Join Assam Study Centre Channel

Study Materials of Assam TET | Language Paper | Assamese

Famous Litterateur in Assamese Literature Language Paper (Assamese) : As per TET syllabus for LP and UP

Assam TET examination date and syllabus is already announced by the Education Department of Assam. In the syllabus- language paper subjects are given on famous Litterateur in Assamese Literature. Therefore we forwarded important Study Materials of Assam TET language paper Assamese. This article is prepared in Assamese Language to help the aspirants of TET examination. Hope you all get benefit from this article. So keep study on Study Materials of Assam TET | Language Paper | Assamese.

Here we covered on –

Srimanta Sankardev

Srimanta MAdhabdev

Chandra Kumar Agarwalla

Lakhminath Bejboruah

Nirmal Probha Bordoloi

Padmanath Gohain Boruah

Bhabendra Nath Saikia

Hem Boruah

 

শংকৰদেৱঃ

জন্মঃ ১৪৪৯ চন

মৃত্যুঃ ১৫৫৮ চন

১৪৪৯ চনত অসমীয়া সাহিত্যৰ প্রতিষ্ঠাতা আৰু বৈষ্ণৱ ধর্মৰ প্রৱর্তক মহাপুৰুষ শ্রীমন্ত শংকৰদেবৰ জন্ম হৈছিল। অসমৰ ধর্ম, সমাজ, সুকুমাৰ ক’লা আৰু সাহিত্য আদি সকলো বিষয়তে শংকৰদেবৰ যি অম্লান প্রতিভাৰ প্রমাণ দেখা যায় তাৰ সমকক্ষ অসমীয়া সাহিত্যত পাছত দেখা নাযায়। প্রায় ছকুৰি বছৰ জীয়াই থাকি তেওঁ ধর্ম-জাতি, সাহিত্য, শিক্ষা-সংস্কৃতি সকলো ফালে অসমীয়া জাতিক সঞ্জীৱিত আৰু শক্তিশালী কৰি গৈছে । তেখেতে চিহ্নযাত্রা ভাওনা লিখি,  অভিনয় কৰি সকলোকে চমৎকৃত কৰিছিল। কীর্তন শংকৰদেবৰ শ্রেষ্ঠ নির্দশন লগতে অসমীয়া সাহিত্যৰ কীর্তিস্তম্ভ। ৰচনা ৰীতি অনুসৰি তেখেতৰ ৰচনাক ৬ টা ভাগত ভগাব পাৰি-

অনুবাদমূলকঃ ভাগৱতৰ প্রথম, দ্বিতীয়, দশম, একাদশ, দ্বাদশ স্কন্ধৰ অনুবাদ আৰু উত্তৰাকাণ্ড ৰামায়ণ।

কাব্যঃ হৰিচন্দ্র উপাখ্যান, ৰুক্মিনী হৰণ, বলিচলন, অমৃত মন্থন, কুৰুক্ষেত্র, অজামিল উপাখ্যন,  

অংকীয়া নাটঃ পত্নী প্রসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়

গীতঃ বৰগীত, ভটিমা

নাম-প্রসংগঃ কীর্তন, গুণমালা

ভক্তিতত্বঃ ভক্তি ৰত্নাকৰ, ভক্তিপ্রদীপ

মাধৱদেৱঃ

জন্মঃ ১৪৮৯ চন

মৃত্যুঃ ১৫৯৬ চন

মাধৱদেৱ শ্রী মন্ত শংকৰদেবৰ প্রিয় শিষ্য, অনুগত সেৱক, প্রধান সংগী আছিল। মহাপুৰুষ শংকৰদেবৰ পাছতেই বৈষ্ণৱ ধর্মৰ ধর্মাধিকাৰী আছিল।  ১৫৬৮ চনৰ পৰা ১৫৯৬ চনলৈ তেওঁ ধর্মৰ গুৰিভাৰ গ্রহণ কৰে। “নাম-ঘোষা” তেখেতৰ শ্রেষ্ঠ ৰচনা। তেখেতৰ আন ৰচনা সমুহ হৈছে-

আখ্যানমূলকঃ আদি কাণ্ড ৰামায়ণ, ৰাজসুয় কাব্য

তত্বমুলকঃ নাম-ঘোষা, জন্ম ৰহস্য, নাম মালিকা, ভক্তি ৰত্নাৱলী,

নাটঃ অর্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ

গীতঃ বৰগীত, ভটিমা

অর্জুন ভঞ্জনৰ বাহিৰে বাকী কেইখনক ঝুমুৰা বুলি কোৱা হয়। এই কেইখন নাট শিশু কৃষ্ণ আৰু স্ত্রী চৰিত্র প্রধান, নৃত্য গীত বহুল।

