Join Assam Study Centre Channel

Daily Current Affairs G.K. 18-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  ভাৰতৰ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদ, গৰীৱ কল্যাণ ৰোজগাৰ অভিযান, Uyghur Muslims   আদি বিষয় সামৰি লোৱা হৈছে। Daily Current Affairs G.K. 18-06-2020

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) কিমানটা ভোট লাভ কৰি ভাৰত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নির্বাচিত হৈছে ?

ক) ১৮৭

খ) ১৮৯

গ) ১৯২

ঘ) ১৮৪

 

) প্রধানমন্ত্রী মোডী ডাঙৰীয়াই কেতিয়া গৰীৱ কল্যাণ ৰোজগাৰ অভিযান আৰম্ভ কৰিব ?

ক) ২২ জুন

খ) ১ জুলাই

গ) ২০ জুন

ঘ) ২১ জুন

 

) গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ বাবে সর্বমুঠ কিমান পুঁজি আবণ্টিত কৰা হৈছে ?

ক) ৫০,০০০ কোটি

Daily Current Affairs G.K. 18-06-2020

খ) ২০,০০০ কোটি

গ) ২৫,০০০ কোটি

ঘ) ৪০,০০০ কোটি

 

) ভল্কান ব’জকিৰ  ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ ৭৫ সংখ্যক সভাপতি হিচাপে নির্বাচিত হৈছে তেওঁ কোন ৰাষ্ট্রৰ ?

ক) ৰাছিয়া

খ) আর্মেনিয়া

গ) জার্মানী

ঘ) তুর্কী

 

) গৰীৱ কল্যাণ ৰোজগাৰ অভিযান কিমানখন ৰাজ্যত প্রয়োগ কৰা হ’ব ?

ক) ৬

খ) ৭

গ) ৩

ঘ) ৪

 

) কোনখন ৰাষ্ট্র মূৰব্বীয়ে Uyghur মুছলিমসকলৰ চিকিৎসাৰ ক্ষেত্রত চীনৰ বিষয়াৰ ওপৰত প্রতিবন্ধকতা লগাবৰ বাবে এক বিলত স্বাক্ষৰ কৰিছে ?

ক) ভাৰত

খ) আমেৰিকা

গ) ম্যানমাৰ

ঘ) ফ্রান্স

 

Daily Current Affairs G.K. 18-06-2020

 

) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নির্বাচনত তলৰ কোনখন ৰাষ্ট্রই প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে ?

ক) মেক্সিকো

খ) আয়াৰলেণ্ড

গ) কানাডা

ঘ) নৰৱে

 

)  প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কিমানটা কয়লা খননৰ নিলাম আৰম্ভ কৰিছে ?

ক) ৪৩ টা

খ) ৪২ টা

গ) ৪০ টা

ঘ) ৪১ টা

 

 

উত্তৰসমূহঃ

 

১) ১৮৪

১৭ জুন ২০২০ তাৰিখে ভাৰতে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে ২ বছৰীয়া কার্যকালৰ বাবে নির্বাচিত হয়। ভাৰতে ১৯২ টা ভোটৰ ভিতৰত মুঠ ১৮৪ টা ভোট লাভ কৰি নির্বাচিত হৈছে।

 

২) ২০ জুন

প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে অহা ২০ জুন, ২০২০ তাৰিখে এক ভিডিও কনফাৰেন্সিংৰ যোগেদি “গৰীৱ কল্যাণ ৰোজগাৰ অভিযান” আৰম্ভ কৰিব। বিহাৰৰ খাগাৰিয়া জিলাত আৰম্ভ হ’বলগীয়া এই অভিযানৰ দ্বাৰা গ্রাম্য ভাৰতৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব দিয়া হ’ব।

 

৩) ৫০,০০০ কোটি টকা

Daily Current Affairs G.K. 18-06-2020

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ যোগেদি সর্বমুঠ ৫০,০০০ কোটি টকাৰ আবণ্টন দিয়া হৈছে। এই অভিযানৰ যোগেদি প্রব্রজিত শ্রমিকৰ সংস্থাপনৰ সুবিধা সৃষ্টি কৰা হ’ব।

 

৪) তুর্কী

তুর্কীৰ কুটনীটিবিদ ভল্কান ব’জকিৰ বিনাপ্রতিদ্বন্দিতাৰে ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ সভাপতি হিচাপে নির্বাচিত হৈছে। তেওঁ সাধাৰণ সভাৰ ৭৫ সংখ্যক সভাপতি হ’ব।

 

৫) ৬

তুর্কীৰ কুটনীটিবিদ ভল্কান ব’জকিৰ বিনাপ্রতিদ্বন্দিতাৰে ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ সভাপতি হিচাপে নির্বাচিত হৈছে। তেওঁ সাধাৰণ সভাৰ ৭৫ সংখ্যক সভাপতি হ’ব।

 

৫) ৬

প্রথম পর্যায়ত গৰীৱ কল্যাণ ৰোজগাৰ অভিযান ৬ খন ৰাজ্যৰ ১১৬ খন জিলাত আৰম্ভ কৰা হ’ব।

 

৬) আমেৰিকা

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সংখ্যালঘু মুছলীম Uighur সকলৰ চিকিৎসাক কেন্দ্র কৰি চীনা বিষয়াসকলৰ ওপৰত প্রতিবন্ধকতা লগাবৰ বাবে এক বিলত স্বাক্ষৰ প্রদান কৰিছে।

Daily Current Affairs G.K. 18-06-2020

 

৭) কানাডা

ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ পশ্চিম ইউৰোপ আৰু অন্যান্য ৰাষ্ট্রৰ শাখাত থকা দুখন আসনৰ বাবে কানাডাই আয়াৰলেণ্ড আৰু নৰৱেৰ লগত প্রতিদন্দিতা কৰিছিল। ইয়াত নৰৱেই মুঠ ১৩০ টা ভোট আৰু আয়াৰলেণ্ডে ১২৮ টা ভোট লাভ কৰি নির্বাচিত হৈছে।

 

৮) ৪১

প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে দেশৰ মুঠ ৪১ টা কয়লা খনন ক্ষেত্রৰ নিলাম ১৮ জুনত এক ভিডিও কনফাৰেন্সিঙৰ যোগেদি আৰম্ভ কৰে।

আপুনি যদি আমাৰ এই বিষয়সমূহ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element