Join Assam Study Centre Channel

পি.পি.ই. কিটৰ ক্ষেত্রত ভাৰতে কি কৰিলে ? কেন্দ্রীয় বস্ত্র মন্ত্রাণলায়ৰ এইক্ষেত্রত কি মন্তব্য

পার্ছনেল প্রটেকটিভ ইকুইপমেণ্ট, চমুকৈ পি.পি.ই. উৎপাদনত আজিৰ তাৰিখত ভাৰতে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে। চীন হৈছে এইক্ষেত্রত সর্ববৃহৎ উৎপাদনশীল দেশ।

কেন্দ্রীয় বস্ত্র মন্ত্রালায়ে পি পি ই উৎপাদনত গুণগত মানদণ্ড বর্তাই ৰাখিবৰ বাবে বহুতো গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে।

কভিড-১৯ এ সংহাৰী ৰূপ ধাৰণ কৰাৰ মুহুর্তত সমগ্র বিশ্বতে পি.পি.ই. ৰ এক অভাবনীয় নাটনিৰ সৃষ্টি হৈছিল। বিশেষকৈ ভাৰতত এই নাটনি আছিল প্রচুৰ। বৃহৎ পৰিমাণৰ ধনৰাশি ব্যয় কৰি ভাৰতে চীনৰ পৰা পি.পি.ই. ক্রয় কৰিবলগীয়া হৈছিল। তদুপৰি এই কিট সমুহ ভাৰতলৈ আনোতে হোৱা পলমৰ কথা আছিলেই।

এনে পৰিপ্রক্ষিতত ভাৰতে ঘৰুৱাভাবে পি.পি.ই কিট উৎপাদনত গুৰুত্ব দিয়ে যাৰ ফলত আজি এই সফলতা ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে। এই সম্পর্কত গঠন কৰি দিয়া টেক্সটাইল কমিটিয়ে Synthetic Blood Penetration Testing Equipment শেহতীয়াকৈ শুভাৰম্ভ কৰিছে। এই ব্যবস্থাই পি.পি.ই. কিট সমুহৰ পৰীক্ষাৰ সম্ভাবনা দেশত বৃদ্ধি কৰিলে।

ভাৰতে আজিৰ তাৰিখত দৈনিক ২.০৬ লাখ পি.পি.ই. কিট উৎপাদন কৰি আছে। এইয়া হৈছে ভাৰতৰ বর্তমানলৈকে বৃহৎ উৎপাদন। পি.পি.ই. কিটত কি কি থাকে ? এটা পি.পি.ই. কিটত জোতাৰ কভাৰ, গ্লোভচ, চকুৰ আৱৰণ, মাস্ক আৰু গাউন থাকে।

উল্লেখযোগ্য যে ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতৰ ওচৰত সর্বমুঠ ২.৭৫ লাখ পি.পি.ই. কিট আছিল আৰু এই সকলোবিলাক আন দেশভ পৰা অনা হৈছিল। আজিৰ তাৰিখত ভাৰতৰ ওচৰত ভাৰতৰ হাতত ১৫.৯৬ লাখতকৈও অধিক পি.পি.ই. কিট মজুত আছে। এই সমগ্র তথ্য শেহতীয়াকৈ ভাৰতৰ কেন্দ্রীয় বস্ত্র মন্ত্রাণলায়ে সদৰী কৰিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element