Join Assam Study Centre Channel

Daily Current Affairs- 05-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  #iCommit, ভেকচিনৰ ক্ষেত্রত গোলকীয় মিত্রতা, বিশ্ব পৰিৱেশ দিৱস ২০২০ এই বিষয়সমুহ সামৰি লোৱা হৈছে।

 

আজিৰ প্রশ্নোত্তৰ শিতানঃ

 

১) বিশ্ব পৰিৱেশ দিৱস ২০২০ কিমান তাৰিখে উদ্‌যাপন কৰা হয় ?

ক) ৫ জুন

খ) ৪ জুন

গ) ৩ জুন

ঘ) ২ জুন

২) ২০২০ বর্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ প্রধান শ্লোগান কি ?

ক) অবৈধ বন্যপ্রাণী ব্যবসায়ৰ ক্ষেত্রত শুন্য সহন সহনশীলতা

খ) প্লাষ্টিক প্রদুষণ নাইকীয়া কৰা

গ) জনসাধাৰণক প্রকৃতিৰ লগত যোগাযোগ

ঘ) জৈৱবৈচিত্রতা

৩) ভেকচিন আৰু টীকাকৰণৰ বিশ্ব মৈত্রীৰ ক্ষেত্রত ভাৰতে কিমান পৰিমাণৰ ধনৰাশি আগবঢ়োৱাৰ কথা কৈছে?

ক) ১৫ মিলিয়ন আমেৰিকান ডলাৰ

খ) ২০ মিলিয়ন আমেৰিকান ডলাৰ

গ) ১০ মিলিয়ন আমেৰিকান ডলাৰ

ঘ) ৫ মিলিয়ন আমেৰিকান ডলাৰ

৪) ৰাষ্ট্রীয় ঘাইপথত মানুহ আৰু জীৱ-জন্তুৰ মৃত্যুৰ হাৰক বাধা দিবৰ বাবে ভাৰতত কোনে সজাগতা প্রচাৰ অভিযান আৰম্ভ কৰিছে ?

ক) নিতিন গাডকাৰী

খ) প্রকাশ জাভেদকাৰ

গ) পিয়ুচ গোৱেল

ঘ) অমিত শ্বাহ

৫) কোন মন্ত্রণালয়ে “Safe Online Learning in the times of Covid-19” নামৰ বুকলেট প্রকাশ কৰিছে ?

ক) গৃহ মন্ত্রণালয়

খ) স্বাস্থ্য বিভাগ

গ) মানৱ উন্নয়ণ মন্ত্রণালয়

ঘ) WCD মন্ত্রণালয়

৬) বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কোনে ‘#iCommit’ উদ্যোগ আৰম্ভ কৰিছে ?

ক) হর্ষ বর্ধন

খ) ৰবি শংকৰ প্রসাদ

গ) আৰ কে সিং

ঘ) পিয়ুচ গোৱেল

৭) “ফিট ইণ্ডিয়া”ই কিমানটা থলুৱা খেলক জনপ্রিয় কৰি তুলিবৰ বাবে বিশেষ চিনেমা নির্মাণ কৰিব ?

ক) ৮ টা

খ) ১৫ টা

গ) ৭ টা

ঘ) ১০ টা

৮) মুবাদলা বিনিয়োগ কোম্পানীয়ে ৰিলায়েঞ্চ জিঅ’ ৰ কিমান শতাংশ অংশীদাৰিত্ব ক্রয় কৰিছে ?

ক) ২.৮১ শতাংশ

খ) ১.৮৫ শতাংশ

গ) ১.৭৮ শতাংশ ঘ) ৩.২১ শতাংশ

 

উত্তৰসমূহঃ

 

১) ৫ জুন

 ৫ জুন তাৰিখে সমগ্র বিশ্বত বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰা হয়। পাৰিপাশ্বিক ক্ষেত্রত বিশ্ব সচেতনতা বৃদ্ধিৰ বাবে প্রতি বছৰে এই দিৱস উদ্‌যাপন কৰা হয়।

২) জৈৱবৈচিত্রতা

২০২০ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ প্রধান শ্লোগান হৈছে “জৈৱবৈচিত্রতা” (Bio-diversity)। এই বছৰৰ বিশ্ব পৰিবেশ দিৱস অষ্ট্রেলিয়া, ব্রাজিল, আমেৰিকাত হোৱা বনজুইৰ বাবে অতিশয় গুৰুত্বপূর্ণ।

৩) ১৫ মিলিয়ন আমেৰিকান ডলাৰ

৪ জুন, ২০২০ ত ইংলণ্ডে আয়োজন কৰা বিশ্ব ভেকচিন সন্মিলনত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ভেকচিন আৰু টীকাকৰণৰ বাবে বিশ্ব মৈত্রীলৈ ১৫ মিলিয়ন আমেৰিকান ডলাৰ আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে।

৪) নীতিন গাডকাৰী

কেন্দ্রীয় পথ, পৰিবহন আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে ৫ জুন ২০২০ তাৰিখে ৰাষ্ট্রীয় ঘাইপথত মানুহ, জীৱজন্তুৰ মৃত্যুৰ হাৰ কমাবৰ বাবে এক সজাগতা প্রচাৰ অভিযান আৰম্ভ কৰে। এক ভিডিও কনফাৰেন্সিংৰ যোগেদি তেওঁ এইক্ষেত্রত মানুহৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ পোষকতা কৰে।

৫) মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়

কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়ে চাইবাৰ অপৰাধৰ ক্ষেত্রত সচেতনতা বৃদ্ধিৰ বাবে ছাত্র-ছাত্রী আৰু সিক্ষকসকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে Safe Online Learning in the times of COVID-19” নামৰ এক পুস্তিকা প্রকাশ কৰে।

৬) আৰ কে সিং

স্বতন্ত্র ৰাজ্যিক শক্তি মন্ত্রী আৰ কে সিং এ ৫ জুন ২০২০ তাৰিখে শক্তি সুৰক্ষা, নৱীকৰণ শক্তিৰ ব্যবহাৰ আদিৰ বাবে #iCommit অভিযান আৰম্ভ কৰিছে।

৭) ১০

“এক ভাৰত, শ্রেষ্ঠ ভাৰত”, শ্লোগানৰ অধীনত ফিট ইণ্ডিয়াই বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সৈতে একলগে ১০ বিধ থলুৱা খেলৰ উন্নীতকৰণৰ বাবে বিশেষ চিনেমা নির্মাণ কৰাৰ কথা উল্লেখ কৰিছে। এই ১০ বিধ থলুৱা খেল হৈছে- শ্বুটিং বল, ৰোল বল, কাবাদী, মাল্লাখাম্ব, স্কো, থাং-টা, খো-খো, কালাৰিপাট্টু, টুগ অৱ ৱাৰ, গাটকা।

৮) ১.৮৫ শতাংশ

আবুধাবিস্থিত মুবাদলা বিনিয়োগ কোম্পানীয়ে শেহতীয়াকৈ ৰিলায়েঞ্চ প্লেটফর্মত

৯,০৯৩.৬০ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ দ্বাৰা কোম্পানীটোৱে জিঅ’ৰ ১.৮৫ শতাংশ অংশীদাৰিত্ব লাভ কৰিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element