Join Assam Study Centre Channel

Daily Current Affairs G.K. 24-06-2020 । Updated Daily

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  ইন্দিৰা ৰসই যোজনা, ৰহিংগীয়াৰ সমস্যা, ৰাষ্ট্রসংঘৰ অস্ত্র বাণিজ্য চুক্তি আদি বিষয় সামৰি লোৱা হৈছে। পঢ়ক আমাৰ Daily Current Affairs G.K. 24-06-2020 । Updated Daily নিয়মীয়াকৈ ।

 

আজিৰ  প্রশ্নোত্তৰঃ

Daily Current Affairs G.K. 24-06-2020 । Updated Daily

 

) তলৰ কোনটো আন্তঃৰাষ্ট্রীয় সংস্থাই ম্যানমাৰক ৰহিংগীয়াসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কৈছে ?

ক) ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগ

খ) ৰাষ্ট্রসংঘ

গ) নিৰাপত্তা পৰিষদ

ঘ) আন্তঃৰাষ্ট্রীয় ন্যায়ালয়

 

) বিশ্বৰ কোনখন দেশত প্রথমখন যোগ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছে ?

ক) আমেৰিকা

খ) জাপান

গ) ৰাছিয়া

ঘ) কানাডা

 

) ভাৰতৰ কোনখন ৰাজ্যই বাবা ৰামদেৱৰ বিৰুদ্ধে কৰণাৰ মেডিচিন অনুমতি নোলোৱাকৈ পৰীক্ষা কৰাৰ বাবে আদালতত এক গোচৰ ৰজু কৰিছে ?

Daily Current Affairs G.K. 24-06-2020 । Updated Daily

ক) মধ্যপ্রদেশ

খ) ৰাজস্থান

গ) উত্তৰপ্রদেশ

ঘ) মহাৰাষ্ট্র

 

) বিশ্ব কাৰাটে সংস্থাই সাময়িকভাবে তলৰ কোনখন দেশৰ কাৰাটে এছচিয়েনৰ স্বীকৃতি বাতিল কৰিছে ?

ক) পাকিস্থান

খ) মালয়েচিয়া

গ) ইণ্ডোনেছিয়া

ঘ) ভাৰত

 

) ভাৰতে ৰাষ্ট্রসংঘৰ সাহার্য আৰু কার্যকৰী গোটক (UNRWA) পৰৱর্তী দুই বছৰৰ বাবে কিমান পৰিমাণৰ সাহার্য বিচাৰিছে ?

Daily Current Affairs G.K. 24-06-2020 । Updated Daily

ক) ১০ মিলিয়ন মার্কিন ডলাৰ

খ) ১৫ মিলিয়ন মার্কিন ডলাৰ

গ) ৫ মিলিয়ন মার্কিন ডলাৰ

ঘ) ৭ মিলিয়ন মার্কিন ডলাৰ

 

) ভাৰতৰ কোনখন ৰাজ্যই “ইন্দিৰা ৰসই যোজনা” আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ?

ক) মধ্যপ্রদেশ

খ) মহাৰাষ্ট্র

গ) ৰাজস্থান

ঘ) উত্তৰপ্রদেশ

 

)  কেন্দ্রীয় চৰকাৰে কিমান পৰিমাণৰ ধন “পশুপালন আন্তঃগাথঁনি উন্নয়ন পুঁজি”লৈ আগবঢ়াইছে ?

ক) ১৫০০০ কোটি

খ) ১০০০০ কোটি

গ) ২০০০০ কোটি

ঘ) ৮০০০ কোটি

 

)  তলৰ কোনখন ৰাষ্ট্রই শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ অস্ত্র বাণিজ্য চুক্তিত অন্তঃভূক্ত হোৱাৰ সিদ্ধান্ত লৈছে ?

