Join Assam Study Centre Channel

Daily Current Affairs G.K. 09-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  ২০২০ বর্ষৰ সূর্যগ্রহণ, ভাৰত-ডেনমার্ক চুক্তি, লকডাউনৰ সময়সীমা আদিক সামৰি লোৱা হৈছে।

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) ২০২০ চনৰ সূর্যগ্রহণ কিমান তাৰিখে হ’ব ?

ক) ১৫ জুন

খ) ২২ জুন

গ) ২১ জুন

ঘ) ২৭ জুন

 

) ২০২০ বর্ষত তলৰ কোনটো আন্তঃৰাষ্ট্রীয় সংগঠনে ৭৫ বছৰত ভৰি দিব?

ক) বিশ্ব স্বাস্থ্য সংস্থা

খ) বিশ্ব বেংক

গ) ৰাষ্ট্রসংঘ

ঘ) নাটো

 

) উত্তৰ কোৰিয়াই কোনখন দেশৰ লগত ইয়াৰ সম্পর্ক বাতিল কৰিছে ?

ক) দক্ষিণ কোৰিয়া

খ) চীন

গ) জাপান

ঘ) আমেৰিকা

 

) কোনখন ৰাষ্ট্রত নিজৰ সৈন্যবাহিনীৰ সংখ্যা কমাবলৈ আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে আদেশ জাৰি কৰিছে ?

ক) জাপান

খ) জার্মানী

গ) ফ্রান্স

ঘ) ইজৰাইল

 

) সাগৰীয় সীমাৰ ক্ষেত্রত কোন দুখন ৰাষ্ট্রি এক চুক্তিত স্বাক্ষৰ কৰিছে ?

ক) ইংলণ্ড-আয়াৰলেণ্ড

খ) গ্রীচ- ইটালী

গ) শ্রীলংকা-ভাৰত

ঘ) ভাৰত-ম্যানমাৰ

 

) ভাৰতৰ কোনখন ৰাজ্যই কভিড-১৯ ৰ বাবে লকডাউনৰ সময়সীমা ৩০ জুন, ২০২০ লৈকে বৃদ্ধি কৰিছে?

ক) দিল্লী

খ) কর্ণাটক

গ) পশ্চিমবংগ

ঘ) উত্তৰপ্রদেশ

 

) Online Waste Exchange Platform ভাৰতৰ কোনখন ৰাজ্যই আৰম্ভ কৰিছে?

ক) গোৱা

খ) অন্ধ্রপ্রদেশ

গ) কেৰেলা

ঘ) তেলেংগানা

 

) ভাৰত আৰু ডেনমার্কে কোনটো খণ্ডত সহযোগিতাৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে?

ক) বাণিজ্য

খ) যোগাযোগ

গ) মেডিকেল ৰিচার্চ

ঘ) শক্তি

 

 

উত্তৰসমূহঃ

 

১) ২১ জুন

২১ জুন, ২০২০ তাৰিখে এইবছৰৰ সূর্যগ্রহণ দেখিবলৈ পোৱা যাব। এই সূর্যগ্রহণ ৬ ঘণ্টা ধৰি থাকিব আৰু ভাৰতৰ উত্তৰ দিশত ভালকৈ দেখিবলৈ পোৱা যাব।

 

২) ৰাষ্ট্রসংঘ

আন্তঃৰাষ্ট্রীয় শান্তি স্থাপনৰ বাবে প্রতিষ্ঠা হোৱা আন্তঃজার্তিক সংগঠন ৰাষ্ট্রসংঙ্গি এইবছৰ ইয়াৰ ৭৫ তম্‌ বার্ষিকী উদ্‌যাপন কৰিব। বিশ্বৰ ১৯৩ খন দেশৰ সদস্যভূক্ত এই সর্ববৃহত সংগঠনটোৱে কভিড-১৯ ৰ পাছতেই প্রতিষ্ঠা দিৱস উদ্‌যাপন কৰিব।

 

৩) দক্ষিণ কোৰিয়া

উত্তৰ কোৰিয়াই ঘোষণা কৰিছে যে ই দক্ষিণ কোৰিয়াৰ লগত সকলোধৰণৰ সম্পর্ক ছেদ কৰিছে। দুয়োখন দেশৰ মাজত এতিয়ালৈকে প্রায় ৪৯ বাৰ হটলাইনত আলোচনা অনুষ্ঠিত হৈছিল, বিশেষকৈ কুটনৈতিক আলোচনা, অর্থনৈতিক আলোচনা, সামৰিক অভিযান, আকাশী আৰু সাগৰীয় পথত সহযোগিতাৰ বাবে।

 

৪) জার্মানী

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে জার্মানীট নিজৰ সৈন্যবাহিনীৰ সংখ্যা কমাবলৈ এক আদেশ জাৰি কৰিছে। ট্রাম্পে জার্মানীৰ পৰা ৯৫০০ টা সৈন্যবাহিনীৰ  দল আতঁৰাই আনিবলৈ আদেশ দিছে। ইয়াৰ লগে লগে জার্মানীত আমেৰিকাৰ সৈন্যবাহিনীৰ দলৰ সংখ্যা ৩৪৫০০ ৰ পৰা ২৫০০০ লৈ হ্রাস পালে।

 

৫) গ্রীচ-ইটালী

ইটালীৰ বৈদেশিক মন্ত্রী গৰাকীয়ে ৯ জুন, ২০২০ ত এথেন্স ভ্রমণ কৰে। তেওঁৰ এই ভ্রমণত ইটালী আৰু গ্রীচৰ মাজত সাগৰীৰ সীমাৰ ক্ষেত্রত এক চুক্তি স্বাক্ষৰ কৰা হয়।

 

৬) পশ্চিমবংগ

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৰাজ্যখনত লকডাউনৰ সময়সীমা ৩০ জুন ২০২০ লৈকে বৃদ্ধিৰ ঘোষণা কৰিছে।

 

৭) অন্ধ্রপ্রদেশ

অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী ৱাই এচ জগন মোহন ৰেড্ডীয়ে ৫ জুন ২০২০ তাৰিখে Online Waste Exchange Platform ৰ শুভাৰম্ভ কৰে। জাৱৰ নিস্কাষণত বর্তমান থকা অভাববিলাক দূৰ কৰিবলৈ এই ব্যবস্থাৰ আৰম্ভণি কৰা হৈছে।

 

৮) শক্তি

ডেনমার্ক আৰু ভাৰতে ৭ জুন, ২০২০ তাৰিখে শক্তিখণ্ডত সহযোগিতাৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

Leave a Comment

error: Warning, you aare not allowed to copy this element