Join Assam Study Centre Channel

Language- Its nature- Study Materials for B.Ed, D.El.Ed, TET

Language is an important part of human life. From very beginning of human civilization language plays a crucial role in day to day life of mankind. Here we are providing an important discussion on language and its nature. This topic is also important for those who are studying or continuing the B.Ed., D.El.Ed course as a part of their language paper. Moreover those who are planning to appear in TET, CTET examination may get help through this artice. Here we discussed about language- its nature, uses etc. 

So hope you keep visited our website regularly and get the all important study materials regularly.

ভাষা- ইয়াৰ প্রকৃতি

ইতিহাসৰ আৰম্ভণিৰ পৰা মানুহে তেওঁলোকক বেৰি থকা উচ্চাৰিত ভাষাৰ দৈৱিক দানৰ ৰহস্য উদ্‌ঘাটন কৰিবৰ বাবে প্রয়াস কৰি আহিছে । মানুহক প্রায়ে প্রজ্ঞাবিশিষ্ট মানৱ (Homo Sapiens) বোলা হয়, কিয়নো তেওঁ চিন্তা কৰিব পৰা প্রজ্ঞাবিশিষ্ট লোক। পূর্বে তেওঁ ঋজু মানৱ আছিল আৰু তাৰো আগতে “হম হেবিলিচ” আছিল । হ’ম হেবিলিচে শিলৰ আহিলা পাতি তৈয়াৰ কৰিছিল, ঋজু মানৱে পোন হৈ খোজ কাঢ়িছিল, প্রাজ্ঞ মানৱে চিন্তা কৰিবলৈ ধৰিলে । চিন্তনত ভাষা সহায়ক হ’ল। ভাষাৰ অবিহনে কোনো প্রচেষ্টাযোগ্য চিন্তাধাৰা সম্ভব নহয়। এতেকে ভাষা হৈছে চিন্তা-ধাৰা বা বিশ্লেষক যুক্তিৰ অতি প্রয়োজনীয় আহিলা।

“মানুহে মনৰ চিন্তা বা ভাৱ প্রকাশৰ সংকেট স্বৰূপে নানা প্রকাৰে লগ লগোৱা আৰু সজোৱা যিবিলাক নানা সুৰীয়া শব্দ বা মাত ব্যবহাৰ কৰে সেইবিলাককে ভাষা বুলি কোৱা হয়”- লক্ষ্মীনাথ বেজবৰুৱা । ভাষা হল ছাল, ভাব তেজ-মঙহ।

ভাষা ভাব আৰু অনুভুতি প্রকাশ কৰাৰ এটা উপায় হলেও ই একমাত্র উপায় নহয়। কিয়নো চিঞৰ, সংকেটসুচক  ধ্বনি, অংগী-ভংগী, চিত্রশোভিত প্রতিৰূপ প্রভৃতি ভাব প্রকাশৰ আন এটা উপায়। মানৱ প্রাণীৰ উপৰিও জীৱ-জন্তুৱেও ইটোৱে সিটোৰ লগত আদান-প্রদান কৰে। সিহঁতে ধ্বনি সংকেট, দেহ সঞ্চালন, মুখমণ্ডলৰ অভিব্যক্তি(যেনে দাঁত উলিওৱা আদি) বিভিন্ন প্রকাৰে ভাব প্রকাশ কৰে। এটাই চিঞৰি আনটোক কর্মত প্রবৃত্ত হবলৈ উত্তেজনাৰ সৃষ্টি কৰে। সৰহ ভাগ জীৱ-জন্তুৱে খং, ভয় , আনন্দ আদি প্রকাশক কিছুমান চিঞৰ বা সংকেট ব্যক্ত কৰে। কিন্তু জীৱ-জন্তৰ এই যোগাযোগৰ পদ্ধতিসমুহ মানুহৰ লগত নিমিলে। জন্তুৰ চিঞৰ বা ধ্বনি ব্যক্ত নহয়, অর্থাৎ মানুহে শব্দবোৰ যিদৰে ভাগ ভাগ কৰি উচ্চাৰণ কৰে, জীৱ-জন্তুৰ তেনে ধৰণৰ গঠনৰ অভাৱ। মানুহৰ ভাষা হৈছে কণ্ঠধ্বনি ব্যৱহাৰ কৰা এক প্রকাৰ সংকেট প্রণালী। মানুহে ভিন ভিন প্রকাৰৰ অনেক ধ্বনি মুখেৰে উচ্চাৰণ কৰি সেইবোৰ লগ লগাই ন ন ৰূপত নিজৰ মনোভাব প্রকাশ কৰিব পাৰে।। তেওঁলোকে ব্যৱহাৰ কৰা প্রতিটো বাক্যই নিত্য-নতুন- প্রায় প্রতিটো বাক্যই আগতে ব্যৱহাৰ নকৰা। মানুহৰ বাক্‌শক্তিৰ আঁৰত চিন্তাশক্তি লুকাই আছে। ভাষাৰ আধাৰ ভাব। ভাব নহলে ভাষা নোলায়, ভাষাৰ অবিহনে ভাব প্রকাশ নহয়। গ্রীকসকলে এই দুয়োটা শক্তিক “লোগছ” বুলিছিল।

