Join Assam Study Centre Channel

The End of Bipolarity

class12 political science notes । শীতল যুদ্ধৰ সময়ত সমগ্র বিশ্ব দুটা শিবিৰত বিভক্ত হৈছিল। প্রথম বিশ্বক আমেৰিকাই প্রতিনিধিত্ব কৰাৰ বিপৰীতে দ্বিতীয় বিশ্বক প্রতিনিধিত্ব কৰিছিল ছোভিয়েট ইউনিয়নে।

পাঠৰ মূলকথা

কিন্তু ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ লগে লগে বিশ্ব ৰাজনীতিত ইতিমধ্যে প্রচলিত দ্বি-মেৰু ব্যৱস্থাটোৰ (Bipolarity) অৱসান ঘটে।  ১৯১৭ চনত ৰুছ বিপ্লৱৰ পিছত ছোভিয়েট ইউনিয়নৰ জন্ম হয়। সমাজবাদী আদৰ্শৰ ভিত্তিত নির্মিত ছোভিয়েট আর্থ-সামাজিক তথা ৰাজনৈতিক ব্যৱস্থা প্রথম বিশ্বতকৈ পৃথক আছিল। class12 political science notes

দ্বিতীয় মহাসমৰৰ পিছত ছোভিয়েট সেনাই পূব ইউৰোপৰ যিবোৰ দেশক ফেচিষ্ট শক্তিৰ কবলৰ পৰা মুক্ত কৰিছিল সেইবোৰ পিছলৈ ছোভিয়েটৰ অধীনলৈ আহিছিল। সেইবোৰ দেশৰ অথনৈতিক আৰু ৰাজনৈতিক ব্যবস্থা ছোভিয়েটৰ আৰ্হিত নির্মিত হৈছিল। ছোভিয়েট নেতৃত্বাধীন সেই ৰাষ্ট্র গোষ্ঠীক লৈয়ে দ্বিতীয় বিশ্ব বা সমাজবাদী গোষ্ঠীটো (Socialist bloc) গঠিত হৈছিল।  ১৯১৭ চনত জন্ম হোৱা ছোভিয়েট ইউনিয়নৰ প্ৰশাসনীয় আৰু অর্থনৈতিক দিশত স্থবিৰতা আহিছিল৷ এনে পৰিস্থিতিত মিখাইল গর্বাচেভে সংস্কাৰমূলক আঁচনি গ্ৰহণ কৰিছিল। অৱশ্যে গর্বাচেভৰ প্রচেষ্টাই ছোভিয়েট ইউনিয়নলৈ ভাঙোনহে কঢ়িয়াই আনিছিল।

ছোভিয়েট ইউনিয়নৰ ভাঙোনে বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। শীতল যুদ্ধৰ অৱসান, নতুন ৰাষ্ট্ৰৰ আবিৰ্ভাৱ, ক্ষমতাৰ ভাৰসাম্যত পৰিৱৰ্তন এই ক্ষেত্ৰত উল্লেখযোগ্য আছিল। দ্বিতীয় বিশ্বৰ পতনৰ পিছত পূর্বৰ সাম্যবাদী ৰাষ্ট্ৰবোৰক পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি প্ৰচেষ্টা IMF আৰু World Bank, shock Therapyৰ উদ্যোগত আৰম্ভ হৈছিল তাকে shock Therapy বুলি কোৱা হয়। কিন্তু Shock Therapyয়ে আশা কৰা মতে সফলতা লাভ কৰি নোৱাৰিলে। বৰং অর্থনৈতিক দিশত নেতিবাচক প্রভাৱহে পেলাইছিল।  শীতল যুদ্ধৰ অৱসানৰ পিছত ৰাছিয়াৰ লগত ভাৰতৰ সম্পর্ক উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

Class12 political science notes

প্রশ্নোত্তৰ

) ছোভিয়েট অর্থনীতিৰ প্রকৃতি সম্পৰ্কত তলৰ কোনটো উক্তি শুদ্ধ নহয়?

(ক) সমাজবাদ প্রভাৱশালী আদর্শ আছিল।

(খ) উৎপাদনৰ উপাদানসমূহৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্রণ।

(গ) জনসাধাৰণে অর্থনৈতিক স্বাধীনতা উপভোগ কৰিছিল।

(ঘ) অর্থনীতিৰ সকলো দিশ পৰিকল্পিত আৰু ৰাষ্টৰ দ্বাৰা নিয়ন্ত্রিত।

উত্তৰঃ গ)

) তলত দিয়াবোৰ কালনুক্রমিক (chronological) ভাৱে সজোৱা।

(ক) ছোভিয়েট ইউনিয়নৰ আফগানিস্থান আক্রমণ।

(খ) বার্লিন ৱালৰ পতন।

(গ) ছোভিয়েট ইউনিয়নৰ পতন (disintegration)।

(ঘ) ৰাছিয়ান বিপ্লব।

উত্তৰ (ঘ) (ক) (ঘ) (গ)

) তলৰ কোনটো ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ ফল নহয়?

(ক) আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ আদৰ্শগত সংঘাতৰ অৱসান।

(খ) স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথৰ (CIS) সৃষ্টি।

(গ) ক্ষমতাৰ ভাৰসাম্যত পৰিৱৰ্তন।

(ঘ) মধ্য প্রাচ্যত সংকট।

উত্তৰঃ (ঘ)

) খালী ঠাই পূৰণ কৰা ।

(ক) ছোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা ______ আদৰ্শৰ ওপৰত প্রতিষ্ঠিত আছিল।

উত্তৰঃ সমাজবাদী

(খ) ছোভিয়েট ইউনিয়নে গঠন কৰা সামৰিক জোটটো আছিল ______ ?

উত্তৰঃ Warsaw Pact.

(গ) _____দলে ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্থাত প্রভুত্ব বিস্তাৰ কৰিছিল। 

উত্তৰঃ সাম্যবাদী।

) __________ যে ১৯৮৫ চনত ছোভিয়েট ইউনিয়ন সংস্কাৰ আৰম্ভ কৰিছিল। উত্তৰঃ মিখাইল গর্বাচভে।

ঙ) ________ পতনে শীতল যুদ্ধৰ অৱসানক সূচায়।

উত্তৰ: USSR     

) কেতিয়া ছোভিয়েট ৰাছিয়াৰ জন্ম হৈছিল?

উত্তৰঃ ১৯১৭ চনত ছোভিয়েট ৰাছিয়াৰ জন্ম হৈছিল।

) কেতিয়া বিশ্ব ৰাজনীতিৰ দ্বিমেৰু ব্যৱস্থাৰ অৱসান ঘটিছিল ?

উত্তৰঃ ১৯৯১ চনৰ ২৫ ডিচেম্বৰত ছোভিয়েট ৰাছিয়াৰ পতন ঘটি নতুন ১৫ খন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টিৰ লগে লগে দ্বিমেৰু ব্যৱস্থাৰ অৱসান ঘটে।

) মিখাইল গর্বাচেভ কোন আছিল?