চন্দ্রকুমাৰ আগৰৱালাঃ

জন্মঃ ১৮৬৭ চন

মৃত্যুঃ ১৯৩৮ চনৰ ২ মার্চ

চন্দ্রকুমাৰ আগৰৱালাক ৰোমাণ্টিক কবি বুলি জনা যায় । ১৮৮৯ চনত প্রকাশিত “জোনাকী”ৰ অন্যতম প্রতিষ্ঠাতা আৰু ইয়াৰ প্রথম দুটা সংখ্যাৰ সম্পাদক আছিল। তেওঁৰ জন্ম হৈছিল তেজপুৰৰ কলংপুৰ মৌজাৰ ব্রহ্মজানত।  দেউতাকৰ নাম আছিল হৰিবিলাস আগৰৱালা। জোনাকীৰ প্রথম দুটা সংখ্যাত প্রকাশিত তেওঁৰ “বনকুঁৱৰী” নামৰ গীতি কবিতাটোক আধুনিক অসমীয়া প্রথম ৰোমাণ্টিক কবিতা বুলি আখ্যা দিয়া হয়। ১৯১৮ চনত তেওঁ “অসমীয়া” নামেৰে সংবাদপত্র প্রকাশ কৰি উলিয়ায়। তেওঁৰ প্রকাশিত উল্লেখযোগ্য পুথি হৈছে- প্রতিমা, বীণ বৰাগী, চন্দ্রামৃত আদি।

লক্ষ্মীনাথ বেজবৰুৱা

জন্মঃ ১৮৬৪ চনৰ ১৬ নবেম্বৰ

মৃত্যুঃ ১৯৩৮ চনৰ ২ মার্চ

 

অসমীয়া আহিত্য জগতত ৰসৰাজ আৰু সাহিত্যৰথী নামেৰে জনাজাত।  তদুপৰি অসমৰ জাতীয় সংগীত “অ মোৰ আপোনাৰ দেশ” তেওঁ ৰচনা কৰিছিল। তেওঁ আছিল প্রাক্‌ স্বাধীনতা যুগৰ এজন প্রখ্যাত অসমীয়া সাহিত্যিক। তেখতে অসমীয়া চুটি গল্প, ৰস ৰচনা, উপন্যাস আদি সকলো দিশতে উল্লেখনীয় অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভড়াঁল চহকী কৰি তুলিছে।  অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ আছিল তেওঁ অন্যতম জন্মদাতা। লগতে জোনাকী আলোচনীৰ সম্পাদনাও তেওঁ কৰিছিল। ১৯০৯ চনত “বাঁহী” আলোচনী প্রকাশৰ লগতে সম্পাদনাৰ দায়িত্বও তেওঁ গ্রহণ কৰিছিল । ১৯২৪ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কার্যনির্বাহ কৰিছিল। ১৯৩১ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতি নগেন্দ্র নাৰায়ণ চৌধুৰীয়ে তেওঁক অসম সাহিত্য সভাৰ “ৰসৰাজ” উপাধি প্রদান কৰিছিল। এই উপলক্ষে ১৯৩১ চনৰ ২৯ ডিচেম্বৰত অনুষ্ঠিত এক সম্বর্ধনা অনুষ্ঠান্ত বেজবৰুৱাক দিয়া সম্বর্ধনা পত্র খনত তেওঁক “সাহিত্যৰথী” বুলি উল্লেখ কৰা হয়। তেওঁৰ প্রকাশিত পুথিসমুহ হৈছে- চিকৰপতি-নিকৰপতি, কদম কলি, পদুম কুঁৱৰী, সাধুকথাৰ কুঁকি, বুঢ়ী আইৰ সাধু, জোনবিৰি, লিতিকাই, কেঁহোকলি, বেলিমাৰ,  জয়মতী কুঁৱৰী, কৃপাবৰ বৰুৱাৰ ওভতনি, কৃপাবৰ বৰুৱা ভাবৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, শ্রীশ্রী শংকৰদেৱ, মোৰ জীৱন সোঁৱৰণ,  তত্ব কথা, The Religion of Love and Devotion আদি।

