Join Assam Study Centre Channel

Objectives of Language Learning

Language learning objectives are the HOW of the exercise and verbalizes what understudies will do inside the exercise regarding perusing, composing, tuning in, talking and thinking. Like substance destinations, language targets ought to be expressed plainly and essentially in understudy amicable language. Understudies ought to be educated regarding them in both composition and orally. When building up a language objective for an exercise, the educator ought to pose the inquiry, “What are my understudies doing today to build up their language aptitudes?” For instance, a language target could incorporate collaboration as discourse (matched or potentially helpful learning exercises). With this objectives of Language learning we forwarded the following study materials for the students who are continuing B.ED. D.El.ED. course or planning to appear in CTET or TET Assam Examination

ভাবৰ অবিহনে ভাষাৰ কোনো অস্তিত্ব থাকিব নোৱাৰে । ভাষাৰ দ্বাৰা মানুহে নিজৰ মনৰ ভাব, চিন্তা, অনুভৱক প্রকাশ কৰে । গতিকে মানুহৰ মনৰ ভাব প্রকাশৰ বাবে উচ্চাৰিত শব্দ, বাক্যাংশ আদিয়েই ভাষা। কিন্তু সাহিত্য মানুহৰ “হাতে-গঢ়া” বস্তু। ভাষা শব্দমুলক অর্থাৎ শব্দ নহলে ভাষা সৃষ্টি হ’ব নোৱাৰে। আকৈ সাহিত্য ভাষাৰ নিচিনা শব্দৰ সমষ্টি । ইয়াৰ অর্থ এয়ে যে কিছুমান শব্দ একেলগ কৰি কথা লিখিলেই সাহিত্য হয়। ভাষাৰ মাজৰ পৰা চালি-জাৰি উলিয়াব পাৰিলেহে সাহিত্যৰ সোৱাদ পোৱা যায়। সত্যনাথ বৰাই কৈছে “ভাষা এটা বস্তু, সাহিত্য তাৰ ৰূপ, ভাষা শৰীৰ, সাহিত্য আত্মা, বা ভাষা পদার্থ সাহিত্য তাৰ গুণ।  নাইবা এনেদৰেও ধৰিব পৰা যায় যে ভাষা এটা ফুল, সাহিত্য গোন্ধ, ভাষা মাটি কঁঠাল সাহিত্য তাৰ সোৱাদ” (সাহিত্য বিচাৰ)। পদ্মনাথ গোহাঞি বৰুৱাই কৈছে “মানুহৰ মনোভাৱ ব্যক্ত হ’লেই ভাষাৰ সৃষ্টি হয় আৰু ভাষা লিপিবদ্ধ হলেই সাহিত্য গঢ়িত হয়”।

ভাষাৰ কামঃ

ওপৰত কৈ অহা হৈছে যে ভাষাৰ দ্বাৰা মানুহে নিজৰ ভাব, চিন্তা , অনুভৱক পূর্ণৰূপে ব্যক্ত কৰে। হাত, মুৰ, চকু আদি সঞ্চালনৰ দ্বাৰা ভাবৰ অভিব্যক্তি হ’লেও ভাষাই যিমান সম্পুর্ণৰূপে তাক প্রকাশ কৰিব পাৰে আন একোৱেই সিমান নোৱাৰে। ভাষাৰ ৰূপ দুটা- উচ্চাৰিত ভাষা আৰু লিখিত ভাষা।  আমি দৈনিক জীৱনত কথা-বার্তাত ভাষাৰ উচ্চাৰিত ৰূপটো ব্যৱহাৰ কৰোঁ। পৰৱর্তী পুৰুষৰ কাৰণে ভাব সংৰক্ষণ কৰিবলৈ হ’লে ভাষাৰ ৰূপ প্রয়োগ কৰা হয়।

