Join Assam Study Centre Channel

Daily Current Affairs G.K. 19-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নির্বাচন, ভাৰতৰ প্রথম ভ্রাম্যমান কভিড টেষ্টিং লেব, বিশ্বৰ সর্ববৃহৎ কভিড হস্পিতেল আদি বিষয় সামৰি লোৱা হৈছে। Daily Current Affairs G.K. 19-06-2020 | আজিৰ কাৰেণ্ট এফেয়ার্চ

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) বিশ্বৰ সর্ববৃহৎ অস্থায়ী কভিড হস্পিটেল ভাৰতৰ কোনখন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত স্থাপনৰ পৰিকল্পনা কৰা হৈছে ?

ক) মহাৰাষ্ট্র

খ) দিল্লী

গ) তামিলনাডু

ঘ) গুজৰাট

 

) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ২০২০ চনৰ নির্বাচনত কোনখন ৰাষ্ট্রই আফ্রিকাৰ আসন দখল কৰিছে ?

ক) কেনিয়া

খ) দিবৌটি

গ) জাম্বিয়া

ঘ) ইজিপ্ত

 

) ভাৰতীয় বায়ু সেনাই ৩৩ খন নতুন যুঁজাৰু জেট বিমানঙ্কোনখন দেশৰ পৰা ক্রয় কৰাৰ বাবে কেন্দ্রৰ ওচৰত প্রস্তাব দাখিল কৰিছে ?

ক) ফ্রান্স

খ) ৰাছিয়া

গ) জার্মানী

ঘ) আমেৰিকা

Daily Current Affairs G.K. 19-06-2020

 

) কোনখন ৰাষ্ট্রৰ ৰাষ্ট্রপতিয়ে তেওঁলোকৰ দেশৰ ৰাজনৈতিক সীমা উন্নীতকৰণৰ বাবে হোৱা সংবিধান সংশোধনত সন্মতি দিছে য’ত ভাৰতৰ ভূখণ্ড সামৰি লোৱা হৈছে  ?

ক) চীন

খ) পাইস্থান

গ) ভূটান

ঘ) নেপাল

 

) তলৰ কোনটো কোম্পানী নেট ডেব মুক্ত কোম্পানী হিচাপে পৰিগণিত হৈছে ?

ক) টাটা ষ্টিল

খ) ভাৰতীয় তেল নিগম

গ) ৰিলায়েঞ্চ ইণ্ড্রাষ্টিজ

ঘ) আদিত্য বিৰলা গ্রুপ

 

) কোনে ভাৰতৰ প্রথম ভ্রাম্যমান কভিড পৰীক্ষা লেবৰ শুভাৰম্ভ কৰিছে ?

ক) ড˚ হর্ষ বর্ধন

খ) আমিত শ্বাহ

গ) জে পি নন্দা

ঘ) নৰেন্দ্র মোডী

 

) ভাৰতীয় ফুটবল ফেডাৰেচনে ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়ক আই এম ভিজয়নৰ নাম কি বঁটাৰ বাবে মনোনীত কৰিছে ?

Daily Current Affairs G.K. 19-06-2020

ক) পদ্মশ্রী

খ) পদ্ম ভূষণ

গ) ৰাজীৱ গান্ধী খেল ৰত্ন

ঘ) দ্রোণাচার্য বঁটা

 

)  এছিয়ান আন্তঃগাঠঁনি বিনিয়োগ বেংক (Asian Infrastructure Investment Bank) এ কিমান পৰিমাণৰ ঋণ ভাৰতলৈ দিবৰ বাবে পৰিকল্পনা কৰিছে ?

ক) ৫০০ মিলিয়ন মার্কিন ডলাৰ

খ) ৬০০ মিলিয়ন মার্কিন ডলাৰ

গ) ৭৫০ মিলিয়ন মার্কিন ডলাৰ

ঘ) ৬৬০ মিলিয়ন মার্কিন ডলাৰ

 

 

উত্তৰসমূহঃ

 

১) দিল্লী

দিল্লী চৰকাৰে দক্ষিণ দিল্লীত কভিড -১৯ ৰোগীৰ বাবে বিশ্বৰ সর্ববৃহৎ অস্থাঈয় চিকিৎসালয় স্থাপনৰ পৰিকল্পনা কৰিছে। এই চিকিৎসালয়ত মুঠ ১০০০০ খন বিছনাৰ সুবিধা থাকিব। উল্লেখযোগ্য যে ২২ খন ফুটবল ফিল্ড লগ লগালে যিমান ভূখণ্ড হ’ব এই চিকিৎসালয়ো সিমানেই ডাঙৰ হ’ব।