উত্তৰঃ  ১৯৮৫ চনত ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হোৱা ব্যক্তিজনেই হ’ল মিখাইল গর্বাচেভ। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপেই নির্বাচিত হৈছিল আৰু একে সময়তে ছোভিয়েট ৰাছিয়াৰো পতন ঘটিছিল।

) ছোভিয়েট ইউনিয়নৰ উত্তৰসূৰী কোন ৰাষ্ট্ৰ হৈছিল ?

উত্তৰ ৰাছিয়া।

বাক্যটো শুদ্ধকৈ লিখা।

) ষ্টেলিনে ছোভিয়েট ইউনিয়নৰ সংস্কাৰৰ সূচনা কৰিছিল।

উত্তৰঃ  মিখাইল গর্বাচেভে ছোভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল।

১০) কোন দলে ছোভিয়েট ৰাছিয়াক শাসন কৰিছিল ?

উত্তৰঃ সাম্যবাদী দলে।

১১) ছোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক আৰু মুখ্য কাৰণটো কি আছিল?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি তথা গ্লাচানোষ্ট আৰু পেৰেষ্ট্রাইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহৰ প্রচাৰক হিচাপে গর্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰাৰ পিছতে ছোভিয়েট ইউনিয়ন পতন তথা পৰিসমাপ্তি ঘটে।

১২)  ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত একমাত্র শক্তিশালী ৰাষ্ট্ৰ হিচাপে কোনখন দেশে গা কৰি উঠিছিল ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰই প্রধান শক্তিগোষ্ঠী ৰাষ্ট্ৰ হিচাপে গা কৰি উঠিছিল।

১৩) CISৰ সম্পূর্ণ নাম লিখা।

উত্তৰঃ Commonwealth of Independent States (স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ)

১৪) ছোভিয়েট ইউয়িন কি আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছিল?

উত্তৰঃ সাম্যবাদী আদৰ্শৰ দ্বাৰা ছোভিয়েট ইউনিয়ন পৰিচালিত হৈছিল।

১৫) ছোভিয়েট ইউনিয়নৰ কেতিয়া বিশ্ব ৰাজনীতিত আবির্ভাৱ হৈছিল?

উত্তৰঃ  ১৯১৭ চনত।

১৬) কিমান চনত ছোভিয়েট ইউনিয়ন খণ্ড-বিখণ্ড হৈছিল?

উত্তৰঃ ১৯৯১ চনত।

১৭) বিশ্ব ৰাজনীতি দ্বি-কেন্দ্রিক ৰাষ্ট্র ব্যৱস্থাৰ (BI-polar state system) অৱসানৰ মূল কাৰণ কি আছিল?

Get class12 political science notes

উত্তৰঃ দ্বিতীয় বিশ্বৰ পতন বা ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ।

১৮) কোনটো আদৰ্শৰ দ্বাৰা ৰুছ বিপ্লৱ অনুপ্রাণিত হৈছিল?

উত্তৰঃ সমাজবাদী আদর্শ।

১৯) কিমান চনত মিখাইল গর্বাচেভ ছোভিয়েট সাম্যবাদী দলৰ সাধাৰণ সম্পাদক পদত নিয়োজিত হৈছিল ?

class12 political science notes

উত্তৰ: ১৯৮৫ চনত।

২০) কিমান চনত বার্লিন ৱাল ভাঙি দিয়া হৈছিল ?

উত্তৰঃ ১৯৮৯ চনত।

২১) ৰাছিয়াৰ প্ৰথমজন নির্বাচিত ৰাষ্ট্রপতি কোন আছিল?

উত্তৰঃ  বৰিছ য়েল্টচিন।

২২) লেলিন কোন আছিল?

Best class12 political science notes

উত্তৰ: ৰুছ বিপ্লৱৰ নেতা আৰু এজন মার্ক্সবাদী চিন্তাবিদ আছিল।

২৩) USSR ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ United Soviet Socialist Republic.

২৪) দ্বিতীয় বিশ্বই কাক সুচায় ?

উত্তৰঃ ছোভিয়েট নেতৃত্বাধীন পূর্ব ইউৰোপৰ ৰাষ্ট্ৰগোষ্ঠীক।

২৫) CIS ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Commonwealth of Independent States

২৬) দ্বিতীয় বিশ্বৰ অন্তৰ্গত দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ  পোলেণ্ড, হাংগেৰী।

আপুনি যদি আমাৰ Class12 political science notes পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

২ নম্বৰৰ প্রশ্নোত্তৰ

২৭) দ্বিতীয় বিশ্ব বুলিলে কি বুজা?

উত্তৰঃ পূর্ব ইউৰোপৰ দেশসহ বিশেষকৈ ছোভিয়েট সাম্যবাদী আদৰ্শৰ ৰাষ্ট্ৰসমুহ যি সমুহ Warsaw চুক্তিৰ স্বাক্ষৰকাৰী আছিল তেনে দেশসমূহক সন্মিলিতভাবে সমাজবাদী গোট বা দ্বিতীয় বিশ্ব বুলি কোৱা হয়। এই সমূহৰ ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছোভিয়েট ৰাষ্ট্ৰৰ দৰে হোৱাৰ উপৰিও ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন আছিল।

২৮) ছোভিয়েট সংঘত গর্বাচেভে আৰম্ভ কৰা দুটা সংস্কাৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ  ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি গর্বাচেভে ‘গ্লাচনোট ‘ বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু ‘পেৰেষ্ট্রাইকা’ বা পুনৰ গঠন নামৰ দুটা সংস্কাৰমূলক নীতি আৰম্ভ কৰিছিল।

২৯) কোনে আৰু কেতিয়া জেভিয়েট ইউনিয়ন পতন হোৱা বুলি ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৯১ চনৰ ২৫ ডিচেম্বৰত ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভে পতন হোৱা বুলি  ঘোষণা কৰিছিল।

৩০) পুঁজিবাদী অর্থনীতিৰ লগত সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ দুটা পার্থক্য লিখা

উত্তৰঃ (ক) পুঁজিবাদী ৰাষ্ট্ৰৰ অর্থনৈতিক ব্যৱস্থাত মুক্ত অর্থনীতি সমর্থন কৰিছিল।

আনহাতে ছোভিয়েট ৰাছিয়াৰ অর্থনীতিয়ে মুক্ত অর্থনৈতিক প্রতিযোগিতাক বিশ্বাস কৰিছিল।

(খ) পুঁজিবাদী ৰাষ্ট্ৰৰ অর্থনীতিয়ে ব্যক্তিগত খণ্ডত গুৰুত্ব দিছিল। আনহাতে, ছোভিয়েট ৰাছিয়াৰ অর্থনীতিয়ে চৰকাৰী খণ্ডত গুৰুত্ব দিছিল। এই ক্ষেত্ৰত ছোভিয়েট ৰাষ্ট্ৰই সকলো শ্ৰেণীৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড বজাই ৰাখিবলৈ স্বাস্থ্য, শিক্ষা, শিশু আৰু অন্যান্য কল্যাণকামী পৰিকল্পনাত বিত্তীয় সাহার্য বিতৰণ কৰিছিল।

৩১) ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত উদ্ভৱ হোৱা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ  ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত উদ্ভৱ হোৱা দুখন ৰাষ্ট্ৰ হ’ল ৰাছিয়া আৰু বেলাৰুচ।

৩২) শ্বক্‌ থেৰাপি বা আঘাত নিৰাময় বুলিলে কি বুজা?

