Join Assam Study Centre Channel

Daily Current Affairs Quiz: 09-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  ভাৰত-ইউৰোপিয়ান ইউনিয়ন,  গুজৰাট সৌভ শক্তি নীতি, নিউক্লিয়েৰ ৰিয়েক্টৰ নির্মাণ, আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) ভাৰত-ইউৰোপিয়ান ইউনিয়ন সন্মিলন কেতিয়া অনুষ্ঠিত হ’ব ?

ক) ১৫ জুলাই

খ) ১৬ জুলাই

গ) ২২ জুলাই

ঘ) ২৫ জুলাই

 

) গুজৰাটৰ চৰকাৰে “গুজৰাট সৌৰ শক্তি নীতি”ৰ সময়সীমা কেতিয়ালৈকে বৃদ্ধি কৰিছে ?

ক) ৩১ ডিচেম্বৰ

খ) ৩০ নবেম্বৰ

গ) ২১ অক্টোবৰ

ঘ) ৩০ চেপ্তেম্বৰ

 

) তলৰ কোনখন কেন্দ্রীয় শাসিত অঞ্চলত কনষ্ট্রাকচন ডেভেলপমেণ্ট কাউন্সিলে দক্ষতা বিকাশৰ কার্যসুচী আৰম্ভ কৰিব ?

ক) দমন -দিউ

খ) আন্দামান নিকোবৰ

গ) চণ্ডীগড়

ঘ) পুডুচেৰী

 

) সাগৰীয় এলেকাত কভিড-১৯ সংক্রমণৰ ক্ষেত্রত এক বিশেষ একচন প্লেন কোনখন ৰাজ্যই গ্রহণ কৰিছে ?

ক) গোৱা

খ) কর্ণাটক

গ) কেৰেলা

ঘ) অন্ধ্রপ্রদেশ

 

)  তলৰ কোনটো এপ ভাৰতীয় সৈন্যবাহিনীয়ে নিষিদ্ধ কৰা নাই ?

ক) ফেচবুক

খ)  ইনষ্ট্রগ্রাম

গ) টিণ্ডাৰ

ঘ) টুইটাৰ

 

) ২০২০-২৫ চনৰ ভিতৰত তলৰ কোনখন ৰাষ্ট্রই ৫ ৰ পৰা ৮ টা নিউক্লিয়েৰ ৰিয়েক্টৰ নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে ?

ক) ৰাছিয়া

খ) চীন

গ) ইৰাণ

ঘ) আমেৰিকা

 

) বলিউদৰ বিশিষ্ট অভিনেতা জগদীপৰ ৮ জুলাইত মৃত্যু হয় তেওঁ সুৰমা ভূপালী নামৰ এক জনপ্রিয় চৰিত্রত অভিনয় কৰিছিল চৰিত্রটো কোনখন চিনেমাৰ ?

ক) আন্দাজ আপনা আপনা

খ) দু বিঘা জমীন

গ) হাম পাচী এক ডাল কে

ঘ) শ্বোলে

 

) তলৰ কোনখন ৰাজ্যই চৰকাৰী মাটিৰ ওপৰত নজৰ ৰাখিবলৈ এক কৃত্রিম বুদ্ধিমত্তা ব্যবস্থা ব্যবহাৰ কৰিছে ?

ক) পশ্চিমবংগ

খ) তেলেংগানা

গ) ঝাৰখণ্ড

ঘ) উড়িষ্যা

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১)  ১৫ জুলাই

১৫ জুলাই ২০২০ তাৰিখে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ১৫ সংখ্যক সন্মিলন অনুষ্ঠিত হ’ব। স এই সন্মিলন কৰণাৰ পৰিপ্রেক্ষিতত ভিডিও কনফাৰেন্সিংৰ সহায়ত অনুষ্ঠিত কৰা হ’ব। এই সন্মিলনত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে EU ৰ সভাপতি চার্লচ মাইকেল আৰু ইউৰোপিয়ান কমিচনৰ সভাপতি উৰচুলা ভন দাৰ লিয়েনৰ লগত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব।

 

২) ৩১ ডিচেম্ব

গুজৰাটৰ চৰকাৰে ৰাজ্যখনত “গুজৰাট সৌৰ শক্তি নীতি ২০১৫”ৰ সময়সীমা এই বছৰৰ ৩১ ডিচেম্বৰলৈক বৃদ্ধি কৰিছে। গুজৰাটৰ শক্তি মন্ত্রী সৌৰভ পেটেলে গান্ধীনগৰত এই কথা প্রকাশ কৰে।

 

৩) আন্দামান নিকোব

Construction Industry Development Council (নীতি আয়োগৰ দ্বাৰা প্রতিষ্ঠা কৰা) এ আন্দামান নিকোবৰত এক দক্ষতা বিকাশৰ কার্যসুচী আৰম্ভ কৰিব।

 

৪)  কেৰেলা

কেৰেলাৰ স্বাস্থ্য বিভাগে সাগৰীয় উপকুলত কৰণাৰ ক্ষীপ্র সংক্রমণৰ বাবে এক বিশেষ কার্যকৰী কার্যসুচী গ্রহণ কৰিব।

 

৫) টুইটা

ভাৰতীয় সৈন্যবাহিনীত ৮৯ টা মবাইল এপৰ ব্যবহাৰ নিষিদ্ধ কৰা হৈছে ।ইয়াৰ ভিতৰত ফেচবুক, ইনষ্ট্রগ্রাম, পাবজি, জুম, পপচ’, টিক-টক, স্নাপচাট, শ্বেয়াৰইট, টিণ্ডাৰ, বাম্বল আদি আছে। কেৱল টুইটাৰক সৈন্যবাহিনীৰ বাবে নিষিদ্ধ কৰা নাই।

 

৬) চীন

চীনে ২০২০-২০২৫ চনৰ ভিতৰত ৬ ৰ পৰা ৮ টা নিউক্লিয়েৰ ৰিয়েক্টৰ নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে । এই ৰিয়েক্টৰসমূহৰ কার্যক্ষমতা হ’ব ৭০ গিগাৱাট। ৰাষ্ট্রখনে ২০৩৫ চনৰ ভিতৰত শক্তি উৎপাদনৰ বাবে ২০০ গিগাৱাটৰ লক্ষ বান্ধি লৈছে ।

 

৭) শ্বোলে

বলিউদৰ বিশিষ্ট অভিনেতা জগদীপৰ ৮১ বছৰ বয়সত ৮ জুলাই তাৰিখে মৃত্যু হয় । তেওঁৰ প্রকৃত নাম আছিল চৈয়দ ইচতিয়াক আহমেদ জাফ্রী। জনপ্রিয় কৌতুক অভিনেতা জাভেদ জাফ্রীৰ পিতৃ আছিল তেওঁ। বলিউদৰ চুপাৰ-ডুপাৰ চিনেমা শ্বোলেত সুৰমা ভূপালী চৰিত্রত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ প্রখ্যাত হৈছিল।

 

৮) উড়িষ্যা

উড়িষ্যাৰ মুখ্যমন্ত্রী নবীন পাটনায়কে ৮ জুলাই তাৰিখে ভূবনেশ্বৰত চৰকাৰী মাটিৰ ওপৰত নজৰ ৰাখিবলৈ এক কৃত্রিম বুদ্ধিমত্তা ব্যবস্থা আৰম্ভ কৰিছে।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element