নির্মলপ্রভা বৰদলৈঃ

জন্মঃ ১৯৩২ চন

তেখেত এগৰাকী ঔপন্যাসিক, সাংবাদিক, গল্পকাৰ। তেওঁৰ প্রকাশিত পুথিসমুহ হৈছে- সেই নদী নিৰৱবি, দিনৰ পাছত দিন, ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, হৃদয় এটা নির্জন দ্বীপ, পল্লৱীৰ পৃথিৱী আদি। অভিযাত্রী গ্রন্থৰ বাবে ১৯৯৬ চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে।  তেওঁ লাভ কৰা অন্য বঁটা সন্মান সমুহ হৈছে- ১৯৮৭ চনত শ্বাশ্বতী বঁটা,  বাসন্তী বৰদলৈ বঁটা, ১৯৯৪ চনত হেম বৰুৱা বঁটা, ২০০০ চনত প্রবীণা শইকীয়া বঁটা, ২০০৩ চনত অসম উপত্যকা বঁটা আদি।

পদ্মানাথ গোহাঞি বৰুৱাঃ

জন্মঃ ১৮৭১ চনৰ ২৪ অক্টোবৰ

মৃত্যুঃ ১৯৪৬ চনৰ ৭ এপ্রিল

পদ্মনাথ গোহাঞি বৰুৱা ১৯১৭ চনৰ অসম সাহিত্য সভাৰ প্রথম সভাপতি আছিল। ১৯০৬ চনত প্রথম সাহিত্যিক পেন্সন লাভ কৰা ব্যক্তি। উষা, বিজুলী, আসাম বন্তি আদিৰ সম্পাদনা কিছুসময় কৰিছিল। তেখেতৰ প্রকাশিত পুথিসমুহ হৈছে- জুৰণি, ফুলৰ চানেকি, জয়মতী, গদাধৰ, টেটোন তামুলী, ভানুমুতী, জীৱনী সংগ্রহ, সাহিত্য সংগ্রহ, আদি। ১৯৩৩ চনত তেওঁ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল।

ভবেন্দ্র নাথ শইকীয়াঃ

জন্মঃ ১৯৩২ চনৰ ২০ ফেব্রুৱাৰী

মৃত্যুঃ ২০০৩ নৰ ১৩ আগষ্ট

অসমীয়া সাহিত্য জগতৰ এজন বিশিষ্ট সাহিত্যিক আৰু চলচিত্র পৰিচালক। তেখেতৰ দ্বাৰা পৰিচালিত অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, ইতিহাস, আদি ছবিয়ে ৰাষ্ট্রীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। শইকীয়াদেবৰ দ্বাৰা প্রকাশিত পুথিসমুহ হৈছে- শৃংখল, সেন্দুৰ, গহ্বৰ, অন্তৰীপ, ৰম্যভুমি, শেষ পৃষ্ঠা, সান্ধ্য ভ্রমণ, জীৱন বৃত্ত (আত্মজীৱনী) জীৱন ৰেখা ইত্যাদি। তেখেতে ১৯৭৫ চনত শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। তদুপৰি ১৯৯০ চনয় অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চনত শ্রী মন্ত শংকৰদেব বঁটা, পদ্মশ্রী বঁটা আদি লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ গুৱাহাটীস্থিত শ্রী মন্ত শংকৰদেব কলাক্ষেত্র স্থাপনৰ ক্ষেত্রত আছিল অন্যতম গুৰি ধৰোতা । একেদৰে তেওঁ শিশুসকলৰ বাবে প্রতিষ্ঠা কৰে এক অগতানুগতিক সংস্থা “আৰোহণ”। ২০০৪ চনৰ ৮ February ত মৰণোত্তৰভাবে তেওঁলৈ অসম সাহিত্য সভাৰ “সদস্য মহীয়ান সন্মান” আগবঢ়োৱা হয়।

হেম বৰুৱাঃ

জন্মঃ ১৯১৫ চনৰ ১৫ এপ্রিল

মৃত্যুঃ ১৯৭৭ চনৰ ৯ এপ্রিল

 

অসমৰ এজন বিখ্যাত ৰাজনীতিবিদ আৰু সাহিত্যক আছিল।  তেওঁ ১৯৫৭ চনৰ পৰা ১৯৭১ চনলৈ লোকসভাৰ সদস্য আছিল। ১৯৭২ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।  তেখেতৰ “মমতাৰ চিঠি” এক জনপ্রিয় প্রসিদ্ধ কবিতা। তেখেতৰ প্রকাশিত পুথি হৈছে- ৰঙা কৰবীৰ ফুল, আঁচুফুল, মেকংনৈ দেখিলো, August Revolution in Assam, Red River and the Blue Hill, Modern Assamese Poetry, ডাক পখিলী আদি।

Leave a Comment

error: Warning, you aare not allowed to copy this element