ভাষা এক সাংকেতিক সাধনঃ

ভাষা এক সাংকেতিক সাধন। ইয়াৰ দ্বাৰা ভাব, অনুভৱ, ধাৰণা প্রকট কৰা হয়। ভাষাৰ ভিন ভিন ধ্বনি আৱিস্কাৰ হোৱাৰ পূর্বে বিভন্ন সংকেতৰ দ্বাৰা নিজৰ ধাৰণা প্রকাশ কৰা হৈছিল। হিন্দুসকলে আদিতে বস্তুৰ চিত্র আঁকি মনৰ ভাব প্রকাশ কৰিছিল। তাৰ পাছত সেই বস্তুৰ আংশিক চিত্রকে আখৰ হিচাপে ব্যৱহাৰ কৰিছিল। যেন চৰাইৰ ঠোঁটৰ ছবিৰে “চৰাই”, মানুহৰ মুৰৰ  চিত্রৰে “মানুহ” বুজাবৰ চেষ্টা কৰিছিল।  শেষত তেওঁলোকে বহত চিত্রক উচ্চাৰণৰ দ্বাৰা নির্দেশ কৰিছিল। এইদৰে ভাৰতবর্ষত বর্ণৰ চিহ্ন সৃষ্টি হ’ল। আংগিক সংকেতৰ সহায়ত সকলো ধাৰণা যথাযথভাৱে প্রকাশ কৰিব নোৱৰা বাবে সময়ত ভাষা আৱিস্কাৰ হ’ল। গতিকে ভাষাও এবিধ সংকেত । পার্থক্য ইমানেই যে ই শাৰীৰিক বা আংগিক সংকেত নহয়, ধ্বন্যাত্মক সংকেতহে । শাৰীৰিক আৰু আংগিক সংকেত সীমাবদ্ধ, কিন্তু ধ্বন্যাত্মক সংকেতৰ কোনো সীমা নাই। আংগিক সংকেতৰ দ্বাৰা পৰম্পৰাগত ধাৰণা সুৰক্ষিত কৰিব নোৱাৰি, কিন্তু ধ্বন্যাত্মক সংকেতৰ দ্বাৰা কোটি কোটি ভাব সুৰক্ষিত কৰিব পাৰি।  ভাষা ধ্বন্যাত্মক সংকেত হোৱাৰ বাবে আজি জ্ঞান-বিজ্ঞানৰ ক্ষেত্রত মানুহৰ যথেষ্ট উন্নতি হৈছে। শেষত কব পাৰি যে ভাষাই জ্ঞানৰ অসীম অংশক সসীম কৰে আৰু নিৰাকাৰ ধাৰণাক সাকাৰ ৰূপ দিয়ে। আকৌ ভাষাৰ দ্বাৰা ভাবক প্রকট কৰাৰ ক্ষমতা মানুহৰ আছে। তেওঁৰ ভাষাই হ’ল ভাবৰ দাপোণ। যিদৰে দাপোণ স্বচ্চ আৰু পৰিস্কাৰ হ’লে প্রতিবিম্ব ভাল দেখা যায়, সেইদৰে মানুহৰ ভাব প্রকাশৰ ভাষাই সহজ, সৰল আৰু প্রাঞ্জল হ’ব লাগে।

লিখিব পঢ়িব নজনা মানুহেও নিজৰ মনৰ ভাব প্রকাশ কৰিব পাৰে, আনৰ আগত নিজৰ ধাৰণা, অনুভৱ আদি ব্যক্ত কৰিব পাৰে। কিন্তু নিৰক্ষৰ বা অশিক্ষিতৰ দ্বাৰা সমাজ উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে। শিক্ষকেও ল’ৰা-ছোৱালীক এনেদৰে ভাষাৰ শিক্ষা দিব লাগে যাতে তেওঁলোকে যুগৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হয়। বর্তমান সময়ত জ্ঞান, বিজ্ঞান আদিৰ কথা জানিবলৈ হলে ভাষা বিষয়ক জ্ঞানৰো আৱশ্যক। ল’ৰা-ছোৱলীয়েও ভাষাৰ মাধ্যমত প্রকট কৰা জ্ঞান-কোষক আয়ত্ব কৰিব পাৰিব লাগিব।

ভাষাৰ মহত্বঃ

ভাষা ভাবৰ দাপোণ। সাহিত্য সমাজৰ দাপোণস্বৰূপ অর্থাৎ সাহিত্যত সামাজিক জীৱনৰ প্রতিবিম্ব দেখা যায়। ভাৰতীয় সমাজ কিমান উচ্চ, কিমান প্রগতিশীল আছিল তাক সাহিত্য অধ্যয়ন কৰিলেই উপলব্ধি কৰিব পাৰি। সমাজৰ চিন্তা, ধাৰণা আদি যেনে ধৰণৰ হয়, সেই জাতিৰ সাহিত্যও তেনে বিধৰ হয়। ইয়াৰ পৰা বুজিব পাৰি যে আমাৰ সামাজিক, সাংস্কৃতক তথা ৰাষ্ট্রীয় জীৱনত ভাষাৰ মহত্ব অধিক।