উত্তৰঃ দ্বিতীয় বিশ্বৰ দেশ তথা সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত নতুনকৈ স্বাধীন হোৱা  ৰাষ্ট্ৰসমূহৰ প্ৰধানকৈ পুজিবাদী গণতান্ত্রিক ব্যৱস্থাৰে এক নতুন অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ সুচনা হয়। এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ৰাছিয়া, মধ্য এছিয়া‌ আৰু পূব ইউৰোপৰ দেশসমূহক বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিয়ে বিশেষ ব্যৱস্থাৰগ্ৰহণ কৰিছিল। এনে ব্যবস্থাকে শ্বক্‌ বা আঘাট নিৰাময় বোলে।

৩৩) ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্পৰ্ক কেনেদৰে পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ ছোভিয়েট ৰাছিয়াভ পতনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাৰ দৰে পুজিঁবাদী ৰাষ্ট্রৰ  আধিপত্য চলিছিল। এইদৰে শীতল যুদ্ধ অৱসান ঘটি আমেৰিকা যুক্তৰাষ্ট্র বিশ্ব ৰাজনীতিত এক নতুন ব্যৱস্থা  প্রচলনৰে শক্তিশালী একনায়কত্বৰ ভূমিকা গ্ৰহণ কৰিছিল।

৩৪) ছোভিয়েট ৰাছিয়াৰ পতনৰ ফলত কিদৰে শীতল যুদ্ধ অৱসান ঘটিছিল?

উত্তৰঃ দুই শক্তিগোষ্ঠী ৰাজনৈতিক দল হিচাপে সাম্যবাদী ৰাষ্ট্র ছোভিয়েট ৰাছিয়া আৰু পুজিবাদী ৰাষ্ট্র আমেৰিকাৰ মাজত হোৱা সংঘাটে শীতল যুদ্ধৰ সমাপ্তি ঘটায়। ফলত ছোভিয়েট ইউনিয়নৰ বিভাজনে শীতল যুদ্ধৰ সমাপ্তি ঘটাই এক শান্তি প্রতিষ্ঠাৰে এক নতুন শাসন ব্যৱস্থাৰ আৰম্ভণি ঘটে।

৩৫) ছোভিয়েট ইউনিয়ন খণ্ডবিখণ্ড হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ  ১। মিখাইল গর্বাচেভে গ্ৰহণ কৰা সংস্কাৰমূলক আঁচনি।

২। গোষ্ঠীনিৰপেক্ষ দেশবোৰে লোৱা ভূমিকা।

৩৬) দ্বিতীয় বিশ্ব বুলিলে কি বুজা?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট সেনাই, ফেচিষ্ট শক্তিৰ কৱলৰ পৰা মুক্ত কৰা, পূর্ব ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ সমষ্টিকে দ্বিতীয় বিশ্ব বুলি কোৱা হয়। ছোভিয়েট ইউনিয়নৰ নেতৃত্বাধীন সেই, ৰাষ্ট্রসমুহৰ ভিতৰত হাংগেৰী, পোলেণ্ড, ৰোমানিয়া, বুলগেৰিয়া উল্লেখযোগ্য আছিল।

৩৭) চাৰিখন বলকান ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ আলবেনিয়া, বচ’নিয়া, বুলগেৰিয়া আৰু গ্ৰীচ।

৩৮) “Shock Therapy বুলিলে কি বুজা?

উত্তৰঃ সমাজবাদী গোষ্ঠীৰ পতনৰ পিছত পূৰ্বৰ সমাজবাদী ৰাষ্ট্রবোৰক পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি প্রক্রিয়া বিশ্ববেংক আৰু আন্তৰাষ্ট্ৰীয় মুদ্রা নিধিৰ (IMF) উদ্যোগত আৰম্ভ হৈছিল তাকে বিশ্ব ৰাজনীতিত Shock Therapy বুলি জনা যায়।

৩৯) ছোভিয়েট অর্থনীতিৰ দুটা বৈশিষ্ট লিখা।

উত্তৰ: ১। ৰাষ্ট্র নিয়ন্ত্রিত আৰু পৰিকল্পিত অর্থব্যৱস্থা।

২। ব্যক্তিগত সম্পত্তিৰ উচ্ছেদ।

৪০) দ্বিমেৰু (Bipolar) ৰাষ্ট্র ব্যৱস্থা বুলিলে কি বুজা ?

উত্তৰঃ দ্বিতীয় মহাসমৰৰ পিছত সমগ্র বিশ্ব দুটা শিবিৰত বিভক্ত হৈছিল। পুঁজিবাদী গোষ্ঠীৰে নেতৃত্ব বহন কৰিছিল আমেৰিকাই আৰু সমাজবাদী গোষ্ঠীৰ নেতৃত্ব লৈছিল ছোভিয়েট ৰাছিয়াই। এইদৰে  সমগ্র বিশ্বখন দুটা গোষ্ঠীত বিভক্ত হোৱাকে দ্বি-মেৰু ৰাষ্ট্ৰ ব্যৱস্থা বুলি কোৱা হয় ।

৪১) মিখাইল গর্বাচেভে গ্রহণ কৰা দুখন সংস্কাৰমূলক আঁচনিৰ নাম লিখা।

উক্তৰঃ পেৰেষ্ট্রাইকা আৰু গ্লাচনট।

৪২) ছোভিয়েট ইউনিয়নৰ ভাঙোনে বিশ্ব ৰাজনীতিলৈ অনা দুটা পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰঃ  ১। আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত থকা আদর্শগত সংঘাতৰ অৱসান।

২। স্বাধীন ৰাষ্ট্র কমনৱেলথৰ জন্ম।

৪৩) ছোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ১। সাম্যবাদী দলক কেন্দ্ৰ কৰি ৰাজনৈতিক ব্যৱস্থা পৰিচালিত।

২। বিৰোধী দলৰ অনুপস্থিতি।

৩, ৪, ৬ নম্বৰৰ প্রশ্নোত্তৰ

৪৪) ছোভিয়েট অর্থনীতি আৰু আমেৰিকাৰ দৰে পুঁজিবাদী অর্থনীতিৰ মাজত থকা তিনিটা পার্থক্য লিখা

উত্তৰ: ১। ছোভিয়েট অর্থনীতি সমাজবাদী আদৰ্শৰ ওপৰত প্রতিষ্ঠিত হোৱাৰ বিপৰীতে আমেৰিকাৰ  অর্থনীতিয়ে পুঁজিবাদী চৰিত্র বহন কৰিছিল।

২। ছোভিয়েট অর্থনীতি সম্পূৰ্ণৰূপে ৰাষ্ট্রৰ নিয়ন্ত্রণাধীন। কিন্তু আমেৰিকাৰ অর্থনীতি ব্যক্তিগত খণ্ডতহে পৰিচালিত হয়।

৩। ছোভিয়েট অর্থনীতিত ব্যক্তিগত সম্পত্তিৰ কোনো স্থান নাই। আনহাতে, আমেৰিকাৰ অর্থনীতিত ব্যক্তিগত সম্পত্তিৰ অস্তিত্ব বিদ্যমান।

৪৫) কোনবোৰ উপাদানে মিখাইল গর্বাচেভক সংস্কাৰমূলক আঁচনি গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল ?

