুলিছে।

ঙ) গোলকীকৰণে সৃষ্টি কৰা তীব্ৰ প্ৰতিযোগিতা আৰু পৰিবৰ্তনে মানুহক নিৰাপত্তাহীনতাত ভোগায়। সঘন পৰিবৰ্তনে মানুহক নিৰাপত্তাহীনতাত ভোগায়। সঘনে পৰিবর্তিত বস্তুবাদী দিশৰ বাবে সমাজে স্থায়ী নিৰাপত্তা লাভ কৰিব নোৱাৰে।

চ) গোলকীকৰণে একোখন দেশৰ মুষ্টিমেয় কিছুমান লোককহে উপকৃত কৰে। গতিকে ই মানৱ অধিকাৰৰ কর্মৰ অধিকাৰ, জীৱন নিৰ্বাহৰ অধিকাৰ, খাদ্যৰ অধিকাৰ, গৃহৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ, গৃহৰ অধিকাৰ, শিক্ষাৰ উন্নয়নৰ অধিকাৰ আদিত বাধাৰ সৃষ্টি কৰে।

৫৫) জনসংযোগ আৰু জনসংযোগ মাধ্যমৰ পাৰ্থক্য কি?

উত্তৰ: জনসংযোগ হৈছে বহুসংখ্যক ব্যক্তিৰ মাজৰ বিভিন্ন খবৰৰ আদান প্রদান কৰা এক প্রক্রিয়া। আনহাতে জনসংযোগ মাধ্যম হৈছে এনে বাৰ্তাবোৰ পঠিওৱা একো একোটা মাধ্যম। যেনে- ৰেডিঅ’, টেলিভিচন, ম’বাইল ফোন ইত্যাদি জনসংযোগৰ একো একোটা মাধ্যম। The Areas of Social Change

৫৬) সমাজৰ উন্নয়ন আৰু প্ৰবৰ্তনত জনসংযোগ মাধ্যমে কেনেকৈ সহায় কৰে চমুকৈ আলোচনা কৰা

উত্তৰ: সমাজ পৰিবৰ্তনশীল। পৃথিৱীত এনে এখন সমাজ নাই, যিখন সমাজ পৰিবৰ্তন হোৱা নাই। পৰিবর্তনৰ আহিলা বা মাধ্যমসমূহ বিভিন্ন ধৰণৰ হয়। মানৱ সমাজত জনসংযোগৰ মাধ্যমসমূহেও বিভিন্ন দিশত উন্নয়ন আৰু পৰিবৰ্তন সাধন কৰিছে। জনসংযোগ মাধ্যমসমূহৰ জৰিয়তে সমাজৰ ব্যক্তিসকলে দৈনন্দিন জীৱনৰ বিভিন্ন ঘটনা প্ৰৱাহৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে। এই জ্ঞানৰ জৰিয়তে মানুহে সামূহিক জীবনতো বহুতো উপকাৰ সাধন কৰিব পাৰে। গণমাধ্যমৰ যোগেদি প্ৰচাৰ কৰা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ যোগেদি বিভিন্ন শিক্ষা আহৰণ কৰিব পাবি। জনসংযোগ মাধ্যমসমূহ হৈছে অৱসৰ বিনোদনৰ এক গুৰুত্বপূর্ণ উপায়। এটা সময়ত হাঁহি-তামাচা কেৱল পৰিয়ালৰ মাজতে আৱদ্ধ আছিল। কিন্তু বর্তমান বিনোদনৰ এই অৱস্থাৰ পৰিবৰ্তন হৈছে আৰু ইয়াৰ স্থান আধুনিক জনসংযোগ মাধ্যমসমূহে দখল কৰিছে।

জনসংযোগ মাধ্যম তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ভাৰতবৰ্ষ যথেষ্ট আগবাঢ়ি গৈছে। বর্তমান ইন্টাৰনেট, কম্পিউটাৰ, দূৰদৰ্শন, ম’বাইল ফোন আদিয়ে সমাজৰ আদান-প্ৰদান প্ৰক্ৰিয়াক উন্নতিৰ শিখৰলৈ লৈ গৈছে। পৌৰাণিক ব্যক্তিগত আদান-প্ৰদানৰ সংযোগৰ গুৰুত্ব উন্নতমানৰ জনসংযোগ মাধ্যমসমূহ নাইকিয়া কৰি পেলাই পৰিবৰ্তনৰ সূচনা কৰিছে। জনসংযোগৰ মাধ্যমে মানুহৰ চিন্তা-চৰ্চা, আচৰণ আৰু মানসিক দৃষ্টিভঙ্গীৰ পৰিবৰ্তন হয়। এই মাধ্যমসমূহৰ বাবে ব্যক্তিৰ মানসিক চিন্তা-চৰ্চাৰ পৰিসৰো বৃদ্ধি পায়। বর্তমান সময়ত জনসংযোগ মাধ্যমসমূহে সমাজৰ শৈক্ষিক আৰু আৰ্থিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইণ্টাৰনেট, কম্পিউটাৰ আদিৰ যোগেদি ছাত্র-ছাত্রীসকলে বা অন্যান্য ব্যক্তিসকলে যিবোৰ শেহতীয়া তথ্য আৰু জ্ঞান লাভ কৰিছে তাৰ পৰা সমাজৰ সকলো লোক উপকৃত হৈছে। জনসংযোগৰ মাধ্যম হিচাপে ৰেডিঅ’ আৰু দূৰদৰ্শনৰ যোগেদি কৃষি সম্বন্ধীয় যিবোৰ অনুষ্ঠান প্ৰচাৰ কৰা হয় তাৰ যোগেদি গ্ৰাম্যাঞ্চলৰ কৃষকসকলো যথেষ্ট উপকৃত হৈছে আৰু কৃষিখণ্ডলৈ যথেষ্ট পৰিবৰ্তনো আহিছে। গতিকে ওপৰৰ আলোচনাৰ পৰা দেখা যায় গৈছে যে বর্তমান সময়ত জনসংযোগ মাধ্যমে সমাজৰ উন্নয়ন আৰু পৰিবৰ্তনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে।