ভাষা-অধ্যয়নঃ

কোনো এটা ভাষা শিকা আৰু অধ্যয়ন কৰা দুটা পৃথক বিষয়। ল’ৰাই অনুকৰণ কৰি ক’বলৈ শিকে। সি তাৰ পৰিৱেশৰ মানুহৰ কথা শুনি নিজেও ক’বলৈ যত্ন কৰে। সি চেষ্টা কৰি ভুলৰ জড়িয়তে শিকে। লাহে লাহে সি তাৰ মাতৃভাষাৰ শব্দ তথা বাক্যৰ শুদ্ধ উচ্চাৰণ কৰিবলৈ শিকে।

ভাষা শিক্ষাৰ উদেশ্যঃ

ভাষা শিক্ষাৰ প্রাৰম্ভিক উদেশ্য হৈছে-

ক) আনে কোৱা কথা ভালকৈ বুজিব পৰা

খ) আনে লিখা কথাৰ ভাব ভালকৈ বুজিব পৰা

গ) নিজৰ ভাবক সম্পুর্ণ আৰু স্পষ্ট ৰীতিৰে ব্যক্ত কৰিব আৰু লিখিব পৰা

ভাষা শিক্ষাৰ এইয়াই মূল উদেশ্য। কিন্তু লগত মনত ৰাখিব লাগিব যে যিমানখিনি কোৱা আৱশ্যক সিমানখিনিহে ক’ব লাগে, যিমানখিনি লিখাৰ আৱশ্যক সিমানখিনিহে লিখিব লাগে । আনক কোৱা বা লিখা কথাও সিমানখিনি আৱশ্যক সিমানখিনিহে ক’ব বা লিখিব লাগে।

বিদ্যালয় অনুযায়ী ভাষা শিক্ষাৰ উদেশ্য তলত দিয়া ধৰণেৰে হ’ব –

প্রাথমিক পর্যায়ঃ

১) লৰা ছোৱালীক ভাষা শিক্ষাৰ ক্ষেত্রত এনেদৰে উপযোগী কৰু তুলিব লাগে যাতে তেওঁলোকে নিজৰ পাঠ্যক্রমৰ নির্ধাৰিত শব্দাৱলীৰ সহায়ত যথাযিথভাবে ভাষাৰ সহায়ত নিজক প্রকাশ কৰিব পাৰে।

 

২) ল’ৰা-ছোৱালীয়ে পাঠ্যক্রমৰ নির্ধাৰিত শব্দাৱলীৰ ওপৰত ভেটি কৰি যাতে উপযুক্ত গতিৰে কোৱা কথা ভালকৈ বুজিব পৰা হ’ব লাগে।

 

৩) পাঠ্যক্রমৰ নির্ধাৰিত শব্দাৱলীৰ ওপৰত ভিত্তি কৰি যাতে উপযুক্ত গতিৰে সম্বৰ আৰু মৌন পঠন কৰিব পাৰে তাৰ উপযোগী কৰি তুলিব লাগে।

 

৪) তেওঁলোকৰ ভিতৰত এনে কৌশল বা ক্ষমতাৰ বিকাশ কৰাব লাগে যাতে কোনো এক পাঠাংশ মনে মনে পঢ়িলেও সহজে বুজিব পাৰে আৰু এই প্রসংগত যাতে সোধা প্রশ্নৰ যথাযথ উত্তৰ দিব পাৰে।

 

৫) ল’ৰা-ছোৱালীক পাঠ্যক্রমৰ নির্ধাৰিত শব্দাৱলীৰে চুটি চুটি বাক্য তথা অনুচ্ছেদ কৰিব পৰাৰ উপযোগী কৰিব লাগে।

মাধ্যমিক শ্রেণীঃ

১) ছাত্র-ছাত্রীক এনেদৰে উপযুক্ত কৰিব লাগে যাতে পাঠ্যক্রমৰ নিদিষ্ট শব্দাৱলীৰ ভিতৰত অলপ বেগেৰে কোৱা কথা ভালকৈ বুজিব পাৰে।

২) ছাত্র-ছাত্রীৰ ভিতৰত এনে ক্ষমতা সৃষ্টি কৰিব লাগে যাতে পাঠ্যক্রমৰ নির্ধাৰিত শব্দাৱলীৰ ভিতৰেদি ভাল গতিৰে সম্বৰ আৰু মৌন পঠন কৰিব পাৰে আৰু পঢ়া অংশ ভালকৈ বুজিব পাৰে।

৩) তেওঁলোকে পাঠ্যক্রমৰ নির্ধাৰিত শব্দাৱলী অৱলম্বন কৰি সলসলীয়াকৈ কথা ক’ব পৰা হ’ব লাগে।

৪) তেওঁলোকে শুদ্ধভাৱে সাধাৰণ চিঠি-পত্র আৰু কোনো এটা বিষয়ৰ ৰচনা লিখিব পৰা হ’ব লাগে।

