Join Assam Study Centre Channel

Challenges of Nation Building- Class 12 Political Science Complete Study Notes

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ব্রিটিছ শাসনৰ পৰা মুক্ত হল। অর্থাৎ ভাৰতে স্বাধীনতা  লাভ কৰিলে। কিন্তু নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰত বহুতো প্রত্যাহবানৰ সন্মুখীন হ’ল। তাৰ ভিতৰত জাতি গঠন, গণতন্ত্র প্রতিষ্ঠা আৰু অর্থনৈতিক বিকাশ অন্যতম আছিল।  Challenges of Nation Building NCERT notes class 12 Political Science

পাঠৰ মূল সাৰাংশ

স্বাধীনোত্তৰ ভাৰতত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো আছিল জাতীয় একতা আৰু সংহতি বজাই ৰখা। কাৰণ ভাৰতে স্বাধীনতা লাভ কৰিছিল বিভাজিত ৰূপতহে। অর্থাৎ, ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্থান নামেৰে দুখন পৃথক ৰাষ্ট্র সৃষ্টি কৰা হ’ল।  ভাৰত বিভাজনৰ আঁচনি কার্যকৰী কৰিবলৈ যাওঁতেই ভালেমান সমস্যাৰ উদ্ভৱ হল। ধর্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ভাৰতক বিভাজিত কৰা হ’ল যদিও ইয়াৰ কুফল বহুতো ভোগ কৰিবলগীয়া হল। জাতি গঠন প্রক্রিয়া তৰাম্বিত কৰিবলৈ যাওঁতে ভাৰতে সম্মুখীন হোৱা সমস্যাবোৰৰ ভিতৰত দেশীয় ৰজাসমূহক ভাৰতৰ লগত চামিল কৰাৰ সমস্যাটো অন্যতম আছিল। বেছিভাগ দেশীয় ৰাজ্যই ভাৰত যুক্তৰাষ্ট্ৰত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল যদিও কেইখনমান ৰাজ্যই স্বতন্ত্রভাবে থকাৰ সিদ্ধান্ত লৈছিল।

তাৰ ভিতৰত মণিপুৰ, হায়দৰাবাদ, জুনাগড় আৰু কাশ্মীৰ উল্লেখযোগ্য আছিল। দেশীয় ৰাজাৰ চামিলকৰণৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা গ্রহণ কৰিছিল চর্দাৰ বল্লভ ভাই পেটেলে। দেশীয় ৰাজ্যৰ চামিলকৰণৰ লগে লগে জাতি গঠনৰ প্ৰক্ৰিয়াটো শেষ হৈ যোৱা নাছিল। ৰাজ্যসমুহৰ আভান্তৰীণ সীমা নির্ধাৰণ বিষয়টোৱেই সেই সময়ত যথেষ্ট গুৰুত্ব পাইছিল। সেই উদ্দেশ্যেই ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰা হৈছিল। ১৯৫৬ চনত ৰাজ্য পুনৰ গঠন আইনো প্রণয়ন কৰা হৈছিল। সেই মতে ১৪ খন ৰাজ্য আৰু ৬ কেন্দ্রীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছিল। অন্ধ্রপ্রদেশে ভাষাৰ ভিত্তিত গঠন কৰা প্ৰথমখন ৰাজ্যৰূপে স্বীকৃতি পাইছিল।

Challenges of Nation Building NCERT notes class 12 Political Science

১)  ভাৰত বিভাজন সম্পর্কত তলৰ কোনটো উক্তি শুদ্ধ নহয়।

ক) ভাৰত বিভাজন দ্বি-জাতি তত্ব’ ৰ এক ফল আছিল

খ) পঞ্জাব আৰু বেংগলক ধর্মৰ ভিত্তিত বিভাজিত বিভাজিত কৰা হৈছিল।

গ) পূব পাকিস্থান আৰু পশ্চিম পাকিস্থানৰ মাজত ভৌগোলিক সান্নিধ্য নাছিল।

ঘ) ভাৰত বিভাজনৰ আচঁনিত কিছুসিংখ্যক জনসাধাৰণক দেশৰ সীমাৰ বাহিৰলৈ পঠিয়াই দিয়াৰ পৰিকল্পনা চলিছিল।

উত্তৰঃ খ

২) জৱাহৰলাল নেহেৰুৱে ভাৰতক কিয় ধর্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে গঢ়ি তুলিব বিচাৰিছিল ? তুমি ভাবা নেকি সেই কাৰণবোৰ কেৱল নৈতিক আৰু আৱেগিক আছিল বা সেইবোৰ সুবিবেচিত নাছিল ?  

উত্তৰঃ নেহেৰুৱে ভাৰতক ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ মূল কাৰণ আছিল –

ক) গণতন্ত্র প্রতিষ্ঠা কৰা

খ) শান্তি আৰু উন্নয়ণ নিশ্চিত কৰা নেহেৰুৱে আগবঢ়োৱা এই কাৰণ দুটা কেৱল আৱেগিক আৰু নৈতিকহে আছিল। কাৰণ নেহেৰুৱে পশ্চিমীয়া ধাৰণা আৰু  অনুষ্ঠানসমূহক এনে এক সমাজত প্রতিষ্ঠা কৰিব বিচাৰিছিল যিখন সমাজ তাৰ বাবে পৰিপক্ক হৈ উঠা নাছিল। দ্বিতীয়তে, নেহৰুৰ এটাই বিশ্বাস আছিল যে কেৱল ঔদ্যোগিকৰণেহে ভাৰতীয় জনসাধাকণক দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত কৰিব পাৰিব। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে নেহেৰুৱে ভাৰতক ধর্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে গঢ়ি তোলাৰ আঁৰত কোনো সুবিবেচিত কাৰণ নাছিল।

৩) স্বাধীনতাৰ সময়ত পূব অঞ্চল আৰু পশ্চিম অঞ্চলত জাতি গঠনৰ ক্ষেত্ৰত সম্মুখীন হোৱা প্রত্যাহব্বান সমূহৰ মাজত থকা দুটা পার্থক্য লিখা।

উত্তৰঃ ক) প্রাদেশিক প্রশাসনত  উপনিৱেশিক ব্যৱস্থা।

খ) বিভিন্ন সম্প্রদায়ৰ ভিন্ন সাংস্কৃতিক পৰম্পৰা।

HS 2nd Year Political Science Notes

৪) ৰাজ্য পুনঃগঠন আয়োগৰ মূল কাম কি আছিল? ইয়াৰ প্ৰধান পৰামর্শ কি আছিল?

উত্তৰঃ ১৯৫৩ চনত ভাৰত চৰকাৰে গঠন কৰা ৰাজ্য পুনঃগঠন আয়োগৰ মূল কাম আছিল সীমা নতুনকৈ নিৰ্ধাৰণ কৰা। এই  আয়োগে আগবঢ়োবা আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামর্শটো আছিল ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনর্গঠন।  