৫৭) গণমাধ্যমে কেনেকৈ সমাজত পৰিবৰ্তন আনে, বুজাই লিখা

উত্তৰ : সামাজিক পৰিৱৰ্তন আৰু গণ-মাধ্যমৰ মাজত ওতপ্রোত সম্পর্ক আছে। সংবাদ পত্ৰ আৰু ৰেডিঅ’ আৰু টেলিভিচনে বিভিন্ন সামাজিক শ্ৰেণী আৰু জাতিৰ মাজত আৰু গ্ৰাম্য নগৰীয়া সমাজৰ মাজত সাংস্কৃতিক বৈষম্য আঁতৰ কৰে। সম্প্ৰতি সকলো মানুহে একেই প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰে আৰু এক নির্দিষ্ট ভাষা শিকে। গণমাধ্যমে জাতীয় দৃষ্টিভঙ্গী গঢ়ি তোলাত সহায় কৰে। ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ সকলো জনসাধাৰণে এক গোট হৈ বৃটিছৰ বিৰুদ্ধে জাগ্রত হোৱাৰ ক্ষেত্ৰত গণমাধ্যমে মুখ্য ভূমিকা পালন কৰিছিল। এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে জ্ঞানৰ পৰিৱৰ্তনৰ ওপৰত। সাম্প্রতিক যুগত শিক্ষা আৰু প্ৰচাৰ মাধ্যমক বহু গুৰুত্ব দিয়া দেখা গৈছে। এখন দেশৰ জনসাধাৰণৰ মাজত জ্ঞান, দক্ষতা আৰু মনোভাৱৰ যেতিয়া পৰিবর্তন হয়, তেতিয়াই দেশখনৰ উৎপাদন বৃদ্ধি হ’বলৈ ধৰে। প্ৰচাৰ মাধ্যমৰ প্ৰধান কাৰ্য হৈছে সমাজৰ বৃহৎ জনসাধাৰণৰ মাজত নতুন নতুন তথ্য, নতুন ধাৰণা, নতুন চিন্তা, আকাংক্ষা আৰু আশাৰ প্ৰকাশ কৰে, যিয়ে তেওঁলোকক নতুন নতুন কাৰ্যসাধনৰ ফালে আগুৱাই নিয়ে। গঠনমূলক যোগাযোগ ব্যৱস্থাৰ সহায়ত এজন ব্যক্তিয়ে নিজৰ সংস্কৃতিতকৈ বেছি আনৰ সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰি সেই মতে জীৱন নিৰ্বাহ কৰিব পাৰে। বাতৰি কাগজ আৰু আলোচনীসমূহে মানুহৰ দৃষ্টিভঙ্গী পৰিৱৰ্তন কৰাত অতি উল্লেখযোগ্য ভূমিকা পালন কৰে। The Areas of Social Change

গণমাধ্যম হিচাপে চিনেমা, বাতৰি কাগজ আদিয়ে জনসাধাৰণৰ দৃষ্টিভঙ্গী আৰু উচ্চাকাংক্ষাৰ পৰিবৰ্তন অতি খৰতকীয়াভাৱে কৰিব পাৰে। গণমাধ্যম হিচাপে বাতৰি কাকতে দেশৰ শিক্ষিত লোকসকলক সামৰি ল’ব পাৰিছে। ভাৰতবৰ্ষৰ দৰে এখন দেশত গণমাধ্যমসমূহে বর্তমান সময়ত পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

