Join Assam Study Centre Channel

MCQ on Pedagogy, Questions 1 – 30

১) মই তেনেজন শিক্ষককে স্বীকৃতি দিওঁ-

ক) যি ছাত্র-ছাত্রীক কঠোৰভাবে নিয়ন্ত্রণ কৰে।       

খ) ছাত্র-ছাত্রীৰ সমস্যা সম্পর্কে অৱগত হয় আৰু তেওঁলোকক সহায় কৰে।

গ) ছাত্র-ছাত্রীৰ সৈতে বন্ধুত্ব বজাই ৰাখে

ঘ) এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হয়

= খ      

         

২) ছাত্র-শিক্ষকৰ মাজৰ যোগাযোগক ফলপ্রসূ বুলি ধৰা যাব

ক) যদি শিক্ষকে লাহে লাহে পৰিপাটিকৈ শিক্ষণ কার্য আগবঢ়ায়।

খ) যদি এটা নীৰব আৰু শৃংখলিত পৰিবেশত শিক্ষাদান কৰে ।

গ) যদি ছাত্র-ছাত্রীয়ে অতি ক্ষিপ্রতাৰে বুজি পায়।

ঘ) যদি ছাত্র-ছাত্রীয়ে শিক্ষকে বুজাব খোজা ধৰণেই বুজি পায়।       

= ঘ        

 

৩) শিক্ষণ আৰু শিক্ষক-ছাত্রৰ যোগাযোগ কেতিয়াবা বিফল হয়-

ক) ছাত্র-ছাত্রী অমনোযোগী হলে।

খ) শিক্ষকে বুজাবলৈ বিচৰা পাঠটোৰ গতানুগতিক বুজনি দিলে।

গ) পাঠটোৰ প্রতি ছাত্র-ছাত্রীব উৎসুকতা নাথাকিলে।

ঘ) শ্রেণীকোঠাত অতিমাত্রা চিঞৰ বাখৰ কৰিলে

= খ       

     

৪)  শ্রেণীকোঠাত শিক্ষণৰ বাবে কি প্রয়োজন ?

ক) অভিজ্ঞ শিক্ষক

খ) উপযুক্ত শৈক্ষিক পৰিবেশ

গ) ছাত্র-ছাত্রীৰ অনুসন্ধিৎসা

ঘ) ওপৰৰ সকলো

= ঘ

 

৫) শিক্ষকতাৰ মহৎ দিশ কি?

ক) চৰকাৰী চাকৰি।

খ) দায়িত্বপূর্ণ কাম    

গ) ভাল দৰমহা

ঘ) আত্মপৰীক্ষাৰ সুযোগ

= ঘ       

   

৬) তুমি যদি এজন ছাত্রক লৈ অসন্তুষ্ট তেন্তে ছাত্রজনৰ উত্তৰবহী পৰীক্ষা কৰোতে কি কৰিবা?

ক) ছাত্রজনক শাস্তি দিবলৈ বুলি কম নম্বৰ দিয়া হ’ব।

খ) ছাত্রজনৰ দক্ষতা অনুযায়ী নম্বৰ দিয়া হব।

গ) অন্য শিক্ষককো ছাত্রজনক কম নম্বৰ দিবলৈ কোৱা হব।

ঘ) কোনো উদ্দেশ্যহীনভাবে ছাত্রজনৰ মুল্যায়ন কৰা হব।

= খ

 

৭) এজন শিক্ষক হিচাপে তুমি তোমাৰ কাম কেনেকৈ কৰিবা?

ক) ছাত্র-ছাত্রীসকলক শিকাবৰ বাবে তুমি তোমাৰ ঘৰলৈ মাতিবা

খ) তুমি কেৱল স্কুলতহে শিক্ষণ পদ্ধতি প্রয়োগ কৰিবা

গ) ছাত্র-ছাত্রীব সামগ্রিক উন্নয়নত তুমি বিশেষ জোৰ দিবা

ঘ) তুমি ছাত্র-ছাত্রীৰ দোষ গুণবোৰ জানিবলৈ চেষ্টা কৰিবা

= গ

 

৮)তুমি এজন ছাত্রৰ প্রতি অসস্তষ্ট। যেতিয়া তুমি সেই ছাত্রজনৰ উত্তৰ বহী পৰীক্ষা কৰিবা, তেতিয়া তুমি-

ক) সক্ষমতা অনুযায়ী নম্বৰ দিবা

খ) অন্য শিক্ষকসকলক তেওঁক কম নম্বৰ দিবলৈ ক’বা

গ) কোনাধৰণৰ পৰীক্ষা নকৰাকৈ তেওঁক মূল্যায়ন কবিবা

ঘ) তেওঁক শাস্তি দিবলৈ কম নম্বৰ দিবা

= ক

 

৯) ছাত্র-ছাত্রীৰ মূল্যায়নৰ বাবে তোমাৰ দৃষ্টিভংগীত উৎকৃষ্ট উপায় কি?