উত্তৰঃ ১৯৮৫ চনত ছোভিয়েট ইউনিয়নৰ মামাবাদী দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰি মিখাইল গর্বাচেভে ছেভিয়েটৰ অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ সংস্কাৰ সাধনত মনোনিৱেশ কৰিছিল। অৱশ্যে তেওঁক কিছু উপাদানে সংস্কাৰমূলক আঁচনি গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। সেইবোৰ

) তথ্য প্রযুক্তিৰ ক্ষেত্ৰত ছোভিয়েটৰ অনগ্ৰসৰতাঃ  পশ্চিমৰ দেশবোৰ তথ্য-প্রযুক্তিৰ দিশত বহুত আগবাঢ়ি যোৱাৰ বিপৰীতে ছোভিয়েট পিছ পৰি ৰৈছিল। গতিকে সেই দিশত ছোভিয়েটক অন্য দেশৰ লগত সমানে আগবঢ়াই নিবৰ বাবে সংস্কাৰমূলক আঁচনিৰ প্ৰয়োজন অনুভৱ কৰিছিল।

) অর্থনৈতিক আৰু প্রশাসনীয় স্থবিৰতাঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েটৰ অর্থনৈতিক আৰু প্রশাসনীয় দিশলৈ স্থবিৰতা আহিছিল। অস্ত্রশস্ত্র নির্মাণত আৰু অধীনস্থ ৰাষ্ট্ৰসমূহৰ বিকাশৰ ক্ষেত্ৰত অধিক অর্থ ব্যয় কৰাৰ বাবে ছোভিয়েটৰ অথনৈতিক বোজা বৃদ্ধি পাইছিল। ঠিক একেদৰে সাম্যবাদী দলৰ কঠোৰ শাসনত ব্যক্তিয়ে স্বাধীনতা হেৰুৱাইছিল। জনসাধাৰণে প্রশাসনৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল।

গ) শীতল যুদ্ধই সৃষ্টি কৰা উত্তেজনাঃ শীতল যুদ্ধই, আমেৰিকা আৰু ছোভিয়েটৰ মাজত সৃষ্টি কৰা উত্তেজনা আৰু সংঘাত নাইকিয়া কৰিবৰ বাবে আৰু শান্তি ঘূৰাই আনিবৰ বাবে গর্বাচেভে সংস্কাৰৰ পোষকতা কৰিছিল।

Prepare for exam with our class12 political science notes

৪৬) ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ ফলাফল (Consequences) সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ছোভিয়েট নেতৃত্বাধীন দ্বিতীয় বিশ্বৰ পতনে বিশ্ব ৰাজনীতিত সুদৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। ইয়াৰ প্রভাৱ তথা ফলাফলসমুহ তলত দিয়া দিশকেইটাৰ জৰিয়তে ‘আলোচনা কৰিব পাৰি।

ক) শীতল যুদ্ধই সৃষ্টি কৰা উত্তেজনা (tensions) ছোভিয়েট ইউনিয়ন ভাঙোনৰ লগে লগে নাইকিয়া হৈছিল। দুয়োটা শক্তিগোষ্ঠীৰ মাজত থকা আদর্শগত সংঘাতৰ যৱনিকা পৰিছিল।

খ) শীতল যুদ্ধৰ সময়ত সৃষ্টি হোৱা সামৰিক জোট গঠনৰ প্ৰক্ৰিয়া আৰু অস্ত্রশস্ত্র প্রতিযোগিতা দ্বিতীয় বিশ্বৰ পতনৰ লগে লগে নাইকিয়া হৈছিল যিটোৱে শান্তিৰ নতুন বতৰা কঢ়িয়াই আনিছিল।

গ) দ্বিতীয় বিশ্বৰ পতনে ক্ষমতাৰ ভাৰসাম্যলৈ অভূতপূর্ব পৰিবৰ্তন আনিছিল। সমগ্র বিশ্ব এক মেৰু (Unipoler) লৈ ৰূপান্তৰিত হৈছিল। অৱশ্যে কিছুমানে বহুমেৰু (Multi-polar) ৰাষ্ট্র ব্যৱস্থাৰ সম্ভাৱনা দেখিছিল য’ত কোনো এক নির্দিষ্ট শক্তিৰ আধিপত্য নাথাকিব।

ঘ) আমেৰিকাৰ ক্ষমতাৰ দ্বাৰা সমর্থিত হৈ পুঁজিবাদী অর্থনীতি, আন্তঃৰাষ্ট্রীয় ক্ষেত্ৰত এক প্রভাৱশালী অর্থনৈতিক ব্যৱস্থালৈ পৰিণত হৈছিল। এই ক্ষেত্ৰত IMF (International Monetary Fund) আৰু World Bankৰ নিচিনা অনুষ্ঠানে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত উদাৰ গণতন্ত্রক এক উপযুক্ত সাংগঠনিক নীতি হিচাপে গ্ৰহণ কৰা হৈছিল।

ঙ) দ্বিতীয় বিশ্বৰ পতনৰ লগে লগে বিশ্বত নতুন নতুন ৰাষ্ট্ৰৰ আৱির্ভাৱ হৈছিল। কাৰণ ছোভিয়েট নেতৃত্বাধীন পূর্বৰ ৰাষ্ট্ৰবোৰে স্বতন্ত্রভাৱে নিজৰ আশা-আকাংক্ষা পূৰণৰ সপোন দেখিছিল।