৫) ভাৰতীয় জাতি গঠনত সহায় কৰা উপাদানসমূহ চিনাক্ত কৰা।  

উত্তৰঃ সাধাৰণতে এটা জাতি গঠনত বিভিন্ন উপাদানে সহায় কৰা দেখা যায়। সেই উপাদানবোৰৰ ভিতৰত – ভৌগোলিক ঐক্য,  উমৈহতীয়া বর্ণ, উমৈহতীয়া ইতিহাস, উমৈহতীয়া ধর্ম ,  উমৈহতীয়া সংস্কৃতি, উমৈহতীয়া ৰাজনৈতিক আকাংক্ষা আৰু ৰাজনৈতিক ঐক্য অন্যতম। ভাৰতত এই উপাদানবোৰ কম বেছি পৰিমাণে থকা পৰিলক্ষিত হয়। ভৌগোলিক অখণ্ডতা ভাৰতত দেখিবলৈ পোৱা যায়। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে অন্য কোনো বিদেশী ৰাষ্ট্রৰ দ্বাৰা পৃথক নোহোৱাকৈ এটা এলেকা হিচাপে বিস্তৃত হৈ আছে। সেইদৰে ভাৰত এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হলেও অধিকাংশ (প্রায় ৮০%) লোকেই হিন্দু ধর্ম গ্রহণ কৰিছে। বাৰেৰহনীয়া সংস্কৃতি ভাৰতত বিৰাজমান যদিও অনৈক্যৰ মাজত ঐক্য প্রতিষ্ঠা হৈছে। বহুভাষিক ৰাষ্ট্র হলেও ভাৰতত বেছিভাগ মানুহেই হিন্দী কয় বা বুজি পায়। তদুপৰি বৃটিছ শাসনকালত এটা মাত্ৰ ৰাজনৈতিক আকাংক্ষা জনমানসত প্রতিফলিত হৈছিল। সেইটো হৈছে বিদেশী শাসনৰ পৰা মুক্তি। অৱশ্যে ধর্ম বা জাতিৰ ধাৰণাই মাজে সময়ে সমস্যাৰ সৃষ্টি কৰে যদিও এক সবল জাতি হিচাপে ভাৰতে ইতিমধ্যে বিশ্ব দৰবাৰত নিজকে চিনাকি দিয়ে।    

৬) ভাৰতৰ প্রথম প্রধান মন্ত্রী কোন আছিল?

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু।  

৭) স্বাধীন ভাৰতে কিমান প্ৰকাৰৰ প্ৰত্যাহবানৰ সমুখীন হৈছিল ?

উত্তৰঃ তিনি প্রকাৰ  

৮) ১৯৪৭ চনৰ ১৪-১৫ আগষ্টত দুখন ৰাষ্ট্রৰ সৃষ্টি হৈছিল। ইয়াৰ এখন ভাৰতবর্ষ আৰু আনখন কি ?

উত্তৰঃ পাকিস্তান।  

৯) দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক সংঘৰ্ষৰ অঞ্চল হৈ পৰা দুখন চহৰৰ নাম লিখা।  

উত্তৰঃ কলিকতা আৰু লাহোৰ।  

১০) দেশীয় ৰাজ্য কি?

উত্তৰঃ  ৰজাৰ শাসনাধীন ৰাজ্য।  

১১) চৰ্দাৰ  বল্লভ ভাই পেটেল কোন আছিল ?

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমজন উপ-প্রধানমন্ত্রী আৰু গৃহমন্ত্রী আছিল।  

১২) স্বাধীনতা লাভ কৰাৰ সময়ত মণিপুৰ মহাৰজা কোন আছিল ?

উত্তৰঃ মহাৰাজা বোধচন্দ্র।  

১৩) কোন চনত নাগপুৰ অধিৱেশন অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯২০ চনত।  

১৪) দেশ বিভাজনৰ ফলত ক্ষতিগ্রস্ত হোৱা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ পঞ্জাৱ আৰু কাশ্মীৰ।  

১৫) শুদ্ধ নে অশুদ্ধ লিখা।  

(ক) স্বাধীন ভাৰতবৰ্ষই তিনি প্রকাৰৰ প্রত্যাহবানৰ সন্মুখীন হৈছিল।

উত্তৰঃ শুদ্ধ।  

(খ) ১৯৪৭ চনত এক বৃহৎ পৰিকল্পনাবিহীন আৰু দুখজনক ঘটনাৰে পৰিপূৰ্ণ আছিল।

উত্তৰঃ শুদ্ধ।  

(গ) পাকিস্তান সৃষ্টি আৰু দেশীয় ৰাজ্যৰ একত্ৰীকৰণৰ লগে লগে জাতি গঠন প্রক্রিয়া সমাপ্ত হৈছিল ।

উত্তৰ: অশুদ্ধ।  

(ঘ) ‘জীয়াই থকাৰ সংগ্ৰাম’ প্রকাশিত হৈছিল ১৯৫১/১৯৫৩/১৯৫৫ চনত।

উত্তৰঃ ১৯৫২ চনত

১৬) স্বাধীন ভাৰতবর্ষই গ্ৰহণ কৰা প্ৰথমটো প্রত্যাহবান কি আছিল?  

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষই গ্ৰহণ কৰা প্ৰথমটো প্রত্যাহবান হ’ল জাতি গঠন প্রক্রিয়া। ভাৰতৰ দৰে এখন বিশাল ৰাষ্ট্ৰত ঐক্য আৰু সংহতি প্রতিষ্ঠা কৰাটো এক কঠিন প্রত্যাহবান আছিল।  

১৭)  ‘আমাৰ এটা মুছলিম সংখ্যালঘু আছে যদিও সংখ্যাত ইমান বেছি যে ইচ্ছা কৰিলেও তেওঁলোক আন কলৈকো যাব নোৱাৰে ’- কোনে আৰু কেতিয়া কৈছিল?

উত্তৰঃ আমাৰ ভাৰতবর্ষত থকা সংখ্যালঘু মুছলমানসকলৰ সংখ্যা আছিল বহুত। তেওঁলোকে ইচ্ছা কৰিলেও আন ঠাইলৈ যাব নোৱাৰে। এই কথাষাৰ ১৯৪৮ চনৰ ১৫ অক্টোবৰ তাৰিখে জৱাহৰলাল নেহৰুৱে কৈছিল।

১৮) স্বাধীনতাৰ পূর্বে ভাৰতবর্ষত প্রচলিত দ্বি-ৰাষ্ট্র তত্বত কোন দুখন ৰাষ্ট্র অন্তঃভূক্ত হৈ আছিল ?

উত্তৰঃ ভাৰত আৰু পাকিস্থান  

১৯) মহাত্মা গান্ধীক কোনে আৰু কেতিয়া হত্যা কৰিছিল ?

উত্তৰঃ ১৯৪৮ চনত মহাত্মা গান্ধিক নাথুৰাম গডচে’ই হত্যা কৰিছিল।      

২০) বৃটিচ ভাৰতবর্ষ দুটা ভাগত বিভক্ত হৈ আছিল। এই ভাগ দুটা কি কি ?

উত্তৰঃ বৃটিচ ভাৰতৰ প্রদেশ আৰু দেশীয় ৰাজ্য

Challenges of Nation Building

২১) নিজাম মানে কি বুজা ?

উত্তৰঃ বৃটিছ শসিত ভাৰতবর্ষত হায়দৰাবাদৰ শাসকজনক নিজাম নামেৰে জনা গৈছিল।  

২২) কোন চনত ভাৰতৰ প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯৫২ চনৰ জুন মাহত  

২৩) দেশ বিভাজনৰ ফলত প্রভাৱিত হোৱা দুখন ৰাজ্যৰ নাম লিখা ।

আপুনি যদি আমাৰ এই  GK  পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ বা টুইটাৰত বা টেলিগ্ৰাম ‘ত অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

উত্তৰঃ জম্মু কাশ্মীৰ আৰু পাঞ্জাৱ  

২৪) এসময়ত কেন্দ্রীয় শাসিত অঞ্চল হিচাপে থকা বর্তমানৰ দুখন ৰাজ্যৰ নাম লিখা ।

উত্তৰঃ গোৱা আৰু চিকিম  

২৫) ৰাজ্যসমূহৰ পূনৰগঠন  আইন কোন চনত গৃহীত হৈছিল ? এই আইনৰ অধীনত গঠন কৰা  যিকোনো এখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ  ১৯৫৬ চনত এই আইন গৃহীত হয়। এই আইন অধীনত  অন্ধ্রপ্রদেশ গঠন কৰা হৈছিল ।  

২৬) স্বাধীনতা লাভ কৰাৰ ঠিক পাছতেই ভাৰতবর্ষই সন্মুখীন হোৱা দুটা প্রত্যাহব্বানৰ বিষয়ে আলোচনা কৰা ।  

