Join Assam Study Centre Channel

মিজোৰাম চৰকাৰৰ নতুন উদ্যোগিক নীতি

উত্তৰ পূর্বাঞ্চলৰ ভিতৰতে মিজোৰামে কি নতুন নীতি গ্রহণ কৰিছে ?

মিজোৰামৰ ৰাজ্যিক চৰকাৰে খেলক তেওঁলোকৰ ৰাজ্যৰ উদ্যোগিক মর্যাদা প্রদান কৰিছে। এই মর্যাদা চৰকাৰখনে ক্রীড়াৰ ক্ষেত্রখনত বিনিয়োগ বৃদ্ধিৰ বাবে গ্রহণ কৰিছে ।

মূল বিষয়ঃ

অলপতে মিজোৰামৰ চৰকাৰে এক উদ্যোগিক নীতি প্রস্তুত কৰিছে য’ত ক্রীড়াক তেওঁলোকে বিশেষভাবে অন্তঃভূক্ত কৰিছে। উত্তৰ পূর্বাঞ্চলৰ ভিতৰতে মিজোৰামে খেল জগতত অগ্রণী স্থান অধিকাৰ কৰি আছে। বিশেষকৈ মিজোৰামৰ জনসাধাৰণ  অধিক খেল প্রেমী। ভাৰতৰ বিভিন্ন প্রফেশ্বনেল ফুটবল ক্লাৱ সমূহত উত্তৰ পূর্বাঞ্চলৰ যিমান খেলুৱৈয়ে খেলি আছে সেইসকলৰ ভিতৰত  আটাইতকৈ বেছি ফুটবলাৰ আছে মিজোৰামৰ । তদুপৰি ৰাজ্যখনৰ নাম ভাৰতৰ খেলজগ্তৰ বিভিন্ন খেল যেনে হকী, ভাৰোত্তোলন আদিতো আছে।

এই খেল বিলাকৰ উপৰিও মিজোৰামৰ নাম মল্লযুদ্ধ বা আন পৰম্পৰাগত খেলত ভাৰতৰ ভিতৰতে জিলিকি আছে। আমি সকলোৱা  ISL (ইণ্ডিয়ান চুপাৰ লীগ) ৰ নাম জানো। ভাৰতত ফুটবল খেলক জনপ্রিয় কৰি তুলিবৰ বাবে ২০১৩ চনত এই লীগ আৰম্ভ হৈছিল। আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হৈছে যে ইণ্ডিয়ান চুপাৰ লীগত যিমান খেলুৱৈয়ে খেলি আছে, অতি কমেও ১৫০ জন ফুটবলাৰ কেৱল মিজোৰামৰ।

মনত ৰাখিবলগীয়াঃ

ইণ্ডিয়ান চুপাৰ লীগ ২০১৩ চনত সর্বভাৰতীয় ফুটবল ফেডাৰেচন, ষ্টাৰ স্পর্টছ আৰু ৰিলায়েঞ্চে আৰম্ভ কৰিছিল।

Leave a Comment

error: Warning, you aare not allowed to copy this element