৪৭) দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন অৱস্থা কেনেকুৱা আছিল বর্ণনা কৰা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নৰ অৰ্থব্যৱস্থা আছিল অতি টনকীয়াল। ছোভিয়েট ৰাছিয়াৰ অর্থব্যবস্থা সমাজবাদৰ আদৰ্শ আৰু জনকল্যাণৰ সৈতে জড়িত থকাৰ বাৰে আমেৰিকা যুক্তৰাষ্ট্রৰ বাহিৰে অন্যান্য ৰাষ্ট্ৰসমূহতকৈ ইয়াৰ অর্থনীতি শক্তিশালী তথা পৰিকল্পিত আৰু নিয়ন্ত্রিত আছিল। এই অর্থ ব্যবস্থাৰ জৰিয়তে বিভিন্ন অঞ্চলৰ মাজত যোগাযোগ, পৰিবহণ ব্যৱস্থা, উদ্যোগ স্থাপন হৈছিল। সৰু সৰু উৎপাদনক্ষম সামগ্ৰীৰ পৰা মটৰ-গাড়ী তথা ঘৰুৱা সকলো ধৰণৰ সামগ্রী উৎপাদন কৰা হৈছিল। একে সময়তে ৰাষ্ট্রই সকলো নাগৰিককে প্রয়োজনীয় মৌলিক চাহিদাসমূহৰ পূৰণৰ লক্ষ্যত স্বাস্থ্য, শিক্ষা বা শিশুৰ যত্ন আদিৰ লগতে বিভিন্ন সামগ্ৰীসমূহৰ যোগান তথা আর্থিক সাহাৰ্য প্ৰদান কৰিছিল।

৪৮) ছোভিয়েট ইউনিয়নৰ ব্যৱস্থাসমূহক লৈ ছোভিয়েটৰ জনসাধাৰণ কিয় সন্তুষ্ট নাছিল চাৰিটা কাৰণ লিখা।

উত্তৰঃ (ক) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ব্যৱস্থ্য জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। তেওঁলোকৰ এনে ব্যৱস্থাসমূহ আমোলাতান্ত্রিক আৰু প্ৰভূত্ববাদী আছিল। সেইবাবে জনসাধাৰণৰ সমর্থন তথা জনপ্রিয়তা হেৰুৱাইছিল।

(খ) ছোভিয়েট ব্যৱস্থাত অৰাজকতা, সাংগঠনিক দুর্বলতা আৰু দুর্নীতিৰ লগতে জনসাধাৰণৰ স্বাধীনতা নথকাৰ বাবে গণতান্ত্রিক সুবিধা আৰু মতামত প্রকাশৰ স্বাধীনতাৰ পৰা জনসাধাৰণ বঞ্চিত হৈছিল। ফলত প্রশাসন প্রতি জনসাধাৰণৰ আস্থা একেবাৰে নোহোৱা হৈ পৰিছিল।

class12 political science notes

(গ) ছোভিয়েট বাৱস্থাত সাধাৰণৰ জনতাতকৈ দলীয় নেতাসকলে অধিক সা-সুবিধা ভোগ কৰাৰ ফলত জনসাধাৰণ ইয়াত সন্তুষ্ট হোৱা নাছিল।

(ঘ) স্বৈৰতন্ত্রী কার্যকলাপৰ বাবে স্বৈৰাচাৰী নেতাৰ ৰাজনৈতিক বা প্রশাসনিক দিশৰ লগত জনগণৰ কোনো সম্পর্ক নথকাৰ ফলত এই ব্যৱস্থাত জনসাধাৰণ সন্তুষ্ট নাছিল।

৪৯) ছোভিয়েট ইউনিয়ন বিভাজনৰ ফলাফল অতি চমুকৈ আলোচনা কৰা।

উত্তৰঃ বিশ্ব ৰাজনীতিত ছোভিয়েট ৰাছিয়াৰ পতনৰ প্ৰভাৱ যথেষ্ট পৰিলক্ষিত হোৱা দেখা যায়। এইক্ষেত্ৰত দেখা পোৱা কিছুমান ফলাফল এনেধৰণৰ

(ক) ছোভিয়েট ইউনিয়নৰ পতন তথা বিভাজনৰ লগে লগে সমাজবাদী তথা পুজিঁবাদী ব্যৱস্থাৰ মাজত উদ্ভৱ হোৱা সংঘাতৰ ওৰ পৰে। ইয়াৰ পিছতে দুয়োটা দলৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধৰ অৱসান ঘটে।

(খ) ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত দুয়োটা শক্তিগোষ্ঠী দলৰ মাজত সৃষ্টি হোৱা অস্ত্র প্রতিযোগিতা আৰু সামৰিক গোট গঠনৰ ক্ষেত্রত সৃষ্টি থোৱা সমস্যাৰ অন্ত পেলাইছিল আৰু বিশ্বত শান্তি প্রতিষ্ঠাৰ  অন্য এক দিশৰ সূচনা হৈছিল।

(গ) ছোভিয়েট ইউনিয়নৰ পতনৰ ফলত বিভিন্ন ৰাষ্ট্রৰ মাজৰ ক্ষমতাৰ সম্পৰ্ক সলনি হ’ল আৰু নতুন আদর্শ আৰু বিভিন্ন অনুষ্ঠানৰ প্ৰভাৱৰো পৰিৱর্তন হ’ল। ফলত  আমেৰিকাক বিশ্বৰ একমাত্র শক্তিগোষ্ঠী ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰে।

(ঘ) ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে সৃষ্টি হোৱা নতুন ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্রগোট বন্ধনে আন্তর্জাতিক ৰাজনীতিত মুখ্য ভূমিকা গ্ৰহণ কৰি নতুন প্রশাসনিক ব্যৱস্থাৰ উত্থান ঘটিল।

৫০) ছোভিয়েট ইউনিয়ন বিভাজনৰ ফলত সৃষ্টি হোৱা নতুন ৰাষ্ট্রসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে  চমুকৈ লিখা।

উত্তৰঃ সাম্যবাদী ৰাষ্ট্র ছোভিয়েট ইউনিয়নৰ পতনৰ পিছতে নতুন গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰৱর্তন হৈছিল। এনে শাসন ব্যৱস্থাৰ লগে লগে ৰাছিয়াত অর্ধৰাষ্ট্ৰপতি আৰু যুক্তৰাষ্ট্ৰীয় প্রজাতন্ত্রৰ শাসন ব্যৱস্থাৰ প্ৰচলন হৈছিল। ৰাষ্ট্ৰপতিক ৰাষ্ট্রপ্রধান আৰু প্রধান মন্ত্ৰীৰ নেতৃত্বত গঠিত মন্ত্রী পৰিষদ ব্যৱস্থাৰ জৰিয়তে দেশৰ প্রশাসনিক ক্ষমতা বিভাজন কৰা হয়। এনেদৰে গণতান্ত্রিক ৰাজনৈতিক ব্যৱস্থাৰ  আর্হিৰে গঠিত নতুন ৰাষ্ট্ৰসমূহৰ ক্ষমতাশালী প্রশাসনিক ৰাষ্ট্ৰপতিৰ ব্যৱস্থাৰ প্ৰৱৰ্তন হোৱা দেখা যায়।