উত্তৰঃ ভাৰতবৰ্ষই ব্রিটিছ শাসনৰ পৰা নিজকে মুক্ত কৰাৰ বাবে বহুতে আন্দোলন কৰিবলগা হৈছিল। ফলস্বৰূপে স্বাধীনতাৰ ঠিক পিছতেই ভাৰতবৰ্ষই এটা শক্তিশালী জাতিগোষ্ঠীৰ ৰূপত গঢ় দিবলৈ চেষ্টা চলাইছিল। এই ক্ষেত্ৰত নিজকে এটি শক্তিশালী জাতিগোষ্ঠীৰ ৰূপত গঢ়ি তুলিবলৈ ভাৰতবৰ্ষই কেইটিমান প্রত্যাহবানৰ সম্মুখীন হ’ব লগা হৈছিল। তাৰ ভিতৰত আছিল বৈচিত্ৰৰ মাজত ঐক্য আৰু সংহতি প্রতিষ্ঠা কৰা। ভাৰতবৰ্ষই এক ভৌগোলিক পৰিসীমাৰ ভিতৰত নানা জাতি, ধর্ম, ভাষা আৰু অঞ্চলক সামৰি এটি বৃহৎ জাতি হিচাপে গঢ়ি তুলিবলৈ কিমানদূৰ সম্ভৱ হ’ব সেইটো আছিল বৃহৎ প্রত্যাহানস্বৰূপ। একেডাল ঐক্য আৰু সংহতিৰ ডোলেৰে কিদৰে ভাৰতবৰ্ষৰ অনৈক্যৰ মাজত ঐক্যতা আনিব পাৰি তাকে কার্যকৰী কৰাটো এক বৃহৎ প্রত্যাহবানৰ সন্মুখীন হ’ব লগা হৈছিল।  

২৭) দ্বি-জাতি তত্ত্ব বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ধর্মৰ ভিত্তিত ভাৰতবৰ্ষক দুটি পৃথক জাতি তথা ৰাষ্ট্র গঠনৰ বাৰে দাবী উত্থাপন হৈ আহিছিল।   হিন্দু  অধ্যুষিত  আৰু মুছলিম  অধ্যুষিত দুয়োটা অঞ্চলৰ লোকসকলে এখনকৈ পৃথক স্বাধীন ৰাষ্ট্র গঠনৰ বাবে দাবী জনাইছিল। সেয়েহে ১৯৪৭ চনৰ ১৪ আগষ্ট আৰু ১৫ আগষ্টত দুখন স্বাধীন ৰাষ্ট্রৰ জন্ম হৈছিল। মুছলিম অধ্যুষিত ৰাষ্ট্র পাকিস্থান আৰু হিন্দু অধ্যুষিত ৰাষ্ট্র হিচাপে ভাৰতবর্ষ গঠন হয়।  

২৮) গান্ধীজীৰ কার্যবোৰ কিয় সকলোৱে পছন্দ কৰা নাছিল – ব্যাখ্যা কৰা।

উত্তৰঃ  দেশ বিভাজনৰ পিছত গান্ধীজীয়ে সাম্প্রদায়িক একতাৰ বাবে যিবোৰ প্রচেষ্টা তথা কর্মৰাজি গ্রহণ কৰিছিল সেইবোৰ সকলোৱে ভাল পোৱা নাছিল। বিশেষকৈ উগ্র সাম্প্রদায়িক গোটসমূহে ইয়াক সহজভাবে গ্রহণ কৰিব পৰা নাছিল। মহাত্মা গান্ধীয়ে ভাৰতবর্ষক হিন্দু ৰাষ্ট্র হিচাপে গঢ়ি তুলিবৰ বাবে যি চেষ্টা  চলাইছিল সেই চেষ্টাই হিন্দুসকলক গান্ধীজীৰ প্রতি যেন আৰু অধিক শত্রুজ্ঞান মনোভাব গঢ়ি তুলিছিল। সেয়ে তেওঁক হিন্দু সাম্প্রদায়িক শক্তিসমূহে শত্রুজ্ঞান  কৰিছিল। কাৰণ তেওঁলোকে গান্ধীৰ মুছলিমসকলৰ স্বাৰ্থৰ প্ৰতি থকা সজাগ আৰু সংবেদনশীলতাৰ প্ৰতিহে বেছি সন্দেহ হৈছিল। সেয়ে হিন্দুসকলে তেওঁক হত্যা কৰাৰ চেষ্টা চলাইছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে তেওঁক দিল্লীৰ সন্ধিয়াৰ প্রার্থনা সভাত প্ৰৱেশ কৰি হত্যা কৰিছিল। ।  

২৯) বৃটিছ ভাৰতৰ প্ৰদেশবোৰ কি কি আছিল। এই প্রদেশবোৰ দেশীয় ৰাজ্যবোৰৰ পৰা কেনেদৰে পৃথক আছিল ?

উত্তৰঃ বিটিছ ঔপনিবেশিক ব্যবস্থাত ভাৰতবৰ্ষত শাসন ব্যবস্থা দুই তৰপীয়া আছিল। বিশেষকৈ বৃটিছ চৰকাৰৰ প্রত্যক্ষ নিয়ন্ত্রণত পৰিচালিত শাসন ব্যৱস্থাত ভাৰতীয় প্রদেশ আৰু দেশীয় ৰাজ্যবোৰ আছিল। এই প্রদেশবোৰৰ কোনো স্বতন্ত্রতা নাছিল। ভাৰতীয় প্রদেশবোৰক পোনপটীয়াকৈ বৃটিছ শাসনৰ নিয়ন্ত্রণত আছিল। আনহাতে, দেশীয় ৰাজ্যসমূহ ব্রিটিছ ৰাজমুকুটৰ তলতীয়া ৰাজ্য  আছিল। এই দেশীয় ৰাজ্যসমূহৰ ক্ষেত্রত স্বতন্ত্রতা আছিল। এই ৰাজ্যসমূহৰ ৰজাসকলক নিজৰ দেশৰ জনসাধাৰণৰ পৰা হ’ব পৰা বিদ্রোহ তথা বহিঃশত্রুৰ আক্রমণ দুয়োটা ক্ষেত্রতে ৰক্ষণাবেক্ষণ প্রদান কৰিছিল। বৃটিছ শাসনৰ সম্পূর্ণ কর্তৃত্ব এই ৰাজ্যসমূহেও মানি চলিব লগা হৈছিল।  

৩০) স্বাধীন ভাৰতবর্ষই সহজভাৱে লাভ কৰা দুটা লক্ষ্যৰ বিষয়ে লিখা।

উত্তৰঃ স্বাধীন ভাৰতবর্ষই সহজভাৱে লাভ কৰা দুটা প্রধান লক্ষ্য হল সংবিধান প্রণয়ন আৰু গণতান্ত্রিক শাসন প্রতিষ্ঠা কৰা। এই ক্ষেত্ৰত ভাৰতৰ সংবিধান ৰচনা কৰাৰ সম্পূর্ণ দায়িত্ব সংবিধান সভাৰ হাতত অর্পণ কৰা হৈছিল। যাৰ ফলত ভাৰতবৰ্ষই এখন সুন্দৰ সংবিধান ৰচনা কৰি উলিয়াইছিল যিখন স্বাধীন ভাৰতবৰ্ষৰ বাবে এখন শক্তিশালী সংবিধান হিচাপে স্বীকৃতি লাভ কৰিছিল। আন এটা লক্ষ্য আছিল গণতান্ত্রিক শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা। ভাৰতীয় সংবিধানত উল্লেখ কৰা মতে এখন গণতান্ত্রিক শাসন ব্যৱস্থাৰ দেশ হিচাপে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তিত নিয়মীয়া নির্বাচন পতা, মৌলিক অধিকাৰ আৰু প্রত্যেক নাগৰিৰ সমভোটাধিকাৰ আৰু নিৰ্বাচনত সমানে প্রতিদ্ধন্দ্বিতা কৰাৰ অধিকাৰ আদি প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত ধর্মনিৰপেক্ষতাবাদ, দুখীয়া আৰু পিছপৰা লোকৰ কল্যাণ সাধন, জাতীয় ঐক্য আৰু সংহতি ৰক্ষা কৰি দেশৰ সৰ্বাংগীন উন্নতি সাধনত অগ্রসৰ হোৱাত সহায় কৰাৰ লগতে দেশত শান্তি স্থাপনৰ দ্বাৰা কেন্দ্র আৰু ৰাজ্য উভয়তে কল্যাণমূলক আচঁনিৰে কৰা আদি গণতান্ত্রিক ভাৱধাৰাৰে উদ্বুদ্ধ হৈছিল।  