৫) তেওঁলোকে পাথ্যক্রমৰ বাহিৰৰ নপঢ়া কোনো অংশ পঢ়িব আৰু বুজিব পৰা হ’ব লাগে।

উচ্চ শ্রেণীঃ

১) এই শ্রেণীৰ ছাত্র-ছাত্রীক এনেদৰে পার্গত কৰিব লাগে যাতে সামান্য বেগেৰে কোৱা কথাও বুজিব পাৰে।

২) ছাত্র-ছাত্রীক উচিত বিৰাম চিন প্রয়োগ কৰি কথা-বার্তা পাতিব পৰা কৰিব লাগে। তেওঁলোকৰ উচ্চাৰণৰ যাতে কোনো দোষ নাথাকে তালৈ লক্ষ্য কৰিব লাগে।

৩) তেওঁলোকৰ এনে ক্ষমতা উৎপন্ন কৰিব লাগে যাতে ছাত্র-ছাত্রীয়ে উচ্চ স্তৰত সম্বৰ আৰু মৌন পঠন কৰিব পাৰে।

৪)  তেওঁলোকে বর্ণনাত্মক বা বিৱৰণমুলক সামগ্রী সংক্ষেপীকৰণ কৰিব পভা হ’ব লাগে।

৫) ছাত্র-ছাত্রীয়ে চিঠি-পত্র লিখিব পৰা, দেখা বা শুনা কথা বা ঘটনাৰ বিৱৰণ দিব পৰা আৰু শুদ্ধ ভাষাত যি কোনো বিষয়ৰ ওপৰত লিখিব পৰা হ’ব লাগে।

কিছুমান গুৰুত্বপুর্ণ বিষয়ঃ

১) প্রাথমিক স্তৰত ছাত্র-ছাত্রীৰ পাঠ্যসামগ্রী প্রস্তুত কৰোতে তেওঁলোকৰ পৰিৱেশৰ কথা মনত ৰাখিব লাগে। তেওঁলোকৰ অনুভৱৰ বাহিৰৰ কোনো কথা পাঠ্যক্রমত  থাকিব নালাগে।

২) মাধ্যমিক শ্রেণীৰ পাঠ্যক্রমৰ ক্ষেত্র ব্যাপক হ’ব লাগে। এখন দেশৰ ভিতৰতে ই আৱদ্ধ থাকিব নালাগে।

৩) উচ্চ শ্রেণীৰ ছাত্র-ছাত্রীক আধুনিক অসমীয়া সাহিত্য অধ্যয়ন কৰাৰ উপযোগী কৰিব লাগে।

৪) ভাষা-শিক্ষণ সম্বন্ধীয় উদেশ্যৰ সমগ্র সুচী শিক্ষকসকললৈ পঠাব লাগে। ভাষা বিষয়ক পৰীক্ষাৰ প্রশ্নকাকতো তাৰ ওপৰতে প্রস্তুত হ’ব লাগে।

উদেশ্য পুৰণঃ

ভাষা শিক্ষণ সম্বন্ধীয় উদেশ্যসমুহ কিমান দূৰ পূৰণ হৈছে তাৰ প্রমাণ চাবৰ বাবে তলৰ পৰীক্ষাসমূহ অৱলম্বন কৰিব পাৰি-

১) মৌখিক পৰীক্ষা

সৰৱ পঠনৰ ব্যৱস্থা

প্রশ্নোত্তৰ

কোনো চিত্র বর্ণনা কৰিবলৈ কোৱা

ছাত্রই পৰীক্ষকক প্রশ্ন সোধাৰ প্রণালী

২) শ্রুতলিপি

পৰীক্ষকে কোনো অংশ ২ বা ৩ বাৰ ডাঙৰকৈ পঢ়িব আৰু ছাত্রই তাক লিখিব। ইয়াৰ দ্বাৰা ছাত্র-ছাত্রীৰ আখৰ জোঁটনিৰ ভুল দুৰ হ’ব।

৩) লিখিত পৰীক্ষা

এই পৰীক্ষা তলত দিয়া ধৰণেৰে হ’ব পাৰে-

      প্রতিলিপি লেখা

      চিত্রক লিখিত ৰূপত বর্ণনা কৰা

      ব্যাখ্যা কৰা

      সংক্ষেপীকৰণ

      খালী ঠাই পুৰ কৰা

      লিখিত ৰূপত প্রশ্নৰ উত্তৰ দিয়া

These are the basic objective of Language learning at school level education. A Teacher should always keep in mind while going to the classroom for language teaching.

Leave a Comment

error: Warning, you aare not allowed to copy this element