৫১) ভাৰত আৰু ৰাছিয়াৰ মাজত সুসম্পর্ক থকা বুলি তুমি ভাৰানে? চাৰিটা কাৰণ লিখা।

উত্তৰঃ ভাৰতে সকলো উত্তৰসুৰী সাম্যবাদীৰ ৰাষ্ট্ৰৰ লগত সুসম্পর্ক গঢ়ি আহিছে। ছোভিয়েট ইউনিয়নৰ পতনৰ পিছৰে পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা সম্পর্ক আছিল অতি ঘনিষ্ঠ।

(ক) বিশাস আৰু উমৈহতীয়া নীতি-আদৰ্শৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু ৰাছিয়াই পাৰম্পৰিক সম্বন্ধ গঢ়ি তুলিছিল।

(খ) ভাৰতৰ সামৰিক বাহিনীয়ে বেছিভাগ অস্ত্র-শস্ত্র তথা প্ৰতিৰক্ষা সামগ্ৰী ৰাছিয়াৰ পৰা লাভ কৰিব। ইয়াৰ উপৰি মহাকাশ আৰু প্ৰতিৰক্ষা পাৰমাণবিক শক্তিৰ ওপৰতে ৰাছিয়াই সহযোগিতা আগবঢ়াব।

(গ) আমদানিকৃত খনিজ তেলৰ সংকটৰ সময়ত ৰাছিয়াই ভাৰতবৰ্থক সহায়ৰ হাত আগবঢ়ায়। মুঠতে দুয়োখন দেশৰ মাজত বাণিজ্য, বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্ৰব্যৰ বে-আইনী ব্যৱসায়িক নিয়ন্ত্ৰণৰ চুক্তি স্বাক্ষৰিত হয়।

(ঘ) দুয়োখন দেশেই ৮০ তকৈ অধিক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰে। এনেদৰে দেখা যায় যে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা সুসম্পর্ক আছিল অতি ঘনিষ্ঠ।

৫২) ছোভিয়েট ইউনিয়ন কিয় বিভাজন হৈছিল ?

উত্তৰঃ বিভিন্ন কাৰণত ছোভিয়েট ইউনিয়ন বিভাজন হৈছিল।

(ক) ছোভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰণ হ’ল ভুল নেতৃত্বৰে শাসন ব্যবস্থা। এনে শাসন ব্যৱস্থাৰ ফলত জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰা ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক আৰু অর্থনৈতিক দুর্বলতাৰ বাবেই ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল।

(খ) ছোভিয়ে ইউনিয়নৰ পতনৰ মূলতে প্রশাসনিক ব্যৱস্থাত দেখা দিয়া দুর্নীতি আৰু সাম্যবাদীৰ মাজত বৃদ্ধি পোৱা স্বৈৰতন্ত্রতীয় প্রৱণতা।

(গ) জনগণক স্বাধীনতা, সমতা, জাতীয়তাবাদ, অর্থনৈতিক স্ব-নির্ভৰশীলতা আদিৰ বিষয়ে অবগত নকৰাকৈ গ্লাচনোট তথা মুক্ত বতাহ, আৰু “পেৰেষ্ট্রাইকা’ তথা পুনর্গঠন ধাৰণা কার্যকৰী কৰিব বিচৰাৰ বাবেই  ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল।

(ঘ) বিভিন্ন গণৰাজাৰ জনগণৰ মাজত জাতীয়তাবোধৰ উত্থান আৰু সার্বভৌমত্ব ৰাষ্ট্ৰ হোৱাৰ আকাংক্ষাৰ  ফলতেই ছোভিয়েট ইউনিয়ন পতনত অৰিহনা যোগাইছিল।

(ঙ) ঐতিহাসিক ঘটনা-পৰিঘটনাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ধাৰণাক কেন্দ্ৰ কৰিয়েই ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল।

৫৩) গর্বাচেভক ছোভিয়েট সমাজবাদী ব্যৱস্থাটোৰ সংস্কাৰ সাধন ঘটাৰলৈ কি কি উপাদানে উৎসাহ  যোগাইছিল?

উত্তৰঃ গর্বাচেভক ছোভিয়েট সমাজবাদী বাৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ যোগোৱা উপাদানসমূহ হলঃ

ক) সকলো ধৰণৰ তথ্য-প্রযুক্তিৰ ক্ষেত্ৰত ছোভিয়েট ৰাছিয়া অন্য দেশৰ তুলনাত অতি পিছপৰা আছিল। প্রশাসনিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰতো ছোভিয়েট ৰাছিয়াত এক স্থবিৰতাই দেথা দিছিল।

খ) ছোভিয়েট ইউনিয়নে বৃহৎ পৰিমাণৰ সম্পদ আণৱিক আৰু সামৰিক শক্তি উন্নয়নৰ বাবেহে ব্যৱহাৰ  কৰিছিল। যাৰ ফলত অর্থনীতৈক ক্ষেত্ৰত যথেষ্ট পৰিমাণে বাধাৰ সৃষ্টি হৈছিল।

গ) ১৯৭৯ চনত হোৱা আফগানিস্তানৰ ছোভিয়েট আক্রমণত ছোভিয়েট ইউনিয়নৰ শাসন ব্যৱস্থাটো একেবাৰে দুৰ্বল হৈ পৰিছিল। ইফালে পশ্চিমীয়া দেশসমুহৰ তুলনাত উৎপাদন আৰু প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত বহুগুণে পিছ পৰি ৰৈছিল। যাৰ বাবে সামগ্ৰীৰ অনাটনে খাদ্য সামগ্রীৰ আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল।

Get free notes for class 12 political science

৫৪) শ্বক্‌ থেৰাপি বুলিলে কি বুজা? সাম্যবাদী শাসনোত্তৰ কালত শ্বক থেৰাপি ব্যৱস্থাৰ ফলাফলসমূহ  কি আছিল? সাম্যবাদৰ পৰা পুঁজিবাদী অর্থনীতি ব্যৱস্থালৈ পৰিৱৰ্তন হোৱা কাৰ্যটো আটাইতকৈ উত্তম ব্যৱস্থা আছিলনে?