৩১) স্বাধীন ভাৰতবর্ষৰ তিনিটা প্রত্যাহব্বান বর্ণনা কৰা ।

উত্তৰঃ স্বাধীন ভাৰতবর্ষই এখন শক্তিৰাষ্ট্র গণতান্ত্রিক ৰাষ্ট্র গঠন কৰিবৰ বাবে চিন্তা কৰিছিল। ইয়াক কৰিবলৈ যাওঁতে কিছুমান প্রত্যাহব্বানৰ সন্মুখীন হ’ব লগীয়া হৈছিল। প্রথমতে, ভাৰতবর্ষ এখন বৈচিত্রতাৰে ভৰা ৰাষ্ট্র। অনৈক্যৰ মাজত ঐক্য গঢ়ি তোলাতো প্রথম প্রত্যাহব্বান হিচাপে দেখা দিছিল। ইয়াত বিভিন্ন ভাষা, ধর্ম, সংস্কৃতিৰে পূর্ণ হৈ আছে। ফলত এখন সার্বভৌম গণতান্ত্রিক ৰাষ্ট্র গঠনৰ ক্ষেত্রত ই হেঙাৰ হৈ পৰিব বুলি ভবা হৈছিল। কাৰণ ভিন্ন ধর্ম, ভাষা-ভাষীৰ লোকেৰে পূর্ণ ৰাষ্ট্রখন কেতিয়াও এখন গণতান্ত্রিক ৰাষ্ট্র হিচাপে গঢ়ি তুলিব পৰা নাযাব।

দ্বিতীয়তে, এখন গণতান্ত্রিক ৰাষ্ট্র হিচাপে গঢ়ি তুলিবলৈ কৰা চেষ্টা আছিল আন এক প্রত্যাহব্বান। সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰ আৰু প্রত্যেক নাগৰিকৰ ভোটাধিকাৰ প্রদান কৰাতো গণতান্ত্রিক ৰাষ্ট্র এখনৰ মূখ্যতম লক্ষ্য হোৱা উচিত। কিন্তু ভাৰতবর্ষত সংসদীয় চৰকাৰ ব্যৱস্থা আৰু প্রতিনিধিত্বমূলক গণতন্ত্রৰ অৱস্থিতিয়ে গণতান্ত্রিক ৰাষ্ট্র গঢ়ি তুলিব নোৱাৰে। সেয়ে এই গণতন্ত্র বিকাশ কৰাটো আন এক প্রত্যাহব্বান বুলিব পাৰি।

তৃতীয়তে, সমাজৰ সকলো লোকৰ বিকাশ আৰু হিত চিন্তা কৰাটো আছিল অন্য এক প্রত্যাহব্বান। ভাৰতীয় সংবিধানত মৌলি অধিকাৰে সমতা আৰু পিছপৰা লোকসকলৰ বাবে বিশেষ গুৰুত্ব প্রদান কৰাৰ কথা উল্লেখ কৰি সামাজিক আৰু ধর্মীয় সম্প্রদায়ৰ লোকৰ ওপৰত গুৰুত্ব প্রদান কৰিছে। ইয়াৰ উপৰি নির্দেশাত্মক নীতিৰ দ্বাৰা কল্যাণকামী লক্ষ্যত উপনীত হোৱাৰ কথাও উনুকিয়াইছে। কিন্তু আর্থিক পৰিৱর্তনৰ দ্বাৰা দৰিদ্রতা দূৰ কৰাৰ বাবে প্রয়োজনীয় নীতি ব্যবস্থাৰ অভাবে এই ক্ষেত্রত প্রত্যাহব্বান হিচাপে থিয় দিছে।

Challenges of Nation Building NCERT notes class 12 Political Science

৩২) দেশ বিভাজনৰ ফলাফলবোৰ আলোচনা কৰা।

উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্ট আৰু ১৫ আগষ্টত বৃটিছ চৰকাৰে দেশ বিভাজন কৰি দুখন ৰাষ্ট্র গঠন কৰে। ভাৰত আৰু পাকিস্থান নামেৰে দুই ৰাষ্ট্রই বৃটিছৰ পৰা স্বাধীনভাবে চৰকাৰ গঠন কৰিবলৈ লয়। কিন্তু দেশ বিভাজনৰ ফলত হাজাৰ হাজাৰ সীমান্তৱর্তী লোকৰ সাম্প্রদায়িক সংঘর্ষত নিহত হৈছিল। লাখ লাখ মানুহৰ সা-সম্পত্তি লুট-পাত কৰাৰ উপৰিও বহু লোক গৃহহাৰা হৈছিল। শৰণার্থীৰ সমস্যাই দুয়োখন দেশত দেখা দিছিল। চুবুৰীয়া ৰাজ্যবোৰৰ স্থিতিয়ে বিশেষকৈ জুনাগড়, কাশ্মীৰ, হায়দৰাবাদ আৰু মণিপুৰক লৈ দুয়োখন দেশৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। দেশ-বিভাজনে নতুনকৈ গঠিত ৰাজ্যবোৰৰ পুনৰ গঠন, আইন গ্রহণ আৰু আয়োগ গঠন কৰাৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হৈছিল। সম্পত্তি বিতৰণ তথা প্রশাসনীয় ব্যবস্থাৰ ক্ষেত্রত বেমেজালি দেখা দিছিল। ধর্মক কেন্দ্র কৰি গঢ়ি উঠা বিসম্বাদী চিন্তাই ভাৰতীয় জাতীয় কংগ্রেছক বৰ সহজভাবে ল’ব পৰা নাছিল। ফলত সাম্প্রদায়িক সংঘর্ষই দেখা দিছিল।  

৩৩)  ৰাষ্ট্রীয় সংহতিৰ ক্ষেত্রত চৰকাৰৰ তিনিটা পদক্ষেপ আলোচনা কৰা ।

উত্তৰঃ স্বাধীন ভাৰতৰ ঐক্য আৰু সংহতি মজবুত কৰিবলৈ বিভিন্ন দৃষ্টিভংগী হাতত লৈছিল। এই ক্ষেত্রত গৰিষ্ঠসংখ্যক দেশীয় ভাৰতবর্ষত চামিল হোৱাৰ ইচ্ছা স্পষ্টভাবে প্রকাশ কৰিছিল। দেশীয় ৰাজ্যসমূহৰ জনগণৰ ভাষা, সংহতি আৰু স্বকীয় ঐতিহ্য অক্ষুণ্ণ ৰখাৰ  বাবে ব্যবস্থা কৰিছিল। দেশ বিভাজনে সুষ্টি কৰা ধব্বংস আৰু হত্যালীলাৰ ক্ষয়-ক্ষতি পূনঃনির্মাণ আৰু শক্তিশালী ভাৰত গঢ়ি তুলিবৰ বাবে এখন সুস্থ তথা সকল কার্যসূচী ৰচনা কৰাত গুৰুত্ব প্রদান কৰিছিল।  

