Join Assam Study Centre Channel

ভাৰতৰ ভিতৰতে প্রথম “ৰাজ্যিক স্বাস্থ্য পঞ্জীয়ণ” কোনে আৰম্ভ কৰিবলৈ লৈছে ?

কর্ণাটকে দেশৰ ভিতৰতে সর্বপ্রথম “ৰাজ্যিক স্বাস্থ্য পঞ্জীয়ণ” আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এই ৰেজিষ্টাৰত ৰাজ্যখনৰ সকলো নাগৰিকক সামৰি লোৱা হ’ব। এক উন্নতমানৰ স্বাস্থ্যৰ সুবিধা প্রদান কৰিবৰ বাবে কর্ণাটক চৰকাৰে এই ব্যবস্থা গ্রহণ কৰিছে।

২৭ মে’ত কর্ণাটক চৰকাৰে ঘোষনা কৰিছে যে ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষা, উন্নীতকৰণৰ বাবে এই নতুন প্রজেক্ট তেওঁলোকে আৰম্ভ কৰিছে। স্বাস্থ্য সম্পর্কীয় সকলো তথ্যক সামৰি এই ৰেজিষ্টাৰ প্রস্তুত কৰা হ’ব। এই বিষয়ে সবিশেষ ব্যাখ্যা কৰি কর্ণাটকৰ স্বাস্থ্য মন্ত্রী কে. সুত্রধাৰে কয় যে বিশ্বব্যাপি মহামাৰীৰ ৰূপ লোৱা কভিড-১৯ ৰ সংহাৰী ৰূপৰ দৰে আন মহামাৰীক ভৱিষ্যতে যাতে সহজে নিয়ন্ত্রণ কৰিব পৰা যায় তাৰ বাবে এই পদক্ষেপ চৰকাৰখনে গ্রহন কৰিছে। এই ৰেজিষ্টাৰৰ যোগেদি ৰাজ্যখনৰ জনসাধাৰণৰ প্রত্যকগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ প্রকৃত তথ্য চৰকাৰখনে জানিবলৈ সক্ষম হ’ব।

এই প্রজেক্টটো পৰীক্ষামূলকভাবে প্রথমবাৰৰ বাবে কর্ণাটকৰ চিক্কাবলপুৰ জিলাত আৰম্ভ কৰা হ’ব।

 

উদেশ্যঃ

 

স্বাস্থ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰা মতে এই অভিলাষী প্রজেক্টটো সম্পুর্ণ জনসাধাৰণৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি গ্রহণ কৰা হৈছে। ইয়াত ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ নার্ছিং হোম, চিকিৎসালয় বিলাকৰ ৫০ শতাংশ অৱদান থাকিব।

ক) এই প্রজেক্টৰ অধীনত চৰকাৰে ৬.৫ কোটি লোকৰ তথ্য সংগ্রহ কৰিব। এই তথ্য সংগ্রহ কৰিব প্রাইমেৰী হেলথ চেণ্টাৰৰ এটা দলে, শিক্ষা বিভাগৰ কর্মচাৰীয়ে, আশা কর্মীয়ে আৰু ৰাজহ বিভাগৰ কর্মচাৰীয়ে।

খ) তথ্য সংগ্রহ কৰা ব্যক্তিগৰাকীয়ে ৰাজ্যখনৰ প্রত্যক ঘৰলৈ যাব আৰু পৰিয়ালটোৰ প্রত্যেকগৰাকী সদস্যৰ স্বাস্থ্যৰ তথ্য সংগ্রহ কৰিব।

গ) এই সংগ্রহীত তথ্যই চৰকাৰখনক জনসাধাৰণৰ বাবে উন্নতমানৰ স্বাস্থ্যৰ সুবিধা প্রদান কৰাত সহায় কৰিব। লগতে জনমুখী আঁচনিসমূহ নাগৰিক কেন্দ্রীক কৰি তোলাত সহায় কৰিব।

কর্ণাটক চৰকাৰে বিশ্বমানৰ স্বাস্থ্যৰ সেৱা জনসাধাৰণক প্রদান কৰিব বিচাৰিছে যাৰ বাবে এনে তথ্যৰ প্রয়োজন অতিশয় গুৰুত্বপূর্ণ। কর্ণাটকৰ মুখ্যমন্ত্রী বি. এচ. য়েডিয়ুৰাপ্পাই এই প্রজেক্টোলৈ সমর্থন আগবঢ়াইছে আৰু আগন্তুক কেবিনেটত এই বিষয়ে বিস্তৃত আলোচনা হোৱাৰ সভাবনা আছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element