Join Assam Study Centre Channel

কভিড-১৯ ৰ ঔষধৰ বিকল্প হিচাপে ব্যবহাৰ কৰাৰ পৰামর্শ কি দিছে আই.চি.এম.আৰ.এ

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচার্চ চমুকৈ ( আই.চি এম. আৰ) এ হাইদ্রক্লৰকুইন ব্যৱহাৰৰ ক্ষেত্রত ইয়াৰ পূর্বৰ পৰামর্শৱলী সলনি কৰিছে। হাইদ্রক্লৰকুনৰ পৰিৱর্তে তেওঁলোকে এণ্টি এইচ. আই. ভি. ঔষধ ব্যবহাৰৰ পোষকতা কৰিছে।

উল্লেখযোগ্য যে হাইদ্রক্লৰকুইন ঔষধে কভিড-১৯ ৰ সংক্রমণৰ পৰা ৰক্ষা কৰিবলৈ ব্যাপক হাৰত সমগ্র বিশ্বত জনপ্রিয়তা লাভ কৰিছে যিহেতুকে বর্তমানলৈকে কভিড-১৯ ৰ নিদিষ্ট ঔষধ ওলোৱা নাই। এই ঔষধৰ চাইড এফেক্টৰ প্রতি লক্ষ্য ৰাখি আই.চি.এম. আৰে ইয়াৰ সলনি আন ঔষধ ব্যবহাৰৰ চিন্তা-চর্চা চলাই আছিল। এই সম্পর্কে ইতিমধ্যে এক টাস্ক ফর্চও গঠন কৰি দিয়া হৈছিল। হাইদ্রক্লৰকুইন ঔষধ ব্যবহাৰ কৰাৰ পাছত কভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি থকা ফ্রণ্টলাইন কর্মীসকল বিভিন্ন সমস্যাত পৰা দেখা গৈছে। বিশেষকৈ মূৰ-ঘৰণি, পেটৰ বিষ, বমি আদি সমস্যাবিলাক প্রধান। সেয়ে আই.চি.এম.আৰ. এ ইয়াৰ বিকল্প ঔষধৰ সন্ধান চলাই আছিল।

এতিয়া আই.চি.এম.আৰ. এ কৈছে যে এইচ.আই.ভি. আক্রান্ত ৰোগীসকলক দিয়া ঔষধ হাইদ্রক্লৰকুইনৰ বিকল্প হ’ব পাৰে।

তদুপৰি বিশেষভাবে উল্লেখযোগ্য যে হাইড্রক্লৰকুইনৰ বিকল্প হিচাপে কাংৰা চাহকো তেওঁলোকে উল্লেখ কৰিছে।

কাংৰা চাহ কি?

চাহৰ বিভিন্ন প্রজাতিৰ ভিতৰত কাংৰা চাহ হৈছে হিমাচল প্রদেশত পোৱা এবিধ চাহ। এই চাহ হৈছে এবিধ চীনা প্রজাতিৰ চাহ। ইয়াক Camelia Sinensis বুলি কোৱা হয় আৰু ইয়াক সর্বপ্রথম ৰোপন কৰা হৈছিল ১৮৪৮ চনত। ১৯০৫ চনৰ বৃহৎ ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে বৃটিছ সকলে  এই অঞ্চলত বহু কাংৰা চাহৰ ফেক্টৰী বন্ধ কৰি দিছিল। ইয়াৰ ফলত এই চাহবিধৰ উৎপাদনো বহুগুণে কমি আহে। ভাৰতত বহু বছৰৰ পাছত ২০১২ চনত হিমাচল প্রদেশত পুনৰ কাংৰা চাহ পুলি ৰোপন আৰ উৎপাদন আৰম্ভ হয়।

Leave a Comment

error: Warning, you aare not allowed to copy this element