Join Assam Study Centre Channel

জে. কে. ৰাউলিঙৰ The Ickbog ক’ত পাব ?

জে. কে. ৰাউলিঙে তেওঁৰ নতুন শিশু গ্রন্থ “The Ickbog” ৰ প্রথম ৮ টা অধ্যায় পঢ়ুৱৈৰ বাবে অনলাইনত মুকলি কৰি দিছে । এই অধ্যায়কেইটা সম্পূর্ণ বিনামূলীয়াকৈ পঢ়ুৱৈসকলে পঢ়িব পাৰিব ।

উল্লেখযোগ্য যে হেৰী পটাৰ চিৰিজৰ সৃষ্টিকর্তা ৰাউলিঙে এই বিষয়ে আজি তেওঁৰ ৱেবচাইটত ঘোষনা কৰে। যোৱা ২৬ মে তাৰিখে তেখেতে গ্রন্থখনৰ প্রথম দুটা অধ্যায় মুকলি কৰে, ২৭ তাৰিখে পুনৰ তিনিটা অধ্যায় মুকলি কৰি দিয়ে আৰু আজি পুনৰ তিনিটা অধ্যায় মুকলি কৰি দিয়ে। ইতিমধ্যেই তেখেতে ঘোষনা কৰিছিল যে ২৬ মে’ৰ পৰা ১০ জুলাইৰ ভিতৰত তেওঁ এই গ্রন্থখনৰ বাকী অধ্যায়সমূহো দৈনিক তেখেতৰ ৱেবচাইটত মুকলি কৰি দিব।

২০২০ বর্ষৰ নবেম্বৰ মাহত তেওঁ এই গ্রন্থখনৰ ছপা বুক, অডিও বুক আৰু ই-বুক আকাৰত বজাৰলৈ এৰি দিয়াৰ কথা উল্লেখ কৰিছে। বিখ্যাত লেখিকাগৰাকীয়ে এই গ্রন্থখনৰ পৰা যি ৰয়েলিটি লাভ কৰিব সেইয়া কভিড-১৯ ত আক্রান্ত লোকলৈ আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে।

গ্রন্থখনৰ প্রথম  আঁঠটা অধ্যায়ঃ

The lckabog’ গ্রন্থখনৰ প্রথম আঁঠটা অধ্যায় প্রধানকৈ ৭ ৰ পৰা ৯ বছৰ বয়সৰ শিশুসকলক লক্ষ্য কৰি ৰচনা কৰা হৈছে যদিও ৰাউলিংৰ মতে সকলো বয়সৰ ব্যক্তিয়ে এই গ্রন্থখনৰ আমেজ ল’ব পাৰিব। প্রথম আঁঠটা অধ্যায়ৰ নামকেইটা হৈছে-

ক) Kind Fred the Fearless

খ) The Ickabog

গ) Death of Seamstress

ঘ) The Quiet House

ঙ) Daisy Dovetail

চ) The Fight in the Courtyard

ছ) Lord Spittleworth Tells Tales

জ) The Day of Petition

গ্রন্থখনৰ মূল কাহিনী

গ্রন্থখনৰ মূল কাহিনীভাগ উল্লেখ কৰি ৰাউলিঙে উল্লেখ কৰিছে যে ই হৈছে এক কল্পনাজগতৰ কাহিনী। “সত্যৰ উপস্থাপন আৰু ক্ষমতাৰ অপব্যবহাৰ” এই বিষয়ক কেন্দ্র কৰি গ্রন্থখন ৰচিত হৈছে। লিখকৰ আন গ্রন্থৰ লগত ই নিমিলে।

গ্রন্থখনৰ পটভূমি উল্লেখ কৰি তেখেতে কৈছে যে বহু বছৰৰ আগতে তেওঁ নিজৰ সন্তানক ৰাতি নিচুকাই শুৱাওতে বহু সাধুকথা ক’বলগীয়া হৈছিল । ইয়াৰ পৰাই গ্রন্থখনৰ পটভূমি ৰচিত হৈছে। নিজৰ ৱেবচাইটত তেওঁ উল্লেখ কৰা মতে হেৰী পটাৰ ৰচনা কৰাৰ সময়তেই তেওঁ এই গ্রন্থখনৰ প্রথমটো অধ্যায় লিখি উলিয়াইছিল আৰু হেৰী পটাৰ প্রকাশ হোৱাৰ পাছতেই এইখন গ্রন্থও প্রকাশ কৰাৰ চিন্তা কৰিছিল। কিন্তু সেই সময়েতে তেওঁ অলপ বিৰতি লোৱাৰ অনূভৱ কৰে আৰু গ্রন্থখন তাতেই ৰৈ যায়। এতিয়া সম্পূর্ণ ৫ বছৰ বিৰতিৰ পাছত পুনৰ গ্রন্থখনৰ কাম তেওঁ হাতত তুলি লয়।

তেওঁ উল্লেখ কৰে যে কেই সপ্তাহমানৰ পূর্বে তেওঁৰ হঠাৎ মনত পৰে যে The lckabog গ্রন্থখন পৰি আছে। সেয়ে তেওঁ ভাবে যে সমগ্র বিশ্বত লকডাউন চলি থকা বাবে শিশুসকলৰ বাবে এই গ্রন্থখন শেষ কৰি বিনামূলীয়াকৈ পঢ়িবৰ বাবে তুলি দিয়া যাওক। তেখেতৰ টুইটাৰত এই সম্পর্কে তেওঁ উল্লেখ কৰিছে।

গ্রন্থখন পঢ়িবৰ বাবে লিংক তলত দিয়া হৈছে-

Leave a Comment

error: Warning, you aare not allowed to copy this element