Join Assam Study Centre Channel

Daily Current Affairs G.K. 13-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  আন্তঃৰাষ্ট্রীয় এলবিনিজম দিৱস, ইউনিচেফৰ শিশু শ্রমিকৰ ওপৰত প্রতিবেদন্ , ঘৰ ঘৰ নিগৰাণি এপ, চাইবাৰ-ফিজিকেল ব্যবস্থা, দিল্লীৰ দুর্যোগ ব্যবস্থাপনা ব্যবস্থা আদি বিষয় সামৰি লোৱা হৈছে। Read Daily Current Affairs G.K. 13-06-2020 । পৰীক্ষাৰ বাবে এপ্রয়োজনীয়।

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) কিমান তাৰিখে আন্তঃৰাষ্ট্রীয় এলবিনিজম দিৱস উদ্‌যাপন কৰা হয় ?

ক) ১৩ জুন

খ) ১৪ জুন

গ) ১৫ জুন

ঘ) ১৬ জুন

 

) ভাৰতৰ কোনখন ৰাজ্যই শেহতীয়াকৈ “পশু নীতি” আৰম্ভ কৰিছে ?

ক) অসম

খ) উত্তৰপ্রদেশ

গ) গুজৰাট

ঘ) জম্মু কাশ্মীৰ

 

) শিশু শ্রমিকৰ বাবে কোনটো সংস্থাই এক প্রতিবেদন প্রকাশ কৰিছে ?

ক) ইউনিচেফ

খ) আন্তঃৰাষ্ট্রীয় শ্রমিক সংগঠন

গ) ছার্ক

ঘ) ইউনিচেফ আৰু আন্তঃৰাষ্ট্রীয় শ্রমিক সংগঠন

 

) “ঘৰ ঘৰ নিগৰাণি” নামৰ এক মবাইল এপ্লিকেশ্বন কোনখন ৰাজ্যই আৰম্ভ কৰিছে ?

ক) মধ্যপ্রদেশ

খ) দিল্লী

গ) পাঞ্জাব

ঘ) বিহাৰ

 

) কোনে সামাজিক স্থানত সামাজিক দুৰত্বক মনিটৰ কৰিবলৈ এক চাইবাৰ-ফিজিকেল ব্যবস্থা প্রস্তুত কৰিছে ?

ক) আই আই টি দিল্লী

খ) আই আই টি কাণপুৰ

গ) আই আই টি খড়গপুৰ

ঘ) আই চি আম আৰ

 

) পুলিচ আৰু নিৰাপত্তাৰ লগত জড়িত ব্যক্তিসকলৰ ইউনিফর্ম চেনিটাইজ কৰিবৰ বাবে “Germiklean” নামৰ ব্যবস্থা কোনে আৰম্ভ কৰিছে ?

ক) আই চি এম আৰ

খ) ডি আৰ ডি অ

গ) দিল্লী চৰকাৰ

ঘ) কেন্দ্রীয় চৰকাৰ

 

) ব্যক্তিগত খণ্ডৰ বেংকবিলাকৰ মালিকীস্বত্ব পৰীক্ষা কৰিবলৈ কেন্দ্রীয় ৰিজার্ভ বেংকে গঠন কৰা পেনেলৰ মূৰব্বী কোন ?

ক) পি কে মহান্তি

খ) এচ বি বোপান্না

গ) ৰঘুৰাম ৰাজন

ঘ) টি এন চেটার্জী

 

)  কোনখন ৰাজ্যই কভিড-১৯ ৰ পৰীক্ষা কৰিবৰ বাবে ইয়াৰ ৭৫ খন জিলাত TrueNat মেছিন ব্যবহাৰ কৰাৰ অনুমতি লাভ কৰিছে ?

ক) উত্তৰপ্রদেশ

খ) দিল্লী

গ) পশ্চিমবংগ

ঘ) গুজৰাট

 

 

উত্তৰসমূহঃ

 

Daily Current Affairs G.K. 13-06-2020

 

 

১) ১৩ জুন

১৩ জুন তাৰিখে প্রত্যেক বছৰে আন্তঃৰাষ্ট্রীয় এলবিনিজিম দিৱস উদ্‌যাপন কৰা হয়। এলবিনিজিম ৰোগত ভূগি থকা ব্যক্তিসকলৰ মানব অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে এই দিৱস পালন কৰা হয়। এই বছৰৰ শ্লোগান আছিল “Made to Shine” । ছাল, চকু আৰু চুলিত হোৱা এই ৰোগৰ বাবে ব্যক্তিসকলক সাধাৰণতে বৈষম্যৰ দৃষ্টিকোণেৰে চোৱা হয়, সেয়ে তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰিবলৈ ৰাষ্ট্রসংঘই এই দিবস উদ্‌যাপন কৰি আহিছে।

 ইউৰোপ আৰু আমেৰিকাত প্রত্যেক ১৭০০০ জন ব্যক্তিৰ মাজত এজন এই ৰোগৰ ব্যক্তি পোৱা যায়। আফ্রিকা –চাহাৰাৰ প্রত্যেক ১৪০০ জন ব্যক্তিৰ মাজত ১ জন এই অসুখত ভোগা দেখা যায়।

