Join Assam Study Centre Channel

জে কে ৰাউলিংৰ নতুন শিশু কিতাপ

 

২০২০ চনৰ ২৬ মে তাৰিখে বৃটিচ লিখক জে কে ৰাউলিংএ তেওঁৰ নতুন শিশু কিতাপ ‘The Lckabog’ ৰ প্রথম দুটা অধ্যায় প্রকাশ কৰে। এই কাহিনীটো প্রথমবাৰৰ বাবে Lckabog নামৰ এটা ৱেবচাইটত প্রকাশ হৈছিল। তেতিয়া এই কাহিনীটো পঢ়ুৱৈসকলে বিনামূলীয়াকৈ পঢ়িবলৈ পাইছিল। উল্লেখযোগ্য যে ২০০৭ চনত Harry Potter and the Deathly Hallows প্রকাশৰ পাছত এইখনেই হৈছে তেখেতৰ প্রথম শিশু বিষয়ক গ্রন্থ।

 

জে কে ৰাউলিং কোন ?

প্রকৃত নাম Joanne Rowling । তেখেত এগৰাকী ইংৰাজ লিখক, চিনেমা আৰু টেলিভিছন প্রযোজক। তেখেত বিশ্বত হেৰী ফিটাৰ চিৰিজৰ বাবে জনাজাত। তেওঁৰ প্রথম হেৰী পটাৰ চিৰিজ প্রকাশ পাইছিল ১৯৯৭ চনত।

উল্লেখযোগ্য যে এতিয়ালৈকে বিশ্বত হেৰী পটাৰ চিৰিজেই হৈছে সর্বাধিক বিক্রী হোৱা গ্রন্থ। এই কিতাপৰ ওপৰত ভিত্তি কৰিয়েই পৰৱর্তী সময়ত বিশ্ববিখ্যাত হলিউদৰ চিনেমা নির্মাণ হয়। তেও প্রথম কিতাপ ‘দ্য কেজুৱেল ভেকেঞ্চী’ প্রাপ্তবয়স্কৰ বাবে প্রকাশ কৰিছিল। ২০১৩ চনত তেখেতে ছদ্মনামত Robert Galbraith নামৰ এখন অপৰাধ বিষয়ক গ্রন্থ প্রকাশ কৰিছিল।

Leave a Comment

error: Warning, you aare not allowed to copy this element