৫৮) দূৰদৰ্শন মাধ্যমত বর্তমানে দেখা পোৱা পৰিৱৰ্তনবোৰৰ বিষয়ে উল্লেখ কৰা

উত্তৰ : দূৰদৰ্শন ভাৰতত পোন প্ৰথমবাৰৰ বাবে ১৯৫৭ চনত পৰীক্ষামূলকভাৱে আকাশবাণী ভৱন আৰম্ভ হৈছিল। ভাৰত চৰকাৰে ব্যৱস্থা কৰা দূৰদৰ্শন সেৱা পৃথিৱীৰ ভিতৰত বৃহত্তম গণমাধ্যম বুলি খ্যাত। দূৰদৰ্শনৰ ক্ষেত্ৰত ভাৰতে প্ৰথমে চেটেলাইটযোগে সম্প্ৰচাৰ চলোৱা হৈছিল ১৯৭৫-৭৬ চনত। এইটোৱেই আছিল কাৰিকৰী বিজ্ঞানৰ দ্বাৰা সামাজিক শিক্ষা দিয়াৰ প্ৰথম খোজ। গণমাধ্যম হিচাপে দূৰদৰ্শনৰ প্ৰথম অৱস্থা আৰু বৰ্তমান অৱস্থাৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই, কেৱল বৃদ্ধিহে হৈছে। প্ৰথম অৱস্থাত দূৰদৰ্শনে সম্প্ৰচাৰ কৰা কাৰ্যসূচী বা আঁচনিৰ লগত বৰ্তমানৰ কাৰ্যসূচীৰ পাৰ্থক্য আছে। বৰ্তমান দূৰদৰ্শনে সমাজত ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশৰে প্ৰভাৱ আছে। ১৯৮২ চনত এছিয়ান গেম্‌ছৰ সময়ত দিল্লীত ৰঙীণ টি. ভি.ৰ সম্প্ৰচাৰ কৰা হয়। প্ৰথম অৱস্থাত দিল্লী দূৰদৰ্শন মেট্রো’, মুম্বাই আৰু কলিকতাত সম্প্ৰচাৰ কৰা হৈছিল। সময় বাগৰাৰ লগে লগে দূৰদৰ্শনৰ বিভিন্ন চেনেলৰ সংযোগ ঘটিল আৰু এই চেনেলসমূহৰ পৰা বিভিন্ন শিক্ষা গ্রহণ কৰিব পাৰিছে। দূৰদৰ্শনে বর্তমান বিভিন্ন চেনেলৰ জৰিয়তে সমাজৰ ব্যক্তিসকলক আনন্দৰ খোৰাক যোগোৱাৰ লগতে বিভিন্ন শিক্ষা প্ৰদান কৰি আহিছে। বৰ্তমান ভাৰতৰ প্ৰায় ১০ কোটি জনসাধাৰণৰ মাজত দূৰদৰ্শন সম্প্ৰচাৰ হৈ আছে। ভাৰতৰ প্ৰায় ৯০ শতাংশ জনগণক টি.ভি. আঁচনি সেৱা আগবঢ়াই আহিছে। ভাৰতৰ গ্ৰামাঞ্চলতো বৰ্তমান সময়ত বিভিন্ন শৈক্ষিক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে। প্ৰাথমিক শিক্ষাৰ পৰা ইউ. জি. চি. আদি শিক্ষালৈকে দূৰদৰ্শনৰ দ্বাৰা সম্প্ৰচাৰ কৰাত সফলতা অৰ্জন কৰিছে। জনসাধাৰণে সময়-সুবিধা মতে গীত-মাত, নাচ-গান, নাটক-চিনেমা আদি চাই মনোৰঞ্জন কৰিব পাৰিছে। গণমাধ্যম হিচাপে দূৰদৰ্শনৰ সফলতা আৰু বিফলতালৈ লক্ষ্য কৰিলে বিনাদ্বিধাই ক’ব পাৰি যে দূৰদৰ্শনে সফলতা লাভ কৰিছে আৰু বিভিন্ন কাৰ্যসূচী সম্প্ৰচাৰৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে। পূৰ্বৰ দূৰদৰ্শনৰ সম্প্ৰচাৰৰ লগত বৰ্তমানৰ দূৰদৰ্শনৰ বিভিন্ন কাৰ্যসূচী সম্প্ৰচাৰৰ পৰিৱর্তন উল্লেখনীয়।

৫৯) জনসংযোগ মাধ্যমৰ বিভিন্ন কাৰ্যাৱলীসমূহ আলোচনা কৰা। The Areas of Social Change

উত্তৰ: জনসংযোগ মাধ্যমৰ কাৰ্যাৱলীসমূহ হ’ল

ক) ৰাইজৰ কল্যাণৰ বাবে তথ্য যোগান জনসংযোগ মাধ্যমসমূহে সমাজৰ ব্যক্তিসকলৰ বাবে কেতবোৰ গুৰুত্বপূর্ণ তথ্য যোগান ধৰি কল্যাণ সাধন কৰে। জনসংযোগ মাধ্যম দৈনিক ঘটি থকা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু শিক্ষামূলক যিকোনো তথ্য যোগান ধৰে। দেশৰ ৰাজনীতি, সমাজনীতি, অর্থনৈতিক, যুদ্ধ-বিগ্রহ ইত্যাদিৰ বিভিন্ন তথ্য যোগান ধৰি জনসাধাৰণৰ কল্যাণ সাধন কৰে।