ক) স্কুলৰ কাম-কাজত তেওঁৰ অংশগ্রহণ

খ) মূল্যায়নৰ উৎকৃষ্ট ভিত্তি হল বছৰেকীয়া পৰীক্ষা

গ) তোমাৰ সৈতে ছাত্র-ছাত্রীৰ ব্যবহাৰ

ঘ) কাম-কাজত অংশগ্রহণ আৰু পৰীক্ষা পদ্ধতি দুয়োটাই ভিত্তি হব

= ঘ

 

১০) তোমাৰ ধুমপানৰ অভ্যাস আছে। তুমি ছাত্র-ছাত্রীক কেনেকৈ শিকাবা?

ক) শ্রেণীকোঠাত ধুমপান নকৰি

খ) ছাত্র-ছাত্রীক ধূমপানৰ দ্রব্য আনিবলৈ কৈ

গ) কেবল স্টাফ ৰূমত ধুমপান কৰি

ঘ) স্কুল চৌহদত  ধুমপান নকৰি

=  গ

 

১১) শিক্ষকে পাঠ্যপুথিব উপৰি অন্য কিতাপ পঢিব লাগে। ইয়াৰ পৰা কি লাভ হব?

ক)  তেওঁলোকে সময়ৰ ভাল ব্যবহাৰ কৰিব পাৰিব

খ)  তেওঁলোকে সন্তষ্টি লাভ কৰিব আৰু ভালদৰে শিকাব পাৰিব

গ)  জ্ঞানৰ সামগ্রিক উন্নয়ন হ’ব আৰু ভালদৰে শিকাব পাবিব

ঘ)  তেওঁৰ শিক্ষণ পদ্ধতিৰ সন্দর্ভত মানুহে তেওঁক ভাল শিক্ষক হিচাপে জানিব

= গ      

 

১২) শিক্ষণ কার্যক স্থায়ীৰূপ প্রদানত সহায় কৰে –

ক) মনোযোগ

খ)  আগ্রহে

গ)  আকর্ষণে

ঘ)  অভ্যাসে

= ঘ

 

১৩) শিক্ষণ সদায় নির্ভৰশীল-

ক) শাৰীৰিক মানসিক ক্ষমতাৰ ওপৰত

খ) অভিৰোচনাৰ ওপৰত

গ) দেহ-মানসিক পৰিপক্কতাৰ ওপৰত

ঘ) আটাইকেইটাই শুদ্ধ

= ঘ       

 

১৪)  নিজৰ অজ্ঞাতেই শিকি থকাখিনিক কোৱা হয়-

ক) সচেতন শিক্ষণ

খ) অসচেতন শিক্ষণ

গ)  অতি শিক্ষণ

ঘ)  মূর্ত শিক্ষণ

= খ

 

১৫) এজন ব্যক্তিৰ শিক্ষণ ক্ষমতা থাকে-

ক) শৈশৱ কালত

খ)  বাল্যকালত

গ)  কৈশোৰ কালত

ঘ) সমগ্র জীৱন

= ঘ

 

১৬) “শিক্ষণ প্রক্রিয়াই আচৰণ সংশোধন কৰে”- উক্তিটো আগবঢ়াইছিল

ক) পার্চিনানে

খ) পেভলভে

গ) থর্নডাইকে

ঘ) জন লকে

= ক      

      

১৭) ‘আয়ত্তকৰণ আৰু সংৰক্ষণেই হল শিক্ষণ’ মতবাদটো আগবঢ়াইছিল-

(a) গেইটে

(b) গিলফোর্ডে

(c) স্কীনাৰে

(d) ক্রো আৰু ক্রোৱ

= গ

 

১৮)  সংযোগবাদ তথ্যৰ যোগেদি থর্নডাইকে শিক্ষণৰ যিটো পদ্ধতিৰ কথা প্রকাশ কৰিছিল সেইটো হল-

ক) অনুকৰণ পদ্ধতি

খ) প্রচেষ্টা আৰু ভুল পদ্ধতি

গ) অনুবন্ধন কমিব

ঘ) অন্তদর্শন পদ্ধতি

= খ       

     

১৯) প্রচেষ্টা আৰু ভুল পদ্ধতিত প্রচেষ্টাৰ মাত্রা যিমানে বাঢ়িব ভুলৰ মাত্রা

ক) সিমানে বাঢ়িব

খ) সিমানে কমিব

গ) একেই থাকিব

ঘ) আটাইকেইটা শুদ্ধ

= খ

 

২০) প্রচেষ্টা  আৰু ভুল পদ্ধতিৰ মূল তাৎপর্য হল–

ক) আকস্মিকভাবে শিকা

খ) অন্তদর্শনত শিকা

গ) দেখি শিকা

ঘ) ঠেকি শিকা

= ঘ      

 

২১) বিষয়বস্তুৰ সুক্ষ্ম অংশসমূহৰ সামগ্রিকভাবে নিৰীক্ষণ, পর্যবেক্ষণ অথবা প্রত্যক্ষণ কৰাটোৱেই হ’ল-

ক)  সামগ্রিকতাবাদ

খ) সংযোগবাদ

গ) অনুবন্ধনবাদ

ঘ) আটাইকেইটা শুদ্ধ

= গ     

 

২২) তুমি এজন শিক্ষক আৰু তোমাক গাঁৱৰ এখন শিক্ষানুষ্ঠানৰ পৰা নগৰলৈ বদলি কৰিলে। তেওঁলোকক তুমি কেনেকৈ শিক্ষা দিবা ?