৩৪) ৰাষ্ট্র পুনৰ গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল। ইয়াৰ কার্যাৱলীৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ  ১৯৫৩ চনত ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰা হৈছিল। এই আয়োগৰ নীতি অনুসৰি বিভিন্ন ধৰণৰ, আলোচনা আৰু অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ পুনৰ গঠনৰ পৰামৰ্শ আৰু প্ৰস্তাৱ দাঙি ধৰিছিল। ১৯৫৬ চনত ভাৰত চৰকাৰে এই আয়োগৰ ভিত্তিতে সংসদত ৰাজ্য পুনৰ গঠন আইনখন গৃহীত কৰিছিল। ভাষাৰ ভিত্তিত ভাৰতবৰ্ষত ৰাজ্য পুনৰ গঠনৰ উদ্দেশ্যে ১৪ খন ৰাজ্য আৰু ৫ খন কেন্দ্রীয় শাসিত অঞ্চল নতুনকৈ গঠন কৰা হৈছিল।  

৩৫) ভাৰতে ব্রিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল

(ক) ১৯৪৭ চনৰ ১৫ আগষ্টত

(খ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত

(গ) ১৯৪৮ চনৰ ৩ জানুৱাৰীত

(ঘ) ১৯৪৭ চনৰ ১৪ আগষ্টত।

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত  

৩৬) স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী আছিল—

(ক) ড˚ ৰাজেন্দ্র প্রসাদ

(খ) চৰ্দাৰ পেটেল

(গ) জৱাহৰলাল নেহেৰু

(ঘ) বি.আৰ, আম্বেদকাৰ

উত্তৰঃ জৱাহৰলাল নেহেৰু  

৩৭)  তলত দিয়া ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু-কাশ্মীৰক  বিশেষ ৰাজ্যৰ মর্যাদা প্রদান কৰিছিল ?

(ক) ৩৮৮

(খ) ৩৭০

(গ) ৩৫০

(৪) ৩৬০  

উত্তৰঃ ৩৭০  

৩৮) তলৰ কোনজন ভাৰতীয় সংবিধান সভাৰ সভাপতি আছিল?

(ক) ৰাজেন্দ্র প্রসাদ

(খ) বি.আৰ. আম্বেদকাৰ

(গ) জৱাহৰলাল নেহেৰু

(ঘ) মহাত্মা গান্ধী

উত্তৰঃ ৰাজেন্দ্র প্রসাদ  

৩৯) ভাৰত বিভাজনৰ সময়ত ভাৰতৰ গৱর্ণৰ জেনেৰেল আছিল

(ক) লর্ড ডাৰউইন

(খ) লর্ড মাউণ্টবেটেন।

(গ) লর্ড মিন্টো

(ঘ) লর্ড মন্টেগু

উত্তৰঃ লর্ড মাউণ্টবেটেন

৪০) পাকিস্থান সৃষ্টি হৈছিল

(ক) ১৯৪৭ চনৰ ১৫ আগষ্ট

(খ) ১৯৫৬ ১ জানুৱাৰী

(গ) ১৯৪৭ চনৰ ১৪ আগষ্টত

(ঘ) ১৯৫০ চনৰ ২৯ জানুৱাৰীত  

উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্টত  

৪১) জাতি গঠনৰ বাবে প্রয়োজন

(ক) একপক্ষীয় দৃষ্টিভংগী

(খ) দ্বিপক্ষীয় দৃষ্টিভংগী

(গ) বহুমুখী দৃষ্টিভংগী

(ঘ) এটাও নহয়  

উত্তৰঃ বহুমুখী দৃষ্টিভংগী  

৪২) ভাৰত চৰকাৰে ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰিছিল

(ক) ১৯৫৬ চনত

(খ) ১৯৫২ চনত

(গ) ১৯৫৩ চনত

(ঘ) ১৯৫৪ চনত

উত্তৰঃ ১৯৫৩ চনত  

৪৩) তলৰ কোনখন ৰাজ্য পৃথক ৰাজ্য হিচাপে ১৯৫৭ চনত সৃষ্টি কৰা হৈছিল ?

(ক) বোম্বে

(খ) মাদ্রাজ

(গ) উৰিষ্যা

(ঘ) কর্ণাটক

উত্তৰঃ কর্ণাটক  

৪৪) ৰাজ্য পুনৰ গঠন আইন প্রণয়ন কৰা হৈছিল-

(ক) ১৯৫৩  চনত

(খ) ১৯৫৫  চনত

(গ) ১৯৫৬  চনত

(ঘ) ১৯৫২  চনত

উত্তৰঃ ১৯৫৬ চনত  

৪৫) ভাৰতে কেতিয়া ব্রিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত।  

৪৬) মুছলিম লীগ কেতিয়া প্রতিষ্ঠা হৈছিল ?

উত্তৰঃ ১৯০৫ চনত  হৈছিল ।  

৪৭) ৰাজ্য পুনৰ গঠন আয়োগ কিয় প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ৰাজ্যসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণৰ বাবে।  

৪৮) সীমান্তৰ গান্ধী বুলি কাক কোৱা হয় ?  

উত্তৰঃ খান আব্দুল গফুৰ খানক  

৪৯) বর্তমানে ভাৰতত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছে?

উত্তৰঃ  ২৯ , কেন্দ্রীয় শাসিত অঞ্চল ৬ খন।  

৫০) স্বাধীনতাৰ সময়ত ভাৰতৰ কোন দুখন ৰাজ্য বিভাজিত হৈছিল ?

উত্তৰঃ পঞ্জাৱ আৰু বেংগল।

Challenges of Nation Building NCERT notes class 12 Political Science

৫১) ৰাজ্যৰ পুনৰ গঠন আয়োগৰ ভিত্তিত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল গঠন কৰা হৈছিল ?

উত্তৰঃ ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল।  

৫২) মেঘালয় আৰু গুজৰাটক কোন দুখন ৰাজ্যৰ পৰা সৃষ্টি কৰা হৈছে ?

উত্তৰঃ যথাক্রমে অসম আৰু বোম্বেৰ পৰা।  

৫৩) ভাৰত বিভাজনৰ সময়ত ভাৰতত মুঠ জনসংখ্যাৰ কিমান শতাংশ মুছলিম আছিল?

উত্তৰঃ ১২ শতাংশ।  

৫৪) দেশীয় ৰাজ্যসমূহৰ চামিলকৰণত আটাইতকৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা ব্যক্তিজন কোন আছিল ?  

উত্তৰঃ চৰ্দাৰ বল্লভ ভাই পেটেল।  

৫৫) স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্রী কোন আছিল ?

উত্তৰঃ চর্দাৰ বল্লভ ভাই পেটেল ।  

৫৬) কেবিনেট মিছনৰ আঁচনি অনুসৰি গঠন কৰা অন্তবর্তীকালীন চৰকাৰৰ মুৰব্বী কোন আছিল ?

উত্তৰঃ জৱাহৰলাল নেহেৰু।  

৫৭) ভাৰতত চামিল হোৱাৰ আগতে গোৱা কাৰ অধীনত আছিল?

উত্তৰঃ পর্তুগীজ শাসকৰ অধীনত।  

৫৮) ভাৰতৰ কোনখন ৰাজ্যৰ পৃথক সংবিধান আছিল?

উত্তৰঃ জম্মু আৰু কাশ্মীৰ।  

৫৯) হাৰিয়ানাই কেতিয়া পৃথক ৰাজ্যৰ মর্যাদা পাইছিল?

উত্তৰঃ  ১৯৬৬ চনৰ ১ নৱেম্বৰত।  

৬০) ২০০০ চনত নতুনকৈ সৃষ্টি কৰা ৰাজ্য তিনিখন কি কি?