খ) সামাজিকীকৰণ : সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকল সামাজিকীকৰণতো জনসংযোগ মাধ্যমসমূহে শক্তিশালী ভূমিকা গ্ৰহণ কৰে। এটা সময়ত সমাজত পৰিয়াল ব্যবস্থা আৰু সমনীয়াসমূহেই সামাজিকীকৰণৰ একমাত্ৰ পদক্ষেপ আছিল যদিও বৰ্তমান জনসংযোগ মাধ্যমসমূহে উঠি অহা যুৱক-যুৱতীসকলক বিভিন্ন শিক্ষা দিবলৈ সক্ষম হৈছে। যাৰ ফলস্বৰূপে সমাজৰ সংৰচনাত্মক পৰিবৰ্তনে দেখা দিছে আৰু সামাজিকিকৰণতো উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

গ) অৱসৰ বিনোদনৰ আহিলা : জনসংযোগ মাধ্যমসমূহে জনসাধাৰণৰ অৱসৰ বিনোদন বিভিন্ন সুবিধা প্রদান কৰা দেখা গৈছে। বাতৰি কাকত, ৰেডিঅ’, দূৰদৰ্শন আদি মাধ্যমসমূহত প্ৰচাৰিত বিভিন্ন বাতৰি, গীত-নৃত্য, বোলছবি, সাহিত্য, খেলা-ধুলা ইত্যাদিবোৰে জনসাধাৰণক সম্প্ৰচাৰ কৰা নতুন নতুন শিক্ষামূলক কার্যসূচীসমূহে ছাত্র-ছাত্রী আৰু যুৱক-যুৱতীসকলকে যথেষ্ট উপকৃত কৰিছে।

ঘ) সাংস্কৃতিক ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা : জনসংযোগ মাধ্যমসমূহৰ দ্বাৰা সাংস্কৃতিক ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত সহায়ক হয়। এই মাধ্যমসমূহে এখন সমাজ বা এটা জাতিৰ সাংস্কৃতিক ঐতিহ্য ধৰি ৰাখিব পাৰে। সমাজৰ ক্ষীপ্ৰ পৰিৱৰ্তনৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ উপাদান বা সংস্কৃতি সমাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হয়, সেই সময়ত হেৰাই যাবলৈ ধৰা সংস্কৃতিসমূহ ঘূৰাই আনিবলৈ জনসংযোগ মাধ্যমসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় আৰু বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰৰ জৰিয়তে জনসাধাৰণক সচেতন কৰি তুলিব পাৰে। The Areas of Social Change

উপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে বর্তমান সময়ত জনসংযোগ মাধ্যমসমূহে দেশ তথা সমাজৰ প্ৰতি কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্য সমাপন কৰে।

৬০) সমাজৰ উন্নয়ন আৰু পৰিবৰ্তনত জনসংযোগ মাধ্যমে কেনে ধৰণৰ ভূমিকা পালন কৰিছে, আলোচনা কৰা

উত্তৰ : বৰ্তমান সময়ত জনসংযোগ মাধ্যমসমূহে সমাজৰ উন্নয়ন আৰু পৰিৱৰ্তনত বিশেষ ভূমিকা পালন কৰা দেখা গৈছে। আধুনিক সমাজ ব্যৱস্থাত পৰিৱৰ্তন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাত জনসংযোগ মাধ্যমসমূহৰ অৰিহণা উল্লেখনীয়। যিবিলাক দিশত জনসংযোগ মাধ্যমসমূহৰ পৰিৱৰ্তন তথা উন্নয়ন সাধন কৰে, সেয়া তলত উল্লেখ কৰা হ’ল –

ক) জনসংযোগ মাধ্যমৰ জৰিয়তে সমাজত ব্যক্তিসকলে দৈনিক জীৱনৰ বিভিন্ন ঘটনা প্ৰৱাহৰ বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰে। জনসংযোগ মাধ্যমৰ বিভিন্ন সম্প্ৰচাৰিত কাৰ্যসূচীৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিগত তথা সামূহিক জীৱনতো বহুতো উপকাৰ সাধন কৰিব পাৰে।