ক) তুমি কেতিয়াবা কেতিয়াবা নগৰত থাকিবাগৈ আৰু তাৰ পাছত শিক্ষাদান কৰিবলৈ যাবা

খ) তোমাৰ শিক্ষাদান পদ্ধতিৰ কোনো সলনি নহব

গ) তুমি আঁধুনিক ধৰণৰ কথাবো শিকাবা, যেনে ধৰা ইন্টাৰনেট আদি

ঘ) তুমি অন্য শিক্ষকসকলৰ লগত কথা পাতিবা আৰু তাৰ পাছত আধুনিক কৌশলেৰে শিক্ষাদান কবিবা

= ঘ    

 

২৩)  শিক্ষণ হৈছে এটা বিশেষ সম্পর্ক যিয়ে এজন শিশুক তেওঁৰ ক্ষমতা সমুহৰ বিকাশত সহায় কৰে উক্তিটো আগবঢ়াইছিল-

ক) বি ও স্মিথে

খ) ৰাইবার্গে

গ) মৰিচনে

ঘ) জন ব্রুবেচাৰে

= খ

 

২৪)  শিক্ষাদান কার্য ফলপ্রসু কৰি তোলাৰ ক্ষেত্রত শিক্ষকসকলৰ মনস্তাত্বিক প্রয়োজনীয়তাৰ দিশ হ’ল-

ক) অভিৰোচন

খ) নির্দেশনা

গ) মনোভাব গঠন

ঘ) আটাইকেইটা শুদ্ধ

= ঘ

 

২৫)  মনোবিদসকলৰ মতে একোগৰাকী শিক্ষকৰ বুদ্ধ্যাংক হব লাগে

ক) ৭০ ৰ ওপৰত

খ) ১০০ ৰ ওপৰত

গ) ১২০ ৰ ওপৰত

ঘ) ১৪০ ৰ ওপৰত

= গ      

 

২৬) শ্রেণীকক্ষত প্রকৃত পাঠদানৰ পর্যায় বুলি কোৱা হয়-

ক) পূর্বকার্যকৰী পর্যায়ক

খ) উত্তৰ ক্রিয়াশীল পর্যায়ক

গ) কার্য সম্পাদন পর্যায়ক

ঘ) এটাও নহয়

= গ

 

২৭) কার্য সম্পাদন পর্যায়ৰ প্রধান কাম হল-

ক) শ্রেণীৰ আকাৰ নির্ধাৰণ কৰা

খ) শিক্ষার্থীৰ সমস্যা চিনাক্ত কৰা

গ) কার্য, কৃতিত্ব তথা প্রতিক্রিয়াৰ বুজ লোৱা

ঘ) আটাইকেইটা শুদ্ধ

= ঘ

 

২৮)  শিক্ষকে সম্পাদন কৰা কার্যৰ ওপৰত ভিত্তি কৰি শিক্ষার্থীৰ কার্যৰ মূল্যায়ন কৰা হয়-

ক) পৰিকল্পনা পর্যায়ত

খ) উত্তৰ ক্রিয়াশীল পর্যায়ত

গ) কার্য সম্পাদন পর্যায়ত

ঘ) এটাও নহয়

=খ

 

২৯) উজ্জ্বল ভৱিষ্যতৰ বাবে ছাত্র-ছাত্রীসকলে-

ক) কেৱল স্কুলত অধিক অধ্যয়ন কৰিব

খ) পৰীক্ষাত আহিব পৰা প্রশ্নবোৰহে কেৱল মুখস্থ কবিব

গ) স্কুলত শিক্ষকৰ লগত আৰু ঘৰত পিতৃ-মাতৃৰ লগত পঢ়িব

ঘ) সিইতৰ হবি আৰু চখক অৱজ্ঞা নকৰিব            

= ঘ

 

৩০) যদি শ্রেণীত কেইজনমান দুষ্ট ছাত্র-ছাত্রী থাকে, তেতিয়া তুমি সেই পৰিস্থিতিত কিদৰে পঢুৱাবা?

ক) তেওঁলোকলৈ কোনো মনোযোগ নিদিয়াকৈ তুমি পাঠ শিকাই যাবা

খ) তেওঁলোকক বুজাবলৈ তুমি মনস্তাত্বিক আর্হিৰে পঢ়াবা

গ) তুমি তেওঁলোকৰ পিতৃ-মাতৃক মাতিবা আৰু তেওঁলোকৰ মানসিকতাৰ কথা কৈ দিবা

ঘ) তেওঁলোকক বহিষ্কাৰ কৰিবলৈ তুমি অধ্যক্ষক অনুৰোধ কৰিবা         

= খ

Leave a Comment

error: Warning, you aare not allowed to copy this element