Join Assam Study Centre Channel

MCQ on Indian Polity and Government- Series 13

প্ৰিয় শিক্ষাৰ্থী, আমি আপোনাকলৈ নীতি আয়োগ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰত আধাৰিত কৰি ১০ টা MCQৰ এটা ছেট আগবঢ়াইছো । যেতিয়া বিদ্যাৰ্থীসকলে MCQ-ৰ বিষয় অনুসৰি অধ্যয়ন কৰে ই তেওঁলোকক সেই বিষয়টো অতি গভীৰভাৱে বুজাত সহায় কৰে। গতিকে এই প্রশ্ন সমূহ চাওঁক আৰু নিজকে মূল্যাঙ্কন কৰক। Gk On Assam 

Gk On Assam 

তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা

১) নীতি আয়োগৰ মুৰব্বী কোন?     

ক) ভাৰতৰ ৰাষ্ট্ৰপতি

খ) প্ৰধানমন্ত্ৰী

গ) বিত্ত মন্ত্ৰী

ঘ) পৰিকল্পনা মন্ত্ৰী

২) নীতি আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল?

ক) ১ মাৰ্চ ২০১৫

খ) ১ এপ্ৰিল ২০১৫

গ) ১ জানুৱাৰী

ঘ) ২৫ ডিচেম্বৰ ২০১৪

৩) পৰিকল্পনা আয়োগৰ সলনি কৰাৰ ক্ষেত্রত ভাৰত চৰকাৰৰ থিংক টেংক টো হ’ল?

ক) নীতি ধৰ্ম

খ) নীতি বাক্য

Gk On Assam 

গ) নীতি শাসন

ঘ) নিটি আয়োগ

৪) নিম্নলিখিত কোন নীতি আয়োগৰ মূখ্য কার্যবাহী বিষয়া ?

ক) অৰবিন্দ মায়ৰাম

খ) ৰাজীৱ মেহৰ্ষি

গ)  অমিতাভ কান্ত

ঘ)  কোনো নহয়

আপুনি যদি আমাৰ এই G.K.Quiz Indian Polityপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৫)  নিম্নলিখিত কোন নীতি আয়োগৰ উপ-সভাপতি?

ক) মন্টেক সিং আহ্লুৱালিয়া

খ) অভিজিত সেন

গ) অমৰ্ত্য সেন

ঘ) অৰবিন্দ পানাগৰীয়া

৬)  সংবিধান (73তম সংশোধন) অধিনিয়ম, ১৯৯২-মতে কিমান জনসংখ্যা থকা ৰাজ্যত পঞ্চায়তীৰাজ ব্যৱস্থা প্রৱর্তন কৰিব লাগিব?

ক) ১৫ লাখ

খ) ২০ লাখ

গ) ২৫ লাখ

ঘ) ৩০ লাখ

৭)  নিম্নলিখিত কোনখন ৰাজ্যই প্ৰথমে পঞ্চায়তীৰাজ ব্যৱস্থা প্রৱর্তন কৰিছিল?

ক) ৰাজস্থান

খ) অন্ধ্ৰপ্ৰদেশ

গ) পশ্চিম বংগ

ঘ) গুজৰাট

৮) সংবিধানৰ কোন অংশ পঞ্চায়তৰ লগত সম্পৰ্কিত?

ক) নৱম অংশ

খ) দশম অংশ

গ) একাদশ অংশ

ঘ) অষ্টম অংশ

৯) পঞ্চায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল –

ক) গণতন্ত্ৰৰ শক্তি বিকেন্দ্ৰীকৰণ কৰিবলৈ

খ) মানুহক ৰাজনীতিৰ বিষয়ে অৱগত কৰিবলৈ

গ) খেতিয়কক শিক্ষিত কৰিবলৈ

ঘ) ইয়াৰ কোনো এটাও নহয়

১০) নিম্নলিখিত কোনখন ৰাজ্যত কোনো পঞ্চায়তীৰাজ প্ৰতিষ্ঠান নাই?

ক) নাগালেণ্ড

খ) অসম

গ) কেৰালা

ঘ) ত্রিপুৰা

Gk On Assam Answers

উত্তৰসমূহ

 ১) খ ২) গ,   ৩)  ঘ   ৪) গ,    ৫) ঘ   ৬)  খ  ৭) ক  ৮) ক   ৯) ক   ১০) ক

Leave a Comment

error: Warning, you aare not allowed to copy this element