খ) পৃথিৱীৰ অন্যান্য দেশৰ দৰে ভাৰতবৰ্ষত জনসংযোগ মাধ্যম তথা তথ্য প্রযুক্তিবিদ্যাত যথেই আগবাঢ়ি গৈছে। তথ্য-প্রযুক্তি আৰু জনসংযোগ মাধ্যমৰ উন্নতিৰ আগতে সমাজৰ ব্যক্তিসকলেও ইজনে সিজনৰ লগত পাৰস্পৰিক আদান প্ৰদানৰ সম্পৰ্ক অটুত ৰাখিছিল। কিন্তু বর্তমান এনে ব্যক্তিগত আদান প্ৰদানৰ গুৰুত্ব লোপ পাইছে। আৰু ইয়াৰ ঠাই দখল কৰিছে ইন্টাৰনেট, লেপটপ, কম্পিউটাৰ আদিৰ দৰে আধুনিক জনসংযোগ মাধ্যমসমূহে। আধুনিক জনসংযোগ মাধ্যমসমূহে পৰম্পৰাগত মাধ্যমসমূহৰ একল্প নাইকিয়া কৰি পৰিৱৰ্তনৰ সূচনা কৰিছে। The Areas of Social Change

গ) জনসংযোগ মাধ্যমসমূহৰ যোগেদি সম্প্ৰচাৰ কৰা অন্যান্য অনুষ্ঠান প্রতিষ্ঠানসমূহৰ যোগেদি বিভিন্ন শিক্ষামূলক জ্ঞান আহৰণ কৰিব পৰা যায়। এসময়ত কেৱল পৰিয়ালৰ ব্যক্তিসকলৰ মাজতেই হাঁহি-তামাচা কৰিব লগা হৈছিল। জনসংযোগ মাধ্যমসমূহ হৈছে অৱসৰ বিনোদনৰ এক গুৰুত্বপূর্ণ মাধ্যম হিচাপে বিবেচিত হৈছে। বৰ্তমানৰ বিনোদন এই অৱস্থাৰ পৰিৱৰ্তন হৈছে আৰু ইয়াৰ স্থান আধুনিক জনসংযোগ মাধ্যমসমূহে দখল কৰিছে।

ঘ) জনসংযোগ মাধ্যমৰ দ্বাৰা সমাজৰ ব্যক্তিসকলৰ চিন্তা-চৰ্চা, আচৰণ আৰু মানসিক দৃষ্টিভঙ্গীৰ পৰিবৰ্তন হয়। এই মাধ্যমসমূহৰ বাবে মানুহৰ আকাংক্ষা বাঢ়ি আহে আৰু মানসিক চিন্তা-চৰ্চাৰ পৰিসৰো বৃদ্ধি পায়।

ঙ) জনসংযোগ মাধ্যমসমূহে সমাজৰ শৈক্ষিক আৰু আর্থিক দিশত গুরুত্বপূর্ণ ভূমিকা পালন কৰিছে। কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ যোগেদি ছাত্র-ছাত্রীসকলে শেহতীয়াকৈ যিবোৰ তথ্য, লেখনি আদি লাভ কৰিছে, তাৰ পৰা যথেষ্ট উপকৃত হোৱা দেখা গৈছে। ৰেডিঅ’ দূৰদৰ্শন আদিৰ যোগেদি কৃষি সম্বন্ধীয় যিবোৰ অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়, তাৰ দ্বাৰা যে কেৱল কৃষকসকলেই উপকৃত হৈছে, তেনে নহয়। ইয়াৰ দ্বাৰা সমাজৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ কথাকো সূচায়। গতিকে দেখা গৈছে যে জনসংযোগ মাধ্যমৰ দ্বাৰা সমাজৰ উন্নয়ন আৰু পৰিবৰ্তন হৈছে। The Areas of Social Change

৬১) ছপা মাধ্যমৰ বিকাশৰ ভূমিকা লোৱা যিকোনো দুটা কাৰক উল্লেখ কৰা।

উত্তৰ : ছপা মাধ্যমৰ বিকাশৰ ভূমিকা লোৱা কাৰক দুটা হৈছে—

ক) সাক্ষৰতাৰ হাৰ বৃদ্ধি আৰু

খ) উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ। The Areas of Social Change

৬২) কৃষক আৰু গ্ৰাম্য সমাজত গোলকীকৰণৰ পোনপটীয়া প্ৰভাৱবোৰ কি কি?

উত্তৰ : গোলকীকৰণে কৃষক আৰু গ্ৰাম্য সমাজৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। গোলকীকৰণৰ ফলস্বৰূপে গাঁওসমূহত পৰম্পৰাগত বৃত্তিৰ ঠাইত মানুহে নতুন নতুন বৃত্তি, উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ বহুজাতিক কোম্পানীসমূহৰ দ্বাৰা আগবঢ়োৱাৰ ফলত স্থানীয় কৃষকসকলৰ পুৰণি কৃষি পদ্ধতিৰ বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে।

৬৩) গোলকীকৰণৰ দ্বাৰা যোগাযোগ ব্যৱস্থা কিদৰে প্ৰভাৱিত হৈছে?

