Join Assam Study Centre Channel

Daily Current Affairs G.K. 23-06-2020 । Updated Daily

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  পি এম কেয়াৰ পুঁজি, RIC মিটিং, জগন্নাথ ৰথ যাত্রা, সাম্প্রদায়িক টুইট। কভিড-১৯ ৰ আয়ুবের্দিক মেডিচিন আদি বিষয় সামৰি লোৱা হৈছে। পঢ়ক আমাৰ Daily Current Affairs G.K. 23-06-2020 । Updated Daily নিয়মীয়াকৈ। ডাউনলোড কৰক আমাৰ এণ্ড্রইড এপ।

 

আজিৰ  প্রশ্নোত্তৰঃ

Daily Current Affairs G.K. 23-06-2020 । Updated Daily

 

) ভাৰতত থলুৱাভাবে ৫০০০০ ভেণ্টিলেটৰ প্রস্তুত কৰিবৰ বাবে পি এম কেয়াৰ পুঁজিৰ পৰা কিমান পৰিমাণৰ ধনৰ আৱণ্টন দিয়া হৈছে ?

ক) ২০০০ কোটি

খ) ৩০০০ কোটি

গ) ১০০০ কোটি

ঘ) ১৫০০ কোটি

 

) ভাৰতৰ কোনখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ে টুইটাৰ, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ সমূহলৈ সাম্প্রদায়িক টুইটৰ বিৰুদ্ধে ব্যবস্থা লবৰ বাবে জাননী জাৰি কৰিছে ?

ক) দিল্লী

খ) তেলেংগানা

গ) বম্বে

ঘ) মাদ্রাজ

 

) কোনখন ৰাষ্ট্রই ২০২০ বর্ষত সীমিত হজযাত্রা অনুষ্ঠিত কৰিব ?

ক) UAE

খ) Saudi Arab

গ) Bahrain

ঘ) Qater

 

) ভাৰতৰ কোনটো কোম্পানীয়ে কভিড-১৯ ৰ আয়ুবের্দিক মেডিচিন প্রস্তুত কৰি উলিয়াইছে বুলি দাবী কৰিছে ?

ক) ৰিলায়েঞ্চ

খ) ডাবৰ

গ) পটঞ্জলি

ঘ) হিমালয়া

 

Daily Current Affairs G.K. 23-06-2020 । Updated Daily

) কোনখন ৰাষ্ট্রই ভাৰতীয় নাগৰিকক “বিশ্ব সন্ত্রাসবাদী” বুলি পাকিস্থানে কৰা চেষ্টাক ব্লক কৰিছে ?

ক) ৰাছিয়া

খ) ইংলণ্ড

গ) ফ্রান্স

ঘ) আমেৰিকা

 

) ৰাছিয়া-ভাৰত-চীনৰ মাজত  ২৩ জুনত অনুষ্ঠিত হোৱা মন্ত্রী পর্যায়ৰ বৈঠকত ভাৰতৰ হৈ কোনে অংশগ্রহণ কৰিছে ?

ক) এছ জয়শংকৰ

খ) ৰাজনাথ সিং

গ) নির্মলা সীতাৰামন

ঘ) হর্ষ বর্ধন

 

)  কোনখন ৰাষ্ট্রই সাময়িকভাবে H-1B ভিছা আৰু আন কামৰ বাবে প্রদান কৰা ভিছা বন্ধ কৰিছে ?

ক) ইংলণ্ড

খ) ফ্রান্স

গ) জার্মানী

ঘ) আমেৰিকা

 

)  উচ্চতম ন্যায়ালয়ে ঐতিহাসিক জগন্নাথ ৰথ যাত্রা কোনখন চহৰত অনুষ্ঠিত কৰাৰ অনুমতি প্রদান কৰিছে ?

ক) এলাহাবাদ

খ) পুৰী

গ) জামচেদপুৰ’

ঘ) ৰায়পুৰ

 

উত্তৰসমূহঃ

 

১) ২০০০ কোটি

পি এম কেয়াৰ পুঁজিৰ পৰা ভাৰতত থলুৱাভাবে ৫০০০০ ভেণ্টিলেটৰ প্রস্তুত কৰিবৰ বাবে ২০০০ কোটি টকাৰ অনুদান আগবঢ়াইছে। ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ চৰকাৰী হস্পিতেলসমূহত এই ভেণ্টলেটৰ যোগান ধৰা হ’ব।

 

২) তেলেংগানা

তেলেংগানা উচ্চ ন্যায়ালয়ে চচিয়েল নেটৱর্কিং চাইট টুইটাৰ, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ সমূহলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰি প্রশ্ন কৰিছে যে কিয় কভিড-১৯ ৰ লগত জড়িত কৰি তথা মুছলীম সকলক লক্ষ্য কৰি কৰা টুইট সমূহ মছি দিয়া হোৱা নাই।

 

৩)  চৌদি আৰৱ

চৌদি আৰৱে ঘোষণা কৰিছে যে কৰণাৰ সংক্রমণৰ বাবে ২০২০ বর্ষত “অতি সীমাবদ্ধতাৰে” হজ যাত্রা অনুষ্ঠিত কৰিব।যিসকল লোক চৌদি আৰৱত বাস কৰি আছে তেওঁলোকৰ বাবেহে এইবাৰ হজ মুকলি থাকিব।

 

৪) পটঞ্জলি

Daily Current Affairs G.K. 23-06-2020 । Updated Daily

২৩ জুন, ২০২০ তাৰিখে পটঞ্জলিয়ে ঘোষণা কৰিছে যে তেওঁলোকে কভিড-১৯ ৰ আয়ুবের্দিক মেডিচিন প্রস্তুত কৰি উলিয়াইছে। আনহাতে এই প্রসংগত চৰকাৰী কতৃপক্ষ বা বৈজ্ঞানিক ভাবে কোনো নিশ্চিতি প্রদান কৰা হোৱা নাই।

 

৫)  আমেৰিকা

ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ খন অনুমোদন কমিটিত পাকিস্থানে ভাৰতীয় নাগৰিকক “বিশ্ব সন্ত্রাসবাদী “ হিচাপে স্বীকৃতি প্রদান কৰিব লাগে বুলি কৰা প্রস্তাবক আমেৰিকাই নাকচ আৰু ব্লক কৰিছে।

 

৬) এচ জয়শংক

কেন্দ্রীয় বৈদেশিক পৰিক্রমা দপ্তৰৰ মন্ত্রী এচ জয়শংকৰে ২৩ জুন, ২০২০ তাৰিখে ৰাছিয়া-ভাৰত-চীনৰ মাজত মন্ত্রী পর্যায়ৰ এক ভার্চুৱেল বৈঠকত ভাৰতৰ হৈ অংশগ্রহণ কৰে।

 

৭) আমেৰিকা

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে ২২ জুনত এক আদেশ জাৰি কৰি H-1B ভিছা সাময়িকভাবে বাতিল কৰিছে। উল্লেখযোগ্য যে এই ভিছা ভাৰতৰ আই টি খণ্ডৰ ব্যক্তিসকলৰ মাজৰ এক জনপ্রিয় ভিছা।

 

৮) পুৰী

বিশ্বখ্যাত জগন্নাথ মন্দিৰৰ ৰথ যাত্রা উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ পাছত বহু সীমাবদ্ধতাৰ মাজত আজি ২৩ জুন তাৰিখে পুৰীত আৰম্ভ হয়।

 

আপুনি যদি আমাৰ Daily Current Affairs G.K. 23-06-2020 । Updated Daily পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element