মুখেৰে উচ্চাৰণ কৰা যাদৃচ্ছিক ধ্বনি-প্রতীকৰ সহায়ত মানুহে আন এজনৰ সৈতে ভাবৰ আদান-প্রদান কৰে। এনেবিধৰ যাদৃচ্ছিক ধ্বনি-প্রতীককে ভাষা বোলে। “কোনো জনসমষ্টিয়ে প্রণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্রতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দিনেকীয়া জীৱনৰ কাম চলোৱা প্রণালীৰ নামেই হৈছে ভাষা।  এই প্রসংগত Sturtevent এ কৈছে “ A language is a system of arbitrary vocal symbols by which members of a social group co-operate and interact.” মুঠৰ ওপৰত ভাষাৰ এটা প্রণালী আছে। সেইটো হৈছে ধ্বনি প্রতীকৰ প্রণালী। এই ধ্বনি প্রতীকসমুহ যাদৃচ্ছিক, অর্থাৎ স্পশট-ধ্বনিৰ কোনো বেলেগ অর্থ নাই। বিভিন্ন ভাষাত একেটা বস্তু বুজাবলৈ বিবিধ ধ্বনি বা ধ্বনি সংযোগৰ ব্যৱস্থা আছে। যেনে “কুকুৰ শব্দটোত ক + উ + ক + উ + ৰ” এই পাঁচোটা ধ্বনি আছে ।

পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহে বিভিন্ন ধ্বনি প্রতীক ব্যৱহাৰ কৰে। ভাষা কোনো স্বাভাৱিক বৃত্তি নহয়, ই এটা আয়ত্ব কৰা সাংস্কৃতক কার্য। মানৱ ভাষাৰ অন্যান্য যোগাযোগ পদ্ধতিৰ সৈতে ইয়াৰ এটা পার্থক্য আছে। সেইটো হৈছে “প্রণালী”। এই প্রসংগত এডোৱার্ড চাপিৰে মন্তব্য দিছে যে এটা শিশুক তাৰ সমাজৰ পৰা আঁতৰাই আনি লালন-পালন কৰিলে সি নিশিকোৱাকৈয়ে খোজ কাঢ়িবলৈ আৰম্ভ কৰে, কিন্তু সি কেতিয়াও নিজে ভাষা ক’ব নোৱাৰে।

এই আলোচনাৰ পৰা ভাষাৰ বৈশিষ্টসমুহ স্পষ্ট হয়-

ক) ভাষা হৈছে কণ্ঠধ্বনি (Vocal)

খ) ই এটা প্রণালী ( System)

গ) ই হৈছে খণ্ডিত ( Segmented)

ঘ) ইয়াৰ গঢ় বা চানেকি আছে ( Pattern)

ঙ) ই একপ্রকাৰ সংকেট(Code)

চ) ভাষাৰ আধাৰ ধ্বনি-প্রতীক। প্রত্যেক শব্দৰ ধ্বনিবোৰে কোনো বস্ত বা ভাবৰ প্রতীকৰূপে কাম কৰে। যেনে ব্‌ + অ্‌ + ৰ্‌ + অ  + ফ্‌ – এই পাঁচোটা ধ্বনি।

ছ) ই যাদৃছিক (Arbitrary)। ধ্বনি আৰু অর্থৰ মাজত কোনো সহজাত সম্বন্ধ নাই, কিন্তু ধৰি লোৱা সম্বন্ধহে।

জ) ভাষা হৈছে এটা সামাজিক আৰু ব্যক্তিগত পৰিঘটন (Phenomenon) । বিভিন্ন সমাজত বিভিন্ন ভাষাৰ প্রয়োগ নিবর্তমান।

ঝ) ভাষা হৈছে আচৰণ (Behaviour)

ঞ) ভাষা শিকিব লাগে। ইয়াৰ ঘাই কাম হ’ল বক্তাৰ ভাব শ্রোতাৰ ওচৰলৈ প্রেৰণ কৰা । ইয়াৰ বাবে প্রয়োজন চেতনা আৰু বুদ্ধি।

ট) ভাষাৰ ধ্বনি প্রতীকবোৰ ৰূঢ়। কোনো এটা বিশেষ অর্থতহে ইয়াক ব্যৱহাৰ হয়। যেনে শিশুৱে আমক “আম” বোলে।

ভাষা শব্দটো সংস্কৃত ভাষ্‌ ধাতুৰ পৰা সিদ্ধ। ইয়াৰ অর্থ হৈছে “ব্যক্ত বাণী”। এই ব্যক্ত বাণীৰ অর্থ হৈছে স্পষ্ট অভিব্যঞ্জনা। সি আকৌ উচ্চাৰিত বাচিক ভাষাতহে সম্ভৱ। ভাষাৰ দুটা প্রধান দিকৰ- এটা হৈছে ধ্বনন আৰু আনটো শ্রৱণ। Bloomfied এ ইয়াক “উদ্দীপনা” আৰু “প্রতিক্রিয়া” বুলি অভিহিত কৰিছে ।

মানুহে কেৱল  যোগাযোগৰ ক্ষেত্রত ভাষা ব্যৱহাৰ কৰে।  এই প্রসংগত Dwight Bolinger এ কৈছে- “ভাষা হৈছে এটা বিশেষ প্রজাতিৰ বিশিষ্ট ৰূপ। এইতু অতুলনীয়ভাৱে এটা মানৱীয় বিশেষ লক্ষণ – যিটোত ইমান ভিন ভিন সংস্কৃতি আৰু শাৰীৰিক, মানসিকভাৱে ইমান অমিল ব্যক্তিসকলেও অংশগ্রহণ কৰে”

“Language is species-specific. It is a uniquely human trait, shared by the culture so diverse and by individuals physically and mentally so unlike each other”

Leave a Comment

error: Warning, you aare not allowed to copy this element