উত্তৰ : বৰ্তমান সময়ত যোগাযোগ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা মাধ্যম হ’ল গণমাধ্যম। এই গণমাধ্যমে বিভিন্ন মাধ্যম ব্যৱস্থাক সাঙুৰী লৈছে, যেনে— দূৰদৰ্শন, ৰেডি’অ, ইণ্টাৰনেট, বাতৰি কাকত আলোচনী ইত্যাদি। শেহতীয়াকৈ ছ’চিয়েল নেটৱৰ্কিং টাইট যেনে— ফেচবুক, টুইটাৰ আদিয়ে গণমাধ্যম ব্যৱস্থাত বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰিছে। এই সকলোবিলাক সম্ভৱ হৈছে গোলকীকৰণৰ প্ৰভাৱত। সাম্প্রতিক সময়ত প্ৰত্যেকজন ব্যক্তিৰ হাতে হাতে মোবাইল ফোন থকা দেখা যায়, যাৰ জৰিয়তে বহু দূৰত থাকিও ব্যক্তিয়ে নিজৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ উপৰিও ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহৰ যোগেদি দেশ-বিদেশৰ লগতো সংযোগ ৰাখে। ইয়াৰ উপৰি বিশ্বায়নৰ প্ৰভাৱত দেশবোৰৰ মাজত থকা মত পার্থক্যক একাষৰীয়া কৰি থৈ পথ, ৰে’ল আৰু আকাশী যোগাযোগ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত জনসাধাৰণৰ মাজত বিদেশ ভ্রমণ সুচল হৈ পৰিছে। ইয়াৰ লগে লগে সমগ্ৰ বিশ্বতে পর্যটন উদ্যোগে ঠন ধৰি উঠিছে। এতিয়া, বিশ্বৰ চুকে-কোণে অৱস্থিত পর্যটন ক্ষেত্ৰবোৰলৈ যাবৰ বাবে পৰ্যটকক সুবিধা কৰি দিবৰ বাবে পৰ্যটন কোম্পানী গঢ় লৈ উঠিছে। এনেদৰে বিশ্বায়নৰ দ্বাৰা যোগাযোগ ব্যৱস্থা প্ৰভাৱিত হোৱা দেখা গৈছে। The Areas of Social Change

৬৫) বৈদ্যুতিক গণ মাধ্যমৰ উপায়সমূহ কি কি?

উত্তৰ : বৈদ্যুতিক মাধ্যম বুলিলে বৈদ্যুতিক বর্তনী ব্যৱহাৰ কৰি সৃষ্টি হোৱা বস্তু যেনে— টেলিভিছন, ৰেডিঅ’, ম’বাইল, ইণ্টাৰনেট আদিৰ দৰে মাধ্যমসমূহৰ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন সংঘটিত কৰিছে। বিশেষকৈ ইণ্টৰনেটৰ ব্যৱহাৰৰ দ্বাৰা ই-মেইল সেৱা আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহৰ ব্যাপক প্ৰসাৰ ঘটিছে। অৱশ্যে জনসংযোগৰ বৈদ্যুতিক মাধ্যম বুলি ক’লে টেপ ৰেকৰ্ডাৰ, ডি ডি বা ডিভিডি ডিচ. কথাছবি বা চিনেমা আদি সমূহকো বুজা যায়।

৬৬) গণমাধ্যম উপায়সমূহৰ দ্বাৰা আমাৰ সংস্কৃতি কিদৰে প্ৰভাৱিত হৈছে?

উত্তৰঃ বৰ্তমান সময়ত সংস্কৃতিক দিশ প্ৰভাৱিত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে গণ মাধ্যম। গণ-মাধ্যম বুলি ক’লৈ সাধাৰণতে বাতৰি কাকত, ৰেডিঅ’, আলোচনী টেলিভিছন, চিনেমা, ইণ্টাৰনেট, ম’বাইল ফোন, প্রচাৰ পত্রিকা আদি মাধ্যমসমূহক বুজা যায়। যিবোৰে জনসাধাৰণৰ উদ্দেশ্যে বাতৰি, তথ্য বা মনোৰঞ্জন উপকৰণ প্ৰচাৰ কৰে। বর্তমান সময়ত এই মাধ্যমসমূহ বিশ্বায়নৰ দ্বাৰা বাৰুকৈয়ে প্রভাবিত হৈছে। ১৯৭০ চন মানলৈকে প্ৰায়বোৰ গণমাধ্যম কোম্পানীৰ প্ৰচাৰ দেশৰ ৰাষ্ট্ৰীয় নিয়ম অনুসৰি নিজৰ ঘৰুৱা বজাৰতে আবদ্ধ আছিল। কিন্তু গোলকীকৰণৰ পিছত গণ The Areas of Social Change মাধ্যমবোৰ একো একোটা বহুজাতিক সংস্থালৈ পৰিণত হ’বলৈ ধৰে। এতিয়া একোখন বাতৰি কাকত একে সময়তে ভিন ভিন স্থানৰ পৰা বিভিন্ন ভাষাত প্ৰকাশ হয়। ইয়াৰ উপৰি ষ্টাৰ টি ভি আদিৰ দৰে বিদেশী কোম্পানীবোৰে পৃথিৱীৰ বিভিন্ন ভাষাত কাৰ্যসূচী সম্প্ৰচাৰ কৰে। এনে কাৰ্যসূচীবোৰে আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰে। বৰ্তমান ভাৰতীয় শিশুৰ বাবে এতিয়া হেৰি পটাৰৰ কাহিনী বা আমেৰিকাৰ ৰিয়েলিটি শ্ব’বোৰ একো নতুন কথা নহয়। এই টেলিভিছন চেনেলবিলাকত দেখুওৱা বিজ্ঞাপনত জনসাধাৰণৰ মনোভাৱ বা দৃষ্টিভঙ্গীৰ পৰিবৰ্তন কৰে। কে এফ চি ৰেষ্টুৰেণ্টৰ জনপ্ৰিয়তা বা মেকডনাল্ট কোম্পানীৰ জনপ্ৰিয়তা ভাৰতীয় বজাৰত বৃদ্ধি কৰাত এনে চেনেলবিলাকে গুৰুত্বপূর্ণ ভূমিকা লৈছিল। পেপচি বা কোকাকোলাক ভাৰতীয় বজাৰত এই টি ভি চেনেলবিলাকেই পৰিচয় কৰি দিছিল আৰু আজি পেপচি বা কোকাকোলা ভাৰতীয়সকলৰ মাজত ইমানেই জনপ্রিয় যে বিবাহ, উৎসৱ-পাৰ্বণ আৰু আনকি ধর্মীয় উৎসবতো এনে পানীয় পৰিবেশন কৰা হয়। এনেদৰে গণ-মাধ্যমসমূহে আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰিছে। The Areas of Social Change

