Join Assam Study Centre Channel

Daily Current Affairs G.K. 14-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  Medal of Order of Australia বঁটা, ২০২০-২১ বিত্তীয় বর্ষৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আইন, “Poonam Avlokkan” জৰীপ Central Board of Indirect Taxes and Customs,  “Jagananna Chedodu” আচঁনি  আদি বিষয় সামৰি লোৱা হৈছে।

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) ২০২০-২১ বিত্তীয় বর্ষৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত সর্বোচ্চ কিমান পৰিমাণৰ পুঁজি আৱণ্টন দিয়া হৈছে ?

ক) ২,০১,৫০০ কোটি

খ) ৩,০১,৫০০ কোটি

গ) ১,০১,৫০০ কোটি

ঘ) ৪,০১,৫০০ কোটি

 

) ভাৰতৰ কোনে সংগীত আৰু নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে Medal of Order of Australia বঁটা লাভ কৰিছে ?

ক) যশৰাজ

খ) শোভা শেখৰ

গ) অনুস্কা শংকৰ

ঘ) শিৱকুমাৰ বার্মা

 

) ভাৰতৰ কোনখন ৰাজ্যই ইয়াৰ পৰিৱেশ মন্ত্রণালয় বিভাগটোক নতুনকৈ “Environment and Climate Change Ministry” লৈ নামাকৰণ কৰিবৰ বাবে প্রস্তাৱ গ্রহণ কৰিছে?

ক) মহাৰাষ্ট্র

খ) উত্তৰপ্রদেশ

গ) গুজৰাট

ঘ) মধ্যপ্রদেশ

 

) “Poonam Avlokkan” জৰীপ মতে গিৰ অভয়াৰণ্যত এছিয়াৰ সিংহৰ সংখ্যা কিমান শতাংশ বৃদ্ধি পাইছে ?

ক) ৩২ %

খ) ২৯ %

গ) ২২ %

ঘ) ৩৯ %

 

) Central Board of Indirect Taxes and Customs এ বেংগালুৰু আৰু চেন্নাইত ৰপ্তানিজাত সামগ্রীৰ ক্ষীপ্রতাৰে মুকলি কৰি দিবৰ বাবে কোনটো কার্যসুচী আৰম্ভ কৰিছে ?

ক) স্পীড কাষ্টম

খ) কুইক কাষ্টম

গ) টুৰন্ত কাষ্টম

ঘ) তেজ কাষ্টম

 

) ভাৰতৰ কোনখন ৰাজ্যই ইয়াৰ দর্জী, ধোবি আৰু নাপিতসকলৰ বাবে “Jagananna Chedodu” আচঁনি আৰম্ভ কৰিছে ?

ক) তামিলনাডু

খ) অন্ধ্রপ্রদেশ

গ) তেলেংগানা

ঘ) কেৰেলা

 

) ভাৰতৰ কোনটো সংস্থাই বিন-১৯ (BIN-19) নামৰে মাস্ক নষ্ট কৰিব পৰা এক অটমেটিক মেছিন প্রস্তুত কৰি উলিয়াইছে ?

ক) প্রান্তি চলিউচনচ

খ) ভি এচ টি মবিলিটি চলিউচনচ

গ) মেত্রোমেডি চলিউচনচ

ঘ) প্রেক্টো

 

)  ৩৩ বছৰীয়া লাইটৱেইট বক্সিং চেম্পিয়ন Oleksandr Gvozdyk এ অৱসৰ ঘোষণা কৰিছে । তেওঁ কোনখন দেশৰ ?

ক) লেবানন

খ) জর্দান

গ) ইউক্রেইন

ঘ) তাজিকিস্তান

 

 

উত্তৰসমূহঃ

 

১) ১,০১,৫০০ কোটি

মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আইনৰ বাবে ২০২০-২১ বিত্তীয় বর্ষলৈ সর্বমূঠ ১,০১,৫০০ কোটি টকা আৱণ্টন দিয়া হৈছে। ইতিমধ্যে ৩১, ৪৯৩ কোটি টকা মোকলাই দিয়া হৈছে। উল্লেখযোগ্য যে এই আইনৰ অধীনত এইয়াই হৈছে বর্তমানলৈকে মোকলাই দিয়া সর্বোচ্চ ধনৰাশি।