উত্তৰঃ ছোভিয়েট ইউনিয়ন পতন হোৱাৰ পিছত নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্রসমূহৰ পৰা একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক ব্যৱস্থালৈ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থালৈ পৰিৱর্তনৰ ফলত ৰাষ্ট্রসমূহত অচলাৱস্থাৰ সৃষ্টি হৈছিল। ফলত বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিয়ে  বিশেষ ব্যৱস্থাৰ জড়িয়তে ইয়াৰ পৰিৱর্তন আনিবলৈ চেষ্টা কৰিছিল।

শ্বক্‌ থেৰাপিৰ ফলাফল সমূহঃ

(ক) ৰাছিয়াৰ লগতে আন  আন স্বাধীন ৰাষ্ট্রসমূহত হঠাতে ৰাজনৈতিক আৰু অর্থনৈতিক পৰিবৰ্তন সংঘটিত হোৱাৰ ফলত তেওঁলোকৰ ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ পৰিৱৰ্তিত হৈছিল। ইয়াৰ লগে লগে বৃহৎ ঔদ্যোথিক এলোৰ পতন ঘটিছিল।

(খ) প্রত্যক্ষভাৱে বিদেশী ধন বিনিয়োগৰ দ্বাৰাই শ্বক থেৰাপি প্রক্রিয়াত বাণিজ্যৰ প্ৰসাৰ ঘটাৰ লগে লগে নিবনুৱা সমস্যাৰো  কিছু পৰিমাণে সমাধান হৈছিল।

(গ) শ্বক্ থেৰাপিৰ ফলত ছোভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটি স্বাধীন গণৰাজ্যবোৰে পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত  আৱদ্ধ হোৱাৰ সুধিধা লাভ কৰিছিল ।

(ঘ) অর্থনৈতিক উন্নয়ন সাধনৰ ক্ষেত্ৰত শ্বক থেৰাপিয়ে বহুতে অৰিহণা যোগাইছিল।

AHSEC class12 political science notes

সাম্যবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতিলৈ পৰিৱৰ্তন হোৱাৰ ক্ষেত্রত শ্বক থেৰাপিয়ে কিছু ক্ষেত্রত সহায়ক হৈছিল যদিও কিছু কিছু ক্ষেত্রত ইয়াৰ কু-প্রভাৱো দেখা যায়।

(ক) জনগণৰ ওপৰত বাৰুকৈয়ে হেঁচা পৰিছিল।

(খ) শ্বক থেৰাপিয়ে  ৰাছিয়াৰ যি অর্থনৈতিক ব্যবস্থা সেই ব্যবস্থা পতন ঘটাইছিল । (গ) চৰকাৰী খণ্ডৰ উদ্যোগ-প্রতিষ্ঠানৰ  বিক্ৰী কাৰ্যই নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছিল। (ঘ) খাদ্য সামগ্রীৰ নাটনিয়ে মুদ্রাস্ফীতিৰ সৃষ্টি কৰিছিল।

৫৫) কি পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি গর্বাচেভক ছোভিয়েট ৰাছিয়াত সংস্কাৰ সাধনৰ বাবে  বাধ্য কৰাইছিল ?

উত্তৰঃ (ক) তথ্য-প্রযুক্তিৰে উন্নত পশ্চিমীয়া দেশসমূহৰ তুলনাত ছোভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি আছিল। প্রশাসনীয় আৰু ৰাজনৈতিক দিশতো ছোভিয়েট ৰাছিয়াই পৰিৱৰ্তন বিচৰা নাছিল।

(খ) ছোভিয়েট ৰাছিয়াই নিজৰ বছৰেকীয়া বাজেটৰ বেছি অংশ পৰমাণু শক্তি বৃদ্ধি আৰু সামৰিক অস্ত্র শস্ত্ৰৰ বাবে ব্যৱহাৰ কৰাৰ ফলত অর্থ ব্যৱস্থাৰ ওপৰত বোজাৰ সৃষ্টি কৰিছিল।

(গ) ১৯৭৯ চনত ছোভিয়েট ৰাছিয়াৰ দ্বাৰা আফগানিস্তান আক্রমণৰ ফলত ছোভিয়েটৰ ব্যৱস্থ্য অধিক দুর্বল হৈ পৰিছিল। উৎপাদন তথা কাৰিকৰী দিশত ছোভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি আছিল। ফলত ভোগ্যজাত সমগ্ৰীৰ লগতে খাদ্যবস্তুৰ আমদানিৰ পৰিমাণে বৃদ্ধি পাইছিল। কাৰণ অর্থনীতিৰ ক্ষেত্রত ছোভিয়েট ৰাছিয়াই, কোনো ধৰণৰ অগ্রগতি লাভ কৰিব পৰা নাছিল।

To get class 12 political science solved question papers visit our website regularly

৫৬) ছোভিয়েট সমাজ ব্যৱস্থাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা

উত্তৰঃ ১৯১৭ চনত সৃষ্টি হোৱা ছোভিয়েট সমাজ ব্যৱস্থাৰ তিনিটা উল্লেখযোগ্য বৈশিষ্ট্য হল –

ক) সমতা নীতিৰ ওপৰত সমাজ ব্যৱস্থা প্রতিষ্ঠিত আছিল।

খ) ৰাষ্ট্ৰ আৰু সাম্যবাদী দলক সর্বাধিক গুৰুত্ব দিয়া হৈছিল।

গ) ব্যক্তিগত সম্পত্তিক উচ্ছেদ কৰিব বিচৰা হৈছিল।

৫৭) Indo-Russian Treaty ৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ ১৯৯৩ চনৰ জানুৱাৰী মাহত ৰাছিয়াৰ ৰাষ্ট্রপতি বৰিচ য়েল্টচিনৰ ভাৰত ভ্রমণৰ সময়ত Indo-Russian Friendship Treaty সম্পাদিত হৈছিল। ১৯৯৩ চনৰ ২১ জানুৱাৰীত সম্পাদিত এই চুক্তিৰ মূল বিধানসমূহ আছিল এনেধৰণৰ-

ক) দুয়োখন ৰাষ্ট্রই উভয়ৰে সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে কাম কৰিব।

খ) দুয়োখন ৰাষ্ট্রই উভয়ৰে স্বার্থত আঘাট সনা যিকোনো কাম নকৰিবলৈ সন্মত হৈছিল।

গ) কাশ্মীৰ সম্পর্কত ৰাছিয়াই ভাৰতক সমর্থন জনাব।

যি কি নহওক, এই চুক্তিয়ে ৰাছিয়া আৰু ভাৰতৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক বজাই ৰখাত সহায় কৰিছিল।

৫৮) ছোভিয়েট ইউনিয়নৰ ভাঙোন সম্পর্কত থকা ভিন্ন মতবাদসমূহ আলোচনা কৰা। 

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ভাঙোন সম্পর্কত মূলত দুটা মতবাদ  দেখা যায়। এটা মতবাদ অনুসৰি ছোভিয়েট ইউনিয়নৰ অধীনত থকা প্রজাতান্ত্রিক ৰাষ্ট্রসমূহত সৃষ্টি হোৱা জাতীয়তাবাদী চেতনাই ছোভিয়েট ইউনিয়নৰ ভাঙোনত অৰথনা যোসগাইছিল।

অন্যটো মতবাদ  অনুসৰি গর্বাচেভে আৰম্ভ কৰা সংস্কাৰমূলক আচঁনিয়ে জনসাধাৰণক সন্তুষ্ট কৰিব পৰা নাছিল আৰু ইয়ে পিছলৈ ছোভিয়েটৰ ভাঙোনৰ অন্যতম কাৰণ হিচাপে দেখা দিছিল।

৫৯) শীতল যুদ্ধৰ সময়ত ভাৰত আৰু ছোভিয়েট ইউনিয়ণৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা।