ক) ভাৰত

খ) চীন

গ) ইজৰাইল

ঘ) ইৰাণ

 

উত্তৰসমূহঃ

Daily Current Affairs G.K. 24-06-2020 । Updated Daily

 

১) ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগ

ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগে ম্যানমাৰৰ ৰাখিন ৰাজ্যত ( Rakhine State) চৰকাৰে যি ইণ্টাৰনেট বন্ধ কৰি ৰাখিছে তাক উঠাই লবৰ বাবে কৈছে। তদুপৰি তাত পূর্ণপর্য্যায়ত মিডিয়া, কূটনৈতিক কার্যকলাপ চলাবৰ বাবে নির্দেশ দিছে।

 

২) আমেৰিকা

আমেৰিকাৰ লছ এঞ্জেলচত বিশ্বৰ প্রথমখন যোগ বিশ্ববিদ্যালয় ষষ্ঠ আন্তঃৰাষ্ট্রীয় যোগ দিৱস উপলক্ষে প্রতিষ্ঠা কৰা হৈছে। ইয়াত বিবেকানন্দ যোগ বিশ্ববিদ্যালয়ে পাঠ্যক্রমসমূহ আগবঢ়াই লৈ যাব।

 

৩)  ৰাজস্থান

ৰাজস্থান চৰকাৰে যোগগুৰু বাবা ৰামদেৱৰ বিৰুদ্ধে আদালতত এক গোচৰ দাখিল কৰিছে। এই গোচৰ শেহতীয়াকৈ কৰণাৰ মেডিচিন কোনোধৰণৰ অনুমতি নোলোৱাকৈ আক্রান্ত ব্যক্তিৰ ওপৰত পৰীক্ষা কৰাৰ বাবে ৰজু কৰা হৈছে।

 

৪) ভাৰত

আন্তঃৰাষ্ট্রীয় কাৰাটে এছচিয়নে ভাৰতীয় কাৰাটে এছচিয়েচনৰ স্বীকৃতি সাময়িকভাবে বাতিল কৰিছে। ২০১৯ চনৰ এছচিয়েচনৰ  নির্বাচনত ভাৰতীয় সংস্থাটোৱে বিশ্ব সংস্থাটোৰ নীতি-নিয়ম মানি নচলাৰ বাবে এই বাতিলকৰণ কৰা হৈছে।

 

Daily Current Affairs G.K. 24-06-2020 । Updated Daily

 

৫)  ১০ মিলিয়ন মার্কিন ডলাৰ

ৰাষ্ট্রসংঘৰ সাহার্য আৰু কার্যকৰী গোটক ভাৰত চৰকাৰে পেলেষ্টাইনী শৰণার্থীসকলৰ বাবে ১০ মিলিয়ন মার্কিন ডলাৰৰ সাহার্য আগবঢ়াবলৈ অনুৰোধ জনাইছে।

 

৬) ৰাজস্থান

ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে ২৪ জুন তাৰিখে ঘোষণা কৰে যে ৰাজ্যখনত তেওঁ “ইন্দিৰা ৰসই যোজনা” আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে আচঁনিখনৰ মূল উদেশ্য হৈছে “ No One Sleeps Hungry” ।

 

৭) ১৫০০০ কোটি

কেন্দ্রীয় চৰকাৰে পশুপালন আন্তঃগাঠঁনি উন্নয়নৰ বাবে ১৫০০০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছে। আত্মনির্ভৰ ভাৰত অভিযানৰ লগত সংগতি ৰাখি এই পুঁজিৰ অনুমোদন দিয়া হৈছে।

 

৮) চীন

বিশ্বত অস্ত্রৰ বাণিজ্য পৰিচালনা কৰিবৰ বাবে চীনে শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ অস্ত্র বাণিজ্য চুক্তিত অন্তভূক্ত হোৱাৰ সিদ্ধান্ত লৈছে। এই ঘোষণা কৰি চীনৰ চৰকাৰে কয় যে আন্তঃৰাষ্ট্রীয় শান্তি নিৰাপত্তা ৰক্ষা কৰিবৰ বাবে চীন চৰকাৰ দায়বদ্ধ।

 

আপুনি যদি আমাৰ Daily Current Affairs G.K. 24-06-2020 । Updated Daily পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element