 

২) জম্মু কাশ্মী

জম্মু কাশ্মীৰৰ চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনত পশু নীতি বলবৎ কৰিছে। মুঠ ৫০ কোটি টকা ৰাজ্যখনত ব্রইলাৰ ফার্ম আৰু অন্যান্য ফার্ম খুলিবৰ বাবে চৰকাৰে ঘোষণা কৰিছে। তাত নিয়োগ সৃষ্টিৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

 

৩) ইউনিচেফ আৰু আন্তঃৰাষ্ট্রীয় শ্রমিক সংগঠন

ইউনিচেফ আৰু আন্তঃৰাষ্ট্রীয় শ্রমিক সংগঠনে যুটীয়াভাবে কভিড-১৯ ৰ পৰিপ্রেক্ষিতত শিশু শ্রমিকৰ বাবে এক প্রতিবেদন প্রকাশ কৰিছে। কভিড- ১৯ ৰ বাবে সমগ্র বিশ্বত দৰিদ্রতাৰ পৰিমাণ বৃদ্ধি পাব বুলি তেওঁলোকে আশংকা প্রকাশ কৰিছে যাৰ ফলত শিশু শ্রমিকৰ মাত্রা বৃদ্ধি হোৱাৰ সম্ভাবনা অধিক।

 

৪) পাঞ্জাব

১২ জুন ২০২০ ত পাঞ্জাব চৰকাৰে ‘ঘৰ ঘৰ নিগৰাণি’ নামৰ এক মবাইল এপ্লিকেশ্বন আৰম্ভ কৰিছে যাৰ যোগেদি ঘৰে ঘৰে এক সমীক্ষা চলোৱা হ’ব। এই সমীক্ষা কৰণা ভাইৰাচৰ সংক্রমণৰ ওপৰত কৰা হ’ব।  পাঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দ সিংয়ে এই এপটোৰ শুভাৰম্ভ কৰে। ৩০ বছৰৰ তলৰ সকলো ব্যক্তিক ইয়াত সামৰি লোৱা হ’ব। বর্তমানলৈকে ৫১৮ খন গাঁৱত এই সমীক্ষা কৰা হৈছে। ইয়াত পোৱা গৈছে যে ৪.৮৮ শতাংশ লোক উচ্চৰক্তচাপত, ০.১৪ % কিডনী, ০.৬৪ % হার্ট, ০.১৩% কেন্সাৰ আৰু ০.১৩ % লোক টি.বি. ত ভূগি আছে।

 

৫) ই আই টি খড়গপু

য়াই আই টি খড়গপুৰে এক কৃত্রিম চাইবাৰ-ফিজিকেল ইণ্টেলিজেঞ্চ ব্যবস্থা তৈয়াৰ কৰিছে। ইয়াৰ সহায়ত সাওমাজিক স্থানসমূহত সামাজিক দুৰত্ব জনসাধাৰণে কিমান মানি চলিছে তাৰ ওপৰত কঠোৰ চকু ৰখা হ’ব।

 

৬) ডি আৰ ডি অ

The Defense Research and Development Organisation চমুকৈ ডি আৰ ডি অ এ Gemiklean নামৰ এক চেম্বাৰ প্রস্তুত কৰি উলিয়াইছে। ইয়াৰ যোগেদি পুলিচ আৰু নিৰাপত্তাৰ লগত জড়িত থকা ব্যক্তিসকলৰ ইউনিফর্ম চেনিটাইজ কৰা হ’ব। ১৫ মিনিটৰ ভিতৰত মুঠ ১৫ জোৰ ইউনিফর্ম চেনিটাইজ কৰা সম্ভৱ এই চেম্বাৰৰ যোগেদি।

 

৭) পি কে মহান্তি

কেন্দ্রীয় ৰিজার্ভ বেংকে পি কে মহান্তিৰ নেতৃত্বত ব্যক্তিগত খণ্ডৰ বেংকবিলাকৰ মালিকীস্বত্ব পৰীক্ষা কৰিবৰ বাবে এক কার্যকৰী গোট গঠন কৰি দিছে।

 

৮) উত্তৰপ্রদেশ

উত্তৰপ্রদেশ চৰকাভে কভিড-১৯ পৰীক্ষাৰ বাবে ইয়াৰ ৭৫ খন জিলাত TrueNat নামৰ এক মেছিন ব্যবহাৰ কৰিবৰ বাবে আই চি এম আৰৰ অনুমতি লাভ কৰিছে। বর্তমান ৰাজ্যখনে প্রত্যেক দিনে ১৫০০০ টা টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছে। এই লক্ষ্য ২০২০ চনৰ জুন মাহৰ মাজভাগত সম্পুর্ণ কৰাৰ কথা চৰকাৰে কৈছে। এই মছিনৰ সহায়ত পৰীক্ষাৰ ফলাফল এক বা দুই ঘণ্টাৰ ভিতৰত দিব পাৰে।

Leave a Comment

error: Warning, you aare not allowed to copy this element