উত্তৰঃ শীতল যুদ্ধৰ সময়ত ভাৰত আৰু ছোভিয়েট ইউনিয়নৰ মাজত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠিছিল যিটোৱে বহুতকে, ভাৰত ছোভিয়েট গোষ্ঠীত অন্তর্ভুক্ত হৈছিল বুলি ভাবিবলৈ বাধ্য কৰিছিল। যি কি হওক, ভাৰত আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ সম্পর্ক তলত দিয়া দিশকেইটাৰ যোগেদি ব্যাখ্যা কৰিব পাৰি –

ক) অর্থনৈতিকঃ ছোভিয়েট ইউনিয়নে ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহলৈ বিত্তীয় সাহায্য আগবঢ়াইছিল যিটো খুবেই জৰুৰী আছিল। তদুপৰি ভাৰতীয় মুদ্রা বাণিজ্যিক লেনদেনৰ ক্ষেত্ৰত ছোভিয়েটে গ্রহণ কৰিছিল।

খ)  ৰাজনৈতিকঃ ছোভিয়েটে ৰাষ্ট্রসংঘত কাশ্মীৰৰ বিষয়ত ভাৰতৰ পক্ষত মাত মাতিছিল। তদুপৰি ১৯৭১ চনত ভাৰত-পাকিস্থান যুদ্ধত ছোভিয়েটে ভাৰতক সমর্থন কৰিছিল।

গ) সামৰিকঃ সামৰিক প্রযুক্তিও ভাৰতে ছোভিয়েটৰ পৰা লাভ কৰিছিল। যুটীয়াভাৱে সামৰিক সা-সৰঞ্জাম প্রস্তুতৰ বাবে ছোভিয়েটে ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। ঘ) সাংস্কৃতিক: হিন্দী বোলছবি আৰু অভিনেতা; যেনে, অমিতাভ বচ্চন, ৰাজকাপুৰ ছোভিয়েটত জনপ্রিয় আছিল। তদুপৰি বহুকেইজন ভাৰতীয় লিখক আৰু শিল্পীয়ে ছোভিয়েট ইউনিয়ন ভ্রমণ কৰিছিল।

গতিকে ওপৰৰ দিশকেইটাৰ যোগেদি ভাৰত আৰু ছোভিয়েট ইউনিয়নৰ বন্ধুত্বপূর্ণ সম্পর্ক উমান পাব পাৰি।

৬০) ছোভিয়েট ইউনিয়নৰ পতনৰ মূল কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ পিছত ছোভিয়েট ইউনিয়নৰ জন্ম হৈছিল। মুঠ ১৫খন ৰিপাব্লিকছ এই সংযুক্ত ছোভিয়েট সমাজবাদী প্রজাতন্ত্র (USSR) ত অন্তর্ভুক্ত হৈ আছিল। কিন্তু ১৯৯১ চনত এই ১৫ খন প্রজাতন্তই স্বাধীনতা ঘোষণা কৰাত ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। অৱশ্যে ছোভিয়েট ইউনিয়ন পতনৰ অন্তৰালত বহুতো কাৰণ আছিল। তাৰে কেইটামান কাৰণ তলত আলোচনা কৰা হ’ল –

ক) অর্থনৈতিক স্থবিৰতাঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েটৰ অর্থনীতি স্থবিৰ হৈ পৰিছিল। সামৰিক আৰু আণবিক অস্ত্র-শস্ত্র নির্মাণ আৰু অধীনস্থ ৰাষ্ট্রসমুহ (Satellite State)ক সাহায্য প্রদানৰ ক্ষেত্ৰত অধিক সম্পর্ক তথা অর্থ ব্যয় কৰাৰ ফলত ছোভিয়েটৰ অর্থনৈতিক বোজা বৃদ্ধি পাইছিল। আনহাতে, পশ্চিমৰ ৰাষ্টসমূহৰ অর্থনৈতিক দিশত লাভ কৰা প্ৰগতি লক্ষ্য কৰি ছোভিয়েটৰ জনসাধাৰণে নিজৰ ব্যৱস্থাটোৰ প্ৰতি অসন্তুষ্টি প্রকাশ কৰিছিল।

খ) প্রশাসনীয় আৰু ৰাজনৈতিক স্থবিৰতাঃ প্রশানীয় আৰু ৰাজনৈতিক দিশত অহা স্থবিৰতায়ো ছোভিয়েটৰ পতনৰ কাৰণ হিচাপে দেখা দিছিল। ছোভিয়েট প্রশাসন দিনে দিনে অধিক কর্তৃত্বমূলক আৰু আমোলাতান্ত্রিক হৈ পৰিছিল। প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। তদুপৰি সাম্যবাদী দলৰ নেতৃত্বত পৰিচালিত ৰাজনৈতিক ব্যৱস্থাই বিৰোধীৰ উপস্থিতি সহ্য কৰা নাছিল। এনে পৰিস্থিতিত ছোভিয়েট ইউনিয়নৰ পতন অনিবার্য হৈ পৰিছিল।

গ) গর্বাচেভৰ সংস্কাৰমূলক আঁচনিঃ গর্বাচেভে সূচনা কৰা সংস্কাৰমূলক আঁচনিত সাম্যবাদী দলৰ ৰক্ষণশীল সদস্যসকল সন্তুষ্ট হ’ব পৰা নাছিল। ছোভিয়েটক অধিক গণতান্ত্রিক আৰু নমনীয় কৰিবৰ বাবে গর্বাচেভে পেৰেষ্ট্রাইকা আৰু গ্লাচনোট নামৰ যি দুখন আঁচনি গ্ৰহণ কৰিছিল সিয়েই পিছলৈ ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হৈ পৰিছিল।

ঘ) সাম্যবাদী দলৰ আধিপত্যঃ ছোভিয়েট ইউনিয়নত একমাত্র সাম্যবাদী দলেহে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল। বিৰোধীৰ নীতি আৰু মন্তব্যক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাছিল। এনে ব্যৱস্থাৰ ফলতে চৰকাৰে জনসাধাৰণৰ সমর্থন হেৰুৱাইছিল আৰু ছোভিয়েটৰ পতনৰ পথ মুকলি হৈছিল।

ঙ) জনসাধাৰণৰ অসন্তুষ্টিঃ দেশৰ জনসাধাৰণৰ অসন্তুষ্টিকো ছোভিয়েট ইউনিয়ৰ পতন এটা কাৰণ বুলি ক’ব পাৰি। ষ্টেলিনৰ শাসনত জনসাধাৰণ ব্যতিব্যস্ত হৈ পৰিছিল। জনসাধাৰণৰ বাকস্বাধীনতা কাঢ়ি লোৱা হৈছিল। এনে পৰিস্থিতিত জনসাধাৰণে প্রচলিত ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছিল।

Class 12 political science notes pdf download

After discussing all these questions and answers of this chapter, we do believe that there is no need to provide the class 12 political science notes pdf download separately.

Leave a Comment

error: Warning, you aare not allowed to copy this element