 

২) কেনিয়া

Daily Current Affairs G.K. 19-06-2020

ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নির্বাচনত কেনিয়াই আফ্রিকাৰ আসনখনৰ বাবে প্রতিদন্দিতা কৰি দিবৌটিক পৰাস্ত কৰে।

 

৩) ৰাছিয়া

ভাৰতীয় বায়ু সেনাই কেন্দ্রীয় চৰকাৰৰ ওচৰত ৰাছিয়াৰ পৰা অত্যাধুনিক ৩৩ খন যুঁজাৰু বিমান ক্রয় কৰাৰ বাবে প্রস্তাব দাখিল কৰিছে। এই প্রস্তাব প্রধানকৈ শেহতীয়াকোই ভাৰত-চীনৰ মাজত গালৱান উপত্যকাত হোৱা ঘটনাৰ বাবে তাৎক্ষণিক ভাবে দিয়া হৈছে।

 

৪) নেপাল

১৮ জুন, ২০২০ তাৰিখে নেপালৰ ৰাষ্ট্রপতি বিদ্যা দেবী ভাণ্ডাৰীয়ে তেওঁলোকৰ দেশৰ ৰাজনৈতিক সীমা উন্নীতকৰণৰ এখন সংবিধান সংশোধনী বিলত স্বাক্ষৰ প্রদান কৰে। এই সংশোধনীত যি উন্নীতকৰণৰ প্রস্তাব দিয়া হৈছে তাত ভাৰতৰ এক বৃহৎ ভূখণ্ড সামৰি লোৱা হৈছে। নেপালৰ বিধানমণ্ডলৰ উচ্চ সদনত আজি সর্বসন্মতি মর্মে এই সংশোধনী গৃহীত কৰা হয়। উচ্চ সদনৰ সকলো সদস্যই (৫৭ গৰাকী) ইয়াক সমর্থন জনায়।

 

৫) ৰিলায়েঞ্চ ইণ্ড্রাষ্টিজ লিমিটেড

যোৱা দুই মাহৰ ভিতৰত বিনিয়োগৰ যোগেদি ৰিলায়েঞ্চ ইণ্ড্রাষ্টিজ লিমিটেডে নিজৰ পুঁজি ১,৬৮,৮১৮ কোটিলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত কোম্পানীটো নেট-ডেবট মুক্ত কোম্পানী হিচাপে পৰিগণিত হয়।

 

৬) ড˚ হর্ষ বর্ধন

ভাৰতৰ গ্রাম্যাঞ্চল আৰু দূর্গম অঞ্চল সমূহত কভীদ-১৯ টেষ্টৰ বাবে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড˚ হর্ষ বর্ধনে ভাৰতৰ প্রথম ভ্রাম্যমান লেবৰ আজি শুভাৰম্ভ কৰে।

 

৭) পদ্মশ্রী

 

সর্বভাৰতীয় ফুটবল ফেডাৰেচনে ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়ক আই এম ভিজয়নৰ নাম পদ্মশ্রী বঁটাৰ বাবে মনোনীত কৰিছে। পদ্মশ্রী বঁটা হৈছে ভাৰতৰ চতুর্থ শীর্ষ অসামৰিক বঁটা। ৫১ বছৰীয়া ফুটবলাৰ আই এম ভিজয়নে ভাৰতীয় ফুটবললৈ বহু অৱদান আগবঢ়াই থৈছে।

 

৮) ৭৫০ মিলিয়ন মার্কিন ডলাৰ

এছিয়ান আন্তঃগাঠঁনি বিনিয়োগ বেংক ( Asian Infrastructure Investment Bank) এ ভাৰতলৈ মুঠ ৭৫০ মিলিয়ন আমেৰিকান ডলাৰ ঋণ হিচাপে আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। এই ধনৰাশি কৰণাত দ্বাৰা প্রভাবিত লোকসকলক পুনৰ শক্তিশালী কৰাৰ বাবে ব্যৱহৃত হ’ব।

আপুনি যদি আমাৰ এই বিষয়সমূহ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element