Join Assam Study Centre Channel

ভাৰতীয় সংবিধানৰ বিভিন্ন সাংবিধানিক তথা সংবিধান বহির্ভুত সংস্থা

গণতান্ত্রিক ৰাষ্ট্র ভাৰতবর্ষৰ সংবিধানত  বহু সাংবিধানিক তথা সংবিধান বহির্ভুত সংস্থাৰ উল্লেখ থকা আমি দেখিবলৈ পাওঁ। তলত ভাৰতৰ List of constitutional and extra constitutional bodies India দিয়া হৈছে।

 

সাংবিধানিক সংস্থা কি ?

যি সমূহ সংস্থাৰ বিষয়ে ভাৰতৰ সংবিধানৰ বিভিন্ন অনুচ্ছেদত উল্লেখ আছে সেইবিলাক সাংবিধানিক সংস্থা বুলি কোৱা হয়। সংবিধানত এইবিলাকৰ বিষয়ে উল্লেখ কৰা আছে বাবে এইসমূহ স্বাধীন আৰু অধিক শক্তিশালী।

 

ভাৰতৰ সাংবিধানিক সংস্থাসমূহঃ

 

১) নির্বাচনী আয়োগ

সংবিধানৰ ৩২৪ নং অনুচ্ছেদত নির্বাচনী আয়োগৰ বিষয়ে উল্লেখ কৰা আছে ।বর্তমান এই আয়োগৰ অধ্যক্ষ হৈছে সুনীল অৰোৰা।

 

২) কেন্দ্রীয় অসামৰিক আয়োগ

সংবিধানৰ ৩১৫ ৰ পৰা ৩২৩ নং অনুচ্ছেদলৈকে কেন্দ্রীয় অসামৰিক আয়োগৰ বিষয়ে উল্লেখ কৰা হৈছে। বর্তমান ইয়াৰ অধ্যক্ষ হৈছে অৰবিন্দ চাক্সেনা।

 

৩) ৰাজ্যিক অসামৰিক আয়োগ

সংবিধানৰ ২৮০ নং অনুচ্ছেদত এই আয়োগৰ বিষয়ে আলোচনা কৰা হৈছে। প্রত্যেক ৰাজ্যত এই আয়োগসমূহৰ অধ্যক্ষ বেলেগ বেলেগ।

 

৪) বিত্তীয় আয়োগ

ভাৰতীয় সংবিধানৰ ২৮০ নং অনুচ্ছেদত বিত্তীয় আয়োগৰ বিষয়ে উল্লেখ কৰা হৈছে। বর্তমান ইয়াৰ অধ্যক্ষ হৈছে এন. কে. সিং।

 

৫) অনুসুচিত জাতিৰ ৰাষ্ট্রীয় আয়োগ

সংবিধানৰ ৩৩৮ নং অনুচ্ছেদত এই আয়োগৰ বিষয়ে উল্লেখ কৰা হৈছে। এই আয়োগৰ বর্তমান অধ্যক্ষ হৈছে ৰাম শংকৰ কাঠেৰিয়া।

 

৬) অনুসুচিত জনজাতিৰ ৰাষ্ট্রীয় আয়োগ

সংবিধানৰ ৩৩৮ (ক) অনুচ্ছেদত এই আয়োগৰ বিষয়ে আলোচনা কৰা হৈছে। বর্তমা ইয়াৰ অধ্যক্ষ হৈছে নন্দ কুমাৰ সাই।

 

৭) কম্প্রটলাৰ অডিটৰ জেনেৰেল

সংবিধানৰ ১৪৮ নং অনুচ্ছেদত ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ বর্তমান অধ্যক্ষ হৈছে ৰাজীৱ মেহেশ্রী

 

৮) এটর্ণী জেনেৰেল

সংবিধানৰ ৭৬ নং অনুচ্ছেদত এই আয়োগৰ বিষয়ে আলোচনা কৰা হৈছে। আজিৰ তাৰিখত ইয়াৰ অধ্যক্ষ হৈছে কে কে বেণুগোপাল।

 

৯) ৰাজ্যিক এডভোকেট জেনেৰেল

ভাৰতীয় সংবিধানৰ ১৬৫ নং অনুচ্ছেদত ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছে। ভাৰতৰ প্রত্যেক ৰাজ্যত ইয়াৰ অধ্যক্ষ পৃথক পৃথক।

 

১০) ভাষিক সংখ্যালঘুৰ বাবে বিশেষ বিষয়া

ভাৰতীয় সংবিধানৰ ৩৫০ (খ) অনুচ্ছেদত এই পদৰ বিষয়ে উল্লেখ কৰা হৈছে।

 

সংবিধান বর্হিভূত সংস্থা

 

সংবিধান বহির্ভূত সংস্থা সেইবিলাক যাৰ বিষয়ে ভাৰতীয় সংবিধানত উল্লেখ কৰা হোৱা নাই। বিভিন্ন সময়ত কেন্দ্রীয় চৰকাৰে কেবিনেট প্রস্তাৱৰ যোগেদি এনে সংস্থা গঠন কৰি আহিছে। চৰকাৰৰ কামৰ সুবিধাৰ বাবে এনে সংস্থাবিলাক গঠন কৰি লোৱা হয়।

 

ভাৰতৰ গুৰুত্বপূর্ণ সংবিধান বর্হিভূত সংস্থা

 

১) নীতি আয়োগ

বর্তমানৰ অধ্যক্ষ – প্রধানমন্ত্রী নৰেন্দ্র মোডী

 

২) ৰাষ্ট্রীয় উন্নয়ণ পৰিষদ

বর্তমান অধ্যক্ষ- নৰেন্দ্র মোডী

 

৩) ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগ

বর্তমানৰ অধ্যক্ষ –  প্রাক্তন মুখ্য ন্যায়াধীশ এইচ এল দত্ত

 

৪) ৰাজ্যিক মানৱ অধিকাৰ আয়োগ

বিভিন্ন ৰাজ্যত বেলেগ বেলেগ অধ্যক্ষ

 

৫) কেন্দ্রীয় অনুসন্ধান আয়োগ

বর্তমান অধ্যক্ষ- ঋষি কুমাৰ শুক্লা

 

৬) চেণ্ট্রেল ভিজিলেঞ্চ কমিচন

বর্তমান অধ্যক্ষ – কে ভি চৌধাৰী

 

৭) লোকপাল আৰু লোকায়ুক্ত

বর্তমান অধ্যক্ষ- পিনাকী চন্দ্র ঘোষ

 

৮) ৰাজ্যিক তথ্য আয়োগ

বিভিন্ন ৰাজ্যত বেলেগ বেলেগ অধ্যক্ষ

 

৯) কেন্দ্রীয় তথ্য আয়োগ

বর্তমান অধ্যক্ষ – বিমল জুলকা

 

সংবিধান বহির্ভূত সংস্থাসমূহ যিধৰণেৰে চৰকাৰে নিজৰ প্রয়োজনত গঠন কৰি লয়, একেধৰণেৰে কার্যপালিকাই যিকোনো সময়ত এইবোৰক ভংগ কৰি দিবও পাৰে।  উদাৰণস্বৰূপে পৰিকল্পনা আয়োগক কেন্দ্রীয় চৰকাৰে ২০১৫ চনৰ ১ জানুৱাৰীত ভংগ কৰি নীতি আয়োগ গঠন কৰি দিছিল।

আপুনি যদি আমাৰ এই লিখনী ভাল পাইছে তেন্তে আমাক চাবস্ক্রাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element