৬৭) গণ-সংযোগে কি বুজায়?

উত্তৰ : গণ-সংযোগ বা গণ মাধ্যম ইংৰাজী ভাষাৰ Mass Media এই শব্দ দুটাৰ পৰা লোৱা হৈছে। অসমীয়া ভাষাৰ গণ-মাধ্যম শব্দটোৰ দ্বাৰা জনসাধাৰণৰ লগত হোৱা যোগাযোগ ব্যৱস্থাক বুজা যায়। গণমাধ্যমৰ জৰিয়তে সমগ্র পৃথিৱীৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। গণ-সংযোগ বুলি ক’লে সাধাৰণতে জনসংখ্যাৰ এটা বুজন অংশৰ উদ্দেশ্যে বা-বাতৰি, তথ্য আৰু মনোৰঞ্জনৰ উপকৰণ প্ৰচাৰ কৰাকে বুজায়। জনসংযোগ মাধ্যম বুলি ক’লে সাধাৰণতে বাতৰি কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন, চিনেমা বা কথাছবি, ডাক-তাৰ ব্যৱস্থা, কম্পেক্ট ডিচ, কেমেৰা, টেলিফোন, ইণ্টৰনেট ইত্যাদিৰ কথাকে বুজায়। দৰাচলতে জনসংযোগ মাধ্যমসমূহ যোগাযোগ ব্যৱস্থাৰে এটা অংশ। জনসংযোগ মাধ্যমবিলাকক আমি মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰো। The Areas of Social Change যেনে— ক) পঢ়িব পৰা, খ) শুনিব পৰা আৰু গ) দেখিব পৰা। বাতৰি কাগজ, আলোচনী, প্ৰচাৰ পত্ৰিকা, কিতাপ আদি পঢ়িব পৰা জনসংযোগ মাধ্যম। ৰেডিঅ’, টেলিফোন, গ্রামফোন, অডিঅ’, কেছেট আদি শুনিব পৰা জনসংযোগ মাধ্যম দূৰদর্শন বা টিভি, কথাছবি বা চিনেমা, ভিজুৱেল ডিচ আদি চাব পৰা বা দৃশ্যমান জনসংযোগ মাধ্যম।

৬৮) ভাৰতীয় টেলিভিশ্যনক গোলকীকৰণে কিদৰে প্ৰভাৱিত কৰিছে?

উত্তৰ : ১৯৫৯ চনত গ্ৰাম্য উন্নয়নক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ভাৰতত পৰীক্ষামূলকভাৱে দূৰদৰ্শনৰ প্ৰচাৰ আৰম্ভ হয়। ১৯৭৬ চনলৈ দিল্লী, মুম্বাই, কলকাতাকে ধৰি দেশৰ মুঠ সাতখন মহানগৰত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। এই দূৰদৰ্শন কেন্দ্ৰসমূহে বাতৰি, শিশু আৰু মহিলাসকলক কাৰ্যসূচী কৃষি সম্পৰ্কীয় কাৰ্যসূচী আৰু অৱসৰ বিনোদনৰ কাৰ্যসূচীত জড়িত আছিল। ১৯৮২ চনত দিল্লীত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ সময়ৰ পৰা ভাৰতত দুৰদৰ্শনৰ কাৰ্যসূচী ৰঙীন ৰূপত উপভোগ কৰিব পৰা হৈছিল।