উত্তৰঃ ঝাৰখণ্ড, ছট্টীশগড় আৰু উত্তৰাঞ্চল।  

৬১) অৰুণাচল প্রদেশ আৰু মিজোৰামক কেতিয়া পৃথক ৰাজ্য হিচাপে সৃষ্টি কৰা হৈছিল ?

উত্তৰঃ ১৯৮৭ চনত।  

৬২) ভাষাৰ ভিত্তিত সৃষ্টি কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কি আছিল ?

উত্তৰঃ অন্ধ্রপ্রদেশ।  

৬৩) কিহৰ ভিত্তিত ভাৰতক বিভাজিত কৰা হৈছিল?

উত্তৰঃ ভাষাৰ ভিত্তিত ।  

৬৪) কোনখন দেশীয় ৰাজ্যৰ শাসনকর্তাজনে নিজাম উপাধি গ্রহণ কৰিছিল ?

উত্তৰঃ হায়দৰাবাদ  

৬৫) দেশীয় ৰাজ্যসমূহৰ ভিতৰত সর্ববৃহৎ ৰাজ্য কোনখন আছিল ?

উত্তৰঃ হায়দৰাবাদ।  

৬৬) “মোৰ শৱদেহৰ ওপৰত পাকিস্থান সৃষ্টি হ’ব” – কোনে কৈছিল ?

উত্তৰঃ  মহাত্মা গান্ধী।  

৬৭) জম্মু  কাশ্মীৰ ভাৰতৰ অভিংগ অংগ হয়নে?

উত্তৰঃ হয়  

৬৮)  জাতি গঠন (Nation Building) বুলিলে কি বুজা?

উত্তৰঃ জাতি গঠন বুলি ক’লে এক বহুমুখী প্রক্রিয়াক বুজা যায়। এখন দেশৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক সকলো দিশতে একতা প্রতিষ্ঠাক জাতি গঠন বুলি ক’ব পাৰি।  

৬৯) দ্বিজাতি তত্ত্ব (Two Nation Theory) বুলি ক’লে কি বুজা?

উত্তৰঃ মুছলিম লীগে আগবঢ়োৱা দ্বিজাতি তত্ত্ব অনুসৰি ভাৰত আৰু পাকিস্থান নামৰ দুখন ৰাষ্ট্র সৃষ্টি কৰা হৈছিল। এই তত্ত্ব অনুসৰি ভাৰত ৰাষ্ট্ৰৰ সন্তান দুটা – হিন্দু আৰু মুছলিম। সেই অনুসৰি ভাৰতক দ্বিখণ্ডিত কৰা হৈছিল।  

৭০) স্বাধীনতাৰ পিছত ভাৰতে সমুখীন হোৱা তিনিটা মূল প্রত্যাহবান লিখা।

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতে বহু সমস্যাৰ সম্মুখীন হৈছিল। তাৰ ভিতৰত তলত উল্লেখ কৰা তিনিটা অন্যতম আছিল ।

ক)  বিভিন্ন জাতি, ধর্ম, ভাষা-ভাষীৰ লোকে বাস কৰা ভাৰতত ঐক্য আৰু সংহতি প্রতিষ্ঠা কৰা।

খ) গণতন্ত্র প্রতিষ্ঠা কৰা।

গ) দেশৰ উন্নয়ন আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰে কল্যাণ সাধন।  

৭১) ভাৰতত গণতন্ত্র প্রতিষ্ঠাৰ বাবে গ্ৰহণ কৰা তিনিটা ব্যৱস্থা লিখা।

উত্তৰঃ ১৯৪৯ চনৰ ২৯ নৱেম্বৰত গ্রহণ কৰা সংবিধানত গণতন্ত্র প্রতিষ্ঠাৰ বাবে ভাৰত ৰাষ্ট্রই বহুতো ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত তলত উল্লিখিত তিনিটা ব্যৱস্থা অন্যতম আছিল

ক) সংবিধানত মৌলিক অধিকাৰৰ অন্তর্ভুক্তি।

খ) প্রাপ্তবয়স্ক সকলো লোককে ভোটাধিকাৰ প্রদান।

গ) প্রতিনিধিত্বমূলক সংসদীয় গণতান্ত্রিক ব্যৱস্থা।  

Three Challenges of Nation Building

৭২) ভাৰত বিভাজনৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতক বিভাজিত কৰাৰ অন্তৰালত বহুতো কাৰণ আছিল। তাৰ ভিতৰত-

ক) মুছলীম লীগৰ সাম্প্রদায়িক ৰাজনীতি।  

খ) বৃটিছ চৰকাৰৰ বিভাজন আৰু শাসন নীতি আৰু

গ) কংগ্রেছৰ স্বাধীনতা লাভৰ ইচ্ছা অন্যতম আছিল।  

৭৩) কংগ্রেছে ভাৰত বিভাজন নীতিটো মানি লোৱা তিনিটা কাৰণ লিখা।

উত্তৰঃ প্রথমৰ পৰাই ভাৰত বিভাজনৰ বিৰোধিতা কৰি অহা ভাৰতীয় জাতীয় কংগ্ৰেছে কিছুমান কাৰণত ভাৰত  বিভাজনৰ নীতিটো মনি ল’ব লগা হৈছিল। তাৰ ভিতৰত তলত উল্লেখিত কাৰণ তিনিটা হৈছে-

ক) হিন্দু-মুছলমানৰ সংঘর্ষত বাধা দিয়াৰ অর্থে।

খ) স্বাধীনতা লাভৰ ব্যৱস্থা খৰটকীয়া কৰাৰ অর্থে।

গ) বৃহৎ, অথচ দুর্বল ভাৰতবৰ্ষতকৈ এখন সৰু আৰু শক্তিশালী ভাৰতবৰ্ষৰ স্বপ্ন।  

৭৪) ভাৰত বিভাজনৰ সময়ত সৃষ্টি হোৱা তিনিটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ ধর্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ভাৰতক বিভাজিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এই ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হৈছিল। সেইবোৰৰ ভিতৰত তলত উল্লেখিত তিনিটা সমস্যা অন্যতম আছিল —

ক) ব্রিটিছ ভাৰতত সম্পূৰ্ণৰূপে মুছলিম সংখ্যাগৰিষ্ঠতা থকা কোনো অঞ্চল নাছিল।

খ) কিছুমান মুছলিম সংখ্যাগৰিষ্ঠ এলেকাই পাকিস্থানত অন্তর্ভুক্ত হ’ব বিচৰা নাছিল।

গ) মুছলিম সংখ্যাগৰিষ্ঠতা থকা বৃটিছ ভাৰতত দুখন প্রদেশ বেংগল আৰু পঞ্জাৱৰ বেছিভাগ অঞ্চলত অমুছলমান লোকেও বাস কৰিছিল।  

৭৫) ভাৰত বিভাজনৰ তিনিটা কুফল লিখা।

উত্তৰঃ ভাৰত বিভাজনৰ তিনিটা কুফল হল —

ক) বিভিন্ন ঠাইত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি হৈছিল।

খ) সীমান্তৰ দুয়োপাৰে অবর্ণীয় হত্যা-হিংসাৰ সূত্ৰপাত হৈছিল।

গ) লাখ লাখ মানুহ গৃহহীন হৈছিল আৰু তেওঁলোকে শৰণার্থী শিবিৰত আশ্রয় ল’ব লগা হৈছিল।  

৭৬) স্বাধীনতাৰ পিছত জাতি গঠনৰ বাৰে ভাৰত চৰকাৰে গ্ৰহণ কৰা দুটা পদক্ষেপ উল্লেখ কৰা।  