 

২) শোভা শেখৰ

ভাৰতীয় সংগীতজ্ঞ শোভা শেখৰে ২০২০ বর্ষত অষ্ট্রেলিয়াৰ ৰাণীৰ জন্মদিন উপলক্ষে Medal of the Order of Australia বঁটা লাভ কৰিছে।

 

৩) মহাৰাষ্ট্র

৫ জুন , বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহাৰাষ্ট্রৰ ৰাজ্যিক কেবিনেটে মুখ্যমন্ত্রী উদ্ধৱ বাল থাকৰেৰ নেতৃত্বত ইয়াৰ ৰাজ্যিক পৰিৱেশ বিভাগটোক নতুনকৈ “ Environment and Climate Change Ministry” লৈ নামাকৰণ কৰিবৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই বিভাগটোৱে এতিয়াৰ পৰা প্রকৃতিৰ ৫ টা উপাদান – মাটি, পানী, জুই, বায়ু আৰু আকাশ এই কেইটা চোৱা-চিতা কৰিব।

 

৪) ২৯ %

Poonam Avlokkan জৰীপ অনুসৰি গুজৰাটৰ গিৰ অভয়াৰণ্যত এছিয়াৰ সিংহৰ সংখ্যা ২০১৫ চনৰ ২৭ শতাংশৰ পৰা ২৯ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৫ চনত এইবিধ সিংহৰ সংখ্যা ৫২৩ টা আছিল। এতিয়া ইয়াৰ সংখ্যা ৬৭৪ টালৈ বৃদ্ধি পাইছে।

 

৫) টুৰন্ত কাষ্টম

Central Board of Indirect Taxes and Custome এ বেংগালুৰু আৰু চেন্নাইত ৰপ্তানিজাত সামগ্রীৰ দ্রুত মুকলিকৰণৰ বাবে টুৰণ্ট কাষ্টম নামৰ এক কার্যসুচী আৰম্ভ কৰিছে। এই কার্যসুচী এক ৰাষ্ট্রীয় কার্যসুচী আৰু ২০২০ চনৰ ডিচেম্বৰৰ ৩১ তাৰিখৰ ভিতৰত সমগ্র ৰাষ্ট্রক সামৰি লোৱা হ’ব।

 

৬) অন্ধ্রপ্রদেশ

অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী ৱাই এচ জগন মোহন ৰেড্ডীয়ে ৰাজ্যখনৰ নাপিত, ধোবি, আৰু দর্জীসকলৰ আর্থিক সকাহ দিবৰ বাবে এক আচঁনি ঘোষণা কৰিছে। এই আচঁনিৰ অধীনত ১০০০০/- টকাকৈ তেওঁলোকক প্রদান কৰা হয়।

 

৭) ভি এচ টি চলিউচনচ 

কোচিনত থকা এক সংস্থা ভি এচ টি চলিউচনচে কভিদ-১৯ ত ব্যবহাৰকাৰীয়ে ব্যবহাৰ কৰা পৰিত্যক্ত মাস্ক  অট’মেটিক ভাবে নষ্ট কৰিবৰ বাবে বিন-১৯ নামৰ এটা মেছিন প্রস্তুত কৰি উলিয়াইছে।

 

৮) ইউক্রেইন

১০ জুন, ২০২০ তাৰিখে ইউক্রেইনৰ ৩৩ বছৰীয়া লাইটৱেইট বক্সিং চেম্পিয়ন Oleksandr Gvozdyk এ তেওঁৰ অৱসৰ ঘোষণা কৰিছে । তেওঁক সমগ্র বিশ্বত “The Nail” নামেৰে জনা যায়। ২০১২ চনৰ অলিম্পিকত তেওঁ ব্রঞ্জৰ পদক লাভ কৰিছিল। ২০১৮ চনত তেওঁ বিশ্ব বক্সিং চেম্পিয়নচিপৰ লাইটৱেইট শাখাত চেম্পিয়নৰ খিতাপ অর্জন কৰিছিল।

Leave a Comment

error: Warning, you aare not allowed to copy this element