১৯৯১ চনত ভাৰতত গোলকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তেতিয়া ভাৰতত কেৱল এটা টিভি চেনেল আছিল— দূৰদৰ্শন। কিন্তু গোলকীকৰণ আৰম্ভ হোৱাৰ পিছতে ১৯৯৮ চনত ভাৰতত টিভি চেনেলৰ সংখ্যা হৈছিলগৈ ৭০ টা। বহিঃৰাষ্ট্রৰ কোম্পানী যেনে— Star TV. MTV, Chanel (v), Sony, AXN আদিয়ে ভাৰতত কাৰ্যসূচী সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছত কাৰ্যসূচীসমূহৰো ভালেখিনি গুণগত মানদণ্ডৰ পৰিবৰ্তন হৈছিল। ফলত বিদেশী কোম্পানীয়ে হিন্দী ভাষাত কাৰ্যসূচী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু বহুতে আমেৰিকাত জনপ্রিয় হোৱা কিছুমান মনোৰঞ্জনৰ কাৰ্যসূচী হিন্দীলৈ ভাষান্তৰ কৰি প্ৰচাৰ কৰিছিল। এতিয়া ডি টি এইছ সেৱাৰ যোগেদি ভাৰত চৰকাৰে বিনামূলীয়াকৈ দেশৰ বহুতো আঞ্চলিক চেনেল, দূৰদৰ্শনৰ কিছুমান চেনেল আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বাতৰি চেনেল জনসাধাৰণৰ বাবে প্ৰচাৰ কৰে। বৰ্তমান ভাৰতত আগমন টি ভি চেনেলৰ সৃষ্টি হৈছে। সকলোবোৰ চেনেলেই ২৪/৭ (সপ্তাহৰ সাত দিনৰ চৌব্বিশ ঘণ্টা) হিচাপত কাৰ্যসূচী সম্প্ৰচাৰ কৰে। অৱশ্যে এতিয়া চেনেলবিলাকে নিজকে বাতৰি চেনেল, মিউজিক চেনেল বা মুভি চেনেল বা এণ্টাৰটেইনমেণ্ট চেনেল হিচাপে চিনাকি দিব বিচাৰে। সাম্প্ৰতিক সময়ত ভাৰতত শিশুৰ বাবে কিছুমান চেনেল আৰম্ভ হৈছে। সাম্প্ৰতিক সময়ত ভাৰততো শিশু আৰু মহিলাসকলক লক্ষ্য কৰি কাৰ্যসূচী সম্প্ৰচাৰ কৰা চেনেলো সৃষ্টি হৈছে। এনেদৰেই বিশ্বায়নে ভাৰতীয় টেলিভিছনক প্ৰভাৱিত কৰিছে। The Areas of Social Change

৬৯) সংস্কৃতিৰ গোলকীকৰণৰ প্ৰতি এটা বৰ্দ্ধিত প্ৰৱণতা আছে— তুমি মানি লোৱানে? তোমাৰ যুক্তিৰে ব্যাখ্যা কৰা।

উত্তৰ : সংস্কৃতিৰ পৰিবৰ্তনৰ ক্ষেত্ৰত গোলকীকৰণৰ প্ৰভাৱ অতি অভূতপূর্ব। এনেকুৱা বহু ক্ষেত্র আছে য’ত গোলকীকৰণে সংস্কৃতিক প্ৰভাৱিত কৰিছে। মই ভাবো যে— এই সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহো দিনে দিনে বৃদ্ধি পাই আহিছে। সংস্কৃতি বুলি ক’লে কেৱল সংগীত, সাজপাৰ, খাদ্যাভাস আদিকে নুবুজায়। বর্তমান গোলকীকৰণে আমাৰ গোটেই জীৱন নিৰ্বাহ প্ৰণালীতে পৰিৱর্তন আনিছে। যদি আমি খ্যাদ্যাভাসলৈ চাওঁ, আমি বর্তমান দেশীয় খাদ্যাভাসৰ বিপৰীতে বিদেশী খাদ্যৰ প্ৰতি বেছি আকৰ্ষিত হৈছো। বৰ্তমান মেকডনাল্ট পিজ্জা আদিৰ প্ৰতি আমি বেছি আগ্ৰহী হৈ পৰিছো। আমি আজিকালি ব্ৰেণ্ডেড বস্তুৰ প্ৰতি বেছি আগ্রহী। টি ভিটো আমি বাহিৰৰ টিভি চেনেলহে উপভোগ কৰো। ভাষাৰ ক্ষেত্ৰতো বৰ্তমান নতুন প্ৰজন্মই ইংৰাজী আৰু হিন্দীৰ সংমিশ্রণত ইংলিছ ভাষাহে ব্যৱহাৰ কৰে। সেয়েহে ম‍ই সমৰ্থন কৰো যে— সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাই আহিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element