উত্তৰঃ দেশীয় ৰাজ্যৰ চামিলকৰণ আৰু ৰাজ্যৰ পুনৰগঠন।  

৭৭) মণিপুৰক ভাৰত ৰাষ্ট্ৰৰ লগত চামিলকৰণ সম্পৰ্কত এটি চমু টোকা লিখা।  

উত্তৰঃ স্বাধীনতাৰ পিছত ভাৰতৰ সৈতে চামিলকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা দেশীয় ৰাজ্যসমূহৰ ভিতৰত মণিপুৰ অন্যতম আছিল। স্বাধীনতাৰ কেইদিনমান পূর্বে মণিপুৰৰ মহাৰজা বোধচন্দ্রই মণিপুৰৰ আভ্যন্তৰীণ স্বতন্ত্রতা বজাই ৰখাৰ আহব্বানত  ভাৰত চৰকাৰৰ সৈতে এক চামিলকৰণ চুক্তিত আৱদ্ধ হৈছিল। কিন্তু জনসাধাৰণৰ হেঁচাত পৰি মণিপুৰৰ মহাৰজা ১৯৪৮ চনৰ জুন মাহত নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল আৰু মণিপুৰত সাংবিধানিক ৰাজতন্ত্র প্রতিষ্ঠা হৈছিল। ইতিমধ্যে নৱগঠিত ৰাজ্যিক বিধান সভাত মণিপুৰ ভাৰতৰ অন্তর্ভুক্ত হোৱা নোহোৱাক লৈ যথেষ্ট বিতর্ক সৃষ্টি হয়। ৰাজ্যিক কংগ্রেছে ভাৰতৰ লগত মণিপুৰৰ চামিলকৰণ বিচাৰিছিল যদিও আন দলবাৰে বিৰোধিতা কৰিছিল। তেনে পৰিস্থিতিত ভাৰত চৰকাৰে মণিপুৰৰ মহাৰজাক এক  অন্তভূক্তিকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেচাঁ দিয়ে। এনে হেচাঁত সেও মানি মহাৰজাই জনসাধাৰণৰ দ্বাৰা নির্বাচিত ৰাজ্যিক বিধান সভাৰ লগত আলোচনা নকৰাকৈ সেই চুক্তিত স্বাক্ষৰ কৰিছিল। এই ঘটনাই মণিপুৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল।

Challenges of Nation Building NCERT notes class 12 Political Science

৭৮) দেশীয় ৰাজ্যমূহৰ চামিলকৰণৰ ক্ষেত্রত চর্দাৰ পেটেলৰ ভূমিকা চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতাৰ পিছত ভাৰতে সন্মুখীন হোৱা সমস্যাবোৰৰ ভিতৰত দেশীয় ৰাজ্যসমুহৰ চামিলকৰণ সমস্যাটাৱে এক গুৰুতৰ সমস্যাৰূপে দেখা দিছিল। ভাৰতৰ ঐক্য, সংহতি আৰু প্ৰতিৰক্ষাৰ বাবে সেই ৰাজ্যসমূহ ভাৰতৰ লগত চামিল কৰাটো বৰ জৰুৰী হৈ পৰিছিল। এনে পৰিস্থিতিত সেই সময়ৰ গৃহ মন্ত্রী তথা উপ প্রধানমন্ত্রী চর্দাৰ বল্লভ ভাই পেটেলে গ্ৰহণ কৰা ভূমিকা প্রশংসনীয় আছিল। তেওঁৰ প্ৰচেষ্টাতে দেশীয় ৰাজ্যৰ চামিলকৰণ সমস্যা সমাধান হৈছিল। তেওঁ ভাৰতৰ ঐক্যৰ বাবে সেই ৰাজ্যবিলাকৰ শাসকবিলাকক ভাৰতৰ লগত চামিল হ’বলৈ আহব্বন জনাইছিল আৰু ইয়াৰ বিনিময়ত এক ভাট্টা দিয়াৰ কথা ঘোষণা কৰিছিল। চর্দাৰ পেটেলৰ আহ্বান প্রতি সহাৰি জনাই বেচিভাগ দেশীয় ৰাজ্য ভাৰতৰ লগত চামিল হৈছিল। কিন্তু কেইখনমান ৰাজ্য, যেনে, কাশ্মীৰ, হায়দৰাবাদ, জুনাগড় আদিয়ে স্বাধীনভাৱে থকাৰ সিদ্ধান্ত লৈছিল। কিন্তু চৰ্দাৰ পেটেলে লোৱা কৌশল তথা বিচক্ষণ ভুমিকাৰ বলতেই সেই ৰাজ্যসমুহে অৱশেষত ভাৰত ইউনিয়নৰ লগত চামিল হৈছিল।  

Class 12 Political Science Notes

৭৯) ভাৰত বিভাজনৰ ফলাফল সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৪৭ চনৰ ভাৰত স্বাধীনতা আইনে ভাৰত আৰু পাকিস্থান নামেৰে দুখন সুকীয়া ৰাষ্ট্ৰৰ জন্ম দিলে। অর্থাৎ ধৰ্মৰ ভিত্তিত ভাৰতক বিভাজিত কৰা হ’ল। হিন্দু-মুছলমানৰ মাজৰ সংঘৰ্ষক বাধা দিবৰ উদেশ্যে ভাৰতক বিভাজিত কৰা হৈছিল যদিও ইয়াৰ পৰিণাম যথেষ্ট ভয়ংকৰ হৈ উঠা দেখা গৈছিল। ভাৰত বিভাজনৰ পিছত লাখ লাখ মুছলমানক পাকিস্থানলৈ স্থানান্তৰ কৰা হৈছিল। সীমান্তৰ দুয়ো পাৰে হত্যা-হিংসা, ধৰণৰ দৰে অমানৱীয় কার্য সংঘটিত হৈছিল। ধর্মৰ নামত এজনে আনজনক হতা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। লাহোৰ, অমৃতসৰ আৰু কলিকতাৰ দৰে চহৰবোৰ সাম্প্রদায়িক অঞ্চলত (Communal Zones) বিভক্ত হৈছিল। মুছলিম প্রধান অঞ্চললৈ শিখ আৰু হিন্দুসকলে যাবলৈ এৰি দিছিল। ঠিক একেদৰে হিন্দু আৰু শিখ ধর্মাৱলম্বী লোকে বাস কৰা অঞ্চললৈ মুছলমানসকলে যোৱাটো অসম্ভৱ হৈ পৰিছিল। মানুহে ঘৰ-দুৱাৰ এৰি শৰণার্থী শিবিৰত আশ্রয় লৈছিল। স্থানীয় প্রশাসনে এইবোৰত কোনো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পৰা নাছিল। হাজাৰ হাজাৰ মহিলাক অপহৰণ কৰি অপহৰণকাৰীয়ে নিজৰ ধৰ্মত দীক্ষিত কৰি বলপূর্বক বিবাহ কার্যত লিপ্ত হৈছিল। ভাৰত বিভাজনৰ ফলত মানুহে সম্মুখীন হোৱা দুখ-যাতনা কবি, গল্পকাৰে আৰু ছবি নির্মাতাই জীৱন্তু ৰূপত প্রতিফলিত কৰিছিল। মুঠৰ ওপৰত ভাৰত বিভাজনৰ কুফল সকলোৱেই ভোগ কৰিবলগীয়া হৈছিল।  আনকি ভাৰত পাকিস্থানৰ মাজৰ সম্পৰ্কতো আঘাত হানিছিল। যিটো সম্পর্ক আজিলৈকে উন্নত হোৱা নাই বুলি ক’ব পাৰি।  

৮০) দেশীয় ৰাজ্যসমূহৰ ক্ষেত্রত ভাৰত চৰকাৰে কেনেকুৱা দৃষ্টিকণী গ্রহণ কৰিছিল ?

