Join Assam Study Centre Channel

Essay Competition on Magh Bihu

Essay Competition on Magh Bihu. “ভোগালী” হৈছে ভোগৰ বিহু । অসমীয়াৰ বাপতি-সাহোন আগন্তুক ভোগালী বিহু উপলক্ষে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো এখনি অনলাইন ৰচনা প্রতিযোগিতা ।  উচ্চতৰ মাধ্যমিক প্রথম, দ্বিতীয় আৰু স্নাতক শাখাৰ ছাত্র-ছাত্রীসকলৰ মাজত ‘অসমীয়া’ ভাষাত  এই প্রতিযোগিতা অনুষ্ঠিত হ’ব।

প্রথম পুৰস্কাৰঃ ৩০০০.০০/- টকা

দ্বিতীয় পুৰস্কাৰঃ ২০০০.০০/- টকা

তৃতীয় পুৰস্কাৰঃ ১৫০০.০০ টকা

ৰচনাৰ বিষয়

“অসমীয়া জন-জীৱনত মাঘ বিহুৰ তাৎপর্য”

নিয়মাৱলী

১) ৰচনা প্রতিযোগিতা অসমীয়া ভাষাত অনুষ্ঠিত হ’ব।

২) উচ্চতৰ মাধ্যমিক প্রথম , দ্বিতীয় বর্ষ আৰু স্নাতক মহলাৰ ছাত্র-ছাত্রী সকলেহে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব।

৩) প্রতিযোগীসকলে ৰচনাখন এখন বগা A4 চাইজ কাগজত ক’লা চিঞাহিৰে নিজ হাতে লিখিব লাগিব।

৪) লিখা ৰচনাখন PDF আকাৰত আপলোড কৰিব লাগিব।

৫) প্রপত্রত ভূল তথ্য প্রদান কৰা প্রতিযোগীৰ নাম বাতিল কৰা হ’ব।

৬) ৰচনাখনৰ প্রথম পৃষ্ঠাৰ ওপৰৰ সোঁফালে প্রতিযোগীয়ে নিজৰ নাম, শিক্ষানুষ্ঠানৰ নাম আৰু মবাইল নম্বৰ লিখি দিব লাগিব।

৭) ৰচনাখন ৮০০ শব্দৰ ভিতৰত হ’ব লাগিব। ইয়াতকৈ অধিক শব্দত লিখা ৰচনা বাতিল কৰা হ’ব।

৮) এজন প্রতিযোগীয়ে মাত্র এবাৰহে (এখন) ৰচনা লিখিব পাৰিব।

৯) প্রতিযোগিতাত অংশগ্রহণৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ ২০২২।

১০) প্রতিযোগীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিত কার্ডৰ কপি প্রপত্রত আপলোড কৰিব লাগিব। প্রয়োজন সাপেক্ষে প্রতিযোগীসকলৰ নাম পৰীক্ষা কৰিবলৈ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰা হ’ব।

১১) প্রতিযোগিতাৰ ফলাফল আমাৰ ৱেবচাইট / ইউটিউব চেনেল / টেলিগ্রাম চেনেলত ঘোষণা কৰা হ’ব।

১২) বিজয়ী সকলক ২০২৩ বর্ষৰ জানুৱাৰী মাহৰ প্রথমছোৱাত এক অনুষ্ঠানৰ যোগেদি বঁটা প্রদান কৰা হ’ব।

error: Warning, you aare not allowed to copy this element