উত্তৰঃ স্বাধীনতাৰ পিছত ৰজা-মহাৰজাসকলৰ  অধীনত থকা দেশীয় ৰাজ্যসমূহৰ ভাৰতৰ সৈতে চামিলকৰণৰ সমস্যাটো গুৰুতৰভাৱে দেখা দিছিল। দেশীয় ৰাজ্যসমূহ ভাৰত ইউনিয়নৰ লগত চামিল নকৰিলে ভাৰত সৰু সৰু ৰাজ্যত বিভাজিত হৈ থাকিব বুলি বহুতেই শংকা প্রকাশ কৰিছিল। সেয়ে স্বধানীতাৰ পিছত গঠিত অন্তৱর্তীকালীন চৰকাৰখনে এই ক্ষেত্ৰত দৃঢ় স্থিতি গ্রহণ কৰিছিল। ভাৰতৰ ঐক্য আৰু অখণ্ডতা বজাই ৰাখিবৰ বাবে দেশীয় ৰাজ্যবোৰ চামিলকৰণৰ ক্ষেত্রত  চৰকাৰ বদ্ধপৰিকৰ আছিল। এই ক্ষেত্রত ভাৰত চৰকাৰ তিনিটা বিবেকৰ দ্বাৰা পৰিচালিত হৈছিল। সেইকেইটা হ’ল

ক) ভাৰতৰ বেছিভাগ দেশীয় ৰাজ্যৰ জনসাধাৰণেই ভাৰত ইউনিয়ন লগত চামিল হ’ব বিচাৰিছিল

খ) কিছুমান অঞ্চলক স্বতন্ত্রতা প্রদান কৰিবৰ বাবে চৰকাৰ নমনীয় হ’বৰ বাবে প্রস্তুত আছিল।

গ) ভাৰত বিভাজনৰ পিছত ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ বিষয়টোৱে সর্বাধিক গুৰুত্ব পাইছিল।   উল্লেখিত বিবেচনাৰ  দ্বাৰা পৰিচালিত হৈ ভাৰত চৰকাৰে বিশেষকৈ সেই সময়ৰ গৃহমন্ত্রী চর্দাৰ পেটেলে লোৱা বলিষ্ঠ ভূমিকাৰ বলত দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত চামিল কৰাত সফল হৈছি্ল।  

৮১) ভাৰত ইউনিয়নৰ লগত হায়দৰাবাদৰ চামিলকৰণৰ সম্পৰ্কত এটি চমু টোকা লিখা।

উত্তৰঃ স্বাধীনতাৰ পিছত ভাৰতৰ ঐক্য  আৰু অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দেশীয় ৰাজ্যসমূহক ভাৰতৰ লগতত চামিল কৰিবৰ বাবে চেষ্টাৰ ত্রুতি কৰা নাছিল। বিশেষকৈ চর্দাৰ পেটেলৰ আহ্বানৰ  প্রতি সহাৰি জনাই বেছিভাগ দেশীয় ৰাজ্যই ভাৰত ইউনিয়নৰ লগত চামিল হ’বলৈ সম্মত হৈছিল। কিন্তু কেইখনমানে স্বতন্ত্রভাৱে থকাৰহে সিন্ধান্ত লৈছিল। তাৰ ভিতৰত হায়দৰাবাদো অন্যতম আছিল। হায়দৰাবাদৰ দৰে সুবিশাল ৰাজ্য এখন ভাৰত ইউনিয়নৰ পৰা বাদ পৰি থকাটো ভাৰত চৰকাৰে অসুবিধাজনক বুলি গণ্য কৰিছিল। সেয়ে হায়দৰাবাদক যিকোনো প্রকাৰে ভাৰতৰ লগত চামিল কৰিবলৈ চেষ্টা কৰিছিল। হায়দৰাবাদৰ নিজাম গৰাকীয়ে শেষ অবস্থালৈকে স্বাধীনভাৱে থকাৰ সিদ্ধান্ত লৈছিল যদিও টেলেংগানাৰ কৃষকসকলে আৰম্ভ কৰা বিদ্রোহৰ বাবে চামিলকৰণৰ লক্ষ্যত উপনীত হোৱাৰ সংকল্প ত্যাগ কৰে। প্রশাসনৰ  বিৰুদ্ধে গঢ়ি উঠা এই বিদ্রোহৰ সুযোগ লৈ ভাৰত চৰকাৰে সামৰিক শক্তি প্রয়োগ কৰি হায়দৰাবাক ভাৰতৰ লগত চামিল কৰে। এইদৰে হায়দৰাবাদ ভাৰত ইউনিয়নৰ লগত চামিল হয়।  

৮২) স্বাধীনোত্তৰ ভাৰতত ৰাজ্য পুনৰ গঠন সম্পর্কে এটি চমু টোকা লিখা।

উত্তৰঃ জাতি গঠনৰ প্ৰক্ৰিয়াৰ এক অংশ হিচাপে ৰাজ্যসমূহৰ পুনৰ গঠনৰ বিষয়টাৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল। স্বাধীনতাৰ পিছত বিশেষকৈ ভাৰত বিভাজনৰ পিছত ৰাজ্যসমূহৰ আভ্যন্তৰীণ সীমা নির্ধাৰণৰ প্ৰয়োজনীয়তা আহি পৰিছিল। এই ক্ষেত্ৰত ভাষাক আধাৰ হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত বহুতে দাবী উত্থাপন কৰিছিল। অর্থাৎ ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ গঠনৰ দাবী উত্থাপিত হ’বলৈ ধৰিছিল। কিন্তু কিছুমানে ভাষাৰ ভিত্তিত ৰাজ্য গঠন হ’ব পৰা ক্ষতিক উনুকিয়াই দি ইয়াৰ বিৰুদ্ধাচৰণ কৰে। এনে সময়তে মাদ্রাজ প্ৰদেশৰ তেলেগু ভাষী লোকসকলে পৃথক অন্ধপ্রদেশৰ দাবীত আন্দোলন গঢ়ি তুলিলে।

Challenges of Nation Building NCERT notes class 12 Political Science

আন্দোলনটোৱে অধিক তীব্রতা পালে যেতিয়া পটি শ্ৰীৰামুলা নামৰ এজন কংগ্রেছী নেতাই  পৃথক অন্ধ্রপ্রদেশৰ দাবীত  আমৰণ অনশন আৰম্ভ কৰে। এই ঘটনাৰ ফলত মাদ্রাজত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত প্রধানমন্ত্রীয়ে ১৯৫২ চনত  পৃথক অন্ধ্রপ্রদেশ গঠনৰ কথা ঘোষণা কৰিলে। অন্ধ্রপ্রদেশৰ ঘটনাৰ দ্বাৰা  অনুপ্রাণিত হৈ অন্য অঞ্চলতো ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ বাবে আন্দোলন আৰম্ভ হ’বলৈ ধৰিলে। এনে পৰিস্থিতিত ভাৰত চৰকাৰে ১৯৫৩ চনত ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰিবলৈ বাধ্য হয়। আয়োগে ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ গঠন হ’ব লাগে বুলি পৰামর্শ দিলে। ইয়াৰ প্রতিবেদনৰ ভিত্তিতেই ১৯৫৬ চনত ৰাজ্য পুনৰ গঠন আইন প্রণয়ন কৰি ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল নতুনকৈ গঠন কৰা হয়। ইয়াৰ পিছতো কেইবাখনো ৰাজ্য পুনৰ গঠন কৰা হ’ল। কিন্তু সকলো ক্ষেত্ৰতে ভাষাক একমাত্র আধাৰ হিচাপে লোৱা হোৱা নাই। ২০০০ চনত ঝাৰখণ্ড, ছটিশগড় আৰু উত্তৰাঞ্চল নামেৰে তিনিখন ৰাজ্য গঠন কৰা হয়। অর্থাৎ বাজ্য গঠনৰ প্ৰক্ৰিয়াটো এতিয়াও শেষ হোৱা নাই। এতিয়াও মহাৰাষ্ট্ৰত বিদর্ভ, অসমত বড়োলেণ্ড গঠনৰ দাবীত আন্দোলন সংগঠিত হৈ আছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element